তোমালৈ মোৰ মনত পৰে… – কৰবী দত্ত

সন্ধিয়াৰ ছয়াময়া পোহৰ আঁতৰি আন্ধাৰ নামি অহাটো এতিয়াহে অনুভৱ কৰিলো। ইমান পৰে অকলে বাৰাণ্ডাখনত বহি আছিলো। পাহিয়ে ড্ৰয়িং ৰূমৰ লাইট এটা জ্বলাই দিলে হবলা! বাৰাণ্ডাখনো অলপ পোহৰ হ’ল। পৰ্দাখন গুচাই পাহিয়ে সমুখৰ মেজখনত চাহৰ ট্ৰেখন থ’লে। বিস্কুটৰ টেমাৰ ঢাকনিখন খুলি মোৰ ফালে আগবঢ়াই দি ক’লে – লোৱা। লগে লগে মোৰ মনত পৰিল – মায়াই এনেকৈ টেমাৰ পৰা বিস্কুট লৈ খালে বৰ বেয়া পাইছিল। পাহিয়ে আকৌ ক’লে- লোৱা দেউতা। আবেলি বিশেষ একো নবনালো। সোনকালে ভাতকেই খাই দিম দিয়া।
একো নোকোৱাকৈ বিস্কুট এখনেৰে চাহকাপ খালো। অলপপৰ বহি খালী কাপদুটা লৈ পাহি ভিতৰলৈ গ’ল।

এইকেইদিন পাহিৰ বৰ কষ্ট হৈছে। পি এইছ ডিৰ শেষ পৰ্যায়ৰ কামখিনি সময়মতে শেষ কৰিবৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে পাহিয়ে। এইসময়ত ঘৰখনৰ সমস্ত কাম-কাজ চম্ভালাটো বৰ সহজ নহয়। কিন্তু কৰিবলগাত পৰিছে তাই। মই বহু চেষ্টা কৰিও কোনো কামতে তাইক সহায় কৰিব পৰা নাই। পাকঘৰলৈ গ’লেও খেলিমেলি লাগে। কোনটো কাম আগতেই কৰিম, কোনটো পাছত; তাকে ভাবিয়েই বিমোৰত পৰো। পাহিয়ে মোক বুজি পায়। তাই কয়- তুমি নালাগেচোন, ময়েই ৰান্ধো। তুমি তাতকৈ বাতৰিটোকে চোৱাগৈ। কেতিয়াবা ৰাতিপুৱা ঘৰটো সাৰো বুলি ঝাড়ুডাল হাতত লৈ থিয় হৈ থাকো – কোনফালৰ পৰা আৰম্ভ কৰিম! ভাবিবলৈ লওঁতেই তাই দৌৰি আহে – তুমি থোৱাচোন! মই সাৰিম নহয়! মায়া আঁতৰি যোৱাৰে পৰা পাহিয়ে মোক আবৰি ৰাখিবলৈ চেষ্টা কৰিছে, কিন্তু মই নিজকে
চম্ভালিবই পৰা নাই। মই জানো, পাহিয়েও পৰা নাই। দুয়ো ইটোৱে সিটোক লুকুৱাই চকুপানী টুকিছো। দিনত আমি দুয়োৱেই স্বাভাৱিক হৈ থকাৰ অভিনয় কৰিছো, ৰাতি নিজৰ নিজৰ বিছনাত পৰাৰ লগে লগেই উটি-ভাঁহি গৈছো চকুপানীৰ সাগৰত।

অথচ মাত্ৰ কেইদিনমানৰ আগলৈকে কথাবোৰ তেনেকুৱা নাছিল। দুবছৰ আগলৈকে, মায়াৰ অসুখ নোহোৱালৈকে পাহি অনবৰতে পঢ়া-শুনা, গান-বাজনাক লৈ ব‍্যস্ত আছিল। মই অফিচৰ লগতে সামাজিক কামবোৰত। আৰু আমাৰ সৰু সংসাৰখন আটোমটোকাৰিকৈ ৰাখিবলৈ অহৰ্নিশে চেষ্টা কৰি আছিল মায়াই।

বিয়াৰ আগতে মায়াক মই মাথোঁ এদিনেই লগ পাইছিলো। মোমায়েকহঁতৰ চৰা ঘৰত তামোলৰ বঁটাখন লৈ মোৰ সমুখত লাজ লাজকৈ থিয় হৈ থকা ছোৱালীজনী দেখি মোৰো লাজেই লাগিছিল হবলা! এষাৰ কথাও মোৰ মুখৰ পৰা ওলোৱা নাছিল। মোৰ লগত যোৱা কন্দৰ্প ভিনদেৱেহে কিবা-কিবি দুই-এষাৰ কথা সুধিছিল। সৰুতে মাক-দেউতাকক হেৰুওৱা, মোমায়েকৰ ঘৰতে আটোলটোলকৈ ডাঙৰ-দীঘল হোৱা মায়াৰ চকুহালত কিবা যেন এক মায়া সনা আছিল! ঘৰলৈ আহি মাক কৈছিলো- ছোৱালী পছন্দ হৈছে। তাৰ ছমাহৰ ভিতৰতে আমাৰ বিয়াখন হৈ গৈছিল।

মায়াৰ চকুহালেই যে কেৱল মায়াসনা আছিল তেনে নহয়। মনটোও আছিল মায়াভৰা।
বিয়াৰ আগৰে পৰা শুনা শাহু-বোৱাৰীৰ নানা সঁচা-মিছা কাহিনীয়ে মোক শংকিত কৰিছিল কেতিয়াবা। নিচেই সৰুতে পিতা ঢুকোৱাৰ পাছত মায়ে আমাক বৰ কষ্টেৰে ডাঙৰ কৰিছিল। বিয়াৰ পিছত মা আৰু মায়াৰ সম্পৰ্কটো কেনেকুৱা হব তাক লৈ মোৰ মনত শংকা আছিল। কিন্তু এই ঘৰত ভৰি দিয়াৰ দিনৰে পৰা মা আৰু মায়াৰ মাজত গঢ় লৈ উঠা সম্পৰ্কটোৱে মোক নিশ্চিত কৰিছিল। মাৰ জীৱনৰ শেষৰ এঘাৰটা দিন হস্পিটালত থকা সময়ত মায়া অনবৰতে মাৰ লগত আছিল। মায়ে শেষৰ পানীঢোক মায়াৰ হাতেৰেই খাই, তাইৰ হাতখনত ধৰিয়েই শেষৰটো উশাহ লৈছিল। মা আঁতৰি যোৱাৰ পাছত এদিন ৰাতি টোপনিৰ পৰা সাৰ পাই মায়াই মালৈ মনত পেলাই হুকহুকাই কান্দিছিল।

বৰ কোমল মনৰ আছিল মায়া। ওচৰ-চুবুৰীয়া, আত্মীয়-কুটুম সকলোৰে বৰ মৰমৰ আছিল। ভনীকেইজনীয়ে আপোন বায়েকৰ দৰেই ভাল পাইছিল, ভাগিনকেইটাই মনৰ কথা মামীয়েকৰ আগত খুলি কব পাৰিছিল। আমাৰ গাঁৱৰ ঘৰৰ পৰা সম্পৰ্কীয় কোনোবা আহিব লগা থাকিলে সদায় খবৰটো মইহে মায়াৰ পৰা পাইছিলো। অনবৰতে আলহীৰে ভৰি থকা আমাৰ ঘৰখনত মায়াই অসুবিধা পাইছে নেকি আঁৰ চকুৰে লক্ষ্য কৰি আলহীৰ লগত কথাত মচগুল হৈ হাঁহি-ধেমালি কৰি থকা মায়াৰ মুখত লাগি থকা সুখী সুখী ভাবটো দেখি মই আশ্বস্ত হৈছিলো।

সৰু সৰু কথাতে সুখী হৈছিল মায়া। নতুনকৈ ৰোৱা গছ এজোপাৰ কুঁহিপাতবোৰ, সুগন্ধি ফুল একোপাহ, অচিন চৰাই একোটাৰ মাত, টিনপাতত পৰা বৰষুণজাকৰ শব্দ- মায়াক সুখী কৰিবলৈ এইবোৰেই আছিল যথেষ্ট। পাহিৰ জন্মৰ পাছত ডাক্তৰে মোক জনাইছিল- মায়া আৰু মাক হব নোৱাৰিব। মই কথাখিনি মায়াক কোৱাৰ আগতে বহু সময় ধৰি চিন্তা কৰিছিলো। মোৰ ভয় হৈছিল- মায়াই কিজানি মনত দুখ পাব। কিন্তু দুখী হোৱাৰ অৱকাশ তেতিয়া তেওঁৰ নাছিল। পাহিক লৈ বৰ সুখী আছিল মায়া।
মায়াৰ পৰাই ময়ো শিকিছিলো সৰু সৰু কথাতে সুখী হবলৈ। পাহিয়ে প্ৰথমটো খোজ পেলোৱাৰ দিনা, তাই পাঁচটা লেটাৰ লৈ মেট্ৰিক পাছ কৰাৰ দিনা, পদাৰ্থ বিজ্ঞানত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লৈ এম এছ ছি পাছ কৰাৰ দিনা ভাব হৈছিল- ময়েই পৃথিৱীৰ সবাতোকৈ সুখী মানুহজন। মায়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠা আমাৰ আটোমটোকাৰি ঘৰখন, আগফালৰ ফুলনিখন, পাছফালৰ শাকনিডৰা- সকলোবোৰতেই যেন লুকাই আছিল সুখ আৰু আনন্দৰ অফুৰন্ত ভাণ্ডাৰ।

সেই সুখৰ যৱনিকা পৰিল পাহিৰ এম এছ ছি পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ এমাহমানৰ পাছতেই। ৰাতি শুবলৈ লৈ মায়াই “মোৰ কাষলতিৰ তলত এইটো টেমুনা নতুনকৈ হৈছে চোৱাচোন” বুলি তেনেই সাধাৰণকৈ কোৱা কথাষাৰ মই সাধাৰণভাৱে লব নোৱাৰিলো।

যুঁজখন আৰম্ভ হ’ল তাৰ পাছৰ সপ্তাহৰ পৰাই। মুম্বাইলৈ অহা-যোৱা কৰাৰ সময়ত, অপাৰেচনৰ সময়ত, মায়াৰ প্ৰতিটো কেমোথেৰাপীৰ সময়ত, ৰেডিআ’থেৰাপীৰ প্ৰতিটো দিনত মই বিধ্বঃস্ত হৈ পৰিলো। মায়াইহে প্ৰতিবাৰে মোক সাহস যোগাই থাকিল।

এই তয়াময়া যুঁজখন প্ৰায় এবছৰ চলাৰ পাছত নানা পৰীক্ষা-নিৰীক্ষা কৰি ডাক্টৰে এদিন জনালে- মায়াৰ শৰীৰৰ পৰা কেন্সাৰ আঁতৰি গৈছে। তেতিয়ালৈকে কেম’থেৰাপীৰ প্ৰতিক্ৰিয়াত মায়াৰ দীঘল, ঘন চুলিকোচা সম্পূৰ্ণকৈ সৰি গৈছে, ছালবোৰ সোঁতোৰা-সোঁতোৰ, সুন্দৰ চেহেৰাৰ মানুহজনীৰ হাড়ৰ মাজতহে কোনোমতেহে জীৱটো আছে। তথাপি ভগৱানক সেইদিনা অশেষ ধন্যবাদ জনাইছিলো মায়াক ওভোটাই দিয়া বাবে। সন্ধিয়ালৈ মুম্বাইৰ হস্পিটালখনৰ ওচৰতে থকা সাগৰৰ পাৰত বহিছিলোগৈ দুয়ো। মোৰ মনটো সেইদিনা বৰ মুকলি লাগিছিল। এসময়ত মোৰ হাতখন হাতৰ মুঠিত লৈ মায়াই কৈছিল – মই আজি ভাল, কাইলৈ হয়তো আকৌ অসুখটোৱে মোক আমনি কৰিব। হয়তো মই আকৌ যুঁজিব লাগিব। যুঁজখনত মই সদায় নিজিকিবও পাৰো। হাৰিলেই মই তোমাৰ পৰা দূৰলৈ যাব লাগিব। কিন্তু মই দূৰলৈহে যাম, একেবাৰে আঁতৰি নাযাও।” আৰু একো কবলৈ দিয়া নাছিলো মায়াক, হাতেৰে তেওঁৰ মুখখনত সোপা মাৰি ধৰিছিলো।

মায়াই কোৱাৰ দৰেই হ’ল। মাত্ৰ ডেৰ বছৰৰ ভিতৰতে মায়াই আকৌ যুঁজ দিব লগা হ’ল। এইবাৰ মায়া হাৰিল। আজিৰ পৰা ডেৰ মাহ আগতে মায়া চিৰদিনৰ বাবে আঁতৰি গ’ল।

তাৰ পাছৰে পৰা পাহি আৰু মোৰ জীৱনো সলনি হ’ল। মায়াহীন পৃথিৱীখন আমাৰ বাবে অসহনীয় হৈ পৰিল। অথচ ইজনে-সিজনক সেই অসহনীয় বেথাৰ বুজ নিদিয়াকৈ অভিনয় কৰি থাকিব লগা হ’ল!

চকুহাল সেমেকি উঠিল। বাওঁহাতখনেৰে সোঁহাতৰ অনামিকা আঙুলিটো চুই চালো। সোঁহাতৰ এই আঙুলিটোৰেই মই শেষবাৰৰ বাবে মায়াৰ কপালত আঁকি দিছিলো ৰঙা সেন্দূৰৰ ফোটটো। চোতালতে শুৱাই থোৱা মায়াৰ চেঁচা কপালখন চুই ফোঁটটো দিওঁতে মই চকুলো ৰখাব পৰা নাছিলো, বৰ কষ্ট হৈছিল মায়াৰ মুখখনৰ ফালে চাই। আজি এতিয়াও হাতখন, আঙুলিটো চুই মায়াৰ সেই শীতল স্পৰ্শ যেন অনুভৱ কৰিলো। লগে লগে বুকুখনে হাঁহাকাৰ কৰি যেন কৈ উঠিল-মায়া নাই, মায়া নাই…

সেমেকা দুচকুৰে দূৰণিৰ আকাশখনলৈ চাই পঠিয়ালো। দূৰৰ আকাশৰ তৰাবোৰৰ মাজৰ এটা তৰা হৈ আছেগৈ নেকি মোৰ মায়া? জোনটো ওলাইছে, তৰাবোৰ ভালকৈ নমনি। চকীখনৰ পৰা উঠি এখোজ দুখোজকৈ গৈ চোতালত ভৰি দিলো। পদূলিৰ কাষতে মায়াই ৰোৱা শেৱালিজোপা ফুলিছে। দীঘলকৈ উশাহ এটা ল’লো। বুকুখন ভৰি পৰিল মোৰ। আৰু ঠিক সেই সময়তে অতি কাকতালীয়ভাৱে কাষৰ এঘৰৰ পৰা বাজি আহিল গানটো – তোমালৈ মোৰ মনত পৰে, যেতিয়া বকুল-শেৱালি সৰে, দূবৰি দলিছা উপচি পৰে….সঁচাকৈয়ে, মায়ালৈ বৰকৈ মনত পৰিছে আজি…

হঠাতে মুম্বাইৰ সেই আবেলিটোলৈ মনত পৰি গ’ল। মায়াই যে কৈছিল -মই দূৰলৈহে যাম, একেবাৰে নোহোৱা হৈ নাযাও…।

হয়তো, কিদৰে নোহোৱা হৈ যাব মায়া? সৌ শেৱালি জোপাত, গেটত বগাই থকা মাধৱীলতা জোপাত, বাৰাণ্ডা চকীকেইখনৰ কুচন কভাৰ কেইটাত, ড্ৰয়িং ৰূমৰ দেৱালৰ পেইণ্টিংখনত, গোঁসাই থাপনাৰ পুথিখনত, পাহিৰ গভীৰ চকুহালত…আৰু মোৰ মনৰ ভিতৰত! সকলোতেইতো আছে মায়া! বুকুখন এক অদ্ভুত প্ৰশান্তিত ভৰি পৰিল মোৰ। এই অলপ আগৰ মায়াবিহীন পৃথিৱীখন সুন্দৰ, মায়াময় হৈ মোৰ চকুত ধৰা দিলে।

দূৰৈত বাজি থকা গানটো গুণগুণাই ঘৰৰ ভিতৰলৈ সোমাই গ’লো। ডাইনিং টেবুলত বহি পঢ়ি থকা পাহিৰ ফালে চাই হাঁহি মাৰি ক’লো – তই পঢ়। আজি ভাত মই ৰান্ধিম- লগত ৰহৰ দাইল আৰু আলু ভাজি।

লিখি থকাৰ পৰা মূৰ দাঙি অবাক হৈ পাহিয়ে মোৰ ফালে চালে। তাই জানে – মায়াই ৰহৰ দাইল আৰু আলু ভাজি বৰ ভাল পায়।

(লেখিকাৰ টোকা: মৰণেই শেষ জানো জীৱনৰ?
সদ‍্যপ্ৰয়াত প্ৰিয় নাৰী এগৰাকীৰ স্মৃতিত এই গল্পটো উৎসৰ্গা কৰিলো। )

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
hanifa
9 months ago

karabi
very nice short story u have written
congratulation
Hanifa