তৰ্ক, বিতৰ্ক আৰু সতৰ্ক (উজ্জ্বল ফুকন)

তৰ্ক, বিতৰ্ক আৰু সতৰ্ক

 

উজ্জ্বল ফুকন

 

দূৰৰপৰা সৰু পাত কঠালটোৰ দৰে লাগিছে। লাহে লাহে ফুলি পুৰঠ হৈ আকৌ কমি আহে। দোকানৰ দুৱাৰখন আৰু আলমাৰিটোৰ মাজেদি কলিতাৰ পেটটো বৰ ধুনীয়াকৈ দেখা গৈছে। উশাহত ফুলি আহোতে পেটটোৱে ককালত যেনে তেনে ওলমি থকা গামোচাৰ গাঁঠিটোক বাৰে বাৰে আক্রমণ কৰিছে। গাঁঠিটোৱে ওপৰলৈ মুখ কৰি যেন পেটটোক চিঞৰি চিঞৰি ক’ব বিচাৰিছে “হেৰৌ খুলিলে খুলি পেলা। প্রত্যেক উশাহত অলপ অলপকৈ মৰাত কৈ এবাৰতে মাৰি পেলা মোক। মোৰ অৱস্থা দিখৌৰ দুৰ্বল মাথাউৰিটোৰ নিচিনা কৰি পেলালি তই, কেতিয়া উটি যাওঁ একো ঠিক নাই”। উশাহ লওতে ৰাজনৈতিক নেতাবোৰে দিয়া আশাবোৰৰ দৰে পেটটো লাহে লাহে ফুলি আহে আৰু নিশাহত সেই আশাবোৰ মৰহিযোৱাৰ দৰে পেটটো সৰু হৈ যায়। কিন্তু পেট আৰু গামোচাৰ গাঁঠিৰ যুদ্ধলৈ কলিতাই অকনো কেৰেপ কৰা নাই।

তেওঁৰ চকু দুটাই আখৰবোৰ পঢ়িব নোৱাৰি মূৰটোক বাধ্য কৰাইছে বাতৰি কাকত খনৰ কাষলৈ গৈ থাকিবলৈ। “মুখ্যমন্ত্রীৰ ৰাজনৈতিক বিচক্ষণতাত শিক্ষামন্ত্ৰী আকৌ ধৰাশায়ী।” শব্দকেইটা পঢ়িব পাৰি কলিতাৰ চকুদুটা জিলিক উঠিল।

“হাঁ হাঁ হাঁ বুজিছ গহীন এইবাৰ বুঢ়াৰ আগত চেঙেলী পৰিছে। শিক্ষামন্ত্রীৰ পিছপিনে বুঢ়া ডাঙৰীয়াই এনে একুৰা জুই লগালে যে তৰা নৰা চিঙি দৌৰা শিক্ষামন্ত্রীক ইটালিয়ান বাইদেৱে গংগাজল ছটিয়াই দিয়াৰ পিছত পোনে পোনে আহি স্বৰ্গদেউৰ শৰণ লৈছেহি। কইনাধৰাত কোনে কাৰ কি ধৰিলে ৰাইজে নজনাৰ ভাও ধৰিছে যদিও সকলোৱে জানে ৰূদ্ধদ্বাৰ বৈঠকত কি হ’ল। যি টেপা দিলে শিক্ষামন্ত্রীয়ে গগৈ দাৰ ভৰিত চাগৈ বিষ উঠি গ’ল। ‘য়ে পাবলিক হে য়ে চব জানতে হে পাবলিক হে।'” ৰাজেশ খান্না টাইপ ডিঙিটো এফালে হলাই হাত এখন মুখৰ কাষেদি অনা নিয়া কৰি কলিতাই গহীনক ক’লে।

ৰাজেশ খান্নাৰ ডিঙি আৰু হাঁহিটো ৰাইজে মন কৰে যদিও কলিতাৰ আগ দাঁত কেইটাই সেইবোৰক ঢাকি ধৰিলে।

“পিছে ইটালিয়ান বাইদেউৱে জানো গংগাক পৱিত্র বুলি ভাবে। পিছাৰ হেলনীয়া স্তম্ভটো তেওঁ পিঠি খজুৱাওতে হালি গ’ল বুলি ক’লেও কংগ্রেছীবোৰে বিশ্বাস কৰিব। দিকবলয় সিঙে চাগৈ কৈয়ে দিয়ে ‘মেডাম জী হামেচা ৰাইট বলটে হে। মে ট ব’ল ৰাহা হু মেডাম জী আপ ইচবাৰ খুজলী হোৱা ট’ কুটুবমিনাৰ ইউজ কিজিয়ে। ইটনা দূৰ জানে কি ক্যা জৰুৰত হে।'” ৰমেনে ক’লে।

“‘কুটুবমিনাৰ কৌ অগৰ কই বিদেচী মহিলা হাথ ভী লগায়ে তৌ হাম চদন চৌৰ কে চলে যায়েঙ্গে’ প্রতিদিন গাদকৰীয়ে হুঙ্কাৰ দি এনেকৈ ক’ব” গহীনে মাত লগালে।

“আৰু আলুৱে কেনেকৈ ক’ব কলিতা দা?” ৰমেনে সুধিলে।

“বুৰ্বক কহিকা, য়ে গাই চাৰা চৌৰ কে গৌবৰ খানে কাহে চলি গয়ি। য়ে চাবজেক্ট কৌন চা থা অৌৰ আপ কাহা পহুছ গয়ে। বাত হৌ ৰহি থি আচাম কে মন্ত্রী কে উপৰ অৌৰ আপ পহুছ গয়ে ইটালি হৌকে কুটুবমিনাৰ। আপ লৌগ মন্দিৰ কে বাত কৰতে কৰতে চৌচালয় কাহে পহুছ যাতে হে। বিজেপি কা তৌ হামেচা দিচেন্ত্রি হৌতে হে। পটা নহি য়ে কংগ্রেচী চচুৰে লৌগ ক্যা খা ৰহে হে আজকাল। দিকবলয় জী আপ কুছ লেটে কিউ নেহি।” কলিতাই আলু ষ্টাইলত ক’লে।

“হাঁ হাঁ হাঁ এই তৰ্কবোৰ কিন্তু ভাল লাগে দেই।” হাঁহি হাঁহি ক’লে গহীনে।

“সৰুতে স্কুলৰ তৰ্ক প্রতিযোগিতা বোৰেই ভাল আছিল। এটা বিষয় আৰু সময় বান্ধি দিয়ে। সপক্ষে বা বিপক্ষে ক’ব লাগে। আৰু বিচাৰকৰ সিদ্ধান্তই শেষ সিদ্ধান্ত হয়। কিন্তু আজিকালি সকলো নিজেই বিচাৰক। নিজৰ ধ্যান ধাৰণাৰে কিবা বিষয় বা কথা শুদ্ধ বুলি ভাবি লয় আৰু তাকে প্রতিপন্ন কৰিবলৈ গৈ প্রথমে তৰ্কাতৰ্কি আৰু পিছলৈ কাজিয়া হয়। আমি তাকে চাই বা পঢ়ি আনন্দ পাওঁ। এই খবৰবোৰ মছলা সানি বাতৰি কাগজত প্রকাশ কৰিলে আমাৰ নিচিনা বোৰে গুৰুত্বপূৰ্ণ বাতৰিবোৰ পাহৰি থাকো। এইবোৰো ৰাজনৈতিক কৌশল বুজিছ।” ৰমেনে ক’লে।

“ৰাজনৈতিক কৌশল আকৌ কেনেকৈ?” কলিতাই ৰমেনক সুধিলে।

“বাতৰিকাকতৰ প্রথম পৃষ্ঠা দুসপ্তাহমান একেৰাহে কঁপাই যোৱা তিনিমাহ মানৰ আগৰ কথা এটা কওঁ ‘গেৰুকামুখত কৃষক মুক্তি সংগ্রামকে ধৰি বহুকেইটা নদীবান্ধ বিৰোধী সংগঠনে পথ অৱৰোধ কৰিছে যাতে নদী বান্ধ নিৰ্মানৰ সা-সৰঞ্জাম কোনো পধ্যেই পাৰ হৈ যাব নোৱাৰে।’ এতিয়া মোক কওঁক আজি নদীবান্ধৰ খবৰ কি? বা বানপানীত বিধ্বস্ত হোৱা মাজুলীৰে বা কি অৱস্থা হ’ল। মোৰ কেতিয়াবা ভাব হয় কোকৰাঝাৰৰ গোষ্ঠীগত সংঘৰ্ষৰ আঁৰটো কিবা ৰাজনৈতিক কৌশল আছে। নতুন সমস্যা এটা সৃষ্টি কৰি মূল সমস্যাৰ পৰা ফালৰি কাটি ওলাই অহাটো এক পুৰণা ৰাজনৈতিক হাথিয়াৰ। কিন্তু এইবাৰ এই হাথিয়াৰ বুমাৰেঙ হৈছে যেন পাইছো। দুদিনমানৰ আগলৈকে আসামত এটাও বাংলাদেশী নাই বুলি সদম্ভে ঘোষণা কৰা চৰকাৰখনে আজি হেনো নিজেই বিদেশী খেদা আন্দোলন কৰে। ‘কালৰো কাল বিপৰীত কাল। হৰিণাক দেখি বাঘ পলাল।’

দুদিনমানৰ আগতে নদীবান্ধৰ ওপৰত এক গুৰুত্বপূৰ্ণ বৈঠক হৈ গ’ল গুৱাহাটিত। বাতৰিকাকতৰ প্রথম পৃষ্ঠা বাদেই দিয়ক মাজৰ পৃষ্ঠাত সৰুকৈ বাতৰিটো প্রকাশ পালে। আৰু আমাৰ মানুহ বিশেষে বাতৰি কাকত পঢ়াৰ ধৰণ-কৰণ বেলেগ বেলেগ। স্কুল ক’লেজৰ লৰাই শেষ পৃষ্ঠাৰ খেলৰ বাতৰিবোৰ পঢ়ি কাকত জপাই থয়। প্রথম পৃষ্ঠাৰ ৰাজনৈতিক বা-বাতৰিত ডুবি থকা চাকৰিয়াল বা আদহীয়া বয়োজ্যেষ্ঠ সমাজক স্কুলৰ বা ক’লেজৰ ল’ৰাই বিৰক্তি ভৰা দৃষ্টিৰে হয়তো কৈ যায় ‘পলিটিক্স। কাম নাই। হু কেয়াৰচ।’ আৰু মহিলা সকলৰ ৰাশিফল আৰু সৌন্দৰ্য্য চৰ্চাৰ মাজত বাকী খবৰবোৰৰ কোনো স্থান নাই। তাৰ মাজত সেই ভয়লগা শাৰীৰ বিজ্ঞাপনবোৰ আছেই। ‘চেল চেল চেল’ বুলি হাঁহি হাঁহি শাৰী পিন্ধি থিয় হৈ থকা দুজনী মান সুন্দৰী যুৱতীৰ ফ’টো। শাৰীখন এহাতত লৈ উৰাই থাকে। মহিলাসকলক শাৰীখনে আৰু পুৰুষসকলক শাৰী পিন্ধি থকা যুৱতী জনীয়ে আকৰ্ষিত কৰে। আধা উৰি থকা শাৰীখন চাই বহুত পুৰুষে ভাবে ‘উফ বতাহজাক আৰু অলপ জোৰেৰে মৰা হ’লে’। ‘সোণালী সুযোগ নেহেৰুৱাব। ২০০০ টকা মূল্যৰ শাৰী মাত্র ২০০ টকাত।’ -এইটো বিজ্ঞাপন দেখি জ্বৰ হৈ থকা মহিলাও একে জাপে থিয় হয়। এই বিজ্ঞাপন আৰু ৰাশিফলৰ আশে পাশে যদি নদীবান্ধৰ বাতৰি প্রকাশ পায় তেন্তে নদীবান্ধ ভাঙে নে নাভাঙে নাজানো কিন্তু বাতৰিটো যে কাৰো চকুত নপৰে সেইটো খাটাং। ভাগ্য ভাল আজিকালি তাঁৰ এদালেৰে চাৰিফাল কৰি ব্যৱহাৰ কৰা জনতা চাবোনৰ বিজ্ঞাপন নিদিয়া হ’ল। খৰ-খজুৱতিৰ বাবে জালিমলোচনে এতিয়াও কেতিয়াবা ভুমুকি মৰা দেখা পাওঁ।” ৰমেনে সকলোলৈ চাই ক’লে।

“অ’ হওতে হয় কথাটো। কিছুমানে বাতৰিকাকতৰ প্রথম পৃষ্ঠাটো পাত্তাই নিদিয়ে। যেনেকৈ মদনে বিস্ময়খন শেষ পৃষ্ঠাৰ পৰা আৰম্ভ কৰে।” গহীনে হাঁহি হাঁহি ক’লে।

“সি ক’ত গ’ল আজি? দেখা নাই যে।” ৰমেনে ক’লে।

প্রশ্নটো শেষেই নহ’ল কলিতাই চাইকেলত আহি থকা মদনলৈ চাই চিঞৰি উঠিল “অই মদন, এই এলাৰ্ম ক্লকটো ক’ত পালি?”

চাইকেলখন দোকানৰ কাষত ষ্টেণ্ড কৰি হাতত থকা কুকুৰাটোৰ ডিঙি মুচৰি থান থিত লগাই মদনে ক’ব ধৰিলে “নাজানো আজি কাৰ মুখ দেখিছিলো। মহাজনৰ কুকুৰা ফাৰ্মৰ পৰা কুকুৰা এটা বাহিৰলৈ ওলাই আহি মডেলিং কৰি আছিল। দিলো নহয় তাৰ নেলুত এটা হেপা টেপা। আজি আৰু ৰাতিটোৰ ভাতমুঠি একেলগে মুকলি কৰিম গোটেইকেইটাই।”

“ঠিক আছে। কিন্তু শুনিছো হাঁহ কুকুৰা আম কঠালৰ বাহিৰেও তই আজিকালি বিষ্ময়ৰ শেষ পৃষ্ঠাতো চকু দিব ধৰিছ?” ৰমেনে মদনলৈ চাই সুধিলে।

“ৱাহ, তই চালে প্রেম ভাব। আমি চালে মহাপাপ” মদনে খঙেৰে ৰমেনলৈ চাই ক’লে।

“হব দে তৰ্কাতৰ্কি কৰিব নালাগে তহঁতে। বিষ্ময়ে বেয়া নাপায় দে শেষ পৃষ্ঠাটো প্রথমে চালে। আৰু চাবলৈয়ে প্রকাশ কৰিছে। বাৰু কলিতা দা, আপুনি কিয় ক’লে এলাৰ্ম ক্লক বুলি?” গহীনে কলিতালৈ চাই ক’লে।

“অ’ কুকুৰা কাৰণে আকৌ। ৰাতিপুৱা উঠাই নিদিয়ে জানো।” কলিতাই হাঁহি হাঁহি ক’লে।

“কিন্তু মতা নে মাইকী নজনাকৈ আপুনি ক’ব নোৱাৰে এলাৰ্ম ক্লক বুলি। কাৰণ মতা কুকুৰাইহে ৰাতিপুৱা ডাক দিয়ে, মাইকী শুই থাকে।” গহীনে ক’লে।

“বিকট জ্ঞান দিলি দেই। হওতে মইও জানিছিলো কথাটো। কিবা এটা বিহুও আছিল ‘মতা কুকুৰাই ডাক দিলে’ বুলি।” কলিতাই ককাল ভাঙি নাচি বিহুটো মনত পেলাব ধৰিলে। ককাল ভাঙোতেই গামোচাই মাটিলৈ জপিয়াই দিয়াত কলিতাই গামোচাখন তুলি ককালত গাঁঠি দিয়াত লাগিল।

“এলাৰ্ম ক্লক বুলি কওঁতে মনত পৰিছে ‘কলিতা দা, জানে নে ঘড়ী কোনে আৱিষ্কাৰ কৰিছিল?'” ৰমেনে সুধিলে।

“বালিঘড়ীৰ কথা কৈছ নে হাতঘড়ী?” কলিতাই উত্তৰৰ পৰা পলায় ওলোটাই প্রশ্ন সুধিব ধৰিলে।

“বালিঘড়ীৰ কথা নাজানো কিন্তু এলাৰ্ম ঘড়ী তাকি-আলডিনে আৱিষ্কাৰ কৰিছিল।” গহীনে কৌন বনেগা কৌড়ৰপতিৰ বাবে চেষ্টা চলাই আছে। তাৰ জ্ঞানৰ এটা সৰু প্রমাণ দিলে ৰমেনক।

“তাকি-আলডিন, কি নাম অ’। এইটো নাম আমাৰ ইয়াত ব্যৱহাৰ কৰিলে হ’লেই আৰু। দুবাৰমান নামটো চিঞৰিলে কোৱাৰি ফালি তামোল ওলাই আহিব। ” কলিতাই ক’লে।

“কলিতা দা, যুগে যুগে নামৰ অৰ্থ সলনি হয় আৰু একে নামে বেলেগ বেলেগ ৰূপ লয়। যেনে আমাৰ বুধিন ককাহঁতৰ দিনত কোনোবাই ভাল ক্রিকেট খেলিলে তাক চানি বুলি মাতিছিল। মানে চানি গাভাস্কাৰ। তাৰ এটা মান দশকৰ পিছত সেই একেই চানি হৈ গ’ল ‘চানি দেউল’। পেশীবহুল হাতৰ ভয়ানক ডাইলগ ‘য়ে ধাই কিল’ কে হাথ জব কিচি পে পড়তা হে ট’ আডমি উঠতা নহি উঠ জাতা হে।’ সেইটোও এটা যুগ আছিল। আমিও কম সূহুৰিয়াইছিলো নে চিনেমা হলৰ সন্মুখৰ চিট কেইটাত বহি। দাংবডিৰ নিচিনা হাতখন উলিয়াই আমিও ডাইলগ দিছিলো ‘য়ে শ গ্রাম কে হাথ জব কিচি পে পড়তা হে তব আডমি ক্যা মচ্ছৰ ভী উড়তে নহি।'” ৰমেনে হাঁহি হাঁহি ক’লে।

“হাঁ হাঁ হাঁ পিছে আজিকালি চানি নাম থাকিলে কি হব? মানে চানি নামেৰে কোনোবা আজিৰ যুগতো জিলিকিছে নেকি?” কলিতাই সুধিলে।

“এতিয়াও চানিয়ে তোলপাৰ লগাই আছে। কিন্তু এতিয়া চানি দেউলেও চানি বুলি মাতিলে ভাল পায় নে নাপায় সন্দেহ। নতুন অভিনেত্রী এজনী আহিছে ‘চানি লিঅনী।’ তাই আকৌ অভিনেত্রীয়ে নহয়, ভাল খেলুৱৈও। পৃথিৱীৰ আদিম খেল তাইৰ প্রিয় খেল। সেয়েহে গাভাস্কাৰ আৰু দেউলক পিছপেলাই তাই আগবাঢ়িছে। আহি থকা দিনবোৰত কোনেও ল’ৰা ছোৱালীৰ ঘৰত মতা নাম চানি নাৰাখিব চাগৈ।” ৰমেনে ক’লে।

‘পৃথিৱীৰ আদিম খেল’ প্রত্যেকেই বাৰমুডা ট্রায়েঙ্গল টাইপ ৰহস্য এটা সমাধান কৰাৰ দৰে ভাবি মিচিক মাচাক হাঁহি তললৈ চাই থাকিল।

“অই, আৰু এটা যে বিজ্ঞানী আছিল যি ‘মাছৰোকা, মাছৰোকা’ বুলি চিঞৰি পুখুৰী এটাৰপৰা একো নিপিন্ধাকৈ ওলাই আহিছিল।” এইবাৰ মদনে মধুৰি এটাত একামোৰ দি মাত লগালে।

“‘মাছৰোকা,মাছৰোকা’ বুলি এবাৰ গহীনহে ভয় খাই পুখুৰীৰ পৰা ওলাই আহিছিল। গহীন তয়েই নেকি সেই বিজ্ঞানীটো।” কলিতাই ক’লে।

মদনে ঘোপাকৈ চালে কলিতালৈ।

“হেৰৌ ‘মাছৰোকা,মাছৰোকা’ নহয় ‘ইউৰেকা,ইউৰেকা’ বুলি চিঞৰি আৰ্কিমিডিছ নামৰ বিজ্ঞানীজন চৌবাচ্চাৰ পৰা ওলাই আহিছিল পুখুৰীৰ পৰা নহয়। তোৰ ৰঙালাওৰ নিচিনা মূৰটোত গোবৰ বেছি হৈছে যে সেয়া কাণে মূৰে হিচাপতকৈ বেছি থকা চুলিখিনিয়ে প্রমাণ কৰে। গোবৰ গেছ হিচাপে ব্যৱহাৰ কৰিব পাৰ দেখোন। ” ৰমেনে মদনলৈ চাই হাঁহি হাঁহি ক’লে।

“একে ঘোঁচাতে নাক ভাঙি দিম চিনি পোৱা নায়। এনে ভূপণ্ডিতটো ওলাইছে যেন সিয়েই আৰ্কিমিডিছটো। যি কেইদাল চুলি আছে সেইকেইদালো উঘালি আনিম। চিনি পাবি তেতিয়া মদন কোন হয়।” মদনে খঙত ৰমেনলৈ চোঁচা ললে।

 

হঠাৎ বুধিন বৰাৰ গলগলীয়া মাতত কাজিয়া এখন হোৱাৰ পৰা ৰক্ষা পৰিল “হেৰৌ ৰমেন, জ্ঞানীলোকে কৈ গৈছে ‘কথাতে বঁটা পায়। কথাতে কটা যায়।’ তই প্রথম কথাখিনিৰে বঁটা পালি হেতেন কিন্তু পিছৰ কথাখিনিৰ বাবে তোৰ এতিয়া কটা যাবলগীয়া অৱস্থা। মদন, খং নামে চাণ্ডাল। খং দমন কৰিবলৈ শিক। আৰু ক্ষমা স্বৰ্গীয় বস্তু। কাৰোবাক ক্ষমা কৰিলে তোৰ হে সন্মান বাঢ়িব।”

“ককা, ক্ষমা স্বৰ্গীয় বস্তু মই জানো। কিন্তু সকলো মানুহটো আৰু দেৱতা নহয়। মই তথাপিও তাক ক্ষমা কৰি দিছো। কিন্তু সি অনবৰত নিজকে জনাটো দেখুৱাই থাকিব নালাগে।” মদনে বুধিন বৰালৈ চাই ক’লে।

“নিজকে পণ্ডিত বুলি ভবাটো আটাইতকৈ ডাঙৰ মূৰ্খামি।” বুধিন বৰাই সকলোলৈ চাই ক’লে যদিও শৰ পাট পোনে পোনে ৰমেনৰ গাত লাগিল। লাজত তাৰ কাণ দুখন ৰঙা হৈ আহিল।

“ককা, মোৰ ভুল হৈ গ’ল। মদন, মোক ক্ষমা কৰি দে।” কথাটো কৈ ৰমেনে মদনক সাৱটি ধৰিলে।

 

সিহঁতৰ সাৱটি থকা দৃশ্য দেখি কলিতাৰ ৰামানন্দ সাগৰৰ ৰামায়ণৰ ‘ৰাম-ভৰত মিলন’ এপিছডটো মনত পৰি কলিতাৰ চকু সেমেকি আহিল। নিজকে গামোচাখনৰ সৈতে কাষতে ৰৈ থকা হনুমান বুলি ভাবিছিল যদিও পিছ মূহুৰ্ততে ভাবিলে ‘হনুমানৰটো দাঁতকেইটা উজলা নাছিল। দাঁতকেইটা লুকুৱাবলৈ গৈ হনুমানৰ ওঁঠ দুটা ফুলি আছিল নেকি? হয় দেউ ভাল ৰহস্যটো উদ্ঘাটন কৰিলো আজি। কলিতাই নিজৰ আগদাঁত কেইটা ওঁঠৰ মাজত লুকুৱাবলৈ চেষ্টা কৰি থাকোতেই বুধিন বৰাৰ গলগলীয়া মাতত কলিতা হনুমানৰ কাষলতি তলৰ পৰা ওলাই আহিল।’

“বাৰু ক চোন গহীন, মধ্যাকৰ্ষণ শক্তি আৱিস্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি আছিল?” এইবাৰ বুধিন বৰাই গহীনক সুধিলে।

“অ’ সেইটো মই জানো। সেই আপেল খোৱা বিজ্ঞানীটো। নিউটন” গহীনে ক’লে।

“আপেল খোৱা নহয়, তেওঁ আপেল গছৰ তলত বহি আছিল আৰু আপেলটো সৰি পৰোতে তেওঁ মধ্যাকৰ্ষণ শক্তিৰ বিষয়ে অনুমান কৰিছিল যে সকলো বস্তুকে পৃথিৱীয়ে নিজৰ ফাললৈ আকৰ্ষিত কৰে।” বুধিন বৰাই ক’লে।

“ঠিক আমাৰ পুৰ্ণিমাৰ দৰে। যেনেকৈ তাই আমাক সকলোকে আকৃষ্ট কৰে।” মদনে ফুচফুচাই ক’লে।

“কি ক’লি, কি ক’লি। চৰিত্র লৰিছে দেই তহঁত কেইটাৰ”- বুধিন বৰাই গৰগৰাই উঠিল।

 

বহু সময়ৰ পৰা মনে মনে থকা কলিতাই মাত লগালে “দেউতা, কথা এটা কওঁ বেয়া নাপাব। এই যে ওপৰৰ পৰা আপেল পৰোতে তেওঁৰ মনত পৰিলে কথাটো মোৰ কিবা অলপ মিছা মিছা লাগে।”

“কিয় বা কলি তেনেকৈ?” -বুধিন বৰাই সুধিলে কলিতাক।

“নহয় মানে তেখেতে শৌচ কৰোতে সম্পত্তিখিনি ওপৰলৈ উৰি গৈছিল নেকি? মই ভাবো শৌচ কৰোতে তললৈ চাওঁতেই তেওঁৰ এই কথাটো মনলৈ আহিছিল। পিছত শুনিবলৈ বেয়া হ’ব বুলি ভাবি আপেল এটা লৈ আপেল গছৰ তলত বহি আছিল চাগৈ।” কলিতাই গহীনত ক’লে।

“হাঁ হাঁ হাঁ মোৰ এনেকুৱা লাগিছে আগৰ জনমত তয়েই নিউটন আছিলি চাগৈ। নহলে এইটো ৰহস্য কেনেকৈ জানিবি।” বুধিন বৰাই হাঁহি হাঁহি ক’লে।

বুধিন বৰাৰ কাষতে নেজ পেলাই বহি থকা জেকপটে নিজৰ নাঙঠ দেহাটো চাই নিজৰ ভাষাত বুধিন বৰাক ক’লে-“মোকো যদি এবাৰ আৰ্কিমিডিছ বুলি ক’লি হেতেন অ’”।

“দেউতা, নিউটন নৰোত্তম, অলপ মিলিছে কিন্তু।” কলিতাই ক’লে।

এইবাৰ গোটেইজাকে একেলগে হাঁহিব ধৰিলে।

হাঁহি থকা মুখবোৰ চাই কলিতাই বুজি পালে তাৰ নামটো আকৌ সলনি হ’ল।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
9 years ago

Vhal lagil prohi. 😀