ত্ৰয়োদশ খণ্ড/আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি –পৰী পাৰবীন

ৰজা মনুদেৱৰ শয়নকক্ষ। স্বৰ্ণখচিত পালংকত অৰ্ধশায়িত অৱস্থাত ৰজা। মাতৃদেৱী আহি মাজে মধ্যে ভুমুকি মাৰিছে, ওচৰলৈ যাবলৈ সাহস কৰা নাই। অহংকাৰী, দাম্ভিক সন্তানৰ এই কাৰুণ্য তেওঁৰ সহ্য নহয়। যদিওবা’ জানে তেওঁৰ কৰণীয় একোৱেই নাই।

চিহনাদক মাতি পঠিয়ায় ৰাজমহিষীয়ে। সেনাপতি চিহনাদ ৰজাৰ সুহৃদ। বয়সৰ ফালৰ পৰা সমান প্ৰায়। নিসংকোচে ৰজাৰ শয়নকক্ষলৈ প্ৰৱেশ কৰাৰ অধিকাৰ আছে চিহনাদৰ।

“মহাৰাজৰ হয় হওক।“

অৰ্ধনীমিলিত চকু মেলি ৰজাই চাই পঠিয়ায় আগন্তুকলৈ।

“ৰজাৰ দুঃশ্চিন্তাৰ কাৰণ জানিব পাৰোনে?”

ৰজা মৌন।

“চিৰশত্ৰু মগধৰাজ্যৰ বিম্বিসাৰে চুবুৰীয়া অংগৰাজ্য জয় কৰি উল্লাসত মত্ত হৈ আছে। সমগ্ৰ মগধত এতিয়া আনন্দৰ বন্যা। আৰু বৈশালীৰ ৰজাৰ এই ৰূপ দেখিলে শত্ৰুৱে লাই নাপাবনে? লিচ্ছবিদলেই বাৰু কিয় এনে ৰজাক দায়িত্ব দি ৰাখিব?”

ৰজা মৌন।

“আপুনি বিচৰামতেই নগৰত ৰাজগণিকা নিয়োগ কৰা হ’ল। সমগ্ৰ বৈশালীত এতিয়া আম্ৰপালীৰ গুণগান। এনেকি নালাগে, চুবুৰীয়া ৰাজ্যৰ পৰাও ৰজা-মহাৰজাৰ প্ৰৱেশ ঘটিছে বৈশালীলৈ। ৰাজগণিকাৰ সান্নিধ্য ল’বলৈ ভিৰ লাগিছে বৈশালী নগৰত। কেৱল ৰাজগণিকাৰ বাবেই বহিৰাজ্যৰ পৰা মুদ্ৰা আহি বৈশালীক সম্পদশালী কৰিছে। সোমৰসৰ বেহা লাভজনক হৈছে, লাভজনক অতিথিগৃহৰ বেহা”।

ৰজা উঠি বহে। পৰ্দাৰ ফাঁকেৰে পুৰণি হাউলিলৈ চাই পঠিয়ায়। পুৰণি হাউলিৰ প্ৰৱেশদ্বাৰত তেতিয়া ৰাজগণিকাৰ সাক্ষাৎ বিচাৰি দীঘল শাৰী। সেনাপতিয়ে ঠিকেই কৈছে, ৰাজগণিকা নিয়োগৰ পাছত অস্বাভাৱিক হাৰত পৰ্যটনকাৰীৰ সংখ্যা বাঢ়িছে। এইসকলৰ বেছিভাগেই চুবুৰীয়া ৰাজ্যৰ পৰা অহা অতিথি। এইসকলে বিপুল ধনৰ বিনিময়ত আম্ৰকুঞ্জত আহি বাহৰ পাতিছে। বৈশালীৰ বাবে এয়া সুখবৰ। কিন্তু সুখী হব পৰা নাই ৰজা মনুদেৱ।

ধন আৰু জনক লৈ সুখী হ’ব নোৱাৰে প্ৰেমৰ পৰা বঞ্চিত পুৰুষ। কোনোবাখিনিত তেওঁ নিজৰ ভুল বুজি পাইছে। ভুল বুজি ৰজাই সেনাপতিৰ পৰামৰ্শমতে পুৰণি হাউলিলৈ উপঢৌকন পঠিয়াই আছে, কাব্যিকতাৰে ভৰা দীঘল পত্ৰ লিখিছে, ক্ষমা বিচাৰিছে বাৰে বাৰে, নাই আম্ৰকুঞ্জৰ পৰা কোনো আশাব্যঞ্জক খবৰ নাহে ৰজালৈ। শুক্ল পক্ষৰ ৰাতি তেওঁ শয়নকক্ষত থিৰেৰ থাকিব নোৱাৰে, কাণত বাজি থাকে নৰ্তকী প্ৰেয়সীৰ নেপূৰ-কংকনৰ গুঞ্জন। সোমৰসত ডুব যোৱা বৈশালীনগৰী এৰি তেওঁ অশ্বচালনা কৰি কোনোবা দূৰ সীমান্তলৈ যায়গৈ। কোনোবাটো সন্ধিয়া তেওঁ আম্ৰকুঞ্জৰ ‘স্বপ্নকক্ষিকা’লৈ চাই ৰয় একেৰাহে। মাজনিশা যেতিয়া স্বপ্নকক্ষিকাৰ শেষৰটো বন্তি নুমাই যায়, তাৰ পাছত তেওঁৰ দম্ভবোৰ ব্যথালৈ পৰিণত হয়।

শাক্যমুনিৰ বিহাৰলৈ বুলি তেওঁ হস্তীপিঠিত বহি লয়। ধীৰে ধীৰে অৰণ্যমুখী হয় তেওঁৰ পালি-পহৰীয়াৰ স’তে হস্তীপালকৰ দল। বেলি আহ্নিকত যাওঁতে বৌদ্ধ বিহাৰ পায়গৈ। মৃৎ মজিয়াত সেই সময়ত শয়নৰ পৰা উঠি বহিছিল শাক্যমুনি। ভিক্ষু হস্তকে প্ৰশ্ন কৰি আছিল তেওঁক,

“ভগৱন, আপোনাৰ নিদ্ৰাত কোনো ব্যাঘাত জন্মা নাইতো।“

শাক্যমুনিয়ে উত্তৰ দিছে, “হে বৎস, মই সুখেৰে নিদ্ৰা গৈছিলোঁ। সংসাৰত যিসকল লোকে সুখনিদ্ৰা লাভ কৰে, মই সেইসকলৰ অন্যতম।“

ৰজা মনুদেৱ আচৰিত। এতিয়া শীতকাল। তুষাৰপাতো পৰিছে। চেঁচা বতাহে সেমেকাই থোৱা এখন অৰণ্য।
ভিক্ষু হস্তকে প্ৰশ্ন কৰিছে,

“ভগৱন, আপুনি যি ভূমিত শয়ন কৰিছে, সেয়া তেনেই অনিমজ ভূমি। ক্লেদভূমিত গৰুৰ খুৰাই আহত কৰি যোৱা ভূমি এয়া। তাৰোপৰি বতাহ-তুষাৰত নিৱিষ্ট হোৱা গছপাতেৰে আপোনাৰ শয্যা বিৰচিত হৈছে। যাৰ ফলত আপোনাৰ পৰিধেয় বস্ত্ৰ ক্লেদাক্ত হৈ পৰিছে। অথচ আপুনি কৈছে, আপোনাৰ সুখনিদ্ৰা অৰ্জন হৈছে।“

শাক্যমুনিয়ে মিচিকিয়াই হাঁহিছে, “হে শ্ৰমণ, ধৰি লোৱা, কোনো ব্যক্তিৰ গৃহ চতুৰ্দিশে সুৰক্ষিত, তাত চেঁচা বায়ুৰ প্ৰৱেশ নিষেধ, সুন্দৰ পালঙ্কৰ ওপৰত মসৃণ বস্ত্ৰ। সেই শয্যাত শয়ন কৰিলে মহাসুখে নিদ্ৰা অৰ্জন হ’বনে?”
হস্তকে উত্তৰ দিলে, হে ভগৱন, উক্ত শয্যাৰ অৱশ্যেই মহাসুখ নিশ্চিত ।“

শাক্যমুনিয়ে সুধিলে পুনৰবাৰ, “ধৰি লোৱা, সেই গৃহস্থৰ কায়িক বা মানসিক কোনো উৎকট প্ৰদাহ হৈছে, তেতিয়া তেওঁ সুখেৰে শয়ন কৰিব পাৰিবনে?”

হস্তকে উত্তৰ দিছে, “নাই ভগৱন্ত, তেনে ক্ষেত্ৰত তেওঁৰ নিদ্ৰা অৰ্জন সম্ভৱ নহ’ব।“

তেতিয়া শাক্যমুনিয়ে ক’লে, মোৰ শৰীৰ আৰু মনৰ সেই প্ৰদাহ সম্পূৰ্ণৰূপে নিৰ্বাপিত হৈছে। ৰাগ, দ্বেষ আৰু মোহ সম্পূৰ্ণ নিৰ্মূল হোৱাত মোৰ এতিয়া অসুখী হোৱাৰ কোনো কাৰণ নাই। হে শ্ৰমণ, সেইবাবেই কৈছিলোঁ, জাৰৰ বতৰত, অনিমজ মাটিত, পৰ্ণাবৃত শয্যাত, অনাবৃত দেহেৰে মই মহাসুখেৰে নিদ্ৰা গৈছিলো।“

মনুদেৱ ৰৈ গ’ল বাহিৰতে। মোহত্যাগ নকৰাকৈ এই ভগৱানৰ চৰণ স্পৰ্শ সম্ভৱ নহয়। তেওঁক আৱৰি আছে মোহে, ক্ৰোধে, কামভাৱে আৰু দাম্ভিকতাই। কিদৰে বুদ্ধত্ব অৰ্জন হ’ব তেওঁৰ?

উভতি আহে ৰাজহাউলিলৈ। আকাশত মাঘপূৰ্ণিমাৰ জোন। জুই একুৰা জ্বলি আছে পুৰণি হাউলিৰ
প্ৰমোদভৱনত। চাৰিওফালে মদ্ৰালসা দৰ্শকৰ ভিৰ। অল্পবস্ত্ৰা নৰ্তকীৰ হস্তমুদ্ৰাত বিলীন গৈছে শুক্ল পক্ষৰ জ্যোৎস্নাবিধৌত ৰাতি।

মনুদেৱৰ মুখখনত বিষাদ এটাই ক্ৰিয়া কৰি গ’ল। তেওঁ নিজহাতে তুলি দিয়া এই সম্পদৰ ওপৰত তেওঁৰ অধিকাৰ নাই, এই দুখৰ অনুভূতিটোৱে তেওঁৰ দম্ভখিনিক ক’ৰবাত আঘাত কৰিলে। এই মোহ ত্যাগ কৰিব নোৱাৰিনে?

“নিশ্চয় পাৰি।“, সেনাপতিয়ে উত্তৰ দিলে।

ৰজাৰ বাবে পাত্ৰী নিৰ্বাচনৰ পৰ্ব আৰম্ভ হ’ল। চুবুৰীয়া ৰাজ্যৰ ভালৰো ভাল কন্যাসকললৈ প্ৰস্তাৱ পঠিওৱা হ’ল। বৈশালীৰাণীৰ বাবে যোগ্যা সুন্দৰী কন্যাসকলক দেখিও ৰজাই পিছহুঁহকি আহিল,

“নাই, সৌন্দৰ্যৰ ফালৰ পৰাই হওক নতুবা ব্যক্তিত্বৰ ফালৰ পৰাই হওক, দেৱী আম্ৰপালীৰ দৰে নহয়। হ’ব নোৱাৰে।“,

ফেঁট তুলি উঠে ৰাজমাতা, “কলংকিনী নাৰীৰ আকৌ ব্যক্তিত্ব! কি হাস্যকৰ কথা কৈছা বৈশালীৰজা!”
“কলংকিনী নাৰী! কোন হয় কলংকিনী নাৰী? দেৱী আম্ৰপালী কলংকিনী হ’ব নোৱাৰে, পুষ্পৰ দৰেই পৱিত্ৰ আৰু নিষ্পাপ তেওঁ।“

ৰজাৰ মুখত কলংকিনী নাৰীৰ গুণগান শুনি তবধ মানে বৈশালীৰ ৰাজগণে। চুবুৰীয়া ৰাজ্যৰ কন্যাৰ অপমানবোধ হয়। বৈশালীৰাজ্যৰ সৈতে মিত্ৰতা ভংগ হয়।

অহংকাৰেই পতনৰ মূল, এই কথাটোৱে সত্যতা প্ৰতিপন্ন কৰিবলৈ সুযোগ বিচাৰি থাকে। বৈশালীৰাজৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাথাকে। তমসাচ্ছন্ন যামিনী এটিত বন্তিৰ পোহৰত তেওঁ চৰাইৰ পাখিত চিঁয়াহী লগাই দেৱীলৈ পত্ৰ লিখে। প্ৰভাতবেলাতে সেই পত্ৰ নি পত্ৰবাহকে আম্ৰকুঞ্জৰ দ্বাৰৰক্ষীৰ হাতত তুলি দিয়ে। দ্বাৰৰক্ষীয়ে দিয়ে সখী প্ৰভাৰ হাতত আৰু সখী প্ৰভা আহি মোৰ ওচৰত থিয় হয়।

“পালী, ৰজাৰ পত্ৰ আহিছে।”
“কি পত্ৰ? ৰাজকাৰ্যৰ উল্লেখ আছে তাত?”
“নাই।”
“হৈ যাব, আৰু এটাও শব্দ ক’ব নালাগে।”
“আৰু উপহাৰৰ বাকচ এটা আহিছে।”
“চন্দুকত ভৰাই থ’। কেতিয়াবা দান দিবলৈ হ’ব।”

প্ৰভাই জানে, ৰজা মনুদেৱৰ উপহাৰ মানেই মোৰ অনীহাৰ বস্তু। কিন্তু মই এই উপহাৰ মই অমান্য কৰি ওভতাই নপঠিয়াওঁ। সিমানখিনি সৌজন্যতা মই অযোগ্য ব্যক্তিৰ স’তে নেদেখুৱাওঁ। এনেকুৱা কিমানখন যে পত্ৰ নপঢ়াকৈ আছোঁ, কিমান উপহাৰ মই চন্দুকত অনাদৃতভাৱে ৰাখি থৈছোঁ, হিচাপ নাই।

মই যেতিয়া স্বপ্নকক্ষিকাত মোৰ প্ৰেমপ্ৰয়াসী পুৰুষসকলৰ প্ৰেম স্বীকাৰ কৰি নিবিড় মিলনত ৰত হওঁ, তেতিয়াও মনত প্ৰতিশোধৰ দাবানল জ্বলি থাকে। মিলনৰ শেষত মই ডৌকা ভগা পংখীৰ দৰে ছটফটাই থাকোঁ। স্বৰ্ণমোহৰৰ জনজননিত মোৰ মানসিক অন্তৰ্দ্বন্দ দুগুণ হয়। দিশহাৰা হওঁ মই। তমসাই মেৰিয়াই মোক আতংকিত কৰে। যি শিক্ষাৰে আচাৰ্যই মোৰ প্ৰজ্ঞাৱতী কৰিছিল, সেই
সকলোবোৰৰ লক্ষ্য কেৱল এয়াই আছিল নে? সহস্ৰ পুৰুষৰ বাহুলগ্না হোৱাৰ লক্ষ্য?

গ্লানিভৰা নিশ্বাস এটি নীৰৱে স্বপ্নকক্ষিকাৰ বতাহত মিলি যায়। দূৰৈত আম্ৰবৃক্ষত অজাতী পখীৰ বিননি শুনি মই পালংকৰ পৰা মজিয়াত নামি পৰোঁ । সুৰূযে চকু মেলা নাই। কুহেলিকাত ডুব গৈছে পুষ্পউদ্যানৰ হৰিৎপত্ৰবোৰ। পাদুকা খুলি নগ্ন ভৰিৰে খোজ থওঁ সিক্ত বননিত। চেঁচা বতাহজাকে নৈশবন্তিবোৰ কঁপাই তুলিছে। চেঁচা বতাহজাকে মোৰ মনৰ অগ্নি নিৰ্বাপিত কৰিব পৰা নাই। প্ৰেমিক পুৰষৰ স’তে এই প্ৰেমৰ অভিনয় মোৰ কিমানদিনলৈ চলিব, নিজকে এই প্ৰশ্ন কৰি মই ভাৰাক্ৰান্ত হৈ পৰোঁ।

খহাই পেলাওঁ বক্ষৰ আঞ্চুল। উদং বুকুত হাত ৰাখি নিজকে সুধি চাওঁ, এই জীৱনৰ কি উদ্দেশ্য? এই বিলাস-ব্যসনৰ লক্ষ্য কি মোৰ? নাজানো, একোৱেই নাজানো। ধীৰে ধীৰে স্নান-সৰোবৰলৈ নামি যাওঁ। শীতঋতুৰ নিয়ৰে আৱৰি থকা প্ৰভাতীবেলাৰ হিমশীতল জলত মই আকণ্ঠ ডুবি ভাস্কৰদেৱতাক ধৰালৈ আমন্ত্ৰণ জনাওঁ,

“হে ভাস্কৰ, তোমাক জ্যোতিয়ে মোৰ মনৰ তমসা দূৰ কৰক। মোক দিশ বিচাৰিবলৈ সহায় কৰা। মোক পথ দেখুওৱা।”

স্তুতিমালা জপ কৰি থাকোঁ ঘণ্টাৰ পিছত ঘণ্টা ধৰি। সূৰুযে ভুমুকি মাৰে। সখী প্ৰভাই শয়নপাটি এৰি মোৰ সন্ধানত নামে। সৰোবৰত সেই অস্থিৰ মূৰ্তি দেখি ব্যতিব্যস্ত হৈ পৰে তাই, শুষ্ক বস্ত্ৰেৰে মেৰিয়াই ধৰে মোৰ সিক্ত শৰীৰ,

“কি হৈছে পালী? এই প্ৰাতঃস্নানৰ প্ৰয়োজন কি আছিল? শৰীৰে কষ্ট পায় তোৰ।”

চেঁচা পৰি যোৱা ভৰিৰ তলুৱা দুখন হাতত লৈ ইচআচ কৰি থাকে তাই। আইৰ ব্যস্ততাৰে তাই মোক সাৱটি ধৰে। পাকশালালৈ গৈ ঔষধি তেল গৰম কৰে। তাইৰ হাতৰ উষ্ম পৰশতো মন মোৰ শান্ত নহয়। মোৰ বিৰুদ্ধে যি অন্যায় হ’ল, তাৰ শাস্তি ৰজাই পাব নে? নিয়তিয়ে সেই শাস্তি দিব নে?

সামান্য গণিকা মই, ৰজাৰ বিৰুদ্ধে ফেপেৰি লোৱা কি ইমান সহজ কথা? মনত পৰি যায় হিমালয় সীমান্তৰ বাবা যশপাললৈ। মোক পুৰুষৰ সমকক্ষ হ’বলৈ তেওঁ যে কি কি কৰা নাছিল! এসময়ত মোক সাঁতোৰবিদ্যা, অশ্বচালনাৰ দীক্ষা দিয়া যশপাল বাবাক এবাৰ লগ কৰাটো বৰ প্ৰয়োজনীয় হৈ পৰিছে।

হিমালয় সীমান্ততে লগ পোৱা যাবনে তেওঁক?
সখী প্ৰভাৰ আগত সেই কথা ব্যক্ত কৰিলোঁ। মোৰ মনৰ অস্থিৰতা উপলব্ধি কৰি তাই ক’লে, সোনকালেই আমি দুয়ো সেই বাবাৰ ওচৰলৈ যাম, পৰামৰ্শ ল’ম, সহায় বিচাৰিম।

তেনে এটি প্ৰাতঃকালতেই দ্বাৰৰক্ষীয়ে আহি খবৰ দিলে,

“দেৱী আম্ৰপালীক লগ কৰিবলৈ কেইজনমান আচহুৱা ধৰণৰ মানুহ আহিছে। তেওঁলোকে যি ভাষাত আমাৰ লগত কথা পাতিছে, সেয়া আমাৰ বোধগম্য নহয়। আমাৰ ভাষাও তেওঁলোকে বুজি পোৱা নাই। আমি সিদ্ধান্ত ল’ব নোৱাৰি দেৱীৰ পৰামৰ্শ বিচাৰিছোঁ।“

আচহুৱা পুৰুষ! আচহুৱা ভাষা! আচৰিত!

সামান্য প্ৰসাধন কৰি ওলাই গ’লোঁ প্ৰৱেশদ্বাৰলৈ। তিনিজনমান পাহুৱাল ডেকা। মুখত পাহাৰীয়া চাপ। সৰু চকু, মসৃণ চৰ্মত ঘাম বিৰিঙি থকা ৰক্তবৰণীয়া দেহা। এয়া স্থানীয় যুৱক নহয়, নিসন্দেহে সীমান্তৰ দেশৰ পৰা আহিছে তেওঁলোক। কিন্তু কিয় আহিছে মোৰ ওচৰলৈ?

মোক দেখি তেওঁলোকে নমস্কাৰ ভংগীত হাউলি দিলে। এই ভংগীমা ক’ৰবাত দেখিছিলো, ক’ত দেখিছিলো ঠিক মনত পৰা নাই। পূৰ্বজন্মৰ কোনো দৃশ্যৰ দৰে চকুৰ আগেৰে পাৰ হৈ গৈছে সেই ভংগীমা। পৰিচয় সুধিলো। তেওঁলোকে মোৰ ভাষা বুজি নাপালে, কিন্তু ইংগিতত কিবা উপলদ্ধি কৰি এজনে আনজনক কিবা এটা ক’লে।

এই ভাষাটো মোৰ চিনাকী। ক’ৰবাত যেন শুনিছিলোঁ, বুজিও পাইছো ভাষাটো। তেওঁলোকে পত্ৰ এখনৰ কথা কৈ মোৰ হাতত তুলি দিছে লেফাফা এখন। হিমালয়ৰ চোৰাংচোৱা তথা মোৰ একালৰ গুৰু বাবা যশপালৰ নাম লিখা চিঠিখনি উলিয়াই মই উশাহ নসলোৱাকৈ পঢ়িবলৈ ল’লোঁ,

“আই পালী, তোৰ কথাবোৰ গম পাই খুব কষ্ট পাইছোঁ। মই জানিছিলোঁ, তোৰ ৰূপ-সৌন্দৰ্যই এদিন তোক শান্তিৰে থাকিবলৈ নিদিব। আৰু সেয়ে হ’ল। জীৱনৰ এইখিনি সময়ত তই হতাশ হোৱাটো স্বাভাৱিক। তথাপি কৈছোঁ, তোৰ মাজত যি সাহস আৰু সততা আছে, সেইখিনিৰ সদ্বব্যৱহাৰ কৰিলে এদিন তই উজলি থাকিবি। তোক লগ কৰিবলৈ মন আছিল, কিন্তু এতিয়া মোৰ সময় সমাগত। চিঠিৰ লগতে তোৰ সুৰক্ষাৰ বাবে কিছু মানৱ-সম্পদ পঠিয়াই দিছোঁ, লগতে দুটা সোণালী ঘোঁৰা। তেওঁলোকে তোৰ বাবে প্ৰাণ দিব পাৰিব। তেওঁলোকক ভালকৈ ৰাখিবি।”

পত্ৰ পঢ়ি ভ্ৰূ কোঁচ খালে মোৰ।

“ক’ত আছে বাবা যশপাল?”, তেওঁলোকৰ ভাষাত সুধিলো।
“তেওঁৰ অন্ত্যষ্টিক্ৰিয়া হৈ গৈছে।”
“আস দেৰি হৈ গ’ল মোৰ। বৰকৈ লগ পাবলৈ মন আছিল।“

বুকুখন ধৰফৰাই গ’ল। প্ৰভাই একো বুজি পোৱা নাই। আচৰিত হৈ আমালৈ চাই আছে আন দাস-দাসীসকলেও। বাবা যশপালৰ মৃত্যুত যি শোক পালোঁ, তাৰ বিপৰীতে মোৰ প্ৰতি তেওঁৰ মৰম দেখি অশ্ৰু নিগৰি আহিল। কি সম্পৰ্ক আছিল তেওঁৰ স’তে মোৰ? সামান্য দিনৰ বাবে খেলা-ধূলাৰ লগৰী আছিলোঁ মই। বৈশালীত বানপানী হওঁতে তেওঁলোকৰ পাহাৰীয়া গাঁওখনলৈ আমাক স্থানান্তৰ কৰা হৈছিল। খুব কম দিনৰ ভিতৰতে আপোন হৈ পৰিছিলোঁ আমি। হিমালয়-সীমান্তৰ বলসেনাবাহিনীৰ দায়িত্বত থকা যশপাল বাবাই সেই সময়তে মোৰ সততাৰ পৰিচয় পাইছিল, এজনী পাঁচবছৰীয়া ছোৱালীৰ সাহসৰ পৰিচয় পাইছিল। এয়াতো মোৰ বাবে বৰ আশ্চৰ্যৰ কথা। মোৰ নিজৰ ওপৰতে ইমান বিশ্বাস নাছিল, যিমান বিশ্বাস দিলে বাবা যশপালে। মূৰ দোঁ খাই গ’ল মোৰ। প্ৰতিজ্ঞা কৰিলো মনে মনে, যি সাহস আৰু সততাৰ বাবে বাবাৰ অন্তৰত মই স্থান ল’লো, সেই সাহস আৰু সততা মই কোনো কাৰণতে ত্যাগ নকৰিম। ধন-জনৰ দ্বাৰা আৰ্জিত ক্ষমতাতকৈ এই সততাই মোৰ জীৱন-বুৰঞ্জী সমৃদ্ধ কৰিব।

কুহেলিকাৰ আচ্ছাদন ফালি অহা ৰ’দৰ পোহৰত উদ্যানখন জিলিকি উঠিল। পকা জলফাইৰ ফুৰফুৰীয়া গোন্ধ এটা বতাহত ভাঁহি আহিল। বৃক্ষৰ ইটো ডালৰ পৰা সিটো ডাললৈ উৰি উৰি ফলবোৰ খুটিয়াই আছে পক্ষীকুলে। সোণালী বান্দৰ এটাই কল এঠোক লৈ বননিত বহি লৈছে। সেউজীয়া উদ্যানৰ সিপালে নীলা পৰ্বতৰ পৰিছন্ন ৰূপ। সকলো সুন্দৰ, সকলো স্বচ্ছন্দ। সকলো পৰিঘটনাৰে কিছু নিয়ম আছে, কিছু লক্ষ্য আছে, প্ৰকৃতিয়ে সেই উত্তৰ দিলে।

হাজাৰটা বেয়া লগ্ন পাৰ হৈ মোৰ জীৱনে এটা লক্ষ্য বিচাৰি পাইছে। এই লক্ষ্যটোৰ বাবে সেই বেয়া সময়খিনি প্ৰয়োজনীয় আছিল, জীৱনেও মোক একেটা উত্তৰকে দিলে।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক