(-দিগন্ত কুমাৰ ভট্টাচাৰ্য্য)

সেই যে ঘৰৰপৰা নিলগত থাকিলে কোনেও ঘৰৰ সমস্যাবোৰৰ কথা নকয়, দুখ-অশান্তিবোৰৰ ভূ দিবলৈ চেষ্টা নকৰে; ঠিক তেনেকুৱাই হৈছিল৷ খুৰাই দেউতাৰাৰ অসুখ বুলি ফোন কৰি খবৰটো জনাওতেই অনুভৱ কৰিছিলোঁ৷ দেউতাৰ উচ্চ ৰক্তচাপ আগৰেপৰা৷ ষ্ট্ৰ’ক এইবাৰ৷ প্ৰেক্টিকেলি কথাবোৰ চিন্তা কৰিয়েই দুসপ্তাহৰ ছুটি লৈ ঘৰলৈ আহিলোঁ৷ তেতিয়ালৈকে দেউতাৰ হ’স্পিটেলত দুদিন হৈ গৈছিল৷
বাহিৰে বাহিৰে হ’স্পিটেললৈ গ’লোঁ৷ ডাক্তৰগৰাকী আমাৰ চিনাকি৷ গৈ পোৱাৰ লগে লগেই ক’লে-’আশা ক্ষীণ, আচলতে এনেই ৰাখি থোৱা যেন হৈছে৷ ব্ৰেইন ডে’ড অলৰেডি৷ ভেণ্টিলেচন আঁতৰালে লগে লগেই হয়তো…নাউ, ইউ হেভ টু ডিচাইড’!
দেউতাৰ শৰীৰটো আইচিইউ’ৰ বিছনাত৷ খুব লাহে লাহে বুকুখনে উঠা-নমা কৰি থকা যেন লাগিল মোৰ৷ ভৰিদুখন কিছু গৰম তেতিয়াও৷
ঘৰলৈ আহি দেখোঁ মা ব্যস্ত৷
’দেউতাৰাৰ বেছি যে একো নহ’ল৷ খুউব বেছি পেৰালাইছিছ হ’ব হেনো৷ হওক দে, শুশ্ৰুষা কৰিবলৈ মই আছোঁ নহয়৷ জীয়াইতো থাকিব! লাগিলে মানুহ এগৰাকী ৰাখিম৷ ’ – মা’ই বুজালে মোক!
সিদিনাই ’ৰিলিজ’ দিব বুলি ভাবি মায়ে ইতিমধ্যে দেউতাৰ বিছনাখন পৰিষ্কাৰকৈ সঁজোৱাত লাগিল৷ নতুনকৈ ধুই থোৱা বিছনাৰ চাদৰ..ৰ’দত দি থোৱা লেপ-তুলি…!
ডাক্তৰগৰাকীক দুদিন ৰ’বলৈ ক’লোঁ৷ মাৰ উৎসাহখিনি আৰু দুদিন থাককচোন৷ ময়ো মোৰ চকুপানীবোৰ শেষ কৰি লওঁ কিছু!
তৃতীয়দিনা হ’স্পিটেলৰ পৰা ফোন আহিল খুৰাৰ৷
’দেউতাৰাতো ভাল হৈ আহিছিল ন? ’ – মায়ে চিঞৰিলে মোলৈ চাই৷ কিদৰে বুজাওঁ মই মাক!
ooo
ঘৰৰপৰা আহি আকৌ লাহে লাহে গতানুগতিক হৈ পৰিল জীৱন৷
দেউতাই কৈছিল এবাৰ-’মানুহৰ স্মৃতিশক্তি বৰ পাতল ও৷ নহ’লে অতিকৈ প্ৰিয়জনক হেৰুৱাইও মানুহ এজন পাগল নহৈ আকৌ নিজৰ জীৱন যাত্ৰাত আগ বাঢ়ে’৷ সঁচাকৈয়ে, সৰুতে দেউতাক হেৰুৱাই মই এক মুহূৰ্ত্তও জীয়াই নাথাকিম যেন লাগিছিল৷ ভাবিছিলোঁ, হেৰাই যাব মোৰ হাঁহি..স্থৱিৰ হৈ ৰ’ব জীৱন! মনটোৱে অনবৰতে কঢ়িয়াই লৈ ফুৰে অজস্ৰ দুখ, কিন্তুু আনন্দৰ উৎসবোৰে জীৱনটো চলন্ত কৰি ৰাখিবলৈয়েই হয়তো সেই দুখবোৰ পাতল কৰিবলৈ চেষ্টা কৰি থাকে অহৰহ৷
পৰিবাৰে সদায় ঘৰ এটা কিনাৰ কথা ভাবিবলৈ কয়৷ ঘৰ মানে ফ্লেট৷ অসমৰ বাহিৰত ফ্লেটত ভাড়া দি থাকিবলৈ যিমান খৰচ হয়, তাৰ লগত অকণমান পইচা যোগ দি ফ্লেট এটা কিনি মাহে মাহে ইএমআই হিচাপে দিয়াটো বেছি যুক্তিসংগত৷ তাতে ’নিজৰ’ বুলি ক’বলৈ ঘৰ এটাও হয়গৈ৷
মায়ে দেউতাৰ মৃত্যুৰ পাছত অ’ফিচৰ পৰা পাবলগীয়া ধনখিনি পালে৷ এতিয়া থকা ঘৰটো অলপ ঠিক ঠাক কৰি নতুনকৈ আৰু অলপ বান্ধি ডাঙৰ কৰাৰ বৰ মন আছিল দেউতাৰ৷ নহ’ল৷ মায়ে ফোন কৰি জনালে-’ঘৰটো অলপ ডাঙৰ কৰিম বুলি ভাবিছোঁ৷ তই কি কৱ? মিস্ত্ৰী এজন পাইছোঁ ভাল৷ খুৰাৰাই ডিজাইন এটাও কৰি আনিছে ক’ৰবাৰ পৰা’৷
মই মাক তেওঁ যি ভাল দেখে কৰিবলৈ ক’লোঁ৷
ইফালে প্ৰায় এমাহমান ফ্লেটৰ সন্ধানত ঘূৰি এটি মনে মিলা ফ্লেট বিচাৰি পালোঁ৷ ডাউনপে’মেণ্ট, বেংকৰ লোন আদি ফ’ৰ্মেলিটি বোৰ আগবাঢ়ি গৈ থাকিল৷ অৱশেষত এদিন ফ্লেটৰ ৰেজিষ্ট্ৰেচন হ’ল৷ অসমৰ বাহিৰৰ মাটিত নিজৰ ঘৰ! ভাল লাগিল মনটো! এমাহমান পাছতেই হয়তো ফ্লেটটোলৈ যাবলৈ পাৰিম৷
ইমানদিনে মাক ফ্লেট বিচাৰি থকা কথাটো জনোৱা নাছিলোঁ৷ আচলতে টেনশ্যন দিব বিচৰা নাছিলোঁ৷ এতিয়া প্ৰায় সকলো হৈ যোৱাৰ পাছত ভাল খবৰটো দিও বুলি মাক ফোন কৰিলোঁ সন্ধিয়া৷
’তোক মই কথা এটা সুধিবলৈ ফোন কৰিম বুলি ভাবিছিলোঁৱে, ভালেই হ’ল কৰিলি’- মায়ে ক’লে৷
’কোৱা, তাৰ পাছত ময়ো খবৰ এটা দিম৷ ’
’আমৰ ঘৰৰ কাম আগবাঢ়িছে৷ মিস্ত্ৰী কেইজন বৰ ভাল৷ পিছে, আগফালৰ তিনিটা ৰুম তহঁতৰ হ’লে হ’ব নে? ৰিকুবাবা’ৰ কাৰণেও সৰুকৈ ৰুম এটা হ’ব৷ তাৰ পঢ়া টেবুল, বিছনা এইবোৰ থাকিব৷ গুৱাহাটীত আজিকালি সৰু ল’ৰা-ছোৱালীৰ বহুত ভাল স্কুল আছে৷ মই খবৰ কৰি জনাম৷ তিনিটা ৰুম কম হ’ব নেকি? ’
মায়ে মনৰ কোনোবা এটি কোণত এতিয়াও আশা এটি পুহি ৰাখিছে, আমি উভতি যাম৷ সন্তান ৰিকুৱে মাৰ হাতত ধৰি ৰাতিপুৱা স্কুল বাছখনৰ দিশে আগবাঢ়িব৷ দুপৰীয়া মায়ে তাক আনিবলৈ যাব ঘৰলৈ৷ …সন্ধিয়া তাক শিকাব, পঢ়াব৷ প্ৰাৰ্থনা গাব একেলগে৷ অথচ মোৰ মনৰ এচুকত বাঁহ লৈ থকা আশাটো কেনেকৈ কওঁ মাক! কিদৰে বুজাও মাক এতিয়া!
(গল্প নহয়৷ বন্ধু এজনে কৈ যোৱা তাৰ মনৰ কথা কিছুমান)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments