দহটা ‘এক মিনিটৰ গল্প’ -২

গল্পকাৰ – মনোৰঞ্জন মজুমদাৰ

 

(১)

” প্ৰাপ্তি ”  ( ৰচনাকাল – ২৫ মে’ ২০১১ )

 

কথাটো বিমলে যোৱাৰাতিতেই আৱিষ্কাৰ কৰিছিল |কিন্তু নিশ্চিত হোৱা নাছিল | আজি সি কুকুৰাই ডাক নিদিওঁতেই শুই উঠিলে | কথাষাৰ পুনৰাই আৱিষ্কাৰ কৰি আনন্দত সি আত্মহাৰা হৈ উঠিল | মিচিকিয়া হাঁহি এটা তাৰ মুখত খেলাই গ’ল | মাকে কথাষাৰ লক্ষ্য কৰিলে |

– কি হ’ল অ’ বিমল ? আইনাখনলৈ চাই অকলে অকলে কি হাঁহি আছ ?

– নাই নাই , একো হোৱা নাই |

অইন দিনা হোৱা হ’লে শোৱাপাটীৰ পৰা বিমলে দেৰীকৈ শুই উঠিলে হ্য় অথবা সৰু ভনীয়েকৰ লগত মিছাই একোখন কাজিয়া লগাই ভনীয়েকৰ ৰং চালেহেতেন | আজি যেন সি অলপ বেলেগ মানুহ হৈছে | কথা-বতৰাত অলপ পৰিৱৰ্তন আহিছে|মাকে সোধা প্ৰত্যেকটো কথাৰে উত্তৰ নম্ৰভাৱে দিবলৈ চেষ্টা কৰিছে |

……… – তোক এষাৰ ক্থা ক’ব লগা আছে | আবেলি স্কুল ছুটিৰ পিছত নৈৰ পাৰত লগ ধৰিবি |

বিপিনে তাৰ অন্তৰংগ বন্ধু মনোজক নৈৰ পাৰলৈ মাতিলে |

– ক’চোন কিয় মাতিছিলি ?

– ক’ম ক’ম | আগেয়ে চাৰমিনাৰ এটা জ্বলাচোন |

চিগাৰেটটোৰ পৰা দুয়ো দুবাৰকৈ ধোৱাঁ উলিয়াই দিয়াৰ পিছত বিমলে তাৰ থুতৰিটো দেখুৱাই ক’লে |

– চা, এইডাল মোৰ প্ৰথম দাড়ি | মই ডেকা হ’লোঁ |

– তাৰমানে ছোৱালী চোৱাৰ বয়স হ’ল আৰু তোৰ |

দুয়োৰে খিল্‌খিল হাঁহিত নৈৰ বুকুত খলকনি উঠিল |

 

 

(২)

” প্ৰাৰ্থনা ” – এটি পেনস্কেচ্ছ  (ৰচনাকাল – ১৫ মে’ ২০১১)

 

( পেনস্কেচ্ছ এক বিদেশী সাহিত্য | এক মিনিটৰ গল্পত কৈও কম পৰিসৰত লিখা সৰু সৰু টুকুৰা কাহিনীবোৰৰ বাবে ই অত্যন্ত জনপ্ৰিয় | চাৰি কি পাঁচ শাৰীতে লিখা এই পেনস্কেচ্ছত থাকে গল্পকাৰৰ অনুভৱ |ইমান কম পৰিসৰত কাহিনী এটা ফুটাই তুলিব পৰাটোৱেই গল্পকাৰৰ সাৰ্থকতা | মই যোৱা সপ্তাহত এনেধৰণৰ কেইটামান পেনস্কেচ্ছ পঢ়িলোঁ | সেয়ে হোৱাই নোহোৱাই কিবা এটা পৰীক্ষণমূলকভাৱে লিখিলোঁ|পঢ়ি চাব চোন …  )

ডিচেম্বৰ মাহৰ এটি নিশা |ভীষণ ঠাণ্ডা পৰিছে | বুঢ়া ভিক্ষাৰীজন জুই পুঁৱাই কেঁকাই আছে |ভগৱানক তেওঁ এই কষ্টকৰ জীৱনৰ পৰা মুক্তি দিবলৈ প্ৰাৰ্থনা জনাইছে | ভগৱান সদয় হ’ল আৰু ভিক্ষাৰীজনৰ সমুখত উপস্থিত হ’ল |ভিক্ষাৰীজনক তেওঁ প্ৰচুৰ ধন দিলে, অট্টালিকা দিলে, দাস-দাসী দিলে |এবছৰ সুখ ভোগ কৰাৰ পিছত ভিক্ষাৰীজনৰ স্বাস্থ্য ভাগিবলৈ ধৰিলে |তেওঁ ভগৱানৰ পৰা আৰু কেইটামান বছৰৰ জীৱনদান খুজিলে৷ ভগৱান আহি তেওঁৰ সমুখত হাজিৰ হ’ল আৰু ভিক্ষাৰীজনৰ আত্মাটো তেওঁ স্বৰ্গলৈ লৈ গ’ল |

– প্ৰভু কিয় মোৰ দ্বিতীয় প্ৰাৰ্থনাটো পূৰ নকৰিলা ?

– সকলো প্ৰাৰ্থনাৰে এটা সময় সীমা আছে |

 

(৩)

” চাহ কাপ খায়েই পস্তালোঁ হে ”

 

– কি ?

খবৰটো শুনি মই হতভম্ব হৈ পৰিলোঁ | খন্তেকৰ বাবে মোৰ মুখৰ মাত হেৰাই গ’ল | মহন্তৰ পুতেকে কালি ৰাতিয়েই আমাৰ ছোৱালীজনীক পলুৱাই লৈ গ’ল | তাই বিচনাত এখন চিঠি এৰি থৈ গৈছে |মাকে মূৰে-কপালে হাত দি এঠাইত বহি আছে |

ৰাতিপুৱা সদায়ে মই প্ৰাতঃভ্ৰমণৰ বাবে ওলাই যাওঁ | মহন্তও মোৰ লগত ওলায় | দুয়োৰে ডায়েবেটিছ আছে | প্ৰাতঃভ্ৰমণৰ পৰা ঘূৰি আহি সদায় মহন্তৰ ঘৰত সোমাওঁ | তেওঁ মোক জোৰ কৰি লৈ যায় | ৰাতিপুৱাৰ বাতৰিকাকতখনেৰে সৈতে মহন্তনীয়ে চেনী নোহোৱা চাহকাপ সমুখত দিয়েহি | চাহকাপ খাই কথাৰ মহলা মাৰি ঘৰ পাওঁগে মানে ইফালে শ্ৰীমতীয়ে ৰণচণ্ডী মূৰ্ত্তি ধৰি মোলৈ ৰৈ থাকে |

– সদায় সদায় বেলেগৰ ঘৰত চাহ খাবলৈ লাজ নাপায় আপুনি ?

দৈনন্দিন ঘটনা এয়া মোৰ বাবে | … …ছোৱালীজনীয়ে এৰি থৈ যোৱা চিঠিখন মেলি চালোঁ |

 

পূজনীয় দেউতা,

ৰূপমক মই বহুদিনৰে পৰা ভাল পাওঁ | আপুনি সদায় মহন্ত খুড়াৰ ঘৰলৈ অহা-যোৱা কৰা দেখি আমি আমাৰ সম্পৰ্কত কোনো বাধা নাহে বুলি ভাবিছিলোঁ | আপোনালোক দুয়োৰে ঘনিষ্ঠতা দেখি আমি একপ্ৰকাৰ নিশ্চিত হৈ আছিলোঁ |পিছে সিদিনা ৰূপমলৈ বেলেগ ছোৱালী চোৱা বুলি গম পাই দুয়ো মনে মনে বিয়া পাতিবলৈ সিদ্ধান্ত ল’লোঁ | আশীৰ্বাদ কৰক দেউতা |

– ইতি

আপোনাৰ ছোৱালী

চিঠিখন পঢ়ি মোৰ জিভাখন শুকান হৈ আহিল | মহন্তনীৰ চেনীবিহিন চাহ্কাপৰ তিতাখিনি মোৰ মুখত যেন বিয়পি পৰিল |

– সচায়ে , চাহকাপ খায়েই পস্তালোঁ হে | অজানিতে মোৰ মুখৰ পৰা কথাষাৰ নিজে নিজে ওলাই আহিল |শ্ৰীমতীয়ে মোলৈ পেন্দোৱাকৈ চাইছে |

 

(৪)

“ছন্দপতন ” (ৰচনাকাল – ৬ মে’ ২০১১ )

 

তেতিয়া আবেলি প্ৰায় ৪ বাজিছে | অলসভাৱে আকাশ-পাতাল ভাবি বিচনাখনতে পৰি আছিলোঁ | এনেতে দুৱাৰত টোকৰ পৰাত উঠি গৈ দুৱাৰখন খুলি দিলোঁ | এক পলকৰ বাবে মোৰ মুখৰ মাত হেৰাই গ’ল |এয়া কি ? মোৰ কবিতাৰ প্ৰেৰণা, মোৰ সপোনৰ নাৰীচোন এয়া স্বয়ং মোৰ সমুখত বিদ্যমান | কিছুসময়লৈ দুৱাৰ মুখতে থৰ হৈ ৰ’লোঁ |

– ভিতৰলৈ আহিব পাৰোঁ নে?

তাইৰ মাতত মোৰ মোহভঙ্গ ঘটিল | উচপ খাই উঠিলোঁ মই |

– অ’ আহক, ভিতৰলৈ সোমাই আহক |

– আচলতে মই আপোনাৰ আগতীয়া অনুমতি অবিহনে লগ ধৰিবলৈ আহিলোঁ | মই আপোনাৰ কবিতাৰ সাংঘাটিক অনুগামী | ক’বলৈ গ’লে আপোনাৰ প্ৰতিটো নতুন কবিতাৰ বাবে মই বলিয়াৰ দৰে অপেক্ষা কৰি থাকোঁ |

ছোৱালীজনীৰ মুখেৰে যেন ফুলহে বৰষিছে | মই একো শুনা পোৱা নাই |কৰ্ণ-কুহৰত কেৱল মৌ বৰষিছে | তাইৰ দীঘল চুলিটাৰি কঁকাললৈ বৈ পৰা | কপালতো একোচা চুলি পেলাই থৈছে | ঈষৎ বেঙুনীয়া সাজযোৰে সঁচাকৈয়ে তাইক তুলি ধৰিছে|ছোৱালীজনী মোৰ ঘৰৰ কাষতে থাকে | ইয়ালৈ নতুনকৈ আহিছে | চিনাকী হোৱাই নাছিলোঁ | কিন্তু প্ৰথম দেখা দিনৰে পৰা মই তাইৰ প্ৰতি এটা আকৰ্ষণ অনুভৱ কৰিছিলোঁ | মোৰ বহু কবিতাৰ নায়িকা হৈ পৰিছিল ছোৱালীজনী |অনৰ্গল কথা কৈ গৈ আছে ছোৱালীজনীয়ে | মোৰ কাণত একো সুমোৱা নাই | একেথৰে মাত্ৰ তাইৰ মুখলৈ মই চাই আছোঁ | মনত সুতীব্ৰ ইচ্ছা হৈছে | কৈয়ে দিওঁ নেকি ?- ক’ত আছিলা তুমি ইমান দিনে ?তোমাক দেখা পোৱাৰ আগতে লিখা কবিতাবোৰ জাৱৰ আছিল | তুমিয়েই আহি মোৰ কবিতাত প্ৰাণ দিলা | তুমিয়েই মোৰ প্ৰেৰণা | মোৰ কবিতাৰ জীৱন |নাই, আৰু ৰ’ব নোৱাৰি |তাই হয়তো আচৰিত হ’ব | মুখৰ মাত স্তব্ধ হৈ যাব যেতিয়া গম পাব যে তাইৰ প্ৰিয় কবিগৰাকীৰ কবিতাৰ উত্‍স তাইয়েই | কি ক’ব বাৰু তাই ? – নাই, যি হয় হ’ব | কৈয়ে দিওঁ | নিজৰ বুকুৰ ঢপ্‌ঢপনি খুব স্পষ্টকৈয়ে মই নিজেই শুনা পাইছোঁ |

– অ’ লীনা আহিছা? চাহ খোৱা৷ মই চাহ তপতাই আছিলোঁ| ভিতৰৰ পৰা তোমালোক দুয়োৰে কথাও শুনি আছিলোঁ | খালী চাহ দেই |

হাতত চাহৰ ট্ৰে’ খন লৈ ঠিক সেই মুহুৰ্ততে শ্ৰীমতী ওলাই আহিল |

– জানা লীনা | এওঁ যে লিখে কবিতাবোৰ … …প্ৰায়েই কয়, ময়েই হেনো এওঁৰ কবিতাৰ একমাত্ৰ নায়িকা | তেতিয়া মই কওঁ — হ’ব , এই বয়সত আপুনি আপোনাৰ কলেজীয়া প্ৰেম নেদেখুৱালেও হ’ব | ল’ৰা-ছোৱালীহালে কি ভাবিব বাৰু ?

শ্ৰীমতীৰ অট্টহাস্যত মোৰ ছন্দপতন ঘটিল | চাহ্কাপো গৰম লাভা হৈ ডিঙিয়েদি বৈ যোৱা যেন লাগিল |

 

(৫)

“ছন্দপতন (দ্বিতীয় অংশ)” (ৰচনাকাল -১০ মে’ ২০১১)

 

সিদিনাৰ ঘটনাটো আপোনালোকৰ ভালকৈয়ে মনত আছে চাগে | সেই যে লীনা আহিছিল মোৰ ঘৰলৈ | লীনাই চাহ কাপ খাই আমাৰ দুয়োৰে পৰা বিদায় লৈ গ’লগৈ | কিন্তু তাৰ পিছত আমাৰ ঘৰত কি পৰিস্থিতিৰ উদ্ভৱ হ’ল সেয়া আপোনালোকক আজি ক’বলৈ ওলাইছোঁ | তাই যোৱাৰ পিছত আলোচনীখন লৈ আগফালৰ চকীখনতে বহি আছিলোঁ | এনেতে ভিতৰত শুনিলোঁ , পাক্ঘৰত বাচন পৰাৰ শব্দ | বিশেষ এটা মনোযোগ নিদি আলোচনীখনত চকু ফুৰালোঁ | সেয়া আকৌ বাচন পৰাৰ শব্দ| হৈছে কি ? আলোচনীখন হাতত লৈয়ে ভিতৰলৈ সোমাই গ’লোঁ | দেখিলোঁ পাক্ঘৰত শ্ৰীমতীয়ে ঠেকেচি ঠেকেচি বাচন ধুই আছে |

– হেৰা, কি হ’লনো তোমাৰ ?

শ্ৰীমতী নিমাত | মুখত পোহৰ নাই |

– কিবা এটা ক’লেহে গম পাম |

নাই, তেতিয়াও শ্ৰীমতী নিমাত | উপায় নাপায় হাতত ধৰি তেওঁক শুৱনি কোঠালৈ লৈ আহিলোঁ | বিচনাখনতে বহুৱাই তেওঁক সুধিলোঁ – তুমি কিবা ক’বানে ?

শ্ৰীমতীৰ চকুত চকুপানী | – জানো নহয় আপোনাক | ধুনীয়া ছোৱালী দেখিলেই ৰ’ব নোৱাৰে | তেতিয়া ভিতৰৰ পৰা চাই আছিলোঁ নহয় , লীনাই কথা কৈ থাকোঁতে আপুনি একেবাৰে ৰ’ লাগি চাই আছিল |

– আহ হা , তোমালোকৰ পৰা নোৱাৰি আৰু | যাকে তাকে যাৰে তাৰে লগত সন্দেহ কৰাহে | এইবুলি উচাত মাৰি মই তাৰে পৰা উঠি বাহিৰলৈ ওলাই আহিলোঁ| বাহিৰত ক্ৰমে আন্ধাৰ নামি আহিছে |মই এজন অৱসৰপ্ৰাপ্ত অধ্যাপক |কবিতা লিখাৰ চখ মোৰ বহুদিনীয়া | নিয়তি মানে মোৰ এতিয়াৰ শ্ৰীমতী আছিল একালত মোৰেই ছাত্ৰী | প্ৰথম বেঞ্চত বহি মোলৈ ৰ’ লাগি চাই থাকে | ক্ৰমে মোৰোঁ তেওঁক ভাল লগা হৈ আহিল | তেওঁৰ ধুনীয়া মুখখন আৰু চকুযুৰিয়ে মোক কবিতা লিখাত উৎসাহ জগাইছিল | ঘৰৰ অমতত তথা আন ছাত্ৰ-ছাত্ৰীৰ হাঁহি-খিকিন্দালিৰ মাজতে মই তেওঁক বিয়া কৰালোঁ | কিন্তু বিয়াৰ পিছত তেওঁ স্বাস্থ্যৰ যত্ন ল’বলৈ এৰি দিলে| লুচী ফুলাদি ফুলি গ’ল | এতিয়া আপোনালোকেই কওঁক , মই তেওঁক লৈ কেনেকৈ কবিতা লিখোঁ ?

ভিতৰৰ পৰা ধুনীয়া সুগন্ধ এটা বিয়পি আহিছে | ভিতৰলৈ সোমাই গ’লো| শ্ৰীমতীয়ে প্লেট এখনত মই ভালপোৱা কে’ক এটা তৈয়াৰ কৰি আনিছে | তাৰে এদুখৰ মোৰ মুখত ভৰাই দি ক’লে – হ’ব দিয়ক | মন বেয়া কৰিব নালাগে | মই আপোনাক ভালকৈয়ে জানো | নহ’লে নো কলেজৰ ইমানজাক ছোৱালীৰ মাজৰ পৰা আপুনি মোকেই পছন্দ কৰেনে ?

শ্ৰীমতীৰ মুখত হাঁহি বিৰিঙিছে তেতিয়া | ধুমুহাৰ শাম কাটিল তাৰমানে…|

 

 

(৬)

” সংগোপনে তুমি ” ( ৰচনাকাল – ২১ মে’ ২০১১ )

 

সঁচাকৈয়ে পাগলী ছোৱালী তাই | জোনাক আৰু বৰষুণ বুলিলে একোকে নালাগে| জোনাক ৰাতি তাই অকলে অকলে ঘৰৰ চাঁদত বহি জোনটোলৈ একেথৰে চাই থাকে | দেউতাকে তাইক ভুতুনী বুলি জোকায় | তাই মাত্ৰ এটা মিচিকিয়া হাঁহি মাৰি দেউতাকক নিৰস্ত্ৰ কৰে | আৰু বৰষুণৰ দিনত ?

বৰষুণৰ দিনত চাঁদলৈ গৈ চিনেমাত দেখুওৱা নায়িকাৰ দৰে হাত দুখন মেলি তাই বৰষুণ উপভোগ কৰে | পানীৰ সোঁতত কাগজৰ নাও সাজি উটুৱাই দিয়ে |

ভিজা চুলি কেইডাল যেতিয়া কান্ধত পেলাই লৈ চকুমুদি তাই বৰষুণত তিতি থাকে মই তাইলৈ একেথৰে চাই ৰওঁ | মোৰ ঘৰ তাইৰ ঘৰৰ সমুখতে | মোৰ পঢ়া কোঠালীৰ খিৰিকিৰ পৰা তাইৰ ঘৰৰ চাঁদ খন ভালকৈয়ে দেখি | প্ৰসাৰিত হাতৰ পৰা সৰি পৰা বৰষুণৰ টোপাল কেইটা পৰ্যন্ত্য মই স্পষ্টকৈ দেখা পাওঁ |বৰষুণৰ লগত অহা চেচাঁ বতাহজাকে তাইক জোকাই যায় | বতাহজাকক তাই তাইৰ সৈতে তিতিবলৈ আমন্ত্ৰণ কৰে |

আজি কেইবাদিনো হ’ল তাইক মই দেখা নাই | খবৰ ল’বলৈ বুলি তাইৰ ঘৰলৈ গ’লোঁ | বিচনা এখনত গৰম কাপোৰ মেৰিয়াই তাই শুই আছে |

– এই পাগলী, কি হ’ল আকৌ তোমাৰ ?

– বৰষুণত তিতি চৰ্দী হ’ল |

– সঁচাকৈয়ে পাগলী তুমি | বৰষুণত এনেকৈ তিতে নে ?

– তুমিটো লিখা-মেলা কৰা | মোক, জোনাক আৰু বৰষুণজাকক লৈ কবিতা এটা লিখিবানা !

– মইতো কবিতা নিলিখোঁ | মাজে মাজে অ’ত ত’ত দুই এটা গল্পহে লিখোঁ |

মোৰ হাতত হাত থৈ তাই ক’লে |

– এইবাৰ তুমি কবিতা লিখিবা | জোনাক আৰু বৰষুণৰ স্পৰ্শত মোৰ হৃদয়ত আন্দোলিত হোৱা স্পন্দনৰ অনুভৱৰ বাখ্যা এইবাৰ তুমি কবিতাৰে প্ৰকাশ কৰিবা | তোমাৰ কবিতাত মই নিজকে বিচাৰি পাম |

মই একো নক’লো | একেথৰে তাইৰ চকুলৈ চাই ৰ’লোঁ | বাহিৰত তেতিয়া ধাৰাষাৰ বৰষুণ নামিছে |

 

(৭)

“সংকুচিত” (ৰচনা কাল -১২ ফেব্ৰু’ ২০১১)

 

চিগাৰেটতো জ্বলাই মুখত কিছুপৰ ৰাখিলোঁ |আলিবাটৰ সিটো পাৰে বহা বুঢ়া ভিক্ষাৰীজনলৈ মোৰ চকু গ’ল |আজিও ঠিক সেই একে ঠাইতে ভিক্ষাৰীজন বহিছে|কাষেৰে পাৰ হৈ যোৱা মানুহজাকক উদ্দ্যেশি বুঢ়াই কিবা-কিবি কৈ আছে |কিছুমানে হয়তো দুই-এটকা দলিয়াই থৈও গৈছে |হয়্তো পুতৌভাৱে অথৱা পূণ্য অৰ্জ্জনৰ আশাত |বুঢ়াই নিৰ্বিকাৰভাৱে টকা কেইটা কাষতে থকা বাটিটোত থৈছে |মই নীৰৱ দৰ্শক হৈ মাত্ৰ চাই আছোঁ |থিয়েটাৰৰ এক বিশেষ মূহুৰ্তত যেনেকৈ দৰ্শকে মৌন হৈ মাত্ৰ অভিনয় চাই থাকে ঠিক তেনেকৈ মৌন হৈ মই মাত্ৰ চাই আছোঁ |এনেতে সিফালৰ পৰা বোজাই ভৰ্ত্তি ট্ৰাক এখন আহিল |ট্ৰাকখন ভিক্ষাৰীজনৰ গাৰ ওপৰেৰে পাৰ হৈ গ’ল |বুঢ়াৰ দেহটো তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল |মানুহ বোৰে হৈ-হাল্লা কৰি ট্ৰাকখন ৰখালে |ভোকাতুৰ বাঘৰ দৰে মানুহবোৰ ট্ৰাকখনৰ ওপৰত জপিয়াই পৰিল |আলু আৰু পিয়াজঁ বোজাই কৰি আনিছিল ট্ৰাকখনে |বাটৰ মানুহ বোৰে যেনেকৈ পায় তেনেকৈ আলু -পিয়াজঁ বোৰ লৈ গ’ল |ট্ৰাকখনৰ চকাত এতিয়াও তেজৰ দাগ |মোৰ চিগাৰেটতো শেষ হোৱাত ময়ো ঘৰলৈ খোজ দিলোঁ |

 

(৮)

“জেৰক্স কপি” ( ৰচনাকাল ৭ মে’ ২০১১)

 

সভাত অসংখ্য মানুহ হৈছে আজি | তৃণমূল পৰ্যায়ৰ নেতা হিচাপে ৰাজনৈতিক সভাত আজি এয়া মোৰ প্ৰথম ভাষণ | ৰাজনীতিত যোগদান কৰা মোৰ বেছি দিন হোৱা নাই | দেহত যৌৱনৰ জোঁৱাৰ | মুখৰ কথাৰে বলিয়া হাতীকো বলাব পাৰোঁ | টিভিত ৰাহুলজীৰ ভাষণ শুনিছোঁ নহয় | কি উদ্দীপ্ত ভাষণ | শ্ৰোতাই ৰ’ লাগি শুনি থাকে | মোৰো কথা কোৱাৰ ধৰণ দেখি আমাৰ ছাৰে শীঘ্ৰেই মোক প্ৰধান দলত ভৰ্ত্তি কৰাই দিম বুলি কৈছে | আজিৰ সভাখনতো ঠিক এনেধৰণেই ভাষণ দিম বুলি প্ৰস্তুত হৈ আহিছোঁ | ভাষণটো অৱশ্যে মই নিজে লিখা নাই | মোৰ সতীৰ্থ ৰমেনে লিখি দিছে | এয়া , মই মঞ্চত বহি আছোঁ | জেষ্ঠনেতাজনৰ ভাষণৰ পিছতে মোৰ ভাষণ | টেবুলত সজাই থোৱা গিলাচৰ পৰা পানী এঢোক পি ল’লো | কিছুসময়ৰ পিছতে মোৰ ভাষণ দিয়াৰ পাল পৰিল | ভাষণৰ কপি কেইটা লৈ মই মাইক্ৰ’ফোনটোৰ সমুখলৈ আহিলোঁ |- জয় জয়তে সমূহ ৰাইজলৈ মোৰ প্ৰণাম বুলি কৈ দুহাত ওপৰলৈ তুলি ভাষণ আৰম্ভ কৰিলো | পঢ়ি গৈ আছোঁ, গৈ আছোঁ| প্ৰচণ্ড উত্‍সাহত ভাষণ পঢ়ি আছোঁ |আধা ঘন্টা মান হ’ল নেকি ? মানুহবোৰ এটা দুটাকৈ উঠি গৈ আছে | মোৰ উত্‍সাহ স্তিমিত হোৱা নাই পিছে | অলপ পিছতে ৰমেনে আহি কাণে কাণে মোক কিবা এটা  ক’লে | লগে লগে ভেচভেচীয়া হ’লো মই | মই ইমানদেৰি মূল ভাষণটো পঢ়ি উঠাৰ পিছতো তাৰে নকল কপি কেইটাও পঢ়ি আছিলোঁ | উত্‍সাহত মই ক’বই পৰা নাছিলোঁ | চাল্লা ৰমেন | জেৰক্স কপিকেইটা লগতে দিবলৈ তাক কিহে পাইছিল ? জেষ্ঠনেতাজনৰ চকুলৈ চালোঁ | তেওঁ মোক ভিক্টৰী চিহ্ন দেখুৱাইছে |

( জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱৰ কাৰ্টুন এটাৰ আলমত )

 

(৯)

“ক্ৰেডিট কাৰ্ড ল’ব নেকি ?” (ৰচনাকাল – ৫ জুন ২০১০)

 

– ক্ৰেডিট কাৰ্ড ল’ব নেকি ছাৰ ?

– ওৰে জীৱন ক্ৰেডিটতেই চলিছোঁ | আকৌ নতুনকৈ ক্ৰেডিটত সোমাবৰ ইচ্ছা নাই|

– নহয় ছাৰ , এইখন কাৰ্ডৰ সুবিধা বহুত |তাতে আমাৰ বেংকৰ পৰা এই কাৰ্ডৰ সুবিধা ল’লে আপুনি ডিচকাউন্টো পাব বহুত |

– দেখা নাই, ডিচকাউন্ট বিচাৰি বিচাৰি শ্বপিং মললৈ গৈ গৈ তলী উদং হৈছে | উফ্‌ ডিচকাউন্টৰ বাহাৰ |৫০০ টকাৰ ডাইনিং ছেট এটা ল’লে ১ কেজি আলু ফ্ৰি| হেৰৌ, ১ কেজি আলু বিনামুলীয়াকৈ পোৱাৰ বাবে যে ৫০০ ট্কাৰ অযথা বস্তু কিনিব লগা হ্য় তাকে ঘৰৰ শ্ৰীমতীয়ে নুবুজে নহয় |

– সেয়ে ছাৰ, আপুনি আমাৰ এই সুবিধা গ্ৰহণ কৰক |অন্য বেংকৰ নিচিনাকৈ ৪৫ দিনত আপুনি বিল পৰিশোধ কৰিব নালাগে |আপোনাক আমি ৩ মাহ সময় দিম  ৩ মাহৰ ভিতৰত টকা আপুনি বেংকত জমা দিলেই হ’ল | তাৰোপৰি প্ৰত্যেকটো সামগ্ৰীতে ১০% ডিছ্কাউন্ট |এইটো লেটেষ্ট স্কীম ছাৰ | লৈ লওক |

– হয়নে? কি বেংকনো তোমালোকৰ ?

– ৰাজ্যিক উন্নয়ন বেংক ছাৰ | নতুনকৈ মুকলি হৈছে |ৰাষ্ট্ৰীয়্কৃত নহয় অৱশ্যে| প্ৰাইভেট বেংক ছাৰ |

– কাৰ্ডখন লোৱাৰ বাবে কি কৰিব লাগিব ?

– ছাৰ এইখন ফৰ্মত চহী কৰক |১০০০ টকা একাউন্টৰ বাবে আৰু ৫০০ ট্কা ক্ৰেডিট কাৰ্ডৰ প্ৰছেছিঙ ফীজ ছাৰ |

বৰুৱাই আগ্ৰহেৰে ফৰ্মখনত তেওঁৰ দীঘলীয়া নামটো চহী কৰি দিলে আৰু শ্ৰীমতীলৈ শাৰী নিম বুলি অনা ১০০০ টকা বেংক এজেন্টজনৰ হাতত তুলি দিলে |

– ছাৰ বাকী ৫০০ ট্কা ?

– খন্তেক ৰ’বা |

এইবুলি বৰুৱা উঠি গৈ কাষৰ টেবুলত বহি থকা দাসৰ পৰা ৫০০ ট্কা ধাৰলৈ খুজিলে |

– মাহৰ শেষহে বৰুৱা, কেনেকৈ দিওঁ ?

– অহ হ’ , আপুনি চিন্তা কৰিছে কেলেই ? দৰমহা পালেই ঘূৰাই দিমহে | আজিকালিতো দৰমহা সময়মতে হ্য় |

ঠেৰো-গেৰো কৈ দাসে ৫০০ টকা বৰুৱাৰ হাতত দিলে | বৰুৱা ঘূৰি আহি এজেন্টজনৰ হাতত ৫০০ ট্কাতো তুলি দিলে |

– হৈ যাব ছাৰ | আজিয়েই আপোনাৰ একাউন্ট অ’পেন হ’ব আৰু এসপ্তাহৰ ভিতৰতে আপোনাৰ কাৰ্ড মই ঘৰলৈ দি থৈ আহিম গৈ |

এসপ্তাহৰ ভিতৰতে বৰুৱাই কাৰ্ডখন পালে | কাৰ্ড পোৱাৰ দিনাখনেই বৰুৱাই সপৰিয়ালে বজাৰ কৰিবলৈ গ’ল |প্ৰায় ৫০০০ মান ট্কাৰ বজাৰ কৰি বৰুৱা পৰিয়াল হাঁহিমুখে ঘৰলৈ উভতিল |

– বৰ ভাল লাগিছে জানা |শ্ৰীমতীৰ মুখত হাঁহি |

– অহা মাহত মামণি বাৰ ছোৱালীজনীৰ অন্নপ্ৰাসন্ন |কিবা এটা ভাল বস্তু দিব লাগিব|

– চিন্তা নকৰিবা |যি লাগে কিনি আনিবা |

এইকেইদিন ঘৰত হাই-কাজিয়া নাই |বৰুৱানীৰ হাঁহিমুখে ঘৰখন পোহৰাই থৈছে|

– আজি সোনকালে আহিলা যে অফিচৰ পৰা ?

– অ’হে|সোনকালে ৰেডি হোৱা|আজি ডিনাৰ বাহিৰত কৰিম |

ল’ৰা-ছোৱালীহাল লৈ বৰুৱা ওলাল অসমীয়া আহাৰ পোৱা ৰেষ্টুৰেন্ট এখনলৈ | বিলখন পোৱাৰ পিছত বৰুৱাই ক্ৰেডিট কাৰ্ডখন মেনেজাৰলৈ আগব্ঢ়াই দিলে |

– ছাৰ আপোনাৰ কাৰ্ড খনে কাম কৰা নাই | বোধহয় ক্ৰেডিট লিমিট পাৰ হৈছে|

– কি কোৱাহে?এমাহো পাৰ হোৱা নাই কাৰ্ডখন লোৱা | কেনেকৈ ক্ৰেডিট লিমিট পাৰ হ’বহে?

– আমি কি কৰিম ছাৰ?বিলৰ বাৰশ টকাতো দিলেই আমাৰ লেঠা ছিগে |

উপায় নাপায় বৰুৱাই মাণিবেগটো উলিয়ালে | বেগত আছে মুঠে এশ টকা |বৰুৱাই মেনেজাৰৰ কাণে কাণে সুধিলে –

– বুজিছে , মুস্কিলত পৰিলোঁ | কাৰ্ডখনে বিপদত পেলালে | আপোনাক মোৰ এই হাতঘড়ীটো দি যাওঁ | বাকী আপুনি বচালেহে বচোৱা |

– আপোনাৰ ঘড়ীটো অলপ পুৰণা হৈছে |তথাপি উপায় নাই যেতিয়া দি থৈ যাওঁক|

লাজে অপমানে বৰুৱা পৰিয়াল ঘৰলৈ উভতিল |পিছদিনাই বৰুৱাই দহ বজাতে বেংকটোৰ কাৰ্যালয় পালেগৈ |

– ছাৰ আপুনি মেনেজাৰক লগ ধৰক |

বৰুৱা মেনেজাৰৰ কোঠাত সোমাল |

– অ’ বৰুৱা, আহক বহক|আপোনাৰ কথাই আমাৰ বেংকত এইকেইদিন খুব ওলাই আছে|

বৰুৱা অলপ আচৰিত হ’ল |

– হেঃ হেঃ হেঃ বুজা নাই? দুসপ্তাহত আপুনি খৰচ কৰিলে পচিশহাজাৰ ট্কা | পোন্ধৰশ টকাৰে একাউন্ট খুলি চৈধ্যদিনতে আপুনি পচিশহাজাৰ টকা উৰালে৷এনেকৈ প্ৰত্যেক গ্ৰাহকে খৰচ কৰিলে আমাৰ প্ৰাইভেট বেংকৰ আধ্যা পৰিব চোন | বৰ ধোঁৱাখুলীয়া মানুহহে আপুনি |আগৰ ছয়মাহলৈ আৰু আপোনাৰ কাৰ্ড এক্টিভেট নহয় বুজিছে |

বৰুৱাই একো নক’লে | ক্ৰেডিট কাৰ্ডখন মেনেজাৰৰ টেবুলতে এৰি থৈ আহিল | বৰুৱা পুনৰ ক্ৰেডিটৰ জগতত সোমাই পৰিল |

 

(১০)

“চাৰি নম্বৰ ৰছীডাল” (ৰচনাকাল – ৯ জুলাই ২০১১)

চৰকাৰী কোৱাৰ্টাৰত থাকোঁ আমি | ঠেক ঠেক কোঠালী | দুটা শোৱা কোঠালী, এটা ড্ৰয়িং কাম ডাইনিং ৰুম আৰু এটা পাকঘৰ | আমাৰ পৰিয়ালটো সৰু | মই , মোৰ বৃদ্ধ মা-দেউতা আৰু পৰিবাৰ |সৰু পৰিয়াল এটাৰ জোখেৰে কোঠালীকেইটা আমালৈ সুন্দৰকৈ চলি যায় | নতুনকৈ বিয়া কৰাইছোঁ |শহুৰ দেউতাই জীয়েকৰ লগত ফাৰ্নিচাৰ এসোপা দি পঠাইছে | পিছে মইহে ঠাইৰ অভাৱত পুনৰ সেইবোৰ তেওঁৰ তালৈয়ে ঘূৰাই পঠাইছোঁ |বোলো ডাঙৰ কোৱাৰ্টাৰ পালে লৈ যাম এই ভাবত| চৰকাৰে অকণ খেতি-খোলা কৰিবলৈ কোৱাৰ্টাৰৰ পিছপিনে এডৰা মান মাটি দিছে | দেউতাই অলপ-অচৰপ সেয়া চোৱা-চিতা কৰে |মইতো সময় নাপাওঁৱেই | দেওবাৰৰ যিকন সময় পাওঁ সেয়াও টিভিৰ আগত বহি থাকোঁতেই পাৰ হ্য় |এনেকৈয়ে আমাৰ জীৱন চলি আছে | এতিয়া আচল কথালৈ আহোঁ |সমস্যাটো হ্য় ৰাতি শোৱাৰ সময়ত |যেতিয়া আঠুৱা তৰিবলৈ লওঁ , তিনিটাকোণত ঠিকেই মিলি যায়, কিন্তু আনটো কোণ বেৰখনৰ পৰা আঁতৰত হ্য় বাবে এডাল ৰছী জাতীয় বস্তুৰ প্ৰয়োজন হ্য় |সময়ত সেই ৰছীডাল বিচাৰি নাপাওঁ | চৰকাৰী আচঁনিৰ কৃপাত আমাৰ ইয়াত মহৰ উত্‍পাত আটাইতকৈ বেছি | সেয়ে আঠুৱা নাটানিলেও নহয় |মাজতে এবাৰ দুবাৰ চেষ্টা কৰিছিলোঁ | কিন্তু পুৱালৈ মহৰ চুমাৰ উত্‍পাতত অফিচ যাবলৈকে লাজ লগা হৈ পৰিছিল৷ সি যি কি নহওক, তেতিয়াৰ পৰাই আঠুৱা আমাৰ প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিল | আমাৰ এওঁ আকৌ আঠুৱা তৰিবলৈ বেয়া পায় |গতিকে এই অভাজনেই সেই দায়িত্বটো পালন কৰিব লাগে | চাৰি নম্বৰ ৰছীডাল যোগাৰ কৰোঁতে মোৰ আধা টোপনি প্ৰায় নোহোৱাই হ্য়গৈ |কেতিয়াবা মোৰ নেকটাই, নতুবা একো নাপালে এওঁৰ পেটিকোটৰ ৰছীৰেও কাম চলাব লগা হ্য় |কিন্তু সদায়টো এনেদৰে নোৱাৰি !আজি ৰাতিও সেই একে অৱস্থা | ৰছীডাল বিচাৰি পোৱা নাই | মই এওঁৰ ওপৰত তৰ্জন-গৰ্জন কৰিলোঁ | এওঁও নিমাতে ৰছী এডাল বিচাৰি আছে | বেচেৰী ন-কইনা | দিনটো কাম কৰি থাকোঁতে ক’ত আঠুৱাৰ ৰছীৰ কথা মনত থাকিব ? মোৰ হুলস্থুল শুনি মায়ে ক’ৰবাৰ পৰা ৰছী এডাল আনি মোৰ হাতত দিলেহি |আজিলৈ এই নাটকৰ যৱনিকা পৰিল |ৰাতিপুৱা বিচনাতে টোপনিৰ আমেজ লৈ আছোঁ |বিচনাৰ পৰাই মা-দেউতাৰ খকা-খুন্দা এখন লগা বুলি গম পালো |

– ক’ত থ’লা সেইডাল? মইতো টেবুলৰ ওপৰতেই থৈছিলোঁ৷ -দেউতাৰ মাত|

– এস আপোনাৰ বস্তু আপুনিহে জানিব |

– হৰি হৰি শ্ৰীবিস্তু শ্ৰীবিস্তু | তুমি মোৰ লগুণডাল হেৰুৱালা ?

মোৰ চাটকৈ চকু আঠুৱাখনৰ চাৰি নম্বৰ ৰছীডাললৈ গ’ল | সেইডালচোন দেউতাৰ লগুণডাল! নিকপ্‌কপীয়াকৈ মোক মহৰ পৰা ৰক্ষা কৰিবৰ বাবে আঠুৱাখন ডাঙি ধৰি আছে…

– কটা নিধক আঠুৱা, আজি তোৰ ব্যৱস্থা কৰিম ৰ’হ |- এইবুলি বিচনাতে শুই শুই মনতে মই ভোৰভোৰালো |

 

 

আচলতে দেউতাই (নায়কৰ) সিদিনা কি পৰিস্থিতিত পৰি লগুণডাল খুলি থ’ব লগা হৈছিল… …আৰু মায়ে ইমানেই অসাৱধান যে লগুণডালকেই নি নায়কৰ হাতত তুলি দিলেগৈ৷ সেয়াই এক মিনিটৰ গল্পটোৰ উপজীৱ্য … …ইয়াত মাত্ৰ অসাৱধনতাৰ ফলত সৃষ্টি হোৱা হাস্যৰসৰ ওপৰত গুৰুত্ব দিয়া হৈছে|পাঠকসকলে যেন অন্য কথাবোৰ আওকাণ কৰে |এয়ে অনুৰোধ |বিসংগতিয়ে হাস্যৰসৰ উত্‍স — এই কথাষাৰকেই সাৰোগত কৰি গল্পটো লিখাৰ প্ৰয়াস কৰা হৈছে |পাঠকবৃন্দই  হাস্যৰসৰ বাবে উপস্থাপন কৰা এক বিসংগতি বুলি ভাবিলেই বাধিত হ’ম |পুনৰ কওঁ কাৰোঁ ধৰ্মীয় অনুভূতিক আঘাত হনা মোৰ গল্পটোৰ উদ্দেশ্য নহয় || ধন্যবাদ ||