তোমাৰ মৃত্যুত কোনে কান্দিব(Who will cry when you die)-(হিতেন্দ্ৰ কুমাৰ শৰ্মা)

তোমাৰ মৃত্যুত কোনে কান্দিব….কিতাপৰ পৃষ্ঠাৰ আঁৰত মাজত উত্তৰৰ সন্ধানঃ

মানুহৰ জীৱনক বিশৃংখলতাৰ পৰা শান্তি আৰু সফলতাৰ পথ দেখুওৱা বিষয়ক যথেষ্টসংখ্যক গ্ৰন্থ আজি বজাৰত সহজলভ্য। কিন্তু বহুত কমসংখ্যক কিতাপেহে পঢ়াৰ পিছত পাঠকৰ মনত সাঁচ বহুৱাব পাৰে। আমাৰ আলোচ্য গ্ৰন্থখন তেনেকুৱা এখন মনত ছাব পেলোৱা প্ৰভাৱশালী গ্ৰন্থ।

আমাৰ আলোচ্য হ’ল ইংৰাজী ভাষাত লিখা “Who will cry when you die” শীৰ্ষক জীৱন উন্নয়ন বিষয়ক কিতাপখন। লিখক ৰবিন শৰ্মা। প্ৰথম প্ৰকাশ ২০০৩ চন। প্ৰকাশক Jaico publishing house। শেহতীয়া প্ৰকাশ ২০১২ (৬৭ তম প্ৰকাশ), ISBN 81-7992-232-4। যোৱা ৯ বছৰৰ ভিতৰতে ৬৭ বাৰ প্ৰকাশ কৰি উলিয়াব লগা হোৱাটোৱে এই কিতাপখনৰ জনপ্ৰিয়তা আৰু সমাজত ইয়াৰ প্ৰভাৱৰ স্বাক্ষৰ বহন কৰিছে। কিতাপখনৰ মূল্য ১৭৫ টকা।

ৰবিন শৰ্মা ভাৰতীয় মূলৰ প্ৰবাসী লিখক। পেছাত এজন উকীল যদিও তেখেতৰ কিতাপ, বক্তৃতা আৰু মানুহৰ জীৱন উন্নয়নৰ কাৰণে কৰা coaching/counseling class বিলাকৰ কাৰণেহে তেখেত বিখ্যাত। তেখেতৰ উপদেশ আৰু বক্তৃতাসমূহ ইমানেই ফলপ্ৰসু আৰু জনপ্ৰিয় যে বহুত বিখ্যাত ব্যক্তি আৰু বৃহৎ বহুজাতিক কোম্পানীয়ে তেওঁলোকৰ আৰু তেওঁলোকৰ কৰ্মচাৰীৰ জীৱন আৰু ব্যক্তিত্বৰ বিকাশৰ কাৰণে তেখেতৰ কাষ চাপে। ৰবিন শৰ্মাই লিখা বেছিভাগ কিতাপেই স্বাৱলম্বন, পূৰ্ণতাৰে জীৱন যাপন কৰা, কৃতকাৰ্য্যতা লাভ, মানব সম্পৰ্কৰ বিকাশ আদি বিষয়ক। তেওঁ লিখা আন বিখ্যাত কিতাপ বোৰৰ ভিতৰত The monk who sold his Ferrari, Leadership wisdom, Megaliving, The greatness guide ইত্যাদি উল্লেখযোগ্য।

এতিয়া আহোঁ কিতাপ খনৰ কথালৈ। কিতাপখনৰ বিষয়বস্তু হৈছে মানুহৰ জীৱন কেনেকৈ সম্পূৰ্ণতাৰে ব্যতীত কৰিব পাৰি? বিভিন্ন দুখ-দুৰ্দশাৰ মাজতো এনে কি কি উপায় বা পন্থা আছে যাৰ দ্বাৰা জীৱনটো সুকলমে চলাই নিব পাৰি? তেখেতে এনে কিছুমান সৰু সৰু বস্তুৰ ওপৰত গুৰুত্ব দিছে যিবোৰ কথালৈ আমাৰ মনোযোগেই নাই অথচ তেনেবিলাক কথাৰ ওপৰত অলপ মনোযোগ দিলেই হয়তো আমাৰ জীৱনটো সুন্দৰ হৈ উঠিব পাৰে, বিনা খৰচতে। কিতাপখনৰ আৰম্ভনিতে এষাৰ উক্তি আছে—“The tragedy of life is not death, but what we let die inside us while we live. —Norman Cousins” এই কথাফাঁকিৰ অৰ্থ ভালকৈ অনুধাৱন কৰিলেই কিতাপখনৰ সাৰমৰ্ম বুজি পোৱা যায়। কিতাপখনৰ পাতনিতে তেওঁ উল্লেখ কৰিছে যে অকল কৰণীয়খিনিৰ জ্ঞান থাকিলেই নহ’ব, সেই জ্ঞানক আমি বাস্তৱায়িত কৰিবও পাৰিব লাগিব। অকল জনাটোৱেই যথেষ্ট নহয়, কৰাটোহে গুৰুত্বপূৰ্ণ। আমি বহুতেই বহু কথা ভাবি থাকোতেই যায়, সেই চিন্তাবোৰে কেতিয়াও বাস্তব ৰূপ নলয়, কাৰণ আমি কেবল চিন্তাতেই আৱদ্ধ হৈ ৰৈ যাওঁ। এয়া সফলতা, সুখ আৰু সন্তুষ্টিৰ প্ৰধান অন্তৰায়। আপুনি যি কৰি ভাল পায় কৰি পেলাওক, দেখিব আপুনি কিবা এটা সন্তুষ্টি পাইছে। সাহসী হওক আৰু জীৱনটোক সৰলভাৱে গ্ৰহণ কৰক, দেখিব বহুতো সমস্যাই (যিবোৰ আচলতে নাছিলেই, আপোনাৰ মনৰহে সৃষ্টি আছিল) আপোনাৰ লগ এৰা দিছে।

কিতাপখনৰ সূচীপত্ৰত চকু ফুৰালেই এই কথা অনুভৱ কৰা যায়। প্ৰথম অধ্যায়টো সকলোতকৈ গুৰুত্বপূৰ্ণ –Discover your calling. এই অধ্যায়টোত কব বিচৰা হৈছে যে আমি বহুত ভাল ভাল কথা চিন্তা কৰোঁ কিন্তু তাৰ বেছিভাগেই যিকোনো কাৰণতেই নহওক আমি কাৰ্য্যত প্ৰতিফলিত কৰিব নোৱাৰোঁ। তাৰ ফলস্বৰূপে আমি মৃত্যুশয্যাত থাকোঁতে অনুতাপ কৰোঁ এটা অসম্পূৰ্ণ জীৱন ব্যতীত কৰা বাবে। আমি অনুতাপ কৰোঁ সেই সকলো কামৰ কাৰণে যিবোৰ আমি কৰিব খুজিছিলোঁ, কিন্তু কেতিয়াও নকৰিলোঁ। গতিকে আজিয়েই নিজৰ ভিতৰৰ আহ্বানক মন দি শুনক আৰু সঁহাৰি দিয়্ক, বাৰ্দ্ধক্য কালত অসম্পূৰ্ণতাৰ অনুতাপৰ পৰা বাচিবলৈ। কেবাটাও অধ্যায়ত লিখকে দৈনন্দিন জীৱনত সুখানুভুতি আৰু সন্তুষ্টিৰ কাৰণে কৰিব পৰা কামবোৰৰ বিষয়ে কৈছে, যেনে–Everyday be kind to a stranger (ch.2), Start your day well (ch.8), Laugh more (ch.20), Connect with nature (ch.45), Listen to music daily (ch.58), Have a family mealtime (ch.85). এই কেইটা অধ্যায়ত কিছুমান সহজ আৰু সাধাৰণ অভ্যাসৰ বিষয়ে কোৱা হৈছে যিবোৰ পালন কৰিলে আমাৰ বিৰক্তিপূৰ্ণ আৰু গতানুগতিক দৈনন্দিন জীৱনশৈলী ৰস আৰু সন্তুষ্টিৰে ভৰি পৰিব। ইয়াৰ উপৰিও ।earn to be silent (ch.16), Get up early (ch.18), Drink fruit juice (ch.51), Sleep less (ch.84), Learn how to walk (ch.90), —এইকেইটা অধ্যায়্ত মানুহৰ সাধাৰণ অভ্যাসকেইটামানৰ কেনেকৈ অনুশীলন কৰিব লাগে আৰু তাৰ পৰা কি লাভ হয় সেই বিষয়ে কোৱা হৈছে। আগতে কৈ অহাৰ দৰে, এই পুথিখনৰ বেছিভাগ অধ্যায়তেই সাধাৰণ মানুহ এজনৰ ব্যক্তিগত জীৱনৰ মানদণ্ড কেনেকৈ উন্নত কৰিব পাৰি তাৰ ওপৰত আলোকপাত কৰা হৈছে।

মানুহ এজনৰ জীৱনৰ আন এটা সুপ্ত দিশ হৈছে আধ্যাত্মিক দিশটো। ৰবিন শৰ্মাই মানুহৰ আধ্যাত্মিক, বৌদ্ধিক আৰু মানসিক জগতখনৰ উন্নতিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে এই পুথিখনত। Honor your past (ch.7), Talk to yourself (ch.11), Live a life (ch.23), Bless your money (ch.25), Enjoy the path, Not just the reward (ch.34), Have a living funeral (ch.63), Imagine a richer reality (ch.75), Live fully so you can die happy (ch.101) ইত্যাদি অধ্যায়কেইটাত জীৱনৰ মহত্ব, নিজৰ অতীতক সন্মান কৰা, সজভাৱেৰে নিজৰ ধন খৰচ কৰা আৰু নিজক গুৰুত্ব দিয়া আৰু প্ৰেম কৰাৰ বিষয়ে আধ্যাত্মিক বিশ্লেষণ আগবঢ়াইছে। লিখকে ব্যক্তিগত আৰু বৃত্তিগত(professional) জীৱনতো সফলতা লাভৰ মাৰ্গদৰ্শন কৰিছে কেবাটাও অধ্যায়ত। জীৱনত লক্ষ্য নিৰ্দ্ধাৰণ কৰা আৰু সেই লক্ষ্যত উপনীত হ’বলৈ জৰুৰী পৰিকল্পনা কেনেধৰণে কৰা উচিত তাৰ কিছুমান সৰল নিৰ্দেশনা (guidelines)  লিখকে এই পুথিখনৰ যোগেদি প্ৰকাশ কৰিছে। সময়ৰ সদ্ব্যৱহাৰ কৰা আৰু নিজৰ লক্ষ্যত একাণপতীয়া ভাৱে লাগি থকা আদি আমি সৰ্বসাধাৰণে জনা কথাবোৰ লিখকে এটা সম্পূৰ্ণ নতুন দৃষ্টিভংগীৰে বিশ্লেষণ কৰিছে। Always carry a book with you (ch.28), Use your commute time (ch.45)-এই অধ্যায় দুটাত আমি আমাৰ ভ্ৰমণ কৰা সময়খিনি বা ফোন বিল দিবলৈ লাইনত থিয় হৈ থকা সময় খিনিও (এটা মানুহৰ জীৱনত এইধৰণৰ কামত কমেও ৩ বছৰ যায়, যিখিনি সময় আমি গম নোপোৱাকৈয়ে অপব্যয় কৰি পেলাও) কেনেকৈ সদ্ব্যৱহাৰ কৰি নিজৰ বিকাশৰ কাৰণে খৰছ কৰিব পাৰো তাৰ নিৰ্দেশনা দিয়া হৈছে। নিজকে বিকশিত কৰা বা সফলতাৰ শিখৰলৈ যোৱাক লৈ এটা অধ্যায়ত লিখকে বেঞ্জামিন ডিৰেলিৰ উদ্ধৃতি দি কৈছে: “Nurture your mind with great thoughts, for you will never go any higher than you think” “নিজৰ চিন্তাক মহান কৰা, কাৰণ তুমি তোমাৰ চিন্তাতকৈ ডাঙৰ হ’ব নোৱাৰা।
ইয়াৰ ওপৰিও কিতাপ খনৰ ১০১টা অধ্যায়ৰ, প্ৰতিটোতে জীৱনৰ মহত্ব আৰু ইয়াক অলপ নিজস্ব চেষ্টাৰে কেনেকৈ অধিক মহীয়ান কৰি তুলিব পাৰি তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। মানসিক শান্তি,আনন্দ, কৃতকার্য্যতা আৰু বৈষয়িক উন্নতিৰ লগতে জীৱনৰ সম্পূৰ্ণতা কেনেকৈ পাব পাৰি আৰু জীৱনটোক কেনেকৈ নিজৰ নিয়্ন্ত্ৰণত ৰাখিব পাৰি সেয়াই কিতাপখনৰ উপজীৱ্য। এই পুথিখনত কোনো নতুন বা কাহানিও নুশুনা কথা লিখা নাই, বৰঞ্চ অতি সাধাৰণ কথা কিছুমানৰ ওপৰতহে গুৰুত্ব দিয়া হৈছে। কিতাপখন পঢ়িলে প্ৰত্যয় যাব পাৰি যে সঁচাকৈ জীৱনটো মহান, সুখী আৰু সম্পূৰ্ণ কৰিবলৈ আমি কোনো মহামানৱ হোৱাৰ প্ৰয়োজন নাই। আমি প্ৰত্যেকেই এই কাম কৰিব পাৰোঁ, লাগে মাথো ইচ্ছা-শক্তি আৰু নিষ্ঠা (sincerity)। কিতাপখনৰপৰা ভাল ফল পাবলৈ ইয়াত দিয়া উপদেশ, নিৰ্দেশনাসমুহ অনুসৰণ কৰিব লাগিব নহলে ই কেৱল কিতাপৰ মাজতে আবদ্ধ হৈ ৰ’ব। এয়া সৰল নহয় যদিও, অসম্ভৱো নিশ্চয় নহয়।

কিতাপ খনৰ আন এটা আকৰ্ষণীয় দিশ হ’ল ইয়াৰ নাতিদীৰ্ঘ আৰু বাহুল্যমুক্ত অধ্যায়সমুহ। একোটা অধ্যায় ২-৩ পৃষ্ঠাতকৈ দীঘল নহয়। ইয়াৰ ফলত পুথিখন পঢ়ি বিৰক্তিৰ ভাৱ এটা নহয় আৰু সাৰ কথাবোৰ হৃদয়ংগম কৰাত মুঠেও অসুবিধা নহয়। কিতাপখনৰ ভাষা একেবাৰে সৰল, সহজতে বুজি পোৱা ধৰণৰ। ৰবিন শৰ্মাৰ লিখনশৈলী আৰু প্ৰকাশভংগীও উচ্চমানৰ। লিখকে পাঠকক প্ৰভাৱিত আৰু অনুপ্ৰাণিত কৰাত এশ শতাংশই সফল হৈছে। শেষত এটা বাক্যৰেই এই কিতাপখনৰ প্ৰেৰণা প্ৰকাশ কৰিব পাৰি “when you were born, you were crying while the world rejoiced. Live life in such a way that when you die, the world cries while you rejoice” –এনেকুৱা জীৱন যাপন কৰা যাতে তুমি যেতিয়া মৃত্যুশয্যাত থাকা তেতিয়া যেন সকলোৱে কান্দে, কেবল তুমি হাঁহা। আজিকালিৰ নিৰ্দয় প্ৰতিযোগিতা আৰু তীব্ৰবেগী জীৱনশৈলীৰ যুগত ৰবিন শৰ্মাৰ এই কিতাপখন অনুপ্ৰেৰণা দিব পৰা এখন যথোপযোগী গ্ৰন্থ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments