ত্যাগ – কলচুম বিবি

“ পানীৰে চপচপীয়া পথাৰখন দেখি বৰ ভাল লাগিছে ৷ ল’ৰালিৰ দিনবোৰলৈ মনত পৰিছে! !
“–
অংকুৰে কস্তুৰীৰ ফালে চালে ৷ কস্তুৰীয়ে একো নক’লে৷ কিছু সময় পিছত এবুকু বিষাদেৰে কবলৈ ধৰিলে৷ অংকুৰেও যেন তাকে শুনিবলৈ ৰৈ আছিল৷

– “কেতিয়াবা অচিনাকি কোনোবা এজনৰ প্ৰতি বুকুৰ মাজত এনেকুৱা এক অনুভৱৰ সৃষ্টি হয় যাক শব্দৰে প্ৰকাশ কৰিব নোৱাৰি৷ এক বুজাব নোৱাৰা শিহঁৰণৰ সৃষ্টি হয়৷ কাৰোবাৰ হৃদয়ৰ নিভৃত কোণৰ পৰা নিগৰি অহা শব্দবোৰে বুকুৰ কোনোবা এডোখৰত টোকৰ মাৰে৷ আবেগ উঠলি উঠে৷ কিন্তুু আবেগবোৰ হেচি ৰাখিবলগীয়া হয় ৷ বৰ কষ্ট হয়৷ ”
কস্তুৰীয়ে অন্যমনস্ক হৈ কয়৷

-“আমি বান্ধোনত আবদ্ধ৷ যি বান্ধোন চিঙিব নোৱাৰোঁ৷ অনুভৱবোৰক এৰাল দি ৰাখো৷ আনৰ বেৰ ভাঙি কঁঠীয়া খাব নোৱাৰাকৈ৷”

-“সেইবুলি অনুভৱবোৰক মৃত বুলি ঘোষণা কৰিবটো নোৱাৰোঁ৷
কৈশোৰৰ প্ৰেম উথলি উঠে অংকুৰ –তোমাক দেখিলে ৷ তোমাৰ এষাৰি মাত মোৰ বাবে হৈ উঠে লাখটকীয়া৷ ৷
এতিয়াও —-! ! ! ” কব খুজিও ৰৈ যায় তাই৷

অংকুৰ নিৰৱ হৈ ৰয়৷

–“সহপাঠী নামৰ শিকলি ডালত আবদ্ধ আমি ৷
হয়তো তুমি আজিলৈকে বন্ধুত্বৰ উপযোগী বুলিও নাভাবিলা –! !”

অংকুৰৰ সজল চকুযুৰিলৈ চাব নোৱাৰে তাই৷

উন্মুক্ত আকাশৰ তলত দুহাত প্ৰসাৰিত কৰি প্ৰথম প্ৰেমক আজুৰি আনিবৰ মন তাৰ৷
আকাশৰো আছে নিজা ৰং৷ কোনো নিপুণ চিত্ৰকৰৰ চিত্ৰৰ দৰে আকাশৰ সৌন্দৰ্য্য৷ নীলা আকাশত শুভ্ৰ মেঘৰ অবাধ আহ যাহ৷ ৷
তাইৰ সৈতে হিয়া উজাৰি কথা পাতিবৰ মন৷ ৷

“ তোমাক অনুভৱ কৰোঁ৷
তোমাৰ নামত লিখিব বিচাৰোঁ কবিতা৷
এক বিশেষ টান আছে মোৰ৷ আজিও” —

অংকুৰে ভাৱে৷ কিন্তুু প্ৰকাশ নকৰে৷ অপ্ৰকাশিত হৈ ৰয় সকলো কথা৷
যিদৰে অপ্ৰকাশিত হৈ ৰৈছিল তাহানিৰ সেই প্ৰেম৷ বহুবাৰ চেষ্টা কৰিছিল সি৷ কিন্তুু কস্তুৰীৰ অৱজ্ঞাৰ বাবে বাৰে বাৰে পিছুৱাই আহিছিল সি৷ আজি কিয় ব্যাকুল হৈছে তাই –? ?
তাইৰ ব্যাকুলতাই তাক আকুল নকৰে৷ মন্দিৰাৰ পৱিত্ৰ মৰমে তাক বাধা দিয়ে৷ সেয়ে সি হৈ পৰিছে নিষ্ঠুৰ৷ এয়া সময়ৰ তাগিদা৷ সময় ৰৈ নাথাকে৷ জীৱনৰ গতি সময়ৰ লগে লগে বৈ যায়৷ এদিন সি তাইক বিচাৰিছিল তেতিয়া তাইৰ সময় নাছিল৷ আজি তাই বিচাৰি আহিছে তাক ৷ কিন্তুু তাৰ সময়বোৰ আজি আন কাৰোবাৰ৷ সি ইচ্ছা কৰিও তাইক দিব নোৱাৰে৷ সময় বৰ নিষ্ঠুৰ৷ সময়ৰ হৃদয় নাথাকে৷ নাথাকে কোনো আবেগ৷

কলেজৰ শেষ দিন আছিল৷ হাঁহি আৰু কান্দোনে উপচি পৰিছিল চৌপাশ৷ অংকুৰে মনৰ কথাবোৰ কব বিচাৰিছিল তাইক৷ তাৰ জেপত এখন চিঠি৷ চিঠিখন উলিয়াই এবাৰ চাই আৰু এবাৰ ভৰাই থয়৷ কস্তুৰীক দিবলৈ সি সাহস গোটাব নোৱাৰে৷ অৱশেষত কামটো কৰাৰ দায়িত্ব ললে অৰ্ণৱে৷ তাৰ হাতৰ পৰা চিঠিখন লৈ গৈ তাইৰ হাতত দিলে৷ তাই ৰঙা চিঙা পৰি গ’ল৷
কিছু সময় পিছত কস্তুৰীয়ে চিঠিখন অৰ্ণৱক ঘূৰাই দি ক’লে –

-“ তাৰ লগত মোৰ একোতে নিমিলে৷ তাক মই ভাল পাব নোৱাৰোঁ৷ এয়া অসম্ভৱ৷ আজিৰ দিনটোত সি এনে কাম কৰা বাবে বৰ দুখ পালোঁ ৷”

একাষৰীয়াকৈ ৰৈ থাকি সি তাইৰ কথাবোৰ শুনি আছিল৷ গম নোপোৱাকৈ দুচকুৰ পৰা লোতক বাগৰি আহিছিল৷ সেয়ে শেষ দেখা৷ তাৰ পিছত সিহঁত অচিনাকি হৈ পৰিছিল৷

মন্দিৰাৰ অসুখৰ বাবে তাত-বাতি কাঢ়ি আছে৷ পোন্ধৰ দিনৰো বেছি হ’ল মন্দিৰা আই চি ইউত৷
দুয়োটা কিডনী ফেইল হৈছে৷ অংকুৰৰ জীৱনলৈ হঠাৎ অন্ধকাৰ নামি আহিল আৰু সেই অন্ধকাৰত পোহৰ হৈ আহিছে কস্তুৰী ৷ পাহৰণি হৈ পৰা এটা নাম৷ বিস্মৃতিৰ গৰাহত হেৰাই যোৱা এটা সপোন৷ আন্ধাৰত বিলীন হোৱা এটি ছাঁ৷

কস্তুৰীয়ে বহু কষ্টৰে এন জিঅ এটা চলাই আছে৷ দুৰ্গতজনক সহায় কৰে৷ পথৰ দাঁতিত বেমাৰত কেকাঁই থকা সকলক ঔষধৰ যোগান ধৰে৷ সাধ্য অনুসৰি সেৱা -শুশ্ৰুষা কৰে৷

সেইদিনাখন মন্দিৰাৰ বৰ টান হৈছিল৷ এটোপাল তেজৰ বাবে অংকুৰে হাঁহাকাৰ কৰি ফুৰিছিল৷ অংকুৰৰ কষ্ট দেখি মেডিকেলৰ নাৰ্চ এজনীয়ে কস্তুৰীৰ লগত যোগাযোগ কৰি দিছিল৷ তাইক দেখি সি আচৰিত হোৱা নাছিল৷ বৰঞ্চ হাত যোৰ কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছিল৷ সেইদিনাখন তাই ওৰেটো ৰাতি কান্দিছিল৷ যিটো বয়সত তাই প্ৰেম কি বুজা নাছিল সেইটো বয়সত প্ৰেম লৈ আহিছিল সি৷ তাই ভয় খাইছিল৷ সেয়ে প্ৰত্যাখ্যান কৰিছিল অংকুৰৰ প্ৰেমক৷ যাৰ বাবে এদিন অনুতাপ কৰিছিল৷

এজন এজনকৈ আপোনসকল আঁতৰি গৈছিল তাইৰ কাষৰ পৰা৷ ঘৰখনৰ বাবে বেংক বেলেঞ্চ হৈ পৰিছিল তাই৷ কান্ধৰ বোজাটো এৰিব বিচাৰিছিল আৰু এদিনাখন ওলাই আহিছিল এটা সপোনৰ পম খেদি৷ এটি জোনাকী বাটৰ সন্ধানত৷ সেই বাটত অংকুৰক পুনৰ লগ পাই এপলকৰ বাবে তাইৰ আপোন পাহৰা হৈছিল৷ কিন্তুু মন্দিৰাক দেখি সেই উৎসাহ মৰহি গৈছিল৷ মন্দিৰাক জীৱন দান দিয়াৰ সংকল্প লৈছিল৷

তাৰ পিছত কস্তুৰীয়ে সঘনাই খবৰ লৈছিল৷ অংকুৰো তাইৰ লগত সহজ হৈ পৰিছিল৷
অপাৰেচনৰ পিছত মন্দিৰা লাহে লাহে সুস্থ হবলৈ ধৰাত কস্তুৰীয়ে খবৰ লবলৈ আহিব এৰি দিছিল৷

মেডিকেল এৰিবৰ সময়ত অংকুৰে মন বান্ধিব নোৱাৰি কস্তুৰী ভৱন অভিমুখে ৰাওনা হ’ল৷ উদ্দেশ্য শেষ দেখা কৰি কৃতজ্ঞতা প্ৰকাশ কৰিব৷ কস্তুৰী ভৱনৰ চৌহদত ভৰি থৈ অংকুৰৰ মন ভৰি গ’ল৷ ইমান ধুনীয়া পৰিবেশ৷ শাৰী শাৰী দেৱদাৰু, শাৰী শাৰী নাহৰ৷ তাৰ মাজে মাজে একোখন ঝুলনা৷ বগা শাৰী পৰিহিত প্ৰৌঢ়া মহিলা এগৰাকী ওলাই আহি অংকুৰক কস্তুৰীৰ কাষলৈ লৈ গ’ল৷ তাইৰ কোঠাটোত একোণত চিনামাটিৰ ফুলদানি এটাত সদ্য প্ৰস্ফুটিত এথোপা গোলাপ৷ অংকুৰৰ দৃষ্টি বিছনাত পৰাৰ লগে লগে বুকুখন চিৰিংকৈ গ’ল৷ তাই শুই থকাৰ পৰা উঠিবলৈ চেষ্টা কৰিলে৷ কিন্তুু নোৱাৰিলে৷ মহিলাগৰাকীয়ে বাধা দিলে৷ সি খৰখেদাকৈ বিছনাৰ কাষলৈ গৈ কস্তুৰীক সুধিলে –
“ কি হৈছে তোমাৰ –? ? “

তাই কথা কব পৰা নাছিল৷ তাইৰ দুচকুত একেই আকুলতা৷ একেই আহ্বান৷ সেইদিনা দেখা কস্তুৰী আৰু আজিৰ কস্তুৰীৰ মাজত এক বিৰাট তফাৎ৷ বহু কিবা প্ৰাপ্তিৰ পিছত যি আত্মসন্তুষ্টি মনলৈ আহে সেই আত্মসন্তুষ্টি তিৰবিৰাই আছে তাইৰ দুচকুত৷ বগা শাৰী পৰিহিত মহিলা গৰাকীয়ে অংকুৰক ইংগিতেৰে বাহিৰলৈ লৈ গৈ ক’লে –
-“ তেওঁ এসপ্তাহ আগত কাৰোবাক কিডনী ডনেট কৰিলে৷ ডক্টৰে তেখেতক জিৰণি লবলৈ দিছে৷ “
অংকুৰে দুচকুৰে ঘোলা ঘোলা দেখিলে৷
ঝুলনাখনত বহি কস্তুৰী ভৱনৰ সৌন্দৰ্য্য উপভোগ কৰি থকা মন্দিৰাৰ ফালে চাই দুচকু সেমেকি উঠিল অংকুৰৰ —৷ ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক