তেজ যেতিয়া শৰণাৰ্থী হয় — উচ্চজিত কলিতা

তেজ যেতিয়া শৰণাৰ্থী হয়
–উচ্চজিত কলিতা

(সকলোধৰণৰ সন্ত্ৰাসবাদৰ বিপক্ষে এটি কবিতা)

তেজ তেতিয়া শৰণাৰ্থী হয়

যেতিয়া ধমনীৰ বাহিৰত
তেজৰ উপনদী বয়,

সেই নদী বয়
কেতিয়াবা ধৰ্মৰ নামত

কেতিয়াবা অৰ্থৰ স্বাৰ্থত,

সন্মানৰ বেদীতো বয়
কেতিয়াবা সেই নদী৷

জীৱনৰ অপাৰ চাহাৰাত

সেই নদী দিশহাৰা,

কাৰণ শৰণাৰ্থীৰ ঘৰৰ ঠিকনা নাথাকে৷

ইতিহাসৰ পৃষ্ঠাই পৃষ্ঠাই

সেই শৰণাৰ্থী তেজে জন্ম দিয়ে

মানবতাৰ সাগৰত
নুশুকোৱা প্ৰতিশোধৰ যাতনা-দ্বীপ,

প্ৰেমৰ আকাশত নবৰষা ঘৃণাৰ কালমেঘ৷

এজাক মানুহে বাৰে বাৰে পাহৰি যায়

সময় সময় খেলি ইতিহাসে দি যোৱা সঘন সকীয়নি,

ধমনীৰ বাহিৰত তেজ সদায় অনাশ্ৰয়ী শৰণাৰ্থী৷

হে মানবতা,

বাৰে বাৰে বুৰঞ্জী পাহৰি

কবৰ খান্দি ভাল পোৱা

সেইজাক মানু্হক পাৰা যদি শিকোৱা

বিশ্বপ্ৰেমৰ ব্যাকুলতা,

জীৱনৰ বোৱতী নদী যেন

ধমনীৰ অমৃত সেই তেজক

পাৰা যদি বচোৱা শৰণাৰ্থী হোৱাৰ পৰা৷

নহ’লে প্ৰেমৰ আকাশ মচি

মানবতাৰ সাগৰ শুকাই

জীৱনৰ বাট হেৰুওৱা
তেজৰ হিচাপ ল’বলৈ

থাকি যাব মাথোঁ
আধাজ্বলা প্ৰলয়ৰ শিখা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments