দহন (ৰক্তিম শৰ্মা)

ractim
শিলবোৰো জ্বলে
প্ৰাত্যহিক যন্ত্ৰনাত দহি দহি
অঙঠাহৈ জ্বলি থাকে শিলৰ বুকু
যিদৰে আঁতৰৰ ঘৰবোৰত কুকুহা উৰে
নিঃসাৰ সন্ধিয়াৰ বুকু ছাটি ফুটি কৰে ।
ওৰে নিশা জাগি থাকে হাবি
সেউজীয়া দুৱৰিৰ চকুৰ টোপালবোৰ ৰ’দলৈ বাট চাই মৰে ।
আঘোণৰ পকা ৰ’দত
শিলবোৰ সুৰ হোৱাৰ কথা আছিল
শিলনিৰ বুকুত জোৱাৰ তুলি
বৈ যোৱা কথা আছিল মৰা নিজৰাৰ সুতি ।
ৰাতিৰ হেলোজেনবোৰ বুকুত সাবটি
গাওঁবোৰ মৰি আহে
মৰি আহে পথাৰ আৰু নৈপৰীয়া গোন্ধ
তথাপি শিলবোৰ নমৰে
ৰূপান্তৰ নহয় বালিচন্দালৈ
বুকুত জুইকুৰা লৈ লৈ
আজীৱন দহি মৰে শিল
আৰু শিলৰ দৰে মানুহ ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক