দায়িত্ব–স্বপ্না নিহাৰ

চিন্ময়লৈ বিয়াৰ বাবে কইনাৰ খৱৰ আহিয়েই আছে।  মাকেহে কথাবোৰ সামৰি থৈ দিয়ে বোলে ৰৱচোন, চাকৰিটো পাইছেহে ল’ৰাটোৱে। সিয়ো এতিয়াই বিয়ালৈ মন মেলা নাই। 

চিন্ময়ৰ দেউতাকৰ আকৌ মনৰ ভাৱটো বেলেগ।  প্ৰায়ে তেওঁ মানুহজনীক বুজায়, 

–বোলো ল’ৰাক পঢ়ুৱাই মেলি অতদিন দৌৰি ঢাপলি ফুৰিলোঁ। এতিয়া ল’ৰাই চাকৰি এটা পালে যেতিয়া সংসাৰখন পাতি দি আমি আজৰি হোৱাটোৱেই উত্তম। তাতে বিয়া বাৰুও উপযুক্ত বয়সতে পাতিব লাগে। পিছলৈ এনে নহওক বোলে ল’ৰা-ছোৱালীয়ে মেট্ৰিক পাছ কৰিল কি নকৰিল বাপেকে চাকৰিৰ পৰা অৱসৰ ল’লেই আমাক চোৱা উপযুক্ত বয়সত……

তেওঁৰ কথা শেষ নৌহওঁতেই মানুহজনীয়ে মিচিককৈ হাঁহে। হাঁহিৰ আঁৰত বিষাদ এচমকাও চিলমিলকৈ দেখা দিয়ে। মানুহজনে সেয়া নেদেখে। হায়াৰ চেকেণ্ডাৰী পাছ কৰিয়ে বিয়াত বহিছিল তেওঁ। চিন্ময়ৰ দেউতাকে তেতিয়া চাকৰিত সোমাই তিনিবছৰ মান হৈছিলহে। বেমাৰী শাহু আৰু তেতিয়াও হাইস্কুল পৰ্যায়তে থকা তিনিজনীকৈ ননদৰ দায়িত্ব মূৰ পাতি লৈছিল। বিয়াৰ দুবছৰ পাচতে চিন্ময়ৰ জন্ম। তাৰে মাজতে ঘৰুৱা লেঠা চম্ভালিছিল তেওঁ। আটাইকেইজনী ননদকে পঢ়ুৱাই শুনুৱাই উপযুক্ত পাত্ৰত বিয়া দিছিল।  চিন্ময়ৰ দেউতাক সুখী হৈছিল সংসাৰৰ কোনো কথাতে কেতিয়াও ওজৰ আপত্তি নকৰাকৈ ঘৰৰ দায়িত্ব মূৰপাতি লোৱা মানুহজনীক লৈ। 

কিন্তু তেওঁ! 

তেওঁ নিজে সুখী হৈছিল নে? 

শুই উঠাৰে পৰা নিশা বিছনাত পৰালৈকে ঘৰখনৰ সকলো কাম কৰিও তেওঁ কি পাইছিল নিজলৈ বুলি? 

বেছিতো একো বিচৰা নাছিল তেওঁ! 

বিচাৰিছিল মাথোঁ শাহুৱেকৰ মৰমৰ মাত এষাৰ, ভগ্নীসম ননদকেইজনীৰ পৰা অলপ সাহচৰ্য। 

পাইছিল জানো? 

কোলাৰ কেঁচুৱা বিছনাতে এৰি বাহী ঘৰ-চোতাল সাৰি গা ধুই উঠে মানে শাহুৱেকৰ মাতষাৰ ভাঁহি আহে। 

-কঁকালৰ বিষত ৰৱ পৰা নাই অ’। গৰমপানী এটুপি কৰ গা ধুবলৈ। 

জুহালতে পানী গৰম কৰা চিলভাৰৰ কলহটো বহুৱাই দি তেওঁ লৰালৰিকৈ গোঁসাইঘৰটো মচি চাকিগচি জ্বলায়। 

নাই তেতিয়ালৈ শুই উঠাই নাই ননদ কেইজনী! 

শাহুৱেকক গা ধূবলৈ গৰমপানী দিয়ে মানে চিন্ময়ে সাৰ পাই ৰাউচি জোৰে। 

চাহৰ পানীটুপি চৌকাত তুলি দি চিন্ময়ক একোলা লৈ পিয়াহ খাবলৈ দিয়ে। 

সিফালৰ পৰা কোনোবা এজনী ননদে মাত দিয়ে, 

বৌ, চাহ দিয়া। 

সময় নাই সোণ!  সময় নাই! 

চিন্ময়ক তেনেকৈয়ে বিছনাতে এৰি পাকঘৰত সোমায়। ভোক নপলায় তাৰ।  কান্দোনৰ কোব চৰে। 

চাহৰ খোলা শেষ নহওঁতেই চাউলকেইটা ধুই লয়। স্কুললৈ পলম হ’ব নহ’লে! 

ভাজি এখন কৰি গৰমে গৰমে ননদ তিনিজনীক ভাত বাঢ়ি দিয়ে।  

সিফালে গা-ধুই অহা শাহুৱেকে চিঞৰে, 

-পুৱাৰ জলপানে দুপৰীয়াৰ ভাতে একেলগে দিবি নে কি ঔ? 

যৰে কাম ততে এৰি শাহুৱেকলৈ জলপান সজায়। 

নিজলৈ! 

নালাগে। থাকক। 

চিন্ময়ে কান্দি আছে। 

তাক খুৱাই লৈহে নিজে কিবা অলপ খায়।  

কোনোবা দিনা গৈ দেখে গুৱে-মুতে লেটি লৈ আছে সি। 

নোৱাৰি। এনেকৈ খাব নোৱাৰি। 

গৰমপানী অলপ কৰি তাক গা ধুৱাই দি শাহুৱেকৰ বিছনাতে শুৱাই কাপোৰবোৰ ধুৱে। 

চিন্ময়ৰ কাপোৰ। 

নিজৰ কাপোৰ। 

শাহুৱেকৰ কাপোৰ। 

ননদ কেইজনীৰ কাপোৰ। 

সকলোবোৰ কৰি অঁটায় মানে দুপৰীয়াৰ বাবে চৰু জুৰাৰ সময় হয়।  দেৰি হ’লেও শাহুৱেকৰ বকনি উঠে বোলে চৰু সামৰি থ। নালাগে ৰান্ধিবলৈ। একেবাৰে ৰাতিৰ সাঁজকে খাম। 

বেয়া নাপায় তথাপি তেওঁ। শাহুৱেক বেমাৰী। নিজে কৰিব নোৱাৰি বুলিহে। 

ননদকেইজনীও সৰু। কতনো কামৰ গুৰুত্ব বুজিব বাৰু এতিয়াই! 

তেওঁ নোৱাৰা মাহৰ তিনিদিন বেচেৰীহঁতে কোনোমতে কামখিনি চলায় তথাপি।  

পিচে একেখন ৰুটিনে চলি থাকিল ননদ কেইজনী বিয়া হোৱাৰ আগলৈকে। মাহৰ বিশেষ তিনিদিনৰ বাহিৰে এদিনলৈ এজনীও আগুৱাই নাহিল নবৌয়েকক পাকঘৰৰ পৰা অথবা বেমাৰী মাকৰ কাপোৰ-কানি ধোৱাৰ পৰা আজৰাই দিবলৈ। নিজক লৈয়ে ব্যস্ত সিহঁতকেইজনী। কেতিয়াবা তেওঁৰ সহ্যসীমা পাৰ হোৱাৰ উপক্ৰম হয়। তেওঁতকৈ কিমাননো সৰু ডাঙৰজনী?  কামনো কেইখন? ভগাই ল’লেইচোন সকলো মিলি পৰে। 

নাই। তেওঁ ভৱাৰ দৰে নহয় কথাবোৰ। 

-গাভৰু ছোৱালী! বিয়া নহওঁতেই যি আৰাম। থাককচোন নিজৰ মতে। কেইদিননো থাকিব আৰু ঘৰত? 

শাহুৱেকে ফুৰিবলৈ অহা আলহীৰ আগত কোৱা কথাকেইষাৰ শুনি নীৰৱে ৰয় তেওঁ। হয়োতো! 

অথচ একেজনী শাহুৱেকে সামান্য অচিলা পালেই পুৰণিৰো পুৰণি কথা খুচৰি গালিৰে থকা সৰকা কৰে তেওঁক। খং -ক্ষোভে ভিতৰি জৰ্জড়িত কৰিলেও তেওঁ নীৰৱে থাকে। 

নকয় তেওঁ। 

কাকো একো নকয়। 

মাহত দুদিনৰ বাবে অহা মানুহটোক এইবোৰ কথা ক’ব পাৰিনে! 

ক’ব পাৰিনে তোমাৰ লগতে মোক লৈ ব’লা বুলি! 

নোৱাৰি। ঘৰৰ মানুহৰ সান্নিধ্য বিচাৰি অহা মানুহটোৰ মনত সেইবোৰ কথা সুমুৱাই দি অশান্তি চপোৱাৰ কি প্ৰয়োজন! 

হাঁহি হাঁহি কটাই দিয়ে মানুহজনৰ আগত। 

তেওঁৰ সুখী সুখী মুখখন দেখি মানুহজনো সুখী মন এটা লৈ উভতি যায়গৈ কৰ্মস্থলীলৈ। 

চিন্ময় ক্লাছ নাইনত থাকোঁতেই সৰুজনী ননদৰো বিয়া হৈ গ’ল। সি মেট্ৰিক পাছ কৰা বছৰেই শাহুৱেকো গ’লগৈ। 

মানুহজন তেতিয়াও বাহিৰত। চিন্ময় হোষ্টেলত।  ইমান বছৰে কাম কাম বুলি ঘূৰি ফুৰা মানুহজনীৰ হঠাতেই কৰিবলৈ একো কামেই নোহোৱা হৈ গ’ল। 

মানুহজনে প্ৰস্তাৱ দিলে, 

ব’লা নহ’লে মোৰ লগতে। ঘৰটোৰ এটা পাৰ্ট ভাড়া দি যাওঁ। 

মানুহজনীয়ে হাঁহিলে মাথোঁ। ইমান বছৰৰ পিচত আকৌ এঠাইত গৈ সংসাৰ পাতিবলৈ মন নগ’ল। নতুনকৈ সজোৱা প্ৰকাণ্ড ঘৰটোত তেওঁ ৰৈ গ’ল। 

চুবুৰীৰে মহিলাখিনিৰ লগতে ব্যস্ত হ’ল। চুবুৰীয়া বৰুৱানীয়ে তেওঁক মহিলা ক্লাব এটাৰো মেম্বাৰশ্বিপ দিয়ালে। তাতে মাহত এবাৰ গোটেই মহিলাখিনি লগ হয়। বিভিন্ন উৎসৱ -পাৰ্বন পাতে। লাহে লাহে তাতে একাত্ম হ’লেও এটা সময়ত তেওঁক সেইবোৰে আমুৱায়। 

ভাল কামবোৰ বাৰু ভালভাগেই। পিচে পৰচৰ্চাবোৰ? 

মুখ বাগৰা কথাবোৰে মানুহজনীক কষ্ট দিয়ে। যিজনী মানুহে গিৰিয়েকক আজিলৈ জানিবলৈ নিদিলে নিজৰ মনৰ ক্ষোভ অভিমানবোৰৰ কথা সেইজনী মানুহে কিদৰে মিলিব পাৰে তাত! 

আগৰ দৰে ঘৰতে ব্যস্ত হয় মানুহজনী। ফুলনিখন তেওঁৰ হাতৰ পৰশত জকমকায়। সৰু শাকনিখনেও হিয়া জুৰায়। পোহনীয়া কুকুৰটো, মেকুৰী দুজনী, মাহত এবাৰ অহা মানুহজন, ছমাহমানৰ মূৰত অহা চিন্ময়ক লৈয়ে মানুহজনীৰ সংসাৰখন ঘূৰে। কোনো অভিযোগ নাই তেওঁৰ কাৰোলৈ। 

চিন্ময়ে চাকৰিত জইন কৰিয়ে ঘৰলৈ আহিল। ত্ৰিশ কিলোমিটাৰ দূৰৰ চহৰখনত ঘৰৰে পৰা অহা-যোৱা কৰিব।  মানুহজনো চাকৰিৰ পৰা অৱসৰ লৈ ঘৰ সোমাল। ইমানদিনৰ উদং সংসাৰখন আকৌ ভৰি পৰিল। মানুহজনী নতুনকৈ ব্যস্ত হৈ পৰে। 

এতিয়া চিন্ময়ৰ বাবে অহা কইনাৰ প্ৰস্তাৱবোৰ তেওঁ নিজেও চালিজাৰি চাইছে। সি নিজেহে “আৰু অলপদিন ৰোৱানা মা। কিয় বিয়াৰ বাবে জোৰ কৰে মানুহবোৰে? বিয়া মইহে পাতিম।” বুলি কৈ আছে। 

দেউতাকৰ অলপ অসন্তোষ এইখিনিতে। মাক পুতেকৰ কথাত খং ভাৱ এটাও আহে তেওঁৰ। 

আজিও মাজুজনী ভনীয়েকে ফোন কৰিছে ভতিজাকলৈ কইনাৰ খৱৰ দি। মানুহজনীয়ে শুনিয়ে কৈ দিলে চিন্ময়ে এতিয়াই বিয়া পাতিব বিচৰা নাই। 

খঙতে মানুহজনীক ভেকাহি মাৰি উঠিল তেওঁ, 

-থিক আছে। যেতিয়া যি কৰে কৰিব দিয়া পুতেৰাক। তুমিও সি ক’লে বুলিয়ে তাৰ কথাতে ৰৈ থাকা। 

বহু পুৰণি কথা কিছুমান মানুহজনীৰ চকুৰ আগেৰে পাৰ হৈ যায়। খুলি দিব নেকি খং-ক্ষোভ-অভিমানৰ সকলো বান্ধ? ভাঙি দিব নেকি সেই প্ৰাচীৰ যিখনৰ আঁৰলৈ সুখী সংসাৰৰ আঁৰৰ কথাবোৰ লুকাই আছে? 

নিজকে কষ্টেৰে সম্বৰন কৰে তেওঁ। ইমানদিনৰ সাধনা অথলে যাবলৈ নিদিয়ে। 

-সংসাৰ এখন পতাটোৱেই মূল কথা নহয়। তাৰ দায়িত্ব উঠাব পৰাকৈও নিজকে সাজু কৰিব লাগিব। স্বামীৰ কৰ্তব্য পালন কৰিব পৰাকৈ সি নিজকে সাজু কৰক। আমি তাক জোৰ কৰাতকৈ সময় দিয়া উচিত। আৰু…

কওঁ-নকওকৈ মানুহজনীয়ে কৈ উঠে, 

-আৰু মোকো অলপ সময়ৰ প্ৰয়োজন নিজকে সাজু কৰিবলৈ। 

-তোমাক? তোমাক আকৌ কি সময় লাগে? 

আচৰিত হয় মানুহজন। 

-ছোৱালী এজনীয়ে যিদৰে নিজকে সাজু কৰে নতুন ঘৰ এখনত খাপ খুৱাবলৈ সেইদৰে ময়ো নিজকে সাজু কৰিব লাগিব ন-ছোৱালী এজনীক আদৰিবলৈ।  নিজকে অলপ চালিজাৰি চাওঁচোন! যাতে মোৰ কিবা বেয়া দিশ থাকিলে সেইবোৰে অজানিতে পিচলৈ বোৱাৰীৰ মনত দুখ নিদিয়ে। ভাল বোৱাৰী এজনী পাবলৈ আশা কৰাৰ আগতে মই ভাল শাহু এজনী হ’ব নালাগিব জানো! 

মানুহজনীয়ে হাঁহি হাঁহি কোৱা কথাবোৰে মানুহজনক নক’বলগীয়া বহুত কথাই কৈ দিলে। 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক