ত্ৰাণকৰ্তা ( পুলক শইকীয়া )

– আৰে দোষ্ট, তই ইয়াত যে?

ৰাষ্টাৰ সিপাৰে ৰৈ থকা ক’লা চানগ্লাছ পিন্ধা যুৱকজনে উৎফুল্লিত হৈ চিঞৰি মাতিলে। মোকেই মাতিলে নেকি বাৰু? হয়, তেওঁৰ দৃষ্টি আমাৰ ফালেই। মিঠুনৰ দৰে চুলিৰ ষ্টাইল কৰা, দেখাতে স্মাৰ্ট স্মাৰ্ট লগা সুদৰ্শন যুবকজনক আগতে মই ক’তো লগ পোৱা মনত নপৰে। আৰু মাতিছে ‘তই’ সম্বোধনেৰে! নাই, মোৰ চিনাকী নহয়। মোৰ কাষতে ৰৈ চিগাৰেট হুপি থকা ৰূমমেট পলাশ বা ভৈৰৱৰ পুৰণা বন্ধু চাগৈ! আমাৰ পৰা কোনো সঁহাৰি নেদেখি যুৱকজন নিজেই খৰখোজেৰে আমাৰ ফালেই হাঁহি হাঁহি আগবাঢ়ি আহিল।

– কি হ’ল, থৰ লাগিলি যে? আব্বে… মোক চিনি পোৱা নাই? জ্ঞানম মই। বিশ্বনাথ কলেজৰ, হিঃ হিঃ হিঃ…।

বহুত দিনৰ পুৰণি খাচ বন্ধুক হঠাতে লগ পালে পোৱা উল্লাসেৰে তেওঁ মোক সাবতি ধৰিলেহি। চেহ, কলেজত জ্ঞানম বুলিতো মোৰ কোনো বন্ধু নাছিল! মই বৰ ইতস্ততঃ অনুভৱ কৰিলোঁ। তেওঁ মোক ইমান আপোনৰ দৰে ব্যৱহাৰ কৰিছে, অথচ মই জীৱনত জ্ঞানম নামৰ কোনো ব্যক্তিক লগ পোৱাৰ কথা মনতেই পেলাব পৰা নাই! ছয় বছৰৰ আগৰ কলেজৰ সেই সোঁৱৰণী-পাহৰণিৰ ধুসৰিত মুহূৰ্তবোৰলৈ ঘূৰি গৈ জ্ঞানমক বিচাৰি মই ঘূৰ্মতিয়াই ফুৰিছোঁ। চাৎকৈ মনলৈ আহি গ’ল … আৰে, ই কলেজ ইলেকচন খেলি হৰা সাধাৰণ সম্পাদকৰ প্ৰাৰ্থী সেই জ্ঞানচন্দ্ৰ নহয়তো? এহ হয়, খাটাং সিয়েই হয়! কপালৰ চিলাইৰ দাগটো পাতলকৈ আছেই। সাংঘাটিক চতুৰ আছিল ই। শুনা মতে, বিজয়ী প্ৰাৰ্থী ৰাজীবৰ লগত ধনৰ লেন-দেন কৰিহে ই স্ব-ইচ্ছাই হাৰিছিল। তেতিয়াৰ সেই খীণকায় জ্ঞানচন্দ্ৰ আৰু এতিয়াৰ এই নোদোকা, হিৰ’ যেন লগা জ্ঞানমৰ মাজত আকাশ-পাতাল পাৰ্থক্য। এতিয়া চেহেৰাৰ আৰু অবয়বৰ বহুত পৰিবৰ্ত্তন হ’ল। সেইসময়ত ই মধুস্মিতাক, অশ্লীল যেন লগা কবিতা এটাৰে প্ৰপ’জ দিওঁতে, তাইৰ ককায়েক মৃণালে, কলেজ তিনিআলিতে খেদি খেদি ইয়াক গৰুক কোবোৱাৰ দৰে কম পিতিছিলেনে? তেতিয়াই কপালত চিলাইটো পৰিছিল। ঘটনাটোৰ পিছত, মই মৃণালৰ বন্ধু হোৱাৰ সূত্ৰেই, ক্লাছমেট স্বত্বেও জ্ঞানচন্দ্ৰৰ লগত মোৰ ইমান অন্তৰঙ্গতা নহৈছিল। কিন্তু বৰ্তমান মোৰ প্ৰতি দেখুওৱা তাৰ ইমান আগ্ৰহ আৰু উষ্ম উৎসাহক মোৰ নেওচা দিবলৈও একেবাৰে সত নগ’ল। ময়ো সিমান উৎসাহেৰেই গবা মাৰি ধৰি ক’লোঁ-

– ইমান যে সলনি হৈ পৰিলি! কেনেকৈ চিনি পাম? এতিয়াতো তোৰ হিৰ’ ৰকম চ্চাল! আৰু নামটোও সলাই পেলালি যে!

সি মোৰ পিঠিত ঢকা এটা মাৰি শব্দ কৰি হাঁহি দিলে। মই পলাশ আৰু ভৈৰবৰ লগত তাক খাচ দোষ্ট বুলি চিনাকি কৰি দিলোঁ। কমাৰ্চত পঢ়া পলাশে আৰু দৰং কলেজত পঢ়া ভৈৰবে তেতিয়াৰ জ্ঞানচন্দ্ৰক চিনি নোপোৱাটোৱেই স্বাভাবিক। কথা পাতি পাতি আমি চাৰিওটা ওচৰতে থকা সৰু ৰেষ্টুৰেণ্টখনত বহিলোঁগৈ। জ্ঞানমেই খোৱাৰ অৰ্ডাৰ দি দিলে। জ্ঞানমে তাৰ বিষয়ে ক’লে। আজিকালি মুম্বাই মহনগৰীত থাকে। অসমলৈ দুমাহৰ কাৰণে আহিছে। মুম্বাইত সিনো কি কৰে বুলি সোধাত সি কৈ গ’ল চিনেমাৰ দৰে তাৰ জীৱনৰ উৰ্ধমুখী কেৰিয়াৰৰ ৰোমাঞ্চিত কাহিনী। আজিকালি মুম্বাই মহনগৰীত তাৰ কাজল, কৰিশ্মা, আমিৰ খানৰ দৰে অভিনেতাৰ লগত উঠা-বহা হয়! কম কথানে? শুনি স্তম্ভিত হৈ পৰিলোঁ! সৰু অডিঅ’ ষ্টুডিঅ’ এটাত শব্দযন্ত্ৰীৰ সহায়কৰ কাম কৰিবলৈ গৈ এতিয়া হ’ল বলিউদ জগতৰ খ্যাতনামা কাৰিকৰী নিৰ্দেশক। কথা-বাৰ্তাৰ মাজতে ৱেইটাৰে জ্ঞানমে অৰ্ডাৰ কৰা খাদ্যখিনি দি গ’ল। তণ্ডুৰী চিকেনৰ লেগ এপিচ চোবাই চোবাই জ্ঞানমে পুনৰ কৈ গ’ল- আজি টকা-পইছা তাৰ মূল সমস্যা নহয়। বহুত ঘটিলে। বহুত বন্ধুক সহায়ো কৰিছে। তাৰ এতিয়া বন্ধুসকলৰ বাবে, তাৰ ওপজা অঞ্চলটোৰ বাবে, অসমীয়া জাতিটোৰ বাবে কিবা এটা কৰিবলৈ পোৱাটোৱেই তাৰ জীৱনৰ একমাত্ৰ হেঁপাহ আৰু লক্ষ্য। সেয়ে তাৰ মুম্বাইৰ পৰা একেবাৰে এই গুৱাহাটীলৈ অহাৰ মন। যি কৰে ইয়াত কৰিব। অসমৰ বাবে কৰিব। ভৈৰব আৰু মই বৰ আগ্ৰহেৰে তাৰ অসমীয়া- হিন্দী ভাষা মিহলি কৰি কোৱা সপোন সপোন যেন লগা কাহিনীবোৰ শুনি গ’লোঁ। পলাশে অন্যমনস্ক হৈ খাই আছে। আচলতে সি চকুচৰহা। বেলেগৰ ভালবিলাক শুনিবলৈ বৰ কষ্ট পায়! জ্ঞানমে খোৱা শেষ কৰি তাৰ পকেটৰ পৰা বিদেশী কোম্পানীৰ দীঘল ছিগাৰেট এটা জ্বলাই ভৈৰবকো লগত লৈ ৰেষ্টুৰেণ্টৰ বাহিৰলৈ ওলাই গ’ল। লগে লগে পলাশে মোক বিদ্ৰুপৰ সুৰত ক’লে-

-ঐ ই মহা ঢপহে! ইয়াৰ কথাত ভোল নাযাবি।দেখিলিনে, কেনেকৈ ৰেষ্টুৰেণ্টৰ বিল নিদিয়াকৈ ওলাই গ’ল? এতিয়া বিল ভৰি মৰ তই!

মই পলাশৰ কথাটোৰ উত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলোঁ।আচলতে মোৰ ইমান হাই-ক্লাচ ফ্ৰে’ণ্ড্ আছে বুলি জানিব পাৰি পলাশ জ্বলিছে। জ্বলিবলৈ কিটো আছে? ইমানদিন চেষ্টা কৰিও আমি এটায়ো ক’তো কাম এটাও যোগাৰ কৰিব নোৱাৰিলোঁ। এতিয়া আমাৰ তিনিওটাকে জ্ঞানমে যদি বন্ধুত্বৰ খাতিৰত ভাল লাইন এটা দিয়েই! আমাৰ কম উপকাৰ হ’বনে? জ্ঞানমৰ দৰে ইমান ওপৰৰ লেবেলৰ মানুহে ৰেষ্টুৰেণ্টৰ বিলৰ নিচিনা সৰু সৰু কথাবোৰ মাইন্দ নকৰিবওতো পাৰে। ঘৰৰ পৰা মোলৈ শেষবাৰৰ বাবে পঠিওৱা ওঠৰশ টকা মানিবেগটোতে আছেই। তাৰে তিনিশ টকা বিশেষ বন্ধু হিচাপে খৰচ কৰিলোঁৱেই যেনিবা! মই কিন্তু চালাক মানুহ, পলাশৰ দৰে বুৰ্বক নহয়। এক কথাত সুবিধা ল’ব জনা মানুহ। আজি জ্ঞানমক আমাৰ ৰুমতে থাকিবলৈ ক’ব লাগিব! তাৰ লগত বন্ধুত্বটো আৰু গাঢ় কৰি লাইফটোৰ এটা গতি লগোৱাৰ সুযোগটো এৰিব নোৱাৰি! বিলটো দি সিহঁতক বিচাৰি বাহিৰলৈ ওলাই আহিলোঁ।

-আজি তহতঁৰ ৰুমতে থাকি দিওঁ বুলি ভাবিছোঁ। ইমান দিনৰ মূৰত লগ পালোঁ তোক! মোৰ কাৰখনো ওচৰৰে গেৰেজ এটাত ঠিক কৰিবলৈ দি আহিছোঁ। কালিলৈহে ঠিক হ’ব।

জ্ঞানমে নিজেই থকাৰ প্ৰস্তাৱ দিলে।

– বঢ়িয়া। মইতো তাকেই ক’ব বিচাৰিলোঁ। আজি অলপ এনজয়কে কৰা যাওক। প্ৰাগজ্যোতিষ হলত উৰ্ম্মিলাৰ ‘ৰঙ্গীলা’ লাগি আছে। তাম্মাম ‘চিন’ আছে হেনো! ব’ল, মেটিনিশ্ব’ চাই দিওঁ! ৰাতি ৰুমতে আড্ডা মাৰিম।

মোক গোটেইকেইটাই সন্মতি জনোৱাত চিনেমা হললৈ আগবাঢ়িলোঁ। জ্ঞানমৰ টিকটৰ পইচা দিয়াৰ ইচ্ছা আছিল যদিও, খুচুৰা নাই বাবে ভৈৰবকে সদ্যহতে দি দিবলৈ ক’লে। চিনেমা চাই ঘূৰি আহোঁতে চিনেমাৰ কথা পাতি পাতি আহিলোঁ। চিনেমাখনৰ বহুত কাৰিকৰী ভুল জ্ঞানমে আঙুলিয়াই দিলে। মোৰ ক্ষুদ্ৰ মগজুৱে সেইবোৰ ভুল বুজাই দিয়াৰ পিচতো ঢুকি নাপালোঁ। মুঠতে তাৰ সেইটো ‘ব্ৰেইন’ আমাৰবিলাকহে ‘মাথা’। ৰাষ্টাত জ্ঞানমে হঠাৎ কিবা এটা মনত পৰাত দুয়োখন হাত বিশেষ ভঙ্গীমাত ৰাখি সুধিলে-

– তহঁতৰ পিচে এইটো চলে নে নাই?

– কি? সিবিধ? মোৰহে চলে। ইহঁত দুটাই নামেই লগোৱা নাই সেইখন স্কুলত।

পলাশে বিৰাট উৎফুল্লিত হৈ ক’লে। হয়তো বহুদিন নকৰা মহৎ কামফেৰা আজি কৰিবলৈ পাম বুলি আনন্দ! খোলাকৈ ক’বলৈ গ’লে ৰঙীন পানীটোপা খোৱাৰ আশাত আনন্দ!

– বঢ়িয়া, তেনেহ’লে উদযাপন হৈ যাওক এটি গোলাপী নিশা! পলাশ, এৰেঞ্জমেণ্টটো তুমিয়েই কৰাহে! নেক্স ট্টাইম আহোঁতে কিন্তু মইহে এৰেঞ্জ কৰিম। সেইবাৰ অলপ দামী কাৰবাৰ এটা কৰিম।

জ্ঞানমৰ প্ৰস্তাৱ পাই পলাশ হঠাৎ উদ্যমী বিহু মেলাৰ চেক্ৰেটাৰীটোৰ দৰে হৈ পৰিল। খৰখেদাকৈ সিয়েই বজাৰখিনি কৰি পেলালে। সৰু-সুৰা এটা ফেমিলি পিকনিকৰ বজাৰেই।পলাশে মাছ-মাংসৰ লগতে ডাঙৰ আকৃতিৰ বলীয়া পানী দুবটল ল’বলৈ নাপাহৰিলে। এইবোৰ গিলি তহঁত বলীয়া হ’ৱ কি হৱ হৈ থাক! জ্ঞানমে আমাৰ দুৰ্দ্দশাটো বুজি আমাৰ লাইফত গতি লগোৱাৰ কিবা ব্যৱস্থা এটা কৰি দিলেই হ’ল! অহা মাহৰ পৰাতো ঘৰৰ পৰা মোলৈ পইচাৰ নামত ফুটা কড়ি এটাও নাহে! ৰুমলৈ খোজকাঢ়ি আহি থকোঁতেই আমাৰ দুৰৱস্থাৰ বিষয়ে জ্ঞানমক কৈ আহিলোঁ। ঘৰৰ পৰা নানিলে যে আমাৰ ৰোজগাৰ নচলে! চাকৰি বিচাৰিবলৈও কোনো চেনেল নাই! উপায়হীন হৈ অৱশেষত পিচিঅ’ এটা খুলিম বুলি থিৰাং কৰাৰ কথাও ক’লোঁ। জ্ঞানমে যথেষ্ট গুৰুত্ব দিয়েই শুনিছে! কথা পাতি পাতি ৰুম পালোঁহি। ৰূমৰ অলিখিত সংবিধান অনুসৰি ৰাতিৰ সাঁজটোৰ বাবে আমি তিনিওটাই এলাহৰ বিপক্ষে যুঁজত নামি পৰিলোঁ। মই বাচন-বৰ্তনবোৰ ধুই দিলোঁ। পলাশে আলু-পিঁয়াজ কাটি দিলে। বাকী ভৈৰৱৰ দায়িত্ব। জ্ঞানমে ভৈৰৱৰ ৱাকমেনটোত গান শুনি শুনি মোৰ বিচনাখনত পৰি কিবা চিন্তা কৰি আছে।

– জ্ঞানম, আমাৰ পিচিঅ’ খোলাৰ প্লেনটো কেনে দেখিছ?

– তহঁতে ফাইনেল কৰিলি জানো?

– অঁ, কালিলৈ পলাশে ৰুমৰ চিকিউৰ্টি মানি হিচাপে নুৰুলদাক টকা আঠ হাজাৰ দিয়াৰ কথা।

-আৰম্ভ কৰ। কিন্তু মনত ৰাখিবি, সেইটোৰে তহঁত তিনিওটাৰে জীৱন নচলিব। তহঁতৰ কাৰণে মই বেলেগকৈহে কিবা এটা ভাবিছোঁ ৰ!

-কি…?

মই বৰ উৎসুকতাৰে সুধিলোঁ। জ্ঞানমে মোক আশ্বস্ত কৰিব পৰাকৈ আঁতি-গুৰি মাৰি কথাটো বুজাই দিলে। এইকেইদিনতে ৰিলায়েঞ্চ নামৰ টেলিকম কোম্পানী এটাই গুৱাহাটীত লঞ্চ কৰিব। গুৱাহাটীত এই লেণ্ডলাইন ফোনবোৰ যে, এইবোৰ সব নাইকিয়া হ’ব। মবাইল ফোন ওলাব। কডলেছ ফোনৰ দৰেই এবিধ ফোন। চিটিবাছতো ফোন ৰিচিভ কৰিব পৰা যায়। এইবোৰ কন্ত্ৰ’ল কৰিব এই টেলিকম কোম্পানীটোৱে। ৰিলায়েঞ্চ কোম্পানীৰ মালিকটোৰ ভাগিনীয়েক এটা জ্ঞানমৰ লগৰে। তাকে কৈ আমাৰ তিনিওটাক কোম্পানীটোতে সুমুৱাই দিব।

মোৰ মনটো জ্ঞানমলৈ কৃতজ্ঞতাৰে ভৰি পৰিল। নোকোৱাকৈয়ে সি আমাৰ হিতৰ কাৰণে ইমান চিন্তা কৰিছে!
ইতিমধ্যে কথা পাতি পাতি জ্ঞানম আৰু পলাশে এটা বটল শেষ কৰি আনটোত ধৰিলেই। ভৈৰৱে খানা ৰেডি কৰি আমাৰ আড্ডাত যোগ দিলেহি।

– তহঁতৰ ৰুমত গিটাৰ নাই? সন্ধিয়াটো অলপ সঙ্গীতময় কৰি দিয়া যাওক! তেতিয়াহে এনজয় যেন লাগে! নে কি কোৱা পলাশ?

ভৈৰৱলৈ চাই পলাশে দোৰোল খোৱা জিভাৰে ক’লে – ঐ টেবুলতে বজা! আৰু গা আকৌ!

ভৈৰৱৰ কণ্ঠটো বৰ সুন্দৰ। সি আৰম্ভ কৰি দিলে-

” মানুহে মানুহৰ বাবে… যদিহে অকণো নাভাৱে
…………………………………………দুৰ্বল মানুহে যদি
পাৰ হয় তোমাৰেই সাহত………………….”

গোটেইকেইটাই ভৈৰৱক সহযোগ কৰিলোঁ। ভৈৰৱে দুটামান কিশোৰ কুমাৰৰ গানো গালে। মেহফিল বেচ জমি গ’ল। সকলোৱে খাবলৈ বহিলোঁ। ভৈৰৱে কিছু সোৱাদ লগাকৈ ৰান্ধিলে! জ্ঞানমে ভৈৰৱক বাৰুকৈয়ে প্ৰশংসা কৰিলে।
কথা পাতি পাতি শুবলৈ লওঁতে প্ৰায় এটা মানেই বাজিল। জ্ঞানম পলাশৰ লগতে জপতিয়াই শুই থাকিল। ৰাতিপুৱা আমি উঠাৰ আগতেই সি যাব লাগিব হেনো! এৰা, ব্যস্ত মানুহ! আমাৰ নিচিনাকৈ দিনৰ দিনটো পেট পেলাই শুই থাকিলে কেনেকৈ হ’ব? বিচনাত শুই থাকোঁতে মোৰ মনটোক ভাল দিনৰ ৰঙীন সপোনবোৰে লাহে লাহে আচন্ন কৰি তুলিলে।

ৰাতিপুৱা দহমান বজাতহে সাৰ পালোঁ। পলাশ বিছনাৰ পৰা উঠাই নাই। ভৈৰৱে কিবা এটা বিচাৰি আছে।

– জ্ঞানমে মোৰ ৱাকমেনটো ক’ত থৈ গ’ল জানো?

– আছে চাগৈ ক’ৰবাত সোমাই! পাবি, বিচাৰচোন!

– মই বিচাৰিম বাৰু! তই দুপৰীয়া ভাত খাবলৈ মন আছে যদি দোকানৰ পৰা চাউল লৈ আহ আৰু ভাত বনা। চাউল কালিয়েই শেষ হ’ল।

গা-পা সোনকালে ধুই দোকানলৈ যাবলৈ বুলি জিনচ পেণ্টটো পিন্ধি ল’লোঁ। কিন্তু… কিহ’ল? আৰে… ? পকেটত মোৰ মানিবেগটোৱেই নাইচোন! ছেহ, কালি চিনেমাহলত পকেট মাৰেই ….??? হাতত যে এতিয়া লাল পইচা এটাও নাই! এনেয়ে দুৰ্ভিক্ষ চলি আছে, তাতে আকৌ ভূতৰ ওপৰত দানহ! ধেইত তেৰি! পলাশক জগাই দিলোঁ। মানিবেগটো যে হেৰুৱাইছোঁ লাজ লাজকৈ সিহঁতক ক’লোঁ। পলাশক টকা পাঁচশ ধাৰলৈ বিচাৰিলোঁ। সি কপালখন কোঁচ খোৱাই উঠি আহিল।

তাৰ তলা নাইকিয়া ট্ৰাঙ্কটোৰ ঢাকনিখন খুলি সি অলপ সময় কিবা এটা বিচাৰিবলৈ ধৰিলে। তাৰ পিছত সি উত্তেজিত হৈ চিৎকাৰ কৰাৰ দৰে চিঞৰি উঠিল-

– ঐ মোৰ টকাখিনি নাই দেখোন!

– ভালকৈ চাচোন। কিমান আছিল?

– নহাজাৰ মুঠতে।

গোটেইকেইটাই ট্ৰাঙ্কটোত ভালদৰে চালোঁ। খাটাং নাই! ৱাকমেন, মানিবেগ, টকাখিনি… ?? কিবা এটা যে সাংঘাটিক গোলমাল হৈছে মই ভালদৰে বুজি উঠিলোঁ। ৰুমটোত আৰু কি কি অন্তৰ্দ্ধান হৈছে নিৰীক্ষণ কৰিলোঁ। ছেহ, টেবুলৰ ওপৰত থকা পলাশৰ টাইটেন ঘড়ীটো..? আৰু নতুনকৈ ৰিল ভৰোৱা ভৈৰৱৰ কেমেৰাটোও নাই! ৰহস্য বুজিবলৈ আমাৰ বাকী নাথাকিল। মোৰ ডিঙিটো শুকাই আহিল। টেবুলত থকা বটলটোৰ পানীখিনি ডিঙিটোত বাকি দিলোঁ। ইহঁত দুটাৰো চোন মাত-বোল নাইকিয়া! মই বিছনাখনত বহি চকুকেইটা জোৰেৰে মুদি দিলোঁ।

জ্ঞানমক চাগৈ আকৌ জীৱনত পুনৰ লগ পোৱা আশা খীন! ব্যস্ত মানুহ! বিপদত পৰা বন্ধুবিলাকক উদ্ধাৰ কৰা দ্বায়িত্ব! এতিয়া চাগৈ সি মোৰ নিচিনা অন্য এজন বন্ধুৰ সন্ধানত!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments