ত্যাগ ( এক মিনিটৰ গল্প ) – গীতিকা বৰা

অসহ্য গৰম৷ আকাশে যেন জুইহে বৰষিছে৷ সেই প্ৰখৰ ৰ’দৰ মাজেৰেই আইচক্ৰীমৱালাজনে তাৰ ঠেলাখন লৈ লাহে লাহে আগবাঢ়িছে৷ গৰম যিমানেই বেছি হয় তাৰ বিক্ৰীও সিমানেই ভাল হয়৷ আজি তাৰ বুজনকৈয়ে লাভ হৈছে৷ মনটো ভাল লাগিছে তাৰ৷ মনে মনে আশাবোৰেও পোখা মেলিছে৷ সন্ধিয়াৰ বজাৰৰ তালিকাখন দীঘলীয়া হৈ গৈ আছে৷ চাউল-ডাইল, পাচলি কিনিও কেইটকামান ৰাহি কৰিব পৰা যাব৷ ডাঙৰ ল’ৰাটোৰ গেঞ্জীটো ফাটিছে-তালৈ গেঞ্জী এটা; ছোৱালীজনীৰ চেণ্ডেলযোৰ ক্ষয় গৈ গৈ ফুটা ওলাল, ফিতা এডালো ছিগিল, ৰচি এডালেৰে বান্ধি হে তাই পিন্ধি আছে, চেণ্ডেল এযোৰ তাইলৈ নিবই লাগিব৷ মানুহজনীলৈ দৰব নিব লাগিছিল৷ কাইলৈও হয়তো এনে গৰমেই হ’ব৷ মানুহজনীৰ দৰবটো সি পিছদিনাৰ বাবে থ’লে৷ পিছে সৰু ল’ৰাটোলৈ? আকৌ হিচাপ কৰিলে সি৷ নাই, তালৈও গেঞ্জী এটা নিবলৈ পইচাই নোজোৰে তাৰ৷ সি থিৰাং কৰে আজি এটা আইচক্ৰীম ৰাখিব লাগিব৷ সৰুটোক সেইটোকে দিব৷ ল’ৰা-ছোৱালীকেইটাৰ সন্তুষ্টিৰেভৰা হাঁহিয়াল মুখকেইখন কল্পনা কৰি তাৰ ঘামে ধোৱা মুখত এটা হাঁহিয়ে ঢৌ খেলি যায়৷
প্ৰচণ্ড ৰ’দৰ মাজেৰেই সি আগুৱাই গৈ থাকে৷ গৰমত জ্বলি-পকি উঠে সি৷ পিয়াহত অণ্ঠ-কণ্ঠ শুকায়৷ গছ এজোপাৰ তলত সি ঠেলাখন ৰাখে৷ মানুহ কেইজনমান আগবাঢ়ি আহে৷ তাৰ আইচক্ৰীমেৰে গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰে তেওঁলোকে৷ তাৰো মন যায় আইচক্ৰীম এটা খাবলৈ৷ সি বাকচটোত হাত ভৰায়৷ তাৰ চকুৰ আগত ল’ৰাছোৱালী কেইটাৰ মুখকেইখন ভাঁহি আহে৷ দিনটোৰ উপাৰ্জনখিনিৰ লগতে সি বজাৰৰ খৰচখিনিও মনতে আকৌ এবাৰ হিচাপ কৰে৷ খালী হাতটো বাকচটোৰ পৰা উলিয়াই আনে সি৷ পুৰণা, বিবৰ্ণ বটলটোৰ পৰা দুঢোকমান পানী খাই ঠেলাখন লৈ সি পুনৰ আগবাঢ়ি যায়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments