দংশন (আয়ান উত্তম)

নিশা চাৰে দহ বজাত হঠাৎ কাষৰ বৰুৱাৰ ৰুমৰ পৰা বৰুৱানীৰ চিঞৰ এটা ভাঁহি আহিল … চিঞৰ শুনিয়েই দৌৰ মাৰিলোঁ বৰুৱাৰ ৰুমৰ দিশে … ফ্লেটৰ দ্বিতীয় মহলাত বৰুৱা আৰু মোৰ ৰুম … গতিকে চিঞৰটো ঠিক বৰুৱাৰ পাকঘৰৰ কাষৰ পৰাই অহাৰ দৰে লাগিল … কলিং বেলটো বাৰে বাৰে বজোৱা সত্ত্বেও বহুপৰ কোনেও দুৱাৰখন খুলি নিদিলে … পুনৰ কলিং বেলটো বজাবলৈ লওঁতেই বৰুৱাৰ সৰু ল’ৰাটোৱে দুৱাৰখন খুলি দিলে … কি হৈছে একো ধৰিব পৰা নাই … বৰুৱানী খঙত ফোঁপাই আছে আৰু ঘৰৰ বনকৰা ল’ৰা অজয় তলমূৰকৈ পাকঘৰৰ কাষত থিয় হৈ আছে … অনুমান শক্তিৰে একো ধৰিব নোৱাৰি বৰুৱানীক সাহস কৰি সুধিলোঁ— ‘‘বাইদেউ, কিবা হৈছে নেকি? আপোনাৰ চিঞৰ শুনা পালোঁ?’’ বৰুৱানীৰ হঠাৎ সম্বিত ঘূৰি আহিল আৰু মোলৈ পোনপটীয়াকৈ চাই ক’লে— ‘‘ই মোক গবা মাৰি ধৰিবলৈ চেষ্টা কৰিছিল … মই বাথৰুমৰ পৰা ওলাবলৈ লওঁতেই ই বাথৰুমৰ দৰ্জাখনৰ ওচৰত ৰৈ আছিল আৰু মই ওলোৱাৰ লগে লগে মোৰ বুকুত হাত লগাই বাথৰুমলৈ ঠেলি নিছিল …’’ আকাশখন খহি পৰাৰ দৰে লাগিল … অজয়ৰ দৰে এটা ল’ৰাই? ভাবিবলৈ মন নগ’ল একোকে … বৰুৱানীক সুধিলোঁ— ‘‘বৰুৱা ঘৰত নাই?’’ বৰুৱানীয়ে উত্তৰ দিলে— ‘‘আজিৰ ট্ৰেইনত তেওঁ কলকাতালৈ গৈছে, চাকৰি সংক্ৰান্তত …’’ মই ক’লোঁ— ‘‘এতিয়া?’’ বৰুৱানীয়ে ক’লে— ‘‘এই ৰাতিখন মই ক’লৈ যাওঁ? মোক এৰি বৰুৱা অকলে গৈছে, ইয়াক ইমান বিশ্বাসত লগত থৈ … ই এনে কাম কৰিব বুলি মই কেনেকৈ জানো?’’ অজয়ে পাকঘৰৰ একোণত চকুপানী টুকি আছে তেতিয়া … পুনৰ মাত লগালোঁ— ‘‘এটা কাম কৰক, তলৰ ফ্লেটত থকা তুলিকাক লগত লৈ শুই থাকক, তাই অকলেই থাকে … আপুনি ফোন কৰি মাতিলে তাই আহিব …আৰু অজয়, তই এতিয়া তোৰ বিছনাত শুই থাক, পুৱা তোৰ লগত ভালদৰে কথা হ’ম…’’ বৰুৱানীয়ে মাত লগালে— ‘‘ইয়াক আৰু ঘৰত নাৰাখোঁ মই, আজিয়েই খেদিম…’’ মই ক’লোঁ— ‘‘বৰুৱা অহালৈকে ৰ’লে ভাল আছিল, তথাপি ইমান ৰাতি একো সিদ্ধান্ত নল’ব, পুৱালৈকে বাট চাওক’’… বৰুৱানী অলপ শান্ত হ’ল আৰু তুলিকাক ফোন কৰিলে… তুলিকাই চকুকেইটা মোহাৰি মোহাৰি উঠি আহিল … থূলমূলকৈ কিবা এটা ক’লে বৰুৱানীয়ে, তুলিকাই নাৰ্ছ কৰে দিছপুৰ পলিক্লিনিকত, অকলে থাকে … নাইট ডিউটী নাই বাবে আজি ৰুমতে আছিল … বৰুৱানীক ক’লোঁ— ‘‘দুৱাৰত হুক লগাই শুই থাকক, ফোন কৰিব কিবা সহায় লাগিলে…’’ কৈয়ে মই ওলাই আহিলোঁ … কিবা এটা অস্বস্তি … অজয়ে? কিয়?

পুৱা ৮ বজাত শুই উঠি দেখিলোঁ, বৰুৱানীয়ে অজয়ক বিদায় দিছে, হাতত গুজি দিছে দুই হাজাৰ টকা … আৰু চিঞৰি চিঞৰি তাক গালি দি আছে … অজয়ে চকুপানী টুকি টুকি হাতত সৰু বেগটো লৈ ওলাই আহিছে বৰুৱাৰ ৰুমৰ পৰা … বৰুৱাৰ সন্তান ইতিমধ্যে স্কুলভানত যাবলৈ সাজু হৈছে, তুলিকাই তাক লগত লৈ তললৈ নামি গ’ল … মই দুৱাৰৰ কাষৰ পৰা সকলো চাই আছিলোঁ … মই অজয়ক মাতিলোঁ— ‘‘অজয়, এইফালে আহ’’ … বিনা বাক্যই সি মোৰ ৰুমলৈ আহিল … মই চকীখন দেখুৱাই ক’লোঁ— ‘‘ইয়াত বহ … তই এনে কৰিবি বুলি মই কল্পনাও কৰা নাছিলোঁ … ইমান বিশ্বাস কৰিছিল বৰুৱাদায়ে তোৰ ওপৰত, তই এনে কাম কৰিলি?’’ অজয়ে এইবাৰ হুকহুকাই কান্দি দিলে … মই একো মাতিব পৰা নাছিলোঁ … সি কান্দি কান্দি কৈ গ’ল— ‘‘মোৰ কি হৈছিল মই সঁচায়ে গম পোৱা নাছিলোঁ … মূৰটো গৰম হৈ আছিল … সঁচাই মই কি কৰিলোঁ, মই নিজে নাজানো … মৰি যাবলৈ মন গৈছে মোৰ …’’ মই ক’লোঁ— ‘‘সকলো খুলি ক, ভয় নকৰিবি, তোক বৰুৱাদায়ে কিমান ভাল পায় মই জানো … নিজৰ ভাইটিৰ দৰে ব্যৱহাৰ কৰে, তই এই কাম কৰিলি বুলি শুনাৰ পিছত বৰুৱাদাৰ মনত কি ঘটিব পাৰে তই চিন্তা কৰি চাইছনে?কচোন, কি হৈছিল তোৰ?’’

সি তাৰ স্বীকাৰোক্তিখিনি এইবাৰ দিবলৈ সাজু হ’ল … মূৰ দাঙি মোলৈ চাই চাই ক’লে— মোক বৰুৱাদায়ে ২০০৯ চনতে লগ পাইছিল আমাৰ গাঁৱলৈ যাওঁতে … গাঁৱত কিবা এন জি অ’ৰ কামত যাওঁতে মা-দেউতাক লগ পাইছিল আৰু আমাৰ ঘৰলৈ আহিছিল কেঁচা পায়খানা চাবলৈ … আমাৰ গাঁৱত কেৱল আমাৰ ঘৰতহে কেঁচা পায়খানা আছিল, গাঁৱৰ বাকীবোৰ মানুহৰ তুলনাত আমাৰ অৱস্থা শোচনীয় আছিল … দাদাই বিয়া কৰাই বেলেগে থাকিবলৈ ল’লে আৰু মই স্কুল এৰিছিলোঁ ক্লাছ ফাইভলৈকে পঢ়ি … দাদাই কিবা ছাৰ্ভে কৰি আমাৰ ঘৰ সোমাল আৰু মুঢ়া এটাত বহি কিবা-কিবি টুকি আছিল … মোলৈ চাই দাদাই কিহত পঢ়া বুলি সুধিলে … মই ক’লোঁ স্কুল যোৱা বাদ দিছোঁ … তেতিয়া দাদাই মা-দেউতাৰ মুখলৈ চালে … তলমূৰ কৰি থকা দেউতাই উত্তৰ দিলে— ‘‘ইমান টকা নাই ইয়াক পঢ়াবলৈ, কোনোমতে দিনহাজিৰা কৰি ভাতমুঠি মোকলাওঁ’’ … দাদায়ে মাত লগালে, তথাপি ইয়াক এনেকৈ পঢ়া-শুনা এৰাই ভাল কাম কৰিছে জানো? চৰকাৰে ইমান সুবিধা দিছে, আপোনালোকে তাৰ সুফল লৈছে জানো? দেউতাকে ক’লে— ‘‘পুৱাই ওলাই যাওঁ কামলৈ, বিয়লি ঘূৰি আহোঁ, চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ সুবিধা কৰিব পৰা নাই, আপুনিয়ে কিবা এটা কৰিব নে?’’ দাদায়ে ক’লে— ‘‘কৰিবলৈ বহুত আছে, কিন্তু মই ইয়াত নাথাকোঁ, গুৱাহাটীত হে থাকোঁ, তথাপি ইয়াক মোৰ সৈতে লৈ যাব পাৰোঁ, মোৰ ঘৰত থাকিব আৰু কথা দিছোঁ, নিজৰ ভাইটিৰ দৰেই ৰাখিম, পঢ়া-শুনা কৰাম, আৰু হাত খৰছৰ বাহিৰে যি টকা দিব লাগে, সেয়া আপোনালোকৰ হাতত দিম …’’ দেউতাই মাৰ সৈতে কিবা কথা পাতিলে … দাদায়ে মোলৈ চাই ক’লে— ‘‘মোৰ সৈতে যাবানে? মোৰ ল’ৰা এটা আছে, তাক চাবা, সৰু-সুৰা বজাৰ-সমাৰ, বাইদেউক অলপ কামত সহায়, এইখিনি কৰিব পাৰিবা? বাকী সময়কণত তুমি পঢ়িব লাগিব …’’ মই তলমূৰকৈ শুনি আছিলোঁ দাদাৰ কথা … মোৰ দুপিয়ালোঁ, কাৰণ মোৰ গাঁৱত থকাৰ ইচ্ছা নাছিল … ঘৰৰ অৱস্থাটো চাই দুটামান টকা উপাৰ্জন কৰিবলৈ মোৰো মন আছিল … ভিতৰৰ পৰা দেউতা ওলাই আহি ক’লে— ‘‘বাৰু, ল’ৰা আপোনাক গতালোঁ, কিন্তু ইয়াৰ সম্পূৰ্ণ দায়িত্ব আপুনি ল’ব লাগিব …’’ দাদায়ে ক’লে— ‘‘হ’ব, আপুনি চিন্তা নকৰিব’’ … বিয়লি দাদায়ে গাঁৱৰ কেইঘৰমানত ছাৰ্ভে কৰি পুনৰ আমাৰ ঘৰলৈ আহি মোক লৈ গাড়ীত উঠাই লৈ আহিল গুৱাহাটীলৈ … বাইদেউক সকলো বিৱৰি ক’লে … সন্তান বিতুৰ সৈতে চিনাকি কৰাই দিলে … প্ৰথম কেইদিনমান খুব ভালদৰে পাৰ হ’ল … পুৱা উঠি বিতুক স্কুলভানত উঠাই দিয়াৰ পৰা আৰম্ভ কৰি বাইদেউক ব্ৰেকফাষ্ট বনোৱাত সহায় কৰি দিয়ালৈকে সকলো কৰিছিলোঁ … দাদা অলপ দেৰিকৈ উঠে, দাদা উঠাৰ পিছত দাদাক চাহকাপ দি মই দাদাই আনি দিয়া কিতাপবোৰ লৈ পঢ়িবলৈ বহোঁ … দাদা অফিচলৈ ওলাই যোৱাৰ পিছত বাইদেউ আৰু মই ঘৰত থাকোঁ … বাইদেউৱে চাকৰি কৰিছিল যদিও পিছত কিবা কথাত বেয়া পাই এৰি ঘৰতে থকা হৈছিল … লাহে লাহে বৰুৱা দাদাৰ ঘৰখন নিজৰ ঘৰৰ দৰেই ভাবি ল’লোঁ মই … কিন্তু বাইদেউৰ কিছুমান কাম-কাজে মোক এটা নতুন দৃষ্টিৰে চাবলৈ বাধ্য কৰালে … বাইদেউৱে ঘৰত থাকোঁতে সদায় চুৰিদাৰ পিন্ধি কাম কৰে যদিও বুকুখন স্পষ্টকৈ দেখা পাওঁ … বাথৰুমৰ পৰা ওলোৱাৰ সময়ত বাইদেউৱে কেতিয়াবা এখন টাৱেল পিন্ধি ওলায়, মোৰ চকু বাইদেউৰ শৰীৰটোত পৰে … কেতিয়াবা ল’ৰা বা দাদা ঘৰত থাকোঁতেও বাইদেউৱে এনেকৈ ঘূৰি ফুৰে … দাদাই কেতিয়াবা গালি দিয়ে যদিও বাইদেউৱে কয়— ‘‘ঘৰত থকাকেইটাৰ আগতহে থাকোঁ, বাকীবোৰৰ আগত এনেকৈ থাকোঁ নেকি?’’ মনটোত কিবা-কিবি ভাবিবলৈ বাধ্য হওঁ নিশা … কেতিয়াবা দাদা-বাইদেউৰ কাজিয়া হয়, কিবা কথাক লৈ … বাইদেউৱে উগ্ৰমূৰ্তি ধৰি দাদাক যিহকে-তিহকে বলকিবলৈ ধৰে … দাদা ওলাই যোৱাৰ পিছত মোক কিবা-কিবি শুনায়, যেন মোৰ বাবেই কাজিয়া হৈছে … তথাপি মই তলমূৰ কৰি নিজৰ কাম কৰি থাকোঁ … প্ৰায় প্ৰতিদিনেই কাজিয়াৰ পৰিমাণ বাঢ়ি আহিবলৈ ধৰিলে … কেতিয়াবা মোৰ আগতেই দাদাক ইমান অপমান কৰে, মোৰ খং উঠি যায় … মাজতে মই ঘৰলৈ গৈছিলোঁ … দুদিনমান ঘৰত থকাৰ পিছত বাইদেউৱে পুনৰ ফোন কৰি মাতি পঠিয়ালে … দাদাই মোক এটা ম’বাইল কিনি দিছিল, যিকোনো সময়তে কথা পাতিব পৰাকৈ খোলা ৰাখিবলৈ কৈছিল … মই আকৌ আহিলোঁ … বাইদেউৱে কেতিয়াবা পাকঘৰত কাম কৰি থাকোঁতে মোৰ আগত ইমান খোলাকৈ কাপোৰ পিন্ধি থাকে, বাইদেউৰ শৰীৰৰ গোপন সকলো মোৰ চকুত আগত ভাঁহি আহে … নিশা ছটফটাই থাকোঁ কিবা নোপোৱাৰ বেদনাত … মোৰ মূৰটো গৰম হৈ আহে মাজে মাজে … ইফালে দাদা-বাইদেউৰ কাজিয়াই চূড়ান্ত ৰূপ পাইছে … দাদা প্ৰায়ে ঘৰৰ পৰা ওলাই যায় কাজিয়াৰ পৰিস্থিতি আহিলে, কিন্তু বাইদেউৱে দাদা ঘৰলৈ আহিলেই কাজিয়াখন পুনৰ আৰম্ভ কৰে … দাদাই কেতিয়াবা মদ খায় … বটলৰ আধাখিনি মদ দাদাই এৰি খাব নোৱাৰে, মোক বটলটো পেলাই দিবলৈ কয় … মই লাহে লাহে দাদাই এৰি থৈ যোৱা মদখিনি খাবলৈ ল’লোঁ … নিশা শোৱাৰ আগত অলপ অলপকৈ মদ খালে ভাল লাগিবলৈ ধৰিলে … দাদা-বাইদেউৱে গম নাপায়, কাৰণ মই বটলটো পুৱাই উঠি পেলাই আহোঁ … কালি পুৱা দাদা-বাইদেউৰ মাজত আকৌ কাজিয়া হৈছিল … এটা সময়ত দাদা সময়তকৈ আগত গুচি গৈছিল … দাদাৰ ট্ৰেইন আছিল ৮ বজাত, কিন্তু দাদা সন্ধিয়াতে ওলাই গ’ল … বাইদেউৱে ফোন কৰিলেও দাদাই নধৰে … মোকেই যিহকে-তিহকে বলকিবলৈ ধৰিছিল বাইদেউৱে … নিশা ভাত-পানী খোৱাৰ পিছত বহুদিনৰ আগতে দাদাই এৰি থৈ যোৱা মদ অকণমান আছিল, সেইখিনি খালোঁ … খঙত মূৰটোৱে কাম কৰা নাছিল … বাইদেউৱে বুকুৰ প্ৰায় আধাখিনি উদং পোছাক পিন্ধি বাথৰুমত সোমাল … মই ৰুমৰ পৰা চাই আছিলোঁ … মোৰ ৰুমৰ পৰা বাথৰুমটো প্ৰায় সন্মুখত, গতিকে সকলো দেখা পাওঁ … হঠাৎ কি হ’ল নাজানো, বাইদেউক স্পৰ্শ কৰিবলৈ মন গ’ল … বাইদেউ বাথৰুমৰ পৰা ওলাই অহাৰ লগে লগে মোৰ হাতখন বাইদেউৰ বুকুলৈ গ’ল … বাইদেউৱে হয়তো মই বাথৰুমলৈ যাবলৈ লৰালৰি কৰিছোঁ বুলি ভাবি লৈছিল … হঠাৎ মই বাইদেউক বাথৰুমলৈ ঠেলি দিলোঁ … তেতিয়াহে বাইদেউৱে চিঞৰ-বাখৰ লগালে … মই সম্বিত ঘূৰাই পালোঁ … কি কৰিলোঁ মই নিজেই নাজানো … মই এনে কেতিয়াও নাছিলোঁ … দাদাৰ মুখখন মোৰ চকুৰ আগত আহিল … লৰালৰিকৈ মই নিজৰ ৰুমলৈ ঘূৰি আহিলোঁ … তাৰপিছৰখিনি আপুনি জানে …’’

মই মৌন হৈ তাৰ কথাখিনি শুই আছিলোঁ … গালি দিম বুলি মাতি অনা ল’ৰাটোক গালি এটাও দিব নোৱাৰিলোঁ … মাত্ৰ তাক সুধিলোঁ— ‘‘এতিয়া কি কৰিবি?’’ সি ক’লে— ‘‘ঘৰলৈ ঘূৰি যাব নোৱাৰোঁ, … গুৱাহাটীতে কিবা এটা কৰিম, কিন্তু দাদাৰ চকুৰ আগলৈ কেতিয়াও আহিব নোৱাৰোঁ … দাদাৰ মুখামুখি হ’ব নোৱাৰোঁ মই … মই ডাঙৰ অপৰাধ কৰিছোঁ … ভাল মানুহ হেৰুৱালোঁ মই … দাদাৰ দৰে মানুহক হেৰুৱালোঁ, আপোনাৰ দৰে দাদাক হেৰুৱালোঁ …’’ সি পুনৰ হুকহুকাই কান্দিবলৈ ধৰিলে … মই ক’লোঁ— ‘‘চা অজয়, তই যি কৰিলি, তাৰ শাস্তিৰ কথা তই নাজান! তই ইয়াৰ পৰা যাগৈ, ক’ৰবাত কিবা এটা কৰ ভালদৰে, কিন্তু বিশ্বাস নাভাঙিবি … তোৰ কথাখিনি শুনিলোঁ, মই জানো, তই লাহে লাহে ডেকা হৈ আহিছ … এয়া তই কৰা নাছিলি, তোৰ ভিতৰৰ অসুৰ এটাই এইখিনি কৰিবলৈ উৎসাহ দিছিল … ভালদৰে থাকিবি সদায়’’ … পকেটৰ পৰা টকা ১০০ উলিয়াই তাৰ হাতত গুজি দিলোঁ আৰু ক’লোঁ, ‘‘ক’ত কাম কৰি আছ জনাবি, এদিন আকৌ তোক লগ পাম’’ … সি মাত্ৰ ক’লে— ‘‘আপোনাক জনাম, কিন্তু দাদাক নক’ব … দাদাৰ সৈতে মুখামুখি হোৱাৰ সাহস মই হেৰুৱালোঁ …টকা মোক নালাগে, মই নলওঁ আপোনাৰ টকা … বিতুক কিবা কিনি দিব …’’ এইবুলি সি টকাকেইটা টেবুলত থৈ পিছফালে ঘূৰি নোচোৱাকৈ ৰুমৰ পৰা ওলাই তললৈ নামি গ’ল … মই একেথৰে সি যোৱাৰ ফালে চাই ৰ’লোঁ … মনত এটা ভাবে বাৰে বাৰে খুন্দিয়াইছিল … সঁচাই অপৰাধী নে সি? উত্তৰটো বিচাৰি পোৱা নাছিলোঁ … এদিনৰ পিছত বৰুৱা ঘূৰি আহিল কলকাতাৰ পৰা … বৰুৱাৰ ঘৰত কি হৈছিল নাজানো, মাত্ৰ হাতত ম’বাইলটো লৈ মোৰ ৰুমত সোমাই বহুপৰ চকীখনত বহি থাকিল সন্মুখৰ দেৱালখনলৈ চাই চাই … মানুহজনে কান্দিব পৰা নাছিল …. এটা সময়ত ক’লে— ‘‘আজি মই পুনৰ অকলশৰীয়া হৈ পৰিলোঁ’’ … ম’বাইলত তেতিয়া জিলিকি আছিল অজয়ৰ এছ এম এছটো— ‘‘দাদা, ছ’ৰী’’ …

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments