তেতিয়াৰ দৰেই এতিয়াও (তুলিকা নিৰ্মলীয়া)

সৰুপোনা,
কেনে আছ’ সৰুপোনা? ভালে আছ’ চাগৈ । বহুদিন হ’ল তহঁতৰ খবৰ নোপোৱা । বতৰ কেনেকুৱা সেইফালে ? বিহুত ঘৰলৈ পাক মৰা হ’বনে ? তহঁত কেতিয়া ডাঙৰ হ’লি, নিজে খুতি খাব পৰা হ’লি তত ধৰিবই নোৱাৰিলোঁ দেখোন। আঙুলিৰ মূৰত গণিলে প্রায় ১৫ বছৰ। ১৫ বছৰে দুৰণিৰ কোনোবা অজান ঠাইৰ বাসিন্দা হৈ আছগৈ। বোৱাৰীজনী কেনে আছে? আৰু নাতি নাতিনী দুটা? তাহাঁতি চাগৈ স্কুল যোৱা কৰিছে। তাহাঁত দুটাক সেই পানী কেঁচুৱা হৈ থাকোতেই দেখা। ফোনতে নাতিটোৰ কথাবোৰ শুনো কেতিয়াবা। কিনো কৰিবি মোৰ কাণ দুখনো বেয়া হ’ল নহয়। ভালকৈ শুনা নাপাওঁ আজিকালি। তাতে সি ভঙা ভঙা অসমীয়াত যিকেইটা কথা কয় মই ভালকৈ বুজিয়েই নাপাওঁ। তহঁতি মাক বাপেক দুটাই ঘৰতেই জানো ল’ৰা ছোৱালীকেইটাক নিজৰ ভাষাটো শিকাব নোৱাৰ’? ঘৰত নো কি ভাষাত কথা পাত’ অ’ তহঁতি? ডাঙৰ বোৱাৰীয়ে বুজাই কয় মোক অসমীয়াত পাতি থাকিলে হেনো তাহাঁতৰ স্কুলত গৈ খেলিমেলি লাগে। জানো পাই! মই বুঢ়ীয়ে বাহিৰৰ জগতখনৰ একো আও ভাৱ বুজি নাপাওঁ। তহঁতি যি ভাল দেখ’ তাকে কৰিবি। অন্যটো একো নাই, আইতাকৰ মন; নাতি নাতিনীলৈ হেঁপাহকণ থাকেই। কেতিয়াবা চাবলৈ মন যায় মুখকেইখন। বিহু বুলিও দুদিনমান চুটি ল’ব নোৱাৰিবিনে? আউবেলি বিহুতো নাহিলি। চাকৰিৰ তাগিদা, সংসাৰৰ ব্যস্ততা, ল’ৰা ছোৱালীৰ স্কুল… বুজি পাওঁ দে। তথাপিও চাৰিটা বছৰে আতৰি আছ’ বছেৰেকৰ মূৰত অহা বিহুটোৰ পৰা! তোৰ পিতায়েৰে কেতিয়াবা খঙতে বকি থাকে__ “ইমান কষ্ট কৰি সেইটোক ইঞ্জিনিয়াৰ কৰিলোঁ এতিয়া বছেৰেকৰ বিহুটোতো মাক বাপেক কেইটাক এবাৰ চাই যাবলৈ সময়ৰ নাটনি হ’ল। ককায়েকে পঢ়া শুনা বাদ দি তাৰ বাবেই খেতিৰ খোলাত হাত দিলে, সেইটো ককায়েকক বিহু বুলি চোলা এটাকে দি নাপালে। হেৰৌ কুকুৰৰ পিতেক তাকেহে শিকিলি পঢ়ি শুনি। ডাঙৰ মানুহ হ’লি। অকৃতজ্ঞ, ককায়েৰৰ মৰমখিনিও চিনি নাপালি। বায়েৰে ডিঙিৰ চেইন বিক্রী কৰি তোৰ কলেজৰ ফিজ্ দিছিল, খবৰ আছে তোৰ? এতিয়া দেখিও নেদেখাৰ ভাৱ ধৰ’ বায়েৰৰ উকা ডিঙিটো।” তইতো জানই পিতায়েৰৰ খং উঠিলে এইবোৰ বকে বুলি। বায়েৰৰ চেইন, ককায়েৰৰ চোলা এইবোৰ এনেয়ে। সঁচা কথাটো হ’ল তহঁতক চাবলৈ বৰ হেঁপাহ কৰে মানুহটোৱে। বুঢ়া বয়সত নাতি-পুতিলৈ মৰম, বুজিছই নহয়। চকুৰেও আজিকালি নেদেখা হৈছো। পিতায়েৰও একেই অৱস্থা। জুপি জুপি কীর্তন পঢ়ে। মানা কৰিলেও নুশুনে। ডাঙৰ পোনাই বিটচকু এযোৰ যোগাৰ কৰি দিছে। দেহাই নাটানে যদিও চাইকেল চলাই গৈ গাঁৱৰ সকামবোৰ খায় ফুৰে। ডাঙৰ বোৱাৰীয়ে কেতিয়াবা ভেকাহি মাৰে। পিছে বুঢ়াই যি ঠেহ্ পাতে, সেয়ে বোৱাৰীয়েও আজিকালি একো নকয়। তয়ো ক’বিচোন। কিজানি তোৰ কথা শুনেই। ভয় লাগে মোৰ, মানুহটো ক’ৰবাত পৰে বুলি। গাত জোৰ নাইকিয়া মানুহ। আন্ধাৰে মুন্ধাৰে কেনেবাকে পৰিলে কোনেও গমকে নাপাব। তাতে বুঢ়া বয়সৰ ইটো সিটো বেমাৰে লগ নেৰাই হৈছে আজিকালি। হঠাতে যদি কিবা এটা হয়…
এইবোৰ তই চিন্তা কৰি থাকিব নালাগে দে। সঁচাকৈয়ে এইবেলিও বিহুত এপাক আহিব নোৱাৰিবিনে? আমি বুঢ়া হৈছো। কোন দিনা জীউটো ওলায় যায় ঠিক নাই। দুৱাৰদলিত যমৰজা ৰৈয়েই থাকেহি যেন লাগে। এবাৰ যদি তহঁতক দেখা পালোঁ হয় যোৱাৰ আগতে মনটোৱে শান্তি পালেহেঁতেন। অ’ আৰু এটা কথা নহয়, তোৰ মৰমৰ ডাঙৰ ভতিজীয়ে এইবাৰ মেট্রিক পৰীক্ষা দিছে। তই খবৰ এটাও নল’লি। পাহৰিলি নে নলওঁ বুলিয়েই নল’লি? ককায়েৰে দুখ কৰি আছিল। হ’ব বাৰু দে। চা চোন এইবাৰ অকনমান সময় ওলিয়াব পাৰ’ই কিজানি। আহিবি বুলি বাট চাই থাকিম। কেতিয়াবা সুধিবিচোন কেনে আছোঁ মই! নিয়মমাফিক হ’লেও। আমনি নকৰোঁ দে অযথা কথা কৈ। মাতষাৰ শুনিম, সেয়াই যথেষ্ট। ভাল-বেয়া খবৰ ল’ম। তহঁতৰ ভালেই আমাৰো ভাল। কুশলে থাক তহঁত।
ইতিত
তোৰ আই

================
(২)
মোমাইদেউ,
মৰম ল’বি। তহঁত ভালে আছ’ বুলি ধৰি লৈছোঁ। চিঠি এখন লিখাৰ কথা নাছিল। তথাপিও লিখিলোঁ। ইয়াৰ কিবা উত্তৰ পাম বুলিও মই আশা কৰা নাই। তই ফোন কৰিলেও যে মই কথা নাপাতোঁ সেইটোও ভালকৈয়ে জান’, অকণমান ক্ষোভ, খং! সেইখিনিকে উজাৰিবলৈ লিখিলোঁ। জানো তোৰ ওচৰত এইখিনি অর্থহীন। আগৰ দৰেই এইবাৰো তোৰ সময় নহ’ল বিহু বুলি ঘৰলৈ এপাক আহিবলৈ। আচৰিত তহঁতি! ভাৱ হয় তহঁতৰ সমান ব্যস্ত মানুহ আৰু ক’তো নোলাব।
কেতিয়াবা এৰি থৈ অহাখিনিলৈ উভটি চাৱ নে? এবাৰ ভাৱি চাৱ নে তোৰ শিপাডাল ক’ৰপৰা আৰম্ভ হৈছিল? মনত পৰেনে সেইবোৰ দিন? ক’ত হেৰাই গ’লি তই? ক’ত হেৰাল তোৰ সেই অনুভৱী মনটো? তোৰ মনত আছে তইযে AEC ত থাকোতে মোলৈ চিঠি লিখিছিলি? কলেজৰপৰা এচকাৰচনত দার্জিলিং যোৱাৰ অভিজ্ঞতাবোৰ লিখিছিলি, ডাৱৰবোৰ হাতেৰে ঢুকি পোৱাৰ কথা লিখিছিলি! তোৰ সপোনবোৰৰ কথা লিখিছিলি! আচৰিত লাগে এতিয়া, সেইটো তয়েই আছিলি!
তয়তো জান’ই মোৰ দেউতাৰ ঘৰখনলৈ যোৱাৰ প্রশ্নই নাহে। বিহু বুলি এইবাৰো আই পিতাইৰ ওচৰলৈকে গৈছিলো। বিহু বুলি দুদিনমান চুটি ললোঁ। সৰুকালৰ দিনবোৰলৈ উভটি যাবলৈ মন গৈছিল। এইবাৰ গৰু গা ধোৱাম বুলি সেয়ে এদিন আগতেই গলোঁ। গাওঁ খন, মানুহখিনি এতিয়াওঁ একেই আছে। মাথোঁ কোনোবাজন গুচি গ’ল, কোনাবাজন নতুন আলহী আহিল। বাৰীৰ মাখিয়তী গছখিনিও আছে। পিতায়ে কাটিবলৈ নিদিয়ে। ডাঙৰ মোমাইদেউয়ে হালধি ৰুইছিল। খান্দি থৈছিল বিহুলৈ বুলি। তিতা কেৰেলা, লাও, বেঙেনা সব ঘৰৰ বাৰীৰে। থেকেৰাৰ গছো আছিল নহয় বিলৰ পাৰৰ বাৰীখনত। সেইয়াওঁ আনি থৈছিল। এল পি স্কুলৰ পিছফালে থকা ডাঙৰ শিলিখা গছজোপাৰ কথা মনত আছে তোৰ? আমলৰিৰ টোপ এতিয়াওঁ তাৰপৰাই যোগাৰ হয়। বাহকেইটামান ভাঙি আমলৰি টোপৰ যোগাৰো কৰি থৈছিল। এশ এবিধ শাক যোগাৰ আছিলেই। মুঠতে গৰু বিহুলৈ বুলি যোগাৰ একদম জবৰদস্ত আছিল। গধূলি পিতাইৰ লগত বহি লৈ গৰুৰ চাক বনালোঁ। মামীয়ে পিঠা পুৰিলে। আভা (তোৰ ভতিজী) গাভৰু হ’ল। পিঠা পুৰিব শিকিছে। গামোচাত ফুলো তুলিব পৰা হ’ল। মোক দেখুৱাইছে তাই ফুল তোলা গামোচা। আন ঘৰুৱা কামবোৰতো মামীক সহায় কৰি দিয়ে।
ৰাতি মোৰ টোপনিয়েই নাহিল। কিবা অজান পুলকত টোপনিও কেনিবা পলাল। উভটি গৈছিলো শৈশৱৰ দিনবোৰলৈ। নিচেই পুৱাতেই ডাঙৰ মোমাইদেউৱে গোহালিৰপৰা গৰুকেইটা উলিয়াই নিয়া গম পাই খৰধৰকৈ ময়ো সাজু হ’লোঁ। সন্মুখৰ পথাৰখনতে গৰু গা ধোৱালে ওচৰৰ আটাইকেইঘৰ মিলি। মোৰ আৰু পথাৰত নমা নহ’ল, বাটৰপৰাই চাই থাকিলোঁ। আভাই মোৰ গালৈ লাও, বেঙেনাৰ টুকুৰা মাৰি ‘লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা’ বুলি চিঞৰাতহে হুচ আহিল। তাইৰ লগতে অলপ দৌৰাদৌৰি কৰিলোঁ। তোৰ মনত আছে তই দলিওৱা থেকেৰাৰ টুকুৰাই যে মোৰ নাকৰ এয়াঁ ভাঙিছিল? বিহু বুলিহে তোৰ দোষৰ মাফ হৈ গৈছিল। হাঃ হাঃ । কি দিন আছিল সেইবোৰ!
প্রতি বছৰৰ দৰে এইবাৰো এল পি স্কুলৰ ল’ৰা ছোৱালীখিনি পিতাইক সেৱা কৰিবলৈ আহিছিল। এইটো কথা ভাল লাগে মোৰ। পিতায়ে অৱসৰ লোৱাৰ পিছতো যে এই ধাৰাটো অব্যাহত আছে। তাৰপিছত তাহাঁতি হেড্ ছাৰৰ ঘৰলৈকো গ’ল। ছাৰ ঢুকাল নহয়। তই গম নাপাৱ চাগৈ। তোৰ বাবে বাৰু সেইটো খবৰ ল’ব লগীয়া খবৰ নহয়! দিনটো খুব ভালদৰে পাৰ কৰিলোঁ জান’ আটায়ে মিলি। মা দেউতাহঁতো ওলালেহি দেউতাৰ ঘৰত ককাক সেৱা কৰি। পুখুৰীৰ মাছো ধৰিছিল। বেচ ভালকৈ এসাঁজ খাই গধূলি ঘৰলৈ উভটিলোঁ।
অ’ আৰু এটা কথা কি জান’ নে? ক’লী গৰু এজনী নতুনকৈ আনিলে। আগৰজনী বিক্রী কৰি দিলে। ৰাতিপুৱা মামীয়ে চচপেনত গাখীৰ গৰম কৰিলে জুইশালতে। গাখীৰ গৰম কৰি চাহো বনালে। আৰু মিচিক কৈ হাঁহি এটা মাৰি গাখীৰখিনি বাকি থৈ চচপেনটো মোলৈ আগবঢ়াই দিলে। হাঃ হাঃ হাঃ। মই হাঁহিত ৰ’ব পৰা নাছিলোঁ। মনত পৰিছে তোৰ? গাখীৰৰ সৰ খাবলৈ যে তোৰ মোৰ মাজত কাজিয়া হৈছিল। মই সৰু বুলি সুবিধাটো অলপ বেছিকৈ পাইছিলোঁ। সেই আগৰ দৰেই তর্জনী আঙুলিৰে চুচি চুচি গাখীৰৰ সৰ খালোঁ জান’ ; আৰু আগৰ দৰেই মোৰ পিছত চচপেনত চেলেক মাৰিবলৈ তোৰ মৰমৰ মেকুৰীজনীয়ে পালে।
বুজিছ’ এতিয়াওঁ একেই আছে বহুত কিবাকিবি। সলনিও হ’ল বহুত কিবাকিবি। বিলখন শুকাই থাকিলে, কলমৌ গছেৰে ভৰিল। আগৰ দৰে মাছৰ উজান নুঠে তাত। মই কেতিয়াবা গ’লে আভাক লগত লৈ পুলটোতে বহোঁহি। পথাৰত ভেঁটা দি মাছ ধৰা মানুহো কমিল। অৱশ্যেই খেতিৰ দিনত আগৰ দৰেই আজিও প্রাণ পাই উঠে পথাৰখনে। সময় সুবিধা মিলাই এপাক মাৰোঁৱেই মই সেইবোৰ দিনত। পিতাইক আগতে চাহ জলপান দিবলৈ যোৱা দিনবোৰলৈ উভটি যাওঁ। বোকা মাটিৰ গোন্ধ লওঁ। কঠিয়া তুলোঁ। তইতো এতিয়া এইবোৰৰ পৰা বহু যোজন আঁতৰত! তোৰ পুৰণি গীটাৰখন আয়ে নিজে পৰালৈকে ধূলি মাকতি পৰিবলৈ নিদিছিল। এতিয়া আভাই সেইখন টুং টাং কৰি থাকে মাজে মাজে। ডাঙৰ মোমাইদেউৱে চুইয়ে নুচুৱা হ’ল। বজোৱাটো দূৰৰ কথা। আগৰ দৰে যুৱক সংঘ, মইনা পাৰিজাত এইবোৰ নাই। আমি যে আগতে ৰামায়ণৰ কেচেটবোৰ আনি চাইছিলোঁ সংঘত থকা ডাঙৰ টিভি টোত, যিটোত দুৱাৰৰ দৰে বন্ধ কৰি থ’ব পৰা ব্যৱস্থা অছিল! এইবোৰ কথা আভাক ক’লে খুউব হাঁহে তাই। তাই কয়, “মামু বা তহঁতি যে কি কি নকৰিছিলি! সঁচাকৈ এইবোৰ কৰিছিলি নে?” তাইক আমাৰ আগৰ কথাবোৰ কওঁ, তাই শুনি খুউব ভাল পায়। কৈ কৈ শেষেই নহয়। গৰুক পানী খুওৱা, ঘাঁহ কটা, ধান মৰা, মাছ ধৰা, পথাৰৰ কিনাৰৰ খালবোৰ নিজৰ নামত কৰি লোৱা কথাবোৰ, বান্দৰে খেদি অহা কথাবোৰ, মধুৰীৰ গছত উঠা কথাবোৰ, চুমনিখনৰ পলুবোৰৰ কথা, হাহৰ কণী ওমনি দিয়া কথাবোৰ… কিমান কথা! কোনোবাখিনিত তাই অবিশ্বাসৰ চকুৰে মোলৈ চাই ৰয় ভেবা লাগি। কোনোবাখিনিত খিলখিলাই হাঁহে।
অনেক কথা, যিবোৰ কেতিয়াওঁ পাহৰা নাযায়। এইবোৰনো তোক কিয় কৈছোঁ! তইতো কোন কাহানিবাই পাহৰি পেলাইছ’; চাকৰিৰ দায়িত্ব, সংসাৰৰ দায়িত্ব পালন কৰোঁতেই দিন গৈছে তোৰ। বেমাৰী মানুহজনীক, যি তোক এই পৃথিৱীৰ পোহৰ দেখুৱালে সেই মানুহজনীৰ শেষ ইচ্ছাটোকো তই পূৰ কৰিবলৈ অপাৰগ, অসমর্থ তই। পুতৌ ওপজে তোলৈ কেতিয়াবা। ভোগবাদী পৃথিৱীৰ ৰঙীন মায়াজালত বন্দী হৈ পৰিলি বৰ বেয়াকৈ। গৰু বিহুৰ পিছদিনাৰ পৰাই আইৰ গা টো ভাল নাছিল। বৰ হেঁপাহেৰে ৰৈ আছিল তহঁতি আহিবি বুলি। নাতি নাতিনীৰ মুখ চোৱাৰ হেঁপাহ লগত লৈয়েই গুচি গ’ল আই। চিতাৰ জুইকুঁৰাত খৰি এডাল দিবলৈও নাপালিহি তই। জ্বলি শেষ হোৱা ছাইখিনিৰ ওচৰত ৰৈ যেতিয়া চকুপানী টুকিছিলি দুখৰ মাজতো মোৰ খুউব হাঁহি উঠিছিল! অৱশ্যে দহা-কাজ বৰ ধুমধামেৰে পাতিলি তই। গাঁৱৰ ৰাইজক খুওৱালি। ভিদিঅ’ ৰেকর্ডিঙো কৰোৱালি! দায়িত্ব পালন কৰিলি! ৱাহ! ক’ৰপৰা ক’লৈ উধালি তই! চেল্যুট ইউ মেন!
জানো, দ্বিতীয় এবাৰ তই মোলৈ ফোন নকৰ’; নকৰিবিও। তোৰ সৈতে কথা পাতিলে কিবা মেচিন এটাৰ লগত কথা পাতি থকা যেন লাগে মোৰ। তই ভাল বেয়া খবৰ লোৱা আগতেই সোধ মোৰ দৰমহা কিমান, এল আই চিৰ পলিচি কেইখন, আৰ্ দি খুলিছনে নাই… ইত্যাদি ইত্যাদি। মই তোৰ দৰে ইমান ডাঙৰ চাকৰি নকৰোঁ। নিজে খাই বৈ চলি থাকিব পাৰোঁ। দৰকাৰত মাৰ হাতত দুটামান টকা গুজি দিব পাৰোঁ। বিহুৱে-সংক্রান্তিয়ে সৰুকৈ হ’লেও আটাইকে কিবা এটা দিবলৈ চেষ্টা কৰোঁ। তই এদিন যিবোৰ সপোন দেখুৱাইছিলি সেইবোৰৰপৰা এতিয়া তই বহু আঁতৰত। গতিকে এতিয়া তই মোক আগৰ দৰে উপদেশ নিদিলেই ভাল পাম। এদিন ময়ো বাট বুলিছিলোঁ তোৰ বাটেৰে, তোৰ আর্হিৰে। যদি সেইটো বাটৰ শেষ এইটোৱেই হয়, নালাগে মোক।
এইবাৰো বিহুত আমি আটাইয়ে লগ হ’ম সদায়ৰ দৰে। তই নাহিলেও নাহিবি। নাহিবিয়েই। আহিবলৈনো ক’ত সময় পাবি। ল’ৰা ছোৱালী কেইটাৰো স্কুল থাকিব। ঘৰৰ মানুহখিনিয়ে বুজি পাব দে। তোৰ সুবিধা অসুবিধাৰ খেয়াল ঠিকেই ৰাখে তাহাঁতি। মাত্র মিছাকৈয়ে তাহাঁতক কৈ নথ’বি যাবও পাৰোঁ বুলি। আহিব নোৱাৰিলি বুলি কাপোৰৰ টোপোলা পঠিয়াই নিদিবি। কাপোৰ নিপন্ধাকৈ কোনেও থকা নাই ইয়াত। তোৰ অনুপস্থিতিক কাপোৰে ঢাকি ৰাখিব নোৱাৰে। এইখিনি মানুহ এতিয়াওঁ তোৰ দৰে হোৱা নাই। মিছাকৈ ইহঁতৰ মনত দুখ নিদিবি। অ’ এইবাৰ আভা গাঁৱৰ হুচৰি দলৰ নাচনী হৈছে। বৰ ধুনীয়া বিহু নাচে তাই। প্রথম হুচৰি আমাৰ ঘৰৰপৰাই (সৰুৰে পৰা যিখন ঘৰত থাকি ডাঙৰ দীঘল হলোঁ সেইখনক মই আমাৰ ঘৰ বুলিয়েই ভাবোঁ) আৰম্ভ হ’ব। গাঁৱৰ যুৱক সংঘটোও নতু্নকৈ খোলাৰ কথা।
হ’ব দে, ভালে থাক তহঁত আটায়ে। পাৰিলে ল’ৰা ছোৱালী দুটাক ঘৰৰ আটাইবোৰ মানুহৰ লগত চিনাকী কৰাই দিবি। নহ’লে পিছত চিনিয়েই নাপাব! বিহুৰ শুভেচ্ছা পঠালোঁ।

ইতি
তোৰ ভাগিনী
‘মামু’

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments