দাপোণত কাৰ মুখ (অনামিকা বৰুৱা)

দাপোণত কাৰ মুখ

(১)

……বহি থকাৰ পৰাই পোনপটীয়াকৈ চাই পঠিয়ালো তাইলৈ। ছোৱালীজনী সঁচাই ধুনীয়া। গাৰ ৰং উজ্জ্বল বগা। হাত দুখন লাহী। বাওঁহাতত এটা ঘড়ী পিন্ধিছে। সোঁহাতত খাৰু এপাট। সোণৰো হ’ব পাৰে বা ইমিটেচনো হ’ব পাৰে। কাণত সৰু টপ এজোৰ। এদলীয়াকৈ বেণী গুঁঠা দীঘল চুলিকোচা কঁকালৰ ওপৰত নাচি আছে। টেবুলৰ ফাইলকেইটা টানি-মেলি জাপি যাওঁতে বেণীদালে অবাধ্য হৈ যেন তাইক জোকাইছে। পিন্ধনত তেনেই সাধাৰণ যেন লগা হালধীয়া চুৰিদাৰ এজোৰ। কিন্তু হালধীয়া ৰংটোৱে যেন তাইক আৰু তুলিহে ধৰিছে। তলমূৰকৈ কাম কৰি থকা ছোৱালীজনীৰ সম্পূৰ্ণ মুখখন দেখাৰ কোনো সুবিধা নাই। মোৰ বহা ঠাইৰপৰা তাইৰ এটা ফালহে চকুত পৰিছে। গালখন নিমজ। ক’তো ফুট এটা নাই। প্ৰয়োজনতকৈ অলপ বেছি মনোযোগ দি চালো তাইলৈ। ভাবি অবাক লাগিছে ছোৱালী বুলিলেই চিকাৰী কুকুৰৰ দৰে উশাহটো টানিয়েই কেঁচা মাংসৰ গোন্ধ পোৱা মই যোৱা তিনিমাহে কেনেকৈ এই ছোবালীজনীক উপেক্ষা কৰি থাকিলো। কালি ঝৰ্ণাৰ ঠাইত আন কোনোবা হোৱা হ’লে লাজেই পালোহেঁতেন নিজৰ তলতীয়া কৰ্মচাৰীক চিনি নোপোৱাৰ বাবে। তাতোকৈ ডাঙৰ কথা ইমান ধুনিয়া ছোৱালী এজনী এৰাই চলিব পাৰিলো মই! বুৰ্বক যেন লাগিল নিজকে। টাইপিষ্ট কনক ফুকনৰ হঠাৎ ষ্ট্ৰ’ক হোৱাত খুব ততাতৈয়াকৈ টাইপিষ্টৰ পদটো পূৰণ কৰা হৈছিল। প্ৰাৰ্থীৰ বাচনিৰ সময়ত মই নাছিলো যদিও কোনোবা ছোৱালী এজনীয়ে কামত জইন কৰাৰ কথা গম পাইছিলো। বিভাগীয় প্ৰশিক্ষণ শেষ কৰি আহিও মই ছোৱালীজনীক সিমান গুৰুত্ব দিয়া নাছিলো। কাৰণ ইতিমধ্যে কাণত পৰিছিল ছোৱালীজনী কিবা বেহেনজী টাইপৰ বুলি। বেকৱাৰ্দ গাঁৱলীয়া বুলি। মই আছিলো চহৰত ডাঙৰ দীঘল হোৱা সম্ভ্ৰান্ত পৰিয়ালৰ গপ-ভেমেৰে পৰিপূৰ্ণ আজিৰ দিনৰ আধুনিক যুৱক। মোৰ তেজত বৈ আছিল আভিজাত্যৰ অহমিকা। বিলাস-বিনোদন-পাৰ্টি এইবোৰ মোৰ জীৱনৰ এৰাব নোৱাৰা অংগ। খাৱ-পিয়’ মৌজ কৰ’ এইয়াই মোৰ জীৱনৰ অৰ্থ। ছোৱালী বুলি ক’লে মোৰ বাবে কামনাৰ সংগীৰ বাদে আন একো নহয়। আৰু এই ছোৱালীবোৰৰ কি মূল্য আছে? দুখনমান দামী শাড়ী, দুপদমান দামী গহণা পালেই পলকতে খহাই পেলাব পাৰে গাৰ কাপোৰ। কত কুমাৰীৰ কুমাৰীত্ব হৰণ কৰিলো, কত জীয়ৰী-বোৱাৰীক অংকশায়িনী কৰিলো মোৰ নিজৰেই হিচাপ নাই। সেইহেন মোৰ সন্মুখত এইৰ দৰে অতীব সুন্দৰী এজনী উপেক্ষিত হৈ ৰৈছে সজম কৰিব নোৱাৰা কথা। ধিক্কাৰ দিলো নিজকে।
…..পুনৰ চালো তাইলৈ। এইবাৰ বহি পৰিছে তাই। বহুপৰ থিয় হৈ থাকি তাইৰ চাগে অলপ ভাগৰ লাগিছিল। চকীখনত বহিয়েই মূৰটো পাছলৈ সলাই দিলে তাই। দুপাত্তাখন বাওঁ কান্ধত লৈ থকাৰ কাৰণে তাইৰ উঠন বুকুখন একাষেদি জিলিকি উঠিল। তাকে দেখি মোৰ মনটো লকলকাই উঠিল। কিজানি কাৰো হাতৰ পৰশ পৰাই নাই এই বুকুত। পূৰঠ আটিল বুকুখন। তাইক কেন্দ্ৰ কৰিয়েই মোৰ কল্পনাৰ ঘোঁৰাই ধাপলি মেলিলে। এখন তীব্ৰ ৰঙা শাড়ীৰে চকুতলগা হৈ আহিছে তাই। নাভীৰ ভালেখিনি তলত পিন্ধিছে শাড়ীখন। ব্লাউজ আৰু শাড়ীৰ খোচনিৰ মাজৰ খালি ঠাইখিনি লোভলগাকৈ মোহনীয় হৈ পৰিছে। পাতল মেলিলোৱা আঁচলখনে তাইৰ উতলা যৌৱনক আবৰি ৰাখিব পৰা নাই। মেলা চুলিখিনিৰ দুডালমানে তাইৰ গোল মুখখনত আল্পনা আঁকিছে। ৰিবৰিবকৈ বলা বতাহজাকে যেন উৰুৱাই নিব খুজিছে তাইৰ শৰীৰৰ সমস্ত অৱসাদ। তাইৰ মাদকতাৰ মাতাল নিচাত মই চপাই আনিছো তাইক কাষলৈ। তাই সন্তৰ্পনে ধৰা দিও যেন ধৰা দিব খোজা নাই মোৰ হাতত। মই কিছু হিংস্ৰ হৈয়ে থাপ ধৰি আঁজুৰি দলিয়াই দিছো তাইৰ শুভ্ৰ শৰীৰ জিলিকাই ৰখা ৰঙা শাড়ীখন। ক্ষুধাৰ হাঁতোৰা মেলি এটা এটাকৈ খুলিছো ব্লাউজৰ বুটাম। ৰঙা অন্তৰ্বাসেৰে আবৰি ৰখা তাইৰ মঙহাল বুকুৰ উপত্যকাত মুখ দিব খোজোতেই দুৱাৰত খুঁতকৈ শব্দ এটা হোৱাত মোৰ কল্পনাৰ আঁতদাল ছিঙি গ’ল। হাতত ফাইল দুটামান লৈ ৰমেন কাই সোমাই আহিল। চেপা উত্তেজনাত কঁপি উঠিল মোৰ সৰ্ব শৰীৰ। উত্তেজনা ঢাকিবলৈকে চিগাৰেট এটা জ্বলাই ল’লো।
……কালি কেইবাদিনৰ মূৰত অকলে’ গাড়ীখন লৈ ওলাই গৈছিলো বজাৰৰ ফালে। বিগ বজাৰৰ সন্মুখত ঝৰ্ণাক হাতত বেগ দুটামান লৈ ৰৈ থকা দেখি গাড়ীখন ৰখাই দিলো। দেখাত খুব সুন্দৰী নহ’লেও ঝৰ্ণাৰ শৰীৰটো আকৰ্ষণীয়। ইচ্ছা কৰিলে যিকোনো মুহূৰ্ততে ঝৰ্ণাক কাবু কৰি পেলাব পাৰোঁ। মোৰ প্ৰতি যে তাইৰ দুৰ্বলতা আছে নক’লেও গম পাওঁ। কিন্তু নতুনকৈ পোৱা তানিয়াৰ শৰীৰৰ গোন্ধে এতিয়াও মোক আছন্ন কৰি ৰখাৰ বাবে ঝৰ্ণাক অলপ এৰাই চলিছো। ডেপুটি কমিচনাৰৰ ছোৱালী তানিয়াৰ নিজৰ ৰূপ যৌৱনক লৈ অলপ অহংকাৰ আছিল। দেউতাক ডেপুটি কমিচনাৰ হোৱাৰ বাবে তাই গৰ্বও কৰিছিল। তাৰ বাবেই তাই অনেক যুৱকৰ প্ৰেম প্ৰত্যাখ্যান কৰিছিল। অনেকক কটু সমালোচনা কৰিছিল। তাইক এসেকা দিবৰ বাবেই আমাৰ মাজত এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈ গৈছিল। সচৰাচৰ হোৱাৰ দৰেই তানিয়া মোৰ ফান্দত পৰি গৈছিল। মোৰ সান্নিধ্যত কৰ্পূৰৰ দৰে উৰি গৈছিল তানিয়াৰ ৰূপ লাবন্যৰ অহংকাৰ। দেউতাকৰ প’জিচনক লৈ হোৱা গৰ্ব। তানিয়াক হাচিল কৰাৰ বাবদ মই এক জোৰদাৰ পাৰ্টি দিব লগীয়া হৈছিল। পুৰণা হৈ গৈছিল কথাবোৰ। তানিয়াৰ নিচাই আমুৱাইছিল মোক। সেয়ে ঝৰ্ণাক দেখি মনতে হিচাপ-নিকাচ কৰি পেলাইছিলো। ঝৰ্ণাই কি ডিমাণ্ড কৰিব পাৰে? এটা দামী মোবাইল? এটা গহণাৰ চেট? এটা অসমৰ বাহিৰলৈ যোৱাৰ ট্ৰিপ? নে আন কিবা? মনৰ মাজত হিচাপবোৰ পাগুলিয়েই গাড়ীত ব্ৰেক মাৰিছিলো।
: হাই ঝৰ্ণা। কি খবৰ? ধেৰ বজাৰ কৰিলা দেখোন! এনিথিং স্পেচিয়েল?
: অহ্ নাই এনেই। এইৰ লগত আহিছিলো। তাই ঘৰলৈ যাবতো। সেয়ে বজাৰ কৰিলে অলপ।
: এওঁ?
: কিয় তুমি চিনি পোৱা নাই? এই আকাশী আক’। আমাৰ নতুন টাইপিষ্ট।
: অ’ আচ্ছা মই চিনিয়েই পোৱা নাছিলো। বাই দি ৱে বজাৰ শেষ হ’ল নে? ক’লৈ যাবা এতিয়া? ব’লা একাপ কফি খাওঁ।
: আপুনি কফি খুৱাব? ক’ত খুৱাব?
: তুমি য’তেই খাম বুলি কোৱা। আঁহা বুলি দুৱাৰ মেলি দিছিলো ঝৰ্ণাহঁতলৈ। মেলা দুৱাৰেদি গাড়ীত বহিপৰা ঝৰ্ণাৰপৰা বেগকেইটা লৈ “তুমি যোৱা, মই নাযাওঁ” বুলি আকাশীয়ে সহজেই প্ৰত্যাখ্যান কৰিছিল মোৰ প্ৰস্তাৱ। বিস্মিত হোৱাৰ পাল মোৰ। বিক্ৰম বৰঠাকুৰক না কৰে! সপোনতো ভাবিব নোৱাৰা কথা এইয়া। অপ্ৰকাশিত ক্ৰোধত ৰঙা পৰি উঠিছিল চাগে মোৰ মুখমণ্ডল। ঝৰ্ণাই “প্লিজ, বিক্ৰম দা তাইক বাদ দিয়া। তাই একদমেই ফেমিলিয়াৰ নহয় জানা। মই যাম ব’লা তুমি য’লৈকে নিয়া” বুলি সোঁহাতখনেৰে মোৰ বাহুত মৃদু চাপ এটা দিছিল। ঝৰ্ণাৰ ইংগিত বুজি পূৰ্ণ দৃষ্টিৰে চাইছিলো আকাশীলৈ। বগা সাজেৰে এখন প্ৰসাধনবিহীন বুদ্ধিদীপ্ত মুখ। উজ্জ্বল চকুযুৰিৰ তীব্ৰ চাৱনি সহ্য কৰিব নোৱাৰি মই গাড়ী ষ্টাৰ্ট দিছিলো। প্ৰতিশোধৰ শীতল তেজ এসোঁতা বৈ গৈছিল মস্তিষ্কেৰে……

(২)

দিনবোৰ গৈ থাকিল দ্ৰুতগতিৰে। আকাশীক হাতলৈ অনাৰ কোনো সুবিধা পোৱা নাছিলো। অথবা মোৰ ক্ষমতা, দম্ভ, অহংকাৰ, পদমৰ্যদা একোৰেই প্ৰভাৱ পেলাব পৰা নাই তাইৰ ওপৰত। স্বল্পভাষী ছোৱালীজনী। প্ৰায়ে কামত নিমজ্জিত হৈ থাকে। কামবোৰো নিয়াৰিকৈ কৰে। এদিন ড্ৰাফ্ট এখন ভুলকৈ টাইপ মৰাৰ অজুহাতত মোৰ কোঠালৈ মাতি নি প্ৰয়োজনতকৈ কঠোৰ আৰু বেয়াকৈ ক’লো। মোৰ কথাৰ কোনো প্ৰত্যুত্তৰ নিদি তলমূৰকৈ ওলায় গ’ল তাই কোঠাৰ পৰা। তাইলৈ চাই তাচ্ছিল্যৰ হাঁহি এটা মাৰিলো। ইয়াত কাম কৰিবলৈ হ’লে মোৰ হাতৰ পুতলা হৈয়ে থাকিব লাগিব। কিছু সময়ৰ পাছত তাই নতুনকৈ টাইপ মাৰি আনিলে। এইবাৰ এটাও ভুল নাছিল। তথাপিও তাই ৰৈ আছিল মই কিবা কম নেকি বুলিয়েই চাগে।
: ছাৰ, এইবাৰ ঠিকে আছেনে?
: হাঁ অ ঠিকেই আছে।
: তেন্তে মই যাওঁ?
: অ’কে যোৱা।
দুৱাৰখন মেলি যাবলৈ লৈয়ো এখোজ উভতি আহিল তাই। মই প্ৰশ্নবোধক চাৱনিৰে চালো তাইলৈ।
: ছাৰ, মোৰ কোৱাৰ যোগ্যতা নাই যদিও কওঁ সম্ভৱ হ’লে অফিচত থকাৰ সময়ত চিগাৰেট নাখাব। অফিচো ৰাজহুৱা স্থানেই নহয় জানো? আপুনি জানে চাগে ৰাজহুৱা স্থানত চিগাৰেট-ধপাতজাতীয় মাদক দ্ৰব্য সেৱন কৰাটো অপৰাধ।
….অবাক হোৱাৰ পাল মোৰ। চাকৰি কালৰ কথা নালাগে মোৰ পাৰ হৈ যোৱা জীৱনত আজিলৈ এনে কোনো ওলোৱা নাই যিয়ে মোৰ কিবা কথা-কামত হস্তক্ষেপ কৰিব পাৰে। এই কোন? কি স্পৰ্ধা ছোৱালীজনীৰ! মোক এনেকৈ কোৱাৰ সাহস ক’ৰপৰা পালে? গম নোপোৱাকৈয়ে তাই মোৰ মগজুৰ কোণ এটা দখল কৰি বহিল। তাইক নিৰীক্ষণ কৰি থকাতো মোৰ যেন এক এৰাব নোৱাৰা কাম। অথচ তাইক দেখা পোৱাৰ লগে লগে মগজুত সহস্ৰ কীটাণুৱে যেন তাণ্ডৱ কৰে। এনে লাগে যেন মুহূৰ্ততে তাইক মষিমূৰ কৰি পাহৰণিৰ গৰ্ভলৈ ঠেলি দিম। গচকি-মোহাৰি নোহোৱা কৰি পেলাম তাইৰ অস্তিত্ব। অহৰহ পৰিকল্পনা কৰো তাইক কিদৰে মোৰ হাতৰ মুঠিলৈ আনিব পাৰো। কিন্তু তেনে কোনো সুৰুঙাই নোলায়। তাই সদায় সময়মতে অফিচলৈ আহে। কেতিয়াও ছুটি বিচাৰি বা কামৰ মাজত অতিৰিক্ত বিৰতি বিচাৰি মোৰ কাষ চপা নাই। কামতো তেনেকৈ ভুল ধৰিব লগা একো নাই। যাৰে-তাৰে লগত কথাৰ মহলা মাৰি কামৰ সময় নস্ট নকৰে। না কাৰোবালৈ ফোন কৰে না কাৰোবাৰ ফোন ৰিচিভ কৰে। মোবাইল লৈ পিটিকি থকাও নেদেখো। অত্যাধুনিক সাজ-সজ্জা বা প্ৰসাধনৰ পয়োভৰ কোনোদিনেই চকুত নপৰিল। সদায় সেই একেই সাধাৰণ সাজ-পোছাক কিন্তু পৰিপাটি। কি ছোৱালী এইজনী? তাইৰ কোনো কামনা-বাসনা নাই নেকি? কোনো সপোন? কোনো হেঁপাহ? তাইক লৈ হোৱা মোৰ সকলো কৌতুহ’ল নিজে নিজে নিস্তেজ হৈ আহিবলৈ লৈছিল। তথাপি তাইক লৈ মনত এটা উত্তজনা ৰৈ গৈছিল মোৰ অজানিতে। তেনেতে এদিন তাইৰ টেবুলৰ আশে-পাশে বাকী কৰ্মচাৰীসকলৰ ভিৰ দেখিলো। সকলোৱে হাঁহি মুখে কিবা কৈছে তাইক। তাইয়ো হাঁহি হাঁহিয়ে সকলোকে উত্তৰ দিছে। কিছু সময়ৰ পাছত প্ৰত্যেকৰে হাতত মিঠাইৰ প্লেট দেখি মোৰ বুজিবলৈ বাকী নাথাকিল নিশ্চয় তাইৰ বিয়াৰ খবৰ। কোনোবা ভাল ঘৰত তাইৰ সম্পৰ্ক ঠিক হৈছে আৰু সেই লৈ সকলোৱে তাইক অভিবাদন জনাইছে। অপ্ৰকাশিত আক্ৰোশত মোৰ মূৰটো জ্বলি উঠা যেন লাগিল। ক’লিং বেলটো বজাই দিলো জোৰেৰে। কলিং বেলৰ শব্দ শুনি আটাইবোৰ নিজ নিজ টেবুললৈ উভতি গ’ল। ৰমেন কায়ে খৰধৰকৈ আহি মোৰ টেবুলৰ কাষত থিয় দিলেহি। “কাম-বন বাদ দি মানুহবোৰে কিয় কথা চোবাই আছে” বুলি ধমক দিব লওঁতেই ৰমেন কায়ে চুচুক-চামাককৈ মোলৈকো মিঠাইৰ প্লেট এখন আগবঢাই দিলে। “এইবোৰ কি” বুলি চিঞৰি উঠিব লওঁতেই দুৱাৰ মেলি আকাশী সোমাই আহিল-
: ছ’ৰী ছাৰ, বেয়া নাপাব অনুমতি নোলোৱাকৈয়ে সোমাই আহিলো। আৰু এই মিঠাইৰ প্লেটখন ময়ে আপোনাক দিবলৈ কৈছিলো। ৰমেন কায়ে কৈছিল আপুনি আমাৰ দৰে সাধাৰণ কৰ্মচাৰীৰ সুখ-দুখ শ্বেয়াৰ নকৰে বুলি। কিন্তু মোৰ মনে নামানিলে। মোৰ ভাইটিয়ে সুখ্যাতিৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা পাছ কৰাৰ বাবে সকলোৱে মিঠাই খাওঁ বুলি কোৱাত মোৰো আনন্দ লাগিল। সেয়ে অলপ নিয়মৰ বাহিৰলৈ গ’লো।
: কংগ্ৰেচুলেচন। অফিচত মই ব্যক্তিগত আলোচনা-বিলোচনা বেয়া পাওঁ যদিও তোমাৰ ভাইটিৰ খৰবটো শুনি ভাল লাগিল। হ’ব বাৰু। তুমি যোৱা।
বিস্মৃত হ’লো। যিজনী ছোৱালীক দেখিলেই মোৰ মগজুৰ তাঁৰকেইদাল দাং খাই যায় তাইক ইমান সহজে মাফ কৰি দিলো। আচলতে আজিতো তাইক মই এই এটা ডাঙৰ ভুলৰ বাবেই শাস্ত দিব পাৰিলো হয়। তাইক ডিউতি আৱাৰ্চৰ বাহিৰেও অধিক সময় থাকিবলৈ বাধ্য কৰিব পাৰিলো হয়। সিদিনা তাই কৰা অপমানৰ পোতক তুলিব পাৰিলো হয়। তাকে নকৰি কৰিলো কি তাইক যাবলৈ ক’লো। কি আছে এই ছোৱালীজনীৰ মাজত? কিয় মই তাইক উপেক্ষা কৰিব পৰা নাই? যেতিয়াই তাইৰ কথা ভাবো মগজুত এক দংশন অনুভৱ কৰো। হাতৰ মুঠি টান হৈ আহে নিজে নিজে। অথচ তাই সম্পূৰ্ণ নিৰ্বিকাৰ মোক লৈ। ক্ষোভত মোৰ সৰ্বাংগত জুই জ্বলি উঠে। তাইক যেনে তেনে ধ্বংস কৰাৰ ইচ্ছাটো তীব্ৰ হৈ উঠে।

(৩)

: ছাৰ, সোমাব পাৰোনে?
: অ আকাশী, আঁহা। কিবা কাম আছিল?
: ছাৰ, আজি মই অলপ সোনকালে যাব পাৰোঁনে?
: হঠাৎ? কি কাম আছে? সোনকালে যাব লগা হ’লে আগতিয়াকৈ এপ্লিকেচন দিব লাগে বুলি নাজানা নেকি?
: জানো ছাৰ কিন্তু সোনকালে যাম বুলি ভবা নাছিলো। এতিয়াহে যাম বুলি ঠিক কৰিলো। যদি আপুনি অনুমতি দিয়ে?
: এনেকৈ যাবলৈ দিয়াৰ নিয়ম নাই যদিও তুমি আজি প্ৰথমবাৰৰ বাবে বিচাৰিছা বাবে যাবলৈ দিছো। কিন্তু কিয় ছুটি লাগে তোমাক? কোনোবা আহিব নেকি?
: নাঃ কোনো নাহে ছাৰ। মইহে যাম। মানে গ্ৰন্থমেলালৈ। আজি গ্ৰন্থমেলাৰ শেষ দিন। শেষৰ দিনা বিশেষ ৰেহাই দিয়ে বাবে মই সদায় শেষৰ দিনাই যাওঁ। কথাটো মই একদম পাহৰি আছিলো। অকস্মাত মনত পৰি গ’ল সেয়ে। নহ’লে আগতেই এপ্লিকেচন দিলো হয়।
: আচ্ছা সেইটো কথা। ঠিক আছে যোৱা বাৰু তেনেহ’লে।
: থেংক ইউ ছাৰ।
: আকাশী তুমি মোক এটা হেল্প কৰি দিব পাৰাচোন!
: কওক ছাৰ।
: তুমি কেনে ধৰণৰ কিতাপ পঢা? মানে গল্প, উপন্যাস, কবিতা, প্ৰৱন্ধ কি পঢি ভালপোৱা?
: মই কবিতা আৰু উপন্যাস পঢোঁ। কিয় সুধিলে?
: নহয় মানে মোৰ কাজিন এগৰাকীয়েও উপন্যাস পঢি খুব ভাল পায়। প্ৰচুৰ কিতাপ পঢে তাই। মোক যেতিয়াই তেতিয়াই ডিমাণ্ড দিয়ে। অহা সপ্তাহত তাইৰ বাৰ্থ দে আছে। মই যদি তাইলৈ উপন্যাসৰ টোপোলা এটা লৈ যাওঁ তাই নিশ্চয় ভাল পাব। কিন্তু মই নাজানো কোনজন লেখকৰ উপন্যাস ভাল। এইক্ষেত্ৰত তুমি মোক সহায় কৰিব পাৰিবা নেকি?
: নিশ্চয় পাৰিম ছাৰ। কিন্তু মই যে এতিয়াই যাম ছাৰ। আপোনাক কেনেকৈ সহায় কৰিম?
: পাৰিবা পাৰিবা ন’ টেনচন। তুমি যোৱা মই এই ফাইলকেইটা চাইন কৰিয়েই গৈ আছো। গাড়ী লৈ যাম যেতিয়া সোনকালেই পামগৈ। তুমি মাত্ৰ মোক ভাল কিতাপ দুখনমান বিচৰাত সহায় কৰি দিবা বচ।

(৪)

: বাঃ আকাশী বেলেগ আৰু দেই। আমাক দেখিলেহে নিৰ্জু হৈ থাকা। চব গম পাইছো ৰ’বা।
: কি গম পাইছা নীনা? কিয় ক’লা এনেকৈ?
: বেছি কৰিব নালাগে। চবেই গম পাইছে তুমি যে ছাৰৰ লগত মনে মনে বুক ফেয়াৰলৈ গৈছিলা। এনেই হ’লে কথাই নাপাতা। বুকফেয়াৰলৈ যাবলৈ কেনেকৈ ৰাজী কৰালা ছাৰক? মানিছো দেই তোমাক। চুপাৰুস্তম একেবাৰে। আমিহে ধৰিব নোৱাৰিলো।
: কি বাজে কথা কৈছা নীনা। গ্ৰন্থমেলালৈ মই অকলেই গৈছিলো। ছাৰে তাতে মোক লগ পায় তেওঁৰ আপোন কাৰোবালৈ উপন্যাস দুখনমান কিনাত মোক সহায় কৰি দিবলৈ ক’লে সিমানেই। সেইটো এনে কি ডাঙৰ কথা হ’ল তোমালোকে আলোচনা কৰিবৰ জোখাৰে?
: হ’ব দিয়া। কৈফিয়ত দিব নালাগে। আমি জানো কোন কিমান পানীৰ মাছ। মিছাতে গপ দেখুৱায় লাভ নাই।
মনে মনে থাকিল আকাশী। কি লাভ অবুজনবোৰৰ লগত তৰ্ক কৰি! ইহঁতৰ মানসিকতা এনেকুৱাই। তিলটোকে তাল কৰাই স্বভাৱ। দৰাচলতে মানুহে প্ৰত্যকটো কথা নিজৰ সুবিধা অনুসৰি বিবেচনা কৰে। মানুহৰ বৈশিষ্ট্য সেইটো। যিয়ে যি পৰিবেশত থাকে বা ডাঙৰ-দীঘল হয় তাৰ চিন্তাধাৰাও সেই অনুপাতে গঢ লয়। এচাম মানুহ আছে যি আনৰ কথা লৈয়ে ব্যস্ত হৈ থাকে। ইচ্ছা কৰিলে মানুহে কি কৰিব নোৱাৰে? দেশৰ-দহৰ উন্নতি সাধিব পাৰে। সমাজৰ পৰিৱৰ্তন আনিব পাৰে। ব্ৰহ্মপুত্ৰৰ বুকু খান্দি বানপানী ৰোধ কৰিব পাৰে। যাদৱ পায়েঙৰ দৰে সেউজ বিপ্লৱ আনিব পাৰে। উদ্ধৱ ভৰালীৰ দৰে বিজ্ঞানক ৰাইজৰ কামত লগাব পাৰে। ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰি অন্যায়-অত্যাচাৰ ৰোধ কৰাত অগ্ৰণী ভূমিকা ল’ব পাৰে। আৰু কত কি কৰিব পাৰে। কিন্তু তাকে নকৰি নিজৰ মাজতেই খোৱা-কামোৰা কৰি সময় নষ্ট কৰে। এইবোৰে কোনোদিনে সমাজৰ উপকাৰ সাধিব নোৱাৰে। অনাহক কথা নবহলাই কামত লাগিল তাই। মুখখন গম্ভীৰ হৈ পৰিল।

(৫)

দুদিন হ’ল আকাশী অফিচলৈ অহা নাই। কোনো খবৰো পঠিওৱা নাই। ক’লৈ গ’ল ছোৱালীজনী? কাক সোধোঁ? ঝৰ্ণাও নাই। বিয়া বুলি দুমাহ ছুটি লৈ এতিয়া হনিমুন কৰিবলৈ গোৱা পালেগৈ। ঝৰ্ণাৰ লগতেই যি অলপ মুকলিকৈ কথা পাতিছিল তাই। ব্যৱহাৰ-পাতিৰে কিছু সহজ হৈ অহা ছোৱালীজনীক অলপ অলপকৈ বুজি উঠিছিলো। সঁচাই ব্যতিক্ৰম তাই। ঝৰ্ণাৰ বিয়াত নিচাগ্ৰস্ত হৈ তাইৰ হাতত ধৰোঁতে তাই অকণো বিচলিত নহৈ মোক হাঁহিমুখেই প্ৰত্যাখ্যান কৰিছিল। কৈছিল-
: ছাৰ, আমি দুখীয়া মানুহ। মানুহৰ আগত মূৰ দাঙি পৰিচয় দিবলৈ কেৱল এই আত্মগৌৰৱকণেই যি আছে। আপুনি অন্তঃত তাত আঁচোৰ নেপেলাব। নহ’লে জীয়াই থকাই টান হ’ব। আপোনাৰ বিষয়ে সকলো জানো। আপুনি কোন আপুনি কি সেই লৈ মোৰ কোনো কৌতুহ’ল নাই, কোনো দ্বিধা নাই। আপুনি যিয়ে নহওক আপোনাক মই সন্মান কৰো। গতিকে সেই একেখিনি সন্মান আপুনিও মোক দিব লাগিব। অফিচতহে আপুনি মোৰ বচ। তাত মই ভুল কৰিলেও নকৰিলেও আপোনাৰ তলতীয়া হৈ চলিবলৈ মই বাধ্য। কাৰণ চাকৰিটো মোৰ বাবে বৰ প্ৰয়োজনীয়। কিন্তু অফিচৰ বাহিৰত আপুনি মোৰ কোনো নহয়। মই আপোনাৰ শুভাকাংক্ষী হ’ব পাৰো যদিহে আপুনি আপোনাৰ মৰ্যদা বজায় ৰাখিব পাৰে। অতীতত যি হ’ল হৈ গৈছে। বৰ্তমানটো ভালে ৰাখক। নহ’লে ভৱিষ্যতে আপোনাৰ ছাঁয়ায়ো লগ এৰিব…..
আকাশীৰ শীতল চাৱনিয়ে অন্তৰাত্মা কঁপাই গৈছিল মোৰ। নিচা ফাটি গৈছিল। আকাশীৰ কণ্ঠৰ দৃঢতাই দিবাস্বপ্নৰ দৰেই খেদি ফুৰিছিল মোক। খাওঁতে-শুওঁতে-উঠোঁতে-বহোঁতে আকাশীৰ শীতল চাৱনিয়ে বেঢি ধৰিছিল মোক। মগজুৰপৰা আহি বুকুত শিপাইছিল আকাশী। পৰিত্ৰাণ বিচাৰি আকণ্ঠ মদত ডুব গৈছিলো। আকাশীৰ অস্তিত্বই উপলুঙা কৰিছিল মোক। অট্টহাস্যত তাচপাতৰ দৰেই খহি পৰিছিল মোৰ আভিজাত্যৰ দালান। ধূলিত বাগৰি পৰিছিল মোৰ অহংকাৰৰ উচ্চ শিৰ। মোৰ উদ্ধত যৌৱনে যেন মৰুৰ মাজত বাট হেৰুৱাইছিল। মোৰ সহ্য শক্তিয়ে প্ৰতিবাদ কৰাৰ আগতেই ঝৰ্ণাৰ পৰা আকাশীৰ ঘৰৰ ঠিকনা লৈ ঘৰ ওলালোগৈ। একমাত্ৰ ভায়েকৰ বিয়োগত প্ৰস্তৰ মূৰ্তি হৈ থিয় দি আছে আকাশী। চকুত চাৱনি নাই। ওঁঠত শব্দ নাই। শৰীৰৰ মনৰ সকলো ৰং হেৰুৱাই বিবৰ্ণ হৈ গ’ল আকাশী।
: আকাশী আকাশী। মোলৈ চোৱা। এইয়া মই আহিছো। তোমালৈ বিশ্বাস-সততা আৰু সন্মানৰ সম্ভাষণ আনিছো। মৰম-ভালপোৱা আৰু হেঁপাহৰ আৱৰণ আনিছো। জীৱনৰ সমস্ত ভৰষা আনিছো। আকাশৰ উদাৰতা, সাগৰৰ বিশালতা আৰু পৰ্বতৰ দৃঢতাৰ এধাৰ মালা গাঁঠিছো তোমাক দিম বুলি। আকাশী, অ মোৰ হিয়াৰ আকাশী এবাৰ মোলৈ চোৱা। এষাৰ মাত দিয়া। চোৱা তোমাৰ বাবেই দুহাত মেলি ৰৈ আছো তৃষাৰ নৈখনি লৈ। আকাশী শুনা। শুনাচোন…..

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments