দায়-দোষ নধৰে যেন কোনেও (ক’লে কথা লাগে লেথা…..অলপ ভাবিবলৈও বাধ্য)…(-ৰ’দালি সপোন বৰগোহাঁই)

আমাৰ ভৱিষ্যতৰ নাগৰিকসকল আৰু নতুনকৈ সোমোৱা আও-ভাও নজনা প্রদীপসকলৰ কিছু কথা…. নতুনকৈ সোমোৱা শিক্ষক-শিক্ষয়িত্রীসকলৰ বহুতো কলেজীয়া ছাত্ৰ-ছাত্রী। মইও এগৰাকী কলেজীয়া ছাত্রী । গতিকে আমি বন্ধুবোৰে সময় মিলাই মেলি কলেজলৈও দুপাকমান যাওঁ।কলেজীয়া জীৱনটো শেষ হ’বলৈ বহুত বাকী আছেই ।তাৰ মাজতে কিবা যদি ওলাল ইটোৱে-সিটোক খবৰ দি তত্ নাপাওঁ ।যোৱা কেইদিনমান ধৰি ইটোৱে সিটোক ফোনত খবৰ লওঁতে হাঁহিত থাকিব পৰা নাই। তাৰে কেইশাৰীমান….
– ঐ খবৰ ক ঐ ।
-ফাটাফাটি বুইছ, তোৰ ক’ছোন
-মোৰ তামাম ।কৃষ্ণ, কৃষ্ণ কৰিলেই পাওঁগৈ।বুজিলি।
-মোৰ তোতকৈ ভালহে এবাৰ চকুমুদি এবাৰ মেলিলেই হ’ল ।বুজিলি…কলেজৰ পৰীক্ষা কেনে হ’ল?
-এইবাৰ হাৰ্ট এটেক হৈ যাব চবৰে ।তোৰ?
-বহী চোৱাটোৱে বলিয়া হৈ যাব ।ব্রেকেটত পৃষ্ঠা নম্বৰ সৈতে যিসোপা কিতাপৰ নাম দিছোঁ এইটো জনম কি অহা জনমটো পঢ়িবলৈ নোৱাৰিব…
-জেপৰ পৰা ইমান কষ্ট কৰি নম্বৰ দিয়ে মগজুৰ কষ্টনো কিয় দিয়।
-হয় পাই দুঃখেই লাগিল ।নাভাবিলো ।বাকী পৰীক্ষাত sorry লিখি দিম ।
-ইংলিচত ভাৱেল কেইটা ঐ
-মোৰ ষ্টুডেণ্টৰ মতে সেইটো বস্তু নাই
-মোৰ ষ্টুডেণ্টে আকৌ আগৰ মাষ্টৰক সুধিব কৈছে।মোৰ মূৰলৈ কথাটো অহাই নাছিলে । তাহতঁক সুধি ভালেই হ’ল ।

এইবোৰ কথা যদিও আমি বন্ধুবোৰে ধেমালিকৈ পাতিছোঁ তথাপি কথাবোৰ অলপ ভাবিবলগীয়া।প্রথম কথা কেইজনমান বন্ধুৰ স্কুল ঘৰৰ পৰা বহুত দূৰৈত আৰু যাতায়তৰ যি অৱস্থা আমাৰ ভাষাত “বি.এডৰ ঠাইত দুখনমান নৈ সাতুঁৰিব জনাটো বাধ্যতামূলক, নাও বাবলৈ শিকক, ওপৰৰ পৰা তললৈ জঁপিয়াই পৰিব পৰা অভিজ্ঞতা থাকিলে ভাল তেতিয়া কঁপি থকা বাঁহৰ দলঙত কৃষ্ণক নামাতিলেও চলি যাব। নৈৰ পকনীয়ালৈ যদি ভয় লাগে নাও আৰু বাঁহৰ দীঘল মাৰি লৈ লাগি যাওঁক প্রেকটিচত আৰু পাৰিলে মেখেলা-চাদৰ(মহিলাৰ বাবে) পিন্ধি কৰিব; যিহেতু স্কুললৈ মহিলাই মেখেলা চাদৰেই পিন্ধে তেতিয়া চকু নুমুদিলেও চলিব ।(পুৰুষৰ বাবে) মহিলাতকৈ কম সুবিধা পাইছোঁ বুলি বেছিকৈ খঙ উঠিলে তাৰো উপায় আছে ।স্কুল পোৱাৰ আগতে একোখন বজাৰ পাব।বেছি একো নাপালেও এবাতিমান পাবই পাব, খাই ল’ব, গান গাই গাই আহি থাকিব কেতিয়া পাহাৰ, জান-জুৰি পাৰ হ’ল গমেই নাপাব।চিন্তা নকৰিব ম’বাইলৰ ট্রিং ট্রাং শব্দত আপুনি বেহুচ হোৱাৰ চান্স নাই প্রতিটো এংগোলত নেটৱৰ্ক বিচাৰোঁতে বিচাৰোঁতে আপুনি জিনিয়াছ হৈ যাব ‘ইউৰেকা, ইউৰেকা’ বুলি টেটুঁফালি চিঞৰিব পাৰিব । আৰু বাকী কমপালচৰিবোৰ পিছলৈ ।

(দ্বিতীয় আৰু তৃতীয় কথাবোৰ বুজি নাপালে বহলাই ক’বলৈ সময় লাগিব প্রেকটিছ কৰাত পলম হ’লে পেপাৰত শ্রী ঠাইত ৺ এইয়া বহে ঠিকনা নাই। জয় হৰি বোলা৷)

মোৰ ডায়েৰী পাতৰ এখিলা পাত

সুখ হেনো বিৰল মানুহৰ বাবে।হয় জানো কথাটো? মই বা আপুনি জীৱনটো কেনে ভাবে লৈছো তাতেই জানোঁ সুখবোৰ নিৰ্ভৰ নকৰে । কেতিয়াবা এনে মানুহ লগ পাব যে টকা-পইচা, গাড়ী-ঘৰে উভৈ নদী কিন্তু সুখী নহয়, আৰু লাগে তেওঁলোকক। আৰু বাকীবোৰ মানুহৰৰ কথা নক’লোৱে বা। সুখবোৰ জানো টকা-পইচাৰে কিনিব পাৰি? সৰু সৰু কথা, কামত ভাল লগাবোৰ বিচাৰি পালে আমি কোনো অসুখী নহয়।বেমাৰ-আজাৰ, কাজিয়া-পেচাল কাৰনো জীৱনত নহয়? সকলোৰে জীৱনত কম-বেছি পৰিমাণে থাকেই।তাৰ মাজতে জীৱনৰ ভাল লগাবোৰ কৰি যাব লাগে। কেতিয়াবা কোনোবা পৰিয়ালত সৰুৰে পৰা একেলগে ডাঙৰ হোৱা ককাই-ভাইৰ মাজতে কাজিয়া হয়।তেওঁলোকৰ পত্নী সকলেও হাত উজান দিয়াৰ সলনি পাৰিলে ঘূণে ধৰাবোৰ নাইকিয়া কৰিব পাৰিলে সুখ ঘৰতে পাব পাৰি। পৰিয়াল, মা-দেউতা সকলোৰে একেই আৰু ইয়াক তোমাৰ বা মোৰ বুলি জুখিব নালাগে। মা-দেউতা জীৱনৰ এনে এক আপুৰুগীয়া সম্পদ যাৰ মূল্য সকলোৱে বুজিলে সেইয়া ‘তোমাৰ মা দেউতা আৰু পৰিয়াল’ বুলি কথাই নাহে। সকলোৰে মা-দেউতা সমান ।জীৱনত টকা পইচাৰে আপুনি বা মই পৃথিৱীৰ সকলো কিনিব পাৰিলেও মা-দেউতা, ককাই-ভাই, বাই-ভণ্টী আৰু নিঃস্বাৰ্থ মৰমবোৰ কিনিব নোৱাৰো।জীৱন বাটত আগুৱাই যাওঁতে ভুলবোৰ মানি শুধৰাবলৈ বিছাৰিলে অন্য কোনো নাথাকিলেও আপোন মানুহবোৰ লগতে থাকিব সদায় ।এবাৰ নিজৰ বাটত দেখিলেও নমতা ককাই বা ভাইটোক মাতি চাওঁক, মা-দেউতা আৰু পৰিয়ালৰ বাকী মানুহৰ লগত এসাজ ভাত একলগে খাই চাওঁক পইচা হিচাপ নকৰাকৈ মনৰ যিটো সুখ পাব সদায় মনত ৰৈ যাব। শুনিবলৈ বেয়া হ’লেও আৰু বেয়া পালেও বেলেগকৈ থাকিবলৈ লোৱা আপুনি মা-দেউতাৰ লগত মনৰ হেপাহঁৰে কথা পাতক, মন পচন্দৰ এসাজঁ ভাত খুৱাওঁক; কাৰণ কোনোবা দিনা মা-দেউতা হেৰাই গ’লে কোটি কোটি টকা খৰছ কৰিলেও মনলৈ সুখ আনিব নোৱাৰিব।সদায় মনলৈ আহিব মা-দেউতাক এসাজঁ ভাত খুৱাব নোৱাৰিলো । ল’ৰা বা ছোৱালীয়ে হওক মা-দেউতা সকলোৰে সমান বুলি বুজিলে সুখ জীৱনলৈ থাকি যাব। কেতিয়াবা কোনোবা অভাবীজনক খুৱাই-বোৱাই চাব, পৰাখিনি সহায় কৰি চাব মনত যি শান্তি বা সুখ পাব ক’ৰবাত দামী দামী বস্তু বন্ধুৰ লগত খাইয়ো ইমান আনন্দ নাপাব ।সৰু সৰু পিলিকা মৰম লগা ল’ৰা ছোৱালীৰ লগত কথা পাতি চাব তাহাতঁৰ মৰম লগা জগতখনত সোমাই চাব খুব আনন্দ পাব পাৰি কাৰণ তাত একো হিংসা নাথাকে আৰু কাজিয়া কৰিলেও কেইমিনিটমানৰ বাবে।নিজে কিবা সাজি চাব খুব ভাল লাগে।সুখবোৰ বুটলিবলৈ জানিব লাগিব আৰু মনত ৰাখিব লাগে প্রত্যেকজন মানুহৰে মূল্য আছে আৰু মৰম, ভালপোৱা, সুখ, প্রকৃত বন্ধু, অতি আপোনজন টকাৰে কিনিবও নোৱাৰি আৰু জুখিবও নোৱাৰি।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments