দন্ত চিকিৎসা আৰু কৃত্ৰিম দাঁত-ডা. ৰিতী কৌশিক

    

ক্ষৰণ ৰোগ হৈ একেবাৰে বেয়া অবস্থাৰ দাঁত এটা দন্ত চিকিৎসক এগৰাকীৰ কাৰণে উঠোৱাৰ বাহিৰে উপায় নাথাকে। দাঁত এটা উঠাই দিয়া প্ৰক্ৰিয়াটো শুনিবলৈ যথেষ্ট সহজ যেন লাগিলেও ই এক অতি সংবেদনশীল পদ্ধতি বা ই এক গম্ভীৰ বিষয় বা গম্ভীৰ চিকিৎসা পদ্ধতি। আমি আগতে দাঁত এটা কি কি কাৰণত উঠাব লাগে আৰু কি কি কাৰণত উঠাব নোৱাৰি এই বিষয়ে বহলভিত্তিত আলোচনা কৰিছোঁ। আজি আমি আলোচনাৰ বিষয় হিচাপে লৈছোঁ দাঁত এটা উঠোৱাৰ পিছৰ পৰ্য্যায়। অৰ্থাৎ দাঁত এটা উঠোৱাৰ পাছত হ’ব পৰা জটিলতাৰ বিষয়ে। এই জটিলতাসমূহ ৰোগীজনৰ কাৰণে ভয়ানক আৰু সেইবাবেই ইয়াক গুৰুত্বসহকাৰে লোৱা উচিত। সাধাৰণতে দাঁত উঠোৱাৰ 24 ঘন্টালৈকে ৰোগীক ঠাণ্ডা আৰু ঢিলা খাদ্য খাব দিয়া হয় আৰু প্ৰথম দিনা মুখ কুলুকুলু নকৰিবলৈ উপদেশ দিয়া হয়। কিয়নো দাঁত উঠোৱাৰ দুই-তিনি মিনিটৰ ভিতৰত তেজৰ কৰাল (Blood Clot) মৰা আৰম্ভ হয়। যদি সেই কৰাল মৰাখিনি লৰচৰ হয় তেন্তে আকৌ নতুনকৈ দাঁত উঠোৱা ঠাইৰ পৰা ৰক্তক্ষৰন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে প্ৰথম 24 ঘন্টা সাৱধানে থকাৰ উপদেশ দিয়া হয়। কিছুমান ৰোগীৰ ক্ষেত্ৰত দাঁত উঠোৱাৰ পাছত চিলাই দিয়া  হয়, এই চিলাই সাত দিনৰ পাছত খোলা হয়। সাধাৰণতে 24 ঘন্টা উকলি যোৱাৰ পাছত দাঁত উঠোৱা খালী ঠাই খিনি (Socket) খুব পৰিস্কাৰ কৈ ৰাখিব লাগে যাতে তাৰ পৰা নতুনকৈ বেলেগ ইন্ফেক্সন (Secondary Infection) বা সংক্ৰমণ নহয়। ‘মাউথ ৱাছ’ৰ লগতে মাজে সময়ে কুহুমীয়া গৰম পানীত নিমখ দি কুলুকুলু কৰিব লাগে।           তলত আমি পৰ্য্যায়ক্ৰমে আলোচনা কৰিম দাঁত উঠোৱাৰ পাছত হ’ব পৰা জটিলতাৰ বিষয়ে-       1. অপাৰেচন কৰাৰ পাছৰ ৰক্তক্ষৰণ (Post Operative Haemorrhage) : দাঁত এটা উঠোৱাৰ পাছত ৰোগীজনৰ যদি ৰক্তক্ষৰন হৈয়েই থাকে এক-দুই ঘন্টালৈ তেন্তে ৰোগীজনৰ অৱস্থা ক্ৰমান্বয়ে বেয়াৰ ফালে গতি কৰিব। দাঁত উঠোৱা প্ৰতি গৰাকী ৰোগীক কিছু সময়ৰ বাবে কুলুকুলু কৰাৰ পৰা বিৰত থাকিব দিব লাগে যাতে বন্ধ হ’ব ধৰা ৰক্তক্ষৰণ আকৌ আৰম্ভ নহয়। অলপ কপাহ উতলাই তাক ভালদৰে আতি লৈ উঠোৱা দাঁতটোৰ ঠাইত দি ভালদৰে কামুৰি ধৰিব দিব লাগে যাতে তেজ ওলোৱা বন্ধ হৈ যায়। লগতে বিভিন্ন ঔষধো ব্যৱহাৰ কৰা হয় ৰক্তক্ষৰণ বন্ধ কৰিবলৈ।      2. বিষ আৰু ফুলা (Pain and Swelling) : দাঁত এটা উঠোৱাৰ পাছত সেই ঠাইখিনি বিষোৱা আৰু ফুলি উঠাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যদি দাঁতটো উঠাওঁতে অতি বেছি জোৰ দিব লগীয়া হৈছে বা আঘাত পাইছে তেতিয়া বহু বেছি ফুলি উঠা দেখা যায়। তেনে অৱস্থাত সেই ঠাইখিনিৰ বাহিৰফালে মুখমণ্ডলত ঠাণ্ডা দিব লাগে (বৰফ) আৰু বিষনাশক মলম লগাব লাগে। যদি তথাপিও ভাল নহয় তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে এন্টিবায়টিক ঔষধৰ সহায় লোৱা উচিত।       3. বেক্টেৰেমিয়া (Bacteraemia) : বেক্টেৰিয়িয়েল ইন্ফেক্সন যাতে নহওঁক তাৰ বাবে চিকিৎসকে দাঁত উঠোৱাৰ আগতেই এন্টিবায়টিক খাব দিয়ে ৰোগী গৰাকীক। নহ’লে পাছত দাঁতৰ ইন্ফেক্সন হোৱাৰ সম্ভাৱনা থাকে।       4. অ’স্টিওমাইলাইটিছ (Osteomyelitis) : দাঁত উঠোৱাৰ পাছত এই সমস্যাই দেখা দিয়ে কিছুমান ক্ষেত্ৰত। অতি বেছি জ্বৰ হোৱাৰ লগতে শ্বেত ৰক্ত কণা বৃদ্ধি হয় আৰু উঠোৱা দাঁতটোৰ কাষৰ দাঁতটো নিজৰ ঠাইত (Socket) ঢিলা (Loose) হৈ পৰে। এক্স ৰেৰ সহায়ত ইয়াক নিশ্চিত কৰা হয়।      5. ড্ৰাই চকেট (Dry Socket) : ই এক ধৰণৰ বিষযুক্ত খালি ঠাই য’ত দাঁত এটা উঠোৱাৰ পাছত নিজে পূৰ্ণ নহৈ নাৰ্ভবোৰ ওলাই থাকে। ফলত ই বহুত বেছি বিষময় হয়। সাধাৰণতে এই অৱস্থা দাঁত এটা উঠোৱাৰ দ্বিতীয় অথবা তৃতীয় দিনা হয় লগতে মুখৰ ভিতৰৰ পৰা দুৰ্গন্ধ নিৰ্গত হয়। এনে ক্ষেত্ৰত কুহুমীয়া গৰম পানীৰে ভালকৈ মুখখন আখলি এন্টিচেপ্টিক ড্ৰেছিং দিয়া হয়।       ইয়াৰ লগতে আৰু দুটামান কথা সংযোজিত কৰিব বিচাৰিছো যে দাঁত এটা উঠোৱাৰ পাছত যদি সেই ঠাইখিনিত ‘কেপিং’ কৰা নহয় বা কৃত্ৰিম দাঁত লগোৱা নহয় তেতিয়া কি ধৰণৰ সমস্যাই দেখা দিব পাৰে?         1. দাঁত  এটা উঠোৱাৰ পাছত যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত খালী হৈ পৰা ঠাইখিনি কেপিং কৰি অথবা কৃত্ৰিম দাঁত লগাই পূৰণ কৰা নাযায় তেন্তে সম্পূৰ্ণ দাঁতৰ পাৰিটোৰ সমস্যাই দেখা দিয়ে। গোটেই পাৰিটো সমান্তৰাল হৈ নাথাকে (Improper teeth alignment)। ফলত দাঁতবোৰ দুৰ্বল হৈ পৰে, উপযুক্ত জোৰ নাপায়। খোৱাত অসুবিধা হয়।        2. খালী হৈ থকা ঠাইখিনিৰ কাৰণে খাদ্যবস্তু চোবোৱাত অসুবিধা হয় আৰু কামোৰবোৰ সঠিক নহয়। যাৰ ফলত খাদ্য ভালকৈ হজমো নহয়।        3. দাঁতটো উঠোৱাৰ ফলত খালী হৈ থকা ঠাইখিনিত আৰু কাষৰ দাঁতত ইন্ফেক্সন হোৱাৰ সম্ভাৱনা থাকে।        4. বাৰে বাৰে ব্ৰাছ কৰাৰ ফলত খালী হৈ থকা আলুখিনিত ব্ৰাছ লাগি লাগি ইন্ফেক্সন হোৱাৰ সম্ভাৱনা থাকে।       দাঁত এটা উঠোৱাৰ পাছত সম্পূৰ্ণ তিনিমাহ অপেক্ষা কৰিব লাগে। তাৰ পাছত হে নতুন দাঁত সংস্থাপন কৰাৰ কথা ভাবিব পাৰি। কৃত্ৰিম দাঁত দুই ধৰণৰ পদ্ধতিৰে লগোৱা হয়, প্ৰথম “ইমপ্লেন্টেশ্বন” (Implantation) আৰু দ্বিতীয়তে “ব্ৰীজ” (Bridge)।        1. ইমপ্লেন্টেশ্বন (Implantation/Implant) : এটা দাঁত উঠোৱাৰ পাছত সেই খালি ঠাইখিনিত নতুনকৈ কৃত্ৰিম দাঁত এটা সংস্থাপন কৰিবলৈ এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ইয়াত অতি উচ্চ মানদণ্ডৰ ধাতু “নিকেল টাইটেনিয়াম”ৰ কিছুমান “স্ক্ৰেউ” (Screw) উঠাই পেলোৱা দাঁতটোৰ হাড়লৈকে সংস্থাপন কৰা হয়। এই স্ক্ৰেউ সংস্থাপন কৰা তিনিমাহ পাছত স্ক্ৰেউসমূহৰ ওপৰত কৃত্ৰিম দাঁতটো বহাই দিয়া হয়। এই চিকিৎসা পদ্ধতিৰ বাবে হাড় মজবুত আৰু শক্তিশালী হোৱা অতি প্ৰয়োজনীয় লগতে ৰোগী শাৰীৰিকভাৱে সুস্থ হোৱা দৰকাৰী।        2. ব্ৰীজ (Bridge) : উঠাই পেলোৱা দাঁতটোৰ কাষৰ দাতৰ সহায় লৈ নতুন কৃত্ৰিম দাঁত লগোৱা হয় ব্ৰীজ পদ্ধতিৰ সহায়ত। এখন দলং তৈয়াৰ কৰিবলৈ যি ধৰণে দুটা খুটাৰ মাজত দলংখন থাকে ঠিক একেদৰে এই পদ্ধতিত কাষৰ দাঁত দুটা খুটা হিচাপে ব্যৱহাৰ কৰি কৃত্ৰিম দাঁত লগোৱা হয়। ইয়াৰ বাবে কাষৰ দাঁত দুটা যন্ত্ৰ ব্যৱহাৰ কৰি অলপ আকাৰত সৰু কৰি লোৱা হয় যাতে কৃত্ৰিম দাঁতটো বহুৱাব পাৰি বা ক্ৰাউনটো (Crown) বহুৱাব পাৰি য’ত উঠাই পেলোৱা দাঁতটো সংলগ্ন হৈ থাকে।        এই দুটা পদ্ধতিৰ সহায়ত বৰ্তমান কৃত্ৰিমভাৱে উঠাই পেলোৱা দাঁত লগোৱা হয়। উঠাই পেলোৱা দাঁত লগোৱাটো অতি প্ৰয়োজনীয়। উঠাই পেলোৱা দাঁত নলগালে কাষৰ দাঁতবোৰৰ জোৰ নোহোৱা হৈ যায় লাহে লাহে। ভালকৈ চোবাই খোৱাত অসুবিধা হয়। ভালকৈ চোবাই খাব নোৱাৰিলে খাদ্য হজম নহয় ফলত শৰীৰে পাবলগীয়া পুষ্টি নাপায়।        দাঁতৰ যতন ভালকৈ লওক, দুপাৰি সুস্থ সবল আৰু নিৰোগী দাঁতৰ অধিকাৰী হওঁক। দাঁত সুস্থ হ’লেহে শৰীৰ নিৰোগী হব আৰু এটা ধুনীয়া হাঁহিৰ গৰাকী হ’ব।        

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dr Anjan Pratim Das
4 months ago

বৰ ধুনীয়া লিখনি। অতি প্ৰয়োজনীয়।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক