দলং – ৰশ্মিৰঞ্জন বৰুৱা

এইপাৰে সি৷ সিপাৰে তাই৷ মাজতে নদীখন৷
নাৱৰীয়াৰ পুতেক সি৷ মালিকৰ নাও চলাই জীৱন-নৌকা বায়৷
তাইৰ নাম পদুমী৷ মাছুৱৈ সাতোলাৰ জীয়েক৷ চালে চকু ৰোৱা৷ মুখৰ হাঁহিৰ ঢৌ দেখি নদীৰ প্ৰকাণ্ড ঢৌবোৰেও বাট এৰি দিয়ে৷
তাৰ গাঁৱৰ সাপ্তাহিক বজাৰলৈ তাই সদায় আহে৷ সাঁজ লগাৰ আগে আগে ঘূৰি যাবলৈ সি ৰৈ থাকে তাই অহালৈ৷ অন্য যাত্ৰীবোৰে কৰা ফিচিঙা-ফিচিঙিত তাৰ মুখৰ ৰং আবেলিৰ কিৰণ পৰি ৰঙচুৱা হোৱা নদীখনৰ দৰে হয়৷

“ আমাৰ মইনাৰ নাও এতিয়াই কেনেকৈ চলিব৷ পদুমী আহিলেহে চলিব৷”
এইদৰে নি: শব্দে কোনো বাক্য বিনিময় নোহোৱাকৈ তাৰ বুকুত আলফুলে সাজিছে এখনি প্ৰেমৰ দলং; কেতিয়াকৈ সিটো মূৰ পদুমীৰ বুকুত লাগেগৈ, সেই চিন্তাজ্বৰত সি ভাৰাক্ৰান্ত৷ এটকা দুটকা কৰি ধন জমা ৰাখিছে সোনকালে নাও এখন কিনিবৰ বাবে৷ নতুন নাওত উঠাই এদিন পদুমীক তাৰ ঘৰ গচকাবহি৷
পাছে ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি! ইমান খৰখেদাকৈ পকী দলংখন হ’ব বুলি কোনেও ভবা নাছিল৷ সি ভাবি থকাতেই থাকিল৷ পদুমীৰ হেনো বিয়া৷ সাতোলাই বাছ-ড্ৰাইভাৰ এটাৰ সৈতে বন্দৱস্ত কৰিছে৷
আৰু এদিন তাৰ বুকুৰ ব্ৰহ্মপুত্ৰত অজস্ৰ খলকনি তুলি ওপৰৰ পকী দলঙখনেদি ঢোলে-দগৰে বাছত উঠি পদুমীজনী কইনা সাজেৰে পাৰ হৈ গ’ল৷
তাৰ বুকুৰ আধাসজা দলংখন হুৰুসকৈ ভাঙি অথাই পানীত পৰি উটি গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক