দাপোণ (অনুপমা বৰগোহাঁই)

কিয় লিখোঁ —
কিয় লিখোঁ মই ?? …কাৰণ মনটোত তোলপাৰ কৰি ৰখা অব্যক্ত আলোড়িত অনুভূতি বোৰ প্ৰকাশ কৰিবলৈ মোৰ হাতত এটাই মাত্ৰ উপায় আছে _ সেয়া হল লিখা, ক’ৰবাত লিখি ৰখা — ! মই শিল্পীৰ দৰে ৰং তুলিকা লৈ মনৰ ভাব প্ৰকাশ কৰিব নোৱাৰোঁ – বাছকবনীয়া শব্দৰ সুন্দৰ বিন্যাসেৰে ভাব প্ৰকাশ কৰিবলৈও মই অপাৰগ !! মোক অসহায় কৰি মনৰ ভিতৰত অহা যোৱা কৰি থকা ভাববোৰক কিবা প্ৰকাৰে কাগজত শুৱাই থ’ব পাৰিলেই মনটোৱে শান্তি পায় ! কেতিয়াবা সেই শান্তিত আনন্দ লভো যদি আন কোনোবাই মোৰ মনৰ ভাববোৰৰ লগত নিজৰ মনৰ ভাব একাত্ম কৰিব পাৰে …

লিখিবলৈ বহু কথাই আছে ..কিন্তু কি লিখোঁ ক’ৰ পৰা লিখোঁ !!! এখন উপন্যাস ?? ..নাই সেই সাহস মোৰ নাই। অভিধানৰ মতে উপন্যাসৰ অৰ্থ হ’ল “ প্ৰকৃত জীৱনৰ চিত্ৰ থকা সজা গল্প ”। তাৰ মানে প্ৰকৃত জীৱনৰ কথা চিত্ৰায়ন হব লাগিব উপন্যাসত। এৰা, মইতো প্ৰকৃত জীৱনৰ সঁচা কাহিনী কিছুমানেই লিখিব বিচাৰিছোঁ। এয়া উপন্যাস বা লিখনিৰ নামত আবোল-তাবোল কিবা কিবি যিয়ে নহওক কিয় পাঠকৰ সময়ৰ অপচয় যাতে নহয় !!
…কাহিনীটো কাৰ বুলি আৰম্ভ কৰো ? আপোনাৰ , মোৰ নে ….? অলপ ধৈৰ্য ধৰি পঢ়ি গ’লে কাহিনীটোত কেতিয়াবা আপোনাক বা আপোনাৰ চিনাকি পৰিজন ,বন্ধু বা চুবুৰীয়া কাৰোবাক বিচাৰি পাব পাৰে। …চলিহা – চলিহানীৰ একমাত্ৰ পুত্ৰ সুবাসক আপোনালোক সকলোৱে চিনি পায়। পঢ়া শুনা খেলা ধূলা সকলোতে সৰুৰে পৰা তীক্ষ্ণ বুদ্ধিৰ ,চুবুৰীৰ সকলো লৰাৰ আদৰ্শ আৰু সকলো পিতৃ মাতৃয়ে গৌৰৱ কৰিব পৰা এটা লৰা। ভনীয়েক সুবাসনাও চুবুৰীৰ সকলোতকৈ মৰম লগা আৰু শান্ত ছোৱালী। মনে মনে হয়তো কেতিয়াবা চলিহা _চলিহানীৰ সন্তান ভাগ্য দেখি আপুনি হিংসাত দেই পুৰিও গৈছে !!! সুবাসনাৰ বিয়া অলপো আহুকাল নোহোৱাকৈ এক সুন্দৰ সক্ষম লৰা বিনয়ৰ লগত ধুমধামৰে হৈ গল। তাইৰ বিয়াৰ দিনা আপোনালোকে সুবাসক জোকাইছিল – বিয়া খাবলৈ অহা ধুনীয়া ধুনীয়া ছোৱালীবোৰক দেখুৱাই তাকো ..সোনকালে বিয়াখন পাতিবলৈ কৈছিল !!
***
“Brevity is the soul of wit” অৰ্থাৎ “সংক্ষিপ্ততাই বুদ্ধিমত্তাৰ পৰিচয়”…কিন্তু মই মোৰ কাহিনী সংক্ষিপ্ত কৰিবলৈ অপাৰগ – মোৰ সেই বুদ্ধিমত্তা নাই। সেয়ে মই আচল কথাটো ক’বলৈ গৈ ইমান বোৰ অদৰকাৰী কথাৰ জেৰ টানিছোঁ !! আজি আপোনাৰ চুবুৰীৰ গৌৰৱ ( হয়তো কেতিয়াবা জ্বলনৰো কাৰক ) সুবাসৰ বিয়াৰ প্ৰসংগক লৈ সকলোৰে ঘৰত কিয় ইমান আলোচনা চলিছে !! চলিহা – চলিহানীৰ এক দোদুল্যমান মানসিক অৱস্থাত সান্ত্বনা দিয়াৰ লগতে একেষাৰ তীক্ষ্ন শব্দবান মাৰিবলৈ আপোনালোক কোনেও কুন্ঠাবোধ কৰা নাই ! এই যে চলিহা _চলিহানীলৈ শব্দৰ তীক্ষ্নবান মাৰিছে তাত বাৰু আপোনালোকৰ নিজৰ অতদিনৰ জ্বলনৰ উপশমো সোমাই আছে নেকি ?? হয়, সুবাসে সাধাৰণ অৰ্থত মাক-দেউতাকৰ মান সন্মান, আশা-আকাংক্ষাত চেচা পানী ঢালি এজনী বিজতৰীয়া, বিধৰমৰ ছোৱালীক বিয়া কৰিলে !! ছিঃ ছিঃ আমাৰ লৰাই অন্ততঃ এনেকুৱা কাম কৰা নাই !! হব নোৱাৰিছে সুবাসে বিয়া পতা মুছলমান ছোৱালীজনী ধুনীয়া , শিক্ষিত ,অভিজাত ঘৰৰ – তথাপি তাই যে বিধৰ্মী – মুছলমান !!!! আজি চলিহা _চলিহানীক সুবাসক তাজ্য পুত্ৰ কৰি জীয়েক আৰু জোৱাঁয়েককে লৈ নতুনকৈ জীৱনটো চাবলৈ উপদেশ দি নামঘৰত মাহপ্ৰসাদ খাই “পৰ চৰ্চা বনাম আনৰ শুদ্ধিকৰণ” কৰা বৰদেউতা-বৰমা সকলে নিজৰ মাজত গুৰু গম্ভীৰ আলোচনা কৰিছে .. সুবাসক তাজ্যপুত্ৰ নকৰিলে চলিহা – চলিহানীক তেওঁলোকৰ লগত একেলগে নামঘৰত সেৱা ল’ব দিবনে বাৰু ?? ইমান অনিয়ম, অধৰ্মক তেওঁলোকে কেনেদৰে ৰোধ কৰিব বাৰু ?? ….
দিন গ’ল, মাহ গ’ল, দুটা বছৰো বাগৰিল …সুবাসক তাজ্যপুত্ৰ কৰা বা আদৰি লোৱা কোনোটো কামেই চলিহা-চলিহানীয়ে কৰিব পৰা নাই !! মাহে মাহে বিশাল দক্ষিণা দি সকলোকে সন্তোষ্ট কৰি থকা চলিহা-চলিহানীৰ অনুপস্থিতিত নামঘৰতো অলপ প্ৰভাব পৰাত নামঘৰৰ দল এটা পুনৰ গ’ল তেওঁলোকক দিহা এটি দিবলৈ ….।

এতিয়া মই কাহিনীৰ আচল নায়কৰ মুখে আপোনালোকক কথা খিনি ক’ম :

সুবাসৰ কথাৰে …:
আমাৰ বিয়া ? প্ৰেম নিজৰ মতেই হয়। প্ৰকৃত প্ৰেমে কোনো জাত কুল,ধৰ্ম, কৰ্ম নামানে। আমাৰ প্ৰেমেও সেইবোৰ কথা মনা নাছিল। সেয়ে মোৰ ঘৰৰ প্ৰবল আপত্তি স্বত্বেও ছবিনাক মই যোৰহাটৰ CJM ক’ৰ্টত ৰেজিষ্টাৰ কৰি বিয়া কৰালো। আমাৰ এই বিয়াত ছবিনাৰ ঘৰৰ ফালৰ পৰা ১০০% অনুমতি, সহায়-সহযোগ আছিল। এওঁৰ ককায়েক, বৌৱেক আৰু বায়েক সকলো বিয়াৰ দিনা কৰ্টত উপস্থিত আছিল। লগত ছবিনাৰ দুজনী বান্ধবী আৰু তিনিজন বন্ধু মানে সহকৰ্মীও আহিছিল। যোৰহাটৰ মোৰ এজন বন্ধুৱে তাৰ মাকৰ সহায়ত বাকী সকলো খিনি আয়োজন কৰিছিল। বন্ধুৰ মাকক মই ‘মা’ বুলি মাতিছিলোঁ আৰু তেখেত কাকজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা আছিল। তেখেতৰ সহায়ত মই এটা আঙুঠি আৰু কাপোৰ এসাঁজ লৈছিলোঁ এওঁৰ বাবে !!!!
সমস্যা আছিল মোৰ ঘৰৰ পৰা – সমাজৰ পৰা। মোৰ ভনী জোৱাঁয়ে মা, দেউতা, ভন্টিক যৎপৰোনাস্তি বুজাবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল। যি কি নহওক, বিয়াৰ দুই বছৰৰ পিছত শৰতৰ এটা মোহনীয় দিনত ছবিনাক ‘জাতত উঠাবলৈ’ ৰাইজৰ পৰামৰ্শ মতে আমি আকৌ এবাৰ সামাজিক নীতিৰে বিয়াত বহিলো আমাৰ সৰু চহৰখনৰ মই জন্ম হৈ ডাঙৰ দীঘল হোৱা ঘৰত। ৰাইজক ২০ টা মান ছাগলী মাৰি ভালকে উদৰ পুৰাই বমি কৰি যোৱাকে খোৱাই দিয়াৰ পিছত ‘সাত খুন মাফ’ হৈছিল। মানে ছবিনা ‘হিন্দু’ হৈ জাতত উঠিল! পিছে মোৰ বহু আত্মীয়ই তেতিয়াও ছবিনাক লেই লেই চেই চেই কৰিয়ে আছিল। সৌভাগ্যবশতঃ মই কাম কৰা, নিজৰ বুলি ভবা চাহবাগানৰ সমাজখন এই বিষয়ত বহু বেছি উদাৰ আছিল আৰু সকলোৰে পৰা মই বেচ উৎসাহ পাইছিলোঁ।।
every Dog has its day – বোলা কথাষাৰৰ প্ৰমাণ মই পিছত বহুবাৰ পাইছো। Dog হিচাপে এনে দিন মোৰ জীৱনলৈ বহুবাৰ আহিছে। পিছলৈ এসময়ত আমাক লেই লেই চেই চেই কৰা বহু মানুহক মই বিভিন্ন প্ৰকাৰে (বহুক্ষেত্ৰত অনিচ্ছাস্বত্বেও) সহায় কৰিছো। কাৰোবাৰ বেমাৰ, মোৰ ঘৰত থাকি চিকিৎসা কৰাব লাগে – কাৰোবাৰ ল’ৰা-ছোৱালীক স্কুল-কলেজত মোৰ নামৰ প্ৰভাব খটুৱাই নাম-ভৰ্তি কৰাব লাগে – বহুজনক আক’ মই চাকৰি দিয়াব লাগে।… মোৰ এজন অতি নিকতাত্মীয়ৰ ঘৰলৈ ছবিনা প্ৰথমবাৰলৈ যাওঁতে (জাতত উঠাৰ পিছত !!) , এওঁৰ ভাতখোৱা কাহি খন ঘৰৰ গৃহস্থানীয়ে নুঠালে ! লগত যোৱা মায়ে এওঁৰ কাণে কাণে ক’লে ‘তুমি নিজেই সেইখন উঠাই ধুই থোৱা।’ … ইমান খিনি অপমানৰ পিছতো সেই ঘৰৰ ডাঙৰ ল’ৰাটোক আমি আমাৰ ঘৰত এমাহ মান লগত ৰাখিছিলো; হোষ্টেল নোপোৱাৰ বাবে। আৰু পিছত তাক মই আমাৰ কোম্পানীত মোটামুটি তাৰ যোগ্যতাৰ এটা চাকৰিও যোগাৰ কৰি দিছো। কিন্তু এটা কথা, এনে কামবোৰ কৰোতে আমি, বিশেষকৈ মই, সকলোকে তেওঁলোকৰ অতীতত আমাৰ প্ৰ্তি কৰা দুৰ্ব্যৱহাৰৰ কথা ভালকে মনত পেলাই দিওঁ – একমাত্ৰ লাজ আৰু অনুশোচনাত ভোগাবলৈ। এবাৰ নহয়-বহুবাৰ, সুযোগ পালেই মই কথাবোৰ কওঁ .. just for tit for tat …!! মই জানো এনে কৰা অনুচিত, কিন্তু every dog has its day and he should celebrate such occasion with fun !!
****
এইখিনি লৈকে মোৰ কাহিনীত পাঠকে মোৰ মনৰ ভাব সাগৰত হিলদোল তুলি কাগজ আৰু কলমৰ আশ্ৰয় ল’ব লগা হোৱা আলোড়ন সৃষ্টি কৰা অনুভৱখিনি বিচাৰি নাপাব ..সেয়ে লিখনি দীঘলীয়া হোৱাৰ বিৰক্তি পৰিহাৰ কৰি চলিহানীৰ মুখৰ কথাখিনিও পঢ়িবলৈ অনুৰোধ কৰিলোঁ।।

চলিহানীৰ কথাৰে :
ইমান ধুনীয়া, বাচি বাচি জাত-কুল, গুৰি গোষ্ঠী চাই বিয়া পাতি অনা বোৱাৰীজনীয়েনো বাৰু অৱশেষত শইকীয়ানীক এনেকুৱা অৱহেলা কৰিব লাগেনে ?? ইচ ৰাম, কৰ্কট ৰোগ মানেই অৱশ্যাম্ভী মৃত্যু নেকি !! মৃত্যুৰ সৈতে যুঁজি জীয়াই থাকিবলৈ বিচৰা শইকীয়ানীৰ বিষয়ে বোৱাৰীয়েকে এনেকৈ “সোনকালে মৰিও নাযায় আমাকো ইমান অসুবিধা কৰিছে ..ইমান লিকটা জীৱ” বুলি ক’ব, এয়া মই ভবা নাছিলোঁ !!

সুবাসৰ দেউতাকৰো এই বেমাৰটো হৈছিল। ডাক্তৰে বেমাৰৰ ৩য় স্তৰ বুলি কোৱাত মই সকলো আশাই হেৰুৱাই পেলাইছিলোঁ। “জাতত তুলি” লোৱাৰ পিছতো আন ধৰ্মৰ বোৱাৰীজনীক মই হৃদয়েৰে গ্ৰহণ কৰিব পৰা নাছিলোঁ। সেয়ে সুবাসে তাৰ ঘৰলৈ নি চিকিৎসাৰ বাবে ৰাখিব খোজাত, “মৰিবলৈ লোৱা মানুহটোক সেই বিজতৰীয়া মানুহজনীৰ হাতত আৰু সোনকালে মৰিবলৈ নিদিওঁ যা” – বুলি কৈ পঠিয়াই দিছিলোঁ। তাৰ পিছত ছবিনাই আহি অনুৰোধ কৰাত তাইকো প্ৰথমতে “নাটক কৰিব নালাগে” বুলি কৈ অপমান কৰিছিলো !! কিন্তু কি যে আচৰিত ধৈৰ্যশীলা ছোৱালীজনী !! নিজৰ চাকৰি, ৩য় শ্ৰেণীত পঢ়ি থকা অলপমান অসুখীয়া লৰাটো -সকলোৰে দায়িত্ব চম্ভালি লৈয়ো শহুৰেকৰ বেমাৰৰ- তাকো এই আপদীয়া বেমাৰটোৰ শুশ্ৰূষা কৰিবলৈ আগবাঢ়ি অহা বোৱাৰীজনীৰ মুখখনলৈ তেতিয়াহে মই ভালকৈ চাইছিলোঁ !! হয়, এইজনীয়েই মোৰ ল’ৰাই পচন্দ কৰা ছোৱালী, মোৰ ছোৱালীৰ লগৰ ছোৱালী। নিজৰ ঘৰুৱা লেঠা আৰু ব্যস্ততাৰ বাবে আমাৰ ওচৰলৈ আহিব নোৱাৰা, মই জন্ম দিয়া ছোৱালীজনীতকৈয়ো আপোন যেন লাগি গ’ল মোৰ তাইক !!…সকলো অভিমান পাহৰি সুবাসহঁতৰ লগত সিহঁতৰ ঘৰলৈ থাকিবলৈ আমি দুয়ো গুচি আহিলো। জীৱনৰ আশা হেৰুৱাই পেলোৱা প্ৰৌঢ় নৰ-নাৰীহালক ছবিনাই নতুন আশা দিলে। চাকৰি, লৰাৰ যতন, আলহী-অতিথি সকলোৰে সমানে দায়িত্ব লৈও আমাক, বিশেষকৈ সুবাসৰ দেউতাকক শুশ্ৰূষাৰ সামান্যতমো ক্ৰুটি নকৰিলে। সুবাসৰ চাকৰিৰ ব্যস্ততাৰ বাবে তাৰ কামত আহুকাল হ’বলৈ নিদিবৰ বাবে নিজেই সকলো দায়িত্ব লৈ ডাক্তৰ, হস্পিটেল, ৰোগীৰ যত্ন, কোন সময়ত কেনেকৈ কি খোৱাব লাগে সকলো নিয়াৰিকৈ কৰিছিল। কেৱল এয়াই নে ? মানুহজনক মানসিক খাদ্যৰো খোৰাক দি তেখেতৰ জীৱনলৈ জীয়াই থকাৰ আশা আৰু স্পৃহা আনিবলৈ কিদৰে চেষ্টা কৰিছিল সেয়া ভাবিলে মই আজিও অবাক হৈ যাওঁ !! ছবিনাৰ যত্ন আৰু শুশ্ৰূষাৰ বাবেই আজি মানুহজন সম্পূৰ্ণ সুস্থ !! কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগকো জিনি আহিল মোৰ মানুহজনে এজনী বিজতৰীয়া, বিধৰ্মৰ, ঘৰৰ অপচন্দত বিয়া কৰোৱা মোৰ একমাত্ৰ লৰাটোৰ পত্নীৰ ওচৰত মই সদায় কৃতজ্ঞ ইয়াৰ বাবে !! শইকীয়ানী, বৰানীহঁতৰ জাত, কুল ,ধৰ্ম মিলা- সকলোৰে পচন্দৰ বোৱাৰীকেইগৰাকীয়ে কিন্তু এনেদৰে তেওঁলোকক আদৰ যত্ন কৰা দেখা নাই !! মই আজি সেয়ে নিজকে বৰ ভাগ্যবান অনুভৱ কৰো। মোৰ ল’ৰাৰ পচন্দক লৈ গৌৰৱ অনুভৱ কৰিছো !!
****

মোৰ কথা :
মানুহে কেৱল ডাঙৰ ডাঙৰ কাম কৰি, ডাঙৰ ডাঙৰ কথা লিখি বা কৈ মহত্ত্ব লভিব নোৱাৰে। সৰু সৰু অথচ মানুহৰ হৃদয়ক স্পৰ্শ কৰি যোৱা কাম কৰিও মানুহ মহান হ’ব পাৰে !!! মোৰ জীৱনৰ অনুভৱৰ পৃথিৱীখনত এনেকুৱা সৰু, অখ্যাত, মহান ব্যক্তিসকলে সদায় আলোড়নৰ সৃষ্টি কৰে..এনে মানুহৰ কথা কৈ মই আনন্দ পাওঁ, এওঁলোকৰ সান্নিধ্যই মোক খ্যাতি সম্পন্ন, বিখ্যাত মহান মানুহৰ সংস্পৰ্শতকৈও বেছি আনন্দ তথা জ্ঞান দিয়ে !

( উৎসৰ্গা : “ প্ৰকৃত জীৱনৰ চিত্ৰ থকা সজা গল্প ” টো অকবৰ সু লিখক সুৰজিৎ দাদা (সুৰজিৎ নেওগ) আৰু তেখেতৰ জীৱনসংগী মোৰ বান্ধবী শ্ববনমলৈ ….)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments