দধীচি (শান্তনু চাংমাই)

[১]
আজি:- (বৰ্তমান)
শিকলিত বান্ধ খাই
শিল হৈ পৰিছে
কলিজাৰ টুকুৰা
শিখণ্ডীৰ স্তনৰ দৰে
ওলমিব ধৰিছে
শৰীৰৰ ডাঠ ময়লা
সেউজীয়া পাত
নীলা আকাশ
কাজল নয়ন
পোতাশালত ক্ষণ গণি গণি মুকুতিৰ
পাহৰিছোঁ পাহৰিছোঁ পোহৰৰ সংগীত
একা-বেঁকা সেই বাট
গোঁসাই ঘৰৰ ভজন
তোৰ খাৰুৰে জুনজুন
অন্ধকাৰত বাট খুপি খুপি পৃথিৱীৰ
হেৰুৱালোঁ হেৰুৱালোঁ জোনাকৰ তিৰবিৰ
[২]
কালি:- (অতীত)
গুপ্তঘাতকৰ নাটক, দিগ্বিজয়-যাত্ৰা কৰে হেনো এই সোণৰ প্ৰদেশত | আঙুলি উঠিলেই ভঙা হ’ব, শিৰ নত নহ’লেই কটা যাব | ৰজা আৰু পশুৰ অট্টহাস্যত মাৰ যায় ধুমুহা গাজনিৰ যুগলবন্দী, ডুবি যায় অসহায় গাঁৱলীয়া তিৰোতাৰ চিত্কাৰ | প্ৰতিবাদ- প্ৰতিবাদৰ অস্ত্ৰ সাজিছোঁ মই তেজেৰে শাণ দি দি; বিদ্ৰোহ- বিদ্ৰোহৰ পতাকা উৰুৱাই সেনা গঢ়িছোঁ ঘামেৰে প্ৰাণ দি দি |
হুংকাৰ দি দি আগবাঢ়ে
জনতাৰ লিলিপুট সেনা
ষাঁড়ৰ দৰে দৌৰি যায়
কঁকালত বিদ্বেষৰ টনা
হায় মোৰ চেনেহী আই
এটি এটিকৈ জ্ঞাতি মোৰ
ছগাৰ দৰে জুইত জাহ যায়
বাই-ভনীৰ শিৰৰ সেন্দুৰ
মৰিশালিৰ জুইতে লুকায়
[৩]
কাইলৈ:- (ভৱিষ্যত)
ঘৰ মোৰ ছাই
শিবিৰ হ’ল শূন্য
কাৰেঙত এতিয়া জমিছে মজলিছ
চালাক ৰজা মত্ত
পালি পহৰীয়া ধন্য
ৰাজকোষত ধনৰ উনৈশ-বিশ
ভাঙি এই কাৰাগাৰ
পোতক ল’ম কাৰোবাৰ
কাৰেং হ’ব চাৰখাৰ
আক্ৰোশৰ মুঠি বান্ধি ওপৰলৈ
চিঞৰিম প্ৰাণ খুলি
“মই দধীচি, মই দধীচি …”
—–**—–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক