থিংকিং ফাষ্ট এণ্ড শ্ল’_ মূল লেখক ডেনিয়েল কাহ নে মুন অনুবাদক: দেৱাঞ্জন বৰঠাকুৰ

সাৰাংশ: ১

আমাৰ মনত সন্মোহক এখন নাটক চলি থাকে, এখন ছবি সদৃশ প্লট য’ত থাকে দুটা চৰিত্ৰ, ড্ৰামা আৰু টেনশ্যন। এই দুই চৰিত্ৰ হৈছে অৱেগশীল,স্বয়ংচালিত, স্বজ্ঞাত, চিষ্টেম- ১ আৰু আনটো হৈছে চিন্তাশীল, ইচ্ছাকৃত, গাণনিক, চিষ্টেম- ২। এই দুই চৰিত্ৰই যেতিয়া প্ৰতিদ্বন্দিতা কৰে, তাৰ পৰিণতিতে নিৰ্ভৰ কৰে আমি কেনেকৈ ভাবো, কেনেকৈ নিৰ্ণয় লওঁ আৰু কাম কৰোঁ। চিষ্টেম ১ হৈছে ব্ৰেইনৰ সেই অংশ যি স্বয়ংচালিত আৰু হঠাৎ ক্ৰিয়াশীল হয়, প্ৰায়েই আমাৰ চেতনাত্মক নিয়ন্ত্ৰণ অবিহনেই। আপুনি কৰ্মস্থলীত যেতিয়া এটা বিকট , অপ্ৰত্যাশিত শব্দ শুনে তেতিয়া আপোনাৰ এই চিষ্টেমটো সক্ৰিয় হৈ পৰে। তেতিয়া আপুনি কি কৰে? আপুনি সম্ভৱতঃ ততাতৈয়াকৈ আৰু স্বয়ংক্ৰিয় ভাৱেই নিজৰ মনোযোগ শব্দটোৰ ফালে টানি নিয়ে। এইটোৱেই হৈছে চিষ্টেম- ১। এই চিষ্টেমটো আমাৰ বিৱৰ্তনীয় উত্তৰাধিকাৰৰ অংশবিশেষ: নিশ্চয়কৈ এনেদৰে হঠাতে ক্ৰিয়াশীল হোৱাৰ আৰু সিদ্ধান্ত লোৱাৰ ‘চাৰ্ভাইভেল এডভাণ্টেজ’ আছে। চিষ্টেম- ২ হৈছে আমাৰ ব্ৰেইনৰ সেই অংশৰ কাৰ্যপ্ৰণালী যি আমাৰ ব্যক্তিগত সিদ্ধান্ত , যুক্তি আৰু ধাৰণাবোৰৰ বাবে দায়ী। ই মনৰ চেতনাত্মক কাৰ্যপ্ৰণালী যেনে আত্ম সংযম, নিৰ্বাচন , মনোযোগ কেন্দ্ৰীভূত কাৰ্যকলাপ ইত্যাদিৰ লগত জড়িত। উদাহৰণস্বৰূপে আপুনি যদি ভিৰৰ মাজত এগৰাকী মহিলাক বিচাৰি আছে, আপোনাৰ মনটো এই কাৰ্যতেই কেন্দ্ৰীভূত হৈ আছে৷ ই মানুহ গৰাকীৰ বৈশিষ্ট্যবোৰ বা তেনে সংকেতবোৰ মনত পেলাবলৈ চেষ্টা কৰিব যি তেওঁক বিচাৰি উলিওৱাত সহায় কৰিব। এই কেন্দ্ৰীভূত কাৰ্যই আন আন সাম্ভাব্য ব্যাকুলতাবোৰক আতঁৰাই ৰাখিবলৈ সহায় কৰিব আৰু আপুনি ভিৰৰ মাজত আন মানুহৰ ওপৰত দৃষ্টি নিবদ্ধ কৰিব নোৱাৰিব। আপুনি যদি এই কেন্দ্ৰীভূত অৰ্থাত ‘ফকাছদ্’ মনোযোগ বৰ্তাই ৰাখে কম সময়তে হয়তো আপুনি তেওঁক বিচাৰি উলিয়াব পাৰিব। কিন্তু মনোযোগ হেৰালে বিচাৰিবলৈ আপোনাৰ অসুবিধা হ’ব।

সাৰাংশ: ২

এই দুটা চিষ্টেমে কেনেকৈ কাম কৰে জানিবলৈ এই বিখ্যাত বেট আৰু বলৰ সমস্য়াটোৰ সমাধান বিচাৰি চাওঁ আহক। এখন বেট আৰু বলৰ মুঠ দাম ১.১০ ডলাৰ। বেটৰ দাম বলতকৈ ১ ডলাৰ বেছি, তেন্তে বলৰ দাম কিমান? এতিয়া আপোনাৰ মনলৈ অহা ফলাফলটো হৈছে ০.১০ ডলাৰ। এইটো স্বয়ংচালিত চিষ্টেম ১ ৰ বাবে আপুনি দিয়া উত্তৰ কিন্তু এই উত্তৰ ভুল। আপুনি ভুলটো দেখিলেনে? উত্তৰটো কমেন্টত দিব পাৰে। আপোনাৰ ভুল উত্তৰটো স্বয়ংচালিত চিষ্টেমে দিলে, কিন্তু ই উত্তৰটো ততাতৈয়াকৈ দিলে। যেতিয়া চিষ্টেম ১- এ পৰিস্থিতিৰ মোকাবিলা কৰিব নোৱাৰা হয় তেতিয়া চিষ্টেম ২ ৰ সহায় লয়, কিন্তু এই ক্ষেত্ৰত ই ছলনাৰ বলি হ’ল। ই সমস্যাটো সৰল বুলি ভাবি ল’লে আৰু ভাবিলে যে সহজেই ইয়াৰ সমাধান সম্ভৱ।

এই বেট বলৰ সমস্যাটোৱে আমাৰ ভিতৰৰ মানসিক আলস্যক অনাবৃত কৰি দিছে। আমি যেতিয়া আমাৰ মগজুৰ ব্যৱহাৰ কৰো তেতিয়া আমি যিমান পাৰি কম শক্তি খৰচ কৰিব বিচাৰো। ইয়াক “ল’ অৱ লিষ্ট এফৰ্ট” বুলিও কোৱা হয়। কাৰণ উত্তৰটোৰ বাবে চিষ্টেম- ২ ক ব্যৱহাৰ কৰিলে অতিৰিক্ত শক্তি খৰচ হ’ব, সেয়ে আমাৰ মনটোৱে চিষ্টেম ১- কে ব্যৱহাৰ কৰিব যেতিয়া ই ভাবিব যে চিষ্টেম ১- এই এই কামৰ বাবে যথেষ্ট।

এই আলস্য দুৰ্ভাগ্যজনক। কাৰণ চিষ্টেম- ২ ৰ ব্যৱহাৰ আমাৰ বুদ্ধিমত্তাৰ এক প্ৰয়োজনীয় অভিব্যক্তি। গৱেষণাই কয় যে চিষ্টেম- ২ ৰ লগত জড়িত কাৰ্য, যেনে, মনোযোগ আৰু আত্ম-সংযমে উচ্চ বুদ্ধিমত্তাৰ ফালে আমাক ধাবিত কৰিব পাৰে। এই বেট-বল সমস্যাটোৱে ইয়াৰ সঠিক বৰ্ণনা দিয়ে কাৰণ আমাৰ মনটোৱে উত্তৰটো চিষ্টেম ২ ৰ দ্বাৰা সমাধান কৰিব পাৰিলেহেতেন আৰু ভুল নকৰিলেহেতেন। এনেদৰে আলস্যক আঁকোৱালি আৰু চিষ্টেম- ২ ক অৱহেলা কৰি আমাৰ বুদ্ধিমত্তাৰ শক্তিক আমি সীমিত কৰিছো।

সাৰাংশ: ৩

আমি কিয় আমাৰ চিন্তা আৰু কাৰ্যৰ সদায় সচেতন নিয়ন্ত্ৰণত নাথাকো ?

আপুনি কি ভাবিব যেতিয়া আপুনি এই শব্দৰ অংশ ‘so_p’ দেখা পায়? হয়তো একো নাভাবিব। কিন্তু যদি প্ৰথমেই ‘eat’ শব্দটো দেখা পায়, তেতিয়া? এতিয়া আপুনি ‘so_p’ শব্দটোক ‘soup’ বুলি সম্পূৰ্ণ কৰিব। এই প্ৰক্ৰিয়াকেই কোৱা হয় ‘প্ৰাইমিং’। আমি প্ৰাইমিঙৰ কবলত পৰো যেতিয়া কোনো শব্দ, ঘটনা বা ধাৰণাৰ অৱস্থিতিত আমাক সেই শব্দৰ সম্পৰ্কিত শব্দ বা ধাৰণাৰ কথা ভাবিবলৈ বাধ্য কৰে। যদি ‘eat’ ৰ সলনি আপুনি ‘shower’ শব্দটো দেখিলেহেঁতেন তেতিয়া আপুনি শব্দটো ‘soap’ বুলি লিখিলেহেঁতেন। এই প্ৰায়মিঙে কেৱল আমাৰ চিন্তাকেই প্ৰভাৱিত নকৰে, আমাৰ কাৰ্যও প্ৰভাৱিত হয়। মনটোৱে যেনেকৈ কোনো শব্দ, ধাৰণাৰদ্বাৰা প্ৰভাৱিত হয়, ঠিক তেনেকৈ আমাৰ শৰীৰো হয়। এটা উদাহৰণ এক গৱেষণাত পোৱা যায় য’ত অংশগ্ৰহণকাৰীসকলক কিছুমান শব্দ, যি বাৰ্দ্ধক্যৰ লগত জড়িত, যেনে ‘Florida’ আৰু ‘wrinkle’ৰ দ্বাৰা প্ৰাইমিং কৰা হৈছিল; আৰু দেখা গৈছিল, তেওঁলোকৰ খোজৰ গতিবোৰ সঁচৰাচৰ দেখা পোৱাতকৈ কমি গৈছিল। ঠিক বুঢ়া মানুহে খোজ কঢ়াৰ দৰে। আচৰিত ভাৱে এই প্ৰক্ৰিয়া সম্পূৰ্ণ অৱচেতন, ই আমাৰ অজ্ঞাতেই সংঘটিত হয়। এই প্ৰাইমিঙে কয় যে আমি আমাৰ কাৰ্য, নিৰ্ণয় আৰু নিৰ্বাচনত সম্পূৰ্ণ সচেতন কেতিয়াও নহয়, আমি আচলতে প্ৰত্যেক মুহূৰ্ততেই কিছুমান সামাজিক আৰু সাংস্কৃতিক কাৰকৰদ্বাৰা ‘প্ৰাইম্দ’ হৈ আছোঁ। উদাহৰণস্বৰূপে, কেথলীন ভ’ৰ দ্বাৰা কৰা গৱেষণাৰ জৰিয়তে প্ৰমাণ কৰা হৈছিল যে পইচাৰদ্বাৰা এজন মানুহক ব্যক্তিত্ববাদী কাৰ্যৰ প্ৰতি প্ৰাইম্দ কৰিব পাৰি। মানুহবোৰক পইচাৰ ধাৰণাৰদ্বাৰা প্ৰাইম্দ কৰা হৈছিল। উদাহৰণস্বৰূপে কেৱল মাত্ৰ পইচাৰ ছবি দেখাৰ পাছতেই অংশ লোৱাসকলে স্বনির্ভৰশীল হৈ কাম কৰিছিল, আনৰ ওপৰত নিৰ্ভৰ কৰি নহয়। এই গৱেষণাৰ এটা তাৎপৰ্য হৈছে যে এখন সমাজত, য’ত টকা- পইচাৰ দ্বাৰা আমি সদায়েই প্ৰাইম্দ হৈ থাকো, ই আমাক পৰোপকাৰী আচৰণৰপৰা আঁতৰাই অনাৰ সম্ভাৱনা থাকে। প্ৰাইমিঙে আন আন সমাজিক কাৰকৰ দৰেই এজন ব্যক্তিৰ চিন্তা আৰু সেয়ে তেওঁৰ নিৰ্বাচন, বিচাৰ আৰু আচৰণক প্ৰভাৱিত কৰিব পাৰে আৰু ই সমাজলৈ পুনৰ প্ৰতিফলিত হয় আৰু যিখন সমাজত আমি থাকো ই গুৰুতৰ ভাৱে তাক প্ৰভাৱিত কৰে।

সাৰাংশ: ৪

মনটোৱে কেনেকৈ খৰতকীয়া সিদ্ধান্ত লয়, যদিওবা ইয়াৰ ওচৰত এটা ৰেশ্যনেল সিদ্বান্ত ল’বৰ বাবে যথেষ্ট তথ্য নাথাকে? কল্পনা কৰক আপুনি শইকীয়া নামৰ ব্যক্তি এজনক এটা পাৰ্টিত লগ পালে। তেওঁৰ লগত আপুনি সহজ হৈ পৰিল। পাছত আপোনাক যদি কোনোবাই সোধে, আপুনি কোনো মানুহৰ বিষয়ে জানে নেকি যি আমাক সাহাৰ্য দিব পাৰিব। তেতিয়া আপুনি শইকীয়াৰ কথা মনলৈ আনিব। যদিওবা আপুনি তেওঁৰ বিষয়ে এটাহে কথা জানে যে শইকীয়াৰ লগত কথা পাতিবলৈ সহজ। আন অৰ্থত আপুনি শইকীয়াৰ ব্যক্তিত্বৰ এটা কথা ভাল পালে আৰু আপুনি ভাবি ল’লে যে আপুনি তেওঁৰ সকলো দিশেই ভাল পাব। আমি এজন ব্যক্তিক তেওঁৰ বিষয়ে ভালকৈ নজনাকৈয়ে প্ৰায়ে সমৰ্থন কৰো বা কেতিয়াবা নকৰো। আমাৰ মনৰ এই সৰলীকৰণ প্ৰক্ৰিয়াই আমাৰ বিচাৰ প্ৰক্ৰিয়া ত্ৰুতিপূৰ্ণ কৰে। ইয়াক ‘Exaggerated emotional coherence’, যাক হেলো এফেক্ট ‘Halo effect’ বুলিও জনা যায়। শইকীয়াৰ প্ৰতি আপোনাৰ ধনাত্মক ধাৰণাই আপোনাক শইকীয়াৰ ওপৰত এটা বর্ণবলয় তৈয়াৰ কৰি দিছে, যদিওবা আপুনি তেওঁৰ বিষয়ে খুউব বেছি নাজানে। কিন্তু এইটোৱেই একমাত্ৰ চৰ্টকাট নহয়, যাক আমাৰ মনে বিচাৰি লয় যেতিয়া কোনো সিদ্ধান্ত ল’বলগীয়া হয়। ইয়াৰ লগতে ‘confirmation bias’ও আছে। এইটো হৈছে মানুহৰ এক প্ৰৱণতা য’ত মানুহে নিজৰ পুৰ্বৰ ধাৰণাবোৰৰ সমৰ্থিত তথ্যক সমৰ্থন দিয়ে লগতে এই তথ্যবোৰ কোনোবাই দিহা হিচাপে দিলেও তাক আদৰি লয়। যদি আপোনাক সোধা হয়, “দেৱাঞ্জন ল’ৰাজন বন্ধুত্বপূৰ্ণ হয়নে?” তেতিয়া হয়তো আপুনি ক’ব হয়; কিয়নো মোৰ বিষয়ে আন তথ্য নাথাকিলে, এতিয়ালৈকে হোৱা অভিজ্ঞতাৰেই আপোনাৰ ধাৰণা গঢ় ল’ব। এই নিশ্চিতকৰণ পক্ষপাত আৰু বৰ্ণবলয়ৰ প্ৰভাৱ দুয়োৰে কাৰণ হৈছে আমাৰ মনটোৱে খৰকৈ সীদ্ধান্ত ল’ব বিচাৰে। কিন্তু ই প্ৰায়েই আসোঁৱাহপূৰ্ণ হয়। কাৰণ আমাৰ হাতত সদায়েই সম্পূৰ্ণ তথ্য নাথাকে এটা সঠিক সিদ্ধান্ত ল’বৰ বাবে। আমাৰ মনটোৱে ভুল নিৰ্দেশ আৰু সৰলীকৰণৰ সহায়ত তথ্যৰ অভাৱতো সিদ্ধান্ত ল’ব বিচাৰে আৰু ফলত আমাৰ সিদ্ধান্তবোৰেৰে ভুল মীমাংসাত উপনীত হওঁ। প্ৰাইমিঙৰ দৰেই এই ‘কগনিতিভ’ পৰিঘটনাবোৰ আমাৰ অজ্ঞাতেই সংঘটিত হয় আৰু আমাৰ নিৰ্বাচন, ৰায় আৰু কাৰ্যক প্ৰভাৱিত কৰে।

সাৰাংশ: ৫

কেনেকৈ আমাৰ মনে কিছুমান ‘চৰ্টকাট’ ব্যৱহাৰ কৰে দ্ৰুত সিদ্বান্ত ল’বৰ বাবে?

প্ৰায়েই আমি এনে পৰিস্থিতিত নিজকে বিচাৰি পাওঁ য’ত আমি দ্ৰুত সিদ্বান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰে। আমাক এইক্ষেত্ৰত সহায় কৰিবলৈ আমাৰ মনটোৱে কিছুমান ‘চৰ্টকাট’ তৈয়াৰ কৰি লয় আমাৰ চৌপাশৰ পৰিবেশক দ্ৰুতভাৱে বুজিবৰ বাবে। এইবোৰেকেই ‘heuristic ‘ বুলি কোৱা হয়।

বেছিভাগ সময়তেই এই প্ৰক্ৰিয়া যথেষ্ট উপযোগী৷ কিন্তু আমাৰ মনে ইয়াৰ ‘অতিৰিক্ত ব্যৱহাৰ’ কৰিবলৈ বিচাৰে, এইটো এটা সমস্যা। ইয়াক যদি কিছুমান পৰিস্থিতিত ব্যৱহাৰ কৰা হয় য’ত ইয়াক ব্যৱহাৰ কৰিব নালাগে, ই আমাৰ ভুলৰ পৰিমাণ বঢ়াই তোলে। এই হিউৰিষ্টিক কি হয় আৰু ই কেনেকুৱা ভুল আমাৰদ্বাৰা কৰাব পাৰে তাক জানিবলৈ আমি ইয়াৰ দুটা ভাগৰ বিষয়ে জানিব লাগিব: ক) বিকল্প হিউৰিষ্টিক, খ) উপলব্ধতা হিউৰিষ্টিক।

প্ৰথমটোত আমি এটা সৰল প্ৰশ্নৰ হে উত্তৰ দিওঁ, কিন্তু আমাক আন এটা প্ৰশ্ন হে সোধা হয়তো হৈছিল।

ধৰা হওক আপোনাক সোধা হ’ল, ড° গোঁহাই এজন ৰাজনৈতিক নেতা হিচাপে উপযুক্ত হ’বনে? তেতিয়া প্ৰশ্নটো আমি আন ধৰণেৰে ভাবিম, “তেখেতৰ এজন সফল ৰাজনৈতিক নেতা হোৱাৰ গুণ বা দোষবোৰ আছেনে?” এই হিউৰিষ্টিকৰদ্বাৰা আমি তেওঁৰ বেক্গ্ৰাউন্ড আৰু দৃষ্টিভংগী জনাৰ পৰিৱৰ্তে আমি আন এটা সৰল প্ৰশ্ন কৰিম, তেওঁৰ ব্যক্তিত্ব আৰু এজন সফল ৰাজনৈতিক নেতাৰ ব্যক্তিত্বৰ ক্ষেত্ৰত আমি দেখা পোৱা মানসিক ভাৱমূর্তিৰ লগত ৰজিতা খাইছেনে নাই! আৰু যদি আমাৰ এই মানসিক ভাৱমূৰ্তিৰ লগত তেওঁৰ ব্যক্তিত্বই খাপ নাখায় আমি তেওঁক নিৰ্বাচনত ভোট নিদিম, যদিওবা হয়তো তেওঁ আন দহজন ৰাজনৈতিক নেতাতকৈ ভাল প্ৰশাসক হ’ব পাৰিলেহেঁতেন।

ইয়াৰ পাছত আহে উপলব্ধতা হিউৰিষ্টিক। য’ত আমি কিছুমান বস্তুৰ সম্বাৱনীয়তাৰ অতিৰিক্ত অনুমান কৰি লওঁ কাৰণ সেই বস্তু বা কথাবোৰ আমি প্ৰায়েই শুনি থাকো। উদাহৰণস্বৰূপে ষ্ট্ৰ’কৰ বাবে দুৰ্ঘটনাতকৈ বেছি মৃত্যু হয়। কিন্তু এটা গৱেষণাই ক’লে যে ৮০% লোকেই ক’লে যে দুৰ্ঘটনাৰ সম্ভাৱনীয়তাহে বেছি। কিন্তু কিয়? কাৰণ মিডিয়াত আমি দুৰ্ঘটনাৰ কথাহে প্ৰায়েই শুনো। আৰু যিহেতু তেওলোকৰ চাপ আমাৰ মনত বেছিকৈ পৰে সেয়ে আমি এই দুৰ্ঘটনাৰ কথাহে বেছি মনত ৰাখো ষ্ট্ৰ’কতকৈ। আৰু ফলত আমি এই সাম্ভাব্য বিপদৰ অসঠিক মূল্যায়ণ কৰো আৰু আমি এনে স্থিতিত ভুল প্ৰতিক্ৰিয়া দেখুৱাও।

সাৰাংশ: ৬

আমি কিয় পৰিসংখ্যা বুজাত অসমৰ্থ হওঁ আৰু ফলত পৰিহাৰ্য ভুলবোৰ কৰি পেলাওঁ?

কিবা এটা ঘটনা সংঘটিত হ’ব বুলি আপুনি পূৰ্বানুমান কেনেকৈ কৰে?

এটা ফলপ্ৰসূ ব্যৱস্থা হৈছে, ‘base rate’ ৰ কথা মনত ৰখা। ই এক ধৰণৰ পাৰিসংখ্যিক ভিত্তি যাৰ ওপৰত আন আন পৰিসংখ্যা নিৰ্ভৰ কৰে। উদাহৰণ স্বৰূপে ধৰা হওঁক এক টেক্সি কোম্পানীৰ ২০% হালধীয়া টেক্সি আছে আৰু ৮০% ৰঙা টেক্সি আছে। অৰ্থাত ‘বেছ ৰেট’ হ’ব ৰঙা টেক্সিৰ বাবে ৮০ আৰু হালধীয়াৰ বাবে ২০। আপুনি এখন টেক্সি মাতিলে আৰু যদি আপুনি ‘বেছ ৰেট’টো মনত ৰাখে আপোনাৰ অনুমান সঠিক হ’ব। অৰ্থাৎ আমি ‘বেছ ৰেট’ক মনত ৰখা দৰকাৰ, কিন্তু দুৰ্ভাগ্যবশতঃ এয়া সদায় হৈ নুঠে আৰু আমি প্ৰায়েই ‘base rate neglect’ কৰো৷ ইয়াৰ কাৰণ আমি আশা কৰামতে অনুমান কৰো। উদাহৰণস্বৰূপে কোনো দুৰাৰোগ্য ৰোগ প্ৰাৰ্থনাৰদ্বাৰা ভাল হোৱা বুলি আপুনি শুনিলে। আপুনি ভাবি ল’ব যে কোনো এজন মানুহে প্ৰাৰ্থনা কৰিলেও তেওঁৰ ৰোগ ভাল হ’ব। কিন্তু এই বেমাৰৰ নিজে নিজে ঠিক হোৱাৰ ‘base rate’ সম্পৰ্কে আপুনি জানিব লাগিব সঠিক সিদ্বান্ত ল’বৰ বাবে। বহুত বেমাৰ হয়তো দৰৱ নোখোৱাকৈ ভাল হয়, প্ৰাৰ্থনা কৰক বা নকৰক। আন এটা বিষয় আমি উপেক্ষা কৰো যাক কোৱা হয়, ‘regression to the mean’, এটা যাদৃচ্ছিক চলক যদি ‘চৰম ভেল্য়ু’ৰ হয়, পৰৱৰ্তি সময়ত ই গড়ৰ দিশে ধাবমান হ’ব। ধৰা হ’ল এজন খেলুৱৈয়ে, যাৰ গড় গ’ল দিয়াৰ সংখ্যা মাহে ৫ টা, তেওঁ দুটা মাহত ৯ টাকৈ গ’ল দিলে। তেওঁৰ সমৰ্থক সকল সুখী হ’ল কিন্তু তাৰ পাছত তেওঁ গড়ে ৫ টাকৈহে গ’ল দিবলৈ ধৰিলে আৰু ককৰ্থনাৰ সন্মুখীন হ’ল। এই প্ৰদৰ্শন ‘random’ কাৰণ বহুত কাৰকে এজন খেলুৱৈৰ খেলত প্ৰভাৱ পেলাব পাৰে। প্ৰতিভা আৰু ভাগ্য়, এই দুইটাই ইয়াত ক্ৰিয়া কৰিব। অসমৰ দৌৰবিদ হিমা দাসৰ ক্ষেত্ৰতো একে কথাই খাটিব নে? হয়তো হয়, হয়তো নহয়! সেয়ে সমালোচনা অপ্ৰয়োজনীয় নহয়নে?

সাৰাংশ: ৭

‘হাইণ্ডচাইট’ৰ পৰা আমি কিছুমান ঘটনা বেছিকৈ মনত ৰাখো, অভিজ্ঞতাৰ পৰা নহয়।

‘হাইণ্ডচাইট’ক অসমীয়া ‘চোৰ গ’লে বুদ্ধিৰ’ লগতো ৰিজাব পাৰি।

আমাৰ মনটোৱে পোন বাটেৰে অভিজ্ঞতাবোৰ মনত নাৰাখে। আমাৰ দুটা, ‘memory selves’ থাকে, যি দুই ধৰণেৰে পৰিস্থিতিবোৰ মনত ৰাখে।

প্ৰথমে আহে- অভিজ্ঞতা সত্বা, যি বৰ্তমানৰ আপোনাৰ অনুভৱবোৰ ধৰি ৰাখে। ই আপোনাক প্ৰশ্ন কৰে, “আপুনি এতিয়া কি অনুভৱ কৰিছে?”

আনটো হৈছে- স্মৰণ সত্বা(remembering self)। ঘটনাটো ঘটি যোৱাৰ পাছত ই মনত ৰাখে। ই প্ৰশ্ন কৰে, “সামগ্ৰিক ভাৱে ঘটনাতো কেনেকুৱা আছিল”

অভিজ্ঞতা সত্বাই ঘটনাৰ এটা সঠিক বিৱৰণ দিয়ে, কাৰণ আমাৰ ভাৱনাবোৰ এটা ঘটনাৰ সময়ত প্ৰায়েই সঠিক হয়। কিন্তু স্মৰণ সত্বা ইমান সঠিক নহয় কাৰণ ই ঘটনাটো ঘটি যোৱাৰ পাছত হে ‘মেমৰি’বোৰ ধৰি ৰাখে।

দুটা কাৰণ আছে যে কিয় স্মৰণ সত্বাই অভিজ্ঞতাক দমন কৰি ৰাখে। প্ৰথমটোক কোৱা হয় ‘ডিউৰেশ্যন নেগলেক্ট’। য’ত আমি সম্পূৰ্ণ সময়খিনিক আওকাণ কৰো আৰু বিশেষ এটা মেমৰিকহে অগ্ৰাধিকাৰ দিও, দ্বিতীয়তে ‘peak end rule’ য’ত ঘটনাৰ শেষাংশকহে আমি বেছি গুৰুত্ব দিও।

এই দমনক বুজিবৰ বাবে এই উদাহৰণটো চাওক। এটা পৰীক্ষাত এটা ক’লনস্কপি অপাৰেশ্যনৰ সময়ত মানুহৰ বেদনাদায়ক স্মৃতিৰ জোখ লোৱা হৈছিল। অপাৰেশ্যনৰ আগত দুটা ভাগত তেওঁলোকক ভাগ কৰা হৈছিল। এটা গোটক দীঘলীয়া সময়ৰ বাবে অপাৰেশ্যন কৰা হৈছিল আনটোক কম সময়ৰ বাবে, কিন্তু শেষাংশত বেদনাৰ হাৰ বৃদ্ধি কৰা হৈছিল।

আপুনি ভাবিব যে সকলোতকৈ অসুখী ‘unhappy’ মানুহ হ’ব যিসকলে দীঘলীয়া সময়ৰ বাবে অপাৰেশ্যনত আছিল। এইটোৱেই তেওঁলোকে সেই সময়ত অনুভৱ কৰিছিল। যেতিয়া তেওঁলোকক এই বিষয়ে সোধা হৈছিল তেওঁলোকৰ অভিজ্ঞতা সত্বাই সঠিক উত্তৰেই দিছিল। দীঘলীয়া প্ৰক্ৰিয়াত অংশ লোৱাসকলে বেছি বেদনা অনুভৱ কৰিছিল৷ কিন্তু পাছত যেতিয়া তেওঁলোকক এই বিষয়ে সোধা হ’ল, তেওঁলোকৰ স্মৰণ সত্বাই অভিজ্ঞতাক দমন কৰিলে। যিসকলে হ্ৰস্ব কিন্তু বেছি বেদনাদায়ক প্ৰক্ৰিয়াৰ মাজেৰে গৈছিল, তেওঁলোকে বেছি কষ্ট অনুভৱ কৰাৰ কথা ক’লে। এই চাৰ্ভেটোয়ে এটা স্বচ্ছ উদাহৰণ ডাঙি ধৰে, ‘ডিউৰেশ্যন নেগলেক্ট’, ‘পিক্ এণ্ড ৰুল’ আৰু আমাৰ ‘ফল্টি মেমৰি’ৰ বিষয়ে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক