দিখম নীৰৱে ব'ব (টুনুজ্যোতি গগৈ)

এনেদৰে হামিয়াই-হিকটিয়াই মৰ-কেলেহুৱা মানুহৰ দৰে দিনবোৰ খেদি থাকিলে আৰু নহ’ব। নীৰৱে বৈ থকা আগ বাৰিষাৰ দিখম জানৰ পাৰত সাজি থোৱা টঙিঘৰটোত বহি বহি নদায়ে আকৌ এবাৰ ভাবে – হয় আপোনঘাতী হ’ব, নহয় নতুন তেজেৰে জীৱন ৰণৰ আখৰা কৰিব।
সি বহুদিন ভাবিছে, দিখমৰ দক্ষিণ দিশে থকা অগাধ হাবিবোৰ ভাঙি ভাঙি এডোখৰ মাটি মোকলাব। খেৰ-বাঁহ-বেতেৰে সৰুকৈ পঁজা এটা সাজিব, আশ্ৰয়দাতা ঘৰটোৰ গিৰীহঁতৰ পৰাই সঁচলৈ বুলি গৰু-ছাগলী, হাঁহ-কুকুৰা পুহিবলৈ নিব, দ’ মাটি দুহালিচামানো মোকলাই হাল জুৰিব আৰু আগচোতালত ডাঙৰ ভঁৰাল ঘৰ এটা জিলিকি উঠিব…। ইমানলৈকে ঠিকেই থাকে, কথাবোৰ ভাবি থাকিলে দুচকুত নাচি থাকে দুজনী জোনাকী পৰুৱা।
পিছ ক্ষণতে তাৰ মনলৈ আহে যে সেই পঁজাটোত সি অকলেই থাকিব লাগিব, পথাৰৰ পৰা হালবাই ঘূৰি আেহাঁতে তাক মাইহাং বাটিত সোৱাদপানী যাঁচিবলৈ, ৰ’দত বেঙেনা পুলি ৰুই থাকোঁতে তাক তিয়ঁহ চকলিয়াই খাবলৈ দিবলৈ, তপত ভাত খাই থাকোঁতে কাষত বহি বিচনীৰে বিচি দিবলৈ সাদৰী নাথাকিব।
মৃতকৰ সকামৰ বাবে ৰঙা কুকুৰা এটা আগবঢ়াই থ’বলৈ, অকস্মাতে পেট কামুৰিলে মধুৰী গছৰ কুমলীয়া পাত খুন্দি খুৱাবলৈ, গৰু পোৱালি জগিলে ফেঁহু পুৰি বিলাবলৈ আয়েক নাথাকিব। লাই-পালেং গুটি পচাবলৈ, ওলাওঁতে- সোমাওঁতে ইটো-সিটো দিহা দিবলৈ, গল-খেকাৰি মাৰি নিজৰ উপস্থিতি সাব্যস্ত কৰি থাকিবলৈ নাথাকিব পিতায়েকো।
সাদৰী নথকা, আই-পিতাই নথকা পঁজাটোত সি কেতিয়াও অকলে থাকিব নোৱাৰে। সিহঁত নাথাকিলে ঘৰখন দেখোন মৰিশালি যেন লাগিব আৰু তেতিয়াই জোৰকৈ পাহৰি যাব খোজা অতীতে তাক বেছিকৈ আমনি কৰিব, পৰে পৰে কন্দুৱাব।
বুকু ভেদি বৈ অহা হুমুনিয়াহ এটা নদায়ে বতাহত এৰি দিয়ে। হঠাৎ যে কি হৈ গ’ল/ কোনো দিনে নভবা, ভাবিবলৈ ভয় লগা ঘটনাবোৰেই দেখোন চকুৰ আগত এটা এটাকৈ ঘটি গ’ল। বহুত কান্দিলে সি, চকুপানীবোৰ জমা কৰি ৰাখিব পৰা হ’লে চাগৈ দহখনমান দিখম জান বোৱাই দিব পৰা গ’লেহঁতেন।
তাক এনে মুজুৰা পৰা অৱস্থাত দেখিলে কোনেও বিশ্বাস নকৰে যে সি বছৰ চেৰেক আগলৈকে এজন ৰঙিয়াল মানুহ আছিল। সি নহ’লে গাঁৱৰ হুঁচৰিফেৰা, বিহুযোৰা আধৰুৱা হৈ পৰিছিল। তাৰ ঢোলৰ চাপৰ শুনিলে প্ৰতিজনী গাভৰুৰ গা সাতখন-আঠখন হৈ পৰিছিল। তাক মানুহবোৰে বৰ কাজুৱা ডেকা বুলিয়েই চিনি পাইছিল।
এৰা, তাৰ এখন নদন-বদন ঘৰ আছিল। ঘৰৰ আগপিনে এখন ডাঙৰ পাণ-তামোলৰ বাৰী, পিছপিনে মাছে-মগৰে উভৈনদী এটা পুখুৰী। দূৰৈত আছিল এখন চোমনি, এখন বাঁহনি, এখন মাহনি। আগ পথাৰত কৰিছিল সাতপুৰা মাটিৰ খেতি আৰু সেই খেতিৰ ধানেৰে দুবছৰলৈকে জোৰাই খাব পাৰিছিল।
দেশৰ ৰজাৰ বিৰুদ্ধে মোৱামৰীয়াসকলে বিদ্ৰোহ ঘোষণা কৰি ঠায়ে ঠায়ে অশান্তিৰ সৃষ্টি কৰিলেও সিহঁতৰ ঠাইডোখৰ অৰ্থাৎ তিপামৰ মানুহসকলে শান্তিৰেই দিনবোৰ অতিবাহিত কৰিছিল। পিছে দেশত বহু বছৰৰ পূৰ্বৰ পৰা অৰাজকতা চলি আছে বুলি জানিছিল।
কেতিয়াবা জুহালত বহি বুঢ়া-মেথাসকলে আলোচনা কৰে যে ৰাজ-পৰিয়ালৰ ক্ষমতাৰ খক আৰু ওভতগোৰে নাচিবলৈ লোৱা স্বভাৱৰ বাবেই আসাম দেশৰ বেলি ডুবো ডুবো হৈছে। ৰজাঘৰৰ অতিচাৰ-অবিচাৰত জ্বলিছে মৰাণ-মটকসকল। জ্বলিছে চিংফৌ, ডফলা, খামতিসকলো। কামৰূপত হৰদত্তক আৰু দৰঙত কৃষ্ণনাৰায়ণক দমন নকৰা হ’লে হেনো ৰজাৰ পেটলৈ সুখৰ এসাঁজ নগ’লেই হয়।
দেশৰ চুকে-কোণে বিদ্ৰোহৰ অগনি জ্বলি উঠিলেও নদাইহঁতৰ জীৱনবোৰ সুখে-সন্তোষেৰেই পাৰ হৈছিল। খৰিভাৰীক ৰাজচ’ৰাৰ খবৰৰ প্ৰয়োজন নহয়। ঘুনুক-ঘানাককৈ কেৱল কাণত পৰে, ল’ৰামতীয়া ৰজা চন্দ্ৰকান্ত সিংহৰ সমনীয়া সৎৰামৰ মৃত্যুৰ খবৰ, দেশৰ প্ৰকৃত হৰ্তা-কৰ্তা পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু গুৱাহাটীৰ বৰফুকন বদনৰ অৰিয়া-অৰিৰ খবৰ।
খবৰবোৰ শুনি নদাইহঁতৰ দুখ লাগে যদিও কোনো বিচলিত নহয়। ডা-ডাঙৰীয়াসকলৰ সুমতি হোৱাটো বিচাৰে যদিও দেশৰ ভৱিষ্যতৰ কথা ভাবি নাথাকে। সাধাৰণ পাইক হিচাবে শইকীয়া বা হাজৰিকাৰ নিৰ্দেশত ৰাজ-পৰিয়ালৰ বাবে কৰিবলগা কামখিনি কৰি দিয়ে আৰু তেনেদৰেই ৰজাৰ সেৱা আগবঢ়োৱা বুলি ভাবে।
দিনবোৰ গতানুগতিকভাৱে পাৰ হৈ থাকোঁতেই এদিন ভদৰামে সকলোকে সকীয়াই দিলেঃ শেনৰ এজাত হৈ পাটকাইৰ সিপাৰৰ পৰা আহিছে মান, এপিনৰ পৰা ঘৰ-বাৰী, খেতি-পথাৰ কৰি পেলাইছে থান-বান। মোৱামৰীয়াসকলে কেৱল ৰজাঘৰকহে আক্ৰমণ কৰাৰ বিপৰীতে মানে আক্ৰমণ কৰিছিল সাধাৰণ প্ৰজাকো। জ্বলাই পেলাইছিল ইখনৰ পাছত সিখন গাঁও, দোষী-নিৰ্দোষী বিচাৰ নকৰাকৈ এপিনৰ পৰা সকলোকে মাৰি কাটি আহিছিল।
দয়া-মায়াহীন মানৰ অত্যাচাৰৰ কথা সুঁৱৰিলে আজিও নদাইৰ গা-মন শিয়ৰি উঠে। আং-বাং কথা কোৱা মান সেনাই জ্বলাই পেলাইছিল তাৰ বৰঘৰ-মাৰলঘৰ, দৌৰি পলাই সাৰিব নোৱাৰা আই-পিতাইক অসিৰে হানি-খুচি হত্যা কৰিছিল। সি কেৱল নাতিদূৰৰ কঁঠাল এজোপাত উঠি অসহায়ভাৱে চাই আছিল। দপদপকৈ জ্বলি উঠা ঘৰ-দুৱাৰ, আই-পিতাইৰ নিথৰ দেহ।
আৰু, সাদৰীক কি যে নকৰিলে মান সেনাই/ মৰমে মলঙা সাদৰীৰ চিকুণ মুখখনি তাৰ চকুৰ আগত ভাহি উঠাৰ লগে লগে, সি উচুপি উঠিল। চকুৰপৰা টোপ টোপকৈ সৰি অহা পানীবোৰ মিলি গ’ল টঙিঘৰৰ তলেৰে বৈ যোৱা দিখমজানৰ পানীৰ সৈতে। সি চকুপানীবোৰ মচি লোৱাৰ চেষ্টা নকৰিলে, গালৰ চকুপানী গালতে শুকাবলৈ ধৰিলে।
বিহুতলীৰ পৰা পলুৱাই অনা সাদৰীৰ সৈতে সি অতিবাহিত কৰিছিল জীৱনৰ বহু সুখকৰ সময়। সি পথাৰত হালবাই থাকোঁতে তাই জলপান দিবলৈ গৈছিল আৰু জলপানৰ বাটিটো দুয়ো সমানে ভগাই খাইছিল। তাইৰ বাবে বাৰীৰ পনিয়ল, টেপৰ টেঙা, জামুক আদি হেঁপাহৰে আঁজুৰি আনিছিল সি। ৰাতি শোৱাপাটিত তাই তাৰ চুলিকোছাত লাহে লাহে আঙুলি বুলাই দিলেহে টোপনি আহে। নহ’লে নাহেই।
মানৰ আক্ৰমণৰ সময়ত সাদৰী ছমাহৰ গা-ভাৰী আছিল। সেই গা-ভাৰী মানুহগৰাকীকো এৰি নিদিলে মান সেনাই। তাইৰ যি লৱনুকোমল দেহ কেৱল সি স্পৰ্শ কৰিছিল, সেই দেহত অত্যাচাৰ চলাইছিল কেইবাজনো ক্ষুধাতুৰ মানে। তাইৰ দেহ চুৱা কৰি সেই বৰ্বৰসকলে অসিৰে ফালি পেলাইছিল পেট। পেটৰ অকণমানি জীৱটি উলিয়াই আনি কিৰিলি পাৰিছিল সিহঁতে।
একো কৰিব পৰা নাই সি। কেৱল অসহায়ভাৱে, খঙত গুজৰি-গুমৰি চাই আছিল প্ৰাণতকৈ প্ৰিয় মানুহগৰাকীৰ মৃত্যুৰ দৃশ্য। এবাৰ মানক বাধা দিবৰ বাবে গছৰ পৰা নামি আহিলেও প্ৰাণৰ মমতাত থমকি ৰৈছিল। পোন্ধৰ-বিছজন মানৰ বিৰুদ্ধে অকলে যুঁজাৰ সাহসেই বা কৰে কেনেকৈ?
এদিন কি দুদিনৰ ভিতৰতে নিমাওমাও হৈ পৰিছিল তিপাম। শ শ মানুহৰ মৃতদেহৰ গোন্ধে বিষাক্ত কৰি তুলিছিল বতাহ। আকাশত উৰিছিল শগুণ। জীয়াই থকাসকলে টালি-টোপোলা বান্ধি ঢাপলি মেলিছিল নিৰাপদ স্থানলৈ। সি প্ৰথম দুদিনমান বলিয়াৰ দৰে চিঞৰি চিঞৰি কান্দিছিল আৰু বদন-পূৰ্ণকান্তক আঙুলি ফুটাই ফুটাই অভিশাপ দিছিল।
মোৱামৰীয়াকে ধৰি বিভিন্ন বিদ্ৰোহীৰ আক্ৰমণত জুৰুলা হৈ পৰা আহোম সেনাৰ বলিয়া বানৰ দৰে অহা মানক ভেটা দিয়াৰ শকতি নাছিল। কেৱল ষোল্ল হাজাৰ মান সেনাই আসাম দেশত চলাইছিল অবৰ্ণনীয় তাণ্ডৱ। আকস্মিকভাৱে মৰণ ঘটিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ। বদনক বুঢ়াগোহাঁই পাতি মান সেনাই আসামৰ পৰা বহু ধন-সোণ আৰু মান ৰজা বডৌপায়ালৈ ৰাজকুঁৱৰী হেমো আইদেউক লৈ নিজ দেশলৈ গুচি গৈছিল।
মান যোৱাৰ পাছত, মৃতদেহৰ গন্ধ, তেজৰ দাগ, জুইৰ ছাই আদি নোহোৱা হোৱাৰ পাছত নদায়ে পৈতৃক ভেটিতে সাজি উলিয়াইছিল এটি পঁজা। সকলো হেৰুওৱাৰ পাছতো সি মনটো শকত কৰি পুনৰ জীৱন ৰণৰ আখৰা আৰম্ভ কৰিছিল। সকলো হেৰুওৱাৰ পাছতো সি মনৰ সাহস হেৰুওৱা নাছিল। সাদৰীহঁতৰ স্মৃতি ৰোমন্থন কৰি কৰিয়েই পথাৰত হালজুৰি নতুন কঠীয়া সিঁচিছিল। তাক দেখি পলাই যোৱাসকলো উভতি আহিছিল আৰু ঘৰ-বাৰী সাজি খেতি-খোলাত লাগিছিল।
উৰুঙা ঘৰখনত মন নবহিলেও সি জীয়াই থাকিব খুজিছিল। তেতিয়ালৈকে আপোনঘাতী হোৱাৰ চিন্তা অহা নাছিল। কেতিয়াবা সাদৰীৰ কথা ভাবি চকুলো টোকে, আই-পিতাকৰ অবৰ্তমানত অকলশৰীয়া যেন লাগে। তথাপি, জীৱনৰ প্ৰতি হেৰুৱাই নেপেলাই মোহ। মানৰ আক্ৰমণৰ পাছত ৰাজচ’ৰাৰ খা-খবৰো ৰাখিছিল সি। বদনৰ মৃত্যুৰ খবৰ লাভ কৰি মনতে বিকৃত তৃপ্তি লাভ কৰিছিল।
দুবছৰমানৰ ভিতৰত ঘৰখন ঠন ধৰিবলৈ লোৱাৰ সময়তে, মনৰ কেঁচা ঘাঁবোৰ শুকাবলৈ লোৱাৰ সময়তে সিহঁতে শুনিলে যে ভগা-ৰজা চন্দ্ৰকান্ত সিংহই নতুন ৰজা পুৰন্দৰ সিংহক এসেকা দিবৰ বাবে আকৌ মাতি আনিছে মান সেনা। আলুমিঙিৰ নেতৃত্বত অহা মান সেনাই দ্বিতীয়বাৰৰ বাবে আসাম দেশত আক্ৰমণ চলাইছিল। অৱশ্যে সেইবাৰ মানে তিপামত আক্ৰমণ চলোৱা নাছিল। আক্ৰমণ চলাবলৈ আগৰ দৰে মানুহ-দুনুহো নাছিল। এইবাৰ চন্দ্ৰকান্তক ৰজা পাতি আলুমিঙি হৈ পৰিল দেশৰ হৰ্তা-কৰ্তা।
নদায়ে টঙিত বহি বহিয়ে ভাবে, চকুৰ পচাৰতে কি যে দুৰ্দিনবোৰ পাৰ হৈ গ’ল। আজো ককা-আজো আইতাৰ মুখেৰে শুনা একালৰ সোণৰ আসামখন ৰজাঘৰৰ ক্ষমতাৰ খকত ছাৰখাৰ হৈ পৰিল। আলুমিঙি নিজৰ দেশলৈ ঘূৰি যোৱাৰ পাছত আসামত ৰৈ যোৱা মানসকলে প্ৰজাৰ ওপৰত আৰম্ভ কৰিলে অকথ্য অত্যাচাৰ। চন্দ্ৰকান্তই এই অত্যাচাৰী মানসকলক দমন কৰিবলৈ বিচাৰোঁতেই ব্ৰহ্মদেশৰ নতুন ৰজা বাগ্যদোৱাই মিঙিমাহা তিলোৱাৰ নেতৃত্বত আৰু এদল মানসেনা পঠিয়াই দিলে।
মানে আকৌ আক্ৰমণ চলাইছিল আসাম দেশত। যোগেশ্বৰ সিংহক ৰজা পাতি মানে আসাম দেশৰ লোকসকলক গৰু-ছাগলীৰ দৰে মাৰ-ধৰ কৰিছিল। মানৰ অত্যাচাৰত শ শ লোকে নতুনকৈ সাজি উলিওৱা নদাইহঁতৰ ঘৰ-দুৱাৰ, গাৰ ঘামেৰে জীপাল কৰি তোলা খেতি-পথাৰ নষ্ট কৰি পেলাইছিল। মানৰ এই আক্ৰমণত তাৰ শকত মনটো দুৰ্বল হৈ পৰিছিল আৰু এদিন তিপামৰ মোহ এৰি টেঙাখাত¸ৰ পিনে পলাই আহিছিল।
কেইবাদিনো অনাহাৰে-অনিদ্ৰাই খোজকাঢ়ি আহি সি উপস্থিত হ’ল এই দিখম জানৰ পাৰত, তিপামৰ তুলনাত শান্ত-সমাহিত ঠাইডোখৰত। দিখমৰ পাৰৰ সোণোৱাল-কছাৰী পৰিয়াল এটাত আশ্ৰয় লৈ সি মনটো থান-থিত লগাব খুজিছিল। মান ভগনীয়া লোক বুলি জানি মানুহঘৰেও আদৰি লৈছিল।
আক-তাক সুধি সি জানিব পাৰিছিল যে দিখমৰ পাৰৰ এই ঠাইডোখৰ নাম ৰণচুঙী, এসময়ত ইয়াতেই হেনো আহোম সেনাই মোৱামৰীয়াৰ বিৰুদ্ধে ৰণৰ আখৰা কৰিছিল। দিখমৰ সিপাৰে আছে নকাড়ী গাঁও, তাত নহাজাৰ সেনাক ধেনু-কাঁড়ৰ প্ৰশিক্ষণ দিয়া হৈছিল। আৰু কিছুদূৰ আগুৱাই গ’লে হেনো দেওঘৰীয়া, শেনছোৱা, গন্ধিয়া, ভাজনী আদি গাঁওবোৰ পোৱা যায়। সেই গাঁওবোৰতো বহুতো মান ভগনীয়া লোক পলাই আহি আশ্ৰয় লোৱাৰ খবৰ সি পাইছে।
এতিয়া দেশত মান নাই, সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা অহা বগা বঙালে হেনো মানক খেদি দেশ অধিকাৰ কৰিলে। ডুব গ’ল আসাম দেশৰ স্বাধীনতাৰ ৰবি। মান নাথাকিলেও মানৰ দিনৰ ভয়াৱহ স্মৃতি কোনেও পাহৰি যোৱা নাই। পাহৰিব নোৱাৰেও। মানৰ তিনিটাকৈ আক্ৰমণত আসামখন মৰিশালিৰ দৰে হ’লে, জীৱনৰ সকলো সপোন, আশা, ৰং হেৰাই গ’ল। নদায়ো মানৰ তৃতীয় আক্ৰমণত একেবাৰে মুজুৰা পৰিল। শকত কৰি ৰখা মনটো ভাগি যোৱাৰ পাছত আপোনঘাতী হোৱাৰ চিন্তাই তাক খেদি ফুৰিবলৈ ধৰিলে।
আশ্ৰয়দাতা পৰিয়ালটোৱে তাক এতিয়ালৈকে একো নক’লেও তাৰ এনেয়ে শুই-বহি থাকি আমনি লগা হৈছে। বেলেগ কাম-বন কৰিবলৈ গা নুঠাত সি টঙিঘৰত বহি কঠীয়া ৰাখিবলৈকে ল’লে। কঁঠীয়া ৰখা কামটো সি ভালেই পায়, পথাৰৰ মাজত অকলে অকলে বহি নিজৰ লগত কথা পাতি থাকিব পাৰি।
ৰ’দৰ চোক বাঢ়ি আহিছে। কপালত বিন্দু বিন্দু ঘাম বিৰিঙিছে। সি মুখখন ধুই লওঁ বুলি ভাবি টঙিঘৰৰ পৰা নামি আহিল। দিখমজানৰ শীতল পানীৰে মুখ-হাত ধুই সি দক্ষিণ দিশে এনেয়ে চাই পঠিয়ালে। হাবিখনৰ ফালে চালেই তাৰ মনটো ভাল লাগি যায়। সি যে সেউজীয়া ভালপোৱা মানুহ।
হঠাৎ তাৰ জানো কি হ’ল, সি সেই হাবিখনৰ ফালে ভৰিকেইটা আগবঢ়াই দিয়ে। গৈ থাকোঁতে সি ভাবে, আপোনঘাতী হ’ম বুলি ভাবিলেও ইমান সহজে আপোনঘাতী হ’ব নোৱাৰি আৰু আপোনঘাতী হ’ব নোৱাৰিলে হাবি ভাঙি-কাটি নতুন মাটি মোকলাবই লাগিব। দিখমজান একেদৰেই বৈ থাকিব যেতিয়া ইয়াৰ পাৰতেই জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব। সি আৰু ভাবে, ভাগি পৰা মনটো জোৰা লাগিলে দিখমৰ সিপাৰে এখন নতুন গাঁও পাতিব, গাঁওখনৰ নাম তিপমীয়া ৰাখি মানভগনীয়াসকলক তাতেই থাপিব। সি শুনিছে দিখম জানৰ সিপাৰৰ অগাধ হাবিত বহুতো চৰাই-চিৰিকটি আছে, বিশেষকৈ কপৌ চৰাই। হয়তো অদূৰ ভৱিষ্যতে উত্তৰ পুৰুষসকলে কপৌ চৰাই হুৰাই হুৰাই আৰু এখন নতুন গাঁও পাতিব, সেই গাঁৱৰ নাম ৰাখিব কপৌহুৰুৱা, কালৰ গতিত সেই নাম হৈ পৰিব কপহুৱা।
কথাবোৰ ভবাৰ লগে লগে তাৰ বুকুৰ মাজেদি যেন সকলো হতাশা-দুৰ্বলতা, দুখ-বেদনা উটুৱাই আন এখন দিখম কোবাল সোঁতেৰে বৈ গ’ল।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক