দস্যুৰত্নাকৰৰ তপস্যা, যমৰাজ আৰু আমি ( অপ্রাসংগিক) (-নিয়ৰ পাৰ্থ প্ৰতীম বৰুৱা)

দস্যুৰত্নাকৰৰ তপস্যা, যমৰাজ আৰু আমি ( অপ্রাসংগিক)

নিয়ৰ পাৰ্থ প্ৰতীম বৰুৱা

 

 

যমৰাজে এইমাত্র টোপনিৰ পৰা উঠি আধা চকুমেলাকে চেম্বাৰৰ চাটাৰ খন উঠালে। দেখিলে বাহিৰত

চিত্রগুপ্তই হাতত টেবলেট এটা লৈ কিবা হিচাব নিকাচত ব্যস্ত।

যমৰাজ- হেৰা চিত্র তুমিনো এই ৰাতিপুৱাই বাহিৰতনো কিয় ৰৈ আছাহে?  কলিং বেলটো বজালেই হয়। আহা আহা, বৌয়েৰাই চাহকাপ বনাইছেই। একেলগে খাই লওঁ।

চিত্রগুপ্ত- নাই ছাৰ ক’তনো সোনকালে অহা দেখিলে। আঠ বাজিলেইছোন। মোৰ মানে ৰাতি ভালকে

টোপনিয়ে নাহিল।

যমৰাজ- এহ কিয়হে?  ময়তো কওঁ, যিয়েই নহওঁক ৰাতি অন্ততঃ ভালকে শুব লাগে। তেতিয়াহে গা মন ভালে

থাকে। হয়নে নহয়? এ হেৰা চাহ হ’লনে?

 

পৰিৱেশ ১- যমৰাজৰ চেম্বাৰ

 

চিত্রগুপ্ত- ছাৰ।

যমৰাজ- অ, কোৱাচোন।

চিত্রগুপ্ত- মানে ছাৰ, মোক এজন ছেক্রেটেৰী লাগিছিল।

যমৰাজ- এহ কিনো কোৱাহে এই ৰাতিপুৱাই পুৱাই। কিহৰ ছেক্রেটেৰী লাগেহে তোমাক?  তোমাৰ দেখোন

আধা কাম ময়েই চাই দিও।

চিত্রগুপ্ত- ছাৰ আপুনি বুজা নাই। এইকেদিন আমাৰ বিজনেছ সাংঘাতিক বাঢ়িব। মোক কালি সন্ধিয়া আমাৰ ইন্দ্র দাৰ লগত থকা জ্যোতিষি হিৰো ইয়াং ডাঙৰীয়াই কৈছে। আৰু আপোনাক কিবা হাতীৰ দাঁত নে গঁড়ৰ খর্গৰে বনোৱা আঙুঠি এটা পিন্ধাৰ কথাও কৈছে।

যমৰাজ- হেই কিনো সৰুল’ৰাৰ দৰে কথা কৈ থাকাহে?  আমিও যদি এইবিলাক পিন্ধা কৰো, তেন্তে মানুহে কি

কব কোৱাছোন।

চিত্রগুপ্ত- ধেৎ তেৰি ছাৰ। আপুনিও কিবাধৰণৰ মানুহ হে। আমাৰ ইয়াত কোন মানুহ আহি ঘুৰি যাব পাৰে কওঁকচোন। আৰু ফেচবুকত ফটো দিলে অকল মুখখন দিম, হাত দুখন নেদেখুৱালেই হ’ল ন’।

যমৰাজ- হেৰা গুপ্ত, এ মোৰ কথা আৰু কি কি কৈছেহে?  মানে আসামতে থাকিব লাগিব নে,  বাহিৰৰ ফালেও

টেণ্ডাৰ পেলাব পাৰিম হে?

চিত্রগুপ্ত- গুড কুৱেশ্যন ছাৰ। আপোনাৰ বৃহস্পতি একেবাৰে মুৰৰ ওপৰত উঠি আছে, এইবাৰ ধেৰ

কনট্রেক্ট পাব ছাৰ। এটাৰ পিছত এটা, এটাৰ পিছত এটা। দেখা নাই যোৱাকালি সন্ধিয়া ফুটিলেই কার্বি

-আংলং আৰু লক্ষীমপুৰত। এয়াই আৰম্ভনি ছাৰ। এইবাৰহে এটা মৰিছে। নেক্সত চাই থাকক না, গানেশগুড়ী, চান্দমাৰী এইবিলাক আছেই। মাত্র আপুনি এতিয়া আঙুঠিটো পিন্ধক, শনি আঁতৰিলেই হ’ল। আলোচনা ছালোচনা এইবিলাক একো নহয়। চব লাইনত আহি যাব কেইদিনমান পিছত।

যমৰাজ- হুম কথাটো নোহোৱা নহয় হে। বাৰু এই আমাৰ কাজিৰঙাৰ মিনিষ্টাৰক ফোন কৰি অর্ডাৰটো

দি দিয়াহে।

চিত্রগুপ্ত- অকে অকে থেংক ইয়ু, ইয়েছ ছাৰ মই এতিয়াই whatsapp ত কাজিৰঙাৰ মিনিষ্টাৰক মেছেজ কৰি

দিও।

যমৰাজ- হেৰা হেৰা গুপ্ত কি ক’লাহে এইটো মুখৰ ভিতৰতে?  কি what up নে কি ক’লা?

চিত্রগুপ্ত- উহ মাই ওল্ড মাইন্ডেদ ছাৰ। এইটোক whatsapp বুলি কয়। মানে আমাৰ ফেচবুক, টুইটাৰৰ

আদিৰ দৰে আকৌ।

যমৰাজ- কিনো কথা বিলাক কৈ থাকাহে তুমি?  এই তেওঁলোকেও এইবিলাক কৰে নেকিহে?  এহ মইয়ে পিছ পৰি আছো নেকি হে?

চিত্রগুপ্ত- ইয়েছ ছাৰ। আজিকালি প্রত্যেকজনৰ হাতে হাতে এইবিলাক। দেখা নাই আমাৰ নগাঁওৰ ফালৰ যে

ডেকা জনে বিধান সভাত ফেচবুক কৰি থকা দেখুৱাইছিলো আপোনাক। বাৰু বাৰু দুখ নকৰিব না ছাৰ,

আপোনাৰ কাৰনে মই এতিয়াই snapdeal ত এটা এন্ড্রইড ফোনৰ অর্ডাৰ দিম।

 

পৰিৱেশ ২-

 

যমৰাজ আৰু চিত্রগুপ্ত অসম আহিছে তেওঁলোকৰ নিয়মীয়া ছমহীয়া চার্ভেৰ কাৰনে। আহিয়ে পল্টনবজাৰ খন

এপাক মাৰো বুলি ভাবিলে। ইফালে যমৰাজৰ তেখেতেও কিবা কিবি বজাৰ কৰি নিব দিছে। গতিকে সাতে

সোঁতৰই মিলি ওলাল। (দেখিছে যমৰাজেই হওঁক বা আমাৰ মাজৰে কোনোবা এজন নিজৰ ঘৈনিয়েকক ভয় নকৰা মানুহ কিন্তু নাই দেই।)

দুয়ো আমাৰ ৰেল ষ্টেছনৰ প্লেটফর্মত খোজ কাঢ়ি আছে। এনেতে দেখিলে কেইজনমান সৰু-সৰু ল’ৰাই মুখত

ৰুমাল একোখন লগাই বহি আছে।

“হেৰা চিত্রগুপ্ত,  এইবিলাক কি কৰি আছেহে?  চবে যে ৰুমাল বান্ধিছে কথাটো কি?  কিবা বেমাৰ চেমাৰ ওলাইছে নেকি হে? “

-” ছাৰ তেঁওলোকৰ ৰুমাল কেইখন এনেই লোৱা নাই। তাত ড্রেনড্রাইত আছে ছাৰ, তাকে শুঙি আছে ।

এইটো কৰিলে বোলে ধুনীয়া নিচা হয়, তৰা নক্ষত্র গোটেই বিলাক কাষত আহি যায় হেনো।”

” ইছ ইছ ইছ!! কি শুনিছো মই এইবিলাক। এনেকৈ এই সৰুল’ৰা ছোৱালী বিলাক ধ্বংস হৈ গৈ আছে?

এওঁলোকৰ মাক-দেউতাক ক’লৈ গ’ল বাৰু?  আৰু মাক দেউতাকক নালাগে বাৰু,  ষ্টেছনত কিমান মানুহ আছে,

পুলিছ আছে;  কোনেও একো নকয় কিয়?  ইছ ইছ ইমান পাপ কাম হৈ আছে আমাৰ অগোচৰে। হেৰা হেৰা

চিত্রগুপ্ত ইয়াত যিমান মানুহ আছে সকলোৰে নাম লিখা।”

-” ছাৰ বাদ দিয়ক না,  নর্মেল কেছ। এইবিলাক চাৰিওফালে হৈয়ে আছে।”

” চিত্র তুমি মোৰ কামত বাধা দিব কোন হে?  লিখা বুলি কৈছো লিখা। ইয়াত থকা পুলিছ, সাধাৰণ মানুহ

যিয়ে সেই বিষ খাই থকা ল’ৰা কেইটা দেখি আছে সকলোৰে নাম লিখা। আৰু পাৰিলে সেই ল’ৰা কেইটাৰ মাক-দেউতাকৰ নামো লিখিবা।” যমৰাজৰ ধমক খাই চিত্রগুপ্তই লগে লগে টেবটোত মাইক্রছফট এক্সেল উলিয়াই কামত লাগি গ’ল। যমৰাজৰ মনটো বেয়া লাগি লগে-লগে তাৰ পৰা ওলাই আহিল, আৰু এইবাৰ চিধাই পোনালেহি মালিগাঁওৰ ফালে।

যমৰাজে মাটিত ভৰি থবকে নাপালে কাষেৰে ভু-ভুৱাই চাৰি-পাঁচ টা কিবা পাৰ হৈ গ’ল।

” আল ইজ ৱেল, আল ইজ ৱেল। হেৰা চিত্র এইবিলাক কি গ’লহে?  কিবাকেহে গাত নুখুন্দিয়ালেহে।”

-“ছাৰ এইবিলাক আমাৰ অসমৰ পৱন পুত্র। আমাৰ হনুমানতকৈয়ো বেছি জোৰত যাব পাৰে। সেই যে

সেইদিনা ৰাতি এজন গৈছিল আমাৰ চেম্বাৰত,  এওঁলোকৰে লগৰ আছিল,  এহ ইয়াৰে মালিগাঁওৰ পৰাই গৈছিল

সেইজনা। সেইদিনা তাৰ বেছেৰাৰ শনি তুংগত আছিল, গতিকে চিধা আপোনাৰ ওচৰ পালেগৈ।”

” ধেৎ তেৰি কি হৈ গৈ আছে এইবিলাক। বাইক হ’ল বুলিনো ইমান জোৰত চলাব লাগেনে? এই ৰাতিখন ভালকে একো মনিবই নোৱাৰি, তাতেই ইমান গতি। ইছ ৰাম এই পঢ়া-শুনা কৰা বয়সত এইবিলাক কিয় বাৰু? ইমান ৰাতি ঘৰ নোসোমালে ঘৰত একো নকয় নেকি হে?”

– ” নাই ছাৰ এতিয়া কোনেও কাৰো কথা নুশুনা যুগ। সেই ৰামো নাই, সেই হুইষ্কিও নাই। অহ ছৰি ছাৰ,

ভেৰি ছৰি। সেই ৰামো নাই,  সেই অযোধ্যাও নাই। ঘোৰ কলি কাল। ট্রেফিক পুলিছৰ কথাই নুশুনে আৰু

ক’ত মাক দেউতাকৰ কথা শুনিবহে? আজিকালি এনেকুৱা কেছ ধেৰ পাই থাকো আমি। দিনে তিনি চাৰিটা আহিয়ে থাকে।”

“চিত্রগুপ্ত কি ক’লা?  দিনে তিনি চাৰিটা আহে, আৰু ,মই গমেই নাপাও। ইমান ডাঙৰ ঘটনা তুমি মোক কিয়

কোৱা নাই?”

-” ছাৰ কিমান কম আপোনাক?  কিমান ঘটি থাকে।গতিকে এনেকুৱা সৰু-সুৰাবোৰ ময়েই মেনেজ কৰি দিও।”

“কি??  এইবিলাক সৰুকথা?  সৰুল’ৰা বা সৰু ছোৱালী এজনী মৰাতো সৰুকথা?  তুমি এটা কথা পাহৰি নাযাবা

চিত্র, আমাৰ ডিপার্টমেন্টটো জীৱহত্যা কৰিবৰ কাৰনে বনোৱা নাই। আমাক বিছাৰ কৰিব দিছে, কোনে

কি ভাল কৰে, কোনে কি বেয়া কৰে। দিনে দিনে তোমাৰ বুদ্ধি ভ্রষ্ট হৈ গৈছে। দিনৰ দিনটো ইন্দ্রৰ

ৰাজসভাত থাকি নাছ গাণ চাই থাকিবা, ক’ত কামত মন দিবা তুমি?”

– ” ছাৰ আই এম ভেৰি ছৰি। আপুনি বেয়া পোৱা কাম মই কেতিয়াওঁ নকৰো ছাৰ। আচলতে ইন্দ্র দাৰ

কেবিনত এ চি আছে। সেইকাৰনেই গৰমত থাকিব নোৱাৰিলে তাত গৈ সোমাই থাকো।”

“চুপ। কথা নকবা। এতিয়া নাম লিখা ইহঁতৰ। এইবাৰ সকলোকে চাই ল’ম।”

-” ছাৰ,  এই জোৰত বাইক চলোৱা ল’ৰা কেইটাৰ নাম লিখিমনে?”

“নহয়। এওলোকক বাইক কিনি দিয়া অভিভাবক বা মাক দেউতাকৰ নাম লিখা। আৰু আৰু এই ইয়াৰ পৰিবহন বিষয়াৰ নামটোও লিখা। এই পিলিঙা কেইটাৰ বয়সটো ১৮ বছৰ হোৱা নাই। কেনেকৈ অনুজ্ঞাপত্র পালে?  লিখা লিখা সবৰে নাম ভৰাই দিয়া।”

এনেকৈ আৰুদু টা দিন যমৰাজে গুৱাহাটীত ঘুৰিলে। আমাৰ সচিবালয়, ছেবাৰ কার্য্যালয়, কেইটামান মন্দিৰ

এইবিলাক চালে। জি এম চি তো পাক এটা মাৰিলে বোলে। গোটেই দিন ঘুৰি ফুৰি ৰাতি হোটেলৰ কোঠাত

জিৰণী লৈছে। চিত্রগুপ্ত কাষৰ বিছনা খনত শুইছে। যমৰাজৰ টোপনি অহা নাই আসামৰ উন্নতি বিলাক দেখি-শুনি। এনেতে চিত্রগুপ্তৰ ফালে চাই মাত লগালে-

” হেৰা চিত্র, এই পৰীক্ষাৰ বহী গৰুই কেনেকৈ পালেহে?  আচৰিত কথা দেই। এনেকুৱা ঘটনাটো আমেৰিকাতো

নহয়, লণ্ডনটো নহয়, ইয়াত কেনেকে হ’ব পালে হে? আনকি এনেকুৱা কথাটো বাংলাদেশটো হোৱা নাই আজিলৈ।

আচ্ছা, এই গৰুকেইটা বেছি জ্ঞানী হৈছে নে, ছেবাৰ মানুহ কেইটা বেছি হাৰামী হৈছে মই ধৰিব পৰা নাই হে। মই নিজেই নাম কেইটা লিখি থঁও। এই ছেবাৰ অধ্যক্ষ ডাল মই শাস্তি নিদিওতেই মৰি যাব লাগিছিল। ইমান নিলাজ প্রানী, এতিয়াও দপদপাব এৰা নাই। চাই লম তোক। আহিবি মোৰ ছেম্বাৰত। আৰু তুমি কি কৰি থাকাহে চিত্র, একোডাল গমেই নোপোৱা দেখোন। হেৰা চিত্রগুপ্ত তোমাৰ সেই টেবলেটটোত গুপ্তচিত্র চাই থাকা চাগে ন’ অনবৰত। সেইকাৰনে বেলেগ কথা একো গমেই নোপোৱা।”

“হেৰা চিত্র মাতবোল নাই যে?  শুলাই ছাগে ন’?”

ঠিক আছে কালি ৰাতিপুৱাই আলোচনা কৰিম কথাখিনি। এতিয়া মইয়ো অলপ শুই লওঁ কাৰেণ্ট থাকোতেই।

কেতিয়া যায় ঠিকটো নাই।

 

…………………………………………………………

 

এইবাৰ যমৰাজ আৰু চিত্রগুপ্ত ওলাল আমাৰ ভাঙাগড়ৰ মেডিকেল কলেজলৈ। বোলে চায়েই আহো, এই ডাবাং

স্বাস্থমন্ত্রীজনে কিনো ইমান আমুল পৰিবর্তন আনিছে। সকলোৱে দেখোন ভাল বুলিয়ে কয়। তেওঁলোকে মেডিকেলৰ চৌহদত সোমায়েই দেখা পালে দুখন হর্ডিং লগোৱা আছে দুয়োফালে। Emargency Dial: 108, 104

 

যমৰাজঃ হেৰা চিত্র কিহে এইবিলাক? কাৰ ম’বাইলৰ নম্বৰ বা এই দুটা। খুব প্রয়োজনত ফোন কৰিব দিছে

যে। হিমন্তৰ নম্বৰ নেকি বাউ??

চিত্রগুপ্তঃ নহয় হে ছাৰ। এই দুটা হ’ল দুটা আঁচনি। স্বাস্থ্য বিভাগৰ দুটা যুগান্তকাৰী আঁচনি । এই ১০৮

টোত ফোন কৰি দিলেই এম্বুলেঞ্চ আহি বেমাৰীক মেডিকেললৈ লৈ যায়, আৰু ১০৪ টো আৰু এখোপ চৰা;

কিবা বেমাৰ হ’লেই এওঁলোকক ফোন কৰি দিলেই হ’ল। ফোনতে বেমাৰ ভাল হৈ যায়। তামাম দিছে কিন্তু

দেই হিমুই। হয়নে ছাৰ?

যমৰাজঃ অ হে। বেলেগ আঁচনি দেই। দুদিন মান পিছত ফোনতে তেজ দিয়া লোৱা কৰিবও পাৰিব নেকি হে?

চিত্রগুপ্তঃ চু…………। ছাৰ লাহে লাহে কওঁক। ইমান ডাঙৰকে তেজ বুলি নিচিঞৰিব। মাৰি পেলাব আমাক।

 

যমৰাজঃ হেহ কি কথা কোৱাহে। আল ইজ ৱেল, আল ইজ ৱেল। এই মৰা চৰাৰ কথা কিয় কোৱাহে গুপ্ত ?  আৰু কথাটো কিহে?  আসামৰ মানুহকতো মই জানো। খুব শান্তিপ্রিয়। এনেইতো এওঁলোকে মাৰপিট নকৰে।

চিত্রগুপ্তঃ ছাৰ মানে কেচটো নগেন। দুদিন মান আগতে মংগলদৈৰ ফালে ব্লাড বেংকৰ তেজত কিবা HIV নে

কিবাৰ বিজানুপাইছে, লগে লগে গোটেই খন অমংগল হৈ গ’ল। এতিয়া সেই তেজ দিয়া দালাল দেখিলেই কোবাই পিঠি গৰুবজাৰ কৰি দিয়ে। দালাল কেইটালৈহে বেয়া লাগে। এতিয়া যে কি কৰি খাব?

যমৰাজঃ এহ কি কোৱাহে?  তেজ দিয়াতো কিবা দালাল লাগে?  এই মানুহ বিলাক ইমান তললৈ নামিল।

চিত্রগুপ্তঃ ছাৰ এই অসমৰ সাধাৰণ মানুহ বিলাকো খুব সাংঘাতিক জানেনে?  চিধা চিধিকে কামেই কৰিব

নোখোজে। সবেই দেখোন দালালৰ ওচৰলৈহে আগতে যায়। কিহত দালাল নাই কওঁকচোন। এই তেজত

দালাল। এম্বুলেঞ্চ থিক কৰোতে দালাল। ভাল ডাক্তৰ এজনৰ হতুৱাই চিকিৎসা কৰিবলৈ দালাল। এই যে

মামনি, মাজনি, সোনজনী এইবিলাক আঁচনি দিছে,  এইবিলাকৰ ধন লবলৈও আগতে দালালৰ ওচৰলৈহে যায়।

নিজে কষ্ট কৰি শাৰীপাতি কামটো কৰিব কাৰো সময়ে নাই। সকলোকে আগতে লাগে। এনেকেই একোটা

সুন্দৰ আৰম্ভনি খুব দুখ লগাকৈ শেষ হৈ যায়।

 

যমৰাজঃ চিত্র। তুমি আজি ইমান ভাল কথা কৈছা। ইমান ধুনীয়া বিশ্লেষণ কৰিছা কথাবোৰৰ। মই

আহ্লাদিত চিত্রগুপ্ত। মই জানোতো তুমি খুব ভাল কাম কৰিব পাৰা। কিন্তু এই ইন্দ্রৰ লগত ডিস্কো কৰি থাকিলেহে সকলো পাহৰি যোৱা। হয়নে? বাৰু এতিয়া সেইবিলাক বাদ দিয়া। এই নাম বিলাক লিখা অধম কেইটাৰ। সোনকাল কৰা, আৰু যাব লগা আছে।

চিত্রগুপ্তঃ ছাৰ গোটেইকেইটা দালালৰ নাম লিখোনে?

যমৰাজঃ নহয়। ভুল দালালে কৰা নাই। সুবিধা দিলে,  সকলোৱে সুবিধা লবই। গতিকে দালালৰ হতুৱাই তেজ লোৱা বা দিয়া মানুহ কেইটাৰ নাম লিখা। লেবৰটৰীত বহা, তেজ পৰীক্ষা কৰিব নজনা জধামূর্খ কেইটাৰ নাম লিখা। দুখীয়া বেমাৰীক চিকিৎসাত অৱহেলা কৰি নার্চিংহোমত ব্যস্ত ডাক্তৰ কেইজনৰ নাম লিখা। অ’ মই এতিয়াহে গম পালো, ইমান বিলাক আঁচনি আৰু ফোন নম্বৰ থাকোতেও কিয় দিনে ইমান মানুহ মোৰ চেম্বাৰ পায়হি ।

 

……………………………………………………………

 

এইবাৰ আমাৰ মহাৰজ ওলাল কাঁজিৰঙালৈ বুলি। সেইকেইদিনা খুব হাহাকাৰ লাগি আছিল, কাঁজিৰঙাক বিশ্বৰ

অষ্টম আচ্যর্য ঘোষনা কৰিব লাগে বুলি। আমাৰ যমৰাজেও ভাবিলে বোলো চায়েই আহোচোন, বহুত

নাম শুনি আছো। ভাল লাগিলে অষ্টম আচ্যর্যৰ দাবীটোৰ স্মাৰক পত্রখন ময়েই লৈ যাম ওপৰলৈ। ইফালে

আঙুঠিটোৰ কথাও আছে ।

এনেকৈ যমৰাজ আৰু চিত্রগুপ্তই নগাঁও, জখলাবন্ধা পাৰ হৈ কাঁজিৰঙাত প্রৱেশ কৰিলে। কাঁজিৰঙাৰ মূখ্য

প্রৱেশৰ সন্মুখতে দেখা পালে ধেৰ মানুহ। ৰাষ্টাৰ দুয়োপাৰে দুটা দলত ভাগ হৈ খুব চিঞঁৰ-বাখৰ কৰি আছে। যমৰাজঃ হেৰা চিত্র, ইমান মানুহ যে, কিবা মেলা পাতিছে নেকিহে?

চিত্রঃ না না ছাৰ। মেলা নহয় হে। প্রতিবাদ কার্যসূচী চলিছে ছাৰ। অহিংস প্রতিবাদ ছাৰ।

যমঃ এই কিনো কোৱাহে। আল ইজ ৱেল, আল ইজ ৱেল। আসাম আৰু অহিংস। কিবা এটা নিমিলেহে এই দুটা শব্দৰ মাজত। বাৰু মহাত্মা গান্ধীৰ আত্মাতো কাৰ গাত সোমালেহি বাউ?

চিত্রঃ এহ ৰবচোন ছাৰ ঠাট্টা নকৰিব। গম পালে আপোনাকো মুর্দাবাদ ধ্বনি দিব। বাৰু এই যে দুটা দল

দেখিছে, তাৰে এটা হ’ল “খেতিয়ক মুক্তি সমিতি” আৰু এটা হ’ল “অল আসাম ছাত্র সমিতি”। যমঃ আচ্ছা। এই প্রথমটোৰ নাম নতুনকে শুনিছো হে। বাৰু বাৰু,  তেঁওলোকৰ দাবী বিলাক কি?  চিত্রঃ গুড কোৱেশ্বন ছাৰ। খেতিয়ক মুক্তিৰ দাবী হ’ল যে কাঁজিৰঙাত থকা লুঙি পিন্ধা(বাংলাদেশী?)  বিলাকক খেদিব লাগে, আৰু ছাত্র সমিতিৰ দাবী হ’ল যে কাঁজিৰঙাত গঁড় হত্যা বন্ধ কৰিব লাগে।

 

যমঃ উৱা! ইমান প্রব্লেম চলি আছে?  গঁড় হত্যাৰ কথাটো বাৰু মাজে মাজে শুনি থাকো। কিন্তু ইয়াতো

বাংলাদেশী? ৰাম ৰাম।

চিত্রঃ- এক্সকিউজ মি ছাৰ। ৰাম ৰাম নহয়। ৰাম-লক্ষ্মণ হ’ব লাগে।

যমঃ- ধেই ৰ’বাহে। নলগা কথাত লাগি থাকা অনবৰত। ইমান বিলাক ছিৰিয়াচ কথা চলি আছে, তাৰ মাজতো ফতুৱামি কৰা। মইতো কওৱেই,  ইন্দ্রৰ লগত ডিক্স’ নে কি সেইবিলাক চাই চাই তুমি বজৰুৱা হৈ গৈছা।

চিত্রঃ- ছৰি ছাৰ, ভেৰি ভেৰি ছৰি। মই এতিয়া তামাম ছিৰিয়াচ ছাৰ। আপুনি কওঁক মাত্র, গোটেই বাংলাদেশী আৰু গঁড় ইয়াৰ পৰা আউট কৰাই দিম। তেতিয়া কোনেও প্রতিবাদ নকৰে।

যমঃ ধেই কি কোৱাহে। পাগল হৈছা তুমি। বাংলাদেশীক আউট কৰাটো ডাঙৰ কথা নহয়,  কিন্তু এই

অভয়াৰণ্য খনতো সোমাব কেনেকে পালে সেইটো হে ডাঙৰ কথা। কেইটাক খেদিবা?  সোমোৱা ৰাষ্টাটো

বন্ধ কৰাৰ কথা ভাবা। তেতিয়াহে সুফল পাবা। আৰু এই মানুহ বিলাক মিঞাঁই হওঁক বা অসমীয়াই হওঁক, ইয়াত কেনেকে সোমাব ?  ঘন-জংঘল দিনে দিনে নোহোৱা হৈ গৈয়ে আছে। যিখিনি আছে তাতো যদি মানুহে ঘৰ সাজিব লৈছে, জীৱ-জন্তুকেনেকৈ থাকিব হে?

 

চিত্রঃ বাৰু ছাৰ, সেইবিলাক বাদ দিয়ক । আমাৰ আঙুঠি দুটাৰ কাৰনে …………………

যমঃ অ কেচটো নগেন। আমাৰ দৰে ডাঙৰ নেতা পালিনেতাই যদি আঙুঠিৰ কাৰনে গঁড়, হাতী হত্যা কৰাত সহযোগ কৰো, তেন্তে এইবিলাক ক’ত বন্ধ হ’ব? ৰাষ্টাটো দেখোন আমিয়ে খুলি দিছো, এতিয়া চিঞঁৰ বাখৰ কৰি থাকি কি লাভ হ’ব। ইমান দিনে মানে এইবিলাকে ঘটি আছে। লিখা লিখা নাম লিখা। সবৰে নাম লিখা,

ফৰেষ্ট মিনিষ্টাৰৰ নামটোও লিখিবা এইবাৰ ।

 

………………………………………………………

 

………………………………………………………

 

আৰু কিছুমান ঠাই চাব মন আছিল যমৰাজৰ। কিন্তু আৰম্ভ হ’লেই নহয় অসম বন্ধৰ উৎসৱ, লাগিলেই ১৪৪।

গতিকে উপাই নাপাই যাব লগা হ’ল উভতি। কি থিক, কিমান দিন বা ফচিব লগা হয়। ইফালে চেম্বাৰতোঁ

বোলে মানুহৰ ভিৰ বাঢ়িছে। নিউজ চেনেল বিলাকত দেখিয়ে আছে, পৰিস্থিতি আৰু বেয়া হোৱাৰ সম্ভাবনা

আছে। গতিকে এইবাৰৰ ভ্রমণ সামৰি টালি-টোপোলা বান্ধি ওলাল। (আচলতে মোৰো বিৰক্তি লাগিছে

লিখি লিখি, গতিকে শেষ কৰো আৰু)

 

( অ আৰুএটা কথা, যোৱাৰ আগতে যম মহোদয়ে অসমবাসীক বাই বাই দিও বুলি ফেচবুকত আপদেত এটা দিব খোজোতেই দেখা পালে নহয় আমাৰ গোটতো, ‘অসমীয়াত কথা বতৰা’ । এইটো কি বস্তুবুলি চাব খোজোতেই দেখা পালে ৰোমান লিপিত লিখা সকলৰ তর্ক-বিতর্ক বোৰ,  আৰু কেইজন মান বেলেগৰ লিখা চুৰ কৰি নিজৰ বুলি প্রকাশ কৰা ভদ্রলোক। উঠি গ’ল টিঙচকৈ খংটো। পিছে তেওঁলোকৰ নাম কেইটা লিখিলে নে, নিলিখিলে সেইটোহে গম নাপালো দেই। তথাপিও সাৱধান দেই।)

 

…………………………………………………………

 

পৰিৱেশ ৩-

যমৰাজৰ চেম্বাৰঃ এইকেইদিন যম আৰু চিত্র খুব ব্যস্ত। ইমান বিলাক মানুহৰ নাম লিখি আনিছে। ধাৰা অনুযায়ী নাম বিলাক মিলাব লাগিব। ন’টিচ পঠাব লাগিব। ইফালে দৈনিক দুই-চাৰিজন আহিয়েই থাকে। সেইবিলাকো চাব লাগে। মুঠতে খুব ব্যস্ত।

 

চিত্রঃ ছাৰ

যমঃ কোৱা। ছূটিৰ কথা নকবা দেই এইকেইদিন। এইবিলাক শেষ কৰিহে ছুটি পাবা।

চিত্রঃ নহয় ছাৰ, মই ছুটিৰ কথা কোৱা নাই। এই আমিযে ইমান বিলাকৰ নাম লিখি আনিলো। এতিয়া

এওঁলোকৰ বিছাৰ প্রক্রিয়াটো কি হ’ব?

যমঃ সেইটো আৰু কি নতুন কথা?  আমাৰ বিছাৰ প্রক্রিয়া যেনেকে চলে তেনেকেই হ’ব। আমাৰ ইয়াততো ভি

আই পি বুলি আৰু তিহাৰ জেলৰ দৰে সুবিধা নিদিওঁ। সবকে লৈ আনা,  বিছাৰ হ’ব,  তাৰ পিছত শাস্তি অনুযায়ী যাক যি কৰিব লাগে কৰিম।

চিত্রঃ ছাৰ আপুনি যিমান সহজ বুলি ভাবিছে সিমান সহজ নহয় কথাটো। ইমান বিলাক মানুহ একেলগে কেনেকৈ মাৰি আনিব?  আৰু এনেকৈ কি লাভ হ’ব?

যমঃ তুমি কি কব খুজিছা,  বুজাই কোৱাছোন।

চিত্রঃ চাওঁক,  আমি এনেকৈ ৫০০ মানুহ আনি গোট খুৱালে কিডাল লাভ হ’ব?  ইমান মানুহ আনা মানে ইনকাম টেক্সৰ ঝামেলা আহি যাব। আকৌ আমাৰ মানব দৰদী নে কি সংস্থা এটাও নাই যানো?  এইবিলাকে হাল্লা লগাই দিব লগেলগে।আৰু  এটা কথা,  তেঁওলোকক আমি মাৰি আনিলো বাৰু, শাস্তিও দিলো, কিন্তু  বেয়া কাম কৰিলে যে শাস্তি পায় সেই কথাটো বাকী বিলাকে কেনেকে গম পাব?  আকৌ আগৰ দৰেই চলি থাকিব।

যমঃ ৱাহ চিত্র ৱাহ। অনন্য তুমি। ইমান ভাল চিন্তা কৰিলা তুমি। মইতো কওঁ, তোমাকে অহাবাৰ আমাৰ

শিক্ষামন্ত্রী আৰু মেডিকেল মন্ত্রী দুয়োটা বনাই দিওঁ।

চিত্রঃ নাই ছাৰ, এইটো মোৰ দায়িত্ব।

যমঃ বাৰু তেন্তে কি কৰা যায় বাৰু?

 

…………………………………………………

 

…………………………………………………

 

দিন ৰাতি একাকাৰ কৰি যমৰাজ আৰু চিত্রগুপ্তই ভাবি আছে। কি শাস্তি দিব দোষী সকলক,  কি পদ্ধতিত

শাস্তি দিব এওঁলোকক। কিন্তু দোষ ধৰা পৰিছে যাতে শাস্তিতো ভুগিবই লাগিব। খোৱা লোৱা সকলো

বাদ, মাত্র চিন্তা। কিন্তু নাই, শেষত গৈ একো নোলাই হে নোলাই। এনেকৈ গৈ আছে দিনবোৰ। এদিন ৰাতি হঠাৎ যমৰাজে কিবা এটা মনত পৰি বিছনাৰ পৰা জপিয়াই উঠিল। আৰু  লগে লগে ফোনতো উলিয়াই ডায়েল কৰিলে @#৳%&&*  ঁ। (এইটো আমাৰ চিত্র চাহাবৰ নম্বৰ)। আৰু  ৰাতিপুৱাই মাতি পঠিয়ালে যিমান সোনকালে পাৰে।

 

যমৰাজৰ চেম্বাৰঃ-

 

যমঃ চিত্র মই বহুত ভাবিলো। বহুত ভাল আৰু বেয়া দিশ চিন্তা কৰিলো। শেষত ভাবিলো, এই মানুহ

খিনিক ইয়ালৈ নানো।

চিত্রঃ তেন্তে ছাৰ, তেঁওলোকে শাস্তি কেনেকৈ পাব?

যমঃ আছে চিত্র, তাৰো সমিধান আছে। কিন্তু তাৰ আগতে এটা কথা কওঁ। এই যে মানুহ বিলাক,  তেওঁলোকক আমি জন্ম দিলো। নিজে উশাহ-নিশাহ ল’ব নোৱাৰালৈকে মাকৰ গর্ভতে  ৰখাৰ ব্যাৱস্থা কৰিলো। আকৌ তেওঁলোকক নিজৰ মগজুপৰিপক্ক নোহোৱালৈকে মাক- দেউতাকৰ হোটেলত যাৰ যিমান সাধ্য তেনেকৈ ৰখাৰ ব্যাৱস্থা কৰি দিলো। তাৰ পিছতো মাজে সময়ে কোনোবাই কাতৰ অনুৰোধ জনালে সহায় কৰি দিওঁ। তাৰ পিছতো আমাৰ কিবা দায়িত্ব থকা বুলি ভাবা জানো?  গোটেই জীৱনতো পাপ কৰিব, মৰাৰ পিছত আহি ইয়াতে শাস্তি দিম, সেইটো কিবা কথা হ’ল নেকি হে?

চিত্রঃ হয় ছাৰ।

যমঃ আৰু আমাৰ দায়িত্বতো কাৰোবাক কিবা কাম কৰি দিয়া, কাৰোবাক শাস্তি দিয়া এইবিলাক নহয়।

আমাৰ দায়িত্ব হ’ল তেওঁলোকক বাট দেখুওৱা মাত্র।

চিত্রঃ আপুনি সঠিক কথাই কৈছে ছাৰ। কিন্তু এওঁলোকৰ এতিয়া হ’ব কি?

যমঃ হ’বলৈ একো নাই। এওঁলোকৰ শাস্তি এওঁলোকে নিজে পাব, তেওঁলোকৰ ঠাইতেই পাব।

চিত্রঃ উহ! কি কথা এয়া। কালৰো কাল বিপৰীত কাল,  যমে নতৰে শাস্তিৰ জাল।

যমঃ চিত্র, তোমাৰ ঋষি বাল্মিকীৰ কথা মনত আছেনে?

চিত্রঃ হেহ মহোদয় কি কথা কয়হে। মোৰ স্মৃতি শক্তি সাংঘাতিক। নিশ্চয় মনত আছে। তেওঁৰে আগৰ ভার্চনটো আগতে দস্যু ৰত্নাকৰ নাছিল জানো?

যমঃ হুমম। তেওঁৰ কথাই কৈছো। জীৱনৰ প্রথম কালছোৱাত তেওঁ বহুত পাপ কৰিলে। অন্যায় কৰি বহু

সম্পত্তি অর্জন কৰিলে,  কিন্তু লাভ কি হ’ল?  তেওঁৰ সেই পাপার্জিত সম্পত্তিৰ ভাগ কোনেওঁ নাখাওঁ বুলি ক’লে । কাৰণ পাপৰ ভাগ কোনেও লব নোখোজে। আনকি নিজৰ পুত্র পত্নীয়েও নলয়। সেয়ে জানো

তেওঁৰ কাৰণে চৰম শাস্তি নাছিল?  সেই শাস্তি জানো মই দিব লগা হৈছিল?

চিত্রঃ হেই ছাৰ, আপুনিও সত্য যুগতে আছেহে। অ আজিকালি সেই দিন নাই। গিৰিয়েকে টেবুলৰ তলেদি পইছা নিনিলে ঘৈনিয়েকে ঘৰত সুমুৱাবই নিদিয়ে। সদায় মাছ-মাংসৰে দকছি খাব লাগে, ৰাতি ক্লাবত বিহু নাচিব লাগে। এইবিলাকৰ ধন ক’ৰ পৰা গোটাই?

যমঃ কিন্তু চিত্র, সত্যযুগৰ সূর্য্যটো দেখোন এতিয়াও পুবতে ওলাই পছিমতে মাৰ যায়। কিছুমান কথা

কেতিয়াও সলনি নহয় চিত্র, মাথো সলনি হয় তাৰ প্রকাশৰ লক্ষন বিলাক হে। বাৰু এটা কথা কোৱাছোন

কিমান জন দুর্নীতি পৰায়ন ব্যক্তিৰ ঘৈনিয়েক তেওঁৰ লগত জেললৈ গ’ল?  কিন্তু দুর্নীতি কৰিবলৈতো  ঘৈনিয়েকেই কৈছিল। মুঠতে আনে কৰা পাপৰ ভাগ আনে কেতিয়াও নলয়।

চিত্রঃ সেইটো হয় বাৰু, কিন্তু কেনেকৈ শাস্তি পাব সেইটো হে এতিয়ালৈ বুজি নাপালো।

যমঃ চোৱা, তুমি যিমান এনেকুৱা ব্যক্তি দেখিছা, তেওঁলোকে যেতিয়ালৈ পাৰে তেতিয়ালৈ পাপ কৰি যায়, ধন

সম্পত্তিৰ পাহাৰ ওখ কৰাই যায়, কিন্তু যেতিয়াই তেওঁ পইছা ঘটাত অসমর্থ হৈ যায়, তেতিয়াই তেওঁৰ শাস্তিৰ

পর্ব ও আৰম্ভ হৈ যায়। ল’ৰা-ছোৱালী বা আন আত্মীয় সকলৰ ব্যাৱহাৰ তেওঁৰ প্রতি ক্রমাত ৰুক্ষ হৈ

যায়। কাৰণ তেওঁৰ চিনাকী বা প্রয়োজন অকল তেওঁৰ পইছা কেইটাতহে। যেতিয়া পইছা দিব নোৱাৰা হ’ব তেতিয়াই তেওঁৰ প্রয়োজনো শেষ হ’ব। গোটেই জীৱন অন্যায় কৰি ধন সম্পত্তি গোটালে,  কিন্তু লাভ কি

হ’ল? এয়াই তেওঁৰ কাৰণে কিমান ডাঙৰ শাস্তি ভাবাছোন।

 

তেওঁলোকৰ শাস্তিৰ সীমা নাই। তেওঁলোকে কাকো উপদেশ দিব নোৱাৰে, কাকো আদেশ দিব নোৱাৰে।

কাৰোবাক কিবা ক’লে চিধাই ক’ব তুমিনো কিডাল ভাল কাম কৰিলা? তেতিয়া তেওঁৰ কেনেকুৱা লাগিব

ভাবাছোন। তেওঁক বেলেগকৈ মই কিবা শাস্তি দিয়াৰ প্রইয়োজন আছেনে? এসময়ত দস্যু ৰত্নাকৰে যেতিয়া নিজৰ ভূল বুজিছিল, তেওঁ নিজকে তপস্যাত ব্রতী কৰি এসময়ত ঋষিমুনি হৈছিল। তপস্যাৰ সময়ত তেওঁ সম্পূর্ণ অনাহাৰে আছিল, বহুপাকৃতিক তথা মানসিক শাস্তি ভুগিব লগা হৈছিল দিনে ৰাতি। কিন্তু তেওঁ পিছ হোহোকা নাছিল। সেয়ে তেওঁ মহামানৱ হ’ল। সেইদৰে আমাৰ এই সকল মনুস্যও নিজকে দোষমুক্ত কৰিব পাৰিব, কিন্তু তেওঁলোকেও নিজৰ পাপৰ শাস্তি ভোগ কৰিবি লাগিব। জীয়াই থকা দিন কেইটা যিমান পাৰে সিমানেই অন্য মানুহক পাপ কামৰ পৰা আঁতৰাই ৰাখিব লাগিব। নিজে কৰি অহা ভুল বিলাক আনক নকৰিবৰ কাৰনে সকিয়াই থাকিব লাগিব। এনেকেহে তেওঁ চিৰশান্তি লভিব পাৰিব।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক