দশা – ডাঃ চৈয়দা চেমিন ইছলাম

: চুমি অ … মোৰ দেখোন দুদিন মানৰ পৰা বুকুখন কিবা ধৰফৰাই আছে অ…! অলপতে বৰ ভাগৰ লাগে মোৰ৷ অথনি বৰানী আহিছিলে যে তেওঁ কৈছে তেওঁৰ বায়েক জনীৰো বোলে ঢুকোৱাৰ আগেয়ে এনেকুৱাই হৈছিল৷

: এহ্, বৰানীয়ে কথা কিছুমান এনেই কৈ ফুৰে৷ নিজে ঘৰৰ কুটা এডালো ইফাল-সিফাল নকৰে বোলে৷ মানুহৰ ঘৰে ঘৰে ঘূৰি কথা চোবাবলৈ তাকেই নকৈ নো আৰু কি কব? ভয় খুৱাই থৈ গল আৰু আপোনাকো৷

: তোমাক নো কোনে কলে – বৰানীয়ে ঘৰৰ কাম নকৰে বুলি? তাইৰো, বেচেৰীৰ অলপ কাম কৰিলেই বৰ ভাগৰ লগা হৈছে হেনো৷ ভয়তহে কাম কৰা কমাই দিয়া বুলি কলে তেওঁ মোক৷ পুতেক-বোৱাৰীয়েকে তেওঁৰ কথাত কাণ দিবলৈ সময়েই নাপায় হেনো আজি কালি৷

~★~

: হেৰি, শুনিছানে? অথনি বৰানী আহি মাক কিবা কিবি লগাই থৈ গল নহয়…! মায়েও বৰানী যোৱাৰ পিছতেই বৰানীৰ পুতেক-বোৱাৰীয়েকৰ দোহাই দি আমাকো ভালকৈ দিলে এচাট …!

অ … মায়ে দেখোন তেওঁৰ বুকুখন কিবা ধৰফৰাই থাকে বুলি কলে৷ অৱশ্যে, বৰানীয়ে বা আকৌ কি ভয় খুৱাই থৈ গৈছে মাক -?

: ৰ’বাচোন, তুমি কেৱল বৰানীৰে দোষ দেখি থাকা৷ সঁচাকৈয়োতো হব পাৰে তেনেকুৱা৷ এটা কাম কৰিবা – তুমিয়ে নহ’লে এবাৰ মাক চিকিৎসকৰ ওচৰলৈ লৈ যাবা৷

: নাই, নাই৷ নোৱাৰোঁ দেই মই মাক চোঁচৰাই টানি ফুৰিব৷ কেটেৰেক্ট পৰা চকু দুটাৰে যিহে – কেনেবাকৈ উজুটি খাই পৰিব লাগিলে হৈছে আৰু মোৰ ….!

: হয়তো দিয়া … অসুবিধা হব তোমাৰ৷ এইবাৰ বন্ধত কৰি দিম দিয়া মাৰ চকুৰ অপাৰেচনটো৷

: কিহৰ বন্ধ হে তোমাৰ? কিমান আৰু পিছুৱাই থাকিবা তুমি? মই হে গম পাই আছোঁ – চকু দুটাৰ বাহানা কৰি কুটা এগচো সহায় কৰি নিদিয়ে আজি কালি …..!

~★~

: পোনা, মোৰ দেখোন গাটো বৰ এটা ভাল লাগি নথকাই হল আজি কালি৷ কি বা হল?

: চকু দুটাত যে চানি পৰিছে – সেই কাৰণে চাগৈ, মা৷ হব দিয়া – বন্ধত নহ’লে অপাৰেচনটো কৰিয়ে দিম তোমাৰ৷

~★~

: হেৰা, মাক দেখোন এই কেইদিনমানৰ পৰা বেছ স্ফূৰ্তিত থকা যেন লাগিছে, কথাটো কি হে? নে চকুৰ অপাৰেচন কৰাই দিম বুলি কৈছিলোঁ যে মই, সেই কাৰণে চাগৈ!

: নহয় …!
বন্ধত যে আমি বিদেশ ফুৰিব গলো সেই কেইদিনতে বৰানীৰ লগত বহুত ফুৰিছে বোলে মায়ে৷ বৰ স্ফূৰ্তিতো আছিল বোলে দুয়ো৷ অইন বাৰৰ নিচিনাকৈ এইবাৰ মোৰ মাক পাত্তাই নিদিলে বোলে তোমাৰ মায়ে৷ মোৰ মা লগত যাবলৈ খোজোঁতেও নিনিলে হেনো লগত – আপুনি জীয়ৰীৰ ঘৰ ৰখিবলৈ আৰু মোৰ ওপৰত চোৰাংচোৱা গিৰি কৰিবলৈ অহা নাই জানো? গতিকে আপোনাৰ কাম আপুনি কৰি থাককচোন৷ – বুলি ভেঙুচালি হে কৰিছে বোলে মাক৷

: আচৰিত….!
মাটো এনেকুৱা স্বভাৱৰ মানুহ নাছিল …!

: হুমম্ …!
ময়ো আচৰিত হৈছোঁ৷ বেলেগে কোৱা হলে বিশ্বাসেই নকৰিলোঁ হেতেন চাগৈ ….!

~★~

: চুমি …. হো, এইখন লোৱা …!

: কিহৰ কাগজ এইখন? কিনোঁ মা? কি কৰিম?

: “উপহাৰ“ – তোমালৈ বুলি মোৰ শেষ উপহাৰ, এয়া৷ ইয়াৰ পিছত আৰু মোৰ তোমাক দিবলৈ একোৱেই নাথাকিব৷

যিমান আদৰ-সাদৰকৈ বোৱাৰী কৰি আনিছিলোঁ তোমাক, মোৰ বিয়াৰে সাঁচি ৰখা স্ত্ৰী ধন খিনিও ভাঙি তোমাৰ বিয়াৰ গহনা কিনিবলৈ উলিয়াই দিছিলোঁ – আনকি মোৰ ছোৱালীৰ আৰু ডাঙৰ বোৱাৰীকো দিয়া নাছিলোঁ মই৷ অৱশ্যে এৱোঁ জীয়াই আছিল তেতিয়া৷

বৰানী আৰু মই মিলি দুয়োৰে নামত থকা খেতিৰ মাটিবোৰ বিক্ৰী কৰি দিলোঁ৷ পইচা বোৰৰ আধা ভাগ ৰাখি বাকী আধা মহিলা সংস্থা এটাৰ নামত জমা কৰিছোঁ৷ তেতিয়াৰ পৰা সিহঁতে আমাৰ সকলো দায়িত্ব লৈছে৷ আমাক চিকিৎসাও কৰাই আছে সিহঁতে৷ মোৰ অলপ হাৰ্টৰ প্ৰব্লেম পাইছে৷ অহা মাহত বাহিৰলৈ লৈ যাব৷ পাৰিলে অহা মাহতে একেলগে চকু অপাৰেচনো কৰাব৷ কাগজ-পাতি সকলো ঠিক হৈ গৈছে আমাৰ৷ তোমালোকে একো চিন্তা কৰিব নালাগে আৰু মোৰ৷ ৰখা মানুহৰো চিন্তা নাই, আজিৰ পৰা তাতেই থকাকৈ যাম গৈ আমি দুয়ো৷ সকলো থাকিলেও বৰানীৰ সৈতে ইজনীয়ে সিজনীৰ ৰখীয়া হ’ম আমি৷

: তেন্তে, পেকেটটোত এইখন মোক কি দিছে আপুনি?

: অ… সেইখন ….!
সেইখন এখন ফিক্সড্ ডিপজিট …!
মাটি বিক্ৰী কৰি পোৱা টকাৰ আধা টকা মই লগত ৰাখিছিলোঁ নহয় – তাৰেই আধা তোমাক দিলোঁ৷

যিটো হে যুগ পৰিছে, লৰা-ছোৱালীৰ ওপৰত কি ভৰসা…? যিটো দেখিলো, পোনাইৰটো জমা-জমি একোৱেই নাই৷ ইহঁতক দামী স্কুলত পঢ়াওঁতে, বিদেশ ফুৰোঁতেই শেষ হয় তাৰ টকা৷

পিছত যদি তোমাৰো মোৰ নিচিনাই দশা হয়, অন্ততঃ …..!

~◆~সমাপ্ত~◆~

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments