তোলনীয়া সপোন — বৰ্ণিল বিকাশ বৰা

 

‘গুডি, ওলাই হ’লনে তোৰ? ’

‘মোৰ ফ্লাস্ক‌ত পানী ভৰাই দে দেতা৷ ’

গুডিয়ে আজিকালি নিজেই চুলি বান্ধিব পৰা হ’ল৷ চুলি কটাৰ কথা ক’লে বেয়া পাই তাই৷ কোনেও নিশিকোৱাকৈ কিছুমান কথা ক’ত শিকিলে তাই নাজানো৷ গা ধুই আহি চুলিবোৰ মোৰ বগা ডাঙৰ ৰুমাল এখনেৰে মেৰিয়াই থয়৷ কেতিয়াবা ৰুমালখন চুলিৰ পৰা খোল খাই যাই, মই আকৌ ভালকৈ মেৰিয়াই দিওঁ৷ ৰঙা ফিটা বিচাৰি কেইদিনমানৰ পৰা উৎপাত কৰি আছে৷ চুলিত ৰঙা ফিটা বান্ধিব বোলে৷

‘ঐ গুডি, ৰঙা ফিটা আজিকালি নাবান্ধে নহয়, আগৰ দিনৰ ছোৱালীবোৰেহে বান্ধিছিল৷ ’ ধেমালীকৈ কৈছিলো৷ মুখখন একেবাৰে ফুলাই আহিল৷

‘নহ’ব, মোক ৰঙা ফিটা লাগিবই৷ ’

স্কুললৈ আজি তাই ৰঙা ফিটা বান্ধি ওলাইছে৷ চুলিখিনি দুফালে দুভাগ কৰি ৰঙা ফিটাৰে বান্ধি লৈছে৷ বাইকত স্কুললৈ গৈ থাকোঁতে ৰঙা ফিটা দুডাল বতাহত ধুনীয়াকৈ উৰিছিল৷

‘অ দেতা এনেকুৱা গাড়ী এখন কিনিবিচোন, মোৰ বৰ ভাল লাগে৷ ’ স্কুলৰ সন্মুখেৰে পাৰ হৈ যোৱা স্কৰপিঅ’ এখন দেখুৱাই কৈছিল গুডিয়ে৷

‘তই ডাঙৰ হৈ ল’চোন, তই চলাব লাগিব নহয়৷ ’

স্কুলৰ গেটত তাইক নমাই দিয়াৰ পিছত লগৰ দুজনীমানে তাইৰ চুলিখিনি চুই চাইছিল, উচাৎ মাৰি আঁতৰি গৈছিল তাই৷ কোনোবাই চুলিখিনি চুই চালে বেয়া পাই গুডিয়ে৷

গধূলি গুডিয়ে ভালপোৱা বলিয়ৰা মাছ আনিছিলোঁ৷ বাটিত দাইল দিলে তাই নাখায়, ভাতৰ ওপৰতে দাইল অকণমান দি দিব লাগিব তেতিয়াহে খাব৷ ৰাতি ভাত খাওঁতে মোক দিনটোৰ কথাবোৰ কয়৷ কথা কওঁতে যদি তাইৰ মুখলৈ চাই নাথাকো কথাটো নকয়৷ মই বোলে কথাবোৰ শুনাই নাই এনেই শলাগি থাকো৷ গুডিৰ কথাবোৰ বয়সতকৈ ডাঙৰ৷ সাত বছৰ হৈছেহে তাইৰ৷

‘অ’ দেতা কালিলৈ তই স্কুললৈ যাব লাগিব৷ ’

‘কিয় অ’ গুডি, কি আছেনো কালিলৈ? ’

‘কালিলৈ মাতৃ সন্মিলন আছে৷ মই পৰিণীতা মিছক কৈ থৈ আহিছোঁ, মোৰ মা নাই নহয় দেতাহে আহিব৷

তাইৰ মুখলৈ চাই আছোঁ মই, কি ক’ম একো ভাবিয়েই পোৱা নাই৷

‘অ’ দেতা যাবিনে নাই ক’ আকৌ৷ ’

‘যাম বাৰু তই এতিয়া ভাত কেইটা খা চোন৷ ’

বাচন ধুই থাকোঁতে তাই মোৰ ওচৰত ৰৈ থাকে৷ বিভিন্ন ধৰণৰ কথা সুধি থাকে৷ কিছুমান কথাৰ উত্তৰ কেতিয়াবা মোৰ ওচৰত নাথাকে৷ ৰাতি শোৱাৰ আগত বাৰাণ্ডাত অকণমান বহিবই তাই৷ গান এটা গাই শুনাব লাগে সদায় মই৷ আজিও তাই বাৰাণ্ডাত মোৰ কোঁচত বহিলহি৷ আজি তাই গান শুনিম বুলি কোৱা নাই৷

‘আজি গান নুশুন’ নেকি গুডি? ’

‘অ দেতা, তই যে কৈছিলি মা দূৰণিলৈ গুচি গ’ল বুলি, ক’লৈ গ’লনো? ’

‘পৰীৰ দেশলৈ গ’ল অ’ গুডি৷ ’

‘মাৰ ফটো দেখুৱাবলৈ ক’লে তই কিয় দেখুৱাব নোৱাৰ’? তই মাক মৰম কৰিছিলি নে মোৰ নিচিনাকৈ?

‘এইবোৰ বাদ দেচোন গুডি৷ সৌ তৰাবোৰ চা চোন, তোলৈ কেনেকৈ হাঁহি হাঁহি চাই আছে৷
তৰাবোৰ চাই চাই মোৰ কোলাতেই তাই টোপনি গ’ল৷ আলফুলে নি বিছনাত শুৱাই দিলোগৈ৷ তাই শোৱাৰ পিছতে কঠিন সময়বোৰ আৰম্ভ হয়৷ কাষৰ ৰূমটোত সোমাই নিজক আকৌ এবাৰ বিচাৰি চাওঁ৷ গুডিয়েও ভালপায় মোৰ এই কোঠাটো৷ কিতাপ আৰু সংগীতৰ বাদে এই কোঠাটোত আন একোৱেই নাই৷ কাঠৰ দৰে দেখিবলৈ দেৱালখনত মোৰ ভাল লগা কেইখনমান ছবি৷ কিতাপৰ আলমাৰিটোৰ কাষতে গুডিৰ ডাঙৰ ফটো এখন৷ তেতিয়া তাইৰ বয়স আছিল দুবছৰ৷ দুৱাৰত ধৰি ঠিয় হ’বলৈ শিকিছিল ৷ আন শিশুতকৈ দেৰীকৈ খোজ কাঢ়িবলৈ শিকিছিল তাই৷ দুৱাৰত ধৰি ঠিয় হয়, জুমি জুমি মোক চায়, তেতিয়াই তুলিছিলোঁ এই ফটোখন৷ মোৰ জীৱনৰ সমস্ত আৱেগ অনুভূতি এতিয়া গুডিক লৈয়ে৷ তাইক ভাল ছোৱালী কৰিম, সাহসী কৰিম৷ বাস্তৱৰ সৈতে মুখামুখি হ’ব পৰাকৈ সবল কৰি তুলিম তাইক৷

মাতৃ সন্মিলনৰ শেষত গুডিৰ লগৰ ছোৱালীবোৰৰ মাকে একেলগে ফটো উঠিলে৷ গুডি মোৰ ওচৰলৈ দৌৰি আহিল৷

‘দেতা, মোৰ চুলিখিনি ভালকৈ বান্ধি দে না৷ ’

গুডিৰ সন্মুখত মই কেতিয়াও দুৰ্বল হোৱা নাই৷ চকুৰ পানী ওলাব খুজিলেওঁ জোৰ কৰি সামৰি থওঁ, চকুৰ পানী যেন চকুতে শুকাই যায়৷

স্কুলৰ পৰা আহিয়েই আজি মুখখন ওফোন্দাই বিছনাত উঠিলগৈ৷

‘গুডি, হাত-ভৰি নোধোৱাকৈ বিছনাত উঠিলি যে তই! ’

‘দেতা, তই আজি মোক ছবি আঁকি দিব লাগিব৷ ’

‘ঠিক আছে আঁকিম বাৰু৷ ভৰি- হাতকেইটা ধুই ল’বি ব’ল৷ ’মোক বিছনাত বহিবলৈ কৈ একেজাপে মোৰ বোকোচাত উঠিল তাই৷

‘দেতা, তই মোক আজি ছবি আঁকি দিবি দেই৷ কেতিয়া আঁকিবি ক’? ’

‘আঁকিম বাৰু ৰাতি, তই এতিয়া কিবা এটা খাই অলপ শুবি ব’ল৷ ’

আন্ধাৰ হোৱাৰ পৰা তাই আকৌ আমনি কৰিবলৈ ধৰিলে ছবি আঁকি দিবই লাগে৷ যিটো কোঠাত মই বহুত বছৰ ছবি অঁকা নাই সেইকোঠাটোত তাই ৰংবোৰ নি সজাই থৈছে৷

‘ভাত কেইটা সোনকালে ৰান্ধি লওঁ, তাৰপাছত তোক ছবি আঁকি দিম৷ হ’বনে? ’

‘সোনকালে আহিবি দেতা, মই ৰৈ থাকিম৷ ’

ভাত ৰান্ধি অহালৈকে তাই কোঠাটোতে আৰ্ট পেপাৰ আৰু ৰঙবোৰ সন্মুখত লৈ বহি থাকিল৷

‘ৱাহ তই বহিয়েই আছ’! ছবি আঁকিব লাগিবই মানে আজি৷ ’

‘অ’ লাগিবই৷ ’

‘ঠিক আছে৷ কি ছবি আঁকিম ক’? মই ভালকৈ ছবি আঁকিব নাজানো নহয়৷ ’ গুডিৰ মুখলৈ চাই হাঁহিলো৷

‘তই দেখোন ককা-আইতাক ইমান ধুনীয়াকৈ আঁকি থৈছ’, মোক ছবি আঁকিবলৈ দেখোন তইয়েই শিকাই দিয়’৷ ’

‘কি আঁকিম এতিয়া, পখিলা নে চৰাই? ’

‘অ’ দেতা মাৰ ছবি এখন আঁকি দে না৷ ’

হাতত তুলি লোৱা ব্ৰাছডাল হাতৰ পৰা থপককৈ সৰি পৰিল৷ মই নিজেও নাজানো তাইৰ আচল মাক কেনেকুৱা আছিল৷ যিটো কথা ক’বলৈ মই আজিও সাহস কৰিব পৰা নাই৷ কিন্তু এটা কথা ঠিক গুডি দেখিবলৈ ঠিক তাইৰ দৰেই৷ যি মোক এদিন কৈছিল আমাৰ যদি আগলৈ ছোৱালী এজনী হয় ‘গুডি’ বুলি মাতিম৷ কথাবোৰো একেই, কামবোৰো একেই৷ সকলো একেই৷ দীঘল চুলি তাইয়ো ভাল পাইছিল, গুডিয়েও ভালপায়৷ খোৱা-বোৱা, সকলো একেই৷ চকু দুটাও দেখিবলৈ একেবাৰে তাইৰ দৰে, গুডি যেন সঁচাকৈ তাইৰ হে জীয়েক৷

‘অ’ দেতা কিনো ভাবি আছ, আঁক না৷

তাইৰ মুখখন মোৰ মনলৈ ফটফটীয়াকৈ ভাহি আহিল৷ উকা কেনভাচত গুডিৰ মাকে প্ৰাণ পাই উঠিল৷ যদিও তাই নাজানে এইজনীয়েই তাইৰ মাক হয় নে নহয়, তথাপিও মাকক দেখাৰ আনন্দত চকুৱে মুখে তাইৰ হাঁহি বিৰিঙি উঠিল৷ পিছফালৰ পৰা মোক তাই সাবটি ধৰি ছবিখন চাই আছে৷ মোৰ মুখখন তাই দেখা নাই, চকুৰ পানীবোৰ মোৰ টপ টপকৈ পকাত পৰিছে৷

‘অ’ দেতা মাৰ কপালত প্ৰিয়াৰ মাকৰ দৰে ৰঙা ফোঁট আঁকি দে৷ ’

চিঞৰি চিঞৰি কান্দিবলৈ মন গ’ল মোৰ৷ মই কেনেকৈ কওঁ তাইক মই যে তাই মাক বুলি মানি লোৱা ছোৱালীজনীক সেন্দূৰ লোৱাৰ পাছত দেখাই নাই৷ তাই বিশ্বাস কৰি লোৱা মাকে যে মোৰ নামত সেন্দূৰ লোৱাই নাই৷ বিয়ালৈ মাতিছিল, যোৱা হ’লে দেখিলোহেঁতেন চাগৈ৷ যোৱাতো নহ’লেই৷

‘ৰঙা ফোঁট এটা দে না দেতা৷ ’

তাইৰ আবদাৰত ৰঙা ফোঁট এটা কপালত আঁকি দিলো৷ শিৰত ৰঙা ৰং অকণো আঁকি দিলো৷ ছবিখন আগতকৈয়ো উজ্জ্বলি উঠিল৷

‘চুলিত আকৌ ৰঙা ৰং কেলৈ দিছ দেতা? ’

‘এইয়া ৰং নহয় গুডি৷ সেন্দূৰ৷ বিয়া হোৱাৰ পাছত ছোৱালীয়ে শিৰত এনেকৈ সেন্দূৰ লয়৷

‘মই বিয়া হ’লে মইয়ো এনেকৈ ল’ম নে দেতা? ’

গুডিক বুকুৰ মাজত জোৰেৰে সুমুৱাই ল’লো৷ তোক বিয়া দিয়াৰ দিনা মই কেনেকৈ থাকিম মই নাজানো গুডি৷ কিন্তু তই ল’বই লাগিব৷ তোক সঁচাকৈ মৰম কৰাজনৰ সঁচা সেন্দূৰ৷ ৰং তুলিকাৰ সেন্দূৰ নহয়, সঁচা সেন্দূৰ৷ তোৰ মা এখন ছবি৷ যাক তইয়ো পোৱা নাই জীৱনত আৰু মইয়ো পোৱা নাই তোৰ মা হিচাপে৷ কোনোবাই সুধিলে ক’বি এইজনেই মোৰ মা এইজনেই মোৰ দেতা, আৰু সেই মইয়ো ক’ম তয়েই মোৰ ল’ৰা তইয়েই মোৰ ছোৱালী৷ বেলেগ একো নাজানো আমি৷
ছবিখন গুডিয়ে চুই চালে লাহেকৈ৷ ৰঙা ৰঙেৰে তলত লিখি দিলে সৰুকৈ ‘মা’
————————-

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments