দাদা, অলপ সহায় কৰক (দেৱপ্ৰতিম হাজৰিকা)

দাদা, অলপ সহায় কৰক

 

ভাড়া লৈ থকা সৰু কোঠাটোত মই আৰু বাল্যবন্ধু প্ৰীতম একেলগে থাকোঁ। আমাৰ কোঠাটো চহৰৰ পৰা কিছু নিলগত, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত্বত। আমাৰ পৰীক্ষা চলি আছিল। মোৰ সাধাৰণতে ৰাতি দেৰিলৈ পঢ়াৰ অভ্যাস আছে। দিনত পঢ়িব নোৱাৰোঁ। আনহাতে প্ৰীতম তাৰ সম্পূৰ্ণ ওলোটা। সি ৰাতিপুৱা সোনকালে শুই উঠি পঢ়া মানুহ। সেই যে বাক্যশাৰী ‘Early to bed, early to rise’ সম্পূৰ্ণৰূপে মানি চলিছিল।

জুন মাহৰ এটা অতিপাত গৰম ৰাতি। সেইদিনাও মই ৰাতি দেৰিলৈ পঢ়ি আছিলোঁ। ৰাতি দুইমান বাজিছিল, একে ঠাইতে বহুদেৰি বহি থকাৰ বাবে ভৰিকেইটা জঠৰ লাগিছিল। তাতে যিহে গৰম। এনে গৰমত সাধাৰণতে মই দুৱাৰখন খুলিয়েই পঢ়োঁ, যাতে অলপ বতাহ সোমাই আহে কোঠাটোলৈ। প্ৰীতমলৈ চালোঁ, টোপনিত লালকাল সি। মবাইলটো পিটিকিলোঁ অলপ। আকৌ পঢ়িবলৈ কিতাপখনলৈ চকু দিবলৈ যাওঁতেই দেখিলো মোৰ পঢ়া টেবুলৰ ওচৰতে ৰৈ আছে ৫-৬ বছৰৰ এজনী অকণমানি ছোৱালী। মোৰ যেন চুলিৰ আগেৰে জীৱ উৰি গ’ল। মূৰটো কিবা ঘূৰোৱাৰ দৰে লাগিল। মোৰ কোঠাত এই ছোৱালীজনী ক’ৰপৰা আহিল? ভয় লাগিছিল, তাইলৈ চাইছিলোঁ, এক অদ্ভুত চাৱনিৰে মোলৈ চাই আছিল। মই চিঞৰিব খুজিলোঁ, কিন্তু মুখেৰে একো মাত নোলাল।

-“দাদা মোক অলপ সহায় কৰক?”

মনত অলপ সাহস গোটাই ক’লোঁ—“ক..কি লাগে তোক?”

-“মোক ঘাইপথটো পাৰ কৰি ইটো পাৰে থৈ আহক।”

ছোৱালীজনীলৈ চালোঁ। পিন্ধনত মলিয়ন কাপোৰ। চেহেৰাই যেন কৈ আছে বহুদিন একো খাবলৈ পোৱা নাই। দুৱাৰখনলৈ চালোঁ, তেতিয়াও খোলা আছিল। ভাবিলোঁ কোন ঘৰত অকণমানি ছোৱালী এজনীক এনেদৰে ৰাতি অকলে এৰি দিব। কিন্তু তাইৰ সাজ-পাৰ চাই ভাবিলোঁ কিজানি তাইৰ ঘৰ নাইয়ে বা, বা বেলেগ কিবাও হ’ব পাৰে, নে তাই কোনো অশৰীৰি আত্মা। নানা ধৰণৰ প্ৰশ্নই মোৰ মগজত ক্ৰিয়া কৰিবলৈ ধৰিলে। আকৌ অলপ সাহস গোটাই ক’লো,—“তই বাহিৰত ৰ, মই আহি আছোঁ।”

তাইক বাহিৰলৈ উলিয়াই দুৱাৰখন বন্ধ কৰি দিলোঁ। ৰক্ষা বুলি ভবি বিচনাত বহি পৰিলোঁ। নানা কথা ভাবিবলৈ ধৰিলোঁ। তেনেতে তাই বাহিৰত কান্দিবলৈ ধৰিলে। কান্দি কান্দি তাই বাহিৰৰ পৰাই ক’লে,

-“দাদা মোক সিপাৰে থৈ আহক। সিপাৰে মোৰ যাবলৈ ভয় লাগে। তাত কিবা এটা আছে আমাৰ ঘৰৰ ওপৰত। মোৰ কাৰণে ৰৈ আছে।”

-“তই নিজে যা। মই নোৱাৰোঁ যাবলৈ।”

তাইৰ কান্দোন বেছি হ’বলৈ ধৰিলে। তাইৰ কান্দোন শুনি প্ৰীতমে সাৰ পালে। মোক সুধিলে কি হ’ল, কোনে কান্দি আছে। মই তাক সকলো বিৱৰি ক’লোঁ। সি ক’লে,—-“সৰু ছোৱালী এজনীয়ে কান্দি আছে আৰু তই ইয়াত বহি আছ। সহায় এটা কৰি দিলে কিনো যায়। মই তাইক থৈ আহিমগৈ।”

দৰদী মনৰ প্ৰীতমৰ এনে কথা শুনি মোক খং উঠিল।

-“আৰে প্ৰীতম, তই বলিয়া নেকি? কোন ঘৰৰ সৰু ছোৱালী এজনীয়ে ৰাতি দুটা বজাত বাহিৰত ঘূৰি ফুৰিব?”

কিন্তু সি মোৰ কোনো কথাই নুশুনিলে। বাহিৰলৈ ওলাই ছোৱালীজনীক লৈ ৰাস্তাৰ সিপাৰলৈ যাবলৈ ধৰিলে। প্ৰীতমলৈ খং উঠিল। লগতে অলপ ভয়ো খালোঁ।

বহুপৰ হ’ল প্ৰীতম ঘূৰি নহাৰ। মোৰ চিন্তা হ’বলৈ ধৰিলে। মানুহ দৰদী হ’ব লাগে, কিন্তু ইমান দৰদী হোৱাও ভাল নহয়। মনত সাহস গোটাই ওলাই গ’লোঁ কোঠাটোৰপৰা।

ৰাস্তাৰ সিপাৰে দেখিলো প্ৰীতম ৰৈ থকা। তাৰ লগত ছোৱালীজনী নাছিল।

-“প্ৰীতম, ইয়াত কি কৰি আছ? অহা নাই কিয় কোঠালৈ?”

সি মোৰ কথাৰ একো উত্তৰ নিদি মাথোঁ হাঁহিলে। এক অদ্ভুত হাঁহি। একো বুজিব নোৱাৰিলোঁ মই। তাৰ হাতত ধৰি কোঠাৰফালে আগবাঢ়িলোঁ। তাৰ মুখত একো ভাৱ নাছিল, যেন এটা ৰবটহে। তেনেতে পিছফালে কোনোবা অহা যেন লাগিল। পিছলৈ ঘূৰি চাই দেখিলোঁ সেই ছোৱালীজনী আকৌ আহি আছে।

-“দাদা, নাযাব মোক অকলে এৰি থৈ। ইয়াত বৰ ভয় লাগে মোৰ।”

খোজৰ গতি বঢ়াবলৈ ধৰিলোঁ। শেষত দৌৰিবলৈ ধৰিলোঁ,

-“প্ৰীতম দৌৰ।”

মই কোঠাত প্ৰৱেশ কৰিলোঁ। কিন্তু মোৰ লগত প্ৰীতম নাছিল। সি তাতে থাকি গৈছিল। চিন্তা বাঢ়িবলৈ ধৰিছিল। চাৰি বাজিছিল তেতিয়া। বাহিৰলৈ ওলাই আহিলোঁ আকৌ। এজন মানুহক দেখিলোঁ। সম্ভবতঃ প্ৰাতঃভ্ৰমণ কৰিবলৈ আহিছিল। মানুহজনৰ ওচৰ চাপি গ’লোঁ,—-“দাদা শুনকছোন।” তেওঁক সকলো কথা ক’লোঁ। তেওঁ মোক সেই ঠাইডোখৰলৈ লৈ যাবলৈ ক’লে। আকৌ সেই স্থানত উপস্থিত হ’লোঁ। কিন্তু প্ৰীতমৰ কোনো দেখা-দেখি নাছিল। তেনেতে এটা শৰীৰ মোৰ ফালে আহি থকা দেখিলোঁ। সেয়া দেখোন প্ৰীতম আছিল। তাক দেখা পাই মনটো আনন্দেৰে ভৰি পৰিছিল।

-“প্ৰীতম ক’ত গুছি গৈছিলি?”

-“ৰাজ, সহায় এটা লাগে। সেই ঘৰটোলৈ যাব লাগে। বিপদত পাৰিছোঁ মই। তাত কিবা এটা আছে। তাত সৰু ছোৱালীজনী আৱদ্ধ হৈ আছে।”

-“কি কথা কৈছ? ব’ল কোঠালৈ ব’ল।”

তাৰ মুখখন কঠোৰ হ’বলৈ ধৰিছিল। তাৰ সেই ৰূপ কেতিয়াও দেখা নাছিলোঁ। মই তাৰপৰা যোৱাই ভাল বুলি ভাবি কোঠাৰ ফালে যাবলৈ উদ্যত হ’লোঁ। কিন্তু এইয়া কি? মোৰ লগত অহা মানুহজনে মোৰ ফালে একেথৰে চাই আছিল। একে অদ্ভুত মাতেৰে মোক ক’বলৈ ধৰিলে,—-“সেই ঘৰটোলৈ ব’ল। নহ’লে আমি তোক জোৰকৈ নিব লাগিব। যেনেদৰে তোৰ বন্ধুক জোৰ কৰি নিব লগা হ’ল।”

মানুহজনে মোক মাটিত পৰি থকা নিথৰ মুণ্ডহীন শৰীৰ এটালৈ আঙুলিয়াই দিলে। তেনেতে দেখিলোঁ সেই ছোৱালীজনীয়ে এটা মূৰ হাতত লৈ মোৰ ফালে আহি আছে। মূৰটো আন কাৰো নাছিল, মোৰ অতি আপোন বন্ধু প্ৰীতমৰ আছিল। অলপ আগতে দেখা প্ৰীতমক তেতিয়া দেখা পোৱা নাছিলোঁ। ছোৱালীজনী মোৰ ওচৰলৈ আহি ক’লে,—-“দাদা, মোক অলপ সহায় কৰি দিব নেকি?”

মোৰ মূৰটো আচন্দ্ৰাই কৰা যেন লাগিল। লাহে লাহে মাটিত ঢলি পৰিলোঁ।

 

(এজন বন্ধুৱে কোৱা কাহিনী এটাৰ অনুপ্ৰেৰণাত।)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক