দস্তাৱেজ (ভাস্কৰজ্যোতি দাস)

দস্তাৱেজ

(১)

“দস্তাৱেজ”- মোৰ নতুন উপন্যাসখনৰ নাম সদ্যহতে এইটোকে ৰাখিছোঁ। ভেন্সাৰ কলেজখনত যোগ দিয়াৰেপৰা এটা সপোন পুহি ৰাখিছিলো। আচলতে এই সপোনটো ইউনিভাৰ্চিটিত থাকোতেই দেখিছিলো। তেতিয়া লভিতালৈ দিয়া প্ৰেমৰ চিঠিবোৰৰ প্ৰতিখনেই চিঠি নহৈ হৈছিলগৈ একো একোটা প্ৰেমৰ গল্প। অন্তত: লগৰবোৰে তেনেদৰেই ভাবিছিল। উজ্বল, ৰাজীৱ, দিগন্ত বা জ্যোতিহঁতৰ এইবোৰ কথাত মুৰ মাৰিবলৈ সময় নাছিল। আচলতে প্ৰয়োজনো নাছিল চাগৈ। হ’লেও সিহঁতকেইটা মোৰ কথাকান্ডবোৰৰ ওচৰে পাজৰে থকা একো একোজন সহযাত্ৰী। মোৰ নাম এটাও দিছিল সিহঁতে। সেই চদ্মনামেৰেই উপন্যাসখন লিখি আছো। এইখন উপন্যাসৰ বিষয়বস্তু কিন্তু প্ৰেম নহয়। দীনতাৰ দস্তাৱেজেই “দস্তাৱেজৰ” মুল বিষয়। চৰিত্ৰৰ তাগিদাত ক’ৰবাত চুকে কোণে প্ৰেম, ভালপোৱাবোৰ সিঁচৰিত হৈ আছে যদিও এইবোৰ গৌণ। প্ৰথমে পুৱতি নামেৰে এখন উপন্যাস লিখিছিলো। লিখিছিলো নকৈ ঠিক লিখাৰ কথা ভাবি আগবাঢ়িছিলো বুলি ক’লে চাগৈ বেছি শুদ্ধ হ’ব। আগৰ বিষয়বোৰ কল্পনাৰ আছিল, মিঠা আছিল, ৰঙীন আছিল। এতিয়াৰ চিন্তাবোৰ শুকান, বাস্তৱ আৰু যেন কিবাধৰণেৰে নিৰস।

কঁঠালতলৰ মুহিকান্ত মিৰি কলেজৰ বুৰঞ্জী বিভাগত মোৰ বাদে ওচৰৰে হৰকান্ত শৰ্মাৰ ডাঙৰ পুতেক অনিৰ্বাণহে আছে। হৰকান্ত মানুহটো কথাই-বতৰাই ভালেই। পুজা পাতল কৰিয়েই তিনিওটা সন্তানকে মানুহ কৰাইছে। সন্তান হিচাবে দ্বিতীয়তে মালিনী আৰু শেষৰ ল’ৰাটো মৃদুল বৰুৱাৰ দোকানৰ মেনেজাৰ। অংকত ভাল আছিল বাবেই হয়টো তাক বৰুৱাই নিজৰ দোকানৰ সেই বিশেষ দায়িত্ব দিছে। মানুহে হৰকান্তৰ দৰে বৰুৱাকো ভেজাল বুলি কয় যেতিয়া কিবা এটা কাৰণ থাকিব পাৰে। আচলতে মানুহক কিবা ধৰণেৰে ভাবি লোৱাটো আজিকালি এটা সাধাৰণ কথা। কঁঠালতল চাৰিআলিৰ দোকান কেইখনৰ সকলোতকৈ ডাঙৰখন এই মৃদুল বৰুৱাৰে। বৰুৱাৰ দোকানত চাউল, ডাইলৰ পৰা আৰম্ভ কৰি পাউডাৰ, ষ্ন’ লৈকে সকলোবোৰ পোৱা যায়। কাজেই মানুহৰ ভিৰ। বৰুৱা জলসিঞ্চন বিভাগৰ মহৰি। মাহটোত এদিনমান অফিচলৈ যায় চাগে। সি চৰকাৰী চাকৰি কৰে বুলি জনা মানুহ কঁঠালতলত নাই বুলিলেও ভুল নহ’ব। দোকানীৰ পৰিচয়টোৰে সি তাৰ পাঁচজনীয়া পৰিয়ালটোক সুন্দৰভাৱে পোহপাল দি আছে। কঁঠালতলৰ সকলোতকৈ ৰেইচ্ মানুহ এই বৰুৱা।

ইংৰাজী বিভাগৰ অঞ্জলি বাইদেৱে মাজে মধ্যে সোধে- গীতাৰ্থ, বিয়াখন পাতিব লাগিছিল নহয়। মই কিবা-কিবি কৈ কথাটো এৰাই চলো। মানুহৰ জীৱনত এটা লক্ষ্য থাকিব লাগে। তেতিয়া লক্ষ্যভ্ৰস্ত হৈও ভাল লাগে কিবাধৰণেৰে। মোৰ কিন্তু জীৱনৰ লক্ষ্য বুলিবলৈ একো নাই। এইবোৰ কথাৰ চিন্তা ইউনিভাৰ্চিটিতে কৰিছিলো যদিও তাতেই এৰিলো।

প্ৰতাপ দাই মালিনীৰ কথাষাৰ কোৱাৰ পাচৰেপৰা মনটোও বৰ এটা ভাল লাগি থকা নাই। একালত মনটোৱে আঁকোৱালি লোৱা লভিতাজনীৰ ঠাই পুৰ কৰিবলৈ হৰকান্তৰ জীয়েক মালিনী সঠিক নহ’বও পাৰে। নাই নহয়, কেতিয়াও নহয়। সেয়া মই ভালদৰে জানো। মোৰ হৃদয় ভাড়াঘৰ নহয় যে কোনোবা সোমাল, ওলাল। আকৌ কোনোবা সোমাল। প্ৰতাপ দাই বয়সৰ কথা বাৰে বাৰে কৈ থাকে। বয়সতো মৃণাল, অঞ্জল বা জ্যোতিহঁতৰো হৈছে। কিন্তু তাতো প্ৰাৰ্থক্য এটা আছে। সিহঁত কেইটাই এম.ফিল, পি.এইচ.ডি কৰি ৰেগুলাৰ। আৰু মই ভেন্সাৰ কলেজখনৰ মেনেজিং কমিটিৰ কৃপাত চলা এজন শিক্ষক। মাহটো ভালদৰে তৰাব নোৱাৰা এজন মানুহ মাথোঁ। প্ৰতাপ দাই ক’লে বুলিয়েই এইবোৰ কথা তেনেধৰণেৰে ভাবিব নোৱাৰি।

(২)

সেইদিনা গধুলি মই মোৰ উপন্যাসখনৰ মুল চৰিত্ৰ অৰ্থাত বৰুৱাৰ দোকানৰ আগত পৰি থকা ভিক্ষাৰীটোৰ ওচৰতে বাইকখন ৰাখি তাক ভালদৰে নিৰীক্ষণ কৰি আছো। ওচৰৰে পাৰ হৈ যোৱা দুই চাৰিজনে দুটকা-চাৰিটকা দলিয়াই গৈছে। এনেধৰণেৰে পইচা দলিয়াই যোৱা মানুহৰ উদ্দেশ্য দুটা থাকে। হয়তো পুতৌ কৰা অথবা পুণ্য অৰ্জন কৰা। মোৰো এটা স্বাৰ্থ আছে। মোৰ উপন্যাসৰ প্লটটোত আজি ভালেমান দিনৰ পৰা এই ভিক্ষাৰীটোক লৈ ভালদৰে ঘুৰি ফুৰিছো। সেই বুলিয়েই তাক সদায় পইচা দি থাকিব নোৱাৰি। সপ্তাহটোত দুদিন দহ টকাকৈ দিও। সি তাৰ এসাঁজকৈ ভাত তাৰে মোকলায়। মোৰ এই ক্ষেত্ৰত বেচি চিন্তা কৰিবলগীয়া একো নাই। মুঠতে সময়মতে উপন্যাসখন শেষ কৰিব পাৰিলেই হ’ল।

এনেতে জ্যোতিয়ে ফ’ন কৰি সুধিলে- গীত, ক’ত আছা?
“ক’তনো থাকিবা আৰু। অলপ বাহিৰৰ হাৱা-পানী লও বুলি ওলাই আহিলো। পিচে তুমি ক’ত?”- উত্তৰ দিয়াৰ লগতে প্ৰশ্নটো সুধিলো।
“দোষ্টি, তোমাৰ তালৈকে গৈ আছো”- জ্যোতিৰ উত্তৰটো শুনি ভাল লাগিল। দুবছৰমানৰ পাছত আজি জ্যোতিক লগ পাম।
সি আকৌ সুধিলে- “তোমাৰ তাত থাকিবলৈ সুবিধা হ’বনে?”
মই জনালোঁ- “আৰে, কেলেই নহ’ব। দুটা ৰূমৰ নতুন ভাড়াঘৰ। বিচনা এখন যদিও ডাঙৰেই। এডজাষ্ট কৰি ল’ম দিয়া”
“প্ৰতাপ দা আছেনে? আগৰ নাম্বাৰটোত লগাই চাইছো। নট এগজিষ্ট বুলি কৈ আছে”- সি আকৌ সুধিলে।
মই উত্তৰবোৰ দি গ’লো- আছে আছে। আহি যোৱা সোনকালে।

যোৱাবাৰ আহোতে প্ৰতাপ দা আৰু জ্যোতিয়ে মোক জুৰ জুলুম কৰি খুওৱা সুৰাৰ বটলটো স্বচ্ছ হৈ পৰি থকা দৃশ্যটো মনলৈ আহিল। লগতে মনত পৰিল জ্যোতি চেন্টিভৰা কথাবোৰ। মনে মনে হাঁহি উঠি গ’ল। বেছি পলম নকৰি তিনিপোৱামান জোখৰ এটা মুৰ্গী, আদা, নহৰু আৰু এটা মছলাৰ পেকেট লৈ নিজৰ কোঠা পালোহি। মাংসখিনি ৰান্ধি থাকোতেই জ্যোতি আহি সোমালহি। তাক দেখি প্ৰায় আচৰিত হৈয়ে সুধিলো- “আৰে, তুমি দেখুন ফুলি কিবা ৰূপ ল’লা হে বন্ধু”
উত্তৰত সি হাঁহি এটা মাৰি ক’লে-“এলাহে ফুলাইছে” তাৰ উত্তৰটো শুনি এনেয়ে হাঁহি এটা জিলিকালো।

তাৰ কথামতে মাংসখিনি ৰান্ধি উঠিয়েই প্ৰতাপ দাৰ ঘৰলৈ বাট বুলিলো। তাক ক’লো- ব’লা খোজ কাঢ়িয়েই যাওঁ। উত্তৰ আহিল-“নেলাগে দিয়া। বাইকতেই যাওঁ। এইবাৰ তাৰ পেটটোলৈ চাই হাঁহি এটা মাৰিলো” দুয়োটা পাঁচ মিনিটমানৰ ভিতৰতে গৈ প্ৰতাপদাৰ ওচৰ পালোগৈ। প্ৰতাপ দাই ডায়েৰী এখনত কিবাকিবি লিখি আছে। ৰিপ’ৰ্টাৰ মানুহ। আখলমুখীতাৰ ফালৰ পৰা অহা টকাকেইটাৰে চলি থকা এটা জীৱ। বিয়া পাতিছিল। এজনী ছোৱালীও আছিল। এতিয়া বেলেগে থাকে। ঘটনাটো কি সেয়া সুধিলেই প্ৰতাপদাৰ মনটো বেয়া লাগি যায়। যিদিনাই প্ৰতাপ দাক ঘৰ-সংসাৰৰ বিষয়ে সোধা হয় সেইদিনাই এজন সুৰাপায়ী আৰু মদাহীৰ প্ৰাৰ্থক্যটো সহজেই অনুমান কৰিব পাৰো। আজিকালি সেই কাৰণেই প্ৰতাপ দাক এইবোৰ কথা সোধা নহয়। জ্যোতিয়েও নুসোধে। আচলতে কোনেও নুসোধে। কঁঠালতলৰ বৌদ্ধিক জগতখনৰ এক পৰিচিত নাম এই প্ৰতাপ দা। কেইজনমান মানুহৰ লগতে বন্ধুত্ব। বাকীবোৰ তেওঁ কাম কৰা বাতৰিকাকত কেইখনৰ একো একোটা সাম্ভাব্য খবৰহে মাথোঁ।

সেইদিনাও এইবোৰ চলিল। জ্যোতিয়ে মোৰ বিয়াৰ প্ৰসংগটো টানি আলোচনা আৰম্ভ কৰিলে। প্ৰতাপ দাই হৰকান্ত শৰ্মাৰ জীয়েক মালিনীৰ প্ৰসংগটোৰে আঁত ধৰিলে-“যোৱাবাৰ কলেজৰ সৰস্বতী পুজাৰ সময়ত দুয়োটাই কথা পাতি থাকোতে ফ’ট’ এখন তুলি থৈছিলো। এইখন চোৱা” জ্যোতিয়ে ফ’ট’খন চাই প্ৰতাপ দাক প্ৰশ্ন কৰিলে- “প্ৰতাপ দা, ছোৱালীজনীৰ বয়স কিমান হৈছে?”
“উনত্ৰিশ-ত্ৰিশমান হৈছে। হৰকান্তই জীয়েকৰ কাৰণে ল’ৰা বিচাৰি দিনটো ইখনৰ পাচত সিখনকৈ কোষ্ঠি মিলায়। কিন্তু নিমিলেহে নিমিলেহে। সিদিনা বুঢ়াক ক’লো যে এই জাত পাত কোষ্ঠি বাদ দি চিন্তা কৰে যদি ভাল ল’ৰা দুই-এটা ওলাব। সি বুঢ়াই টলকা মাৰি চালে। একো নক’লে। তাকে চাই ভাবিলো যে হয়তো মই কোৱা ধৰণেৰে চিন্তা কৰিছে তেওঁ। মুখেৰে মাত নিদিলে আকৌ কথাবোৰ আন্দাজতে থাকে নহয়”- প্ৰতাপ দাই কথাখিনি শেষ কৰি গিলাচটোৰ পৰা এসোহা টানিলে।

এইবাৰ জ্যোতিয়ে কথাখিনি আগবঢ়ালে। আগবঢ়ালে বুলি নকৈ মোক বুজনি দিয়াৰ চেষ্টা কৰিলে বুলিলে ভাল হ’ব- “চা গীত, ছোৱালীজনী মই ভালেই দেখিলো। কথাবোৰক অলপ গতি দিব পাৰিলে ভাল হ’ব” মাউৰা ল’ৰাক এনেকুৱা বুজনি দিলে সেয়া পৰামৰ্শ কম, পুতৌ বেছি যেন লাগে। মোৰো তেনেকুৱাই লাগিল যদিও মনোযোগ দি শুনিলো। কথাটো চাগে ইহঁতে বৰ এটা বেয়াও কোৱা নাই। অহা কালিলৈ গধুলি এবাৰ হৰকান্তৰ ঘৰলৈ যোৱাৰ কথা দুয়ো ক’লে আৰু মই যাম বুলিয়েই সন্মতি দিলো। জ্যোতিয়ে ষ্ফুৰ্টিতে উকি এটা মাৰিলে। মই হাঁহিলো। প্ৰতাপ দা ফ’নত কাৰোবাৰ লগত কথা পতাত ব্যস্ত।

(৩)

ঘৰ আহি পাওঁতে এঘাৰটামানেই বাজিল। মই ততাতৈয়াকৈ ভাতকেইটাৰ দিহা কৰিলোঁ। জ্যোতিয়ে গান এটা গুনগুনাই আছে। ই এনেকুৱাত গান গায়। অভ্যাসটো ইউনিভাচটিতেই মন কৰিছিলো। ছাত্ৰৰ পৰা শিক্ষক হ’লহি। স্বভাৱটো কিন্তু নগ’ল। ভাতকেইটা সিজাৰ পাচত তাক খাবলৈ মাতিলো। দুয়োটা বহি খাবলৈ আৰম্ভ কৰিলোঁ। অলপ সময়ৰ পাচতে এটা ডাঙৰ শব্দ আৰু এটা বিকট চিয়ঁৰ প্ৰায় একে সময়তে কাণত পৰিল। আধাখোৱা ভাতৰ থালকেইখন তেনেকৈয়ে এৰি খৰখেদাকৈ হাতখন ধুই দুয়োটাই শব্দটো অনুকৰণ কৰিলোঁ।

সমুখৰ দৃশ্যটো দেখি মনত কিবা এটা ভয় সোমাল। এখন চাহপাতৰ বস্তা কঢ়িয়াই অনা গাড়ী। গাড়ীখন নিয়ন্ত্ৰনহীন হৈ ফুটপাথত থকা বৰুৱাৰ দোকানৰ সমুখৰ নিমখৰ বস্তাকেইটা আৰু তাৰ কাষতে শুই থকা ভিক্ষাৰীটোক মহতিয়াই নিয়ন্ত্ৰণহীন হৈ ৰাস্তাৰ একাষত পৰি আছে। দুই এজন মানুহ হাতত টৰ্চ লৈ আহিল। ভিক্ষাৰীটোৰ ওচৰলৈ ততাতৈয়াকৈ দৌৰিলো। এখন ভৰিৰ লগতে বুকুৰ এফাল ট্ৰাকৰ চকাই বৰ বেয়াকৈ চেঁপিছে। মুখৰ ওপৰত বালিজান বাগিচাৰ চাহপাতৰ বস্তা এটা পৰি আছে। সি আঁতৰাব পৰা অৱস্থাত নাই। মই পলম নকৰি তাৰ মুখৰ ওপৰৰ পৰা চাহপাতৰ বস্তাটো আঁতৰালো। মুখেদি হলকে হলকে তেজ ওলাই আছে। জ্যোতি গাড়ীচালকৰ সন্ধানত যোৱাযেন লাগিল। মই চিঞৰি চিঞৰি ক’লো-“এই মানুহজন জীয়াই আছে। আপোনালোক কোনোবা এজন আহকচোন। কিবা কৰি হস্পিতাললৈ লৈ যোৱাৰ দিহা কৰোঁ” ওচৰৰ টৰ্চ লৈ অহা মানুহবোৰৰ কাৰো মোৰ কথালৈ মন দিয়াৰ আহৰি নাই। সকলো চাহপাতৰ বস্তা কঢ়িওৱাত ব্যস্ত। মানুহৰ এনে আচৰণ দেখি চিঞৰি দিওযেন লাগিছিল। কিছুসময়ৰ পাচতে প্ৰায় একে সময়তে প্ৰতাপ দা আৰু ওচৰৰ থানাৰ চাব-ইন্সপেক্টৰ এজন আৰু চাৰিজনমান কনিষ্টবল ওলালহি। তাৰে এজন কনিষ্টবলে মৃতপ্ৰায় মানুহজনৰ নাকৰ ওচৰত হাতখন কিছুসময় ৰাখি চাব ইন্সপেক্টৰজনক উদ্দেশ্যি ক’লে- “চাৰ, নাই। গ’ল” কথাষাৰে মোক কম্পিত কৰি গ’ল। মোৰ অস্থিৰ অৱস্থাটো দেখি প্ৰতাপ দাই মোৰ পিঠিত হাত এখন থলেহি। প্ৰতাপ দায়ো চাগে মোৰ উপন্যাসৰ মুল চৰিত্ৰটোৰ এনে পৰিসমাপ্তিৰ কথা কল্পনা কৰা নাছিল। পুলিচ অহাৰ কথা গম পাই হাতত টৰ্চ লৈ অহা মানুহবোৰ ক’ৰবাত নাইকীয়া হৈ গ’ল। চাব ইন্সপেক্টৰজনে ম’বাইলযোগে কাৰোবাৰে কথা পাতিলে আৰু ডায়েৰীখন উলিয়াই লৈ আমাক সোধা প্ৰশ্নবোৰৰ উত্তৰবোৰ টুকিবলৈ ধৰিলে।

কিছুপৰৰ পাচতে কৰ্পচ ভেন এখন ঠিক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পিচফালে থিয় হ’ল। ভেনখনৰ লাইটৰ পোহৰত চাহপাতৰ গাড়ীখনৰ চকাত লাগি থকা তেজৰ ৰঙা-ক’লা ৰঙটো জিলিকি উঠিল। ভেনখনৰ পৰা এখন ডাঙৰ পলিথিন লৈ দুজনমান মানুহ নামি আহিল। সম্ভৱত চৰকাৰী চুইপাৰ। শৱটো পলিথিনখনত তুলিলে। হাতেৰে বুতলিব নোৱাৰাখিনিৰ বাবে এখন বেলচা লৈ আন এটা কাষতে থিয় হৈ আছে। সেইখিনি চাবলৈ মোৰ ধৈৰ্য্য তেতিয়ালৈ শেষ। পলম নকৰি জ্যোতিক লগত লৈ নিজৰ কোঠালৈ বুলি আগবাঢ়িলো। প্ৰতাপ দা পুলিচ বিষয়াজনৰ লগত কথা পাতি কিবাকিবি লিখাত ব্যস্ত। সম্ভৱত: কাইলৈৰ বাতৰি কাকতৰ আঞ্চলিক পৃষ্ঠাৰ শিৰোনাম এয়েই হ’ব। আমি দুয়োটা ঘৰলৈ আহি বাঢ়ি থোৱা ভাতৰ থালকেইখনৰ ওচৰত ৰ’লো যদিও একোতে হাত দিব নোৱাৰিলো। থালকেইখন চাফ কৰি দুয়োটাই শোৱাৰ চেষ্টা কৰিলো। অলপ সময়ৰ পাচতে জ্যোতিৰ টোপনি আহিল যদিও মই শুব নোৱাৰিলো। ঘটনাটোৰ ছবিবোৰে নিশাটোৰ বাকী সময়বোৰত বাৰুকৈয়ে আমনি কৰিলে।

ৰাতিপুৱা জ্যোতি সোনকালেই গ’লগৈ। ময়ো গা-পা ধুই কলেজলৈ ওলালো। বৰুৱাৰ দোকানৰ আগত বৰুৱাই ল’ৰা দুটামান লগত লে পানী ঢালি ঠাইখন চাফ কৰাত ব্যস্ত। থানাত সোমোৱাই থোৱা চাহপাতৰ গাড়ীখনৰ ফালে চকু গ’ল। মনটো পুৱাতেই আকৌ অস্থিৰ হৈ পৰিল। আবেলি প্ৰতাপ দাই চাৰিআলিত লগ পাই সুধিলে- গীত, কালি গধুলি মোৰ ঘৰত কথাটো যে পাতিছিলো-মনত আছেনে? মই একো নোকোৱা দেখি প্ৰতাপ দাই ক’লে- আজি সাতমান বজাতে ওলাবা। ময়ো- “বাৰু আহিব” জাতীয় কিবা এষাৰ কৈ প্ৰতাপ দাক বিদাই জনালোঁ।

(৪)

প্ৰায় সাতবাজি দহ মিনিটমান যোৱাত দুয়ো গৈ হৰকান্ত শৰ্মাৰ ঘৰ পালোগৈ। অনিৰ্বাণ ঘৰত নাই। সৰু কোঠাটোত থকা চ’ফাটোত দুয়ো ওচৰা ওচৰিকৈ বহি পৰিলো। হৰকান্তই দুৰ্গাপুজা সম্বন্ধীয় দুই চাৰিষাৰ কথা পাতি থকাৰ মাজতে মালিনীয়ে হাতত চাহ তিনিকাপ লৈ কোঠাটোত প্ৰৱেশ কৰিলে। আগতে কেৱল সৰস্বতী পুজাত লগ পোৱা মালিনীক লেম্পৰ পোহৰত দেখি ভালেই লাগিল। আচলতে ইয়ালৈ অহাৰেপৰা তাইক সেই দৃষ্টিত আজিয়েই প্ৰথম চাইছো। চাহ কেইকাপ ৰাখি হাঁহি এটা মাৰি তাই ভিতৰলৈ সোমাই গ’ল।

চাহকাপত এসোহা মাৰাৰ পাচত কাষতে তিনিটা বস্তা পৰি থকা দেখি চকু তাত নিবদ্ধ কৰিলো। বালিজান টি.ষ্টেটৰ চাহপাত। নিজৰ চকুকে বিস্বাস কৰিবলৈ টান লাগিল। মোৰ মাজত থকা উপন্যাস লিখি থকা মানুহটোৰ গাত থকা তেজ নামৰ চিঞাহীবোৰ ক্ৰমাত শুকাই আহিবলৈ ধৰিলে। তাত আৰু বহি থকাৰ ধৈৰ্য্য নাথাকিল। জৰুৰী কাম এটাৰ আজুহাত দেখুৱাই অলপো পলম নকৰি কোঠাটোৰ পৰা ওলাই আহিলো। প্ৰতাপ দাৰ বাবে মোৰ এই ব্যৱহাৰত আচৰিত হোৱাৰ বাদে হয়তো সেই মুহূত কৰিবলগীয়া একো নাছিল।

এইখন উপন্যাসো লিখা ন’হ’ল। হয়তো ইউনিভাৰ্চিটিত লিখা চিঠিবোৰৰ দৰে এইখন উপন্যাসো এটা গল্পহে হ’ল। এটা নতুন গল্প। নাম- “দস্তাৱেজ”!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক