দায়িত্ব (অনুপম কলিতা)

আবেলি ৪টা বাজিছে। নিজৰ ঘৰখনৰ সন্মুখত থকা ঠিক ফুলনিখনৰ আগফালে আৰামী চকীখনত বহি কাষেৰে পাৰ হৈ যোৱা লুংলুঙীয়া বাটলৈ এনেই চকু ফুৰাই ফুৰাই একাপ গৰম কাঢ়া চাহ খোৱাৰ আমেজ গজানন্দ শইকীয়াই ভালকৈয়েই লৈছে। ল’বই। নল’বই বা কিয়! তেওঁ নিজৰ দায়িত্ব সকলো পালন কৰিছে। নিজৰ কাৰণে কিবা এটা কৰোঁ বুলি কাহানিও চিন্তা কৰা নাই। যি কৰিছে দিল খুলি সকলোৰে কাৰণে কৰিছে। গজল শুনিয়ে জীৱনৰ যৌৱনকাল পাৰ কৰা গজানন্দই নিজৰ হৃদয়ৰ কথা চিন্তা নকৰিলেও ভায়েকহঁতৰ কথা ঠিকেই চিন্তা কৰিছিল। মাক দেউতাক বৰ সোনকালে ভগৱানৰ ওচৰলৈ বুলি ল’ৰি গ’ল। গজানন্দই চেষ্টা নকৰা নহয়, কৰিছিল। বাহিৰলৈ লৈ গৈছিল, ধাৰ-ঝণ আদিও লৈছিল। আইৰ থানত মূৰ দোঁৱাই দোঁৱাই কপালৰ ছাল খহটা হৈ গৈছিল। তথাপিও তেওঁলোক নৰ’ল। বাৰু নৰ’লেই যেতিয়া নাই। সেইবুলি মূৰত হাত দি বহি থকা মানুহ নহয় গজানন্দ। পঢ়া শুনাত চোকা হোৱাৰ বাবেই হয়তো ভগৱানৰ ইচ্ছাতেই হয়তো চৰকাৰী চাকৰিটো পাইছিল আৰু লগে লগেই দুজন সৰু ভায়েক আৰু এজনী সৰু ভনীৰ গধুৰ দায়িত্ব নিজেই আগবাঢ়ি কান্ধপাতি লৈছিল। তেওঁলোকৰ পঢ়া-শুনা, পিন্ধা-উৰা, ফুৰা-চকা সকলো নিজেই চম্ভালিছিল। তেওঁ এবাৰ মা হৈছিল, এবাৰ দেউতা হৈছিল। মুঠতে তেখেত পৰিয়ালৰ কাৰণে মহাপুৰুষতকৈ কোনো গুণে কম নাছিল। তেওঁ গজল শুনে, দৰ্দ ভৰা গজল, বেছিভাগ সময় অকলশৰেই কটায়। বন্ধু বান্ধৱ তেনেকে নাই বুলিবই পাৰি। প্ৰেম তেওঁৰ বাবে এক ভাল লগা সপোন। কাল্পনিক চৰিত্ৰৰ লগত তেওঁৰ প্ৰেম; কবিতাও লিখিছিল হেনো গোটা চেৰেক আৰু গজল শুনি নিজেই দুই-এটা সন্ধিয়া গাইছিল অফিচৰ পৰা আহি।

এনেকৈয়ে তেখেতে নিজা ঘৰ সাজিলে। ভায়েক-ভনীয়েকহঁতক পঢ়া-শুনা কৰালে। সিহঁতেও ককায়েকৰ আশা পূৰ্ণ কৰি নিজে নিজে ভাল ভাল চাকৰি গোটালে। নিজে নিজেই চাই মেলি প্ৰেম কৰিলে, ককায়েকৰ সন্মতিও ল’লে, শেষত বিয়াও পাতি ল’লে। গজানন্দই দিলে বিয়া। সিহঁতৰ বাহিৰে তেওঁৰনো নিজৰ বুলিবলৈ গজল কেইটাৰ বাহিৰে আন কোন আছে। দিলে, বিয়াত সকলো দিলে তেওঁ। ধুমধামেৰে বিয়া পাতিলে দুই ভায়েকৰ আৰু শেষত মৰমৰ ভনীয়েক জনীৰ। পুৰণা ঘৰটো আৰু মাটি ডোখৰ ভায়েকহঁতক দিলে। তাতে মস্ত এটা ঘৰ সজাব পৰাকৈ যথেষ্ট জেগা আছিল, ভায়েকহঁতে তিনিমহলীয়া এটা প্ৰকাণ্ড বিন্ডিং সজালেও। গজানন্দক লগতে ৰাখিব খুজিছিল। কিন্তু তেওঁহে নাথাকিল। নাই তেওঁ কাৰো সংসাৰত আগলৈ বুঢ়া হৈ এচুকত থাকিব নিবিচাৰে। সেইবাবে নিজেই সৰু পকী পঁজা এটা সজাব পৰাকৈ এডোখৰ মাটি ল’লে।

প্ৰেম ভনীয়েক জনীয়েও কৰিলে। তাকো দুঃসাহসিক। তাইৰ লগতে কলেজত পঢ়া নিৰ্মল নামৰ ল’ৰা এজনে পঢ়া শেষ কৰি ঘোচ নিদিলে চাকৰিতো নেপামেই, এনেকুৱা মনোবৃত্তি লৈ শেষত দোকান এখন দিছিল। সহজ সৰল স্বভাৱৰ ল’ৰা আছিল, তাৰো সৰুতে বানপানীত নিজৰ সৰ্বস্ব হেৰাই গৈছে। আত্মীয় স্বজনে আনৰ পৰা পোৱা গ্লানিৰ ভয়ত দুবেলা দুমুঠি খুৱাই বুৱাই তাক ৰাখিছিল। তাৰ বিনিময়ত ঘৰৰ আগৰ পাছৰ কামবোৰৰ দায়িত্ব তাৰ আছিল। নতুনকৈ জন্মা কেঁচুৱাবোৰে তাক ঘৰৰ কাম কৰা ল’ৰা বুলিয়ে ভাবিছিল। শিক্ষাৰ প্ৰতি প্ৰচণ্ড ধাউতি আছিল বাবেই চাগে’ কলেজলৈকে গৈ পাইছিল। সেইবাবেই চাগে’ সৰুমাইৰ কোমল হৃদয়খন তাৰ লগত মিলিব পাৰিছিল। অন্ততঃ গজানন্দই সেইবুলিয়েই ভাবে। হওঁতে ল’ৰাজনৰ জাতি-কুল গজানন্দহঁততকৈ নিম্ন আছিল, কিন্তু ভনীয়েকজনীয়ে তাক হৃদয়খন  দি দুঃসাহসিকতাৰ প্ৰমাণ দিলে।

সৰু ভায়েকহঁতে কথাটো প্ৰথমে মনা নাছিল। তেওঁলোকৰ মান-সন্মানত দাগ পৰাৰ ভয়ত আৰু বিশেষকৈ নিজৰ নিজৰ শহুৰেকৰ ঘৰখনৰ ওচৰত লাজ পোৱাৰ ভয়ত। কিন্তু শেষত তাইৰ বিয়া সেই ল’ৰাজনৰ লগতেই হ’ল। গজানন্দই পাতিলে বিয়াখন। তেওঁ এইবোৰ জাতি-কুল, ভেদাভেদ নামানে। মাক-দেউতাক বৈতৰণী পাৰ হোৱাৰ সময়ত ক’তা কোনোচোন অহা নাছিল তেওঁলোকৰ চকুপানী মচিবলৈ। আঁতৰৰ পৰাই হা-হু কৰি সকলো আঁতৰি গৈছিল। তেতিয়া গজানন্দই নিজৰ চকুপানী মচিছিল আৰু ভায়েক-ভনীয়েকহঁতৰো চকুপানী নিজে মচি দিছিল।   তাই যেতিয়া কাৰোবাক ভাল পাইছেই সমাজে কেলেই মাত মাতিবলৈ আহিছে? নাই, তাইৰ বিয়া হ’বই। চাওঁচোন কোনে ৰখাই। এইবুলি গজানন্দই ভনীয়েকৰ বিয়াখন ধুমধামেৰেই পাতি দিছিল। নিৰ্মলে বৰ সমীহ কৰি চলিছিল তেখেতক। গজানন্দই বিয়াৰ আগতেই নিৰ্মলক কৈছিল চাকৰিলৈ অপেক্ষা নকৰি দোকানখন খুলি তই সাহসী তথা উন্নয়নমুখী যুৱকৰ পৰিচয় দিছ। কিন্তু চাকৰি এটাৰ চেষ্টাও লগতে কৰি থাকিবি। তই যদি বেয়া নেপাৱ বিয়াৰ পিচত মোৰ এই সৰু ঘৰটোতে থাকিব পাৰিবি, নহ’লে মোৰ ছোৱালীজনীক লৈ কলৈ যাবি, এতিয়া তয়ো মোৰ ঘৰৰেই মানুহ। কথাষাৰ ভাবি চাবি।

নিৰ্মলে বিনা চৰ্তই তেওঁৰ সকলো কথা মানিছিল, পিছতো সকলো ঠিকেই চলি আছিল। সৰু ভায়েকহঁতৰ কেঁচুৱা জন্ম হ’ল, ডাঙৰো হ’ল। সৰুমাইৰো এজনী মাইনা জন্মিল। অইনে মনত নেপেলালেও সৰুমাইয়ে ককায়েকক নিজৰ বিয়াখনৰ কথা মাজে মাজে কৈছিল কিন্তু একেটা হাঁহি মাৰিয়ে গজানন্দ আঁতৰি গৈছিল। এতিয়া বয়স ক’ত? ৪০ কোনোবা দিনাই পাৰ কৰিলে। তেওঁলৈ এতিয়া কোনে ছোৱালী যাচিব?। তেওঁৰ জানো মনত ফাগুন আছে? নাই, নাই। কিন্তু তেওঁ সুখী। তেওঁ সকলো কাম কৰিছে, সকোলো দায়িত্ব পালন কৰিছে। সকলোৰে বাবে কৰিছে। নাই, আৰু একো বাকী নাই। তেওঁ এতিয়া বাকী কালচোৱা গজল শুনিয়ে পাৰ কৰিব পাৰে। তেওঁ এতিয়া চিন্তামুক্ত হৈ শুৱ পাৰে, ভাগিন-ভাগিনী, ভতিজা-ভতিজীৰ লগত খেলিব পাৰে, ফুলনিডৰাৰ কাষত বহি চাহত শোহা মাৰি মাৰি এনেকৈয়ে গজানন্দই ভাবি মাজে মাজে মিচিকিয়াই হাঁহি মাৰে আৰু এবাৰ ৰাস্তালৈ আৰু এবাৰ আকাশলৈ চকু ফুৰায়। এনেতে এজনী ধুনীয়া ছোৱালী সেই বাটেৰেই আহি আছিল। কোনোদিনেই ছোৱালী জুমি নোচোৱা গজানন্দই পোনপ্ৰথম বাৰৰ বাবে ছোৱালীজনীলৈ চালে। গালত তাইৰ বয়সৰ চাপ। দেখাত মহিলা যেন লাগে। তথাপি সুন্দৰতাই লগ এৰা নাই। তেওঁ ভাবিলে এইজনীৰো জীৱনত চাগে’ তেওঁৰ দৰেই সংগ্ৰাম। তায়ো চাগে’ নিজৰ ভাই ভনীক তুলি তালি দাঙৰ দীঘল কৰি নিজৰ হৃদয়খনলৈ চাবলৈ পাহৰি গ’ল। তেওঁৰ মনটোত এক অজান দুখে চুই গ’ল। সকলোৰে নিজৰ জীৱন গঢ়াৰ অধিকাৰ আছে। তাইৰো আছে। অথচ যেন ভগৱানে তাইক কিবা অভিশাপ দিলে চিৰকুমাৰী হৈ থকাৰ। গজানন্দৰ ভগৱানৰ ওপৰত ভীষণ খং উঠিল। এনেতে তেওঁ এবাৰ নিজৰ গালৈ চালে। নাই, তেওঁতো বুঢ়া হোৱা নাই। হৃদয়খনটো এতিয়াও তজবজীয়া হৈয়ে আছে। তেওঁৰ কাণত যেন গজলবোৰে একেলগে বাজিবলৈ ধৰিলে। এয়া কি? তেওঁৰ গাতচোন ২০ বছৰীয়া যৌৱন ঘূৰি আহিবলৈ ধৰিছে। তেওঁৰ বুকুতচোন ফাগুন বলিব ধৰিছে। নহয়, তেওঁৰ সকলো কাম পূৰ্ণ হোৱা নাই, এতিয়াও বাকী আছে। নিজৰ হৃদয়খনৰ প্ৰতি তেওঁ এনেকুৱা নিৰ্দয় হ’ব নোৱাৰে। নিজৰ প্ৰতিও তেওঁৰ দায়িত্ব বোলা কিবা এটা আছে। তেওঁৰো প্ৰেম কৰাৰ অধিকাৰ আছে। এইবুলি কৈ গজানন্দই শেষ কামটো পূৰ্ণ কৰাৰ চেষ্টা কৰোঁ বুলি ৰাস্তাটোৰ ওচৰ চাপি গ’ল, লাহে লাহে…. এখোজ দুখোজকৈ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক