তেজ খোৱা গোঁসানী (দীপাঙ্কৰমল্ল বৰুৱা)

‘নন্দ পুৰোহিতৰ ঘৰত মন্দিৰৰ প্ৰসাদ খাবলৈ মানুহ নাই। নন্দ পুৰোহিতৰ ল’ৰা হৈ সি যায় সৰুকণ মেধিক মাহ চাউলৰ মলা খুজিবলৈ। আজি মোক মেধিৰ নিচিনা মানুহ এজনে তোৰ কথা ক’ব পৰা হ’ল। ঘৰতে মন্দিৰৰ প্ৰসাদ থাকোঁতে তই মেধিক মাহ চাউলৰ মলা খুজিবলৈ কিয় গৈছিলি। মূৰ তল কৰি আছ কিয়। মূৰ তোল, মূৰ তোল। মই সোধা প্ৰশ্নৰ উত্তৰ দে’।
‘তুমি অনা মন্দিৰৰ প্ৰসাদ মোক নালাগে দেউতা’।
‘কিয়? মন্দিৰৰ প্ৰসাদ তোক কিয় নালাগে’?
‘তেজ খোৱা গোঁসানীৰ প্ৰসাদ মোক নালাগে। বলিশালত বধ কৰা জন্তুৰ মঙহৰ প্ৰসাদ মই খাব নোৱাৰোঁ দেউতা’।
মই তাহানিতে অভিনয় কৰা আকাশবাণী গুৱাহাটীৰ বুধবৰীয়া নাটক ‘কৃষ্ণজন্ম’ৰ এই সংলাপখিনি এতিয়াও পাহৰা নাই। নন্দ পুৰোহিতৰ অভিনয় কৰিছিল যুগজয়ী অভিনেতা দিলীপ শৰ্মাই। ষষ্ঠ মান শ্ৰেণীত পঢ়ি থাকোঁতে অভিনয় কৰা এইখন নাটকৰ সংলাপে মোৰ কৈশোৰ মনটো তীব্ৰভাৱে আলোড়িত কৰিছিল।
গোঁসানীয়ে তেজ খাব পাৰেনে?  তেজ খোৱা ভগৱান থাকিব পাৰেনে?  এই প্ৰশ্নটোৱে বাৰে বাৰে আহি মূৰত খুন্দিয়াইছিল।
শিশুকালতে দুৰ্গাপূজাৰ সময়ত উগ্ৰতাৰা মন্দিৰত দেখা পাইছিলোঁ ম’হ বলিৰ নাৰকীয় দৃশ্য। চিকচিকাই থকা তৰোৱাল এখনেৰে একে ঘাপতে বলিশালত দুচেও কৰা ম’হটোৰ মৃত্যুকাতৰ আৰ্তনাদ আৰু মুণ্ডহীন শৰীৰৰ ধৰফৰনি দেখি শিয়ঁৰি উঠিছিলোঁ। তেজ বৈ থকা ম’হ ছাগলীৰ কটা মূৰবোৰ পূজাৰ আসনত সজাই থোৱা দেখি মূৰ আচন্দ্ৰাই কৰিছিল। তেতিয়াই ঘৃণা উপজিছিল জীৱ-জন্তু বধ কৰি ভগৱানক সন্তুষ্ট কৰা এই নাৰকীয় প্ৰথাৰ প্ৰতি।
আকৌ দুৰ্গাপূজা আহিছে। আকৌ হয়তো বহুত মানুহে জীৱ বলি দি ভগৱানক সন্তুষ্ট কৰাৰ সংকল্প লৈছে। কামাখ্যা, উগ্ৰতাৰা, বিল্বেশ্বৰ আদি মন্দিৰ আকৌ ৰাঙলি হ’ব নিৰ্বোধ জীৱৰ তেজেৰে। জীৱশ্ৰেষ্ঠ মানুহৰ এই পাশৱিক কাৰ্যত হয়তো হতভম্ব হ’ব সৰগৰ দেৱতাও।
এই কথা স্বীকাৰ্য যে, জীৱ জন্তু বলি দি ঈশ্বৰক সন্তুষ্ট কৰাৰ পৰম্পৰা আদিম যুগৰ পৰা চলি আহিছে। সেয়েহে বিশ্বৰ প্ৰায় প্ৰতিটো পুৰণি ধৰ্মতে জীৱ-জন্তু বলিৰ কথা পোৱা যায়। মন কৰিবলগীয়া কথা হ’ল যে, যিসময়ত বিশ্বৰ প্ৰধান ধৰ্মসমূহ বিকশিত হৈছিল, সেই সময়ত পশুপালন মানুহৰ একপ্ৰকাৰৰ মুখ্য জীৱিকা আছিল। সেয়েহে একোটা জন্তুৰ বলিদান চৰম ত্যাগ হিচাপে বিবেচিত হৈছিল। সেই সময়ত মানুহে প্ৰাকৃতিক শক্তি সমূহৰ দ্বাৰা ভীষণভাৱে  প্ৰভাৱিত হৈছিল আৰু সেয়েহে ভগৱানৰ নামত জীৱ-জন্তুৰ উচৰ্গা আৰু ত্যাগ কৰাটো ঈশ্বৰক সন্তুষ্ট কৰাৰ এক উপায় বুলি ভাবিছিল। কিন্তু অতি পৰিতাপৰ কথা য়ে সেই আদিম যুগৰ পৰা বহুদূৰ আগবাঢ়ি বিজ্ঞানপ্ৰযুক্তিৰ জখলাৰে বহুদূৰ উধাই অহাৰ পিছতো এতিয়াও ঈশ্বৰৰ নামৰ জীৱ জন্তুৰ বলি প্ৰথা চলি আহিছে।
হিন্দু ধৰ্মীয় মতবাদৰ প্ৰাচীনতম গ্ৰন্থ বেদসমূহতো জীৱজন্তুৰ বলিৰ প্ৰথা সন্নিৱিষ্ট আছে। ৰিগ্বেতদত ছাগলী বলি দিয়াৰ সময়ত উচ্চাৰণ কৰা মন্ত্ৰৰ বিষয়ে পোৱা যায়। সেইদতে যজুৰ্বেদত ছাগলী, ম’হ, ষাঁড়, ঘোঁৰা আদিৰ বলিৰ উল্লেখ আছে। কিন্তু ভাগৱত পুৰাণত কোৱা হৈছে যে কলিযুগত জীৱ জন্তুৰ বলি দিয়াটো মহাপাপ। সেয়েহে ব্ৰহ্ম বৈৱৰ্ত পুৰাণ, বৃহন্নাৰদীয় পুৰাণ, আদিত্য পুৰাণ আদিতো কলিযুগত জীৱ-জন্তুৰ বলি নিদিবলৈ সঁকীয়াই দিয়া হৈছে। ভাগৱত গীতাত বলিবিধানৰ কোনো উল্লেখ নাই।
কিন্তু হিন্দু ধৰ্মত বিভিন্ন জনজাতীয় দেৱ-দেৱীৰ পূজা অন্তৰ্ভুক্ত হোৱাৰ পিছত শক্তি পূজাৰ ধাৰণাটোৱে জনপ্ৰিয়তা লাভ কৰিলে। শক্তিৰ আৰাধনাৰ লগত জীৱ-জন্তুৰ উচৰ্গাৰ প্ৰথা জড়িত হৈ পৰিল। বিভিন্ন শক্তিৰ আৰাধনা স্থলত জীৱ-জন্তু আৰু চৰাই-চিৰিকতিৰ বলি প্ৰথা আৰম্ভ হ’ল। পশ্চিম বংগ আৰু অসমত দুৰ্গা আৰু কালী পূজাৰ সময়ত বহুতো মন্দিৰত বলিকাৰ্য সম্পাদিত হয়। তামিলনাডু আৰু মহাৰাষ্ট্ৰৰ কিছুমান গাৱঁতো বলি প্ৰথা প্ৰচলিত হৈ আছে। ওড়িষাত বালি যাত্ৰা, ঘুচুৰি পূজা আদি উৎসৱতো জীৱ-জন্তু আৰু চৰাই-চিৰিকতি বলি দিয়া হয়। নেপালৰ গাধীমাই মন্দিৰত প্ৰতি বছৰে তিনিদিনীয়া মেলাত লাখৰ হিচাপত জীৱ-জন্তু বলি দিয়া হয়। সেইদৰে কিছুমান লোকসংস্কৃতিতো জীৱ জন্তু বধৰ প্ৰথা আছে। অসমত মাঘবিহুৰ সময়ত খেলোৱা বুলবুলি চৰাইৰ যুঁজ, ম’হ যুঁজ আদিতো জীৱজন্তু মৃত্যু মুখত পৰে।
ইছলাম ধৰ্মৰ পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহাত জীৱ-জন্তুৰ কোৰবানি দিয়া হয়। এই বছৰ ঈদত বাংলাদেশৰ ৰাজধানী ঢাকাত জীৱ জন্তুৰ তেজৰ নৈ বৈ যোৱাৰ দৃশ্য সংবাদ মাধ্যমত প্ৰচাৰিত  হৈছিল। ঈদৰ কোৰবানিৰ পিচতে অহা এজাক বৰষুণে ঢাকাৰ এটা অঞ্চলত তেজৰ বন্যা সৃষ্টি কৰিছিল। এই ঘটনাটোৱে বহুতো মানুহক জোকাৰি গৈছিল। ঈশ্বৰৰ নামত আমি জীৱশ্ৰেষ্ঠ মানুহে জীৱ-জন্তুৰ তেজৰ নৈ বোৱাই দিয়াৰ অধিকাৰ আছেনে?
খ্ৰীষ্টধৰ্মী লোকসকমৰ মাজতো ইষ্টাৰৰ সময়ত ছাগলী, ভেড়া আদি বলি দিয়াৰ প্ৰথা প্ৰচলিত আছে।
ভাৰতত জীৱ-জন্তুৰ বলি প্ৰথাৰ বিৰুদ্ধে বিভিন্ন জীৱ-জন্তু প্ৰেমী সংগঠনে প্ৰতিবাদ কৰি আহিছে। বিভিন্ন সমাজসেৱী সংগঠনে ঈশ্বৰৰ নামত জীৱহত্যা নকৰিবলৈ গোহাৰি জনাই আহিছে। তেনে কিছুমান সংগঠনে বলি প্ৰথা বন্ধ কৰিবলৈ আদালতৰ দ্বাৰস্থও হৈছে। হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ে ২০১৪ চনত দিয়া এটা ৰায়ত হিন্দুমন্দিৰ সমূহত বলি প্ৰথা বন্ধ কৰিবলৈ আৰক্ষী আৰু প্ৰশাসনকৈ পৰামৰ্শ আগবঢ়াইছে। আদালতৰ ৰায়ত কোৱা হৈছে যে আধুনিক সময়ত ঈশ্বৰৰ নামত জীৱ-জন্তুৰ বলিদানৰ দৰে প্ৰাচীন, বৰ্বৰ প্ৰথাৰ অৱসান হোৱা উচিত। কিন্তু ২০১৫ চনত উচ্চতম ন্যায়ালয়ে এখন জনস্বাৰ্থ জড়িত আবেদনৰ এইবুলি ৰায় দিয়ে যে শতিকাজুৰি চলি থকা ধৰ্মীয় আবেগ অনুভূতি জড়িত থকা বলি প্ৰথা বন্ধ কৰিবলৈ আদালত অপাৰগ, কাৰণ এনে কাৰ্যই সামাজিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। মনকৰিবলগীয়া যে ‘জীৱ জন্তুৰ প্ৰতি হিংসা প্ৰতিৰোধ’ (cruelty to animal act)  আইনখনতো ধৰ্মীয় কাৰণত জীৱ জন্তুৰ বলিদানক শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হোৱা নাই।
বিভিন্ন জাতি, ধৰ্মৰ লোকে বাস কৰা দেশ ভাৰতত কোনো লোকৰ ধৰ্মীয় আবেগ অনুভূতিত আঘাট হানিব পাৰে বুলিয়েই হয়তো আদালতে ধৰ্মীয় কাৰণত জীৱ-জন্তুৰ বলিদান প্ৰথাৰ বিৰুদ্ধে ৰায় দিয়া নাই। কিন্তু আজিৰ সময়ত শিক্ষিত, জনা-বুজা মানুহে ধৰ্মীয় কাৰণত জীৱ জন্তুৰ হত্যাৰ বিৰুদ্ধে মাত মতাৰ প্ৰয়োজন হৈছে। এই কথাও সত্য যে কেৱল মানুহৰ খাদ্য হিচাপে যোগান ধৰিবলৈকে দৈনিক বিশ্বজুৰি লাখ লাখ জীৱ জন্তু আৰু চৰাই চিৰিকতি বধ কৰা হয়। তাৰ তুলনাত ধাৰ্মিক কাৰণত বধ কৰা জীৱ জন্তু আৰু চৰাই চিৰিকতিৰ সংখ্যা হয়তো তেনেই নগন্য। ধাৰ্মিক বলিদানত মৃত্যু হোৱা জীৱ-জন্তুখিনিয়ে হয়তো জীৱ জগতৰ সন্তুলনতো কোনো প্ৰভাৱ নেপেলায়। কিন্তু আমি নিজৰ ন্যস্ত স্বাৰ্থৰ বাবে ঈশ্বৰক সন্তুষ্ট কৰাৰ নামত এই জীৱ জন্তু বোৰ নিৰ্দয় ভাৱে হত্যা কৰাটো উচিতনে? আজিৰ আধুনিক যুগত জন্তু এটাৰ হত্যাৰ দ্বাৰা ঈশ্বৰ সন্তুষ্ট হ’ব বুলি কৰা ধাৰণাটো কিমান যুক্তিযুক্ত? যি ঈশ্বৰে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড আৰু জীৱকুল সৃষ্টি কৰিছে বুলি ভবা হয়, সেইজন ঈশ্বৰে নিজেই সৃষ্টি কৰা এবিধ জীৱৰ তেজেৰে সন্তুষ্ট হোৱাটো সম্ভৱনে?
যিসকলে এইবাৰ দুৰ্গা পূজাত জন্তু বলি দিয়াৰ মানস কৰি থৈছে, তেওঁলোকলৈ বিনম্ৰ অনুৰোধ, অনুগ্ৰহ কৰি এইবাৰ পূজাত ঈশ্বৰৰ নামত জীৱ হত্যা কৰাৰ পৰা বিৰত থাকক। তাৰ সলনি এটা জীৱ ভগৱানৰ নামত উচৰ্গা কৰি সেই জীৱটো ভালদৰে জীয়াই ৰখাৰ দায়িত্ব লওক। হত্যা কৰাতকৈ প্ৰতিপালন কৰাৰ মূল্য বহুত বেছি। যদি দুৰ্গাদেৱীক সন্তুষ্ট কৰিবলৈ কিবা ত্যাগ কৰিবই লাগে, নিজৰ এটা বেয়া স্বভাৱ ত্যাগ কৰক, কিবা এটা নিচা বিসৰ্জন দিয়ক।
এইবাৰ আমাৰ পূজাৰ থলী তেজেৰে ৰাঙলী নকৰোঁ বুলি সংকল্প লওঁ আহক। দুৰ্গা দেৱীক তেজ খোৱা গোসানী হিচাপে নহয়, শক্তিদায়িনী দেৱী মাতৃৰ ৰূপত পূজা কৰিলে হয়তো দেৱী অধিক সন্তুষ্ট হ’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments