তেতিয়াৰ দেওবাৰবোৰ (শান্তনু চাংমাই)

স্কুলৰ ব’ৰ্ডিঙত থাকোঁতে ৰাতিপুৱাই উত্কন্ঠা আৰু আগ্ৰহেৰে মন উপচি পৰে। ষ্টাডী হলত পঢ়ি থাকোঁতে বাৰে বাৰে খিড়িকীৰে অফিছ-এৰেনাৰ ফালে চকু। হয় মা-দেউতা আহিব নহ’লে জুনিয়ৰটোৰ মৰমলগা বায়েকজনী আহিব, এবাৰ চাবলৈ যে পাম। দেওবাৰটো হোষ্টেলত ভিজিটৰছ ডে’- বাকীবোৰ দিনত অভিভাৱকসকলক আহিবলৈ দিয়া নহয়। ন বজাত ৱাৰ্ডেনে চবকে কাম ভগাই দিয়ে- কাৰণ দেওবাৰ টো বিশেষ চাফাই দিন। টয়লেট, ড্ৰেইন, ডাষ্টবিন, ষ্টাডী হল, জেনেৰেটৰ ৰূম, মন্দিৰ… আৰু যি যি আছে চব ভালদৰে চাফা কৰিব লাগিব। ভাগে ভাগে কাম ভগাই দিয়া হয়। যিমান পাৰি সিমান সোনকালে নিজৰ কাম কৰি গাৰ্জিয়ানক লগ কৰা কাম। মা-দেউতা বা আন কোনো অভিভাৱকৰ লগতহে হোষ্টেলৰ বাহিৰলৈ যোৱাৰ অনুমতি আছে, নহ’লে ভিতৰতে থাক বন্ধ হৈ..। বাহিৰৰ বজাৰলৈ নি মাহঁতে হৰলিক্স, বিস্কিট, কলম-কিতাপ যি লাগে কিনি দিয়ে, হোটেলত নি মিঠাই খুওৱায়, কেতিয়াবা লগতে অনা হাঁহৰ কণীটো গুচাই খাবলৈ দিয়ে। যিমান পাৰোঁ কমকৈ খাওঁ- কাৰণ দেওবাৰে কৃষ্ণদাই (পৃথিৱীৰ ভিতৰতে ম‍ই পোৱা সৰ্বশ্ৰেষ্ঠ ৰান্ধনিজন) খাহী মাংস ৰান্ধে। কৃষ্ণদাৰ প্ৰতিটো নিৱালাই চুভান আল্লা

বুলি কয় যে তেনেকুৱা …। বেছিকৈ বাহিৰতে খাই আহিলে মাংস কেনেকৈ খাম?

অ’, হোষ্টেলৰ যে মস্ত ডাঙৰ পুখুৰীটো, দেওবাৰে সোপাকে তাত গা ধুবলৈ পাৰমিশ্যন দিয়া হয়। কেইটামানৰ কি ফুৰ্তি সাঁতুৰিবলৈ পাব বুলি। আমি কেইটামানে যেন তেন হে নামত ধুইছিলোঁ- কাৰণ পানীখিনি আছিল অত্যন্ত লেতেৰা।

সেই প্লেট’নিক প্ৰেম কৰাৰ আৰম্ভণিও এই দেওবাৰ বোৰেই। বয়জ স্কুলত দূৰ দূৰলৈকে এজনীও ছোৱালী দেখিবলৈ নাই মেডাম দুজনীমানৰ বাহিৰে। দেওবাৰে অভিভাৱকবোৰ আহে নিজৰ ল’ৰাটো চাবলৈ- কেতিয়াবা লগতে জীয়েকো আহে। তাকে চাই আমাৰ অনন্ত তৃপ্তি। একেজনী বায়েকৰ লগতে একেবাৰতে এক ডজন ল’ৰা প্ৰেমত পৰে; মাৰ পিটো হয়; আনফালে বেচেৰীয়ে গমেই নাপায় যে তাইক লৈ কোনোবা ঠাই এখনত দ্বন্দ-যুদ্ধ আৰম্ভ হৈ গৈছে। কেতিয়াবা কোনোবাই মৰসাহ কৰি চিঠি দিলে ভায়েকে নি বায়েকক দিয়েগৈ। এনেকৈ এবাৰ কবিতা এটা দি পঠাইছিলোঁ, উত্তৰো আহিছিল। তাৰ পিছৰ বছৰতে পিছে ভায়েক বেলেগ স্কুল এখনলৈ গুছি গ’ল আৰু সেই প্লেট’নিক প্ৰেমৰো তাতেই ক্ষণিক যতি পৰিল।

আবেলি চবেই শুব লাগে- জবৰদস্তি কাৰবাৰ, নহ’লে ৱাৰ্ডেনে পিঠি ফালিব। ৱাৰ্ডেনক আমি বাঘ দেখা দি দেখিছিলোঁ। মোৰ অৱশ্যে স্পেচিয়ল কনচেশ্যন আছিল, কাৰণ ভাইটিৰ লগত ম‍ই তবলাৰ ক্লাচলৈ যাওঁ।

গধূলি গাৰ্জেন বোৰে দি যোৱা খোৱাবস্তু পিঠা, গাখীৰ, বিস্কুট এইবোৰ লৈ হেতা-ওপৰা হয়। ছিনিয়ৰবোৰে জুনিয়ৰবোৰৰ পৰা কাঢ়ি খাওঁ। তাক “টেক্স” বুলি কওঁ।

হায় সেই সোণালী দিনবোৰ। কেতিয়াবা বৰ মনত পৰে। এতিয়া চব বৰ একোটা হ’লহি; কিছুমানৰ তো ল’ৰা-ছোৱালীকেই হোষ্টেলত দিব পৰা হ’লহি। ঢেৰ কাহিনী আছে হোষ্টেলৰ। কেতিয়াবা সময় পালে শুনাম। 🙂

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments