থকনা মাৰ দিম এ (মনোৰঞ্জন মজুমদাৰ)

ৰাজীৱ নলবাৰীৰ ফালৰ ল’ৰা৷ গুৱাহাটীৰে কোম্পানী এটাত চাকৰি কৰিছে৷ এইবাৰ ছুটিত ঘৰলৈ যাওঁতে মাকে তাৰ বিয়াখন ঠিকেই কৰি পেলালে৷ ছোৱালী ঘগ্ৰাপাৰৰ ফালৰ৷ নামটো শেৱালী৷ ৰাজীৱৰ ছোৱালী পছন্দ হ’ল৷ এটা ভাল দিন বাৰ চাই ৰাজীৱে শেৱালীক নিজৰ কৰি আনিলে৷ মাকে ৰাজীৱক ক’লে বোলে মোক বোৱাৰীৰ সুখ নালাগে যা৷ তাইক তই গুৱাহাটীলৈ লৈ যা৷ ৰাজীৱে ভালেই পালে৷ ইমান দিনে বৰলা ভাত খাই খাই তাৰো আমনি লাগি গৈছিল৷ নতুনকৈ দুজনীয়া বিচনা এখন আনি ৰাজীৱে তাৰ ভাৰা কোঠালীটোত সুমুৱালে৷ বাকী বয় বস্তু আগৰে পৰাই আছেই৷ ৰাজীৱ আৰু শেৱালীৰ সুখৰ সংসাৰ এতিয়া৷ এদিনাখন ৰাজীৱে অফিচৰ পৰা আহি শেৱালীক উচুপি থকা অৱস্থাত পালে৷
– কি হ’ল তোমাৰ?
– কাষৰ মাইকীজনী দেখোন মই কিবা ক’লি কেনবা কেনবা কৰে৷
– কি ক’লে নো?
– মই ক’লো যে আমাৰ ভজলুক শেষ হৈছি, দুটামান দ্যাক চোন৷ এনকি কওঁতেচোন তেওঁ গোটাই হাঁহি হাঁহি বাগৰি পৰলাক৷ মইনো কি জগাতোত নহা কথাটো ক’লো?
– অ’ তুমি ভজলুক বুলি ক’লে কেনেকৈ গম পাব তেওঁলোকে৷ জলকীয়া বুলি ক’লেহে বুজি পাব৷ উজনিৰ মানুহ তেওঁলোক৷ তুমিও যে আৰু! তেওঁ তেনেকৈ হঁহাত তুমি কি বুলি ক’লা?
– মই থকনা মাৰ দিম বুলি কৈ ৰুমোৰ ভিতৰোত সোমালো৷
– অহ বাদ দিয়া যি হ’ল হ’ল৷ আজি আমাৰ অফিচৰ ষ্টাফবোৰৰ এটা পাৰ্টি আছে৷ ওলোৱা তুমি৷ বিয়াৰ প্ৰথম নিশা যে কাপোৰ এযোৰ তোমাক গিফট দিছিলো সেইযোৰ পিন্ধিবা৷
– হ’বোদক৷ ইত্যা ভাত খাবোনা চাহ খাবো?
– চাহকেই দিয়া৷ পাৰ্টি আজি দমদাৰ হ’ব৷ যি ইচ্ছা তাকেই খাব পাৰিবা৷
ৰাতি ৮ মান বজাত ৰাজীৱে সপৰিবাৰে পাৰ্টিগৃহ পালেগৈ৷ সকলোৱে ৰঙীন পানীয় আৰু বিভিন্ন খাদ্য সামগ্ৰীৰ প্লেট হাতত লৈ মছগুল হৈ আছে
– মেই আই হেল্প য়ু? –ৰাজীৱৰ উচ্চপদস্থ বিষয়া এজনে শেৱালীৰ পিনে ৰঙীন পানীয়ৰ গিলাচ এটা আগবঢ়াই দি সুধিলে৷
– কি কৈছি? অসমীয়াত কওঁক৷
– অহ, আপুনি মোৰ হাতৰ পৰা এই গিলাচ টো ল’বনে?
– ক্যা ন’লাম? দ্যাক৷
– বেয়া নাপায় যদি আপুনি মোৰ সৈতে ডেন্স কৰাত নিশ্চয় দিগদাৰ নাপাব৷
– ই কি যে কয় আপনি৷ মই বিহুহি মাৰবা জানো৷ আপনি ঢোল আনছি নেকি লগোত?
– অহ নহয়৷ জাষ্ট হাতত ধৰা ধৰিকৈ কৰা তেনেধৰণৰ ডেন্স৷
ৰাজীৱৰ প্ৰমোচনটো হওঁ হওঁ অৱস্থাত আছে৷ সি শেৱালীৰ কাণে কাণে ক’লে –যোৱা কি চাই আছা?
– আপনি মোক কি ক’বা আইছি হে৷ এই পৰৰ মৰাদটোৰ লগোত মই নাচবা যাম? (বিষয়াজনলৈ চাই) আৰু আপনি মোক কি বুলি ভাবছি হে? মানুহ চিনি পৱা নাই? থকনা মাৰ দিম এ মুখোত৷
শেৱালীৰ ’’থকনা’’ টো ৰাজীৱে নিজৰ মুখতে পৰা যেন অনুভৱ কৰিলে৷

বিঃদ্ৰঃ– অমুকা নিজেও নলবাৰী জিলাৰ মানুহ৷ সেই গতিকে ইয়াত ঠাইক লৈ ব্যংগ সৃষ্টি উত্থাপন কৰাৰ চেষ্টা কৰা হোৱা নাই৷ মাত্ৰ প্ৰচলিত ভাষাটো লৈ মনলৈ অহা ঘটনা এটাক হে গল্পৰ ৰূপ দিছোঁ মাথোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক