দহখন পৃথিবীৰ কথাৰে..(অনুপমা বৰগোঁহাই)

দহখন পৃথিবীৰ কথাৰে..

 

অনুপমা বৰগোঁহাই

 

“Strengthening our inner state so that we are able to resist and even transform the most difficult and negative condition, is the purpose of Buddhist practice.

 

সুখ আৰু দুখ-সফলতা আৰু বিফলতা মানুহৰ জীৱনৰ এৰাব নোৱাৰা সত্য। ই হল একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি। এই সকলোবোৰৰ পৰা মুক্তি পাবলৈ  তথা মানুহক বৌদ্ধিক উত্তৰণৰ পথ দেখুৱাবলৈকে মগধদেশৰ ৰাজকুমাৰ সিদ্ধাৰ্থ গৌতমে বুদ্ধ দৰ্শনৰ সৃষ্টি কৰিছিল। ই কোনো ধৰ্ম নহয়-ই এক সহজ সৰল ধনাত্মক বিচাৰধাৰা – যাৰ সহায়ত আমি জীৱনক বুজিবলৈ, ভাল কৰ্মৰ প্রতি আগবাঢ়ি যাবলৈ প্ৰেৰিত হওঁ। জীৱনত আমি সকলোৱে কেতিয়াবা যন্ত্ৰণা আৰু কেতিয়াবা আনন্দ অনুভব কৰিছোঁ  -আমি সকলোৱে বিফলতা বা যন্ত্রণাবোৰ কম আৰু সফলতা বা আনন্দবোৰ বেচি পাবলৈকে বিচাৰোঁ । কোনো জীৱই জৰা,মৃত্যু আৰু ব্যাধি এই তিনিওটা সত্যৰ পৰা মুক্ত নহয়। কিন্তু এই তিনিওটা কাৰণতেই বিচলিত নহৈ জীৱনটো আনন্দৰে উপভোগ কৰিব পৰাটোহে আচল কথা। কিন্তু এয়া জানো সম্ভৱ? আপোনজনৰ মৃত্যু আমি সহজ ভাবে ল’ব পাৰোনে? যন্ত্রণাদায়ক ৰোগত কাতৰ নহৈ জীৱনক প্ৰত্যাহ্বান হিচাপে ল’ব পাৰোনে? বৃদ্ধ বয়সতো নিজকে কুৰি বছৰীয়া যেন অনুভব কৰিব পাৰোনে?..এই সকলো অসম্ভৱো সম্ভৱ যেন লাগে বৌদ্ধ দৰ্শনৰ অধ্যয়ন কৰিলে!

বুদ্ধদেৱৰ দ্বাৰা ৰচিত “কমল গাথা” (Lotus Sutra) অধ্যয়ন কৰি ৬ শতিকাৰ চীনা দাৰ্শনিক টিয়ান টায়ে মানৱ জীৱনক দহটা দশা বা অৱস্থাত (Ten Worlds) বিভাজন কৰিছিল। আৰু এই দহ পৃথিবীৰ সূত্ৰটোকে ১৩শতিকাৰ জাপানী বৌধগুৰু নিচিৰেনে সুন্দৰ ভাবে বিশ্লেষণ কৰিছে। কিনো এই দহখন পৃথিবী বা (Ten Worlds) চাওঁচোন আহক—

১.নৰক(Hell):  এইটো হল যন্ত্ৰণা/ দুখৰ অৱস্থা-যেতিয়া আমি নিজক বৰ অসহায় যেন অনুভব কৰোঁ -নিৰাশাবোধত ভুগি জীৱন তথা জগতখনকে তচ্‌নচ কৰি পেলাব বিচাৰোঁ।

২.ভোগ-বাসনা(Hunger): এইটো অৱস্হাত আমি ভোগ বা বাসনাৰ দ্বাৰা এনেদৰে পৰিচালিত হওঁ যে টকা, প্রতিপ্রত্তি, অহংকাৰ আদিৰ বাসনাত মত্ত হৈ অসুখী হৈ পৰোঁ।

৩.পশুত্ব(Animality): এই অৱস্হাত আমাৰ নৈতিক স্খলন হয়।

৪.ক্রোধ(Anger): স্বাৰ্থপৰতা, লোভ, মইবৰ ভাববোৰে আমাক এনেভাবে অন্ধ কৰে যে আনৰ দ্বাৰা সামান্যভাবে ক্ষতি হোৱা যেন পালেই হিতাহিত জ্ঞান হেৰুৱাই পেলাওঁ।

৫. মানৱতা (Humanity): এইটো অৱস্হাত আমি শান্তি আৰু ধৈৰ্য্যৰে সকলো কথা চিন্তা কৰিব পাৰোঁ-কিন্তু নিজৰ বাহিৰে আনৰ কথা চিন্তা নকৰোঁ।

৬.স্বৰ্গীয় আনন্দ(Heaven): যেতিয়া আমাৰ বাসনা কিছু পূৰণ হয় বা যন্ত্রণা কিছু কমে,আমি আনন্দত আপ্লুত হৈ পৰোঁ ।কিন্তু এই আনন্দ যে স্হায়ী নহয় খন্তেকীয়াহে – তাক আমি পাহৰি যাওঁ।

৭.শিক্ষা(Learning):  এই অৱস্হাত আমি অধ্যয়ণ বা আনৰ অভিজ্ঞতাৰ দ্বাৰা জীৱনৰ সত্য বা শুদ্ধ-শুদ্ধাদি অনুভব কৰিব বিচাৰোঁ।

৮. অনুভব(Realization):  এই অৱস্হাত আমি নিজৰে জীৱনটো অধ্যয়ন কৰি সত্য (ভাল/বেয়া) অনুধাৱন কৰিব পাৰোঁ।

৯.বুদ্ধিসত্ব(Bodhisattva): এইটো অৱস্হাত আমি আমাৰ সকলো ঋণাত্মক প্ৰবৃতিক দমন কৰিবলৈ সক্ষম   হওঁ। আনৰ ভালৰ বাবে কাম কৰিবলৈ, আনৰ সুখত সুখী আৰু দুখত দুখী হৈ আনৰ দুখ কমাত সহায় কৰিবলৈ ভাল পাওঁ। এই অৱস্হাত আমি ইয়াকো অনুভব কৰোঁ যে সুখ অকলে সম্পূৰ্ণভাবে উপভোগ কৰিব নোৱাৰি। এই সুন্দৰ পৃথিবীখনত সকলো লোকেই যদি সুখী হয়-আমাৰ সুখেও পাৰাপাৰ নোহোৱা হব !!

১০.বৌদ্ধত্ব(Buddha hood):  এইটো হল জীৱনৰ সম্পূৰ্ণতা প্ৰাপ্তি বা মৌক্ষতা প্ৰাপ্তিৰ অৱস্হা-এই অৱস্হাত আমি জীৱনৰ মোহ, কাম, ক্রোধ আদিৰ বন্দীত্বৰ পৰা ওলাই জীৱনৰ প্রকৃত স্বাধীনতাৰ অপূৰ্ব সোৱাদ লওঁ।

এতিয়া হয়তো আমাৰ বহুতৰ মনত প্রশ্ন হব-এই’ ‘দহখন পৃথিবী’ৰ কথা জানি আমাৰ কি উপকাৰ হব – বা কোনোৱে হয়তো নিজকে বা চিনাকি কাৰোবাক এই ‘দহখন পৃথিবী’ৰ যিকোনো এটা অৱস্হাত বিচাৰি পাব..। আজি মই এই ‘দহখন পৃথিবী’ৰ সূত্রটোক বৰ্তমান পৃথিবীৰ কিছুমান বাস্তব ঘটনা-পৰিঘটনাৰ যোগেদি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম।

আচলতে আমি সকলোৱেই কম বেচি পৰিমাণে এই  ‘দহখন পৃথিবী’তে বিচৰণ কৰি ফুৰোঁ। কোনো লোকেই ক’ব নোৱাৰে যে তেওঁ কোনোদিনেই নিৰাশাত ভোগা নাই বা অসহায় অনুভব কৰা নাই – নিজৰ বাবে নহ’লেও প্রচলিত সমাজ ব্যৱস্হাত বা কিছু ব্যক্তিৰ আচাৰ বা বিচাৰধাৰাত হতাশ বা নিৰাশ হৈ পৰা বহু সৎ,গুণী ব্যক্তিও মই লগ পাইছোঁ। –এয়া জানো  ‘নৰক(Hell)’ৰেই অৱস্হা নহয়!  কঠিন ৰোগত আক্রান্ত হৈ মৃত্যুক আহ্বান কৰাটোও  এটা ‘নৰক’ৰ অৱস্হা। বুদ্ধ দৰ্শনে আমাক যিকোনো অৱস্হাতে নিৰাশাক আনিবলৈ বাধা দিয়ে।

অলপতে দিল্লীত পন্টি চাদ্ধা নামৰ এজন কোটিপটি ব্যৱসায়ী আৰু তেওঁৰ ভাতৃৰ জীৱনৰ কেনেকৈ অৱসান ঘটিছিল বহুলোকেই নিশ্চয় জানে। পন্টিৰ জন্ম হৈছিল মোৰাদাবাদৰ দুখীয়া পৰিয়াল এটাত। শৈশৱকালত দেউতাকৰ লগত সুৰাৰ দোকানৰ সন্মুখত চানা,বুট বেচিছিল। হঠাৎ সৌভাগ্যৰ দুৱাৰ খুলিল। পন্টিৰ পিতৃয়ে সুৰাৰ ব্যৱসায় চলাবলৈ অনুজ্ঞাপত্র পালে। ২০০৯চনত মায়াবতী চৰকাৰৰ অনুগ্রহত সুৰাৰ ব্যৱসায়ৰ একচ্ছত্রী সম্রাট হয়। তাৰ পিছত আৰু কোনে পায়।  সুৰাৰ ব্যৱসায়ৰ পৰাই অকলে ৫০০০কোটিৰো ওপৰৰ আয় হয়। তাৰোপৰি চেনিকল, চিনেমা হল, বিদ্যুৎশক্তি প্রকল্প আদিৰ মালিকানাও লাভ কৰিলে। ২০১২ চনত এইজনা সুৰা ব্যৱসায়ীয়েই অংগনবাদী আঁচনিৰ জৰিয়তে উ.প্র. চৰকাৰৰ অধীনৰ স্কুলৰ কণ কণ দেবসূলভ স্কুলীয়া ছাত্র ছাত্রীলৈ মধ্যাহ্নভোজনৰ বাবে খাদ্য যোগান ধৰাৰ ১০,০০০কোটি টকাৰ ঠিকাও পায়!! ..মুঠতে টকা আৰু সম্পত্তিৰ বৰষুণে বুৰাই পেলাইছিল  পন্টি চাদ্ধাৰ পৰিয়ালক – তথাপিও জানো সুখী হৈছিল এই কোটিপটিজন বা তেওঁৰ পৰিয়ালবৰ্গ?? পিতৃৰ মৃত্যুৰ পিছত মাত্র এটা ফাৰ্ম হাউচৰ বাবেই পন্টি চাদ্ধাক তেওঁৰ ভাতৃ হৰদীপ সিঙে গুলিয়াই মাৰিলে আৰু নিজেও চাদ্ধাৰ সুৰক্ষাকৰ্মীৰ দ্বাৰা নিহত হল! – এয়া হল মানুহৰ  ভোগ-বাসনা(Hunger)ৰ পৃথিবীত বিচৰণৰ পৰিণাম । চাদ্ধা ভাতৃদ্বয় ভোগ-বাসনা(Hunger)ৰ পৃথিবীৰ পৰা পশুত্ব(Animality) লৈ গল আৰু তাৰপাচত ক্রোধ(Anger)ৰ পৃথিবীলৈ গৈ দুয়ো দুয়োকো শেষ কৰি পেলালে!- এনে অৱস্হা যিকোনো ব্যক্তিৰে হব পাৰে,যদিহে আমি নৰক, ভোগ, পশুত্ব, ক্রোধ এই চাৰিখন পৃথিবীত(Lower World according to Nichiren) বেচি সময় বিচৰণ কৰোঁ। এই নিম্নখাপৰ পৃথিবীখনৰ পৰা যিমান সোনকালে পাৰি ওলাই আহিবলৈ চেষ্টা কৰিব লাগে। আমি বহুখিনি মানুহ মানৱতা(Humanity)আৰু স্বৰ্গীয় আনন্দৰ পৃথিবীত  (Heaven) বিচৰণ  কৰোঁ। আমি সমাজত ঘটি থকা অন্যায় অবিচাৰ বেয়া পাওঁ-কিন্তু ‌আমি কেইজনে তাক আঁতৰ কৰিবৰ বাবে হাতে কামে লাগি যাওঁ! প্ৰতিবাদ কৰি নিজৰ গাত লেঠা লগাই লবলৈ আমি নিবিচাৰোঁ—আমাৰ ওপৰত যে এনে অন্যায় অবিচাৰৰ কোপ পৰা নাই তাৰ বাবে আমি আনন্দিত হওঁ। এয়াই হল মানৱতা(Humanity)আৰু স্বৰ্গীয় আনন্দৰ পৃথিবীত  (Heaven) বিচৰণৰ উদাহৰণ। অন্যায়ৰ প্রতিবাদ নকৰিলে, সমাজৰ কিছুমান বোকা এতিয়াই আঁতৰাই নেপেলালে সেই বোকাই ভবিষ্যতে আমাকেই যে দূষিত কৰিব তাক আমি পাহৰি যাওঁ।

বহুসময়ত আমি শিক্ষা (Learning)  আৰু অনুভব (Realization)ৰ পৃথিবীত বিচৰণ কৰোঁ -আনৰ জ্ঞান বিচাৰ-বিবেচনাৰ দ্বাৰা নিজৰো বিবেকক জগাই হাতে কামে ভাল কাম কৰিব বিচাৰোঁ আৰু তেতিয়াই আমি উপনীত হওঁ বুদ্ধিসত্ব(Bodhisattva)ৰ পৃথিবীত।  আমি অকল নিজৰ বাবেই নহয় আনৰ বাবেও জীয়াই থাকিবলৈ বিচাৰোঁ। যেতিযাই আমি নিঃস্বাৰ্থ ভাবে  সমাজ বা ব্যক্তিৰ উন্নতিত অৰিহণা যোগাই আনন্দিত হওঁ তেতিয়াই আমি বৌদ্ধত্ব প্রাপ্ত্বি কৰোঁ। সুখ-দুখ, কামনা, ইৰ্ষা, ঘৃণাৰ পৰা মুক্ত এখন পৃথিবীত থাকি কিমান আনন্দ পোৱা যায় সেয়া অনুভব কৰোতাইহে বুজিব। এই সুখ-দুখ, কামনা, ইৰ্ষা, ঘৃণাৰ পৰা মুক্ত পৃথিবীখন সৃষ্টি কৰাৰ ক্ষমতা আমাৰ নিজৰ মাজতে আছে তাক মাত্র আমি বিশ্বাস আৰু অনুভব কৰি জগাই তুলিব লাগে। মই ভাবো ভাৰতীয় দাৰ্শনিক  সিদ্ধাৰ্থ গৌতমে মানুহক বৌদ্ধত্বত উপনীত হ’বৰ বাবে যি দৰ্শন দিছিল সেয়া অতিশয় বাস্তব আৰু বৈজ্ঞানিক-সেয়ে চীন, জাপান আদি দেশত এই দৰ্শনৰ ইমান আদৰ! বৌদ্ধ দৰ্শনক ধৰ্ম হিচাপে নলৈ দৰ্শন হিচাপেই পঢ়ি আৰু নিজৰ সৎ কৰ্মক ধৰ্ম হিচাপে ল’লে আমাৰ সমাজখন ভাবিব নোৱাৰাকৈ সুন্দৰ হব! জাপানী বৌদ্ধগুৰু নিচিৰেণে কৈছিল-জীৱনৰ এই দহটা অৱস্হাৰ প্রতিটো অৱস্হাতে অন্য ‘নটা অৱস্হা’ সোমাই থাকে। প্রতিজন ব্যক্তিৰে গাত বুদ্ধিসত্বতা আছে। উদাহৰণস্বৰূপে এটা অতি নিষ্ঠুৰ ডকাইতেও নিজৰ পৰিয়াল তথা সন্তানক ভাল পায় অৰ্থাত নিম্নখাপৰ পৃথিবীত(Lower World) বাস কৰা ব্যক্তিৰ মাজতো Higher World অৰ্থাত উচ্চখাপৰ পৃথিবীত তথা বৌদ্ধত্ব প্রাপ্ত্বিৰ পূৰ্ণ সম্ভাৱনীয়তা থাকে – সেই বুদ্ধিসত্বা সম্পূৰ্ণভাবে জগাই তুলিবলৈ এটায়েই উপায় আছে শুদ্ধ দৰ্শনৰ বিশ্বাস,অধ্যয়ন আৰু অভ্যাস। কোনো মানুহেই সম্পূৰ্ণ ভাল বা সম্পূৰ্ণ বেয়া নহয়। কুখ্যাত ডকাইত ৰত্নাকৰেই এসময়ত ঋষি বাল্মিকী হৈছিল।

ভোগবাদী কোটিপটি পন্টি চাদ্ধাৰ এখন হাত বৈদ্যুতিক্ শ্বক্ এটাৰ বাবে সৰুতেই অকামিলা হৈ গৈছিল। আৰু এখন হাতৰ মাত্র দুটা আঙুলিহে আছিল। তথাপিও ‘অধ্যৱসায়’ এই  ভাল গুণটোৰ বাবেই তেওঁ কোটিপটি হব পাৰিছিল। যদি তেওঁ এই ভাল গুণটো ভাল কামত প্রয়োগ কৰিলেহেতেন তেনে সমাজত বহুত বৰঙণি দিব পাৰিলেহেতেন! পন্টি চাদ্ধা এটা মা্ত্র উদাহৰণহে । পৃথিবীত এনে উদাহৰণ অনেক আছে। বৌদ্ধ দৰ্শনে কয় যে প্রত্যেক ব্যক্তিৰ নিজৰ মাজতেই অপৰিসীম শক্তি আৰু ভাল গুণ আছে-কিন্তু তাক অনুভব কৰিবলৈ আৰু ধনাত্মক ভাবে পৰিচালনা কৰিবলৈ শুদ্ধ দৰ্শন অধ্যয়ন কৰাটো অতি আৱশ্যক।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক