তোমালৈ….(অনামিকা বৰুৱা)

অনামিকা বৰুৱা

তোমালৈ….
…..কেনে আছা বুলি নুসোধোঁ| কাৰণ জানো তুমি ক’লীয়া ডাৱৰখিনিলৈ চাই অন্যমস্ক হৈ বহি আছা| মনত অলেখ ভাৱৰ হেন্দোলনি| মনৰ মাজতেই ভাঙিছা গঢ়িছা শিপাহীন সম্পৰ্ক এটাৰ শ্মশান যাত্ৰাৰ ছবি| বিবৰ্ণ ছবিখন চাই চাই খামুচি ধৰিছা বুকুখন| কষ্ট হৈছে তোমাৰ অপৰিসীম| বেদনাত ক’লা পৰা মুখখনৰ চকুৰ তলত গভীৰ ক’লা দাগ| দুচিন্তা আৰু অনিদ্ৰাৰ চিন ফুটি উঠিছে সমগ্ৰ দেহত| কিয় এনে কৰা জোনাক? কিয় শাস্তি দিয়া নিজক কোনোদিনে নকৰা দোষৰ বাবে? উচিত জানো এইয়া? নিজক শাস্তি দিয়াৰ আগতে এবাৰ যদি মোৰ চকুলৈ চালা হয়! কিয় নিলগাই ৰাখা নিজক মোৰ পৰা? মোক আপোন বুলি অনুভৱ কৰিব পৰা এতিয়াও নাইহোৱা চাগে!!!!
…..কি কওঁ! বহু সময়ত বহু কথাই কোৱা নাযায়| কিন্তু অনুভৱ কৰা যায় হৃদয়ৰ অনুভূতিখিনি| জড় পদাৰ্থ নহয় মই| হয়তো তোমাৰ বিষাদ ভগাব পৰাকৈ এতিয়াও মই যোগ্য হৈ উঠিব পৰা নাই| কিন্তু আশা কৰোঁ তোমাৰ কাষত থিয় দি এদিন তোমাৰ চকুলৈ চাই নোকোৱাকৈয়ে মই বুজি পাম কি আছে তাত হাঁহি নে চকুলো| সহজেই পঢ়িব পাৰিম তোমাৰ মনৰ কথা| বুজি উঠিম তোমাৰ হিয়াৰ ভাষা| অনুভৱী তুমি| অত্যন্ত স্পৰ্শকাতৰ| অন্তৰ্মুখীতাই তোমাক আবৰি ৰাখে সযতনে| আলসুৱা মনে শিলাময় বাটত খোপনি পুতিব নোৱাৰি বিচলিত হৈ উঠে| ভাঙি পৰিব খোজা| জোনাক, এটা কথা সোধোঁ? বৰষুণলৈ তোমাৰ ভয় লাগে নেকি? সেয়ে ডাৱৰখিনিলৈ চাই তন্ময় হৈ এনেকৈ ৰৈ আছা| মানি লৈছো বৰষুণ দিলে চাৰিওফালে পানী হয়, বাট-পথ বোকা হয়| অলপ কষ্ট হয়| কেতিয়াবা বান আহে| প্ৰলয় নামে| সেইবুলি বৰষুণ নিদিলেওতো নহয়| ধৰাৰ বুকুলৈ বৰষুণ নানামিলে সেউজীয়াবোৰ শুকাই নাযাব জানো? তুমিওতো সেউজীয়া ভালপোৱা! আহক দিয়া এজাক বৰষুণ| ধুৱাই নিয়ক তোমাৰ মনৰ বিষন্নতাখিনি…..
…..যিদিনাৰ পৰা লগ পাইছো তোমাৰ কথাই ভাবি আছো| আধুনিকতাই গ্ৰাস কৰিব নোৱাৰা ত্ৰিশ বছৰীয়া ডেকা তুমি| সপোন দেখা সৰল জীৱনৰ| অৱলম্বন হ’ব খোজা আপোনজনৰ| বন্ধুত্বৰে আঁকোৱালি ল’ব খোজা সকলোকে| সন্মান কৰা সম্পৰ্কবোৰক| কিন্তু কোনোবাই অবাবতে তোমাৰ মনোভাৱক নুবুজাকৈ তাচ্ছিল্য কৰি তোমাক অৱহেলা কৰি গ’লে সহ্য কৰিব নোৱাৰা তুমি| কেতিয়াবাৰ তৰ্ক কৰা তেনে মানুহৰ স’তে| তাৰপাছত নিজে হতাশ হোৱা| হতাশ হৈ ভাবা যাঃ আজিৰপৰা কাকো নিবিচাৰো আৰু| নালগে থাকিব কোনো মোৰ কাষত| ময়ে বেয়া কিজানি| সেইবাবেই কোনেও মোক ভাল পাব নোৱাৰে| কথাবোৰ তেনে নহয় জোনাক| সদায়তো নিজৰ কথা শুনা, আজি মোৰ কথা শুনি চোৱাচোন| ভাল নালাগিলেও বেয়া নিশ্চয় নালাগে|
…..আচলতে কি জানা? সকলো কথাৰে দুটা দিশ থাকে| তুমি যিদৰে নিজক অকৰ্মন্য বুলি ভাবা তোমাৰ সন্মুখজনে তেনেদৰে নিজকে গণ্যমান্য বুলি ভাবে| তুমি তোমাৰ শক্তিৰ কথা নাজানা আৰু তেওঁ তেওঁৰ দুৰ্বলতাখিনিৰ কথা নাজানে| তুমি সচেতন অৱস্থাতো তোমাৰ শক্তিক উপলব্ধি কৰিব নোৱাৰা আৰু তেওঁ অচেতন অৱস্থাতো তেওঁৰ দুৰ্বলতাক চুই চাব নোৱাৰে| ভুলটো তাতেই হয়| কোনোবাই যদি ভুলতো তেওঁৰ দুৰ্বলতাত আঙুলি দিয়ে সহ্যাতীত হৈ তেওঁ হিতাহিত জ্ঞান হেৰুৱায় পেলায় আৰু তেতিয়াই অশুভ আচৰণ কৰে| সেই আচৰণৰ বলি হৈ তুমি নিজক দোষাৰোপ কৰা| তোমাৰ গাতো ভুল| উপেক্ষাৰ সমান শক্তি নাই| তুমি তোমাৰ শক্তিৰে তাক উপেক্ষা কৰি যাব নোৱাৰা| পাৰা, কিন্তু যাব নোখোজা| ভ্ৰান্ত ধাৰণাৰ বশৱৰ্তী হৈ তুমি কথাবোৰ বিয়োগাত্মক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা| তুমি জানানে বিয়োগাত্মক দৃষ্টিভংগী বিয়োগাত্মক কথা-বতৰাই মানুহৰ জীৱনতো বিয়োগাত্মক প্ৰভাৱ পেলায়? তোমাৰ বাৰু মনত আছেনে এলজেব্ৰা কৰোঁতে যোগে যোগে যোগ, যোগে বিয়োগে বিয়োগ আৰু বিয়োগে বিয়োগে যোগ বুলি অংক কৰা? কিন্তু সেইয়া অংক| বীজগণিতৰ ফৰ্মূলামতে কিবা উত্তৰ নিশ্চয় ওলাব| আৰু এইয়া জীৱনৰ অংক, বিয়োগে বিয়োগে কেতিয়াবা যোগ নহ’বও পাৰে| গতিকে সদায় বিয়োগৰ কথাই নাভাবিবা| যোগৰ কথাও ভাবিবা| ই তোমাৰ ক্ষতি নকৰে বৰং তোমাক লাভবান কৰিব|
…..তুমি আৰু এটা ভুল কৰা কথাবোৰ আৰম্ভণিৰপৰা নহয় শেহৰপৰা ভাবা| আৰু কি হ’ব পাৰিলে হয় সেইয়া নাভাবি কি হ’ল সেইয়া ভাবা| হৈ যোৱাটোৰ কথা ভাবি লাভ নাই যদিহে সি একো ধনাত্মক প্ৰভাৱ নেপেলায়| এটা ধেমালি কৰোঁ? ধৰা, এটা হাতী| তুমি হাতীটোক নেদেখাকৈয়ে তাৰ নেগুৰদাল দেখি এনেই অনুমান কৰি লোৱা ই চাগে এটা সৰু প্ৰণীয়েই হ’ব| অথচ তোমাৰ ধাৰণা কিমান ভুল! আনহাতে হাতীটোৰ তুলনাত পৰুৱাটো তেনেই সৰু| বিৰাতাকাৰ হোৱাৰ বাবে হাতীৰ বল বেছি হ’লেও হাতীয়ে কিন্তু পৰুৱা এটাক গচকি মাৰিব নোৱাৰে| অথচ সৰু হ’লেও পৰুৱা এটাই হাতীৰ কাণত কামুৰি হাতীটোক বলিয়া কৰি দিব পাৰে| গতিকে নিজৰ বলশক্তিৰ সঠিক প্ৰয়োগ কৰিবলৈ শিকা| ইয়াত বলশক্তি মানে মই শাৰীৰিক শক্তিৰ কথা কোৱা নাই মানসিক শক্তিৰ কথাহে কৈছো সেইয়া নিশ্চয় বুজিছা| থাকিল ভালপোৱা আৰু সন্মানৰ কথা| য’ত সততা থাকে আৰু সন্মান থাকে তাত ভালপোৱা এনেও থাকে| কাৰোবাক ভালপাবলৈ সুৰুঙা বিচাৰি ফুৰিব নালাগে| শুভাকাংক্ষাই প্ৰৱেশ কৰিবলৈ পাছদুৱাৰ বিচাৰি নুফুৰে| সঁচা মৰমে স্বত:স্ফুৰ্তভাৱে হৃদয়ৰপৰা হৃদয়লৈ সাঁকো গঢ়ি লয়| এই কথাখিনি সকলো সম্পৰ্কৰ ক্ষেত্ৰতেই খাটে| নিজৰ ওপৰত বিশ্বাস ৰাখা, আনৰ প্ৰতি তোমাৰ আস্থা নিজে নিজেই বাঢ়িব| বিশ্বাস আৰু আস্থা প্ৰতিটো সম্পৰ্কৰ মূল ভেটি| আৰু এটা কথা, কাৰোবাক বেয়া পোৱাটো যেনেকৈ তোমাৰ একচেতিয়া অধিকাৰ বুলি ভাবা আনে তাত বাধা দিব নোৱাৰে, ঠিক তেনেকৈয়ে তোমাৰ শুভাকাংক্ষীসকলৰো তোমাক ভালপোৱাৰ অধিকাৰ আছে| তুমি বাধা দিব নোৱাৰা তেওঁলোকক| বয়স আৰু অভিজ্ঞতাৰ ফালৰপৰা মই ডাঙৰ তোমাতকৈ| তথাপি হেঁপাহেৰে বাট চাম তুমি বন্ধুত্বৰ হাত এখন আগবঢ়াই দিয়ালৈ| কিয় জানা, তোমাৰ দৰে ময়ো ভাবো এই পৃথিৱী মানুহৰ বাবে| মানুহ বাবেই মোৰ হিয়াতো অযুত ভাৱৰ জোৱাৰ উঠে| বহুত কিবাই কৈ পেলালো আবেগত উটি গৈ| ছিঙি নেপেলোৱাটো আত্মীয়তাৰ বান্ধোনদাল? চিনাকি মানুহ বহুত আছে তোমাৰ| আজি অচিনাকি কাৰোবাৰ ওপৰত ভৰষা কৰি চোৱাচোন| কিজানি তোমাৰপৰা মোলৈ এটা আলিবাট বান্ধিব পাৰোঁৱেই! প্ৰেম আৰু মমতাৰ! আশ্বাস আৰু আস্থাৰ! কথা দিছো দুয়োকাষে সিঁচি দিম সোণোৱালী হাঁহিৰ বাখৰুৱা ফুল| আচল কথাটো কি জানা? ডাৱৰে ৰ’দৰ কিৰণ ভেটিব নোৱাৰে| উত্তৰ পামনে? বাট চাম সেইদিনটোলৈ…..
অনামিকা
(অভিমানী বন্ধুলৈ যি প্ৰতি পলে পলে হৃদয়ৰ দাবী মানি চলে…..)

 
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক