থেংকচগিভিঙৰ ভোজ আৰু ব্লেকফ্ৰাইডেৰ বজাৰ (তিৰুজ্যোতি বৰা দাস)

থেংকচগিভিৰ ভোজ আৰু ব্লেকফ্ৰাইডেৰ বজাৰ

 

তিৰুজ্যোতি বৰা দাস

 

ৰঙা, কমলা,  মুগাবৰণীয়া, হালধীয়া মেপল পাতবোৰ সৰি সৰি শেষ হওঁতেই এই দেশত শৰতে বিদায় মাগি শীতকালে ভুমুকি মাৰেহি। ইমান দ্ৰুতগতিত যে বসন্ত আৰু শৰত ঋতু দুটিয়ে বিদায় মাগে সেই কথা ভাবিলেই দুখ লাগে। চেৰীফুল, মেগনলীয়া, ৰড’ড্ৰেনদ্ৰন, এজেলীয়া ফুলেৰে জকমকাই থকা বসন্ত,  সেউজীয়া গ্ৰীষ্মকাল আৰু তেজৰঙী শৰতকালৰ সময়খিনি সদায়েই কম যেন অনুভব হয় মোৰ। লঠঙা হৈ পৰা ওক, মেপল গছবোৰক বৰফে মেৰিয়াই ধৰা শীতকালতেই এই দেশত আৰম্ভ হয় তিনিটা বিশেষ উৎসৱ,  হেলোয়িন(Halloween) থেংকচগিভিং (Thanksgiving) আৰু খ্ৰীষ্টমাচ। আজি থেংকচগিভিঙৰ কথাকেই লিখিবলৈ লৈছোঁ।

প্ৰতিবছৰে নবেম্বৰ মাহৰ চতুর্থটো বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত থেংকচগিভিং উৎসৱ পালন কৰা হয়। খেতি পথাৰৰ ফচল সামৰি, ভগৱানক তেওঁ দিয়া ফচলৰ বাবে ধন্যবাদসূচক হিচাপে এই উৎসৱ  পালন কৰা  হয়। আমাৰ মাঘ বিহুক ভোগালী বিহু বোলাৰ দৰে এই  উৎসৱকো ভোগৰ উৎসৱ বুলিব পাৰি। আমাৰ মাঘবিহুত সকলোৱে ভোজ ভাত খোৱাৰ দৰে এই দেশটো থেংকচগিভিংৰ দিনা সকলোৱে একেলগ হৈ খোৱা বোৱা কৰে। উৎসৱৰ অন্যতম অংগ হৈছে টার্কি (Turkey), টার্কি আচলতে এবিধ বনৰীয়া মূর্গী। থেংকচগিভিঙৰ দিনা টার্কি থকাতো বাধ্যতামূলক। উজনি অসমৰ ছোৱালী হিচাপে দেখিছিলোঁ সেইফালে আন কিবা থাকক বা নাথাককেই মাঘবিহুৰ উৰুকাৰ দিনা হাঁহৰ মাংস থাকিবই থাকিব। এই মিল থেংকচগিভিংৰ লগতো দেখা পাই মনত যে কি আনন্দ বুজাব নোৱাৰি। টার্কি তৈয়াৰ কৰিবৰ বাবে প্ৰথমে ভিতৰৰ অলাগতীয়াল বস্তুবোৰ আঁতৰাই তাক ভালকৈ ধুই চাফা কৰি তিনিদিনমান আগৰেপৰাই বিভিন্ন মচলাৰে সানি পুটুকি  ৰখা হয়। উৎসৱৰ দিনা টার্কিৰ ভিতৰত ব্ৰেড বা সিজোৱা ভাত, বিভিন্ন ধৰণৰ পাচলি, শুকান ফল, আলু, মাচৰুম, মূর্গীৰ ভজা টুকুৰা মঙহ, আদা, নহৰু, বিভিন্ন ধৰণৰ চচ  আদি দি  তাক অভেনত পোৰা হয়। ডাইনিং টেবুলত পৰম্পৰাগত আনবোৰ খোৱাবস্তুৰ লগতে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে গোটা টার্কিৰ পোৰা মঙহ।টার্কিৰ লগতে পামকিন পাইয়ো (pumpkin pie) ও থেংকচগিভিং উৎসৱত ৰন্ধা  হয়। পামকিন পাই খাবলৈ মিঠা আৰু ইয়াক ৰঙালাও, কণী, গাখীৰ, চেনীৰ মিশ্ৰণেৰে কেকৰ আকৃতিত তৈয়াৰ কৰা হয়। গোন্ধৰ ভিন্নতাৰ বাবে ইয়াত ডালচেনি,  লং, আদাৰ মিশ্ৰণো দিব পাৰি।ইয়াৰ উপৰিও পৰম্পৰাগত আন বোৰ খোৱা বস্তু যেনে মেচদ পটেট’(আমাৰ আলু পিটিকা), ক্ৰেনবেৰী (Cranberry), বিভিন্ন ধৰণৰ ব্ৰেড,  মিঠা আলু, টাৰড’চিকেন(Turducken)  আদিও থাকে। টার্কিৰ ভিতৰত যেতিয়া হাঁহৰ মাংস আৰু মূর্গীৰ মঙহ ভৰাই টার্কিটো জুইত পোৰা হয় তেতিয়া তাক টাৰড’চিকেন বুলি কয়।

এই উৎসৱ মূলতে ইংলেণ্ডৰ পৰা আহিছিল এই দেশলৈ।১৬২১ চনত প্লাইমাউথ (Plymouth, বৰ্তমান নাম Massachusetts )ত প্ৰথমে এই উৎসৱ উদযাপন কৰা হৈছিল। সেই বছৰ খুউব ভাল খেতি হৈছিল বাবে সেই অঞ্চলৰ লোকসকলে খেতি পথাৰ সামৰি বৰ ধুমধামেৰে এই উৎসৱ পালন কৰিছিল। জর্জ ৱাচিংটনে পোনপ্ৰথমবাৰৰ বাবে ১৭৮৯ চনত এই  দেশত ৰাজহুৱা ভাবে থেংকচগিভিং উৎসৱ উদযাপনৰ ঘোষণা কৰিছিল।আমেৰিকা যুক্তৰাষ্ট্ৰৰ বুৰঞ্জীত এক  উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা চাৰাহ (Sarah Jeospha Hale ) নামৰ মহিলাগৰাকীয়ে থেংকচগিভিংৰ দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিবৰ বাবে একেৰাহে ২০ বছৰ ধৰি প্ৰচেষ্টা চলাইছিল।  আমি সৰুতে পঢ়া “মেৰী হেড এ লিটল লেম্প “ কবিতাটিৰ কবিগৰাকী আছিল এখেতেই। অৱশেষত তেওঁৰ প্ৰচেষ্টাৰ প্ৰতি সঁহাৰি জনাই আব্ৰাহাম লিংকনে ১৮৬৩ চনত  সিদ্ধান্ত ললে যে নবেম্বৰ মাহৰ  শেষৰ বৃহস্পতিবাৰটো থেংকচগিভিং ৰ বাবে ৰাষ্ট্ৰীয় বন্ধৰ দিন হ’ব। ইয়াৰ পিছত ফ্ৰেংকলিন ডি ৰুজভেল্টে য়ে থেংকচগিভিংৰ দিনটো নবেম্বৰ মাহৰ শেষৰ বৃহস্পতিবাৰটো নকৰি তাতকৈ এসপ্তাহ আগুৱাই দিলে। ইয়াৰ মূল কাৰণ আছিল খ্ৰীষ্টমাচৰ বজাৰ যাতে এসপ্তাহ আগৰ পৰা হ’ব বাৰে। ১৯৩৯,  ১৯৪০, ১৯৪১ চন এইদৰেই চলিল। কিন্তু কিছুমান ৰাজ্যই এই সিদ্ধান্ত মানি লোৱা নাছিল। এই বাদ বিবাদ অন্ত পেলাবলৈ অৱশেষত ১৯৪১ চনত কংগ্ৰেছে লিখিতভাবে এক সিদ্ধান্ত ল’লে যে থেংকচগিভিং  উৎসৱটো প্ৰতিবছৰে নবেম্বৰ মাহৰ চতুর্থটো বৃহস্পতি বাৰে উদযাপিত হ’ব। সেয়েহে ১৯৪২ চনৰ পৰা এই উৎসৱ নবেম্বৰ মা্হৰ চতুৰ্থটো বৃহস্পতি বাৰে উদযাপিত হৈ আহিছে।

নিউয়র্ক চিটিৰ মেচিজে (Macys, কাপোৰ, গহনা, ঘৰৰ প্ৰয়োজনীয় সামগ্ৰীৰ এক বৃহত  বজাৰ  ) থেংকচগিভিংৰ লগত ৰজিতা খুৱাই ১৯২৪ চনত নিউয়র্ক চিটিৰ ৰাজপথত জীৱ জন্তুৰ এক সমদল উলিয়াইছিল। চেন্ট্ৰেল পার্ক চিৰিয়াখানাৰ জীৱ জন্তুবোৰে এই সমদলত অংশগ্ৰহন কৰিছিল।এই নিয়ম তিনিবছৰ ধৰি চলিল।তাৰ পিছৰ পৰা জীৱ জন্তুক বাদ দি বেলুনৰ সমদল উলিওৱাৰ নিয়ম হ’ল। সাধাৰণতে কাৰ্টুন জগতৰ বিভিন্ন চৰিত্ৰবোৰ  বেলুনেৰে তৈয়াৰ কৰি সমদলত উলিওৱা হয়। এইবছৰ (২২ নৱেম্বৰ, ২০১২ চন ) থেংকচগিভিংৰ দিনা মেচিজে  উলিওৱা সমদলত ড’ৰা, হেলো কিটি,  পান্ডা,  স্পাইডাৰমেন,  চার্লি ব্ৰাউন,  দা কাৰমিট দা ফ্ৰগ  আদি কাৰ্টুন চৰিত্ৰই বেলুনৰ ৰূপত অংশগ্ৰহণ কৰিছিল।ৰঙবিৰঙী সাজ-সজ্জা পৰিধান কৰি মানুহবোৰে শাৰী শাৰীকৈ এই বিয়াগোম বেলুনবোৰ হাতত থকা ৰচিৰে নিয়ন্ত্ৰণ কৰি আগবাঢ়িছিল। ৰাস্তাৰ দাঁতিত কোনোবাই গান গাইছিল, কোনোবাই বাদ্য যন্ত্ৰ পৰিবেশন কৰি পৰিবেশটো অধিক উৎসৱমুখৰ কৰি তুলিছিল।বৰ মোহনীয় আছিল সেই দৃশ্য। এইবছৰ আমি চাৰিটা অসমীয়া পৰিয়াল আৰু দুটা ভাৰতীয় পৰিয়াল লগ লাগি থেংকচগিভিং ৰ দিনা একেলগে খালোহঁক। পিঠা-পনা নাই যদিও মোৰ মাঘৰ বিহুৰ উৰুকাৰ দৰেই লাগিল থেংকচগিভিংৰ দিনটো।

থেংকচগিভিংৰ পিছৰ পৰাই এই দেশৰ লোকে খ্ৰীষ্টমাচ ৰ বাবে বজাৰ কৰা আৰম্ভ কৰে। আমাৰ ৰঙালী বিহুত সকলোৱে নতুন কাপোৰ কিনাৰ দৰে এই দেশতো খ্ৰীষ্টমাচৰ বাবে সকলোৱে বজাৰ কৰে। খ্ৰীষ্টমাচৰ বাবে   পৰিয়ালৰ লোকক, বন্ধু বর্গক উপহাৰ প্ৰদান কৰাৰ এক  প্ৰথা আছে।

থেংকচগিভিংৰ পিছদিনা (শুক্ৰবাৰৰ দিনটো) ব্লেক ফ্ৰাইডে বোলা হয়। এই দিনটোত ৰেহাই মূল্যত দোকানবোৰে বস্তু বিক্ৰী কৰে। সেয়েহে প্ৰায়বোৰ মানু্হেই ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী বা অন্যান্য বস্তুবোৰ সেই দিনতটোত কিনাৰ দিহা কৰে। ৰাতিৰ পৰাই দোকানবোৰত মানুহৰ লাইন লাগে। কিছুমান দোকান বৃহস্পতিবাৰৰ ৰাতি বাৰ বজাত খোলে আন কিছুমান ১০ মান বজাতেই খোলে। কিছুদিন আগৰে পৰাই নেটত দোকানবোৰে তেওঁলোকৰ নিজা চাইটত কি কি বস্তু ৰেহাই মূল্যত দিয়া হ’ব তাৰ তালিকা প্ৰচাৰ কৰে, ঘৰে ঘৰে কাগজত প্ৰিন্ট কৰিও গ্ৰাহকসকলক এক সম্যক ধাৰণা দিয়ে ৰেহাই মূল্যৰ  বস্তুৰ। সেয়েহে নিজৰ প্ৰয়োজনীয় বা পছন্দৰ সামগ্ৰী কিনিবৰ বাবে মানুহে সেই নিৰ্দিষ্ট দোকানখনলৈ যাব পাৰে।আমি এই দিনটো উৎসৱৰ দৰেই পালন কৰো। লগৰ কেইবাগৰাকী বন্ধুৰ সৈতে লগলাগি ৰাতি ন বজাতেই শাৰীত থিয় দিবলৈ যাওঁ।প্ৰথমে ৱালমার্টলৈ (Walmart) যাওঁ।বস্তু কিনোঁৱেই বা নিকিনোঁৱেই,  প্ৰচণ্ড ঠাণ্ডাটো বান্ধৱীবোৰৰ লগত কথাৰ মহলা মাৰি থিয় হৈ থকাৰ আনন্দই বেলেগ।দোকানৰ দুৱাৰ খোলাৰ লগে লগে মানুহবোৰে ততাতৈয়াকৈ সোমাই বস্তুবোৰৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰে। আমি কিবা ভাল বস্তু পালে একেলগে কেইবাটাও উঠাই লওঁ আৰু বান্ধৱীবোৰৰ মাজত ভাগ বতৰা কৰি লওঁ।এবাৰ ভিডিঅ কেমেৰা এটা কিনিবৰ বাবে আমি বেষ্ট বাই (Best Buy ) লৈ গৈছিলোঁ।বেষ্ট বাই হৈছে ইলেকট্ৰনিক সামগ্ৰীৰ দোকান। দোকানৰ সন্মুখত আছিল কমেও দুশ মানুহৰ শাৰী। সেইয়া দুবছৰৰ আগৰ কথা। সেইবছৰ ব্লেক ফ্ৰাইডেৰ দিনা বৰফ পৰিছিল। মানুহবোৰে লগত অনা টেন্টৰ তলত সোমাই আছিল।শাৰীত থিয় দিবলৈ কেৱল এজন মানুহেই অহা নাছিল  তেওঁলোকে প্ৰায়বোৰেই গোটেই পৰিয়ালটো লৈ আহিছিল। পৰিয়ালৰ এজন সদস্য টেন্টৰ বাহিৰত থিয় দি আছিল বাকী কেইজনে টেন্টৰ ভিতৰত কাপোৰৰ উম লৈছিল। সৰু সৰু ষ্ট’ভ ত মানুহবোৰে চাহ কফি বনাই খাইছিল। আমনি নালাগিবলৈ মানুহবোৰে গান শুনিবলৈ মিউজিক চিষ্টেমো লৈ আহিছিল । দুপৰীয়াৰ পৰাই মানুহবোৰে শাৰী পাতি থিয় দিছিল যদিও ৰাতিপুৱা চাৰি বজাতহে পিছে বেষ্ট বাই ৰ দুৱাৰ খোল খাইছিল।সেই বৰফৰ ৰাতি  কানে মূৰে কাপোৰ লৈ ঘন্টাৰ পিছত ঘন্টা ধৰি থিয় দি থকা মানুহবোৰৰ ধৈৰ্য দেখি মই আচৰিত হৈছিলোঁ।প্ৰতিবছৰে বহু কিছু খুহুটীয়া ঘটনাই আমাক বৰ আনন্দ দিয়ে। এইবাৰৰ ব্লেকফ্ৰাইডেৰ দিনা আমাৰ গৃহস্থই এক কাণ্ড কৰিছিল। ৱালমার্টৰ ভিৰত পুতলা আৰু আন কিছু বস্তু বিচাৰি খুচুৰি লৈ,  কিনিবৰ বাবে দীঘলীয়া কাউন্টাৰত শাৰী পাতি থিয় হৈ,  কষ্ট কৰি মূৰকত দেখে যে ঘৰতে পার্চটো তেওঁ এৰি থৈ আহিছে!

উৎসৱ বুলিলেই মনটোৰ পৰা বেজাৰবোৰ নাইকিয়া হৈ যায়। মানুহৰ মিলা-মিচা,  ব্যস্ততাভৰা জীৱনৰ পৰা সময় উলিয়াই সকলোৱে একেলগ হৈ কৰা আনন্দখিনিৰ বাবেই হয়তো উৎসৱবোৰ সদায়েই মোহনীয়।  নিজৰ বাপতিসাহোন ভোগালী বিহুটোৰ লগত থকা সামান্য মিলৰ বাবেই চাগৈ থেংকচগিভিং ৰ দিনটো সদায়েই মোৰ বাবে মৰমৰ হৈ ৰ’ব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments