'তোমালৈ এখনি চিঠি’ (– নবীন মুদৈ)

‘তোমালৈ এখনি চিঠি’

 

নবীন মুদৈ


 
মৰমৰ,
বাহিৰৰ বতাহজাকে চাকিটো নুমুওৱাব এতিয়া৷ৰ’বা শলিতাডাল বঢ়াই লওঁ৷ আজি বহুত দিনৰ পিছত এয়া কলম তুলি লৈছো তোমালৈ বুলি……….।
আজি মোৰ মন ভৰ দুপৰীয়া৷ ইমান দিনে আবেগ বিহ্বল মনটো কঢ়িয়াই লৈ ফুৰিছিলো নিঃসংগতাৰ মাজেৰে, নিঃসংগতাৰ মাজত মোৰ অন্তৰ নিজৰ দুখতে নিজেই মগন….এই নিঃসংগতা মোৰ যেন যৌৱনৰ উপহাৰ৷
যৌৱনৰ পুৱতি বেলা মোৰ জীৱনলৈ প্ৰেম আহিছিল(?) প্ৰেমিকাৰ(তোমাৰ)প্ৰেমভৰা হিয়া বিচাৰি৷ মোৰ আশা আৰু সপোনৰ মাজত বিচৰণ কৰিছিল….. কিন্তু মই(আশাহত) বুজি পালোঁ “প্ৰেম” মোৰ বাবে এক দূৰৰ সপোন মাথোন, কোনোবাই ভুলতে চুই যোৱা মোৰ বাবে বাটৰ কাষৰ বনৰীয়া ফুলৰ দৰে উপেক্ষিত আৰু অপ্ৰয়োজনীয়!
হয়তো, মোৰ বাবে ভালপোৱা এক বিষাদৰ সম্পদ। ই অজানিতে আহি সুখ সপোনৰ লহৰেৰে ভৰাই তোলে জীৱন। সপোনৰ ৰাণী আঁতৰি গ’লে ভালপোৱাই এৰি থৈ যায় ৰিক্ত নিঃস্ব হৃদয়৷ প্ৰেম কি যে এক অদ্ভূত অনুভূতি!
এতিয়া মই কেনেদৰে আছো জানা? কলিজাৰ একোণত একুৰা চিতাৰ জুই জ্বলাই তাকে নিতৌ অকলে ফুৱাইছো৷ক’ব পাৰা এয়া মোৰ জীৱনৰ প্ৰথম আৰু শেষ বিফলতাৰ প্ৰেম বুলি।  কিন্তু মই ভাবো এইয়াই যেন মোৰ বাবে বিধাতাৰ শ্ৰেষ্ঠতম দান! কাৰণ, মই অনুভৱ কৰিছো মানৱীয় অনুভূতিসমূহৰ ভিতৰত সবাতোকৈ শ্ৰেষ্ঠতম অনুভূতিটো৷এতিয়া,বিষাদ আৰু শূণ্যতাৰ মাজত মৰুভূমিৰ দৰে হাঁহাকাৰে ভৰা নিঃসংগ বুকুলৈ থকা মই স্বপ্নাতুৰ পথিক।
তুমিতো জানা, আত্মগোপনৰ ভাৱ সকলো আলসুৱা অন্তৰতে থাকে৷ঠিক মোৰ আলসুৱা মনেও বেদনা সহিব নোৱাৰাৰ বাবে এক বিস্মৃতিৰ সন্ধান বিচাৰিছো। মধুময় সপোনৰ দৰে পাৰ হৈ যোৱা যৌৱনৰ এচমকা মিঠা সময় এতিয়া বিষৰ  দৰে জ্বালাময়। সেয়েহে, দিঠকত যদিও মোৰ প্ৰিয়াৰ(তোমাৰ) লগত মিলন নহ’ল, তথাপিও প্ৰেম মোৰ সম্পদৰূপে হিয়াতে ৰৈ গ’ল………….।
আৰু কি লিখিম? বিশেষ একো নাই। মোৰে শপত, তুমি আহিলে মোক আগতীয়াকৈ জনাবা৷ মৰম ল’বা৷
ইতি……………
পুনঃ দেৱকান্ত বৰুৱাই লিখা এটা কবিতা মনত পৰিছে৷ কি লিখিছিল জানা-
“সেইদিন সেইপল
যদিও পুৰণি সখি
মোৰ হ’ল জীনৰ গান ভাষাহীন
কিদৰে মচি দিম
যৌৱনা তেজেৰে মোৰ
হৃদয় তলিত অঁকা
ভালপোৱা চিন৷”
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments