দিকহাৰা টাটুঃ পৰী পাৰবীন

পিঠিখনত এটা টাটু আঁকি থোৱা আছে তাইৰ। ঠিক মনত পৰে, কলেজত নাম লগাইছিল মাত্ৰ, ফেৰীৱালাৰ পৰা আইচক্ৰীম খাবলৈ গৈ তাই একেথৰে ফেৰীৱালাজনৰ হাতৰ টাটুটো চাই থকা দেখি সুদৰ্শনে কৈছিল, “কিহে? বৰ পছন্দ হৈছে নেকি? মোৰ নামত টাটু এটা আঁকি ল’বাগৈ যোৱা।“

ধেমালিতে কৈছিল যদিও টাটুৰ হেঁপাহটো পূৰাবলৈ তাই বিউটি পাৰ্লাৰ পাইছিলগৈ। পিঠিত লিখি লৈছিল, সুদৰ্শন নামটো। তাৰ পাছত পিঠিখন মানুহৰ চকুত নপৰাৰ কত প্ৰয়াস, কত প্ৰচেষ্টা। পিঠিতেইনে? হৃদয়ত খোদিত নামটো লৈ দুয়ো একেলগে বিশ্ববিদ্যালয় পালেগৈ, বিশ্ববিদ্যালয়ৰ অস্থায়ী চাকৰিত মকৰল হ’ল দুয়ো। সেয়া কেৰিয়াৰ গঢ়াৰ সময়। আৰু সেই সময়খিনিতেই কেঁকুৰিটো আহি গৈছিল জীৱনলৈ। আৰু সেই কেঁকুৰিটোৰে বাট সলাই সলাই তাই বিশবছৰ অতিক্ৰম কৰিলে। পিঠিখনৰ টাটুটো থাকি গ’ল। প্ৰতিবাৰ আইনাখনত পিঠিখন চোৱাৰ লগে লগেই সেই টাটুটোৱে তাইৰ চৌপাশ জুৰি হাহাকাৰ কৰি উঠে, সুদৰ্শন ক’ত? ক’ত সুদৰ্শন? অথচ পিঠিত, বুকুত খোদিত সেই নাম।

আজিও সেই অনুভৱৰ পুনৰাবৃত্তি নোহোৱাকৈ নাথাকিল। ঈষৎ ভাঁজ লগা চুলিখিনি পিঠিত মেলি দি টাটুটো ঢাকি তাই আবেলি চাৰিবজাৰ ক্লাছটো কৰিলে। ক্লাছটো কৰিয়েই চিধা চিধি তাই বজাৰলৈ গ’ল। অন্তৰাই ফোন কৰিছিল তাইক, গধূলি তাইৰ ওচৰলৈ আহিব পাৰিম নেকি সুধিছিল। অন্তৰা তাইৰ প্ৰিয় ছাত্ৰী। অন্তৰা হোষ্টেলত থাকে। হোষ্টেলত থকাৰ বাবেই অন্তৰা আহিলে তাইৰ খোৱা বোৱাৰ বিশেষ যতন যোগাৰ কৰে। সেয়ে তাই অন্তৰাৰ প্ৰিয় খাদ্য দুবিধমান লৈ গাড়ীখন কলেজ চৌহদৰ ফালে ঘূৰালে। ৰূমৰ তলাটো খুলি বস্তুকেইপদ সামৰি বাথৰূমৰ ফালে খোজ লওঁতেই গেট খোলাৰ শব্দ শুনি তাই বাহিৰলৈ ওলাই আহিল। অন্তৰা নহয়, বন কৰা মানুহজনীহে।

চাহ একাপৰ প্ৰয়োজনবোধ কৰিছিল যদিও অন্তৰা অহালৈকে ৰওঁ বুলি তাই ফ্ৰেছ হৈ বিছনাখনত বাগৰ দিলে। দুজনীয়া এখন বিছনা। বিছনাখনৰ দুকাষে দুটাকৈ আলমাৰী, এটা কাপোৰৰ, এটা কিতাপৰ। ৰূমটোৰ এচুকত পঢ়া টেবুলখন। পঢ়া টেবুলখনৰ ওপৰত টেবুল লেম্প এটা। বেছ পুৰণা, কিন্তু নতুনৰ দৰে চিকচিকাই থকা। সেইটো সুদৰ্শনে দিয়া।

সুদৰ্শন চলিহাৰ স্মৃতিৰে ভৰি আছে মনৰ প্ৰতিটো কোঠা। বিশবছৰ নহৈ যেন বিশদিনৰহে কথা এয়া। যাত্ৰাৰ শেষত আকৌ যেন লগ পাব সুদৰ্শনক। এই যেন অভিমান সামৰি তাইৰ ওচৰত বহি নিচুকাব তাইক। ভাগৰে হেঁচা মাৰি ধৰা দেহাটো এইবাৰ অৱশ হ’ল। সুদৰ্শন চলিহাৰ অৱয়বটো মনলৈ আহিল। শৰীৰটোৰ লগতে মনটোও ভাৰাক্ৰান্ত হৈ পৰিল। সকলো ঠিকে ঠাকে থকা হ’লে দুজনীয়া বিছনাখনৰ এক বিশাল সত্তা জুৰি তেওঁ থাকিলহেঁতেন। নাথাকিল। কেতিয়াবা সৰু কথা কিছুমানত ডাঙৰ সিদ্ধান্ত লৈ লোৱা যায়। ৰাখী আৰু সুদৰ্শন চলিহাৰ সম্পৰ্কটোও তেনে সম্পৰ্কত ওলমি থাকিল।

পি এছ নায়াৰৰ তত্বাৱধানত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত গৱেষণা কৰি থেছিছ জমা দি তাই আজৰি হৈছিল মাথোঁ, হঠাতে ষ্টাফৰূমৰ বিষয়বস্তু হৈ পৰিছিল তাই। গৱেষণাৰ সময়ত সেই কথাবোৰ শুনিবলৈ তাইৰ সময় নাছিল, পিছতহে শুনিবলৈ পাইছিল ঘুনুক ঘানাককৈ। বতাহত উৰি অহা পাতখিলাই নে অন্য এছাটি গোন্ধই কথাবোৰ কঢ়িয়াইছিল তাই নাজানে, সুদৰ্শনলৈ ফোন উঠাইছিল মাজৰাতি,
“সুদৰ্শন।”
“কি হৈছে ৰাখী? ইমান দেৰি শোৱা নাই তুমি?”
“টোপনি ধৰা নাই সুদৰ্শন। কিবাকিবি কথাবোৰ মনলৈ আহি আছে।“
“কোনবোৰ কথা?”
“আজি জুলিয়ানাই কথা এষাৰ ক’লে।”
“কি কথা?”
“পি এছ নায়াৰ ছাৰৰ কথা। মোৰ কথা।”
“হুমম।”
“একো ন’কলা সুদৰ্শন?”
“কি ক’ম মই? মানুহে কোৱাটো কিদৰে ৰখাম মই?”
“আন মানুহৰ কথা নকওঁ সুদৰ্শন, কিন্তু জুলিয়ানাৰ মুখত শুনি ভাল লগা নাই মোৰ।“
“মই বাৰু জুলিয়ানাক ক’ম।“
“কি ক’বা?”
“যাতে এই কথাবোৰে তোমাক অসুবিধাত নেপেলায়।“
“মোক কি অসুবিধাত পেলাব সুদৰ্শন? মাত্ৰ শুনি ভাল লগা নাই।“
“মোৰো ভাল লগা নাই। বিকাশহঁতেও বেয়া পাইছে।“
“কাক বেয়া পাইছে?”
“তোমাকে বেয়া পাইছে।”
“ৰ’বাচোন ৰ’বা। মোক বেয়া পোৱাৰ কাৰণ?”
“চোৱা ৰাখী। তুমি আমাৰ বেটচৰ এজনী নাম থকা ছোৱালী। সকলোৰে বহুত আশা তোমাক লৈ। গতিকে তোমাৰ নামত বেয়া কথা ওলালে সকলো ক্ষুন্ন হোৱাটো স্বাভাৱিক।”
“আৰে সুদৰ্শন। মোৰ ভুলটো কি?”
“তুমি গৱেষণাৰ নামত প্ৰফেচৰ নায়াৰৰ ঘৰলৈ ৰাতি ৰাতি অহা যোৱা কৰিব নালাগিছিল।“
“তুমি কি ক’ব বিচাৰিছা সুদৰ্শন?”
“বহুত ৰাতি হ’ল ৰাখী। শুই যোৱা। পিছত কথা পাতিম।”

ফোনটো কাট খাই যায় তাইৰ। হয়তো সুদৰ্শনৰ টোপনি ধৰিছে। টোপনি নহ’ল তাইৰ। টোপনি আহেইবা কেনেকৈ? যাৰ ওচৰত কথাবোৰ পাতল হওক বুলি ফোন উঠাই লৈছিল, তেৱোঁ দেখোন সন্দেহৰ আৱৰ্তত ৰাখি দিলে তাইক। প্ৰফেচৰ নায়াৰৰ লগত বহুত সময় কটাইছে তাই, কামৰ সময়ত বেলি উঠা-ডুবাৰ খবৰ তাই ৰখা নাছিল, সেয়াও সঁচা। কেতিয়াবা গধূলি গৈ মাজৰাতি ওভতি আহিছিল নিজৰ কোঠালৈ, কোনোবাটো সময়ত প্ৰফেচৰ নায়াৰে গাড়ী পঠিয়াই দিছিল তাইক থ’বলৈ। ক’তা! তাইতো একো অসুবিধা পোৱা নাছিল। অসুবিধা পাইছে বাহিৰৰ জগতখনলৈ ওলাই আহিহে। অসুবিধা পাইছে নিজৰ বুলি গণ্য কৰা মানুহখিনিৰ পৰাহে।

চকুহাল সেমেকি আহিল তাইৰ। বৰ আবেগিক তাই। অলপতে চকুহাল সেমেকি উঠে। ঘড়ীটোলৈ চালে, আঠবজাৰ সংকেত দিলে। অন্তৰা নাহিল। ফোনটো কৰিবলৈ লৈও থৈ দিলে। অতীতে ভালকৈয়ে ডুবাইছে তাইক। অন্তৰাৰ উপস্থিতি এতিয়া তাইৰ কাম্য নহয়। নিজৰ সতে এই একাত্মতা তাইৰ বাবে সুখবিলাস। চাহ একাপৰ প্ৰয়োজনবোধ কৰিলে, কিটচেনত খুটখাট কৰি থকা বন কৰা মানুহগৰাকীক চিঞৰি তাই অতীত বিহাৰত মগ্ন হ’ল।

প্ৰবক্তাৰ চাকৰিটো তেতিয়াও স্থায়ী হোৱা নাছিল। তথাপি তাইৰ পাৰদৰ্শিতাৰ ওপৰত নিৰ্ভৰ কৰি বহুতখিনি ক্লাছ তাইৰ নামত দিয়া হৈছিল। সেইখিনি কৰিবলৈ যাওতে তাই নিজলৈ বুলি সময় উলিয়াব নোৱাৰে। দুবাৰমান প্ৰফেচৰ নায়াৰক তাই কৈছিল, কিন্তু প্ৰফেচৰ নায়াৰে তেতিয়ালৈকে তাইৰ ক্লাছ কৰ্তন কৰা নাছিল। ক্লাছ শেষ হোৱাৰ পিছতো ছাত্ৰ-ছাত্ৰীসকলে তাইক বেৰি থাকে। কেতিয়াবা কম্পিউটাৰ লেবত, কেতিয়াবা কলেজৰ চিৰিখিনিতে নতুবা তাইৰ অধ্যয়ণ কোঠাতো লৰা-ছোৱালীবোৰে বেৰি থাকে তাইক। এইবোৰৰ মাজত পৰি তাই ষ্টাফৰূমৰ ফালে যোৱাই নহয়। সিদিনা কি জানো হৈছিল, তাই নিজৰ চেম্বাৰলৈ নগৈ কলেজ ষ্টাফ কমনৰূমৰ পিনে খোজ থলে।

“নহয় বুলি ক’লেই হ’বনে? মোৰ ওচৰত প্ৰমাণ আছে”, সেয়া অভিজিত।
“কি প্ৰমাণ আছে অভিজিত?”, সেয়া জুলিয়ানাৰ মাত।
“আছে, প্ৰমাণ আছে, এইবাৰ আমাৰ চাকৰিটো ৰেগুলাৰ নহওকচোন, বুঢ়াৰ কীৰ্তি বজাৰত মেলিম।”
“বুঢ়া নহয় হেৰৌ, মুঠেই পঞ্চাশবছৰ হৈছেহে।“, খিলখিল হাঁহি জুলিয়ানা আৰু মালবিকাৰ।
“বুঢ়াৰ ভাগত এইবাৰ চেঙেলী মাছ পৰিছে”, আকৌ অভিজিত।
“হাঃ হাঃ হাঃ!”, হাঁহিৰ সমবেত সংগীত এইবাৰ।

কমন ৰূমৰ বাহিৰত তাই তভক মাৰি ৰ’ল। কেনেবাকৈ সিহঁতে তাইৰ কথাই পতা নাইতো! কেনেবাকৈ নহয়, তাইৰ কথাই পাতিছে। সিহঁতে তাইৰ কথাই পাতিছে, সিহঁত মানে অভিন্ন বন্ধু বান্ধৱীৰ দলটো, অভিজিত, জুলিয়ানা, মালবিকা। গৰম তেজ এসোঁতাই মগজুত বাহৰ পাতিলে। সুদৰ্শনো আছে নেকি ইয়াতে? নাই। নাই। সুদৰ্শন থকা হ’লে সিহঁতে এনেকৈ ক’বলৈ সাহস নাপালেহেঁতেন। তাই ওভতি যোৱাটোকে ঠিক কৰিলে,
“এতিয়া পিছে সুদৰ্শনে কি কৰিবা? এই বহাগতে বিয়া পতাৰ কথা আছিল নহয়? কইনা সলাবা নে বাহি হোৱা কইনাজনীকে ৰাখি থ’বা?”
আকৌ হাঁহিৰ ৰোল।

তাই এইবাৰ সহিব নোৱাৰিলে। কমন ৰূমলৈ খৰ খোজেৰে সোমাই আহিল। দুৱাৰখন খুলিয়েই দেখিলে অভিজিতৰ সন্মুখৰ চকীখনত সুদৰ্শন বহি আছে। মানে? আসঃ! মানে সুদৰ্শনৰ সন্মতিত এই সকলো আলোচনা! চকুপানীৰে কৰিডৰটো ধূসৰ হৈ পৰিল। তাই দৌৰি ওলাই আহিল। ক্লাছ আছিল যদিও তাই ক্লাছৰ পিনে পোনাব নোৱাৰিলে। বেগটো লৈ গাড়ীখনৰ ফালে আগবাঢ়িল। সুদৰ্শন পিছে পিছে আহিছিল,
“হেল্ল’ হেল্ল’!”
তাই পিছলৈ নাচালে। খোজৰ গতি খৰ কৰিলে। সুদৰ্শন দৌৰি আহিল,
“ৰাখী প্লিজ।”

কাণ দুখন ভমভমালে তাইৰ। গাড়ীত বহিল। গাড়ী দৌৰিল। দৌৰি দৌৰি থমকিল ব্ৰহ্মপুত্ৰৰ পাৰত। ব্ৰহ্মপুত্ৰত কান্দিবলৈ ভাল। নৈয়ে সামৰি লয় সমস্ত চকুপানী। পাহৰো বুলিলেও কান্দোনটো উজাই আহে তাইৰ। অভিজিতহঁতে তাইক নগ্ন কৰিব বিচৰাৰ প্ৰয়াসটো নতুন নহয়, সেইটোত তাইৰ দুখ লগা নাই, দুখ লাগিল সুদৰ্শনৰ উপস্থিতিত হৈ আছিল গোটেই কথাখিনি। কান্দি কান্দি ভাবিলে, কি কাৰণ? কি কাৰণ এই চকুপানীৰ? অভিজিতহঁতৰ মিছা অভিযোগ নে সুদৰ্শনৰ সেই ধৃতৰাষ্টৰ ৰূপ! চকুপানী মোহাৰি তাই গাড়ীত উঠিল। মোবাইলটো খুলি চিম কাৰ্ডখন উলিয়ালে। নৈত কাৰ্ডখন বিসৰ্জন দি তাই চকুৰ সুঁতিটোত হাত ফুৰালে।

“বদনাম বস্তুটোৰ একো প্ৰমাণ নালাগে ৰাখী। বদনাম নিজেই এক উগ্ৰ গোন্ধ।“, তাৰ মাজতো তাইক কোনোবাই বুজাইছিল।
“এবাৰ সুদৰ্শনৰ লগত কথা পাত ৰাখী”, সুদৰ্শনৰ হৈ কোনোবাই উকালতি কৰিছিল।

তাই অতিষ্ঠ হৈ চিঞৰি উঠিল, “কি কাৰণে কথা পাতোঁ মই সুদৰ্শনৰ সতে? দ্ৰৌপদীক উলংগ কৰাৰ প্ৰয়াস কৰোতেও এজন ভগৱানে শৰীৰ মেৰিয়াই ধৰিছিল। মোক মোৰ ভগৱানে এবাৰো ঢাকিবলৈ চেষ্টা নকৰিলে মিতু”।
ভাগি পৰিছিল তাই। বৰ জটিল মনস্তত্ব সেয়া। কাৰো লগতে যোগাযোগ ৰখা নাছিল। সুদৰ্শনক একপ্ৰকাৰ শাস্তি দিছিল। আৰু তাই চাকৰি সলাই গুচি আহিছিল অৰুণাচল পাহাৰৰ বুকুলৈ। কমনৰূমৰ মুখৰোচক কাহিনীটোৱে এনে গতি ল’ব বুলি আচলতে কোনেও ভবা নাছিল।

সকলোৰে সৈতে যোগাযোগ বিছিন্ন কৰি অৰুণাচলৰ নিৰ্জুলী পাহাৰত কৰ্মৰ দিন আৰম্ভ কৰিছিল। সেউজীয়া পাহাৰ, শুকুলা ডাৱৰ, হিমানী বৰষুণত ডুবিবলৈ নষ্টালজিয়াবোৰ যথেষ্ট আছিল। পাহাৰ ভাল, বৰ ভাল, ঢাকি ৰাখে দুখৰ সমতল। ওচৰৰ নিচি গাঁওখনত অকলে অকলে ঘূৰি ফুৰে তাই। তেতিয়া তাই ভৰযৌৱনা। চকুত অৱশ্যেই বিষাদ। বুকুত বিষাদৰ নিচা। আদি ল’ৰাবোৰে তাইক বাট দেখুৱাই পাহাৰৰ সৌন্দৰ্য দেখুৱায়। জলপ্ৰপাতৰ পানীত আপাতানি গাভৰুৱে শৰীৰ পখালে। বেপৰোৱাভাবে ঘূৰি ফুৰাৰ পাছতো দায়িত্ব কিছুমানে লগ নেৰে। হোষ্টেলৰ ৱাৰ্ডেনৰ দায়িত্ব ল’বলগা হ’ল এদিন। দায়িত্ব লৈয়ে লগ পাইছিল তেজপুৰৰ ছোৱালী অন্তৰাক। অন্তৰা ধুনীয়া, কিন্তু বৰ ছটফটীয়া। ভাল গান গায়, কবিতা আবৃত্তি কৰে, মডেলিং কৰে, কিন্তু জোখতকৈ সোনকালে ভাগি পৰে। সেই অন্তৰা আজি অহাৰ কথা আছিল, পিছে নাহিল। অন্তৰালৈ অনা খোৱা বস্তুখিনি তাই ফ্ৰীজত ভৰাই টিভিটো অন কৰি ল’লে।

সুদৰ্শনলৈ মনত পৰিল খুবকৈ। যদিওবা তাৰ পিছত সুদৰ্শনক কেতিয়াও লগ পোৱা নাই, লগ পাবলৈ বিচৰাও নাই, তথাপি সুদৰ্শনৰ কথা মনত পৰিলে চকুহাল সেমেকি আহে তাইৰ। কিন্তু প্ৰেমতকৈ ক’ৰবাত তাইৰ অহমিকাবোধ বেছি হয়তো, তাই সেমেকা চকুহালৰ কথা কাকোৱে নক’লে।

“ভাল পাইছিলো সুদৰ্শনক, এতিয়াও পাওঁ হয়তো, কিন্তু যোগাযোগ সম্ভৱ নহয় আৰু।“, মধ্যস্থতা কৰিবলৈ অহা মিতুৰ ওচৰত শেষৰ বাক্যষাৰি তাইৰ।
ক্ৰিং ক্ৰিং ক্ৰিং। বিকট শব্দেৰে ফোনটো বাজি উঠে। ফোনটো তাইৰ বাবে বৰ অনীহাৰ বস্তু। তাইৰ একাকীত্ব-বিলাসিতাত প্ৰায়ে আঘাত সানে ফোনটোৱে। বাজি উঠা ফোনটোলৈ চালে, অন্তৰা চৌধুৰী। কিয় আহিব নোৱাৰিলে ক’বলৈ ফোন কৰিছে হয়তো।

“মেম!”, উচুপিছে তাই।

কঁপি উঠিল ৰাখী, কি হৈছে অন্তৰাৰ? বৰ ভয় লগা বয়স এইটো। এই বয়সটোৱে বুকু উজাৰি দিবও জানে, ল’বও জানে। কি হৈছে তাইৰ প্ৰিয় ছাত্ৰী অন্তৰাৰ?
“কি হৈছে কোৱা তুমি? মোক খুলি কোৱা।”

নক’লে অন্তৰাই। উচুপি থাকিল। উচুপি থকা ছোৱালীজনীক শান্ত কৰিব নোৱাৰি তাই অন্তৰাৰ হোষ্টেল পালেগৈ। নিজৰ কোৱাৰ্টাৰলৈ লৈ আনিলে অন্তৰাক, কিহে এই ছটফটীয়া ছোৱালীজনীৰ গতিৰুদ্ধ কৰিছে সেয়া শুনা যাওক।

ছটফটীয়া ছোৱালীজনীৰ চকুত ৰঙাফুল। বুজা যায়, দিনৰ দিনটো চকুৰে নৈ বৈছে। ইমান বিৱৰ্ণ মুখ, ইমান শেতা পৰা ওঁঠ, যেন যুদ্ধত সৰ্বস্ব হেৰুওৱা কোনো দুখীয়া দেশৰ নাগৰিক।

“কি হৈছে অন্তৰা, মোক কোৱা তুমি। খুলি কোৱা। অলপো ভয় নকৰিবা।“

“সিহঁত মোৰ পিছত পৰিছে মেম। মোক সিহঁতে মাৰি পেলাব।“, কৈয়ে উচুপি উঠে তাই।

“আসঃ কোনে মাৰে তোমাক? কিয় ভয় কৰিছা মিছাতে?”সাহস দিয়ে যদিও কঁপি উঠে মেডাম ৰাখী। কোনে জানে, কাৰ ক’ত কি স্বাৰ্থ? দুৱাৰখনলৈ চালে। শলখাডাল বন্ধ কৰা আছে। অন্তৰাই কথা ক’ব পৰা নাই। তাই পানী এগিলাচ আগবঢ়াই দিলে। পানীগিলাচ ঘোটঘোটকৈ খাই তাই যিখিনি ক’লে সেইখিনিৰ সাৰমৰ্ম এয়ে যে, দুদল ল’ৰাৰ মাজত কিবা কথাত মতানৈক্য হৈছে, এদল তাইৰ কলেজৰ সহপাঠী আৰু আনদল তাইৰ মিউজিকৰ দল। মিউজিকৰ দলটোত স্থানীয় ল’ৰাও দুজনমান আছে। সিহঁতে পৰিস্থিতি বিষম কৰি তুলিছে। সিহঁতৰ কাজিয়াখনত তাই মিছাতে সাঙুৰ খালে। এতিয়া তাৰে কোনোবা এটাৰ লগত তাইৰ ঘনিষ্ঠ সম্পৰ্কক লৈ বুবুবাবা। চৰিত্ৰ লৈ টনাটনি। তাতে আজিকালি চচিয়েল মেডিয়াৰ যুগ। ইয়াতে টিপা মাৰিলে কোনোবা সিপুৰী পায়গৈ শিপা। সিমানখিনিলৈকে ধৈৰ্য হেৰুৱাই পেলোৱা নাছিল অন্তৰাই। কিন্তু দুয়োপক্ষই তাইক যেতিয়া চেপি মাৰিব ধৰিলে, তাইৰ বান্ধ চিগি গ’ল। তাইৰ কি ভুল বুলি নিজকে সুধি থাকোতেই বোমাটো ফুটিল, সিহঁতৰ ওচৰত তাইৰ কথোপকথনৰ প্ৰমাণ আছে হেনো।

“কথোপকথনৰ প্ৰমাণ?”

“হয় মেডাম। কথোপকথনৰ মানে মেচেজৰ।”

“কাৰ সৈতে কথোপকথনৰ?”

“সেই আদিবাসী ল’ৰাজনৰ সৈতে, যিয়ে মোৰ গানৰ প্ৰগেমত গিটাৰ বজাইছিল।“

“আচ্ছা!”

মনে মনে ৰ’ল তাই। অন্তৰাও মৌন হৈ পৰিছে। আকৌ সুধিলে ৰাখীয়ে,

“এটা কথা কোৱাচোন, তাৰ সৈতে তুমিতো কথা পাতিছিলা।“
“পাতিছিলো।“

“তুমি মুকলিকৈ স্বীকাৰ কৰা কথাটোৰ বেলেগ প্ৰমাণ কিয় লাগে?”

“মই নাজানো মেম, সিহঁতে যতেই লগ হয়, তাতেই এই কথাটোকে কৈ মোক হানি খুচি থাকে। আৰু কি জানে মেম?”

“কি?”

“সিহঁতে মোক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছে।“

“ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছে? কি বুলি ব্লেকমেইল কৰিছে?”

“মোৰ মেচেজৰ স্ক্ৰীনশ্বট পাইছে হেনো। ভাইৰেল কৰি দিব সেই স্ক্ৰীণশ্বট।“

“আস! কি আছে সেই স্ক্ৰীনশ্বটত?”

“নাজানো মেম। মই একোৱে নাজানো।”

তাই এইবাৰ জোৰে জোৰে কান্দিবলৈ ল’লে। ওঠৰ বছৰীয়া এজনী ছোৱালী। মাক দেউতাকৰ বুকুৰ উমৰ পৰা ওলাই অকলে পৃথিৱীখনত ভৰি দিছিলহে মাথোঁ, হৈ গ’ল ভুল। ভুল হৈ গ’ল। যুগে যুগে নাৰীৰে ভুল হয়। পুৰুষৰ ভুলত ইতিহাস সৃষ্টি নহয়।

“এতিয়া কি কৰিম বুলি ভাবিছা?”

“কি কৰিম মেডাম?”, ফুলা ফুলা চকুকেইটা মেলি তাই ৰাখীলৈ চাই থাকিল।

“চোৱা অন্তৰা। মই দুটা অপচন দিওঁ, হয় কথাবোৰ হজম কৰা, হজম কৰিব নোৱাৰিলে আইনৰ ওচৰলৈ যোৱা।“

“হজম কৰিম মেম? কি হজম কৰিম মেম? মোৰ তেনেকুৱা একো প্ৰমাণ থাকিবই নোৱাৰে। মোৰ তেওঁলোকৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক। সিহঁতে মিছা ৰহণ সানিছে।”

“তোমাৰ যদি নিজৰ ওপৰত বিশ্বাস আছে, ইমান কন্দা-কটাখন কেলেই?”

“মেম, মই কনফিউজড হৈ গৈছো, মই জনাখিনি সঁচানে সিহঁতে কোৱাখিনি সঁচা?”

“সিহঁতে কি প্ৰমাণ আছে বুলি কৈছে?”

“মোৰ মেচেজৰ স্ক্ৰীনশ্বট পাইছে হেনো।”

“আস অন্তৰা। অলপ মগজুটো লগোৱাচোন। স্ক্ৰীনশ্বটৰ প্ৰমাণৰ ওপৰত তোমাৰ ইমান কন্দা-কটা কিহলৈ?”

“মই সহিব পৰা নাই মেম। মোৰ এনে কি স্ক্ৰীণশ্বট আছে মই নিজেই নাজানো আৰু কোনে তেওঁলোকক যোগান ধৰিছে, সেয়াও বৰ গভীৰ ষড়যন্ত্ৰ মেম।“

“আৰু তুমি দুৰ্বল হৈ সেই ষড়যন্ত্ৰ সফল কৰি তুলিছা।”

“কি কৰোঁ মেম? এনে জটিলতাৰ মাজত সোমাই পৰা নাছিলো মেম।“

“জীৱন আৰম্ভ হৈছেহে তোমাৰ। এতিয়া পংকিলতাত খোজ থৈছাহে। জটিলতা পাবাই।”

“ইমান সৰুতে বদনাম! মাহঁতে কি ক’ব মোক? দেউতা পাগল হৈ যাব মেম।“

“দেউতাক মই বুজাম অন্তৰা। তুমি নিজৰ কাম কৰি যোৱা।“

মনে মনে ৰয় অন্তৰা। আকৌ কয় ৰাখীয়ে,
“কথাবোৰ বেয়া সপোন বুলি ভাবি পাহৰি যোৱা।”

“মোৰ লগৰখিনিয়েও মোক আজিকালি সন্দেহৰ চকুৰে চায়। মপিন ফেষ্টিভেলত মই সিহঁতৰ লগত ৰাতি প্ৰগেম কৰিছিলো, সেইবোৰ লৈ এতিয়া নতুন কাহিনী ওলাইছে।মোৰ লগৰখিনিয়েও মোক বেয়া ছোৱালী বুলি ভাবে। কিন্তু বিশ্বাস কৰক, নিচি ল’ৰাকেইজনে অসমৰ ছোৱালী বুলি মোক বৰ সন্মানৰ দৃ্ষ্টিৰে চায়। তেনেকুৱা ল’ৰা নহয় সিহঁত। মোৰ লগৰখিনিয়েহে মোৰ চৰিত্ৰক লৈ টনা আজোৰা কৰি আছে।”

“নিজে নিজৰ সংগী হ’ব নোৱাৰিবানে অন্তৰা? মা দেউতা আছে লগত, মই আছো লগত। নোৱাৰিবানে তুমি?”

“মেম!”

“কোৱা।”

“কিয় জানো ভাব হয়, সিহঁত সফল নহ’লে মোক মাৰি পেলাব।“

“অনাহক ভয় খাইছা তুমি। মৰাৰ ষড়যন্ত্ৰ কৰিলে স্ক্ৰীনশ্বটৰ ভয় নেদেখুৱালেহেঁতেন। স্ক্ৰীনশ্বটৰ কাহিনী এটা কওঁ শুনা।“

“কওক মেম।“

“নিৰ্বাচনৰ সময়ৰ ঘটনা। এটা দলৰ মানুহে সিটো দলৰ প্ৰাৰ্থীৰ বিতৰ্কিত স্ক্ৰীণশ্বট প্ৰকাশ কৰি গভীৰ ষড়যন্ত্ৰ কৰিছিল। স্ক্ৰীনশ্বটটো মেকিং আছিল। এক মিনিটত বনাব পাৰি এটা স্ক্ৰীনশ্বট। সেই কথাটোতো তুমি জানা চাগৈ?”

“নাজানো মেম। কেনেকৈ মোৰ মেচেজৰ স্ক্ৰীনশ্বট বনাব পাৰিব সিহঁতে?”

“ইমান সৰু কথা সেইটো। সেইটোৰ বাবে মাত্ৰ তোমাৰ এখন ফটো লাগিব আৰু লাগিব দুটা মোবাইল। এটা নাম্বাৰৰ প্ৰফাইলত তোমাৰ ফটো থাকিব আৰু সিটোত সেই নাম্বাৰটো তোমাৰ নামত চেভ থাকিব। আৰু ইচ্ছা অনুযায়ী দুয়োটা মোবাইলত যিধৰণৰ মেচেজ লাগে আদান প্ৰদান কৰিলেই হ’ল। তাৰ পিছত স্ক্ৰীণশ্বটৰ ৰেচিপি তৈয়াৰ।“

“হা! আচৰিত কাৰবাৰ দেখোন। মই এনেদৰে কথাটো ভবাই নাছিলো। ময়োতো এনেদৰে সিহঁতৰ নামত একমিনিটতে স্ক্ৰীনশ্বট ৰেডি কৰি দিব পাৰোঁ।”

“পাৰিবা। মগজুটো বেয়া কামত লগাওঁ বুলি ক’লে উপায় বহুতেই ওলাব।”

“নকৰোঁ মেম। মই সিহঁতৰ নামত এনে জঘন্য কাম নকৰোঁ। মই সিহঁতৰ দৰে নিৰ্লজ নহওঁ।“

“তথাপি অন্তৰা, মই কওঁ, পৃথিৱীখন বেচ জটিল, তাতোকৈ জটিল নিজকে শুদ্ধ অৱস্থানত ৰাখি খোজ কঢ়াটো। গতিকে সাৱধান। এই যে ঘটনাটো হ’ল, ইয়াৰ পৰা কি লাভ হ’ল জানানে? অভিজ্ঞতাৰ ঘৰত সংখ্যা এটা জমা হ’ল। আৰু অলাগতিয়াল বন্ধু বান্ধৱবোৰ ফিল্টাৰ হৈ আঁতৰি গ’ল জীৱনৰ পৰা। জীৱনত ইমান বন্ধু বান্ধৱ নালাগেতো অন্তৰা। মানুহ বেছি, সমস্যা বেছি। সমস্যা বেছি, উন্নতি কম।”

কিছু বুজি উঠিছিল যেন অন্তৰাই। ফুলি উঠা চকুযোৰ সজীৱ হৈ উঠিছিল। টিভিটো লগাই দি ৰাখী কিটচেনত সোমাইছিল। অন্তৰাৰ প্ৰিয় চিকেন-বাটাৰৰ গ্ৰেভীটো ৰেদি কৰি তাই টেবুল সজালে। তাই জানে, বদনামৰ কোনো প্ৰমাণ নালাগে, নালাগে কোনো উৎস। হাচনাহানৰ উগ্ৰ গোন্ধটিৰ দৰেই বিয়পি যায় চৌদিশ। মাৰি নিয়ে, জ্বলাই যায় নিৰলে নিৰলে, আন কোনেও নজনাকৈ, ৰাখি যায় ক’লা এটি দাগ, ঠিক যেন পিঠিৰ টাটুটোৰ দৰেই এটা স্থায়ী দাগ।
অন্তৰা যোৱাৰ পিছত কিতাপখন মেলি ল’লে ৰাখীয়ে। ৰাতিপুৱাৰ প্ৰথম ক্লাছটো ‘ডাটা ষ্ট্ৰাকচাৰ’ৰ। ষ্টেক, কিউৰ ভাজে ভাজে তথ্যবোৰ ভৰাওতে সুদৰ্শনৰ হাতখন হয়তো অন্যমনস্কতাত লাগিও গৈছিল, বদনাম নহ’ল। পিকনিক খাবলৈ যাওঁতে শিলৰ পৰা পৰি যাব বুলি সুদৰ্শনে তাইলৈ হাতখন আগবঢ়াই দিছিল। তেতিয়াও বদনাম নহ’ল। বদনাম হ’ল তাইৰ গৱেষণাৰ সময়ত। তাকো পঞ্চাশোৰ্ধৰ প্ৰফেচৰ নায়াৰ ছাৰৰ সৈতে। বদনামৰ মূল কাহিনী ৰটিছিল অভিজিত চৌধুৰীয়ে। “ছিঃ অভিজিত, মনত পৰেনে, তই যে মোৰ জীৱনত সুদৰ্শন থকাৰ পিছতো অশ্লীল ইংগিত দিছিলি। তথাপি তোলৈ মোৰ কোনো খেদ নাই। কাৰণ তোক মই আপোন বুলি কেতিয়াও ভবাই নাই। আপোন বুলি ভবা মানুহৰ পৰাহে কষ্ট পোৱা যায়। কষ্ট পাওঁ সুদৰ্শনৰ কথা ভাবি, সি মোক মনাব পৰাকৈ নমনালে কেলেই বুলি ভাবি”।

সুস্থ হৈ উঠিছিল অন্তৰা। নিৰ্ভীক হৈ উঠিছিল। এদিন পুৱাতেই বগা-ৰঙা চুৰিদাৰযোৰ পিন্ধি কপালত চন্দন-সেন্দুৰৰ তিলক লৈ ৰাখীৰ ৰূম সোমাইছিলহি,
“আজি সিহঁতৰ কাৰণে মন্দিৰত চাকি দিলোঁ। ভগৱানে সিহঁতক সুমতি দিয়ক। আৰু মই সিদ্ধান্ত ল’লোঁ, মোক আইন নালাগে। আইন দুৰ্বল মানুহৰ বাবেহে। মই দুৰ্বল নহয়।”

মৰমতে অন্তৰাৰ কপালত চুমা এটা আঁকি দিলে ৰাখীয়ে। সৰু ছোৱালী এজনীৰ দৰে তাইৰো ক’বলৈ মন গ’ল,
“মাজে মাজে ভুল প্ৰমাণিত হোৱাটো ভাল অন্তৰা। মোলৈকে চোৱা, মই ভুল প্ৰমাণিত হ’লেই কষ্ট পাওঁ আৰু কষ্ট নিৰাময় কৰিবলৈ মই কেন্সাৰ ৰোগীক অৰ্থদান কৰো নতুবা অনাথ আশ্ৰমত ভৰি থওঁ। মোৰ ভুলবোৰে বহুজনক নতুন জীৱন দান দিয়ে, তেওঁলোকৰ বাবেই মই বাৰে বাৰে ভুল প্ৰমাণিত হোৱাটো জৰুৰী”।

ছটফটীয়া অন্তৰাজনীয়ে অনৰ্গল কথা কৈ গৈছে, “মই দেউতাক ক’লো গোটেই কথাবোৰ। আপোনাৰ কথাও ক’লোঁ। কেৱল আপোনাক লগ কৰিবলৈকে তেজপুৰৰ পৰা আহি আছে দেউতা। আহি পাবৰে হৈছে এতিয়া।”

ৰাখীৰ পিছে লগ কৰিবলৈ মন নাযায় কাকো। একাকীত্বৰ দ্বীপটোত নিজকে নিৰ্বাসন দিয়াৰে পৰা বহিৰ্জগতৰ সতে সম্পৰ্ক ৰাখিবলৈ মন নাযায় তাইৰ। তথাপি সৰু ছোৱালীজনীৰ মনত দুখ দিয়াতকৈ অলপ অভিনয় কৰা ভাল। গাড়ীখন ৰোৱাৰ লগে লগে অন্তৰাই দেউতা বুলি চিঞৰি ওলাই গ’ল। ৰাখীয়ে চুলিখিনি পিঠিত পেলাই সুদৰ্শন নামৰ টাটুটো ঢাকি অন্তৰাৰ দেউতাকক আদৰিবলৈ বাহিৰলৈ ওলাই আহিল, আগন্তুকক দেখি মুখ মেল খাই গ’ল তাইৰ,
“অভিজিত!”
ইফালে সমান উষ্মাৰে অভিজিতে চিঞৰিছে, “তুমি ইয়াত! ইমান বিচাৰিছিলো তোমাক, ক’ত হেৰাই গৈছিলা?”

নাকৰ পাহি, ফুলি উঠা চকুহাল আৰু বুকুৰ ঘাঁ ডুখৰি তাইৰ অজানিতে কেৰমেৰাই উঠিল। পিঠিৰ টাটুটোৱে তেতিয়া লুকাবলৈ বাট বিচাৰি দিকহাৰা পথিকৰ দৰে বুকুৰ অৰণ্যত হাহাকাৰ কৰি থাকিল।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ৰিণ্টু
2 years ago

ভাল লাগিল পঢ়ি

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক