দমন আৰু দিউ কেন্দ্রীয় শাসিত অঞ্চল (হিতেন্দ্র কুমাৰ শর্মা)

দমন আৰু দিউ কেন্দ্রীয় শাসিত অঞ্চল

-হিতেন্দ্র কুমাৰ শর্মা

 

 

ৰাষ্ট্ৰীয় জনচেতনাৰ বাহিৰত থকা দমন আৰু দিউ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিষয়ে সৰ্বসাধাৰণ জনতাই বিশেষ নাজানে । যোৱা তিনি বছৰ ধৰি ইয়াত কৰ্মসুত্রে থকা বাবেই এই অঞ্চল সম্পর্কে মোৰ এটা সম্যক জ্ঞান হৈছে সেয়ে  ইয়াৰ বিষয়ে যৎকিঞ্চিত লিখিবৰ ইচ্ছা হ’ল ।

বহুতেই দমন আৰু দিউৰ নাম শুনিলেই লগতে গোৱাকো সাঙুৰি লয় ।কিন্তু প্রকৃততে গোৱা, দমন আৰু দিউ ভৌগোলিকভাবে প্রত্যেকেই প্রত্যেকৰ পৰা বহু দুৰে দুৰে অৱস্থিত ।দমনৰ পৰা দিউ ৭৬৩ কি.মি আৰু গোৱাৰ পৰা দমন প্রায় ৫৫০ কি.মি. দুৰত্বত অৱস্থিত । কিন্তু দমন আৰু দিউৰ প্রশাসন সংলগ্ন (combined) আৰু গোৱাই পুৰ্ণ ৰাজ্যৰ মর্য্যাদা পাইছে । দমনৰ পৰা কিছু দুৰত্বতে(প্রায় ৫০-৬০ কি.মি.) দাদৰা আৰু নগৰ হাভেলি কেন্দ্রীয় শাসিত অঞ্চলো আছে । মাটিকালিৰ ক্ষেত্রত দাদৰা আৰু নগৰ হাৱেলি দমনতকৈ যথেষ্ট বিস্তৃত । ইয়াৰ কাৰণ হ’ল দমনৰ তিনিওফালে সাগৰে আগুৰা (আৰব সাগৰ) মাত্র এটা দিশেৰে গুজৰাটৰ লগত সংলগ্ন ।দমনৰ নিকটতম(১২ কি.মি.) ডাঙৰ চহৰ হ’ল গুজৰাটৰ ঔদ্যোগিক চহৰ ভাপি (এছিয়াৰ সকলোতকৈ আৰু পৃথিবীৰ পঞ্চম প্ৰদূষিত  বুলি কুখ্যাত এই চহৰ) । ভাপি এটা মুখ্য আৰু ব্যস্ত ৰেলষ্টেচন । ইয়াৰ পৰা মুম্বাই (১৬০-১৭০ কি.মি.) আৰু চুৰাট দুখন নিকটতম মেট্র’ চহৰ । ৰেলযাত্রাত ভাপিৰ পৰা মুম্বাইলৈ ৩ ঘণ্টা আৰু চুৰাটলৈ ২ ঘণ্টাতকৈ অলপ বেছি লাগে ।আহমেদাবাদলৈ ৬ ঘণ্টাৰ পথ । দমনবাসী সকলৰ যাতায়াতৰ কেন্দ্র হ’ল এই ভাপি চহৰ ।

দমন মুলতঃ আদিবাসী আৰু মাছ্মৰীয়াজাতিৰ বাসভূমি আছিল । কিন্তু এতিয়া চৰকাৰে বিশেষ কৰ ৰেহাই  দিয়াৰ ফলত হোৱা ঔদ্যোগীকৰণৰ ফলশ্রুতিত এই অঞ্চল সকলো প্রান্তৰ, ভাষাৰ মানুহৰ মিলনভুমিত পৰিণত হৈছে ।ইয়াৰ ভাষা মুলত গুজৰাটি আৰু গুজৰাটি-আদিবাসী ভাষাৰ সংমিশ্রিত এক স্থানীয় ভাষা । ইয়াৰ উপৰিও মাৰাঠী সংস্কৃতি আৰু ভাষাৰো যথেষ্ট চাপ আছে যিহেতু মহাৰাষ্ট্ৰও দমনৰ পৰা সমদুৰত্বত অৱস্থিত ।ইয়াত হিন্দু, মুছলমান, পার্ছী আদিৰ উপৰিও খোজা বা খ্ৱাজা সম্প্রদায়ৰ লোকো পোৱা যায় । এই খোজা সম্প্রদায় মুছলমান সম্প্রদায়ৰে এটা অংশ ভাব হয় যদিও এওলোকৰ আচাৰ-ব্যৱহাৰ,সংস্কৃতি আচহুৱা ধৰণৰ ।এওঁলোকে সেন্দুৰ পিন্ধে আৰু মংগলসুত্রও পিন্ধে, উপাসনাৰ বাবে মছজিদৰ সলনি নিজা বেলেগ উপাসনাগৃহলৈ যায় ।এওঁলোকৰ এজন ধর্মগুৰু বা মৌলানা আছে ।অন্য আচৰণবোৰ ইছলাম ধৰ্মৰ লগত মিলে । বহুতে কয়, হয়তো এওঁলোক হিন্দুৰ পৰা ধর্মপৰিৱর্তন হোৱা ।

দমনৰ জলবায়ু নাতিশীতোষ্ণ কিন্তু গৰমকালী আৰ্দ্র্তা বেছি হয় ।ইয়াৰ মুল বাসিন্দাবিলাকৰ আর্থিক অৱস্থা এতিয়া যথেষ্ট ভাল হ’ল । ঔদ্যোগীকৰণৰ ফলত ইয়াৰ আলমতে বহুত সৰু বৰ ব্যৱসায় গঢ় লৈ উঠিছে যেনে ৰেষ্টুৰেণ্ট, হ’টেল, বাৰ, গেষ্ট হাউছ তথা ভাড়াঘৰ, ভাড়াৰ টেক্সি আৰু কোম্পানীবিলাকৰ কৰ্মচাৰীক সৰবৰাহ কৰিবৰ বাবে ঠিকা হিচাপত নিয়মীয়া বাচ সেৱা, ঔদ্যোগীক পেলনীয়া (industrial waste) সামগ্রীৰ ব্যৱসায় আৰু অন্য বহুতো যিবিলাক ব্যৱসায় ইয়াৰ স্থানীয় লোকৰ নিয়ন্ত্রণত । অলপতে দমনত ‘দেল্টিন’ নামেৰে দেশৰ ভিতৰতে অন্যতম বৃহৎ কেছিনো আৰু ৫ ষ্টাৰ ৰিছ’র্ট মুকলি কৰা হৈছে ।

প্রত্যেক কেন্দ্রীয় শাসিত অঞ্চল সমুহৰ শাসন ব্যৱস্থা চম্ভালে এজন প্রশাসকে (administrator)| তেওঁ এজন ভাৰতীয় লোকসেৱা আয়োগৰ বিষয়া হয় । বৰ্ত্তমান দমন আৰু দিউৰ প্র্শাসক জনৰ নাম বি.এচ. ভাল্লা । এই অঞ্চলসমুহক সদনত প্র্তিনিধিত্ব কৰে একোজন এম.পি (M.P.)এ । ইয়াত কোনো বিধানসভা নাথাকে ।থাকে মাথো পৌৰনিগম বা পৌৰসভা ।

ইতিহাসলৈ চালে দেখা যায় যে দমন, দিউ, দাদৰা আৰু নগৰ হাভেলি আৰু গোৱা ১৯৬০ ইং চনলৈকে পর্তুগীজসকলৰ নিয়ন্ত্রণত আছিল । ইংৰাজসকলে ভাৰতত ২০০ বছৰ ৰাজত্ব কৰাৰ বিপৰীতে পর্তুগীজসকলে ৪৫০ বছৰ ৰাজত্ব কৰিছিল । ১৯৬১ চনৰ ১৯ দিচেম্বৰ তাৰিখে ভাৰতীয় সেনাই সশষ্ত্র অভিযান চলাই গোৱা, দমন, দিউ আৰু দাদৰা-নগৰ হাৱেলিক পৰ্তুগীজ শাসনৰ পৰা মুক্ত কৰি ভাৰত গণৰাজ্যত চামিল কৰে । সেয়েহে প্রতি বছৰে ১৯ দিচেম্বৰ তাৰিখে দমন স্বাধীনতা দিৱস আচুতীয়াকৈ পালন কৰা হয় ।

এতিয়াও ইয়াত পৰ্তুগীজ সংস্কৃতিৰ প্রভাৱ দেখা যায় ।পৰ্তুগীজ বংশধৰ এতিয়াও ইয়াত আছে ।ইয়াৰ উপৰিও পার্ছী সম্প্রদায়ৰ লোকো অন্য ঠাইৰ তুলনাত বেছিকৈ দেখা যায় । দমনৰ পৰা নাতিদুৰত থকা উদৱাড়া অঞ্চলত পার্ছীসকলৰ পৃথিবীৰ সৰ্ববৃহৎ উপাসনাগৃহ অৱস্থিত । দমনত বহুকেইটা পর্তুগীজকালীয় গীর্জা (BOM Jesus church, saint Jerome church) আৰু দুৰ্গ আছে ।দমনত এটা বিশ্বকর্মাৰ মন্দিৰো আছে । দমনগংগা নদীয়ে দমনক দুটা ভাগত বিভক্ত কৰিছে- নানি দমন( অৰ্থাৎ সৰু দমন) আৰু মোটি দমন (অর্থাৎ ডাঙৰ দমন)। নানি দমন ব্যৱসায়ীক আৰু জনবসতি(residential) কেন্দ্র আৰু মোটি দমনত থকা পর্তুগীজ দুর্গৰ পৰিসৰৰ ভিতৰত বেছিভাগ চৰকাৰী কার্য্যালয় অৱস্থিত ।

দমন স্বাধীন হোৱাৰ ৫৩ বছৰ পিছতো যেন পর্তুগীজসকলৰ প্রভাব কম হোৱা নাই । এতিয়াও ইয়াৰ স্থায়ী বাসিন্দাই বিদেশলৈ যাবলৈ হলে পাছপ’র্ট পর্তুগীজ চৰকাৰে দিয়ে । তেওঁলোকে দুখন পাছপর্ট লব লগা হয়- আগতে ভাৰতীয় পাছপর্ট লব লাগে, তাৰ পিছত পর্তুগীজ পাছ্পর্টৰ কাৰণে আবেদন কৰিব লাগে । ভাৰতীয পাছপর্ট খন জমা (surrender) কৰিলেহে পর্তুগীজ পাছপর্ট পাব পাৰি । পর্তুগীজ পাছপর্টৰ সুবিধাটো এয়ে যে ইয়াৰ সহায়ত ইউৰোপৰ যিকোনো দেশত বিচৰণ কৰিব পাৰি । কিন্তু স্বাধীন দেশ এখনৰ প্রদেশ এখনৰ নাগৰিকক বেলেগ দেশ এখনে পাছ্পর্ট দিয়া কথাটো হজম নহয় ।এই স্বাধীনতা যেন অপুর্ণ ।

অন্য প্রান্তৰ লগতে অসমীয়া মানুহো দমনত কিছুপৰিমানে আছে । বেছিভাগেই ছিকুৰিটি, বনুৱা, কন্ট্রেক্ট কর্মী (contract worker) আদিৰ কাম কৰে । অন্তত, ঘৰত নিষ্কর্মা হৈ থকাতকৈ ভাল । কিন্তু যিয়েই নহওক, বিদেশত অসমীয়া মাতষাৰ শুনিলেই আত্মা শাত পৰি যায় । মোৰ চিকুনী অসম দেশখনলৈ মনত পৰি যায় ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক