তেজীমলা ঢেঁকীশাললৈ ব’ল (মধুচন্দা চলিহা ভূঞা)

ক’ৰবাত ফেঁচাৰ কুৰুলি!
দূৰণিৰ নৈৰ পানীত
সেয়া বাৰু কিহৰ খল-খলনি,
কোনে বাৰু নৈত হাতডিঙা বায়?
নিজম ৰাতি তাইৰ
চকুলোৰে সেমেকা শেতেলিত
আশাবোৰে বাগৰ সলায়
আবতৰীয়া বানৰ ধলত
এৰি অহা আশাৰ পানচৈ
এখন এখনকৈ উটি গুছি যায়
ন ন চাকনৈয়াই ইনাই বিনাই
বাওধানৰ চিৰা খুন্দোঁতে
মাহীআইৰ
সেই ভৰিৰ চাব কেইটাতো
যেন আছিল এক অশনি গাজনি,
নহ’লেনো
শিয়ৰি উঠেনে তাই?
বেৰৰ জলঙাৰে পোহৰ সৰকি পৰে৷
ঘাটৈয়ে হয়তো
লেমটো দাঙি ধৰিছে
কোনোবা অচিন নাৱৰীয়াই
নাও চপাইছে৷
তায়োতো আগ্ৰহেৰে বাট চাই আছে
নাও চপোৱাৰ দিন এটালৈ!
চকুৰে দেখালৈকে সেইযে
পিতাকক চাই আছিল,
কাণত বাজি আছিল
পিতাকে কৈ যোৱা কথা কেইষাৰ –
’ৰাতি ছো-ঘৰত ডাং মাৰি ডাল লগাবলৈ নাপাহৰিবি, বেলি পৰিলে
বাজলৈ নোলাবি, দুভাগ ৰাতি ঢেঁকীশাললৈও নাযাবি,
খেতৰে ছেগ চাই থাকে,
চাবি, সাৱধান হবি আই৷“
চকুৰ আগতে
খৰাহিটোৰ ওফোন্দা চাউলকেইটা
খুবলিত মুহূৰ্ত্ততে গুৰি হৈ যায়
অবুজ আশংকাই মনটোক মোচোৰা মাৰি ধৰে
তথাপি মাজৰাতি
কিহৰ শবদত পুনৰ
কুমলীয়া হিয়াত তাইৰ ঠন ধৰি উঠে
এপতীয়া সপোন!
(চিনাকি সদাগৰে নাও চপাব
উখল্-মাখল্ হ’ব ঘৰৰ আখল
-’আহ! পিতাই আহিব!!’)
সপোনতে মিঠা বতাহজাকে লাহেকৈ টুকুৰিয়াই
ডাং মাৰিডাল সৰি পৰে;
তাই খপজপকৈ বিছনাত বহে
সন্মুখত মাহীআয়ে কয়,
“তেজীমলা ঢেঁকীশাললৈ ব’ল৷ “
তাইৰ কাণে উণাই-
ঢেঁকীশাল নে পোতাশাল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments