দত্তৰজাৰ বুধিয়ক ৰাণী (দীপজ্যোতি নাথ)

পুৰণি কালত এখন ভিতৰুৱা গাঁৱত অশোক নামেৰে এজন কাঠ কটীয়া আছিল৷ তেওঁ হাবিৰ পৰা কাঠ কাটি নগৰলৈ নিয়ে আৰু তাকে বেচি তেওঁ সংসাৰখন নিয়াৰিকৈ চলাই আছিল৷ তেওঁলোকৰ নীলু নামেৰে এজনী ছোৱালী আছিল৷ তাই সৰুৰে পৰাই বৰ বুদ্ধিমতী আছিল৷ এদিন তাইৰ দেউতাকে হাবিলৈ কাঠ কাটিবলৈ যাওঁতে হাবিৰ মাজত এটা সোণৰ পাত্ৰ পালে৷ পাত্ৰটো পাই তেওঁ ঘৰলৈ দৌৰি আহিল আৰু জীয়েকক সোণৰ পাত্ৰটো দেখুৱালে৷ তেওঁৰ ঘৈণীয়েক, নীলু সৰুহৈ থাকোঁতেই ঢ়ুকাইছিল৷ গতিকে, যি কোনো কথা তেওঁ জীয়েকৰ লগতে পাতিছিল৷ অশোকে সোণৰ পাত্ৰটো ৰজাৰ ঘৰলৈ নিম বুলি কোৱাত নীলুৱে দেউতাকক কৈছিল, “দেউতা আপুনি ৰজাৰ ঘৰলৈ পাত্ৰটো নিলে কিবা হয়তো অথন্তৰ ঘটিব পাৰে; আপুনি ৰজাৰ ঘৰলৈ নোযোৱাই ভাল হব নেকি!”

তেতিয়া দেউতাকে তাইক বুজালে যে ”দত্তৰজা এজন বৰ ভাল ৰজা৷ দত্তৰজাই সেই সোণৰ পাত্ৰটো দেখি বৰং ভালহে পাব আৰু তেওঁক পুৰষ্কাৰ দিব৷”

তেওঁ দত্তৰজাৰ ঘৰলৈ খোজ ল’লে৷ দত্তৰজাৰ ঘৰ পাই দুৱাৰত প্ৰহৰীক ক’লে- ”মই ৰজাক লগ পাব খোঁজো, কিয়নো তেখেতলৈ মই এটা উপহাৰ আনিছোঁ৷” প্ৰহৰীয়ে তৎক্ষণাত ৰজাৰ অনুমতি বিচাৰি ভিতৰলৈ যাওঁতে ৰজাই অকবিতা লিখি আছিল৷ হঠাৎ তেওঁ প্ৰহৰীক দেখি ‘কি হ’ল’ বুলি সোধাত প্ৰহৰীয়ে অশোকৰ কথা ক’লে৷ অশোকৰ কথা প্ৰহৰীৰ মুখে শুনি ভিতৰলৈ আহিবলৈ অনুমতি দিলে৷ অশোক ভিতৰলৈ সোমাই দত্তৰজাক প্ৰণাম কৰি সোণৰ পাত্ৰটো দেখুৱালে আৰু ক’ত, কেনেকৈ পালে বৰ্ণনা কৰিলে৷

পাত্ৰটো দত্তৰজাই হাতত লৈ ঘূৰাই পকাই চাই অশোকক সুধিলে ”মোক কেৱল এই পাত্ৰটো দি ঠগিবলৈ আহিছা নহয়? এই পাত্ৰটোৰ লগত থকা অন্য বস্তবোৰ ক’ত? তুমি মোক শীঘ্ৰে ইয়াৰ লগত পোৱা বস্তুকেইপদ আনি দিয়া অন্যথ্যা উচিত শাস্তি পাবা৷”

তেতিয়া অশোকে দত্তৰজাৰ ভৰিত পৰি কাবৌ কাকূতি কৰি কবলৈ ধৰিলে, ”মহাৰাজ মই কেৱল এই পাত্ৰটোৰ বাহিৰে অন্য একো বস্তু পোৱা নাই, আপুনি এই বস্তুটো গ্ৰহণ কৰক”৷

অশোকে যিমানেই বুজাবলৈ চেষ্টা কৰিলে, দত্তৰজাৰো সিমানেই খং উঠি আহিল৷ ৰজাৰ খং দেখি অশোকে কৈ পেলালে- ”মোৰ ছোৱালীজনীয়ে ঠিকেই কৈছিল।”

অশোকৰ মুখত জীয়েকৰ কথা শুনি দত্ত ৰজাই ৰজতক সুধিলে, “কি কৈছিল তোমাৰ জীয়ৰীয়ে?” তেতিয়া তেওঁ সোণৰ পাত্ৰটো ৰজাৰ ঘৰলৈ আনিবৰ সময়ত কি কৈছিল অশোকে সকলো কোৱাত দত্তৰজাই মনতে ভাবিলে ছোৱালীজনী সচাঁকৈয়ে বৰ বুদ্ধিমতী, তাই আগতীয়াকৈ ৰজাৰ ঘৰত বাপেকৰ কি দশা হব পাৰে ক’ব পাৰিছে যেতিয়া তাই নিশ্চয় ৰাণী হোৱাৰ যোগ্য৷ (যিহেতু ৰজা অবিবাহিত আছিল) ৰজাই তৎক্ষণাত অশোকক সুধিলে -”তোমাৰ ছোৱালীজনীৰ বয়স কিমান? তাই দেখিবলৈ কেনেকুৱা?” ইত্যাদি৷

ৰজাৰ প্ৰশ্নবোৰৰ উত্তৰত অশোকে জীয়েক নীলুৰ বিষয়ে সকলো ক’লে৷ তেতিয়া দত্তৰজাই ছোৱালীজনীক তিনিদিনৰ ভিতৰত ৰজাৰ ওচৰলৈ আনিবলৈ অশোকক আদেশ কৰিলে৷ লগতে এটা চৰ্তও দিলে যে তাই ৰথত বা খোজকাঢ়ি আৰু দিনত বা ৰাতি আহিব নোৱাৰিব৷ অশোকে তাকে শুনি ঘৰলৈ গ’ল আৰু জীয়েকৰ আগত সকলো কথা বিৱৰি কলে৷ তেতিয়া জীয়েক নীলুৱে দেউতাকক চিন্তা কৰিবকৈ হাক দিলে আৰু ক’লে, “তিনিদিনৰ দিনা সকলো ব্যৱস্থা কৰিম৷”
.
জীয়েকৰ আশ্বাসত অশোক মনে মনে থাকিল৷ তিনিদিনৰ দিনা সন্ধ্যাসময়ত ছাগলী এটাৰ পিঠিত উঠি তাই ৰজাৰ ঘৰলৈ যাবলৈ সাজু হ’ল আৰু তাই দেউতাককো লগতে যাবলৈ ক’লে৷ অশোক গৈ ৰজাৰ ওচৰ পোৱাত ৰজাই জীয়েকৰ কথা সুধিলে তেতিয়া ৰাজ উদ্যানৰ ফালৰ খিৰিকিৰে অশোকে চাবলৈ কোৱাত এজনী ছোৱালীক ছাগলীৰ পিঠিত উঠি অহা যেন দেখা পালে৷

দত্তৰজা সচাঁই আচৰিত হ’ল, দিনো নহয় ৰাতিও নহয় খোজ কাঢ়িও অহা নাই অথচ ৰথতো অহা নাই, এই বৰ বুদ্ধিমতী ছোৱালী৷

ৰজাই ৰাজ পুৰুহিতক মতাই আনি শুভবিবাহৰ দিন-বাৰ আৰু সময় ঠিক কৰিবলৈ ক’লে৷

ৰজাই তাইৰ লগত বিবাহ পাশত আবদ্ধ হৈ কিছু দিন পাৰ কৰাৰ পাছত এদিন ৰাজসভাত বহি থাকোঁতে দুজন মানুহ ক্ৰমে অপুকাই আৰু মালিকাই গোচৰ দিবৰ বাবে ৰাজসভাত উপস্থিত হ’ল৷ দুয়োজনে দত্তৰজাৰ ভৰিত পৰি নিজৰ পৰিচয় দিলে আৰু ইজনে সিজনৰ, সিজনে ইজনৰ ওপৰত বিচাৰ কৰিবলৈ ৰজাক অনুৰোধ কৰিলে৷

দত্তৰজাই কাৰণটো সোধাত অপুকায়ে কবলৈ ধৰিলে, “মহাৰাজ, মোৰ গাধজনী পোৱালিটোৰ সৈতে বনৰ মাজত চৰি থাকোতে এওঁ নিজৰ গাধজনী মোৰ গাধজনীৰ ওচৰলৈ লৈ গ’ল৷ তেওঁৰ গাধজনী দেখি মোৰ গাধ পোৱালিটো তেওঁৰ গাধজনীৰ পিছে পিছে গ’ল৷ তেতিয়া তেওঁ মোৰ গাধপোৱালিটো তেওঁৰ গাধজনীৰ পোৱালি বুলি দাবী কৰি লৈ গ’ল আৰু মোৰ গাধজনীক বাজী আৰু তাই কোনো দিন পোৱালি নিদিয়ে বুলি আখ্যা দিলে৷ মহাৰাজ, আচলতে তেওঁৰ গাধজনীহে বাঁজী আছিল৷ সেয়ে ইয়াৰ আপুনি উচিত বিচাৰ কৰি দিয়ক৷”

ইফালে মালিকাইয়ো একেখিনি কথাকে দত্তৰজাক ক’লে৷

সকলোবোৰ কথা শুনাৰ পিছত মহাৰাজে ক’লে, “পোৱালিটো নিজৰ মাকৰ লগতে থাকিব, সি আঁতৰ হৈ কেতিয়াও নাযায় আৰু গ’লেও আকৌ মাকৰ ওচৰলৈ ঘূৰি আহিব৷ গতিকে তুমি আনৰ পোৱালিটো কিয় দাবী কৰিছা? তোমাৰ গাধজনীহে বাঁজী৷ তুমি গাধজনীক লৈ গুচি যোৱা৷” -এই বুলি দত্তৰজাই অপুকাইক আদেশ দিলে৷

এই কথা শুনাৰ লগে লগে মহাৰাজে ভুল বিচাৰ কৰিলে বুলি কান্দি কাটি হুলস্থুল কৰাত অপুকাইক ৰাজসভাৰপৰা বাহিৰ কৰি দিলে৷

তেওঁ কান্দি কাটি ৰাজমহলৰ কাষেৰে পাৰ হৈ যাওঁতে সেই সময়ত এজনী লিগিৰীৰ সৈতে ফুৰি থকা ৰাণীয়ে দেখা পালে৷ অপুকাইক ৰাণী নীলুৱে কিয় কান্দিছে বুলি সোধাত অপুকায়ে দত্তৰজাৰ বিচাৰৰ গোটেই কথাখিনি ৰাণীৰ আগত ক’লে৷

ৰাণীয়ে তেতিয়া তেওঁক এটা বুদ্ধি শিকাই দিলে , ”কাইলৈ ৰাতিপুৱা তুমি এই অহাযোৱা বাটটোত এখন জাল লৈ পানীত মাছধৰাৰ দৰে মাৰি থাকিবা৷ মহাৰাজে এই বাটেৰে প্ৰাতঃভ্ৰমণ কৰিবলৈ যাওঁতে তোমাক দেখা পাই এইয়া তুমি কি কাম কৰিছা বুলি সুধিব, তেতিয়া তুমি মহাৰাজৰ ভৰিত পৰি ক’বা যে মহাৰাজ বাঁজী গাধই পোৱালি দিব পাৰে মইনো এই শুকান মাটিত মাছ নাপাম কিয়?”

তাকে কৈ ৰাণী অহাবাটেৰে গুচি গ’ল৷

ৰজাই নীলুক বিয়াৰ সময়ত এটা চৰ্ত ৰাখিছিল যে, ”তোমাৰ উপস্থিত বুদ্ধি দেখি মই তোমাক বিয়া কৰাই ৰাণী পাতিছো৷ এতিয়াৰে পৰা যেন তুমি যাকে তাকে বুদ্ধি নিদিয়া আৰু কেতিয়াবা দিয়া বুলি মই যদি গম পাওঁ তেন্তে তোমাক ৰাজমহলৰ পৰা বাহিৰ কৰি দিম”৷ ৰাণীয়েও সেয়ে হ’ব বুলি কথা দিলে৷ কিন্তু ৰাণীয়ে সময়ত পাহৰি গ’ল৷

দত্তৰজাই ভাবিলে যে, “নিশ্চয় এই বুদ্ধি ৰাণীয়ে দিব লাগিব”! দত্তৰজাই লগে লগে ৰাজমহললৈ ঘূৰি গ’ল আৰু ৰাণীক তেওঁৰ ওচৰলৈ মতাই আনিলে৷ ৰজাই ৰাজসভাত হোৱা বিচাৰৰ কথা আৰু গাধৰ মালিকটোৱে মাছ মৰাৰ কথা এইবোৰ ৰাণীক খঙেৰে সুধিলত ৰাণীয়ে সকলোবোৰ স্বীকাৰ কৰি ৰজাৰ ভৰিত দীঘল দি পৰি ক্ষমা খুজিলে৷

দত্তৰজাই তেতিয়া আগৰ সেই চৰ্তটোৰ কথা মনত পেলাই দি পিচদিনা সূৰ্য্য উদয়ৰ আগে আগে ৰাণীক ৰাজমহল ত্যাগ কৰিবলৈ ক’লে আৰু ৰাণীৰ এটা পচন্দৰ বস্তু নিজৰ লগতে লৈ যাবলৈ কৈ ৰজা ৰাজসভালৈ গুচি গ’ল৷

ৰাণীয়ে চিন্তা কৰিবলৈ ধৰিলে তেওঁৰ পচন্দৰ বস্তুটো কেনেকৈ নিয়া হ’ব? হঠাৎ তেওঁৰ মনত এটা উপস্থিত বুদ্ধি খেলালে৷ তেওঁ লগে লগে ৰাজবৈদ্যক মতাই আনি আজি ৰাতি টোপনি অহা ঔষধ এপালি দিবলৈ ক’লে৷

ৰাতি ৰজা ৰাণী দুয়ো দুখ মনেৰে কথা পাতি শুবলৈ ওলাল৷ ৰাণীয়ে ৰজাক এগিলাচ গাখীৰ খাবলৈ দিলে৷ গাখীৰ গিলাচৰ লগতে ৰাণীয়ে ৰাজবৈদ্যই দিয়া টোপনিৰ ঔষধ মিহলাই দিলে৷ দত্ত ৰজাও ৰাণী নীলুৰ হাতৰপৰা গাখীৰ গিলাচ খাই টোপনিত ঢলি পৰিল৷ নীলুৰাণীয়ে লগে লগে ঠিক কৰি থোৱা ৰথত ৰজাক উঠাই লৈ ঘৰলৈ গুচি গ’ল৷

পিচদিনা বহু বেলিৰ মূৰত দত্তৰজাই সাৰ পাই দেখিলে তেওঁ এজোপা গছৰ তলত শুই আছে আৰু ৰাণী তেওঁৰ ওচৰতে বহি আছে৷ দত্তৰজাই আচৰিত হৈ, “মই ক’ত আছো?” বুলি ৰাণীক সোধাত ৰাণীয়ে সকলোবোৰ কথা ৰজাক ক’লে আৰু ৰজায়ো ৰাণীৰ বুদ্ধিৰ পৰিচয় পাই আনন্দত আত্মহাৰা হৈ ৰাণীক পুনৰ ৰাজকাৰেঙলৈ আনি সুখেৰে দিন কটাবলৈ ধৰিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক