‘থ্ৰী ফ্লে’ভাৰছ্‌ অফ্‌ কৰ্নেট’ ত্ৰিল’জী’ – উদ্দীপ তালুকদাৰ


সাধাৰণতে হলীউডৰ ডাঙৰ বাজেটৰ ছবিসমূহৰ মাৰ্কেটিং সমগ্ৰ পৃথিৱীজুৰি চলে, আৰু মুক্তিও দিয়া হয় সমগ্ৰ পৃথিৱীতে৷ আমি তেনে চিনেমাসমূহৰ বিষয়ে জানো, আৰু আলোচনাও কৰোঁ৷ তাৰ বিপৰীতে তুলনামূলকভাৱে কম বাজেটৰ কিছু ছবিও নিৰ্মাণ হয়, যিবোৰ সাধাৰণতে আমাৰ দেশত উপযুক্ত প্ৰচাৰেৰে ৰিলিজ কৰা নহয়, আৰু আমি নেদেখাকৈয়ে থাকি যায়৷ এড্‌গাৰ ৰাইটৰ পৰিচালনা, আৰু এড্‌গাৰ ৰাইট আৰু ছাইমন পেগ-ৰ ৰচিত তিনিখন চিনেমাৰ এক ত্ৰিল’জী হৈছে, ‘থ্ৰী ফ্লেভাৰছ্‌ অফ্‌ কৰ্নেট’’৷

এই ত্ৰিল’জীৰ তিনিওখন ছবিয়েই মূলতঃ কমেডী-ধৰ্মী কিন্তুু তিনিটা বেলেগ বেলেগ জন্‌ৰা-ৰ (genre)৷ প্ৰথমখন ‘শ্যন্‌ অফ্‌ দ্য ডেড্‌’ জম্বিৰ আক্ৰমণৰ ওপৰত৷ জন্‌ৰাহিচাপে যাক জম্বি-হৰৰ-কমেডি বুলিব পাৰি৷ দ্বিতীয়খন ‘হট্‌ ফাজ্‌’ পুলিচ একচনৰ কমেডী ছবি, আৰু তৃত্বীয়খন ‘দ্য ৱৰ্ল্ডছ্‌ এণ্ড’ ছাইন্ফ-ফিকচ্‌ন কমেডী ছবি৷ কমেডী ছবি যদিও চিনেমাকেইখন কিন্তুু প্ৰতিস্থিত জন্‌ৰাকেইটাৰ পেৰ’ডী নহয়৷ তিনিওখন ছবিৰ মাজত কোনো কাহিনীৰ মিল নাই৷ কিন্তুু, চিনেমা তিনিখনৰ মূল ধাৰা হৈছে প্ৰতিস্থিত জ্যন্‌ৰ (genre) এটাৰ লগত কমেডী সংলগ্ন কৰা, প্ৰতিখন ছবিতে প্ৰায় একে কেইজন অভিনেতা-অভিনেত্ৰীয়ে কামো কৰিছে, আৰু ছবিকেইখন ৰচয়িতা, পৰিচালক আৰু প্ৰযোজক (নিৰা পাৰ্ক) একেই৷ ত্ৰিল’জী হিচাপে ধৰিবলৈ ছবিকেইখনৰ মূল থীমটোহে একেটা, যাক শেষৰ ছবিখনত পূৰ্ণাংগ ৰূপ দিয়া হৈছে৷

প্ৰথমখন ছবি ‘শ্যন্‌ অফ্‌ দ্য ডেড্‌’-ৰ (২০০৪) মূল চৰিত্ৰ শ্যন (ছাইমন পেগ্‌)৷ শ্যন দোকান এখনৰ বিক্ৰেতা, আৰু জীৱনটোত বৰ বেছি আগবাঢ়িবলৈ সমৰ্থ হোৱা নাই৷ প্ৰেমিকা, মাক আৰু সতীয়া দেউতাকৰ লগত শ্যনে তাল মিলাবলৈ সক্ষম হোৱা নাই৷ যাৰ এটা মূল কাৰণ হৈছে শ্যনৰ বাল্য বন্ধু এড্‌ (নিক ফ্ৰষ্ট)৷ এডে বিশেষ কাম-বন নকৰে, শ্যনৰ ওপৰতে খায়৷ এড্‌ শ্যনৰ বন্ধু যদিও চিন্তা-চৰ্চাত কিশোৰ অৱস্থা পাৰ কৰিব পৰা নাই৷ জীৱন সম্বন্ধে এড্‌-ৰ এতিয়াও কোনো নিৰ্দিষ্ট পৰিকল্পনা নায়েই৷ ওলোটাই ক’ব পাৰি এডে জীৱনটো তেনেদৰেই নিৰ্দিষ্ট পৰিকল্পনাৰে আগবঢ়াৰ কথা কেতিয়াও ভবাই নাই৷ এড্-ৰ বাবেই শ্যনে নিজৰ প্ৰেমিকাক সময় দিব নোৱাৰে৷ কিন্তু, বাল্য বন্ধুৰ প্ৰতি থকা মৰমৰ বাবে তাক এৰিবও নোৱাৰে৷ তাল মিলাব নোৱাৰাত আনকি প্ৰেমিকাই শ্যনৰ লগত প্ৰেমৰ সম্পৰ্ক ছিন্ন কৰে৷ কিন্তু, তাৰ পাছদিনাই ৰাতিপুৱা চহৰখনত এক অজান ৰোগত মানুহবোৰ জম্বিলৈ পৰিণত হোৱা আৰম্ভ হয়৷ এনে অৱস্থাত শ্যনৰ মনলৈ আহে নিজৰ প্ৰেমিকা, মাতৃ আৰু সতীয়া দেউতাকৰ নিৰাপত্তা৷ এডে শ্যনক নিস্বাৰ্থভাবে সহায় কৰে৷ কিন্তুু, এড্‌ৰ কাণ্ড-কাৰখানাবিলাকত কিশোৰসুলভতা থাকিয়েই যায়৷ বাকীকেইজনক বচাবলৈ যাওতে এড জম্বিৰ মাজত সোমাই পৰে, আৰু জম্বিত পৰিণত হয়৷ কাহিনী এইখিনিয়েই যদিও চিনেমাখন চাই হাঁহি থাকোঁতে লাহে লাহে আপুনি বুজিবলৈ আৰম্ভ কৰে, চিনেমাখনৰ বেমাৰ হোৱা বুলি দেখুওৱা হয় যদিও আচলতে জম্বি তেনেকুৱা নহয়৷ জম্বি আচলতে আমিয়েই৷ সকলো নিস্বাৰ্থ আবেগ, অনুভূতি পৰিহাৰ কৰি, জীৱনৰ সৰু-সৰু আনন্দবোৰ পাহৰি একমাত্ৰ নিজৰ বাবেই যন্ত্ৰৱৎ চলি থকা আমিবোৰো একো-একোটা জম্বিয়েই৷ ছবিখনৰ শেহত চৰকাৰে জম্বি হৈ পৰা মানুহখিনিক ঔষধৰ দ্বাৰা হিস্ৰংতা কমাই তেওঁলোকক অকল শ্ৰমৰ প্ৰয়োজন হোৱা কিছুমান কামত নিয়োগ কৰে৷

দ্বিতীয়খন ছবি হট্‌ ফাজ্‌ (২০০৭)৷ মূলতঃ দুজনীয়া পুলিচ একচ্‌ন ছবিক উৎস হিচাপে লৈ তাক কমেডী ৰূপ দিয়া হৈছে৷ হট্‌ফাজ-ত নিক’লাছ এঞ্জেল (ছাইমন পেগ) লণ্ডন পুলিচৰ এগৰাকী অত্যন্ত দক্ষ আৰু কৰ্মঠ পুলিচ বিষয়া৷ পুলিচৰ দৰ্শন তেখেতে সম্পূৰ্ণৰূপে মানি চলে৷ তেখেতৰ বাবে পুলিচৰ আচল অস্ত্ৰ হাতত থকা মাৰণাস্ত্ৰ নহয়, নোটবুকখনহে৷ কিন্তুু, তেনে এগৰাকী পুলিচ অফিচাৰক উৰ্ধতন কৰ্তৃপক্ষই সৰু গাঁৱ এখনলৈ পঠিয়াবলগীয়া হয়, কাৰণ ৰাইজৰ চকুৰ মণি হৈ পৰা নিক’লাছৰ বাবে গোটেই বিভাগটোৱেই অদক্ষ যেন ভাৱ এটা শিপাবলৈ আৰম্ভ কৰিছে৷ অসন্তুষ্ট হ’লেও নিক’লাছ ছেণ্ডফৰ্ড নামৰ সৰু গাঁৱখনলৈ যায়৷ ছেণ্ডফ’ৰ্ডৰ পুলিচ বিভাগত মাত্ৰ কেইজনমান বিষয়া৷ তাকো তেওঁলোক এলেহুৱা প্ৰকৃতিৰ, নহ’বই কিয়, ছেণ্ডফৰ্ডত অপৰাধৰ হাৰ শূন্য! সেই বিভাগত নিক’লাছে লগ পায় ডেনী বাটাৰমেন-ক৷ ডেনী আকৌ পুলিচ একচন চিনেমাৰ ভক্ত, আৰু মানসিকভাৱেও তেওঁ শিশুৰ দৰেই কল্পনাপ্ৰৱণ হৈয়েই আছে৷ নিক’লাছৰ আগৰ কীৰ্তি-কাহিনীৰ কথা জানিব পাৰি তেওঁৰো ভক্ত হৈ পৰে৷ লগতে ডেনী থানাখনৰ ইন্সপেক্টৰ ফ্ৰেংক বাটাৰমেনৰ পুত্ৰও৷ তেনেতে এটা দুৰ্ঘটনাত দুজন ব্যক্তিৰ মৃত্যু হয়, যিটো এঞ্জেলে হত্যাৰ ঘটনা বুলি ধৰি লৈ অনুসন্ধানৰ বাবে আগবাঢ়ে৷ কিন্তুু, পুলিচ বিভাগৰ কেউজনেই সেইটো এটা দুৰ্ঘটনা বুলি এৰাই চলে৷ গাঁৱখনৰ নিৰাপত্তাৰ বাবে আছে এটা গাঁৱখনৰ ৰাইজৰদ্বাৰা গঠিত অনুষ্ঠান ‘নেইবাৰহুড এলায়েন্স’, ফ্ৰেংক তাৰ মূল কৰ্তা৷ আৰু দুটামান দুৰ্ঘটনাৰ পাছত নিক’লাছৰ সন্দেহ হ’বলৈ ধৰে, গাঁৱখনৰ একমাত্ৰ ছুপাৰ-মাৰ্কেটখনৰ মালিকৰ ওপৰত৷ কিন্তুু, অনুসন্ধানৰ মাজতে হঠাতে জানিবলৈ পায় যে তেওঁ ভবা ব্যক্তিগৰাকী এটা অংশ হ’লেও মূল অপৰাধী নহয়, বৰং গাঁৱৰক্ষী বাহিনীটোৱেই গাঁৱখনত যাতে অপৰাধৰ হাৰ শূন্য হৈ থাকে, আৰু আহিবলগীয়া ‘শ্ৰেষ্ঠ গাঁৱ’ৰ বঁটাৰ নিৰ্বাচকসকলে যাতে একোৱেই বেয়া দেখিবলৈ নাপায়, তাৰ কাৰণে গাঁৱখনৰ সন্মান হানি কৰিব পৰা যিকোনো ব্যক্তিকে হত্যা কৰি নোহোৱা কৰি পেলায়৷ এইখন চিনেমাৰো মূল চালিকাশক্তি নিক’লাছ আৰু ডেনী-ৰ গঢ় লৈ উঠা বন্ধুত্ব, আৰু দুয়োৰে মাজৰ সাংঘাতিক কেমেষ্ট্ৰি৷ সাধাৰণভাৱে আমাৰ আপাত শান্তিময় জীৱনত অশান্তিৰ সৃষ্টি কৰা সৰু-সৰু কাৰণবোৰক ডাঙৰ কৰি লোৱাৰ ফলত কেনেদৰে মানুহ ধীৰে ধীৰে অন্ধবিশ্বাসী হৈ উঠে, আৰু তাৰ পৰিণতিত আমি কেনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰম্ভ কৰোঁ, সেইটোক চালি-জাৰি যোৱাটো এইখন চিনেমাৰ মূল উদ্দেশ্য৷ শ্যন অৱ দ্য ডেড-ত আছিল এজন ব্যক্তিৰ জীৱন, ইয়াত পৰিপ্ৰেক্ষ হৈছে গোটেই সমাজখন৷ তৃতীয়খন ছবিত একেটা থীমকে আৰু বহল কৰি সমগ্ৰ মানৱ-জাতিকে লোৱা হৈছে৷

এই ত্ৰিল’জীৰ তৃত্বীয়খন ছবি হৈছে ‘দ্য ৱৰ্ল্ড্‌ছ্‌ এণ্ড’ (২০১৩)৷ ইংলেণ্ডৰ এখন সৰু মফচলীয়া চহৰ নিউটন হেভেনৰ পাঁচগৰাকী কিশোৰৰ এজন আছিল গেৰী (ছাইমন পেগ), যিয়ে নিজকে নিউটন হেভেন-ৰ ৰজা বুলি অভিহিত কৰিছিল৷ এণ্ডি (নিক ফ্ৰষ্ট) আছিল গেৰীৰ প্ৰাণৰ বন্ধু, আনকেইজন পিটাৰ, অলিভাৰ আৰু ষ্টিভেন৷ গেৰীয়ে ভাবিছিল অনাগত জীৱন হ’ব সুখ আৰু সমৃদ্ধিৰে ভৰপূৰ, কিন্তু তেনে নহ’ল৷ আনহাতে বাকী কেউজন বন্ধুৱেই লণ্ডনলৈ গৈ নিজৰ নিজৰ ভাগ্যৰ চকৰী ঘূৰাবলৈ আৰম্ভ কৰিলে৷ তেনেতে কেউজনৰ তাত উপস্থিত হ’লগৈ গেৰী, আৰু চল-চাতুৰী, আবেগিক ব্লেক-মেইলিঙেৰে মান্তি কৰালে নিউটন হেভেনত আধৰুৱাকৈ ৰৈ যোৱা কাম এটা শেষ কৰাবলৈ৷ কামটো আছিল গ’ল্ডেন মাইল সম্পন্ন কৰোৱা, যিটোত তেওঁলোক আগতে বিফল হৈছিল৷ গ’ল্ডেন মাইল হৈছে একে দিনাই নিউটন হেভেনৰ বাৰখন পাবত বীয়েৰ খোৱা৷ পঢ়া সাং হোৱাৰ পাছতে যেতিয়া তেওঁলোকে চেষ্টা কৰিছিল, তেতিয়া ছয়নম্বৰ পাবখনৰ পাছতে কোনোবা আউট হৈ গৈছিল, কোনোবাই ৰাতি ক’ত কটালে গমেই নাপালে৷ সেই আধৰুৱা কামটো পূৰা কৰাবলৈ গেৰীয়ে সকলোকে আকৌ এবাৰ নিউটন হেভেনলৈ আনে৷ অৱশ্যে এণ্ডিয়ে এতিয়া সুৰাপানৰ অভ্যাস ত্যাগ কৰিছে, তথাপি পানী পিয়েই সংগ দিবলৈ তেৱোঁ আহি উপস্থিত হ’ল৷ প্ৰথম দুখন পাব ঠিকেই গ’ল, তৃত্বীয়খনত গেৰীক সোমাবলৈ নিদিলে, কাৰণ ছাত্ৰৱস্থাৰ কিবা কৰ্মৰ বাবে সেইখন বাৰত সোমোৱা নিষেধ কৰা আছিল৷ আপাত দৃষ্টিত সকলো ঠিকেই আছিল যদিও কেউজনেই অনুভৱ কৰিছিল সকলো যেন সঠিক নাছিল৷ সেইখন তেওঁলোকৰ চিনাকি নিউটন হেভেন নহয়৷ মানুহখিনি যেন অতি নম্ৰ, অত ভদ্ৰ আৰু সুখী হৈ পৰিছে৷ আচল গণ্ডগোলটো লাগিল চতুৰ্থখন বাৰতহে৷ য’ত অলিভাৰৰ ভনীয়েকো আহি তেওঁলোকৰ লগ লাগিল৷ তাতেই বাথৰূমত এজন কিশোৰৰ লগত গেৰীৰ কাজিয়া লাগিল, আৰু মাৰ-পিটত কিশোৰজনৰ মূৰটো এৰি যোৱাৰ পাছত তেওঁলোকে বুজিলে যে সেই কিশোৰজন মানুহ নহয়েই, মানৱ-সদৃশ এটা ৰবটহে৷ তেওঁলোকে বুজি পায়, নিউটন হেভেন-ত এতিয়া বহু মানুহেই আচলতে ৰবট৷ আৰু কিছুমান তেজ-মঙহৰ মানুহ যদিও তেওঁলোকে এক অপাৰ্থিৱ শক্তিৰ লগত বুজাপৰা কৰি লৈছে সুখ-শান্তিৰে চলিবলৈ৷ তেওঁলোক কাৰো দাস নহয়, সেই্ শক্তিয়ে তেওঁলোকক অনন্ত সুখ আৰু সমৃদ্ধিৰ যোগান ধৰে৷ এই প্ৰথা লাহে লাহে সমগ্ৰ পৃথিৱীতে বিয়পাব লাগিব, কাৰণ পৃথিৱীৰ মানুহৰ মগজু সিমান বুদ্ধিয়ক নহয়, সেই বাবেই ব্ৰহ্মাণ্ডীয় বুদ্ধিমত্তাই মানুহক এই্ সুযোগ দিয়ে যাতে নিজৰ স্বাধীন ইচ্ছাৰ বিনিময়ত তেওঁলোক হৈ পৰিব একো একোজন দায়িত্বশীল ব্ৰহ্মাণ্ড নাগৰিক, আৰু পৃথিৱীয়েও সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ লগত তেতিয়া এক হৈ চলিব পাৰিব৷ অলিভাৰ আৰু পিটাৰ এটা সময়ত সেই শক্তিৰ হাতত বন্দী হয়, আৰু তেওঁলোক ৰবটলৈ পৰিণত হয়৷ কিন্তুু, মদৰ নিচাত প্ৰায় মাতাল হৈ পৰা গেৰীয়ে কোনোপধ্যেই নিজৰ স্বাধীন সত্বাক এৰিবলৈ নাৰাজ৷ এণ্ডি আৰু ষ্টিভেনেই গেৰীকেই সমৰ্থন কৰে, যদিও কিহৰ বিষয়ে কথা হৈ আছে, সেয়া দুয়োজনে ভালকৈ বুজাই নাই৷ গেৰীৰ অদ্ভুত যুক্তি আৰু গোৱাৰামিত নত-শিৰ হৈ ব্ৰহ্মাণ্ডীয় বুদ্ধিমত্তাই পৃথিৱীবাসীক নিজৰ মাজতে এৰি যাবলৈ সিদ্ধান্ত লয়, কাৰণ তেওঁলোকৰ বিশ্বাস হয় যে মানুহৰ মগজুটো আচলতেই গোঁৱাৰ, সেইটোক ভাল-বেয়া বুজাই লাভ নাই! কিন্তুু সেই সিদ্ধান্তই তথ্য-প্ৰযুক্তিৰ সকলো আধাৰ নষ্ট কৰাত মানুহ আকৌ আধুনিক যুগৰ আগলৈ ঘূৰি যায়৷ গেৰীৰ কেউজন বন্ধুৱেই পৰিৱৰ্তিত পৰিস্থিতিত আকো নিজৰ জীৱন আৰম্ভ কৰে, আৰু, এই নতুন ‘পুৰণি পৃথিৱী’খনত তেওঁলোকে হেৰোৱা মানসিক প্ৰশান্তি বিচাৰি পায়৷ আনহাতে গেৰীয়ে বন্ধুকেইজনৰ ৰবটকেইটাক লৈ এটা অঘৰী গেং গঠন কৰে, আৰু নিজকে আকৌ এবাৰ নিউটন হেভেনৰ ‘ৰজা’ ঘোষণা কৰে৷ হাজাৰ ভুল থাকিলেও স্বাধীন চিন্তা স্বাধীনেই, তাৰ বিপৰীতে সুখৰ বাবে সমৃদ্ধিৰ বাবে নিজৰ চিন্তা-চৰ্চাক বন্ধকত দিয়া কিমানদূৰলৈ সমীচীন সেয়াই চিনেমাখনৰ কাহিনীৰ মূল প্ৰশ্ন৷ আগতেই প্ৰথম দুখনত এই একেটা প্ৰশ্নকে ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত সোধা হৈছিল যদিও শেষৰখনত তাক সমগ্ৰ মানৱজাতিৰ প্ৰশ্ন কৰি তোলা হয়৷ লগতে, বৰ্ধিত প্ৰযুক্তিৰ জালে আমাক বান্ধি পেলাইছে নেকি, আমাৰ চিন্তা শক্তিক ইয়াৰ বহতীয়া কৰি তুলিছে তাকো বিচাৰ কৰা হৈছে৷

আটাইকেইখন ছবিতে ছাইমন পেগ আৰু নিক ফ্ৰষ্টৰ বন্ধুত্বক বিশেষ গুৰুত্বৰে দেখুওৱা হৈছে, তেওঁলোকৰ মাজৰ কেমেষ্ট্ৰিও অসাধাৰণ৷ চিনেমা কেইখন কমেডীৰ পৰ্যায়ো অতি উন্নত মানৰ, কায়িক কমেডী, ভাষাৰ কমেডী আদি বিভিন্ন ৰূপ আছে যদিও অস্তিত্ববাদ পৰ্যায়ৰ কমেডী সংলাপবোৰে বিশেষভাৱে মন চুৱে৷ অলপ বেলেগ ধৰণৰ চিনেমা চাবলৈ বিচৰাসকলে গোটেই ত্ৰিল’জীটোকে চাব পাৰে৷

শেষত আহিছো, এই কেইখনক নো থ্ৰী ফ্লেভাৰছ অফ্‌ কৰ্নেট’ নাম কিয় দিয়া হ’ল৷ চিনেমাকেইখনৰ দৰেই, সেয়াও খামখেয়ালী বুলিব পাৰি৷ আচলতে প্ৰথম ছবিখনত শ্যন-ক ৰঙা ছবিৰে ভেনিলা ফ্লেভাৰৰ কৰ্নেট’ আইচক্ৰীম খোৱা দৃশ্য এটা আছিল, দ্বিতীয়খনত আছিল নীলা বকলাৰ আন এটা কৰ্নেট’ আইচক্ৰীম৷ দ্বিতীয়খন নিৰ্মাণৰ পাছত সাক্ষাৎকাৰত কোনোবাই সেয়া ইচ্ছাকৃত নে বুলি সোধা প্ৰশ্নৰ উত্তৰত এড্‌গাৰ ৰাইটে সেয়া ইচ্ছাকৃত, আৰু তৃতীয়টো ফ্লেভাৰেৰে আন এখন চিনেমা বনাব বুলি উল্লেখ কৰিছিল৷ তৃতীয়খনৰ আইচক্ৰীম খোৱাৰ দৃশ্য নাই যদিও শেষত সেউজীয়া কৰ্নেট’ আইচক্ৰীমৰ বকলা এটা উৰি যোৱা দেখিবলৈ পোৱা যায়৷ অৱশ্যে পাছত এড্‌গাৰ ৰাইটে কৈছিল যে প্ৰথমখনত তেজৰ দৃশ্য বেছি আছিল বাবে ৰঙা ফ্লেভাৰ, দ্বিতীয়খনত পুলিচৰ ৰং হিচাপে নীলা, আৰু তৃতীয়খনত এলিয়েন-ৰ উপস্থিতিৰ বাবে সেউজীয়া ফ্লেভাৰ ব্যৱহাৰ কৰা হৈছিল৷ ইচ্ছাকৃত হওক বা নহওকেই, তিনিওখন ছবি একেলগে এতিয়া থ্ৰী ফ্লেভাৰ্‌ছ অৱ কৰ্নেট’ নামেৰেই বিখ্যাত৷ আৰু, মিছা নকও, অকল চিনেমাকেইখন খুব ভাল লগা বাবেই তিনিওটা ফ্লেভাৰ মই খাই চাইছোঁ৷ যদিও এনেয়ে ক’ন আইচক্ৰীম খাই পইচা নষ্ট কৰা বিধৰ মানুহ মই নহওঁৱেই! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক