তেওঁ, মই আৰু কিছু সাম্প্ৰতিক (অনুপম মেধি)

মই: তেন্তে মহাজাগতিক প্ৰেক্ষাপটত আপুনি ধৰ্মক ঈশ্বৰৰ পৰা পৃথক কৰিবলৈ বিচাৰে?
তেওঁ: নিশ্চয়। আত্মা বা চেতনাই য’ত লয় পায় সেয়ে ঈশ্বৰ। মানুহে বিভিন্ন প্ৰেক্ষাপটত ঈশ্বৰক বিভাজন কৰি ধৰ্মৰ লগত সংমিশ্ৰণ কৰিছে। ধৰ্মত নীতি-নিয়ম থাকে, সীমাবদ্ধতা থাকে। ঈশ্বৰ অসীম। এটা নিৰ্দিষ্ট ধৰ্মৰ নিয়ম-নীতিবোৰে ঈশ্বৰক সূচিত কৰিব নোৱাৰে।
মই: ধৰ্ম আৰু ঈশ্বৰক কেনেকৈ পৃথক কৰিব পাৰি?
তেওঁ: সাম্প্ৰতিক পৰিস্থিতিত ধৰ্ম আৰু ঈশ্বৰক পৃথক কৰাটো অতিশয় কঠিন। আচলতে ধৰ্ম সৃষ্টিৰ মূল কাৰণ এটাই। আগতে প্ৰাকৃতিক পৰিঘটনাবোৰক ভয় কৰি মানুহে এজন কাল্পনিক অতিমানৱৰ পূজা কৰিছিল। সেই ভয়কে অস্ত্ৰ হিচাপে লৈ কোনো কোনো চতুৰ লোকে ভগৱানৰ সৃষ্টি কৰিলে। ইয়াৰ লগে লগে সমাজ সংস্কাৰৰ অৰ্থে ধৰ্মটোও জাপি দিয়া হ’ল। পিচৰ খিনি সহজ। ধৰ্মটোৰ পূৰ্বনিৰ্ধাৰিত নিয়মবোৰ অস্বীকাৰ কৰি এজনৰ পাচত আনজনে একোটাকৈ ধৰ্মৰ আৱিষ্কাৰ কৰি গ’ল আৰু সেই অনুপাতে পৃথিৱীত ঈশ্বৰো বাঢ়ি গৈ সাম্প্ৰতিক পৰিস্থিতিৰ উদ্ভৱ হৈছে।
মই: আত্মাৰ অস্তিত্ব আছে নে?
তেওঁ: নিজকে জনাৰ প্ৰথম খোজটো হ’ল নিজকে শৰীৰটোৰ পৰা পৃথক বুলি বুজাটো। “এই শৰীৰটো মই নহয়, বৰং মই আত্মাহে”- এইটো অনুভৱ কৰাটো সেইসকলৰ বাবে অনিবাৰ্য যি মৃত্যুক লঙ্ঘিব বিচাৰে। যদিও আমি এই শৰীৰটো নহয়, এটা শুদ্ধ চেতনাহে, আমি কিবা নহয় কিবা প্ৰকাৰে শৰীৰৰ ৰূপত বান্ধ খাই থাকোঁ। যদিহে আমি বাস্তৱত মৃত্যুতকৈ উৰ্দ্ধত সুখ আৰু স্বাধীনতা বিচাৰোঁ তেন্তে এই শুদ্ধ চেতনাৰ বিধিগত স্থিতিত নিজকে স্থাপিত কৰিব লাগিব লগতে এই স্থিতাৱস্থা বাহাল ৰাখিব লাগিব।
মই: তেন্তে যিবোৰ ঋষি-মুনি, তপস্বীয়ে কোনো কাম নকৰি দিনৰ-দিনটো ধ্যান কৰি সময় কটায়, তেওঁলোকে মৃত্যুতকৈ উৰ্দ্ধত সুখ লাভ কৰিছে?
তেওঁ: শৰীৰসৰ্বস্ব ধ্যান-ধাৰণাত থাকি সুখৰ বিষয়ে আমাৰ যি চিন্তাধাৰা, সেইটো এজন বিক্ষিপ্ত ব্যক্তিৰ চিন্তাধাৰাৰ সদৃশ। কিছু কিছু দাৰ্শনিকে দাবী কৰে যে, শাৰীৰিক চিনাক্তকৰণৰ এই বিক্ষিপ্ত অৱস্থাৰ চিকিৎসা কোনো ধৰণৰ কাম নকৰি সম্ভৱ। কিয়নো এই সাংসাৰিক কৰ্মবোৰেই আমাৰ সকলো দুখ-দুৰ্দশাৰ মূল। সেয়ে উক্ত দাৰ্শনিকসকলৰ মতে, এনে ধৰণৰ সকলো কাম-কাজ বাস্তৱত কৰাটো বন্ধ কৰি দিব লাগে। ইয়াৰ পূৰ্ণতাৰ চৰম বিন্দু বুদ্ধ নিৰ্বাণৰ দৰে, য’ত কোনো ধৰণৰ সাংসাৰিক কৰ্ম কৰা নাযায়। বুদ্ধই কৈছে যে, ভৌতিক তত্বৰ বিশেষ সংযোগেৰে এই শৰীৰটোৰ উৎপত্তি হৈছে আৰু যদি কিবা উপায়েৰে আমি এই ভৌতিক
তত্ববোৰ ছিন্ন-ভিন্ন বা বিখণ্ডিত কৰি দিব পাৰোঁ, তেন্তে সকলো দুখৰ কাৰণবোৰেই দূৰ হৈ যাব। যদি আমাৰ ঘৰটো ডাঙৰ হোৱাৰ বাবে কৰ বিভাগে সমস্যাৰ সৃষ্টি কৰে, তেন্তে ইয়াৰ সৰলতম সমাধানটো হ’ব ঘৰটোকেই ভাঙি পেলোৱা।
মই: অৰ্থাৎ চেতনাক উলাই কৰিব নোৱাৰি?
তেওঁ: চেতনাক উলাই কৰিব নোৱাৰি। চেতনাৰ অবিহনে শৰীৰ মৃত। শৰীৰৰ পৰা চেতনা বাহিৰ হৈ যোৱাৰ লগে লগে মুখে কথা ক’ব নোৱাৰে, চকুৱে চাব নোৱাৰে বা কাণেও শুনা নাপায়। এইটো সত্য যে শৰীৰ এটা জীয়াই থাকিবলৈ চেতনাৰ প্ৰয়োজন অনিবাৰ্য্য। তেন্তে চেতনা কি? যেনেকৈ তাপ বা ধোঁৱা জুইৰ লক্ষণ, তেনেকৈ আত্মাৰ লক্ষণ হ’ল চেতনা। আত্মাৰ শক্তি চেতনাৰ ৰূপেৰে ব্যক্ত হৈ উঠে। মূলতঃ চেতনাই মূৰ্ত্ত কৰে যে আত্মা বিদ্যমান।
 
 
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments