থুলুক, টেট বাইদেউ আৰু নিউটনৰ তৃতীয় গতি সূত্ৰ (অচিন্ত বৰঠাকুৰ)

টেট বাইদেউৰ প্ৰতি থুলুকৰ দুৰ্বলতা লাহে লাহে গভীৰৰ পৰা গভীৰতৰ হৈ আহি আছে। বাইদেউজনীক প্ৰথম দেখা দিনাখনেই তাৰ শৰীৰটোৱেদি কাৰেণ্টে ছৰ্ট মৰাৰ নিচিনাকৈ যে কিবা এটা অনুভৱ পাৰ হৈ গৈছিল, তেওঁক দেখা মাত্ৰেই সেই অনুভৱ তাৰ শৰীৰেদি একেধৰণেৰেই পাৰ হৈ যোৱাৰ ধাৰাতো এতিয়াও অব্যাহত আছে। শ্ৰেণীকোঠাত বাইদেউৱে কিবা পঢ়াবলৈ ল’লেই তাৰ মনটোক বাইদেউৰ চকুযোৰে ধৰি বান্ধি কৰ’বালৈ উৰাই লৈ গুছি যায়গৈ। শ্ৰেণীকোঠাৰ পৰা বাইদেউৰ চকুৱে তাক এনেদৰে উৰুৱাই নিয়াৰ এই পদ্ধতিটো দিনে দিনে যেন বেছি শক্তিশালী হৈ গৈ আছে, মাজে মাজে তাৰ তেনে অনুভৱ হয়। সঁচা কথা ক’বলৈ গ’লে, এতিয়ালৈ শ্ৰেণীকোঠাৰ ভিতৰতেই হওক বা বাহিৰতেই, শয়নে-সপোনে অনবৰতে তাৰ চকুৰ আগত মৰমলগা টেট বাইদেউজনীৰ মৰমলগা চকুযুৰিয়ে তাক হাত বাউলি মতা জীৱন্ত যেন লগা ছবিখনেই ভাঁহি থকা হৈছেগৈ। আজিকালি তাৰ এনে অনুভৱ হয় যেন দিনটোৰ প্ৰতি মূহুৰ্ততে বাইদেউজনী তাৰ ছাঁটোৰ দৰে লগে লগে ঘূৰি ফুৰে…. ঘনে ঘনে তালৈ চাই মিচিকিয়াই হাঁহে…. সুযোগ পালেই তেওঁ তাক কোনোবা অজান দেশৰ মোহনীয় টুৰিষ্ট স্পটলৈ লৈ গৈ তাৰ সতে নাছি বাগি, গান গাই তাৰ দিবাস্বপ্নবোৰক ভৰাই তোলে। এই অনুভৱটোৱে তাক আজিকালি প্ৰায়ে শলঠেকতো পেলাবলৈ লৈছে। টেট বাইদেউৰ সতে মনে মনে কিবা কিবি কথা পাতি বা গান গাই আপোন পাহৰা হৈ থকা অৱস্থাত তাৰ খোলা চকুৰে দেখি থকা ঘটনাবোৰৰ বিষয়েও সি একো সম্ভেদ নোপোৱা হৈ যায় কেতিয়াবা। তেনে অৱস্থাত কোনোবাই কিবা সুধি দিলে ঠোটা-মোজা লাগি যায় তাৰ। এমাহ জোৰা গৰমৰ বন্ধত টেট বাইদেউক দেখিবলৈ নাপাই তাৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰাৰ দৰে হৈ পৰিছিল। স্কুল বন্ধ থকা মাহটোৰ প্ৰতিটো মূহুৰ্তই এটা এটা দিন আৰু একোটা দিনেই একোটা একোটা বছৰ যেন লাগিবলৈ ধৰিছিল তাৰ। একত্ৰিশ দিনীয়া মাহটোৰ প্ৰতিটো মূহুৰ্ততে বন্ধ খোলালৈ অপেক্ষা কৰোঁতে কৰোঁতে মাহটোৰ এদিনো সি পঢ়া বা খেলা একোতেই মন বহাব নোৱাৰিলে। লাহে লাহে সি বুজি উঠিছেগৈ টেট বাইদেউৰ অবিহনে লাহে লাহে তাৰ আৰু জীয়াই থকাটোৱেই সম্ভৱ নহ’ব কিজানি। সেয়েহে নিজাববীয়াকৈ এইবাৰ সি পেটে পেটে চূড়ান্ত সিদ্ধান্তটো লৈ পেলাইছে। দুই তিনি বছৰৰ পিছত যেতিয়া সি বাইদেউৰ সমান হ’বগৈ(!) তেতিয়াই তেওঁক সি মনতে পাঙি থোৱা সেই বিশেষ কথাটো কৈ দিব; তাৰ পিছতহে যদি শান্তি আহে তাৰ মনলৈ।

দিনটোত দ্বিতীয়বাৰৰ কাৰণে টেট বাইদেউ থুলুকহঁতৰ শ্ৰেণীকোঠালৈ সোমাই আহিল। পিছবেলাৰ ক্লাছকেইটাত থুলুকৰ একেবাৰেই মন নবহে যদিও এইগৰাকী বাইদেউ সোমাই আহিলে ক্লাছটোৰ গোটেই সময়খিনি তাৰ আগবেলা আগবেলা যেনেই লাগিবলৈ ধৰে। বাইদেউৱে আজি নিউটনৰ তৃতীয় গতিসূত্ৰ পঢ়াবলৈ লৈছে। বাইদেউৱে পঢ়োৱা কথাখিনি থুলুকে যত্নসহকাৰে শুনি যাবলৈ আপ্ৰাণ চেষ্টা কৰিছে।
: প্ৰতিটো ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে….. ফুটবল এটা ভৰিৰে আগলৈ মাৰি পঠিয়াওঁতে ভৰিটোত এটা পশ্চাদমুখী প্ৰতিক্ৰিয়া অনুভূত হয়…………
…. বাইদেউৱে বুজাবলৈ আৰম্ভ কৰিলে………থুলুকে বলটোত এটা প্ৰচণ্ড গোৰ মাৰিলে….সিমূৰত ৰৈ থকা বাইদেউৱে “উ মা” জাতীয় শব্দ এটা কৰি কাষলৈ দৌৰ দিলে….. থুলুকৰ মনটো অনুশোচনাৰে ভৰি পৰিল…… সি তেওঁৰ ফালে আগবাঢ়ি গ’ল আৰু নিজেই নিজৰ কাণত ধৰি উঠ-বহ কৰি ক্ষমা বিছাৰিলে……. বাইদেউৱে তাৰ হাতত ধৰি পাহাৰটোৰ ওপৰৰ ঘাঁহনিখনলৈ লৈ গ’ল….. গোটেই পাহাৰখন এগালমান ৰঙা-নীলা আৰু পখৰা-পাখৰি কোমল কোমল বেলুনেৰে ভৰি আছিল…… তাৰে ৰঙা এটা লৈ বাইদেউৱে তাৰ ফালে মাৰি পঠিয়ালে……সি নীলা এটা বুটলি ল’ব খুজিও ৰৈ গ’ল…… ৰঙা ল’লেহে প্ৰতিক্ৰিয়া সমান হ’ব…… বুটলি লোৱা ৰঙা বেলুনটো সি সমান জোৰেৰে বাইদেউৰ গালৈ মাৰি পঠালে……খিলখিলাই হাঁহি বাইদেউৱে বেলুনটো থাপ মাৰি ধৰিলে আৰু পাহাৰটোৰ সিটো মূৰলৈ দৌৰ দিলে….. বেলুনৰ ওপৰেদি জপিয়াই জপিয়াই যোৱা বাইদেউজনীৰ জাঁপৰ বিপৰীত দিশে বেলুনবিলাকেও সমানে সমানে জপিয়াবলৈ আৰম্ভ কৰিলে…. ঘাঁহনিখনৰ এইটো মূৰত ৰৈ যোৱা থুলুকে ৰ লাগি সেই পৰীহেন টেট বাইদেউ আৰু বেলুনৰ অপৰূপ নৃত্য উপভোগ কৰিবলৈ লাগিল। লাহে লাহে টেট বাইদেউৱে তাৰ চকুত চকু থৈ নাছি নাছি সেইস্থানৰ পৰা ক্ৰমান্বয়ে তাৰ ওচৰলৈ আহিবলৈ ধৰিলে…..সি দুহাত প্ৰসাৰিত কৰি বাট চাই ৰ’ল…..

হঠাৎ পুতুকণৰ খোঁচত সম্বিত ঘূৰাই পালে থুলুকে। সিহঁতৰ বেঞ্চখনৰ কাষতে ৰৈ টেট বাইদেউৱে তাৰ চকুলৈকে চাই ঠিয় হৈ ৰৈ থকা দেখি থতমত খাই উঠিল সি। দুবাৰমান চকুকেইটা পিৰিক-পাৰাক কৰি আৰু ইফালে-সিফালে চাই সি পৰিস্থিতিটো অধ্যয়ন কৰিবলৈ চেষ্টা কৰিও বিফল হ’ল। শ্ৰেণীকোঠাৰ সকলোৱেই তালৈ চাই থকা যেন দেখিবলৈ পালে সি। সদায় তাৰ এনেকুৱাই হয়, এই টেট বাইদেউজনী ক্লাছত থাকিলে কোন মূহুৰ্তত তাৰ মনটোকলৈ উৰি গুছি যায়গৈ, সি ধৰিবই নোৱাৰে। পুতুকণ নাথাকিলে তাৰ যে কি হ’ব, সেয়া সি কেতিয়াবা কল্পনা কৰিবলৈ লৈও ভয় খাই যায়গৈ।

: ৰকেটৰ ধোঁৱা তললৈ কিয় যায়, কৈ নিদিয় কিয়?

-পুতুকণে চেপা মাতটোৰে দিয়া ধমকি যেন লগা কথাষাৰত থুলুকে বুজি পালে যে বাইদেউৱে তাক সেই প্ৰশ্নটোৱেই সুধি আছে। অবশ্যে কেতিয়াৰ পৰা সুধি আছে, সেইটো সি সঠিককৈ অনুমান কৰিব নোৱাৰিলে।

প্ৰশ্নটো শুনি তাৰ সিহঁতৰ গাঁৱৰ নগেন দাইটিয়ে কেতিয়াবাতে কোৱা গাজা এটালৈ মনত পৰি গ’ল। এবাৰ বোলে এৰোপ্লেন এখনে তুফান বেগত উৰি গৈ থকা ৰকেট এটাক দেখি বৰপানী কৰিবলৈ দৌৰা নিচিনাকৈ দৌৰিছে বুলি কৈ খুউব হাঁহিছিল। পিছে ৰকেটে বোলে, “মোৰ নিচিনাকৈ বৰপানীৰ পথত জুই লগাই দিলে তুমিও গমটো পাবা” বুলি কৈ থৈ লৰালৰিকৈ আঁতৰি গৈছিল। তেতিয়াৰ পৰাই বোলে এৰোপ্লেনে আকাশত ভয়ে ভয়ে উৰা হ’ল আৰু কাকো নহঁহা হ’ল। ৰকেটৰ শাওপাততে বোলে এতিয়াও কেতিয়াবা কেতিয়াবা এৰোপ্লেনৰ গাত জুই লাগে। নগেন দাইটি বোলে স্কুললৈ যোৱাই নাছিল, তথাপি বিভিন্ন বিষয়ত তেওঁৰ জ্ঞানৰ গভীৰতাৰ কথা গাঁৱৰ মানুহে প্ৰায়ে স্বীকাৰ কৰে। পিছে, সেই ৰকেটৰ কথা যে সিহঁতৰ কিতাপতো থাকিব পাৰে, সি ভবাই নাছিল। বৰপানীৰ ৰাস্তা সদায় তলফালেই থাকে। গতিকে তাত জুই লগালে ধোঁৱা নিশ্চয় তলফালেই যাব। খুহুতীয়া কথাৰে নগেন দাইটিয়ে গাঁৱৰ ঘৰে ঘৰে বিলাই ফুৰা জ্ঞানক সি আজি আকৌ এবাৰ মানি ল’লে। কিতাপ নপঢ়ি আজিৰ পৰা নগেন দাইটিৰ কথাবোৰ শুনি থাকিলেই যে সি সকলোবোৰ পৰীক্ষাত হেলাৰঙে উত্তীৰ্ণ হৈ যাব, সেইটোত সি নিশ্চিত হ’ল। কিন্তু, টেট বাইদেউক নগেন দাইটিৰ জিভাৰে ওলোৱা সেইবোৰ শব্দ কোৱা যায় কেনেকৈ? সি এক মূহুৰ্ত চিন্তা কৰিলে….. তাৰ ওঁঠেৰে বৈ অহা লাজ লাজ ভাবটো কোনোমতে চেপি ৰাখিবলৈ চেষ্টা কৰিলে……. আৰু যিমান পাৰি লাহে লাহে আৰু কম ভলিউমত সি উত্তৰটো ক’বলৈ আৰম্ভ কৰিলে:

: কি কৰিব বাইদেউ, কিছুমান বস্তুৰ পৰা ওলোৱা ধোঁৱা তলফালেদি নগ’লে যাবলৈ আৰু ৰাস্তাই নাথাকে ন…..

থুলুকৰ উত্তৰ শেষ হ’বলৈ পালে কি নাপালে, টেট বাইদেউৱে ৰণচণ্ডী মূৰ্ত্তি ধৰি তাৰ ওপৰত যেন জঁপিয়াইহে পৰিব, তেনেখন কৰি ক’বলৈ লাগিল,
: কি? কি ক্ক’লা তুমি?? তলফালেদি ধোঁৱা??? ইমান অসভ্য নে তুমি???? ইমান দেৰি মই সমান আৰু বিপৰীমুখী বলৰ কথা কৈ থকা শুনিছিলা নে নাই তুমি???? বেলুন আঁকি, নাওঁ আঁকি ব’ৰ্ডত ইমান দেৰি ইয়াকেহে বুজাইছিলোঁ নেকি মই????? নাচালাই তাৰমানে তুমি সেইফালে????? আৰম্ভণিৰ পৰা মন কৰি আছোঁ তোমাক মই, পঢ়ুওৱাৰ সময়ত ভেবা লাগি কি চাই থাকা তুমি? পঢ়া-শুনাত মন নাই যদি নাহিবা স্কুললৈ। কি পঢ়াই আছোঁ- তোমাৰ কাণত সোমাইগৈ নে নাই? নে মই কোৱা কথাবোৰ শুনিবলগীয়া কথা নহয় বুলি এখন কাণেৰে সুমুৱাই আনখন কাণেদি উলিয়াই দিয়া? বেয়া কথা ক’বলৈ আহিছা ক্লাছত, হাঁ???? হেড ছাৰক কম্প্লেইন্কৰিম মই, তোমাৰ গাৰ্জেনক ৰিপৰ্ট দিবলৈ ক’ম। ………..নিজৰ ক্লাছ কৰিয়েই আজৰি নাপাওঁ, সদায় সদায় আকৌ লোকৰ ক্লাছ কৰিবহি লাগে, তাকো আকৌ তোমালোকে পাত্তাই নিদিয়া।। পঢ়িবলৈ মন নাই তোমালোকৰ আৰু পিছত বদনাম হ’ব মোৰ ……
থুলুকৰ মাথাটো লাহে লাহে বেয়া হৈ আহিছিল। বাইদেউৱে আৰু কি কি ক’ব, সেয়া শুনিবলৈ তাৰ ধৈৰ্য নোহোৱা হৈ আহিছিল। হুঃ…. সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়াখন থাকে কৰ’বাত …….ফুঃ….!!! ইমান দেৰি যে তেওঁ আঁকি বাকি, আখৰ লিখি ব’ৰ্ডৰ ইমূৰৰ পৰা সিমূৰলৈ ফুল বাচি পেলালে; ব’ৰ্ডখনে কি বিপৰীত ফালৰ পৰা চক পেঞ্চিল লৈ তেওঁৰ গাত সেইসোপা আঁকিবলৈ খেদি আহিছে নেকি?? হুঃ,,,,, কথা ক’বলৈ আহিছে….. বেছি অকণমান। মানুহে বৰপানী চোৱাৰ দৰে যদি সমানে সমানে বৰপানীয়ে মানুহ চুলেহেঁতেন, গোটেইখন আজি থাকিব নোৱাৰা অৱস্থা হ’লহেঁতেন!! সেইবোৰ সূত্ৰ-ফূত্ৰ ইমান শুদ্ধ হোৱা হ’লে বাইদেউক সি যিমান ভাল পায় বিপৰীতফালৰ পৰা বাইদেউৱেও তাক সমানেই ভাল পাব লাগিছিল দেখোন! ক’তা? এফালৰ পৰা তাৰ আকাশৰ সমান ভালপোৱাবোৰ আৰু সিফালৰ পৰা বাইদেউৰ আকাশৰ সমান… নহয়, তাতকৈও বেছি, কেইবাগুণো বেছি বেয়া পোৱাবোৰ……… কিহৰ সমানডাল??!!! প্ৰমাণ কৰিব নোৱাৰে যদি সেইবোৰ সূত্ৰ পঢ়াবই নালাগে। সি যিটো কৈছে, প্ৰয়োজন হ’লে সেইটো সি চবৰে মুখৰ আগত প্ৰমাণ কৰিও দেখুৱাব পাৰিব, পিছে মানিলেহে সেইজনীয়ে!! মুখে মুখে কৈ দিম যেন লাগি গৈছে তাৰ। ধুনীয়া বাইদেউজনীয়ে উত্তৰ শুনি লাজ পাব বুলি চেঞ্চৰ কৰি কিবা এটা কৈ দিছিল সি, তেওঁ আকৌ তাতে ভুল ধৰি ইমানবোৰ কথা শুনাবলৈ আহিছে, হুঃ…. পঢ়িবলৈনো কোন আহিছে স্কুললৈ?? আৰু মাষ্টৰণীয়ে ইমান ধুনীয়াকৈ সাজি-কাচি আহিলে ব’ৰ্ডলৈনো কোনে কেলেই চাব বাৰু,, ধূৰৰৰ….!! ভেবা লাগিনো ক’ত বেলেগ কৰ’বালৈ চাই থকা দেখিলে বাৰু তেওঁ, নিউটনৰ গতিসূত্ৰ মানি সমানে সমানে জপিওৱা বেলুনৰ সপোনটো তেওঁ মুখৰ আগত থকা কাৰণেহে দেখিবলৈ পালে সি!! বেলেগৰ ক্লাছততো তেনেকুৱা নহয় তাৰ। তাকো বুজি নাপায় সেইজনীয়ে….!! নাই, এনেকৈ নহ’ব আৰু, “কিবা এষাৰ নক’লে এইজনীয়ে মুখ বন্ধ কৰাৰ নামেই নোলোৱা হ’ল!!”

: &*^%লা ভোট জলকীয়া খাই পাইছে কেতিয়াবা? লগাই একা??? **%%ৰত এবাৰ লগাই দিলে কোনফালেদি ধোঁৱা ওলায়, নিজে গম পাই যাব। জুই লগোৱাৰ কথাতো বাদেই দিলোঁ। হুঃ… কথা ক’বলৈ আহিছে…..%^লা……

থুলুকে মোনা খুলি ফটাফৎ কিতাপ বহীবোৰ তাত ভৰাবলৈ আৰম্ভ কৰিলে। নপঢ়ে আৰু সি। ইস্কুললৈও নাহে আৰু আজিৰ পৰা। টেট বাইদেউৰ লগত একো সপোন নেদেখে আৰু সি। তিনি বছৰৰ পিছত ক’ম বুলি ভবা কথাবোৰো নকয়। ইঃ বৰ একেবাৰে! ইমান চিন্তা-চৰ্চা কৰি প্ৰশ্নবোৰৰ উত্তৰবোৰ ক্লাছত দিয়ে সি, সেইজনীয়ে কিন্তু সদায় ভুল ধৰে তাক। টেট নে ফেট, সেইজনীৰ প্ৰশ্নৰ উত্তৰ আৰু কেতিয়াও নকয় সি। কাণত ধৰিলে আজি। এনেয়ো সি কথা কমেই কয়, আজিৰ পৰা সেইকণো নকয়। এনেয়ো, সঁচা কথা ক’লে থুলুক বেয়া।

***************

(বি.দ্ৰ.- কাহিনীটো সম্পূৰ্ণ কল্পনাপ্ৰসূত, ইয়াত উল্লিখিত কোনা চৰিত্ৰ বা কাহিনীৰ কোনো অংশ কাৰোবাৰ বাস্তৱ জীৱনৰ লগত কিবা প্ৰকাৰে মিল থকা দেখা পালে সেইয়া সম্পূৰ্ণ কাকতালীয় বুলি উপেক্ষা কৰে যেন।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments