তেওঁ, মই আৰু আমি (মাধুৰীমা ঘৰফলীয়া)

এজাক বতাহ বলিছে৷ ঘৰৰ ভিতৰৰ পৰাই অনুমান কৰিব পাৰি যে বতাহজাক বেচ ডাঙৰ৷ বাৰাণ্ডাত মেলি থোৱা কাপোৰবোৰ উৰি উৰি শব্দ হৈছে৷ কিছুমান শব্দ মনৰ মাজতো অগা-দেৱা কৰি আছে৷ শব্দ মানে কেৱল মোৰ নিজা শব্দ নহয়, তেওঁ, মোৰ আৰু আমাৰ শব্দ৷ এই সকলোবোৰ শব্দ লগ লাগি মনৰ মাজত বেলেগ এটা অনুভৱৰ সৃষ্টি হৈছে৷

অলপ দুখ, অলপ সুখ আৰু তাৰ মাজে মাজে অকণমান গৌৰৱৰ আৱেশ৷ কথাবোৰ আচলতে এনেকুৱা…

আগতে কোনোবা স্কুলৰ সমুখেৰে গলে তাত বহি থকা বা অপেক্ষা কৰি থকা মাকবোৰলৈ চাই হাঁহি মাৰি লগৰবোৰক কৈছিলোঁ-এইকণ সময় আড্ডা মাৰিবলৈ বৰ ভাল চাগৈ৷

সময় পাৰ হ’ল৷

এতিয়া নিজৰ সন্তান মেঘমন্যুৰ বাবে স্কুলৰ ৱেটিং ৰুমত বহি থাকো৷ লগত আন মাকবোৰো থাকে৷ সেই কোঠাটোত আমাৰ কথাৰ প্ৰকোপত বতাহ সোমাবলৈ ঠাই নোহোৱাৰ দৰে অৱস্থা হয়৷ কথাবোৰত সাধাৰণতেই ছোৱালী সন্তানৰ মাকহঁতৰ দুখবোৰ বেছিকৈ ওলায়৷ উত্তৰ ভাৰতৰ এই বোৱাৰীসকলে সন্মুখীন হোৱা শহুৰ-শাহু, ননদৰ অত্যাচাৰ, গৰ্ভৱতী অৱস্থাত ল’ৰা হ’বলৈ খাবলৈ দিয়া বন দৰৱবোৰ কথা আৰু ভয়ংকৰ উপায়বোৰৰ শুনি চকু ডাঙৰ হৈ যায়৷

এয়া কেৱল অশিক্ষিতসকলৰ মাজত নঘটে, উচ্চ শিক্ষিতৰ ঘৰতো গৰ্ভধাৰণ কৰাৰ পাছত লিংগ পৰিৱৰ্তন কৰিবলৈ বন ঔষধ খুৱায়! তাৰ পাছত এই ঔষধৰ পাৰ্শ্বক্ৰিয়া হিচাপে বহুতৰে গৰ্ভপাতো হয়৷ যিমানবোৰ দেখিছো, পঢ়িছো তাতোকৈও বহু ভয়ংকৰ অভিজ্ঞতাৰ বিষয়ে শুনিবলৈ পাওঁ!

তাৰ মাজতে মই বুকু ফুলাই বহি থাকো৷ তেওঁলোকে যেতিয়া যৌতুকৰ কথা কয়, সেইসময়ত যৌতুক বুলিবলৈ মই কিতাপ এখনহে অনাৰ কথা কওঁ৷ তেওঁলোকৰ গৃহস্থই পানী এগিলাচো নিজে লৈ নোখোৱাৰ কথা কলে মোৰজন যে কিমান ভাল ৰান্ধনী তাকো কওঁ৷ লগতে মোৰ দেউতায়ো যে ভাল ৰান্ধে তাকো কওঁ৷ মোৰ ল’ৰাটোৱেও এতিয়াৰ পৰাই ৰান্ধনী ঘৰলৈ অহা-যোৱা কৰিলেই৷ তাকো মই ৰান্ধিবলৈ শিকাম!

সিহঁতে কয় –তহঁতৰ ফালৰ মানুহবোৰ বৰ ভাল অ’!

বুকুখন দুহাত ডাঠ হৈ যায়৷

সিদিনা এগৰাকীয়ে ক’লে-তহঁতৰ তাত আইন বনাইছে নহয় দুটাতকৈ বেছি ল’ৰা-ছোৱালী জন্ম দিলে চৰকাৰী চাকৰি, সা-সুবিধা একো নাপায়৷

লগে-লগে দুগৰাকীমানে মাত লগালে, হয় হয় আমিও পঢ়িছো, ইমান যে ভাল কাম কৰিছে!

আৰু মই…..গংগাটোপ হৈ গলো৷ পিছে মনলৈ এইটো কথাও আহিল যে বাহিৰৰ মহিলাই হিংসা কৰিব পৰাকৈ বনোৱা এইখন আইনকো আমাৰ কিছুসংখ্যক ৰাইজে সমালোচনা কৰিছিল! ! সমালোচনাকাৰীসকলে আচলতে কি বিচাৰে আমি নাজানো৷ কিন্তু এই যে ওপৰত লিখা অশুভ চিন্তাধাৰাবোৰ, সেইবোৰ লাহে লাহে লাজ লগাকৈ আমাৰ সমাজতো বিয়পিবলৈ আৰম্ভ কৰিছে আৰু চৰকাৰৰ তেনেধৰণৰ আইনে যদি সেই অশুভ চিন্তাধাৰাবোৰক অলপো ভয় খুৱাব পাৰে, তেনেহলে সেয়েই আমাৰ নাৰীসকলৰ লগতে আমাৰ সমাজৰ বাবেই এটা শুভ সংকেত হ’ব৷
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments