“তোমালোকৰ ঘৰলৈ বিহু খাবলৈ গৈছিলোঁ” (ঈশানজ্যোতি বৰা)

(ক)
‘তোমালৈ বুলি সজাই থোৱা ডাঙৰ প্লেটখনত তিনিখন পুৰি থাকিব৷ প্লেটৰ ওপৰৰ সৰু বাতিটোত কাবুলি বুট আৰু মটৰৰ ঘুগুনী থাকিব৷ তাৰে কাষৰ সৰু বাতিটোত চিৰা-দৈ,মিঠৈ আৰু ডাঙৰ ৰসগোল্লা এটা থাকিব৷ তাৰে কাষৰ মিডিয়াম চাইজৰ প্লেটত লাৰু,পিঠা,মিঠাই,কেক,বিস্কুট,চানা থাকিব৷’
‘শুনিয়েই মোৰ জিভাৰ পানী পৰিছে দেখোন৷’-প্ৰেমলতাৰ মুখত খাদ্যৰ তালিকাখন শুনি সঁচাকৈয়ে মোৰ জিভাৰপৰা পানী অকণমান সৰি সোঁভৰিৰ বুঢ়া আঙুলিত পৰিলগৈ৷ এটোপ-দুটোপ ডাৱৰৰ পানী পৰি সাগৰ ভৰি যোৱাৰ দৰে এটোপ-দুটোপকৈ মোৰ জিভাৰপৰা পানী পৰি মোৰ ভৰিৰ তলৰ মজিয়াখনত এটা সৰু পুখুৰীৰ সৃষ্টি কৰিলে৷
‘প্লিজ, ইমান এক্‌চাইটেদ্ নহ’বা৷ মোৰ বেষ্ট ফ্ৰেণ্ড আহিব আজি৷ তাই তোমাক আজি অ’ৱচাৰ্ভ কৰিব৷ মানে,কেনেকৈ কথা পাতা,কেনেকৈ খোৱা,তোমাৰ ব’ডি লেংগুৱেজ কেনেকুৱা, এইবোৰ আৰু৷ চোৱাৰ পাছত তাই তোমাক দহৰ ভিতৰত নম্বৰ দিব৷ যদি তাই কেনেবাকৈ গম পাই তুমি মানুহৰ ৰূপ ধৰি থকা এটা বকাসুৰ, তেতিয়াতো শেষেই৷ মোৰ মান-সন্মান সকলোতো যাবই লগতে তুমিও দহৰ ভিতৰত জিৰ’ পাবা৷’
বকাসুৰৰ দৰে দিনে-ৰাতিয়ে খাদ্যগ্ৰহণ কৰিব পৰা মোৰ বিশেষ প্ৰতিভাটোক উচিত স্বীকৃতি দি প্ৰেমলতাই মোৰ নাম ৰাখিছে-বকাসুৰ৷ এৰা,নাম চাইহে কাম৷
‘তেন্তে আপোনাৰ সন্মান ৰক্ষাৰ স্বাৰ্থত এই বকাসুৰে কি কৰা উচিত?’- মোৰ জানিবলৈ মন গ’ল৷
‘প্ৰথমতে তুমি এই জোখতকৈ বেছি অসমীয়া ফৰফৰাবলৈ বাদ দিব লাগিব৷’
‘সেইটো অসম্ভৱ৷ তুমিতো জানাই অসমীয়া ভাষাৰ প্ৰতি মোৰ কিমান দুৰ্বলতা!’- অলপ দুখেৰেই ক’লো৷
‘হয় নেকি!তেন্তে,তুমি ডিচাইড কৰা- তোমাক কি লাগে?’ অসমীয়া ভাষাক লাগে নে মোক লাগে? কাক বিয়া পাতিবা? অসমীয়া ভাষাক নে মোক?’
‘ধেইৎ! কি যে কোৱা! ভাষা হ’বলা বিয়া পাতিব পৰা বস্তু?’
‘তেন্তে মই যি কওঁ, দুয়োখন কাণ পাতি শুনি যোৱা৷”
‘ঠিক আছে মেডাম৷’- মই কাণদুখন থিয় কৰিলোঁ৷
‘ডায়ৰেক্ট আহি টেবলুত বহি নাযাবাহি৷ প্ৰথমে বেচিনত হাতখন ডেটলৰে দুই-তিনিবাৰ ধুই হাতৰ তলুৱা বগা গাখীৰৰ দৰে বগা কৰি ল’বা৷ তাৰপিছত টাৱেলখনেৰে হাতখন মচি লাহে-লাহে চকীত আহি বহিবাহি৷ বান্দৰৰ দৰে জপিয়াই চকীত পৰি নাযাবাগৈ৷’
‘তোমালোকৰ সেইফালে ক’লা গাখীৰো পাই নেকি?’
‘কিয় সুধিলা?’
‘নহয় মানে তুমি যে ক’লা হাতখন ধুই ‘বগা গাখীৰ’ৰ দৰে বগা কৰি ল’বা ৷মই জনামতে গাখীৰৰ ৰং গোটেই পৃথিৱীতে এটাই৷ বগা৷’
‘ইনচাল্ট নকৰিবা৷ নহ’লে মই ফোন থৈ দিম এতিয়াই৷’
‘ঠিক আছে৷ কোৱা৷’
‘প্ৰথমতেই প্লেটকেইখনলৈ চাই তুমি ‘ইমানবোৰ বস্তু মই কেনেকৈ খাম খুৰী’ বুলি ডায়লগ এটা এৰিবা৷ মায়ে ‘ একো নহয় ডেকা ল’ৰা৷ পাৰিবা’ বুলি ক’ব৷ তুমি তেতিয়া আৰু একো কোৱাৰ দৰকাৰ নাই৷ মনে মনে খাবলৈ বহিবা৷ কিন্তু,পুৰি মাত্ৰ এখনহে ল’বা৷ মায়ে বহুত জোৰ কৰিব৷ তুমি ‘প্লিজ খুৰী নালাগে’ বুলি ক’বা৷’
‘প্লিজৰ ঠাইত ‘অনুগ্ৰহ’ শব্দটো ব্যৱহাৰ কৰিলে কেনে হয়?’
‘একেবাৰেই ফটুৱা হ’ব৷ তাৰপিছত শুনা৷ তুমি ঘুগুণী দুই-তিনি চামুচ খাবা৷’
‘এই গৰমৰ দিনত, ৰাস্তাৰ ধূলি-মাকতি খাই, ত্ৰিশহাজাৰ মিটাৰৰ দীঘলীয়া যাত্ৰা কৰি মাত্ৰ এখন লুচি আৰু দুই-তিনি চামুচ ঘুগুণী ? তুমিতো জানাই মই পাঁচখনৰ কম লুচি কেতিয়াও পেটলৈ নিনিওঁ৷ আৰু ঘুগুণী খাই মই কিমান যে ভাল পাওঁ!!’
‘তেন্তে তুমি ডিচাইড কৰা৷ কাক বিয়া পাতিবা৷ ফুলি থকা পুৰিকেইখনক নে মোক?’
‘ধেইৎৎ!! পুৰিক হ’বলা বিয়া পাতিব পাৰি!’
‘ডেটছ লাইক এ গুড বয়!’
‘চিৰা-দৈ কিন্তু মই খামেই৷ চিৰা-দৈ নাখালে বিহু খোৱা যেনেই নালাগে৷’
‘খাবা৷ কিন্তু মায়ে ন-দহবাৰমান জোৰ কৰাৰ পাছতহে খাবা৷ কিন্তু জাষ্ট্ অকণমান খাবা৷ খোৱাৰ লোভত হাতখন বাতিটোত ভৰাই নিদিবা৷ বাতিত চামুচ এখন থাকিব৷ সেইখন ব্যৱহাৰ কৰিবা৷ আৰু পটককৈ খাম বুলি কৈ নিদিবা৷ বহুত জোৰ কৰিলেহে খাবা৷’
‘আৰু মিঠাই,লাৰু,পিঠা,কেক আদিবোৰ?’
‘লাৰু এটা খাবা৷ বাকীবোৰ নাখাবা৷ কিন্তু কণ্ডিছন সেই এটাই৷ ন-দহবাৰমান জোৰ কৰাৰ পাছতহে মুখলৈ নিবা৷ নহ’লে পুৰি আৰু ঘুগুণীকণ খাইয়েই ‘মোৰ খাই হৈ গ’ল’ বুলি চকীৰ পৰা উঠি আহিবা৷’
‘আৰু চাহ?’
‘মায়ে চাহ বেছিকৈ খোৱা ল’ৰা একেবাৰেই দেখিব নোৱাৰে৷ তুমি ক’বা যে-‘মই চাহ নাখাওৱেই৷ কেতিয়াবা বছৰেকত এবাৰ৷’
‘ইমান গোকাট মিছা কথা মই ক’ব নোৱাৰো৷’
‘প্লিজ সোণটো! আমাৰ ভৱিষ্যতৰ কথা আছে অ’ জান৷ মোৰ বাবে তুমি এইকণো কৰিব নোৱাৰেনে?’
‘ঠিক আছে বাৰু৷ একমাত্ৰ আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই মই সকলো ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলৈ সাজু হৈছোঁ৷ পাছত কিন্তু লাট্ মাৰি নিদিবা৷’
‘বঢ়িয়া!! লাভ ইউ বেবি৷ লাষ্ট এটা কথা কওঁ?’
‘আৰু কি ক’বলৈ বাকী থাকিল?’
‘বেছিকৈ অসমীয়া নক’বা প্লিজ প্লিজ৷ নহ’লে ফ্ৰেণ্ডজনীয়ে গাঁৱলীয়া ভূত বুলি হাঁহিব৷ আৰু মোৰ একো সন্মান-চন্মান নাথাকিব৷’
‘হ’ব আৰু দিয়া ৷ তোমাৰ সুখেই মোৰ সুখ৷’- এটা দীঘল হুমনিয়াহ কাঢ়ি ফোনটো ৰাখিলো৷ আৰু প্ৰেমলতাৰ ঘৰলৈ যাবলৈ সাজু হ’লো৷
(খ)
প্ৰায় বিশ ছেন্টিমিটাৰ ব্যাসাৰ্ধৰ ৰঙাবৰণৰ এখন ঘূৰণীয়া প্লেট, প্লেটৰ ওপৰতে এটা সৰু বাতি৷ প্লেটত তিনিখন ফুলি থকা পুৰি৷ পুৰিকেইখনৰ পৰা ধোঁৱা ওলায়েই আছে৷ সিপিনে বাতিত মটৰ আৰু কাবুলি বুটৰ ঘুগুনী৷ ঘুগুণীৰ মন মতলীয়া কৰা গোন্ধ আহি নাকত লাগিছেহি৷ প্ৰেমলতাই শিকাই থোৱা মতে প্ৰথমে হাত-মুখ ধুলো৷ তাৰপিছত বুঢ়ামানুহৰ দৰে খোজ কাঢ়ি চকীত বহিলোহি৷ মই বহো মানে মোৰ বন্ধুৱে এখন পুৰী উদৰস্থ কৰিছিলেই৷
‘ইমানবোৰ বস্তু কেনেকৈ খাম খুৰী?’- প্ৰেমলতাৰ মাকৰ সন্মুখত মোৰ এইয়া প্ৰথমটো মিছা কথা৷
‘ধেইইই! পাৰিবা৷ ইমান ডেকা ল’ৰা হৈ যদি এইখিনি খাব নোৱাৰা কিহৰ ডেকা ল’ৰাহে!’- খুৰীয়ে মোৰ কোনো কথাই শুনিব নুখুজিলে৷ সিপিনে,মোৰ সন্মুখতে বহি সুদূৰ ধুবুৰীৰ পৰা অহা প্ৰেমলতাৰ ‘বেষ্ট ফ্ৰেণ্ড’ তথা ‘অৱচাৰ্ভাৰ’ গৰাকীয়ে মোৰ ভাৱ-ভঙ্গী ট-ট কৈ নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰি আছে৷ হাতত এটুকুৰা কাগজ৷ তাতেই মোৰ সকলো হিচাপ তেওঁ লিপিবদ্ধ কৰিগৈছে৷ হঠাৎ কিবা হেৰ-ফেৰ হ’লেই আজি মোৰ খেল ছেছ্! প্ৰেমলতাৰ মান-সন্মান ছেছ!! গতিকে,চাই-চিতি খোজ পেলোৱাৰ বাহিৰে মোৰ গত্যন্তৰ নাই৷
‘ঈশান,আৰু এখন লুচিখোৱা৷ তুমি দেখোন এখন খায়েই হাত দাঙি দিলা৷’-কিছুসময়ৰ পাছত প্ৰেমলতাৰ মাক পাকঘৰৰ পৰা ওলাই আহি মোৰ প্লেটখনলৈ চাই দুখেৰে ক’লে৷ তেওঁৰ হাতত আৰু এখন প্লেট৷ তাত লাৰু,পিঠাবোৰ ধুনীয়াকৈ সজোৱা আছে৷
‘নাই,নাই খুৰী৷নালাগে৷ মোৰ বাবে দুখনেই যথে…মানে দুখনেই ‘এনাফ’৷’-‘যথেষ্ট’ বুলি ক’বলৈ বিচাৰিছিলোৱেই৷ তেনেতে কোনোবাই মোৰ ভৰিত গচক এটা মাৰি দিলে৷ লগে লগে মুখৰ পৰা ‘এনাফ’ ওলাই আহিল৷ প্ৰত্যাশিতভাৱেই মোৰ বন্ধুৱে কালো কৈ কেৰেপ নকৰি দ্বিতীয় বকাসুৰৰ ৰূপ ধাৰণ কৰিছে৷ ছখন পুৰি আৰু দুই বাতি ঘুগুনী ইতিমধ্যেই তাৰ পেটত৷ পৰৱৰ্তী লক্ষ্য তাৰ চিৰা-দৈৰ বাতিটো৷
‘দৈকণ টেঙা নেকি বাৰু?’- খুৰীয়ে মোৰ বন্ধুক সুধিলে৷
‘নহয়, নহয়৷ বিৰাট ধুনীয়া দৈ৷ দৈত চেনি আপুনি নিদিয়াহেঁতেনো হয়৷ ইমান যে মিঠা!!’ বন্ধুৱে মূৰ নদঙাকৈয়ে কৈ গ’ল৷ সি আকৌ মানুহক তেল মৰাত ভাল৷ তাৰ মুখৰ মিঠা কথাষাৰে খুৰীৰ মুখখনত এমোকোৰা হাঁহি ছটিয়াই দিলে৷
‘তুমি দেখোন লাৰু,পিঠা খোৱায়েই নাই!’- খুৰীয়ে মোলৈ চাই ক’লে৷
‘লাৰু এটা খাম৷ বাকীখিনি লৈ যাওক খুৰী৷’- বেদনাভৰা কণ্ঠেৰে ক’লো৷
“চাহ কৰিছোঁ ৰ’বা ঈশান৷”
‘নালাগে খুৰী৷ মই চাহ খাই সিমান এটা ভাল নাপাওঁ৷ বছৰেকত এবাৰ বা দুবাৰহে খাওঁ৷’
‘অ’ হয় নেকি! লাল চাহো নোখোৱা নেকি?’- খুৰীৰ চকুত আশ্চৰ্যৰ চিন৷
‘নাই খুৰী নালাগে৷ লাল চাহ বেছিকৈ খালে মানুহ খিংখিঙীয়া হয়৷’
‘ৱাহ! তুমি দেখিছো বহুত কথাই জানা৷’
‘মই আগতে এইবোৰ নাজানিছিলোয়েই৷ আপোনালোকৰ ‘এই’হে মোক এইবিলাক শিকাই থাকে৷ যি শিকিছোঁ, এইৰ পৰাই শিকিছোঁ৷ কিমান যে কথা জানে ‘এই’!’
‘যিবোৰ মিছা কথা ক’লে প্ৰেমিকা আনন্দিত আৰু সুখী হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে, লগতে সম্পৰ্কটোও টনকিয়াল হয়; তেনেধৰণৰ মিছা কথা দিনটোত হাজাৰটা ক’লেও কোনো অপৰাধ নহয়৷ ঈশ্বৰেও দায়-দোষ নধৰে৷’ কথাষাৰ এজন মহান পুৰুষে কৈছিল৷ সেইজন বীৰপুৰুষক স্মৰণ কৰি যোৱা দুঘণ্টাত মোৰ ‘মিছা কথা’ৰ গাড়ীখন প্ৰেমলতাৰ ঘৰৰ ভিতৰত তীব্ৰ বেগেৰে চলাই আছোঁ৷ এতিয়ালৈকে দুৰ্ঘটনাত পতিত হোৱা নাই৷
‘বাৰু হ’ব দিয়া৷ তুমি অলপ বেছিকৈয়ে কৈছা৷ আকৌ পিছে কেতিয়া আহিবা?’-আমি খাই-বৈ ইতিমধ্যে চকীৰ পৰা উঠিছো৷
‘আহিম দিয়ক কেতিয়াবা৷ আমাৰ ছুটী ইমানকৈ নিদিয়েই নহয়! পৰহিলৈ যামগৈ৷’- খুৰীক বুজাই দিলো৷
কথা পাতি পাতি আমি আহি আগফালৰ কোঠালিটো পালোহি৷ তেনেতে মনত পৰিল, বিদায় লোৱাৰ পূৰ্বে মাকক সেৱা এটা কৰিলে ভাল হ’ব৷ কিজানি, নম্বৰ কেইটামানো বেছিকৈ পাই যাওঁ৷ এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ উদ্দেশ্যে খুৰীৰ ভৰিহাল স্পৰ্শ কৰিলোঁ৷
‘হ’ব,হ’ব উঠা৷ সেৱা কৰিব নালাগে৷ ভালকৈ থাকিবা দেই৷ অৰুণাচলত মাজতে ঢেৰ হৈ-হাল্লা হৈছিল বুলি টিভিত দেখিছিলো৷’- মোক উঠাই দি খুৰীয়ে বিৰাট আন্তৰিকতাৰে কথাষাৰ ক’লে৷ মনটো ভাল লাগিল৷ যি কি নহওক, মোৰ বাবে ইমানখিনি যে চিন্তা কৰিছে!
‘হয় খুৰী৷ ভালকৈ থাকিম৷ এতিয়া যাওঁহে আৰু৷’- হাঁহি এটা মাৰি খুৰীক ক’লো৷
প্ৰেমলতা, প্ৰেমলতাৰ মাক, প্ৰেমলতাৰ বেষ্ট ফ্ৰেণ্ডক বিদায় সম্ভাষণ জনালো৷ সিপিনে মোৰ বন্ধুৱে বাইক ষ্টাৰ্ট দিছেই৷ মোৰো পেটত কিবা এটাই তেনেতে ষ্টাৰ্ট্ দিয়া যেন অনুভৱ হ’ল৷ ‘জানিছো,তোৰ ভোক লাগিছে৷ কিবা এটা খুৱাব লাগিব ৰহ!’- পেটটোক মনে মনে কৈ থ’লো৷
(গ)
প্ৰেমলতাৰ ঘৰৰ পৰা ওলাই আহি অলপ আঁতৰতে থকা হোটেলখনত সোমালো৷ বন্ধুক মই বাইক ৰখাবলৈ ক’বলগীয়া নহ’ল৷ মোৰ পেটটোৰ বেদনা সি ধৰিব পাৰিছে৷
‘ভাইটি, এক প্লেট চাওমিন দিবাচোন৷ পটাপট দিবা দেই৷’- হোটেলৰ চকী এখনত বহি থকা সৰু ল’ৰাটোক উদ্দেশ্যি ক’লো৷ হোটেলত আন মানুহ নেদেখিলো৷
‘ভাইটি৷ দুই প্লেট আনিবা৷ মইয়ো খাম৷’- মোৰ পিছে পিছে আহি থকা বন্ধুৱে তেনেতে মাত লগালে৷
‘হেৰৌ ৰাক্ষস! তোৰ এইটো পেট নে কুঁৱা’?- অলপ খঙেৰেই সুধিলো বন্ধুক৷
‘যি বুলিয়েই ভাব৷’- সি মোৰ সন্মুখৰ চকীখনত আৰামেৰে বহি ল’লে৷ মুখত চিৰপৰিচিত হাঁহিটো৷
‘চিকেন নে পনীৰ নে এগ নে ভেজ?’- তেনেতে ল’ৰাটোৱে আমালৈ চাই সুধিলে৷
‘চিকেন-অকে দিয়া৷’
‘ব্ৰইলাৰ চিকেন নে লোকেল চিকেন?’
‘যি আছে তাকে দিয়া হে৷ তামাম ভোক লাগিছে৷ সোনকালে দিয়া৷’
‘দহ মিনিট ৰ’ব দাদা৷’
সোনকালে খাদ্য যোগান ধৰাৰ আশ্বাস প্ৰদান কৰি ল’ৰাটো হোটেলৰ সিটো কোঠালিৰ পাকঘৰটোত সোমাল৷ মই আৰু মোৰ বন্ধুয়ে এখন টেবুল অধিকাৰ কৰিলোঁ৷
‘মানুহে মানুহৰ বাবে…..’
তেনেতে মোৰ ৰিং ট’নটো বাজি উঠিল৷ ‘লতা কলিং……’
‘আই লাভ ইউ চ’ মাচ্ছ৷ তুমি দহৰ ভিতৰত নাইন পইন্ট ফাইভ পাইছা৷ যদি তুমি সেইখন পুৰিও নাখালাহেঁতেন, তেন্তে ফুল মার্কছেই পালাহেঁতেন৷ মাক সেৱা কৰাৰ আইডিয়াটো তোমাৰ কিন্তু তামাম আছিল দেই৷ ইউ ৰিয়েলি ৰকড্!!!’- ফোনৰ সিফালে লতাৰ চিঞৰ৷ মানে প্ৰেমলতাৰ চিঞৰ৷
‘কি ৰক্ ? একো খাবলৈকে নিদিলা তুমি! পেটত মোৰ নিগনি-মেকুৰী দৌৰিছে এতিয়া!’
‘হ’ব দিয়া৷ এদিনৰ বাবে যেনে-তেনে এদজাষ্ট কৰা আৰু৷’
‘জীৱনটো এনেকৈ এদজাষ্টয়েই কৰি থাকিম নেকি?’
‘বাদ দিয়া আৰু৷ কোনখিনি পালাগৈ?  তেলিয়াগাঁও পাৰ হ’লা নে?’
‘চিকেন চাউমিন খাবলৈ তোমালোকৰ ওচৰৰ হোটেলখনত সোমাইছো৷’
‘কি?????????? তুমি পাগল হ’লা নেকি! কালি গেছট্ৰিকত চিঞৰি আছিলা দেখোন৷ সাতবাৰ লেট্ৰিনলৈ গৈছিলা৷ পাহৰিলা? আৰু এতিয়া চাওমিন খাবলৈ আহিছা? নামাতিবা মোক তুমি৷ আই হেট ইউ!!ৰিয়েলি,আই হেট ইউ!!’
মোৰ সঁহাৰিলৈ বাট নাচাই সিফালে ফোন কাটিলেই৷
‘অ’ ভাইটি,চিকেন চাওমিন একপ্লেট হ’লেই হ’ব৷ মই নাখাওঁ৷’
‘আপুনি কি খাব?’- পাকঘৰৰ পৰ্দাৰ ফাঁকেৰে ভাইটিয়ে মোলৈ জুমি চালে৷
‘ঠাণ্ডা পানী আছে?’
‘আছে৷’
‘লৈ আহাচোন৷’
‘এইয়া৷’- পানীভৰ্তি ৰঙা ৰঙৰ ঝাৰ এটা ল’ৰাটোৱে আনি মোৰ সন্মুখতে থ’লে৷
‘পানীখিনি মোৰ মূৰত ঢালি দেচোন৷ মাঠাটো একেবাৰে গৰম হৈ গৈছে অ’৷’ মোৰ মূৰটো ল’ৰাটোৰ ফালে আগুৱাই দিলোঁ৷ সি এবাৰ মোলৈ চালে৷ এবাৰ বন্ধুলৈ চালে৷
‘ঢালি দে আকৌ৷ কি চাই আছ? দাদাৰ মাঠা ফাটি যাব এতিয়া৷’- বন্ধুৱে তাক মৃদু ধমক এটা দি পানীৰ ঝাৰটো তাৰ হাতত তুলি দিলে৷
ধমক শুনি ভাইটি আৰু ৰৈ নাথাকিল৷ গোটেই ঝাৰৰ পানীখিনি মোৰ মূৰত ঢালি দিলে৷
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক