দলং ( পংকজ ঠাকুৰীয়া )

দুহেতীয়া ৰঙা-নীলা পাৰীৰ গামোচা কঁকালত মেৰিয়াই পেন্দুকনা কেইটা নৈৰ পানীৰ পৰা উঠি আহি হাত জোকাৰি সৈনিকসকলক টা টা বাই বাই কৰিব ধৰিলে, ৰ’দত কজলা পৰা চালৰ বৰণত বগা দাঁতকেইটা জিলিকি উঠিছিল৷ দলঙৰ সিপাৰে ঘনকাইয়ে হিচাপ কৰিব ধৰিলে এক দুই তিনি …..বাপৰে বিশখন শক্তিমান গাড়ী৷ এজন সৈনিকে লোহাৰ ডাঙ এদাল লৈ গাড়ীৰ চকাবোৰত কোবাই গৈ আছে, কোবত উফৰি আহিছে ডাঙদাল আৰু আগুৱাই গৈ পিছৰ চকাটোত কিমান বতাহ আছে পুনৰ পৰীক্ষা কৰিছে, চকাটোৱে যেন ক’ব বিচাৰিছে তোমাৰ সমস্ত শক্তিৰে মাৰিলেও মই একেই থাকিম৷

“ঐ এক্সেল ভাঙিব, ইমানো বোজাই দিয়েনে? ” ফৰিঙৰ ছয়টা দুমোনীয়া বস্তাৰ ঠেলাখনৰ এটা চকা গাতত পৰাত ঘনকায়ে চিঞৰি ক’লে৷

“নকবি ককাই, আমাৰ সিমুৰৰ ৰাস্তাটো পালোকি নাই এনেকৈয়ে আহি আছোঁ, কিবাকৈ ভূঞা মহাজনৰ কললৈ পালৈগৈ হ’ল৷ ”
ফৰিঙে ঠেলাখন ঘনকাইৰ পানদোকানৰ সন্মূখত ৰাখি ক’লে৷ “দে, বিৰি এটাকে দে, শুকুৰ আলীৰ ধান, কললৈ নিব দিছে, ৫০ টকা দিব৷ পিছে ইমানবোৰ গাড়ী কিয় আহিছে ইয়ালৈ? ”

ঘনকাই বিড়িৰ মুঠাটো আগবঢ়াই দি ক’লে–
“নাজানো ঐ মোমাইহঁত কিয় আলহী হৈছে, আজি ৰাতি চাগৈ গাঁওত পৰুৱা পৰিব, বিষ্ণুপ্ৰভূৱে আজি বচালেহে আৰু, তহঁতৰ সিপাৰে কিবা গণ্ডগোল হৈছে নেকি? ”

ফৰিঙে ক’লে “নকবি আৰু আজিকালি কোনে কাক মাৰে ঠিকনা নাই, আগৰ মৌজাদাৰৰ দুনলীয়াটো এৰি এতিয়া পৰুৱা বাহৰ পৰা পৰুৱা ওলোৱাৰ দৰে গুলী ওলোৱা বন্দুক লৈ ল’ৰাহঁত আহে, শুনিছোঁ ৰঙা টুপীয়াসকলকো কেৰেপ নকৰে৷ ”

“আমাৰ দিনেই ভালে আছিল, আজিকালিনো নতুনকৈ কি ওলাইছে ধৰিব পৰাই নাই৷ ” ঘনকায়েও বিড়িটো জ্বলাই ক’লে৷
আজি ৫০ বছৰে ঘনকাই দলঙৰ পাৰত চাঙঘৰৰ লেখীয়া দোকানখন চলাই আছে৷ ইপাৰ কি সিপাৰ দলঙৰ দুয়োপাৰৰ লোকৰ সৰু সুৰা ঘৰুৱা দৰকাৰবোৰ, দাইল, আলু, হালধি, নিমখ, বিড়ি আদি বেচি কেতিয়ানো ৭০ বছৰীয়া হ’ল কোনেও কবই নোৱাৰিলে৷ পেন্দুকনাহঁতৰ পৰা বৃদ্ধলৈ সকলোৰে ঘনকাই, দলঙৰ দুয়োপাৰে পৃথিবী বিখ্যাত৷ আন্দোলনৰ সময়ত দলঙ জ্বলাব অহা ছাত্ৰহঁতক অকলেই বাধা দিছিল৷ ৰাজআলিৰ পৰা পাঁচ মাইল দূৰৈৰ দোকানখনত আজিকালি ঔষধ দুটামানো পোৱা যায়৷ কোনোবাই ঔষধ কিনিব আহিলেই নাতিয়েকক মাতিব লাগে৷ ঔষধ মানে কি জ্বৰৰ, কাঁহৰ, পেটৰ বেমাৰৰ৷ ৰাজআলিৰ পৰা সোমাই অহাৰ পিছত গাঁওৰ এইচোৱা পথত খোজকাঢ়িব লাগিলেও পানীৰ ডোঙাৰ পৰা বাচিবলৈ সাজপানীৰ নিচাত হালি জালি অহাৰ দৰে আহিব লাগে৷ গধূলি সময়ত চাহৰো বন্দোবস্ত কৰিছে৷ চাহটোপাৰ নামতহে সকলোৱে আহে আদ্দালৈ৷ ল’ৰাহঁতে ফিল্টাৰ ছিগাৰেটৰ লগত দুটা দিয়াচলাই কাঠি আৰু দিয়াচলাই বাকচ লৈ যায়৷ অলপ পিছতে ঘূৰাই দিয়ে৷
কাঠৰ দলংখনেই গাঁওখনৰ সম্বল৷ আজি ভাঙো কালি ভাঙোকৈ কঁকালটো ধৰি কিবাকৈ ঠিয় হৈ আছে৷ সিপাৰৰ হাইস্কুলত পঢ়ি কত’ ল’ৰা ডাক্টৰ ইঞ্জিনিয়াৰ হ’ল কিন্তুু দলংখন নলৰিল৷ বানেও ধুব নোৱাৰিলে৷ নৈখনৰ পানীত প্লাষ্টিকৰ বটল ওপৰত বান্ধি পেন্দুকণাহঁতে সোঁতত জাল পাতি মাছ ধৰে৷ দলঙৰ খুটাত ধৰি উঠি আহে আকৌ দলঙৰ পৰা জাপ মাৰে৷ খৰালি পানীক লৈ কাজিয়া কি চাবা৷ ৫ মিটাৰ বহল নৈখনত বান্ধ মাৰি যদি সোমেশ্বৰৰ পথাৰত পানী দিয়া হয় তেন্তে নামনিৰ ফজলকায়ে ৰাতি বান্ধ কাটি দিয়ে৷ সোমেশ্বৰে ৰাতি চাং পাতি পহৰা দিয়ে৷ যোৱাবেলি দলঙৰ মূৰত ঘনকাইৰ দোকানতে সকলোৱে মিলি আলোচনাৰে পানীৰ ভাগবতোৱাৰা কৰাৰ পিছতহে এইবেলি অলপ শান্তি৷ মথাউৰিটি পিছে প্ৰতি বছৰে বান্ধে আৰু প্ৰতি বছৰে ভাঙে৷ আজিকালি কিবা মেচিনেৰে কাম কৰে৷ গাঁওৰ মানুহে হাজিৰা কামো নাপায়৷ বাহিৰৰ পৰা বনুৱা আনে৷ মনি মাষ্টৰে তাহানিতে মেছিন আনোতেই কৈছিল এইবেলি বাৰিষা মথাউৰি নাভাগে৷ মেছিনেৰে বান্ধিছে৷ পিছে সকলো ফুটুকাৰ ফেন৷ সকলোৱে মানি লোৱা মনি মাষ্টৰৰ কথা এইবেলি বালিত মুতাৰ দৰে হ’ল৷
দলঙৰ দুয়োপাৰৰ পথছোৱাত গাড়ী চলাৰ কথা বাদেই চাইকেলখনো চলাই নিব নোৱাৰি৷ কিন্তুু বন্দুক লোৱাসকলে দুচকীয়াবোৰ একা বেকা কৰি চলাই যায়৷ পাহাৰত বোলে সিহঁতৰ চোং আছে৷ সন্ধিয়া হাতত ৰেডিঅ লৈ মনি মাষ্টৰ আহিল৷ বোলো শুনিছনে “কৰিমহঁতৰ গাঁওত বোলে শাৰী পাতি কোনোবাই গুলিয়ালে৷ পৰুৱাবোৰ সেয়েহে আহিছে চাগৈ৷ ” বন্দুকধাৰীসকলক গাঁওত সকলোৱে পৰুৱা বুলি কয়৷ চকাকেইটাৰ লগত যুদ্ধ সমাপ্ত কৰি সৈনিকৰ গাড়ীকেইখন যাব ওলাল৷ মাষ্টৰে ৰেডিঅটো পকাব ধৰিলে৷
টেপুধৰে কমলাবাইৰ গাইজনী লৈ আহি দীঘল হুমুনিয়া এটা কাঢ়ি ক’লে “পাত চাধা দুটকাৰ দে৷ লগতে টেমাটোত চুন৷ ”
ঘনকাই গৰজি উঠিল “সন্ধিয়া লগাৰ পিছত বগা বুলি কবি নৰাধম”৷ চুনেৰে টেমাটো ভৰাই টেপুকাই তাৰ চিৰপৰিচিত টোটোলা মাতৰে কবলৈ ধৰিলে “বোলো এইহেন ৫ পিয়ন গাইজনী যোৱা গাইজনী বোলে সাত আজাৰ টকাহে দিয়ে৷ কোনোবা ৰজাঘৰীয়া আদেশত বোলে মাংস খোৱা বন্ধ কৰিছে৷ সেয়েহে বোলে দাম নাই”৷ মনি মাষ্টৰে ক’লে “আমাৰ ইয়াত কথাহে ওলাইছে বন্ধ কৰা নাই নহয়, বেপাৰীবিলাকে সদায় চেলু বিচাৰিয়েই থাকে”৷ টেপুকায়ে বৰ্ণনা কৰিলে কমলাবাইৰ গিৰিয়েক হলধৰৰ টান নৰিয়াৰ কথা৷ ল’-ছোৱালী দুটাকো স্কুললৈ যোৱা বন্ধ কৰিলে৷ গাইজনী বেচি চহৰত বেমাৰ দেখুৱাব যোৱাৰ পৰিকল্পনাৰ কথা৷ টেপুকাইৰ কথাবোৰ বুজাই টান৷ ল ন বোৰ উচ্চাৰনেই নহয়৷ ৰজাঘৰীয়া ফৰ্মাইচৰ দৰে কিবা কব বিচাৰে কিবা কৰে৷ পিছে টেপুকাই ভোদা নহয়৷ সাতঘাটত বেচিব পৰা টেঙৰ৷
ল’ৰাহঁত লাহে লাহে আহিব লৈছে৷ আজি চহৰৰ পৰা ৰক্তিম আহিছে৷ ডাঙৰ অভিযন্তা৷ বিদেশতো বহুত ডাঙৰ মেচিনৰ কাম কৰে৷ আজি বিদেশী চুৰট আৰু ৰঙাপানীৰ লোভত বহুত ডেকা আহিব দলঙৰ পাৰলৈ৷ দোকানৰ কাষতে অত’বছৰে পৰি থকা বিজুলীৰ পকী খুটাকেইটা সকলোৰে বাবে বহা ঠাই৷ বিজুলী খুটাকেইটা অত’বছৰে ঠিয় হব নোৱাৰিলে৷ আদ্দাৰ মানুহকেইজনৰ বাবেহে শেলুৱৈ নলগাকৈ অত’বছৰে আছে৷ ৰক্তিমে আৰম্ভ কৰিলে আমাৰ উন্নতিৰ বাবে বিজুলীৰ দৰকাৰ৷ বিজুলী নহ’লে উদ্যোগ নাই আৰু উদ্যোগ নহ’লে সংস্থাপন নাই৷ গতিকে নদী বান্ধ দি বিজুলী গঢ়িব লাগে৷ মনি মাষ্টৰে কৈ উঠিল “নদীত বৃহৎ বান্ধ দিলে যদি ভাঙি যায় আমি ক’ত পলাম? ” ৰক্তিমে কব ধৰিলে বিজ্ঞানে আজিকালি বহুত উন্নতি কৰিছে৷ সকলো কথা আগতেই কম্পিউটাৰত ছিমুলেশ্যন কৰি লোৱা হয়৷ কিমান বল দিলে ভাঙিব সকলো ঠিক কৰে৷ চীন দেশে বহুত বান্ধ বান্ধিছে৷ ৰক্তিমৰ কথাবোৰে ডেকাহঁতক উৎসাহিত কৰিলে৷ মনি মাষ্টৰে কেৱল ভয় কৰি থাকিল বান্ধ ভাঙিব বুলি৷
এনেতে ঘণকায়ে কৈ উঠিল “তহঁতৰ বিজ্ঞানটো আমাৰ এই ৰাষ্টাটোত, দলংখনত, মথাউৰিটোত লগাই দিব নোৱাৰিনে? ”
ৰক্তিমে অলপ সময় মনে মনে ৰৈ নতুনকৈ মুক্তি পোৱা ১০০ কোটি বাজেটৰ হিন্দি ছিনেমাখনৰ কথা কবলৈ আৰম্ভ কৰিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক