থুলুক, টেট বাইদেউ আৰু পুখুৰী (অচিন্ত বৰঠাকুৰ)

থুলুক, টেট বাইদেউ আৰু পুখুৰী

অচিন্ত বৰঠাকুৰ

টেট বাইদেউৰ প্রতি থুলুকৰ ক্ৰমবৰ্ধমান দুৰ্বলতাই এতিয়ালৈ তাৰ দিনপঞ্জীয়েই সলনি কৰি পেলাইছে। অকণমানিকৈ ধুনীয়া বাইদেউজনীয়ে স্কুলত যোগদান কৰাৰে পৰা থুলুক শ্রেণীত একেবাৰে ৰেগুলাৰ। মাকৰ কেটকেটনি নুশুনালৈকে পঢ়া টেবুললৈ যাবলৈ মন নকৰা থুলুকে আজিকালি ঘৰতো নিজে নিজে কিতাপ মেলি পঢ়ে। অবশ্যে, শ্রেণীকোঠাত বা নিজৰ পঢ়া টেবুলত বহি সি কেনে ধৰণে লাভান্বিত হয়, সেয়া অন‌্য এক ৰহস‌্য। আচলতে, গৰম বন্ধৰ আগৰ কোনো এটা দুপৰীয়া প্ৰথমবাৰৰ বাবে টেট বাইদেউ‌ক সি সিহঁতৰ স্কুলত দেখাৰ পৰাই তাৰ মনটো কিবা এক নাম নজনা বিশেষ ধৰণৰ অনুভূতিৰে ভৰি পৰিছিল আৰু তেতিয়াৰ পৰাই তাৰ মনটো দিনক দিনে উৰণীয়া হৈ হৈ আহি আছিল। সঁচা অর্থত ক’বলৈ গ’লে, শ্রেণীকোঠাৰ ভিতৰে বাহিৰে, শয়ণে সপোনে আজিকালি তাৰ চকুৰ আগত মৰমলগা টেট্‌ বাইদেউজনীৰ হাত বাউলি মতা জী‌ৱন্ত যেন লগা ছবিখনেই ভাঁহি থাকে। তাৰ এনে অনুভৱ হয় যেন দিনটোৰ প্রতি মূহুর্ততে বাইদেউ তাৰ ছাঁটোৰ দৰে লগে লগে ফুৰে…. ঘণে ঘণে তালৈ চাই মিচিকিয়াই হাঁহে…. সুযোগ পালেই তেওঁ তাক কোনোবা অজান দেশৰ মোহনীয় টুৰিষ্ট স্পটলৈ লৈ গৈ নাছি বাগি তাৰ সতে গান গাই তাৰ দিবাস্বপ্নবোৰক ভৰাই তোলে। এই অনুভৱটোৱে অবশ্যে তাক মাজে মাজে শলঠেকত নেপেলোৱাও নহয়। টেট বাইদেউৰ সতে মনে মনে কিবা কিবি কথা পাতি আপোন পাহৰা হৈ থকা অ‌ৱস্থাত তাৰ চকুৰ আগতে ঘটি থকা ঘটনা বোৰৰ বিষয়েও একো সম্ভেদ নোপো‌ৱা হৈ যায় কেতিয়াবা। তেনে অ‌ৱস্থাত কোনোবাই কিবা সুধি দিলে ঠোটা-মোজা লাগি যায় তাৰ। মানুহৰ আগত আৰু এনেকৈ কিমান লাজ পাই থাকিব সে.. এনেকে নহ’ব আৰু ……. সি ইতিমধ্যে পেটে পেটে সিদ্ধান্ত লৈ পেলাইছে…… দুই তিনি বছৰৰ পিছত যেতিয়া সি বাইদেউৰ সমান হ’বগৈ(!) তেতিয়াই তেওঁক সি মনতে পাঙি থোৱা সেই বিশেষ কথাটো কৈ দিব। তাৰ পিছতহে যদি শান্তি আহে তাৰ মনলৈ।

শ্ৰেণীকোঠাৰ শেষৰ ফালে সদায় বহা নিৰ্দিষ্ট বেঞ্চ খনত বহি থুলুকে কিবা কিবি চিন্তা কৰি থাকোঁতেই বাইদেউ ক্লাছলৈ সোমাই আহিল। কোঠাটোৰ আনখন দু‌ৱাৰেদি একেসময়তে সোমাই অহা অবাধ‌্য ফাগুণৰ বতাহ এজাকে বাইদেউৰ মূৰৰ আগফালৰ চুলিকেইডালমানক কৰ’বালৈ উৰু‌ৱাই নিব খুজিছে। বাইদেউ‌ৱে চাদৰৰ আগটো কঁকালৰ খোঁচনিত খুচি লৈ মূৰটো এক বিশেষ ধৰণেৰে দোলাই দি উৰি যাব খোজা চুলিকেইডাল বাওঁহাতটোৰে সামৰি থ’বলৈ চেষ্টা কৰা দৃশ‌্যটো দেখি বাইদেউজনীলৈ তাৰ এক বুজাব নো‌ৱাৰা মৰম উপজি গ’ল। ককালত খুচি ৰখা নীলা পাৰীৰ বগা চাদৰখন আৰু উৰি থকা চুলিকেইডালেৰে বাইদেউ‌ক আজি সঁচাই অপূৰ্ব সুন্দৰী যেন লাগিছে।

বাইদেউ‌ৱে আজি কিবা ঐকিক নিয়মৰ অংক নে কি, তেনেকু‌ৱা কিবা এটা পঢ়ু‌ৱাবলৈ লৈ‌ছে। কিতাপখন খুলি থুলুকে বাইদেউ‌ৱে কো‌ৱামতে পৃষ্ঠাটো উলিয়াই লৈ পঢ়ি চালে। “এটা সৈনিক চাউনিত নব্বৈজন সৈনিকৰ বাবে চল্লিশ দিনৰ খাদ‌্য মজুত আছে; বিশদিনৰ পিছত তালৈ আৰু পোন্ধৰজন সৈনিক আহিল। বাকী থকা খাদ‌্যৰে চাউনিটো আৰু কিমানদিন চলিব পাৰিব?”। বাইদেউ‌ৱে পঢ়ি দিয়া অংশটো থুলুকেও এবাৰো খোকোজা নলগাকৈ, সম্পূৰ্ণ সলসলীয়াকৈ পঢ়িব পাৰি সি বুজি পালে, এই বাইদেউজনী সিহঁতৰ স্কুললৈ অহাৰ পৰা সৰস্বতীয়েও তাৰ লগ দিবলৈ লৈছে। পিছে, ক্ষন্তেক পিছতে সি দেখা পালে যে ব’ৰ্ডত বাইদেউ‌ৱে কথাবোৰ যেন অলপ বেলেগ ধৰণেৰে লিখিবলৈ আৰম্ভ কৰিছে !

90 জন সৈনিকে আহাৰ খাই শেষ কৰিব পাৰে = 40 দিনত
.’. 1 জন সৈনিকে খাই শেষ কৰিব পাৰিব = 40X90 দিনত
…………………..
………………..
……………..

ষ্টিলৰ চিকচিকীয়া বহল ঠালখনত কিবা কিবি খো‌ৱা বস্তু যোগাৰ কৰি সৌ‌ৱা টেট বাইদেউ‌ৱে দেখোন সৈনিকৰ পোচাক পিন্ধি তাকেই হাত বাউল দি মাতি আছে ! সৈনিক চাউনিটোত এতিয়া মাত্ৰ দুজনেই সৈনিক…. টেট বাইদেউ আৰু সি নিজে। যুদ্ধ জয় কৰি অহা ৰাইফলটো কান্ধৰ পৰা নমাই থৈ সি তেওঁৰ ফালে চাই মিঠা মিঠা খাদ‌্যবোৰ লাহে লাহে খাবলৈ আৰম্ভ কৰিছে। তাৰ সফলতাত উল্লাসিত বাইদেউ‌ৱে তাৰ ফালে লাজ লাজকৈ চাই ইটোৰ পিচত সিটো মিঠা খাদ‌্যবস্তু তাক যোগান ধৰি আছে। সি নালাগে নালাগে বুলি কৈ তাৰ আধা অংশ বাইদেউকে খাই ল’বলৈ কৈছে। একোবত দুয়ো চাউনিটোৰ বাহিৰৰ বৰফেৰে আবৃত সেউজীয়াবিলাকৰ মাজলৈ ‌ঢাপলি মেলিলে। সৈনিকৰ পোচাকেৰেই বাইদেউ‌ৱে লাহে লাহে তাৰ কাষে কাষে নাচি নাচি কিবা এটা মিঠা মিঠা লগা গীত গাবলৈ লাগিল। একোবত এসোপামান বৰফ হাতত লৈ থুলুকে বলৰ নিচিনা কৰি বাইদেউৰ গালৈ আলফুলে মাৰি পঠিয়ালে। বৰফৰ বল গাত লাগিলেও দুখ নাপায় বুলি সি জানে। পখৰা-পাখৰি টুপিটোৰ পৰা ওলাই থকা বাইদেউৰ দীঘল বেণীডালত বৰফসোপা লাগি ধৰি মূহুৰ্ততে বাইদেউজনীক আৰু অধিক ধুনীয়া কৰি পেলালে। মূখ ফুলাই সলজ্জ খঙাল চা‌ৱনিৰে বাইদেউ‌ৱে তাৰ ফালে যেনেকৈহে চালে, তাকে দেখি এইবাৰ থুলুকৰো লাজ লাগি গ’ল। হিন্দী চিনেমাৰ ষ্টাইলত সি কাণত ধৰি এইবাৰ তেওঁৰ আগত আঁঠু কাঢ়ি দিলে। বাইদেউ‌ৱে মূখ ফুলাইয়েই আছে, সি আঁঠু কাঢ়িয়েই আছে। ফূলা মূখেৰেই বাইদেউজনী লাহে লাহে তাৰ ওচৰ চাপি আহি আছে, তাৰ ভাল লাগি গৈ আছে….

হঠাৎ পুতুকণৰ খোচত থুলুক আহি শ্ৰেণীকোঠা পালেহি। ৰঙা চকু আৰু নীলা পাৰীৰ চাদৰেৰে তাৰ মূখৰ আগত ৰৈ তালৈকে চাই সেইয়া খোদ টেট বাইদেউ। থৰমৰ খাই ঠিয় হ’ল সি। বাইদেউ‌ৱে ইতিমধ‌্যে তাক কিবা এটা প্ৰশ্ন সুধি তাৰ উত্তৰলৈ বাট চাই ৰৈছে যেন লাগিল তাৰ। কি বা সুধিলে বাইদেউজনীয়ে, ভাবি থুলুক বিমোৰত পৰিল আৰু সেপ ঢুকিবলৈ লাগিল ।

– এটা মানুহে কিমান দিনত পুখুৰীটো খান্দিব পাৰিব, বাইদেউৱে সুধি আছে,,, ক।
পুতুকণে তাৰ কাষতে বহা থুলুকক সৰুকৈ আৰু থূল-মূলকৈ বাইদেউৱে সোধা প্রশ্নটো জনাই দিলে যেনিবা। এই মূহুর্তত পুতুকণকেই তাৰ প্রকৃত বন্ধু যেন লাগিল।
থুলুক এক ছেকেণ্ড ৰ’ল, দুই ছেকেণ্ড, তিনি চেকেণ্ড…. ফটাফৎ কিবা এটা চিন্তা কৰি চতুৰ্থ ছেকেণ্ডত লাহেকৈ সি কৈ দিলে উত্তৰটো:

: এবছৰমান লাগিব বাইদেউ।
: কি? কিক্ক’লা তুমি?? এবছৰ লাগিব??? আগৰটো অংক মই ব’ৰ্ডত কৰি দিয়া দেখিছিলানে নাই তুমি???? নাচালাই তাৰমানে তুমি সেইফালে????? আৰম্ভনিৰ পৰা মন কৰি আছো, তোমাক মই,, পঢ়াৰ সময়ত ভেবা লাগি কি চাই থাকা তুমি? পঢ়া-শুনাত মন নাই যদি নাহিবা স্কুললৈ। কি পঢ়াই আছো তোমাৰ কাণত সোমাইগৈ নে নাই? নে মই কোৱা কথাবোৰ শুনিবলগীয়া কথা নহয় বুলি এখন কাণেৰে সুমুৱাই আনখন কাণেদি উলিয়াই দিয়া? হেড ছাৰক কম্প্লেইন্‌ কৰিম মই, তোমাৰ গার্জেনক ৰিপর্ট দিবলৈ ক’ম। নিজৰ ক্লাছ কৰিয়েই আজৰি নাপাওঁ, সদায় সদায় আকৌ লোকৰ ক্লাছ কৰিবহি লাগে, তাকো তোমালোকে আকৌ পাত্তাই নিদিয়া।। পঢ়িবলৈ মন নাই তোমালোকৰ আৰু পিছত বদনাম হ’ব মোৰ ……

থুলুকৰ মাথাটো ক্ৰমান্বয়ে গৰম হৈ হৈ আহি আছিল। “আৰে ভাই, এটা মানুহে পুখুৰী খন্দা ক’ত দেখিছা হে’ তুমি?” বাইদেউৰ মূখে মূখে কৈ দিম যেন লাগিছিল তাৰ। সি ভাবিলে “চেহেৰাটো ধুনীয়া দেখি মনত বেয়া পাব বুলি কিবা এটা কৈ দিছিলো, তাতে তেওঁ ভুল ধৰি ইমানবোৰ কথা শুনাবলৈ আহিছে, হুঃ…. পঢ়িবলৈনো কোন আহিছে স্কুললৈ?? আৰু মাষ্টৰণীয়ে ইমান ধুনীয়াকৈ সাজি-কাচি আহিলে ব’ৰ্ডলৈনো কোনে কেলেই চাব বাৰু,, ধূৰৰৰ…. ভেবা লাগিনো ক’ত বেলেগ কৰ’বালৈ চাই থকা দেখিলে বাৰু তেওঁ, সৈনিক চাউনিৰ সপোনটো তেওঁ মূখৰ আগ থকা কাৰণেহে ওলালহি!! বেলেগৰ ক্লাছততো তেনেকু‌ৱা নহয় তাৰ। তাকো বুজি নাপায় সেইজনীয়ে….!! নাই, এনেকৈ নহ’ব আৰু, কিবা এষাৰ নক’লে এইজনীয়ে মূখ বন্ধ কৰাৰ নামেই নোলো‌ৱা হ’ল দেখোন!!”

: &*^%লা পুখুৰী খান্দি পাইছে কেতিয়াবা? এটা মানুহে এটা পুখুৰী খান্দি এবছৰৰ কমত যদি শেষ কৰিব পাৰে, কুক্কুৰ পুহিব মোৰ নামত। হুঃ…

থুলুকে মোনা খুলি এখন এখনকৈ কিতাপ বহীবোৰ তাত ভৰাবলৈ আৰম্ভ কৰিলে। নপঢ়ে আৰু সি। ইস্কুললৈও নাহে আৰু আজিৰ পৰা। টেট বাইদেউৰ লগত একো সপোন নেদেখে আৰু সি। তিনি বছৰৰ পিছত ক’ম বুলি ভবা কথাবোৰো নকয় ,,, ইঃ বৰ একেবাৰে …!! ইমান চিন্তা-চৰ্চা কৰি প্রশ্নবোৰৰ উত্তৰবোৰ ক্লাছত দিয়ে সি, সেইজনীয়ে কিন্তু সদায় ভুল ধৰে তাক। টেট নে ফেট, সেইজনীৰ প্ৰশ্নৰ উত্তৰ আৰু কেতিয়াও নকয় সি। কাণত ধৰিলে আজি। এনেয়ো, সঁচা কথা ক’লে থুলুক বেয়া।

***************
(বি.দ্ৰ.- কাহিনীটো সম্পূৰ্ণ কল্পনাপ্ৰসূত, ইয়াত উল্লিখিত কোনা চৰিত্ৰ বা কাহিনীৰ কোনো অংশ কাৰোবাৰ বাস্ত‌ৱ জী‌ৱনৰ লগত কিবা প্ৰকাৰে মিল থকা দেখা পালে সেইয়া সম্পূৰ্ণ কাক-তালীয় বুলি উপেক্ষা কৰে যেন।)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments