তেজাল ঘোঁৰা : মিতালী গোস্বামী

তেজাল ঘোঁৰা
– মিতালী গোস্বামী

(১)
অস্তাচলত বিচৰণ কৰা তেজাল ঘোঁৰা এটা যেন লাগিছিল মোৰ মানুহজনক।
: সেইটো হ’বই নোৱাৰে।
মানুহজনৰ অন্তৰৰপৰা ক্ষোভৰ স্ফুলিঙ্গ নির্গত হৈছিল নে শান্ত স্বৰ এটা বাহিৰ হৈছিল সেয়া অনুধাৱন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিলোঁ। কিন্তু ভাগৰি পৰিলোঁ। নাই, ধৰিব নোৱাৰি। মোৰ ওভতনিৰ সময় সমাগত। এইখন জগতৰপৰা মই এতিয়াই বাহিৰ হ’ব লাগিব। নিশাৰ এন্ধাৰে আৱৰিব ধৰিছে শানিত আকাশ। বৰ সুন্দৰ লাগিছে মেঘাচ্ছন্ন আকাশৰ এই ৰাঙল-কৃষ্ণমিহলি বৰণ।
: বাবা, ঘৰ পালানে?
অফিচৰপৰা ওলায়ে মিঠুক ফোন এটা কৰাটো মোৰ অভ্যাস। মামণি থাকে। কিন্তু, তাইৰ হাতত তাক সম্পূর্ণৰূপে এৰি দিবলৈ মই ভয় কৰোঁ। কিয় নাজানো! একেবাৰে কণমানি অৱস্থাৰপৰা মই অকলে তাৰ মাক-দেউতাক দুয়োটাই হৈ পৰিলোঁতো; হয়তো সেইবাবে !
মোৰ আৰু মিঠুৰ জীৱনলৈ মামণি অহা মাথোঁ তিনিটা বছৰ হ’ল। তাৰ আগলৈ কেৱল মিঠু আৰু মই; আমি দুয়ো দুয়োৰে সহায় আছিলোঁ। মোৰ আইতাৰ দিনৰে বিশ্বাসী বাই ৰমলা মামণিৰ মাক। সেইসূত্রেই তাইক মই চিনি পাওঁ, জানো। মামণিৰ দেউতাকক সুৰাৰ ৰাগীত মাতাল হৈ কেৱল মাত্র জীৱনটো অতিবাহিত কৰা দেখিছিলোঁ। দুয়ো ঢুকোৱাৰ পিছত মামণিৰ আলাই-আথানি হোৱা দেখি তাইক মই লৈ আহিলোঁ। ছোৱালীজনীয়ে সুন্দৰ হাতৰ কাম জানে। সেইবোৰ লৈয়ে তাই ব্যস্ত থাকে। তাই থকাৰপৰা মোৰ যথেষ্ট সহায় হৈছে। মিঠু ডাঙৰ হৈ অহাৰপৰা সমস্যাবোৰ কিবাকিবি হৈ পৰিছে। দুয়ো লগ লাগি সকলোবোৰ সমাধা কৰোঁ।
(২)
: উফ্ ! কেতিয়াযে বাছখন আহিব?
হাতৰ ঘড়ীটোলৈ চালোঁ। সময় প্রায় ৬ বাজিবৰ হ’ল। হলি আৰু বৃদ্ধলোকজনৰ যুঁজখন শেষ হোৱাৰ নামেই লোৱা নাই। কাৰণ? নাজনো। কাৰ সমস্যাত কিমান মূৰ গুজিম আৰু? ভাগৰ লাগিছে। মইও মানুহ ! পুৱাৰপৰা ৰাতি দোভাগলৈ কেৱল যন্ত্রৱৎ চলি যাওঁ। নিজৰ সংসাৰ, চাকৰি আৰু যে কত কি? ভাই-ভনী, আত্মীয়-স্বজনবোৰতো আছেই। যিখন সমাজত জীয়াই আছোঁ সেইখনৰ বাবেও মাজে-সময়ে দুই এটা কাম কৰোঁ। এনেকৈয়ে চলি আছে জীৱন; অন্তহীন সমস্যাৰ সমষ্টি বুকুত কঢ়িয়াই।
: আপুনি ভুল ভাবিছে খুড়া।
হলিয়ে বুজাইছে। কিন্তু মানুহজনে নুবুজে।
: তোমালোক সকলো একে। সকলো একে।
হতাশাই ছানি ধৰা যেন লাগিল মানুহজনৰ মন আৰু মগজু। সমস্যা নিশ্চয় জটিল! মোৰ মুখৰ আগতেই ঘটি আছে সকলো; মূৰ গুজিবলৈহে মন যোৱা নাই। এজন-দুজনকৈ অনুক্রমে কেইবাজনো মানুহ গোট খালে। উপভোগৰ বাবে কিবা যেন বিশেষ এখন নাটকহে অনুষ্ঠিত হৈছে আটাইৰে সন্মুখত। দৰকাৰী কাম হ’লে ইয়াত এগৰাকী মানুহো বিচাৰি পোৱা নগ’লহেঁতেন। এয়েই নিয়ম !
বেয়া লাগিছে। মানে? বৃদ্ধ লোকজন মোৰ বৰ সুস্থ যেন লগা নাই। তেওঁৰ হাত-ভৰি আৰু মাত কঁপা কঁপা লাগিছে। আদর্শৰ সৈতে গুৰুতৰ সংঘাত নহ’লে মানুহে এনে ভয়ঙ্কৰ ৰূপ ধাৰণ নকৰে। মাজে মাজে বৰ আশাৰে বৃদ্ধজনে মোলৈ চাইছে। কিয় নাজানো। আৰম্ভণিৰপৰা মোক ঘটনাস্থলীত উপস্থিত থকা দেখি কিজানি। ইয়াত থকা অন্যান্যসকলতকৈ তেওঁৰ বাবে মই সামান্য হ’লেও অধিক পৰিচিত! মানুহজনৰ প্রতি মোৰো এক বিশেষ অনুভূতি জাগিছে—শ্রদ্ধা, মৰম, সমীহ তেনে কিবা এটা।
(৩)
: আদাবাৰী, আদাবাৰী, ভৰলু, মাছখোৱা, আদাবাৰী…
মুখৰ আগেদি চিটিবাছখন পাৰ হৈ গ’ল। মোৰ উঠিবলৈ মন নগ’ল। মানুহবোৰক এনেকৈ এৰি যাবলৈ কিবা এটা বেয়া লাগিছে। অমীমাংসিত ৰূপত বিষয়টো এৰি থৈ গ’লে যেন মই পাপ কৰা হ’ব—তেনে অনুভৱ হৈছে। এইজন মানুহ মোৰ পিতৃবয়সীয়া! আৰু হলি? এই অফিচটোত চাকৰি কৰা দিন ধৰিয়েই তাৰ দোকানৰ মই নিয়মীয়া গ্রাহক। ভদ্র ল’ৰা সি।
: চাওক খুড়া, ইয়াত সকলো হিচাপ-নিকাচ লিখা আছে।
খপ্জপ্কৈ হলিয়ে বহী এখন উলিয়ালে। ডিঙি মেলি মানুহজনে এইবাৰ কাগজখনলৈ চকু দিলে। কিছু শান্ত হোৱা যেন দেখা গ’ল তেওঁক। ৰাইজৰ মাজত ইতিমধ্যে বু বু বা বা আৰম্ভ হৈছে ।
: এই ল’ৰাবোৰ…’
: আজিকালিৰ মানুহবোৰ…’
: বোৱাৰীবোৰ…’ ‘সমাজ…’ ‘জীৱন…’
ভিন্নজনৰ ভিন্ন মত। মই মাথোঁ মৌন দর্শক! নুবুজা-নেমেলা বিষয় এটাত মত আগবঢ়োৱাৰ মোৰতো কোনো অধিকাৰ নাই।
হঠাৎ মানুহজনে হুক্হুকাই কান্দিবলৈ ধৰিলে।
: নাকান্দিব খুড়া।
হলিয়ে কোৱা শুনিলোঁ। এইবাৰ মই আচৰিত হ’লোঁ—এই মুহূর্তত খং, এই মুহূর্তত কান্দোন! এইবোৰ হৈছে কি? চকুৰ নিমিষ নেপেলোৱাকৈ এবাৰ ওপৰৰপৰা তললৈ মানুহজনক মই নিৰীক্ষণ কৰিলোঁ। শোঁতোৰা পৰা ছালখনেৰে মানুহজনক আলৰ বৃদ্ধ যেন দেখা হৈছে। হাত আৰু ভৰিবোৰ ইমান খীণ তেওঁৰ! চকুহাল যেন এহাত ভিতৰলৈ সোমোৱা। অনুভৱ হয়, কেইবাৰাতিও যেন শোৱা নাই তেওঁ। কিন্তু… কিয় ? আৰু কানিয়ে কাপোৰে মানুহজন..? পৰিষ্কাৰ যেন লগা নাই । বাৰিষাৰ বৰষুণৰদৰে পানী সৰিছে মানুহজনৰ চকুৰ পৰা। আস্, কেনে যন্ত্রণা! এক অবাঞ্চিত পৰিৱেশ!
(৪)
: সিহঁতে মোক ঠগি ঠগি খায় বুজিলানে?
বৃদ্ধজনে কৈ উঠিল। স্বৰত উষ্মা! অবাক চাৱনিৰে সকলোৱে তেওঁলৈ চালে। হলিয়েও। বিজয়ৰ কোনো আনন্দ তাৰ চকুত মই বিচাৰি নাপালোঁ। মানুহজনক বশ কৰিবলৈ বহু কষ্ট কৰিলে সি। তথাপি সি যেন হাৰি গৈছে। হলিৰ দোকানত এনে উচ্চস্বৰত বাক-বিতণ্ডা মোৰ সুদীর্ঘ চাকৰিজীৱনত এয়াই প্রথম দেখিছোঁ।
: গা বেয়া বুলিহে মই দুদিনমান সিহঁতৰ সহায় লৈছিলোঁ, বুজিছা। অকলে খাওঁ, অকলে থাকোঁ। ভবা নাছিলোঁ মোক এনেকৈ সিহঁতে দেউলীয়া কৰিব। যা-তা বস্তুৰ হিচাপেৰে মোৰ বাকীৰ বহী ভর্তি কৰিব। হে হৰি!
দুদিনমানৰ সহায়, দেউলীয়া, বাকীৰ বহী? বুজিবলৈ কষ্ট হয়তো সকলোৰে হ’ল। সকলো নিৰৱ দর্শক। কাৰো মুখত হাঁহি নাই, মাত নাই। সকলোৰে অবাক চাৱনি!
: মানুহজনী গ’ল। ক’ৰ টকাৰে মই কেনেকৈ খাইছোঁ খবৰ এটাও ৰাখিছেনে সিহঁতে? পেঞ্চন এতিয়াও পোৱা নাই। আজি মাতে কালি মাতে, গৈ গৈ ভাগৰি পৰোঁ। অসুখৰ সুযোগতে আটায়ে আকৌ মোকে..
দোকানৰ সন্মুখৰ বেঞ্চখনত বহি পৰিল অসহায় বৃদ্ধজন! পেঞ্চনৰ যুঁজত ভাগৰি পৰিলেও তেওঁ যেন আজি নায়কত পৰিণত হৈছে। মহানায়ক!—তেনে লাগিছে। সন্মুখৰ এজুম দর্শকে থৰ হৈ তেওঁলৈ চাইছে।
আইতাই প্রায়ে সুধিছিল- বুঢ়া হ’লে সকলোৱে কিয় এলাগী কৰে আই? কথাষাৰ আজিও কিয় জানো মোৰ কাণত বাজে। কিয় জানো? মইও ভাবোঁ তেতিয়া, মিঠুয়েও এদিন মোক পাহৰি যাব নেকি বাৰু? এলাগী কৰিব নেকি? কথাষাৰ ভাবিলে মই বলিয়াৰদৰে হওঁ। এয়াইচোন নিয়ম হ’ল আজিকালি। কি জানো হৈছে দুনিয়াখনৰ? বহু বেছি ভাল পাওঁ মিঠুক। আৰু সেয়েই কষ্ট পাওঁ। প্রতিগৰাকী মাকেই ভাল পায় নিজৰ সন্তানক। আৰু সেয়ে কষ্ট পায় !
(৫)
: ক্রিং ক্রিং…ক্রিং ক্রিং..ক্রিং ক্রিং…
বেগটো কঁপাই মোৰ মোবাইলটো বাজি উঠিল। খপ্জপ্কৈ সেইটো উলিয়াই মই হাতত ল’লোঁ। স্ক্রীণত জিলিকি উঠিছে মিঠুৰ নম্বৰ।
: মিঠু। ঘৰ পালানে বাবা?
আঁতৰলৈ আহি মই ফোনটো কাণত ললোঁ। সন্ধিয়া অফিচৰপৰা ওলাই তালৈ মই ফোন এটা কৰোঁ। আজি সেই নিয়মৰ ব্যতিক্রম হ’ল। মানে? কৰোঁ বুলি ভাবিও কৰাহে নহ’ল ফোন এটা। আৰু সেয়ে সি..।
বতৰৰ ৰূপটো অতিপাত বেয়া। এন্ধাৰে ছানি ধৰিলে গোটেই আকাশ। মানুহজুম এতিয়াও একেদৰেই আছে। একেদৰেই আছে গোটেই পৰিৱেশ।
: আদাবাৰী…আদাবাৰী…
তিনি নম্বৰ বাছখন আহি আগত ৰ’ল। আৰু ভাবিবলৈ সময় নাই। যন্ত্রৱৎ মই চলিবই লাগিব। একে জাপে ৰৈ থকা বাছখনত মই উঠি দিলোঁ। দায়িত্ব, কর্তব্য, মমতা আদিবোৰে এনেকৈয়ে মোক ব্যস্ত ৰাখে গোটেই দিন। কিন্তু? বুঢ়া হ’লে মইও বাৰু এলাগী হ’ম নেকি? কথাবোৰে মূৰটোত পাক দিবলৈ আৰম্ভ কৰিলে। বাৰে বাৰে ভাঁহিছে বৃদ্ধ মানুহজনৰ মুখখন। মোৰ আইতা, মিঠু আটাইৰে মুখবোৰ।
: আদাবাৰী, আদাবাৰী, ভৰলু, মাছখোৱা, আদাবাৰী…
বাছ আস্থানটোত শেষবাৰলৈ চিঞৰ এটা মাৰি হেণ্ডিমেনে ৰৈ থকা গাড়ীখনত টোকৰ মাৰিলে। বেগেৰে চলিবলৈ ধৰিল বাছ। গাড়ীৰ গতিবেগ বাঢ়িছে। সেই গতিবেগৰ সতে মই মোৰ চিন্তাবোৰক এৰি দিলোঁ। লক্ষ্যস্থান…? চানমাৰী বাছ আস্থান!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments