মনোহৰ দত্তৰ চিঠি

প্ৰতি,
মিতালী বৰ্মন,
নতুন দিল্লী
মৰমৰ মিতালী,
মৰম ল’বা।
তোমালৈ বুলি এয়া মোৰ প্ৰথম চিঠি। তুমি হয়তো আচৰিত হ’বা এনেকৈ এখন চিঠি তোমালৈ লিখা কাৰণে। তথাপি মন গ’ল বাবে লিখিলোঁ। যদি চিঠিখনে তোমাক অলপ হ’লেও ভবাই তেন্তে উত্তৰ দিবা। অন্যথা চিঠিখন আঁতৰাই থ’বা।
আমি কেতিয়াও ইজনে সিজনক লগ পোৱা নাই। ফেচবুকৰ এটি গোটৰ জৰিয়তেহে আমাৰ চিনাকি। আৰু সেই চিনাকিৰে আমি বহু কথা পাতিলোঁ। ভাবিলে আচৰিত লাগে যে তোমাৰ আৰু মোৰ ঘৰ নলবাৰীত, আমি সেৱন কৰোঁ পাগলাদিয়াৰ বায়ু- অথচ আমি ইজনে সিজনক আগতে জনা নাছিলোঁ। আমি পৰিচিত এই নদীৰ উন্মত্ততাৰ সৈতে। আগৰ সেই তাণ্ডৱ নাই যদিও নৈখনে এতিয়াও দুয়ো পাৰৰ বাসিন্দাক বাৰিষা কালত চিন্তামগ্ন কৰি তোলে। নদীটো বান্ধি কিবা এটা আঁচনি চৰকাৰে যুগুতাইছিল, যিটো আঁসোৱাহপূৰ্ণ বাবে চৰকাৰেই প্ৰয়োগ কৰিব নোৱাৰিলে সেই আঁচনি। বহু ৰাজহ অথলে গ’ল। ইয়াত এটি দুগ্ধ প্ৰকল্পও অসম চৰকাৰে স্থাপন কৰিছিল। সেইটোও বাস্তৱ সন্মত হৈ নুঠিল। এনেকৈ নলবাৰীৰ দুখৰ কথা ক’বলৈ বহু কথা আছে। পিছে আজি তোমাক সিবোৰ ক’ব বিচৰা নাই। কিয়নো ব’হাগ আহি পালেহি আৰু আজি মোৰ মনলৈ অহা ব’হাগৰ কথাহে তোমালৈ লিখিম।
ব’হাগ।
ভূপেন দা-ই কৈছিল “ব’হাগ মাথোঁ এটি ঋতু নহয়, নহয় ব’হাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ-জীৱনৰ ই সাহ…”
ব’হাগৰ দুৱাৰদলিত পোনতেই মনলৈ আহিছে আমাৰ সকলোৰে প্ৰিয় শিল্পী, জাতীয় জীৱনৰ অভিভাৱক স্বৰূপ ড০ ভূপেন হাজৰিকাৰ স্মৃতি। এই ব’হাগেই হ’ব আমাৰ জীৱন কালৰ ভূপেনহীন প্ৰথম ব’হাগ। সেই দুখে যেন মৃয়মান কৰি তুলিব এইটো ব’হাগ।
আজি কিছু বছৰ ধৰি ভূপেন দা অবিহনে আমি বিহু উদযাপন কৰিছিলোঁ। তেওঁ অহা নাছিল যদিও তেওঁৰ গীতে তেওঁৰ উপস্থিতিৰ বতৰা দিছিল। এইবাৰো হয়তো তেওঁৰ কণ্ঠৰ গীত বিহুতলীত বাজিব, কোনো কোনো গায়ক-গায়িকাই তেওঁৰেই গীত গাব। তথাপি এইটো নিশ্চিত যে সেই ব’হাগ আৰু উভতি নাহে, যি ব’হাগত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নাচি উঠিছিল অসমীয়া প্ৰাণ।
এইখিনিতে মনলৈ আহিছে, একুৰি বছৰমান আগতে নলবাৰীৰ বিহুতলীলৈ আহি গীত গোৱা ভূপেন হাজৰিকাৰ স্মৃতি। দৰ্শকেৰে ঠাহ খাই আছিল গৰ্ডণ খেলপথাৰত অনুষ্ঠিত নলবাৰী মহকুমা বিহু সন্মিলনীৰ অস্থায়ী প্ৰেক্ষাগৃহ আৰু মুকলি পথাৰখন। নিশা দহমান বজাত ভূপেন হাজৰিকা মঞ্চত উঠিল, ৰাইজে হাত চাপৰ বজালে। ৰাইজক সেৱা জনাই তেওঁ গীত আৰম্ভ কৰিলে- “বুকু হম হম কৰে মোৰ আই…”। গীতটোৰ প্ৰথম শাৰী গাই উঠি ৰৈ গ’ল ভূপেন হাজৰিকা। স্বভাৱ সুলভ প্ৰশ্ন – “ৰাইজ, কওকচোন বুকু হম হম ক’ত কৰে ?” ৰাইজে কিবা এটা কোৱাৰ আগতেই তেওঁ কৈ উঠিল – “নলবাৰীত। হয় ৰাইজ নলবাৰীত। মই গাব লাগিছিল বুকু হমে হমাই, কিন্তু মই গাইছোঁ- বুকু হম হম কৰে মোৰ আই…। মই জানো, নলবাৰীত বুকু হম হম কৰে। ৰাইজৰ হাত চাপৰিৰ মাজত গোটেই বিহুতলী ৰজনজনাই উঠিছিল।
সেয়াই ভূপেন হাজৰিকা। সেই গৰাকী মহান শিল্পী আজি আৰু আমাৰ মাজত নাই। দুখৰ মাজেৰেই আহিব এইবেলি ব’হাগৰ বিহু। সেয়ে মই ইয়াত দুট কথা ক’ব খোজো :
১) আমি এইটো ব’হাগ বিহুত অসমৰ প্ৰতিখন বিহুতলীকেই ভূপেন হাজৰিকা বিহুতলী বুলি ঘোষণা কৰিব লাগে।
২) প্ৰাণৰ শিল্পী গৰাকীৰ বিহু গীত, বিহু-সুৰীয়া গীত সমূহৰ বিচাৰ বিশ্লেষণৰ মাজেৰে ব’হাগক আদৰিব লাগে।
মোৰ কথাখিনি ভাবি চাবা আৰু যদিহে ইয়াত কিছু গভীৰতা দেখা পোৱা, সেইখিনি আনকো ক’বা।
ব’হাগ বিহুৰ ওলগ জনাই আজিলৈ সামৰিছোঁ।
ইতি,
তোমাৰ পাগলাপেইৰা দাদা
মনোহৰ দত্ত
নলবাৰী
০৪ এপ্ৰিল ২০১২
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments