দন্ত চিকিৎসা, কলা আৰু বিজ্ঞান — ডাঃ ৰীতি কৌশিক

এক বিশাল পৰিসৰৰ সমস্তি দন্ত বিভাগ। কেইটামান শাৰী বা অলপমান ভাষাত সীমাবদ্ধ কৰিব পৰা নাযায় ইয়াক। এটা লিখনিৰ মাজেৰে দন্ত চিকিৎসা বিভাগক বুজাব যোৱা ধৃষ্টতা কৰাৰ সাহস মোৰ নাই। তথাপিও ব্যক্তিগত প্ৰেক্টিছত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈ আহিছোঁ। নিজৰ সাধ্য অনুসৰি আৰু য’ত কিঞ্চিত জ্ঞানৰ সহায়ত উত্তৰ দিয়াৰ লগতে চিকিৎসা কৰি আহিছোঁ। আজি মই আপোনালোকৰ আগত সদায় সন্মুখীন হৈ অহা প্ৰশ্ন তিনিটা আৰু তাৰ উত্তৰসমূহৰ সৰু সাৰাংশ এটি  তুলি ধৰিব ওলাইছো। আশাকৰো আপোলোকে দৈনন্দিন জীৱনত ইয়াৰ পৰা অলপ হ’লেও উপকৃত হ’ব।

            ডাক্তৰ আমাৰ দাঁতত ৰঙ কিয় ধৰে?
            ডাক্তৰ মাজে মাজে ব্ৰাছ কৰিলে তেজ ওলাই আৰু লগতে খুব বেয়া গোন্ধ ওলাই, কিয় বাৰু?
            মোৰ দাঁত পোঁকে খাইছে কিয় বাৰু?

  এনেদৰে প্ৰায়ে কিছুমান প্ৰশ্নৰ আমি সন্মুখীন হৈ থাকো। আচলতে প্ৰত্যেকটো প্ৰশ্ন ইটোৰ লগত সিটো জড়িত।   যেনে প্ৰথম প্ৰশ্ন:
            দাঁতত ৰঙ কিয় ধৰে?
             উত্তৰ হিচাপে আমি জনাও যে আমাৰ দাঁতত তিনিটা তৰপ থাকে। এনামেল (Enammel), ডেণ্টিন (Dentin) আৰু পাল্প (Pulp)। ‘প্ৰথম তৰপ’ এনামেল হাড়তকৈও কঠিন হয়। ইয়াৰ ৰঙ বগা থাকে। ‘দ্বিতীয় তৰপ’টো হৈছে ডেণ্টিন, যাৰ ৰঙ হালধীয়া হয় আৰু খুব সংবেদনশীল (Sensitive) হয়। এনামেল ক্ষয় হ’লে ডেণ্টিন বাহিৰ ওলাই পৰে ফলত দাঁত বহুত বেছি Sensitive হৈ পৰে। ‘তৃতীয়’ আৰু ভিতৰৰ তৰপটো হৈছে পাল্প নতুবা দাঁতৰ নাৰ্ভ (Nerve Supply) চাপ্লাই। এই তৰপৰ বাবে দাঁতৰ তেজ চলাচল হৈ থাকে। যেতিয়ালৈ এই তৰপ সুস্থ হৈ থাকে তেতিয়ালৈ দাঁত জীয়াই (Live) থাকে। কেতিয়াবা যদি আঘাতপ্ৰাপ্ত (Injured) হৈ নাইবা কেৰিছ্ (Caries) হৈ ‘পাল্প’ মৰি যায় (Death) তেন্তে দাঁতৰ ৰঙ ক’লা হৈ পৰে।

               আচলতে আমাৰ স্থায়ী দাঁত ওলোৱা (Eruption) সম্পূৰ্ণ হয় 12 বছৰ বয়সত। সেই সময়খিনিত ভিতৰৰ তৰপ দুটা পৰিপক্ব (Matured) হৈ নুঠে গতিকে দাঁত সমূহ চকচকীয়া বগা হৈ থাকে। কেৱল বাহিৰৰ এনামেল তৰপটো ডাঠ হৈ থাকে। বয়স বাঢ়ি অহাৰ লগে লগে, বিশেষকৈ প্ৰাপ্তবয়স্ক হোৱাৰ পাছত লাহে লাহে ভিতৰৰ তৰপ সমূহ ডাঠ হৈ আহে। যাৰ ফলত দাঁত সমূহ অলপ মান হালধীয়া হৈ আহে। ইয়াৰ অৰ্থ দাঁতত ৰঙ নধৰে। এইয়া এক প্ৰাকৃতিক প্ৰক্ৰিয়া বুলি গণ্য কৰিব পাৰি।

                দাঁতত উৎপন্ন হোৱা প্লাক (Plaque) আৰু মুখগহ্বৰৰ বেক্টেৰিয়া সমূহ লগ হৈ দাঁতত এটা তৰপৰ সৃষ্টি কৰে। যাৰ ওপৰত খোৱা বস্তুৰ ৰঙ নতুবা পানীৰ ৰঙ আৰু যি সকলে পান-তামোল আৰু বিভিন্ন ধৰণৰ মাদক দ্ৰব্য জাতীয় বস্তু ব্যৱহাৰ কৰে সেইবোৰৰ ৰঙ লাগি দাঁতৰ গুৰিত এক মটীয়া নাইবা ক’লা ছেকা বা ৰঙ বহে। এই ৰঙ ব্ৰাছৰ দ্বাৰা নাযায়। তাৰ কাৰণে স্কেলিং (Scaling) নামৰ দন্ত চিকিৎসাৰ এক পদ্ধতিৰ সহায় ল’বলগীয়া হয়।

               এতিয়া আমি দ্বিতীয় প্ৰশ্নৰ ফালে আহো:
               মাজে মাজে দাঁতৰ পৰা তেজ ওলায় আৰু বেয়া গোন্ধ ওলাই লগতে আলু সমূহ ফুলি উঠে। কিয় বাৰু?

               আগতেই মই আপোনালোকক জনাইছোঁ যে ব্ৰাছ কৰিলেই আমাৰ দাঁতৰ গুৰি সম্পূৰ্ণৰূপে পৰিষ্কাৰ নহয়। আমাৰ সৰ্বমুঠ 32টা দাঁত থাকে। সাধাৰণতে 18 বছৰ বয়সলৈকে 28টা দাঁত গজি সম্পূৰ্ণ হয়। কিন্তু কিছু কিছু ক্ষেত্ৰত ‘Wisdom Teeth’ (জ্ঞানী দাঁত) ওলোৱাৰ সময় 25 বছৰ বয়সলৈকে থাকে। যাৰ ফলত কেতিয়াবা দাঁতৰ একেবাৰে শেষৰ ফালে আলু ফুলি উঠা দেখা যায় আৰু খাদ্যবস্ত্তু জমা (Deposition) হোৱা বাবে বেক্টেৰিয়া সংক্ৰমণ (Infection) আৰম্ভ হয়। ঠাইখিনি চেপি দিলে নিমখীয়া সোৱাদযুক্ত পনীয়া বস্তু কিছুমান নিঃসৰণ (Discharge) হয়, যাৰ ফলত মুখখনত এক বেয়া গোন্ধ ওলাই। ৰাতিপুৱাৰ লগতে ৰাতিও নিয়মীয়াকৈ ব্ৰাছ কৰা উচিত। বেছি অসুবিধা অনুভৱ কৰিলে দন্ত চিকিৎসক (Dentist)ৰ ওচৰলৈ গৈ পৰামৰ্শ লোৱা ভাল।

                  দাঁতৰ আলু ফুলাৰ মূল কাৰণ হৈছে মুখগহ্বৰৰ বেক্টেৰিয়াৰ সংক্ৰমণ (Infection)। আমাৰ মুখগহ্বৰত মিলিয়ন (Million) বেক্টেৰিয়া থাকে। পুৱা শুই উঠি ব্ৰাছ নকৰাকৈ যদি আইনাত ওচৰৰ পৰা ভালকৈ আমাৰ দাঁত নিৰীক্ষণ কৰো তেতিয়া কিছুমান বগা পদাৰ্থ দাঁতত জমা হোৱা দেখা যায় যাক ‘প্লাক’ (Plaque) বুলি কোৱা হয়। এই প্লাকৰ লগত আমাৰ মুখগহ্বৰত থকা বেক্টেৰিয়াসমূহ মিলিত হৈ দাঁতৰ ওপৰত এক প্ৰলেপ পেলায়। ক্ৰমান্বয়ে এই প্ৰলেপ ডাঠ হয় খোৱাবস্তু নাইবা পানীৰ সংস্পৰ্শত আহি। তামোল-পাণ নতুবা নিকোটিন (Nicotin) জাতীয় বস্তু সেৱন কৰা অভ্যাসগত লোকসকলৰ ক্ষেত্ৰত এই প্ৰলেপটো আৰু বহুত বেছি ডাঠ হৈ যায় লগতে মটীয়া নাইবা ক’লা ৰঙ ধৰে। যাৰ ফলত আমাৰ আলু সমূহ উখহাই পেলায় বা ফুলি যায়। এই স্তৰত যদি আওকাণ কৰা হয় তেতিয়া দাঁতত বহা এই প্ৰলেপ লাহে লাহে আৰু বেছি ডাঠ হৈ শিলৰ দৰে টান হৈ পৰে। যাৰ ফলত আলুসমূহৰ ‘Recession’ হয় অৰ্থাৎ আলুৰ বিকাশ ৰখি যায় আৰু ক্ষয় হৈ তললৈ নামি যায়। এটা সময়ত দাঁতৰ চাৰিওফালে থকা ‘Supporting Bone’ খহাই পেলায়। অৱশেষত দাঁতসমূহ লৰিব আৰম্ভ কৰে। মুখৰ পৰা যথেষ্ট দুৰ্গন্ধ ওলাই, যাক ‘Halitosis’ বুলি কোৱা হয়। মাজে সময়ে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা আৰম্ভ কৰে। এই অৱস্থাক ‘পাইৰিয়া’ (Periodotitis) বোলা হয়।
  
                 বংশানুক্ৰমিকতা এটা দৰকাৰী কাৰণ এই বেমাৰৰ। ডাইবেটিচ ৰোগীসকলৰ ক্ষেত্ৰত এই ৰোগৰ লক্ষণ প্ৰায়ে দেখা যায়। নিতৌ দুবাৰ ব্ৰাছ কৰা অতি প্ৰয়োজনীয়। বিশেষকৈ ৰাতি শুৱাৰ সময়ত ব্ৰাছ কৰাটো অতি জৰুৰী। ব্ৰাছ কৰাৰ কিছুমান নিৰ্দিষ্ট প্ৰণালী/পদ্ধতি (Technique) থাকে। যেনে:
  
     ক) ব্ৰাছডাল প্ৰায় 45° কোণত (angle) ধৰি দাঁতত বহুৱাই ল’ব লাগে। ওপৰৰ পাৰি দাঁতসমূহ গুৰিৰ পৰা তললৈ ব্ৰাছ কৰিব লাগে (Upward to downwards motion)।

     খ) ঠিক তেনেদৰে তলৰ পাৰিৰ দাঁতৰ গুৰিত ব্ৰাছডাল 45° কোণত বহুৱাই লৈ লাহে লাহে ওপৰলৈ ব্ৰাছ কৰিব লাগে (Downward to upwards)

     গ) সন্মুখৰ ফালে ঘূৰণীয়াকৈ ঘূৰাই ব্ৰাছ কৰিব লাগে (Circular motion)। দাঁতৰ আলুৰ ওপৰত চুটি কোণীয়া গতি ব্যৱহাৰ কৰিব লাগে।

     ঘ) দাঁত দুপাৰিৰ যি পৃষ্ঠাৰ দ্বাৰা বস্তু চোবোৱা হয় সেই পৃষ্ঠাত অগা পিছা কৰি ব্ৰাছ কৰা হয় (Forward-Backward Motion)।

     ঙ) মাজে সময়ে দাঁতৰ মাজত লাগি থকা খাদ্য বস্তু ব্ৰাছ কৰিলেওঁ সম্পূৰ্ণ পৰিষ্কাৰ হৈ ওলাই নাহে। এনে ক্ষেত্ৰত আমি ‘Dental Floss’ ব্যৱহাৰ কৰিবৰ বাবে পৰামৰ্শ দিওঁ। Floss এক প্ৰকাৰৰ সূঁতা (Thread) যাৰ ওপৰত মম (Wax) ৰ প্ৰলেপ থাকে,   যাতে ইয়াক ব্যৱহাৰ কৰাৰ সময়ত আলুত আঘাত পোৱা  নাযায়। ইয়াক কি ধৰণে ব্যৱহাৰ কৰিব লাগে তাৰ নিৰ্দেশনা দিয়া থাকে।

     চ) জিভাখন পিছৰ পৰা সন্মুখৰ ফাললৈ পিছলোৱা গতিত ব্ৰাছ কৰা হয়।

    ছ) সাধাৰণতে এডাল ব্ৰাছ তিনিমাহৰ পাছত সলাব লাগে। কিন্তু আজিকালি দেখা যায় ব্ৰাছ সমূহৰ ‘Bristle’ বোৰ যথেষ্ট টান (Hard) হয় আৰু অতি সোনকালে বহল হৈ যায়। গতিকে Practically চাব গ’লে একৰ পৰা ডেৰ মাহৰ মূৰে মূৰে ব্ৰাছ সলাব লগীয়া হয়। যদি কোনো ব্যক্তিৰ দাঁতত সিৰসিৰণি হোৱা সমস্যা থাকে তেন্তে তেনেকুৱা লোকে কোমল (Soft) ব্ৰাছ ব্যৱহাৰ কৰা উচিত।

    জ) সাধাৰণতে Dentifrices (Toothpaste) ৰ ক্ষেত্ৰত কোনো হকা বাধা নাথাকে। কেৱল দাঁত ঘঁহা পাউদাৰ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ উপদেশ দিয়া হয়। কিয়নো পাউদাৰ ব্যৱহাৰৰ ফলত দাঁত ক্ষয় যোৱা সম্ভাৱনা যথেষ্ট বাঢ়ি যায়। দাঁতৰ সিৰসিৰণিৰ বাবে বিশেষ ধৰণৰ কিছুমান Dentifrices (Toothpaste) প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপদেশ দিয়া হয়।

                    উপৰ্যুক্ত নিয়মসমূহ অনুসৰণ কৰিলে যথেষ্ট উপকৃত হয়। বিশেষকৈ ৰাতি ব্ৰাছ কৰোঁতে খুব নিয়াৰিকৈ কৰা উচিত। কিয়নো দিনটো আমি নানা ধৰণৰ খাদ্য বস্তুৰ সংস্পৰ্শলৈ আহো, গতিকে নিশা মুখগহ্বৰ ভালকৈ পৰিষ্কাৰ হৈ থাকিলে বহু ৰোগৰ পৰা উপশম পোৱা যায়। আমাৰ তৃতীয় প্ৰশ্ন এই কথাখিনিৰ লগত জড়িত।
                     3. মোৰ দাঁত পোঁকে খাইছে কিয় বাৰু?

                     ইতিমধ্যে মই উল্লেখ কৰিছো যে আমাৰ মুখগহ্বৰ বেক্টেৰিয়াৰ বাসস্থলি। এই বেক্টেৰিয়াসমূহে দাঁতত লাগি থকা খাদ্যবস্ত্তুত থকা (কাৰ্ব’হাইড্ৰেট জাতীয়) এচিডৰ লগত ক্ৰিয়া কৰি দাঁতৰ ক্ষৰণ ৰোগৰ (Cavity) উৎপন্ন কৰে। দাঁতত পোঁক বুলি একো নাথাকে। ই এক ৰাসায়নিক নতুবা এচিডিক ক্ষৰণ যাক cavity বোলা হয়।

                    দ্বিতীয়তে বংশানুক্ৰমিক (Genetic) হিচাপে এই ৰোগ হোৱা দেখা যায়। বহুক্ষেত্ৰত এই ৰোগত আক্ৰান্ত ৰোগীৰ মুখগহ্বৰ নিতৌ পৰিষ্কাৰ কৰাৰ পাছতো ঘনাই আক্ৰান্ত হোৱা দেখা যায়।

                   অত্যধিক মিঠা খোৱাৰ ফলতো ক্ষৰণ (Cavity) ৰোগ হোৱা দেখা যায়। মিঠা বস্তুত যথেষ্ট পৰিমাণৰ কাৰ্ব’হাইড্ৰেট থাকে যৰ ফলত এচিডিক ৰিয়েক্সন (Acidic Reaction) খুব খৰতকীয়া হয়। মুখৰ লেলাউতি কম পৰিমাণে নিঃসৰণ হ’লেওঁ এনেধৰণৰ ৰোগ হোৱা দেখা যায়। লেলাউতিয়ে মুখগহ্বৰৰ ভিতৰখন চাফা কৰি ৰখাত সহায় কৰে। বহুক্ষেত্ৰত দেখা যায় যে দেহৰ আনুষংগিক কিছুমান ৰোগৰ (Diabetis, Severe Gastritis, Heart Disease etc.) লগতো জড়িত এই ৰোগ। এনেধৰণৰ ৰোগীৰ ক্ষেত্ৰত ক্ষৰণ (Cavity) ৰোগ প্ৰায়ে দেখা যায়।   

                প্ৰথম অৱস্থাত দাঁতৰ প্ৰথম তৰপ অৰ্থাৎ Enamel ত এক বিন্দুৰ সমান দাগৰ উৎপন্ন হয়। সময়ৰ লগে লগে এই মাটিয়া ৰঙৰ বিন্দু বাঢ়ি গৈ গাতৰ সৃষ্টি কৰি দ্বিতীয় তৰপ অৰ্থাৎ Dentin চুৱে। যাৰ ফলত ৰোগীয়ে সিৰসিৰণি (Sensitivity) পোৱা আৰম্ভ কৰে। ইয়াৰ পাছত দাঁতৰ এটা অংশ কেতিয়াবা নষ্ট হৈ যায় আৰু দাঁতৰ শেষৰ তৰপ অৰ্থাৎ Pulp পায়গৈ। যাৰ ফলত অত্যন্ত বিষ আৰম্ভ হয়। কোনো কোনো ক্ষেত্ৰত বিষৰ পৰিমাণ ইমান বেছি হৈ যায় যে মুখগহ্বৰৰ ভিতৰত যিকোনো ঠাইতে বিষাব আৰম্ভ কৰে যাক ‘Refered pain’ বুলি কোৱা হয়। কেতিয়াবা মুখখন ফুলি উঠে আৰু ৰোগীয়ে মেলিবলৈ কষ্ট অনুভৱ কৰে। এনেধৰণৰ সমস্যাৰ সন্মুখীন হ’লে অতি শীঘ্ৰে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সাধাৰণতে শুদ্ধকৈ আৰু নিয়মীয়াভাৱে ব্ৰাছ কৰি থাকিলে সহজে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়। কিছু কিছু ক্ষেত্ৰত ব্ৰাছ কৰাৰ পাছত ‘মাউঠ ৱাছ্’ (Mouth Wash) কৰিবলৈ উপদেশ দিয়া হয়। এই Mouth Wash সমূহ ফাৰ্মাচিত কিনিবলৈ পোৱা যায়।

                    একেবাৰে প্ৰথম অৱস্থাত ক্ষৰণ (Cavity) হ’লে ‘Restoration’ (Filling) কৰি দাঁত সংৰক্ষণ কৰিব পৰা যায়। কিছুমানৰ ক্ষেত্ৰত ‘Root Canal’ চিকিৎসাৰ দ্বাৰাও দাঁত সংৰক্ষণ কৰিব পৰা যায়। এই চিকিৎসাত দাঁতৰ ভিতৰত থকা ‘Pulp’ (Infected Nerve Supply) আঁতৰাই দি ‘ফিলিং’ (Filling) কৰা হয়। কিন্তু এই চিকিৎসা কৰাৰ আগত ‘X-ray’ ৰ সহায় লোৱা প্ৰয়োজন। যদি দাঁত এটিৰ প্ৰায় 70% পঁচি গৈছে তেন্তে দাঁতটো সৰাই পেলাবৰ বাবে পৰামৰ্শ দিয়া হয়।

                  আমাৰ খাদ্য তালিকাত বিভিন্ন শাক-পাচলি, ফল-মূল ইত্যাদি থকা প্ৰয়োজন। যিবিলাক খাদ্যৰ পৰা দেহক প্ৰয়োজনীয় ভিটামিন-মিনাৰেল সমূহ আমি যাতে পাওঁ আৰু যাতে ভালকৈ আমি চোবাব পাৰো। ভালকৈ চোবাব লগীয়া খাদ্য খালে আমাৰ দাঁত মজবুত হয়।

                   গতিকে ইমান দূৰলৈকে নিজক টানি আনিব নালাগে। কিয়নো দাঁত আমাৰ অতি প্ৰয়োজনীয় অংগ। সবল দাঁতৰ দ্বাৰা খাদ্য চবোৱাৰ বাবে সুবিধা হয়, যাৰ ফলত খাদ্য বস্তু সোনকালে পচন বা হজম হয়। পেটৰ লগতে আনুষংগিক শাৰীৰিক সমস্যাবোৰো সঠিক হয় যাৰ ফলত আমি এক সু-স্বাস্থ্যৰ অধিকাৰী হওঁ।

                  সঠিক ব্ৰাছিং পদ্ধতিৰ লগতে যদি আন কিবা অসুবিধা পোৱা যায় তেতিয়া অতি শীঘ্ৰে দন্ত চিকিৎসকৰ কাষ চাপিব লাগে। কাৰণ এটি সুন্দৰ হাঁহিৰ পিছফালে এযোৰ ধুনীয়া সবল দাঁতৰ যথেষ্ট অৱদান থাকে আৰু এই সুন্দৰ হাঁহিয়ে ব্যক্তি এজনৰ ব্যক্তিত্বত যথেষ্ট প্ৰভাৱ পেলায়।

                               “ধুনীয়া হাঁহি এক অলংকাৰ
                               এই অলংকাৰ সামৰি
                               সুস্থ আৰু সবল হৈ থাকক…”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক