দহটা ‘এক মিনিটৰ গল্প’ -১

গল্পকাৰ – মনোৰঞ্জন মজুমদাৰ

(১)

“দৈনন্দিন” (ৰচনাকাল – ৭ জুলাই ২০১১)

 

ঘড়ীটোৱে মোৰ সৈতে সময় মিলাই চলিছেনে, মই ঘড়ীটোৰ সৈতে সময় মিলাই চলিছোঁ ধৰিবই পৰা নাই | কামৰ পৰা আহৰি নোপোৱা হৈছো | অফিচৰ পৰা ঘৰলৈ অহাৰ পিছত লেপটপটোত পুনৰ মোৰ পিটিক-পাটাক আৰম্ভ হ্য় | মাজতে শ্ৰীমতীয়ে চাহৰ কাপটো থেকেচ মাৰি টেবুলত দি থৈ যায় |মই সিমান গুৰুত্ব নিদিওঁ | কামৰ মাজতে দিনত এবাৰ তেওঁলৈ মই ফোন কৰো, আকৌ ৰাতি ভাতৰ টেবুলত অলপ অচৰপ কথা-বতৰা | সেয়াই আৰু |তাৰ বাহিৰে বিশেষ কথা-বতৰা আমাৰ মাজত নহয় গৈ| ৰাতি বিচনাত বেডলেম্পটো জ্বলাই লেপটপটোত যেতিয়া মই কাম কৰি থাকো, শ্ৰীমতীয়ে পিঠিখন মোলৈ দি বিচনাখনৰ ইটো মূৰে শুই থাকে | ৰাতি ১ মান বজাত মোৰ কাম শেষ হ্য় | তেতিয়ালৈ শ্ৰীমতীৰ নাকৰ শব্দই সপ্তম ৰাগত উঠে | পুৱা উঠি পুনৰ একেসোপা কাম |এয়াই মোৰ দৈনন্দিন জীৱন |কিন্তু এনেকৈ কিমান দিন আৰু ???

– হেৰি , ওলাওঁক এদিন ফেমিলি পিকনিক এটাত | কাষৰ প্ৰতিবেশী ভূঞাক মই ক’লোঁ |

-অ’ হে | বলক অহা দেওবাৰে পবিতৰালৈ | আপোনাৰ ফেমিলি আৰু মোৰ ফেমিলি |এখন গাড়ীতে যাম |

কথা মতেই কাম | দেওবাৰে পুৱাই সাজু হ’লোঁ | শ্ৰীমতীৰ উলাহৰ সীমা নাই| ইটো বান্ধিছে, সিটো বান্ধিছে, ইটো জাপিছে, সিটো সামৰিছে |পুৱা ৯ মান বজাতে ভূঞাৰ গাড়ীখনতে আমি যাত্ৰা কৰিলোঁ | ভূঞা, তেওঁৰ পৰিবাৰ, মই আৰু মোৰ পৰিবাৰ | মাজে মাজে মোলৈ ফোন আহিয়েই আছে | অফিচৰ পৰা অহা ফোন| মিডিয়াৰ লগত জড়িত মানুহ মই | দেওবাৰেও আহৰি নাই | ফোনতে কামৰ নিৰ্দেশ দি আছোঁ | মাজে মাজে শ্ৰীমতীয়ে মোক কিবা এটা ক’বলৈ লওঁতেই ফোনটো বাজি উঠে | তেওঁৰ প্ৰবল উত্‍সাহ ঠাইতে স্তিমিত হয় | মই তেওঁক বাধা দি ফোনটো উঠাওঁ | ভূঞাহঁতৰো লগতো ভালকৈ কথা পাতিব পৰা নাই মই |মাজে মাজে দুয়ো গৰাকী শ্ৰীমতীয়ে কিবা কথাত জোৰকৈ হাঁহি দিয়ে | মই ফোনতে ব্যস্ত কাৰণে তেওঁলোকৰ ক্থাৰ তলা-মলা একো বুজি পোৱা নাই |এপাকত শ্ৰীমতীয়ে মোৰ হাতৰ পৰা ফোনটো কাঢ়ি নি গাড়ীৰ খিৰিকিৰে বাহিৰলৈ দলিয়াই দিলে |

– কি কৰিলা তুমি ? ফোনটোত মোৰ দৰকাৰী নাম্বাৰবোৰ আছিল |

শ্ৰীমতী নিমাত | খিৰিকিৰে বাহিৰৰ আকাশলৈ চাই আছে | ভূঞাহঁতো ঘটনাৰ আকস্মিকতাত নিশ্চুপ হৈ ৰ’ল | হ্য়তো ধুমুহাৰ আগজাননী পাইছে তেওঁলোকে |খঙে ইতিমধ্যে মোৰ মূৰৰ চুলিৰ আগ পাইছেগৈ | এনেতে শ্ৰীমতীয়ে তেওঁৰ হাতখন মোৰ হাতৰ ওপৰত থ’লে | মই তেওঁৰ চকুলৈ চালোঁ | কিমান দিন যে মই তেওঁৰ চকুলৈ চোৱা নাছিলো | হঠাৎ ক্ৰমান্বয়ে মোৰ দেহটো শীতল হৈ আহিল |তেওঁক ক’লোঁ – ভালেই কৰিলা দিয়া |

শ্ৰীমতীয়ে এটা মিচিকিয়া হাঁহি মাৰিলে|

 

(২)

” দেৱালৰ সিপাৰে ” ( ৰচনাকাল – ১৯ জুন ২০১১)

 

অন্ধকাৰ কুঠৰী এটা | কুঠৰীটোৰ চুক এটাত বহি আছে এজন কয়েদী |আঠু দুটাত মূৰটো গুজি সি তাৰ অতীত জীৱন ৰোমন্থন কৰি আছে | সুখৰ স্মৃতি বুলিবলৈ একো নাই তাত | দুধৰ্ষ ভয়াবহ স্মৃতিত হাঁহাকাৰ কৰি উঠিছে তাৰ হৃদয়খন | অকনমান পোহৰ বিচাৰি ব্যাকুল হৈ উঠে তাৰ মন | দেৱাল এখনত পোহৰ অহাৰ বাবে অকনমানিকৈ খিৰিকী এখন কাটি থোৱা আছে | কিন্তু সেই পোহৰখিনি তাৰ বাবে যথেষ্ট নহয় | কাৰণ খিৰিকীখনৰ সিপাৰে আৰু এখন ওখ দেৱাল | কাষৰ দেৱাল খনত ফুটা এটা হৈছে |তাৰে ভিতৰলৈ সোমাই অহা পোহৰৰ দীঘলীয়া ৰেখাডালত সি তাৰ আঙুলিটো বুলাই দিয়ে | সেই ৰেখাডালত নাচি থকা ধূলিকণাখিনিৰ লগত সি কথা পাতে | যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডীত কয়েদী সি | ওৰে জীৱন এই অন্ধকাৰ কুঠৰীটোতে কটাব লাগিব | এই কথাটো ভাবিয়েই ধৰফৰাই উঠে কয়েদীজন| পহৰাৰ দায়িত্বত থকা হাবিলদাৰজনে তালৈ চাই বিদ্ৰুপৰ হাঁহি এটা মাৰি আঁতৰি যায়| এসোঁতা চকুপানী তাৰ গালখনেৰে বাগৰি আহে |সচাঁকৈয়ে অনুতপ্ত সি |

– কাট্‍ | বঢ়িয়া | ৱেল ডান অনুপম | গুড শ্বট |

সহকাৰী ল’ৰাজনে কুঠৰীটোৰ দুৱাৰখন খুলি দিলে | মূৰটো অলপ হেলনীয়া কৰি তাৰে পৰা ওলাই আহিল অসমীয়া চিনেমাৰ বিখ্যাত চৰিত্ৰাভিনেতা অনুপম চৌধুৰী | এয়া অলপ আগতে তেওঁ তেওঁৰ শেহতীয়া চিনেমাখনৰ শ্বট এটা দিলে | শ্বটটো কৰি নিজেই সুখী অনুপম |এইবাৰ চিনেমাখ্ন হিট হ’ব যেন লাগিছে |এই সমস্ত ঘটনা অলপ আঁতৰত এখন চকীত বহি চাই আছিল চিনেমাখনৰ নিৰ্মাতা সুশীল পাল | ক’লকাতাৰ পৰা তেওঁ অসমলৈ চিনেমা নিৰ্মাণ কৰিবলৈ আহিছে | কোনেও বুজি পোৱা নাই তেওঁৰ মনৰ মাজত চলি থকা হাঁহাকাৰ খিনি |কয়েদীজনৰ মনৰ অৱস্থাৰ দৰেই তেওঁও সেই একে অৱস্থাৰ ভুক্তভোগী | অতীত জীৱনৰ তিক্ততাই তেওঁক মানসিক ভাৱে ভাগি পেলাইছে |কাৰাগাৰৰ কয়েদীজনক তেওঁ সহোদৰ যেন বোধ কৰিলে|

 

(৩)

” ধুমুহা ” ( ৰচনাকাল – ১২ মে’ ২০১১ )

 

– হাও , তই লেলপা মাষ্টাৰৰ ডাঙাৰ আপা নহা ? কিতে আইহলি ? যা যা পাছোত লগ পাম যা |

বাছখনৰ পৰা চাৰিআলিটোতে নামি দিলোঁ |আৰু নামিয়েই আমাৰ ঘৰৰ কাষৰ গিৰীণ দাক লগ পালো | কান্ধত শাক-পাছলিৰ ভাৰ লৈ ওলাইছে | বজাৰলৈ যাব চাগে| বহুদিনৰ মূৰত ঘৰলৈ উভটিছোঁ | খোজকাঢ়িয়েই ঘৰলৈ আগবাঢ়িলোঁ | বাটত বহু চিনাকী-অচিনাকী মানুহ লগ পালোঁ | ঘৰৰ নঙলা মুখ পাই খন্তেক ৰ’লোঁ | সেই একেই আছে সকলোবোৰ |বাটৰ কাষৰ নাহৰ জোপাও |ঘৰৰ ছালখন অলপ উৰুখিছে|মই প্ৰতিমাহে পঠোৱা টকাবোৰ সৰু ভাইটিয়ে কি কৰে বাৰু ? নঙলা খুলি ভিতৰলৈ সোমাই গ’লোঁ | পিতায়ে চোতালত বহি বাহঁৰ কাঠীৰে কিবা এটা বনাই আছে | মোক দেখি খন্তেক তভক মাৰি য’ৰে বস্তু ত’তে এৰি থৈ পিতায়ে আহি সাৱটি ধৰিলেহি|

– ডাঙাৰ আপাৰ মাক, কোন আইছি , ছৱাহি চোন |

মায়ে হাতত হেতাখন লৈয়ে ওলাই আহিল |

– আকো খোবাৰ নেদাকে আইহলি যি | আহ আহ ভিতৰোক আহ |

সৰু ভাইটিয়ে কান্ধৰ পৰা বেগটো নিজৰ হাতলৈ নিলে | ঘৰত মা , দেউতাহঁতৰ মৰমৰ আতিশয্যত আবেলিয়ে হ’ল | অলপ ওলাই আহিলোঁ ঘৰৰ পৰা |মই কোম্পানীৰ চাকৰি কৰোঁ |মুম্বাইত |উপাৰ্জন মোৰ বেয়া নহয় |বিয়া বাৰুও পতা নাই |গাৱঁৰে এজনী ছোৱালীক পছন্দ কৰি থৈছোঁ |প্ৰথম তাইৰ ঘৰলৈকে গ’লোঁ | বাহিৰৰ চকীখনতে দেউতাকৰ লগত বহি কথাৰ মহলা মাৰিলোঁ | দুৱাৰৰ ফাঁকৰ পৰা তাই মোলৈ চুচুক-চামাককৈ চাইছে | মই স্পষ্টকৈয়ে দেখা পাইছোঁ | লাজত তাই মোলৈ ভালকৈ চাব পৰা নাই | মাকে কাঁহৰ বাটি এটাত চাহ আনি মোৰ সমুখত দিলেহি |

– বাপা , তেনেহলি পূজাৰ সময়তে বিয়াখান পাতা যাওক | কি কৱা ?

– অ’ মাহী | মই ঘৰত ইতিমধ্যে কৈছোঁৱেই | মাহঁতে আহি দিন বাৰ ঠিক কৰিবই চাগে |

তেওঁলোকৰ ঘৰৰ পৰা বিদায় লৈ গাৱঁৰ মূৰৰ বিপিনৰ দোকানলৈ গ’লোঁ |দোকানৰ সমুখত থকা বাঁহৰ চাং খনত বহিলোঁ | তাতে আগৰ পৰাই হৰিহঁত বহি আছিল|

– তই আইহলি ভালেই হ’ল দে | গাৱঁৰো দুটা মান কাম কৰবা পাৰিম | আই বিপিন, চাওঁ বিড়ি আকমুঠা দি |পইচা আমাৰ ই দিবো দে |

হৰিয়ে মহা আৰামেৰে বিড়িত সুখ টান এটা দিলে | ধোঁৱাবোৰ আকাশত মিলি গ’ল | মোৰ ভৰিৰ তলৰ মাটিখিনি নোহোৱা হৈ যোৱা যেন লাগিল | কেনেকৈ কওঁ এওঁলোকক যে মই মোৰ চাকৰি জীৱন এৰি থৈ আহিছোঁ |আমেৰিকাৰ অৰ্থনীতিত হোৱা প্ৰৱল ধুমুহাই মোৰোঁ জীৱন ছাৰ-খাৰ কৰিছে |মুম্বাইৰ বিলাস-বহুল চাকৰিৰ পৰা আমাক উলিয়াই দিয়া হৈছে |খন্তেকলৈ আটাইৰে মুখবোৰ মোৰ চকুত ভাহিঁ উঠিল |

 

(৪)

“এজন হৃদয়্হীন ব্যক্তিৰ স্বীকাৰোক্তি ” (ৰচনাকাল- ১৯ মাৰ্চ ২০১১)

 

হয় , মই এজন হৃদয়্হীন ব্যক্তি | হৃদয় বুলিবলৈ মোৰ একো নাই | বিবেক মই কেতিয়াবাই বৰ্জ্জন কৰিছোঁ | পঙ্গু মনৰ গ্লানি কঢ়িয়াই থকা মই এজন হৃদয়্হীন ব্যক্তি | কি ক’লে , মই এজন সন্ত্ৰাসবাদী ? হয়তো আপোনাৰ

চকুত মই এজন সন্ত্ৰাসবাদী | কিন্তু মোৰ নিজৰ দৃষ্টিত মই হয়তো আপোনাতকৈ বহুগুণে ভাল | কাৰণ মই আপোনাৰ দৰে দুখীয়াৰ দৰে তেজ শুহি নাখাওঁ , চকুৰ আগতে পত্নী, ভনীক কাৰোবাৰ কামনাৰ বলি হ’বলৈ নিদিওঁ |…হয়, আপুনি ঠিকেই শুনিছে , যোৱা সপ্তাহত চাৰি-আলিৰ বোমাটো ময়েই ফুটাইছিলোঁ | সেই বোমাৰ আঘাতত মন্ত্ৰীৰ বুকু-কলিজা ফাটি চিৰা-চিৰ হৈছিল | মন্ত্ৰীৰ বিধৱা পত্নীয়ে ছিন্ন-বিছিন্ন হোৱা শৱ-দেহটোত পৰি হিয়া ঢাকুৰি কান্দিছিল | আৰু মোৰ কলিজা কিমান শাত পৰিছিল সেয়া হ্য়তো আপুনি কল্পনাও কৰিব নোৱাৰে |…

আপুনি মোৰ আদৰ্শৰ বিষয়ে সুধিছে? আদৰ্শ মোৰ নাই|যিটো আদৰ্শত মই এই গোটটোত যোগদান কৰিছিলো সেই আদৰ্শ মই ইয়াত বিছাৰি নাপালোঁ | এতিয়া এই বন্দুকটোৱেই মোৰ শেষ আদৰ্শ | কোনো কাৰণতে মই কাকো ক্ষমা কৰিব নোৱাৰোঁ| সেয়ে মই এজন হৃদয়্হীন ব্যক্তি | আপোনাৰ জানিবলৈ মন নাযায় নে মোৰ হৃদয় ক’ত হেৰাই গ’ল ? ক’ত বিসৰ্জ্জন দিলো মই ইয়াক ? যিদিনাখনেই আপোনাৰ সৈন্য দল আহি মোৰ চকুৰ আগতে মোৰ পত্নী আৰু ভনীক উঠাই লৈ গ’ল আৰু পিছদিনা যেতিয়া সিহঁতৰ দেহ গাঁৱৰ সীমাৰ পথাৰখনত পালোঁ তেতিয়াই মই হৃদয় বৰ্জ্জন কৰিলোঁ|শিলত পৰিণত হ’ল মোৰ হৃদয় | আৰু এতিয়া এই ফাঁচীকাঠত উঠাৰ মুহুৰ্ত্ততো মই ক’বলৈ ভয় কৰা নাই যে মই এজন হৃদয়্হীন ব্যক্তি |

বিঃদ্ৰঃ  এই  লেখাটোৰ উদ্দেশ্য কোনো সন্ত্ৰাসবাদী গোটক প্ৰশ্ৰয় দিয়াটো নহয়|

 

( ৫)

আইটেম ছং ” (ৰচনাকাল – ১৮ মে’ ২০১১ )

 

” মাই নেম ইজ শীলা , শীলা কি জৱানি ”

বিকট সুৰত ৰুমমেটজনৰ ম’বাইল ফোনটো বাজি উঠিল | মই এটা এক মিনিটৰ গল্প ৰচনাত মনোনিৱেশ কৰি আছিলোঁ | ধ্যানভংগ হোৱাৰ উপক্ৰম হ’ল মোৰ | এনেতে ৰুমমেটজন ভিতৰলৈ সোমাই আহিল |

– তোৰ এই ৰিংগটোন টো সলনি কৰ আৰু | অশান্তি এই আইটেম ছং বোৰ|

ৰুমমেট চিনেমাটোগ্ৰাফীৰ ছাত্ৰ |

– চা দোস্ত | মই এইটো সলাব নোৱাৰোঁ | গম পাৱনে এই আইটেম ছং বোৰৰ গুৰুত্ব ? চিনেমা এখনৰ কাহিনীত গতি আনিবলৈ ইয়াৰ বিৰাট প্ৰয়োজন | আজিকালিতো অসমীয়া চিনেমাতো ইয়াৰ প্ৰচলন হৈছে | তোৰ যে এই এক মিনিটৰ গল্পবোৰ | এইবোৰটো ঠিক এক আইটেম ছঙৰ দৰেই |

– কেনেকৈ ?

– চা | যেনেকৈ এই গীতবোৰ অলপ সময়ৰ বাবে চিনেমালৈ আহি দৰ্শকক আনন্দ দিয়ে, কাহিনীক গতি দিয়ে, দৰ্শক শিহৰিত হ্য় |কিন্তু মাত্ৰ এক পলকৰ বাবে| তেনেকৈ ইমান বিশাল বিশাল সাহিত্যবোৰৰ মাজত, দীঘল গল্প-উপন্যাসৰ মাজত পাঠক হেৰাই যোৱাৰ বিপৰীতে এক মিনিটৰ গল্পই তেওঁলোকক আমোদ দিয়ে, প্ৰাণৱন্ত কৰে|

– কিন্তু আইটেম ছং বোৰতো ক্ষণস্থায়ী হ্য় |প্ৰায়বোৰ চিনেমাতে কাহিনীৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই |অলপ সময়ৰ পিছতে ইয়াৰ গুৰুত্ব দৰ্শকে হেৰুৱাই পেলায় |

ৰুমমেটজনে একো নক’লে | চিগাৰেট এটা জ্বলাই সি বাহিৰলৈ ওলাই গ’ল| টেবুলত পৰি থকা মোৰ বহীখনলৈ চালোঁ | একমিনিটৰ গল্পটো আধালিখা হৈ আছে|আধৰুৱাখিনি শেষ কৰিবলৈ আৰু মোৰ মন নগ’ল |

 

(৬)

” জীৱন আৰু অন্যান্য ”  ( ৰচনাকাল – ১৫ জুন ২০১১)

গাড়ী এখন সাংঘাটিক বেগত আহি হঠাতে ঘপহকৈ ৰৈ দিয়াৰ দৰে গল্পকাৰেও কাহিনীটোৰ গতিত যতি পেলালে | এতিয়া কাহিনীটো আগবাঢ়িছে ধীৰে ধীৰে, সন্তৰ্পনে | কাহিনীটোৰ নায়ক তেতিয়ালৈ প্ৰায় মানসিকভাৱে বিধস্ত | হঠাতে ঘৰখনত ঘটি যোৱা দুৰ্ঘটনা এটাত নায়ক বিপৰ্যস্ত হৈ পৰিছে | তাতে ত্ৰিকোণ প্ৰেমৰ সংঘাতত নায়কে প্ৰেয়সীকো হেৰুৱাব লগাত পৰিছে | সকলো পিনৰ পৰাই নায়ক জৰ্জৰিত | এইখিনিতে ক্ষন্তেক ৰৈ গল্পকাৰে এটা কুটিল হাঁহি মাৰিলে | নায়কৰ দুখত যেন তেওঁ ম্ৰিয়মান হোৱা নাই | গল্পটোৰ বিধাতা তেওঁ |গল্পকাৰে উভতি চালে তেওঁৰ কলেজীয়া জীৱনলৈ|কলেজত পঢ়ি থকা অৱস্থাতে তেওঁৰ দেউতাক ঢুকাইছিল | মাক হৈ পৰিছিল অসুখীয়া |গাভৰু ভনীয়েকৰ চিন্তাই তেওঁক খুলি খুলি খাইছিল | এমুখ দাড়ি ভৰ্তি মুখেৰে গল্পকাৰ হৈ পৰিছিল এক দুখলগা চৰিত্ৰ |মানসিক শান্তি বিচাৰি তেওঁ হেৰাই গৈছিল জনসমুদ্ৰৰ মাজত | প্ৰত্যাৱৰ্তন কৰিছিল এক শক্তিশালী ৰূপত | ধন-জন বাহুবলেৰে তেওঁ বলীয়ান হৈ পৰিছিল |অপৰাধ জগতৰ নিৰ্মম হাত তেওঁৰ মূৰৰ ওপৰত আছিল | আজি হঠাতে তেওঁ যেন ছন্দ ঘূৰাই পাইছে | ওঁঠত এটা বিদ্ৰুপৰ হাঁহি লৈ গল্পকাৰে গল্পটোৰ নায়কৰ মাজত নিজকে বিচাৰিছে | বিশ্লেষণ কৰিছে নিজক | ওঁঠত থকা  চিগাৰেটৰ ধোঁৱাবোৰ ফেনৰ বতাহৰ লগত বিলীন হৈ গৈছে|আধাভৰ্ত্তি মদৰ গিলাচটো তেওঁৰ আনখন হাতত | তেওঁ যেন ভাবি পোৱা নাই নায়কজনৰ শেষ পৰিণতি কি হ’ব | টেবুল লাইটৰ পোহৰত খুব স্পষ্টকৈয়ে দেখা গৈছে গল্পকাৰৰ ঘাম ভৰ্তি মুখখন | হঠাতে কলমৰ সাঁফৰটো তেওঁ বন্ধ কৰিলে আৰু টেবুলৰ ডেৰেজৰ পৰা উলিয়াই ল’লে গুলী ভৰ্তি পিস্তলটো |

 

(৭)

” ভ্গা কাঁচৰ টুকুৰা ” (ৰচনাকাল – ১১ মে’ ২০১১)

দুপৰীয়া অফিচৰ পৰা চাৰিআলিৰ চাহৰ দোকানখনলৈ সদায়ে মই চাহ খাবলৈ যাওঁ |আজিও তাৰ ব্যতিক্ৰম হোৱা নাই | চাহ খাবলৈ আজিও গ’লোঁ সেই বিশেষ হোটেলখনলৈ|

– দাদা, চাহৰ লগত নিমকি খাবনে ?

– দিয়া আকৌ, তোমালোকৰ স্পেচিয়েল নিমকি |

নিমকিৰে সৈতে চাহৰ গিলাচত চুমুক দিছোঁ মাত্ৰ , তিনিজন বিচিত্ৰ বেশভূষাৰে যুৱক, ওহোঃ যুৱক ঠিক নহয় চেমনীয়াৰ অলপ ওপৰ খাপৰ ল’ৰা আহি মোৰ পৰা অলপ আঁতৰৰ টেবুলখনত বহিল হি | টুকুৰা টুকুৰকৈ সিহঁতে পতা কথাবোৰ আহি মোৰ কাণত পৰিছেহি |

– আজি বুঢ়াই পইচা নিদিলে বে |

– সুধিবিচোন তহঁতৰ বুঢ়াক | ইমান টকা সাঁচি কি কৰিব ? লাষ্টততো তোৰেই হ’ব |

– নকবি বে | তিতা লাগি গৈছে আৰু | বুঢ়া-বুঢ়ীক কৈ দিছোঁ মোৰ লাইফত দখল নিদিবলৈ |

অসংলগ্ন কথাবোৰ মোৰ কাণলৈ আহি আছে |

– বুজিছ লাইফ হ’ব লাগে এই কাচঁৰ গিলাচটোৰ নিচিনা | টাফ | হাৰ্ড | এইবুলি এজনে চাহখোৱা গিলাচটোলৈ আঙুলিয়াই দিলে |

– চা | এই গিলাচটোত ক’ত জনে চাহ খায় | কিমানবাৰ এই গিলাচটো ধোৱা হ্য় | কেইটানো এনে গিলাচ ভাঙে ? ভ্ঙা দেখিছ কেতিয়াবা ? চা , এইটো মই হাতেৰে দলিয়াই দিলেও নাভাগে | এইবুলি কথা কৈ থকা ল’ৰাজনে গিলাচটো হাতেৰে মাটিত বগৰাই দিলে | গিলাচটো বাগৰি বাগৰি আহি মোৰ ভৰিৰ কাষ পালে | ল’ৰাকেইজন ইতিমধ্যে টেবুলৰ পৰা উঠি গৈছে | গিলাচটো মই হাতত তুলি ল’ব খোজোতেই ই দুটুকুৰা হৈ থাকিল |

 

(৮)

” মই ইয়াতে আছোঁ ” ( ৰচনাকাল – ২০ মে’ ২০১১ )

 

আবেলিৰ সময় | নৈখনৰ ইটো ঘাটত বহি মই বৰশী বাই আছোঁ | হঠাতে কাষৰ জোপোহাৰ আঁৰৰ পৰা পানীত কিবা এটা পৰা যেন লাগিল | মই বিশেষ মন নিদি পুনৰ বৰশীৰ পুঙাটোলৈ চালোঁ | তাৰে ঠিক পিছতে দূৰৰ পৰা এদল মানুহৰ হৈ-হাল্লা শুনিবলৈ পালোঁ | মানুহখিনি আহি মোৰ কাষ পালেহি |

– অই নয়ন, তই বৰশী বাই আছ ? নদীৰ পানীত কোন পৰিল গম পাইছ ?

– কোন নো ? মইতো দেখা নাপালোঁ |

– এ আমাৰ নন্দ বায়নৰ পুতেক | ঘৰৰ পৰা পলাই আহিছিল অ’ | বাপেকে তালৈ ছোৱালী চাই আছিল | পিছে সি ক’লে যে যদি সি মনে বিচৰাজনীৰ সৈতে সংসাৰ কৰিব নাপায় তেন্তে এই নদীৰ পানীতে জাপ দি মৰিব |বাপেকৰো কিবা ফাই উঠিল | পুতেকক ধৰি উৰাই-ঘূৰাই পিটিব ধৰিলে | এপাকত বাপেকৰ হাতৰ পৰা এৰা দি সি নদীৰ পাৰলৈ দৌৰ দিলে | আমিবোৰে বাপেক-পুতেকৰ কাজিয়া চাই আছিলোঁ |পিছে পিছে আমিও দিলোঁ দৌৰ | পিছে সি যিটোহে বতাহৰ বেগত দৌৰ দিলে আমি তৰ্কিবই নোৱাৰিলোঁ আৰু আহি তাক নাপালোঁ হি |

এনেতে নন্দ বায়ন নদীৰ ঘাটলৈ আহি ৰাউচি জুৰি কান্দিবলৈ ধৰিলে |

– হেৰৌ চন্দ্ৰ , (বায়নৰ পুতেকৰ নাম) আগতে নো নক’লি কিয় ? এনেকৈ আওমৰণে মৰিব লাগেনে ? তই যাকে বিচাৰ তাইকে তোলৈ আনিলোঁ হয় !ঘৈণীয়েকেও আহি বায়নৰ লগত ৰাউচি জুৰিবলৈ ধৰিলে |

কাষৰ জোপোহাখিনি যেন অলপ লৰ-চৰ হ’ল | জোপোহাৰ আঁৰৰ পৰা চন্দ্ৰ ওলাই আহিল |

– হেঃ মই ইয়াতে আছোঁ | পানীখিনি দেখি জাপ মৰাৰ সাহসেই নহ’ল |

– তেন্তে পানীত সেয়া কি পৰিছিল? – মই সুধিলো |

– সেয়া ৰজত ভিনদেউৱে আমাৰ ঘৰলৈ অনা পিঠাগুড়িৰ টোপোলাটোহে আছিল | দৌৰৰ কোবত সেইটো কেনেকৈ মোৰ হাতত আহিল ক’বই নোৱাৰিলোঁ |

 

(৯)

” মুদ্ৰাদোষ ” (ৰচনাকাল – ৫ মে’ ২০১১ )

 

বৰুৱাৰ আজি ব্যস্ততাৰ সীমা নাই | আজি তেওঁৰ একমাত্ৰ জীয়েক সীমাৰ বিয়া| বৰুৱানী ঢুকুৱা কেইবাবছৰো হ’ল | জীয়েকৰ মৰমতে বৰুৱাই দুনাই বিয়াও নকৰালে| বহুতে উপদেশ দিছিল | আন কিছুমানে ছোৱালীও যাচিছিল | নাই , বৰুৱাৰ এক কথা | “বিয়া নকৰাওঁ “| তাতে কিছুমানৰ ঠাট্টা | “চাওঁচোন , কিমানদিন অকলে থাকে ?” এনেকৈ কোৱাৰ কাৰণ আছে | কলেজীয়া দিনত বৰুৱা আছিল সাংঘাটিক গ্লেমাৰাছ | সোঁৱে- বাঁৱে অসংখ্য ল’ৰা-ছোৱালীয়ে তেওঁক জুমুৰি মাৰি ধৰিছিল | ধনৰ অভাৱ নাছিল তেওঁৰ | যি কি নহওক , কিবা এটা চিন্তা কৰিয়েই বৰুৱাই দুনাই বিয়া নকৰালে |

জীয়েক সীমাই ঘনে ঘনে মাকৰ ফ’টো খনলৈ চাই সেৱা কৰিছে | বৰুৱাৰোঁ দুচকু সেমেকি উঠিছে | এনেতে খোৱাৰ সময় আহিল | আজিকালিৰ বুফে চিষ্টেমৰ দৰে কাৰবাৰ তেওঁ কৰা নাই | বেঞ্চ-ডেস্ক পাৰি অভ্যাগতসকলক খাবলৈ মাতিছে| বিয়ালৈ ময়ো আহিছোঁ | পিঠিয়া-পিঠিকৈ মানুহবোৰ শাৰী পাতি বহিছে | মোৰ পিছফালে বহিছে কেইগৰাকী মান মহিলা | কথা পকাই পকাই খোৱা আৰম্ভ কৰিছে| এনেতে শুনিলো – এগৰাকীয়ে কৈছে –

– চাওঁকচোন ,আজি জীয়েকৰ বিয়াৰ দিনানো বৰুৱাই এনে কৰিব লাগে নে ?

– কিনো কৰিলে ?

– দেখা নাই ? মোলৈ চাই চকু টিপিয়াই আছে |

– অ’তো ,কি হ’ল তেওঁৰ ?

– বুঢ়া বয়সত পৰকিতি লৰিছে নেকি ?

তেওঁলোকৰ কথা শুনি মই পিছলৈ ঘুৰি চালো | দেখিলো বৰুৱাই পাণ-তামোলৰ বঁটা এখন লৈ মহিলা দুগৰাকীৰ ঠিক সমূখত কিছু আঁতৰত থিয় দি আছে | মহিলা দুগৰাকীৰ কথা সঁচা | বৰুৱাই চকু টিপিয়াই আছে | মই লগে লগে বুজি পালোঁ বৰুৱাৰ চকু টিপিওৱাৰ কাৰণ | মই উভটি মহিলা দুগৰাকীক ক’লোঁ –

– বুজিছে বৰুৱাৰ সেয়া মুদ্ৰাদোষ | জানি-বুজি কৰা নাই |

– আপুনিনো কোন?

– মই তেওঁৰ জীয়েকৰ কলেজৰ অধক্ষ্যা |এনে অভিজ্ঞতা মোৰোঁ আগতে হৈছে |

 

(১০)

” বিষয় গম্ভীৰ – মাৰ্ডাৰ কেছ ” ( ৰচনাকাল – ২৩ জুন ২০১১ )

 

দাস দাৰ হোটেলখনত বহি চাহৰ গিলাছটোত চুমুক দিছোঁ | এই সময়খিনিত দাদাৰ হোটেলত বহু মানুহৰ ভিৰ হ্য় | চাহখিনি শেষ হোৱাৰ পিছত টেবুলখনত এনেয়ে তবলা বজালোঁ |ঠিক সেই সময়তে আহি মোৰ সমুখত ওলাল ৰমেন |

– অই চিগাৰেট এটা খুওৱা |

-এটাই আছে মোৰ লগত | লাগিব মোক পিছত | তাতকৈ চাহ খা | এই বুলি পোৱালিক চিঞৰিলো | পোৱালিয়ে আহি চাহৰ গিলাছ এটা ৰমেনৰ সমুখত দি থৈ গ’ল | ৰমেনে পোৱালিলৈ চাই দাস দাক উদ্দ্যেশি ক’লে – দাদা , ইয়াৰ হাফপেন্ট টো সলাই দিব চোন | কি লেতেৰা হৈছে ! দাস দাই মিছিকিয়া হাঁহি এটা মাৰিলে |মই ক’লো – বাজে কথা এৰ | ক’চোন দোকান এৰি থৈ মোৰ কাষলৈ আহিলি যে !

– অ’ তোৰ কাষলৈ অহাৰ কাৰণ আছে | তই তো বেকাৰ বহি আছ | তইয়েই মোক হেল্প কৰিব পাৰিবি |

– গজেন মাষ্টৰৰ বেটা বেকাৰ নহয় বুজিছ ?কামৰ মানুহ | ক’চোন কি হেল্প কৰিব লাগে |

– বুজিছ , বহু ধৈৰ্য ধৰিলোঁ | এইবাৰ মাৰ্ডাৰত নামিম | অ’পেন মাৰ্ডাৰ |নহ’লে নহ’ব আৰু !

– এই চুপ চুপ | ইমান চিঞৰিছ কিয় | মানুহে শুনিলে দুয়ো জেললৈ যাব লাগিব|

চেপা মাতেৰে ৰমেনে মোক ক’লে – তই মোৰ দোকানলৈ ব’ল | সিহঁতকেইটা তাত ৰৈয়েই আছে | অস্ত্ৰপাত মই লৈয়েই আহিছো |

– ৰ’চোন | তোৰ ইটো পদ্ধতি কি হ’ল ?

– নাই নহ’ব | লাভ নাই | ব’ল তই মোৰ লগত | এইবাৰ ডাইৰেক্ট কৰিম|

ৰমেনে মোক প্ৰায় হাতত ধৰিয়েই তাৰ গেলামাল দোকানখনলৈ লৈ গ’ল | লাহেকৈ সি দোকানৰ দুৱাৰখন খুলিলে |হয় , তাত অসংখ্য নিগনিয়ে চাউল-দাইলৰ বস্তাৰ ওপৰত কিলবিলাই আছে |

– দেখিলি ? ঔষধে কামেই নকৰে | ল’ অস্ত্ৰপাত আৰু কামত লাগি যা |এইবুলি ৰমেনে প্লাষ্টিকৰ মোনা এটাৰ পৰা লেডিজ ছাতিৰ নাল এডাল উলিয়াই মোৰ হাতত দিলে | তাৰ হাততো অনুৰূপ লেডিজ ছাতিৰ নাল এডাল |দুয়ো পূৰ্ণোদমে লাগি গ’লো নিগনি নিধন যজ্ঞত | পিছে সাৱধান … মেনকা গান্ধীয়ে গম পালে বিপদ আছে |

 

 

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক